মই সাগৰিকা: চন্দ্ৰমা কলিতা

মই সাগৰিকা

চন্দ্ৰমা কলিতা

“তাৰমানে তই যাবি?”- চাৰিআলিটো পোৱাৰ ঠিক আগে আগে সাগৰিকাই মোক সুধিলে।
“অ’, মই ডিছিজন ল’লোঁ।“-উত্তৰ দিয়াৰ প্রয়োজনবোধ কৰা নাছিলোঁ যদিও লাহেকৈ ক’লোঁ।
মোলৈ বেঁকাকৈ চাই সাগৰিকাই আকৌ সন্মুখৰ ৰাষ্টাটোলৈ চকু দি খোজ দিবলৈ ধৰিলে। আজি শনিবাৰ বাবে বাটৰ কাষৰ ডাঙৰ শনি মন্দিৰটোত বিৰাট ভিৰ হৈছে। বাটৰ দুয়োকাষে ভিখাৰীৰ লানি। খালি ধূপৰ পেকেট, কলৰ বাকলি, লেৰেলি যোৱা ফুল-বেলপাত আদিৰে বাটছোৱা লেতেৰা হৈ আছে। সেইবোৰত খোজ নপৰিবৰ বাবে সাৱধানে খোজ দিছোঁ। এনেতে হঠাৎ মোৰ দোপাত্তাখনত এটা টান পৰাত ৰৈ গ’লোঁ। ঘূৰি চাই দেখোঁ কণমান এটা ল’ৰা।
“দিদি পইছা দিয়কনা।“, সেঁতা পৰা মুখখনেৰে ল’ৰাটোৱে কৈ উঠিল।
“মোৰ পইছা নাই মাইনা। এই বাজনীয়ে দিব। তাইৰ বহুত পইছা আছে।“,ক’ব নোৱাৰাকৈয়ে মুখেৰে চিৰ চিনাকি বাক্যটি ওলাই আহিল মোৰ। ব্যস্ত বাটটোত ল’ৰাটো থৰ লাগিল। বাটে-ঘাটে ভিখাৰীয়ে আগুৰিলে মই ধেমালিতে সদায় সাগৰিকাক এনেকৈ ফান্দত পেলাই ভাল পাওঁ। আজি ইমান ছিৰিয়াছ সময়খিনিতো ধেমালি কৰাৰ সুবিধাটো নেৰিলো বাবে নিজৰে হাঁহি উঠিল মোৰ। সাগৰিকাইও হাঃ হাঃ কৈ হাঁহি বেগৰ পৰা পাঁচ টকা এটা উলিয়াই ল’ৰাটোক সৰু ধমক এটা দিলে,”নেক্সট টাইম আকৌ পইছা খুজিলে মই তোক আমাৰ ঘৰলৈ লৈ গৈ স্কুলত নাম লগাই দিম। গম পাবি তেতিয়া।“

টকাটো লৈ ল’ৰাটো লৰ মাৰি পলাল। ফুটপাথৰ জীৱনত অভ্যস্ত ইহঁতবোৰৰ বেছিভাগেই স্কুললৈ যাব নিবিচাৰে। আমি আহি চাৰিআলিটো পালোঁ। বাটটো পাৰ হ’বলৈ লৈ হাঁহি হাঁহিয়ে সাগৰিকাই মোৰ হাত এখন ধৰিলে। তাই সদায় ৰাষ্টা পাৰ হ’বলৈ লওঁতে মোৰ হাতখন ধৰি লয়। যোৱা তিনিবছৰে এনেকৈয়ে আমি ৰাষ্টা পাৰ হৈছোঁ। কথাত মছগুল হৈ প্রায়ে আমি সন্মুখৰ গাড়ী-মটৰ নোচোৱাকৈ পাৰ হওঁ কিন্তু সাগৰিকাই মোৰ হাতখন ধৰিবলৈ নাপাহৰে।
“নাযাবি না।”-গাড়ী-মটৰবোৰত চকু থৈ ৰাষ্টাটো পাৰ হওঁতে সাগৰিকাই আকৌ এবাৰ ক’লে। কওঁতে তাই মোৰ হাতখন জোৰকৈ মুঠি মাৰি ধৰিলে। ইমানপৰে মই জোৰকৈ বান্ধি ৰখা মনটোৰ বান্ধটো এইবাৰ লাহেকৈ সুলকি পৰিল। আমি আহি বাটৰ ইটো মূৰ পালোহি। এইখিনিৰ পৰাই আমি দুফালে যোৱাৰ কথা। তাই তাইৰ ঘৰলৈ আৰু মই মোৰ ঘৰলৈ।
“যামগৈ নে সঁচায়ে?”- নিজকে মনে মনে সুধিলোঁ। মোৰ মাজত উত্তৰ নাই। সৌৱা ট্রেফিক পইন্টটোৰ লাইটটো এবাৰ ৰঙা হৈ জ্বলিছে, এবাৰ সেউজীয়া হৈ জ্বলিছে। মোৰ মনৰ মাজতো দুটা ৰঙৰ লাইট। পানীত উপঙা মনটোলৈ এনেবোৰ সময়তে বৰকৈ খং উঠে। সদায় দুই নাৱত দুভৰি। ডিগ্রীটো লৈয়ে চাকৰিটো পাইছিলোঁ। চেন্ট্রেলৰ চাকৰি। আকাশলৈ ধাৱমান সপোনৰ দুৰন্ত গতিত যটি চিহ্ন এটা দি চাকৰিত জইন কৰিলোঁ। চৰকাৰী চাকৰিৰে জীৱনটো সুস্থিৰ কৰাৰ অকাট্য যুক্তিত সপোনবোৰ বৰফ হৈ গৈছিল। সীমাত বান্ধ খাই পৰা আকাশখনত তৰাফুল সিঁচিবলৈ এজনী বান্ধৱী আহিল সাগৰিকাৰ ৰূপত। অফিচৰ ব্যস্ত সময়বোৰৰ মাজতো আমি বন্ধু হ’লোঁ, ইজনীয়ে সিজনীৰ দুখ বুজি পোৱা হ’লোঁ, মায়ে টিফিনত ভৰাই দিয়া এখন ৰুটিকে ভাগ কৰি খাব পৰা হ’লোঁ। তাই মোৰ একান্ত ব্যক্তিগত দুখবোৰত মোৰ সৈতে কান্দিলে, অফুৰন্ত সুখৰ মুহূর্তত মোৰ লগতে হাঁহিলে। বন্ধু-বান্ধৱী তথা শুভাকাঙ্খীয়ে আগুৰি থকা জীৱনটোত সাগৰিকা জিলিকি উঠিল তাইৰ নিজা বৈশিষ্ট্যখিনিৰে।
কর্মজীৱনৰ ফাঁকে ফাঁকে সপোনবোৰ আকৌ দেখিবলৈ লৈছিলো সাগৰিকাৰ উৎসাহৰ বাবেই। সেই সপোনক বাস্তৱৰ ৰূপ দিবলৈকে পঢ়া-শুনাত আকৌ মনোযোগ দিছিলোঁ একানপতীয়াকৈ, ঠিক সপোন দেখা সময়বোৰৰ দৰেই। সেয়ে কিজানি আজি বিদেশত পি.এইচ.ডি কৰাৰ আমন্ত্রণটো হাতত পৰিল। সপোন দিঠক হোৱাৰ ক্ষণটোত মোতকৈ বেছি আনন্দিত হোৱা সেই সাগৰিকাই এতিয়া মোৰ হাতখনত ধৰি কৈছে-”নাযাবি না।“ অথচ দিনত অফিচত মোৰ চাকৰিৰ ইস্তাফা পত্রখন মহা ধুমধামেৰে আজি তায়েই টাইপ কৰি দিছে।

“ব’ল আইচক্রীম খাওগৈ।“- সাগৰিকাৰ মাতত মোৰ ভাৱত যতি পৰিল। মোক নুসোধাকৈয়ে তাই চিনাকি দাদাজনক ক’লে-“দাদা দুটা ব্লেক ফৰেষ্ট দিয়ক।“
মোৰ প্রিয় আইচক্রীম। খাবলৈ লোৱাৰ আগতেই আমি সদায় পইছা দি লওঁ তেতিয়া কথা পাতি পাতি আৰামত খাব পাৰি। মই মোৰ বেগৰ পৰা পুৰণি পার্ছটো উলিয়ালোঁ। এটা নীলা আৰু ৰঙা ৰঙৰ উৱলি যোৱা কণমান পার্ছ। ডাঙৰ নোট নধৰেই। মোৰ ব্রেণ্ডেড বস্তু লোৱাৰ অভ্যাস আজিকালি কিন্তু তথাপিও এইটো পার্ছ এৰা নাই। প্রায় পাঁচ বছৰমান আগতে গুৱাহাটীত পঢ়ি থকা অৱস্থাত মোৰ তেতিয়াৰ বেষ্টফ্রেণ্ড অময়াৰ লগত কিনিছিলোঁ এইটো। তায়ো সর্ম্পূণ একেই অন্য এটা পার্ছ কিনিছিল। তেতিয়াৰ পৰা বেগত, হাতত গর্বৰে এইটো লৈ ফুৰিছোঁ অময়া আৰু মোৰ বন্ধুত্বৰ চিনস্বৰূপে। এতিয়া দূৰৈত থাকিও অহৰহ মোৰ খবৰ ৰখা অময়াক এনেকৈ মই বেগত ভৰাই লৈ ফুৰোঁ। সেই দিনবোৰৰ দৰেই তাই মোৰ লগতে ঘূৰি ফুৰা যেন লাগে। পঢ়ি থকা দিনবোৰতে পল্লৱীয়েও মোক এপাত তামৰ খাৰু দিছিল। মই সেইপাত আজিও খুলিব নোৱাৰিলোঁ বাওঁহাতখনৰ পৰা। পিন্ধি থকা দামী ঘড়ীবোৰৰ লগত সেইপাত নিমিলে বুলি আপত্তি কৰি কৰি সাগৰিকাই অৱশেষত একো নোকোৱা হ’ল। মোৰ মনৰ প্রায়ভাগ কথাই তাই বুজি পোৱা হ’ল আজিকালি।

পইছাখিনি দি আইচক্রীমৰ দোকানখনৰ পৰা আমি ওলাই আহিলো ধীৰ গতিৰে। ইমান সময় মোলৈ একেথৰে চাই কিবা ভাবি থকা সাগৰিকাই এইবাৰ ক’লে- “তই যাব পাৰ’ অ’। তোক মই আমাৰ বন্ধুত্ব ভঙাৰ ভয়তে ৰখাব নোৱাৰোঁ। তোৰ পুৰণি বান্ধৱীবিলাকক তই এনেকৈয়ে এৰি আহিছিলি যদিও সিহঁত তোৰ জীৱনৰ পৰা এৰ খাই নগ’ল। তোৰ এই আওপুৰণি পার্ছটোত তোৰ অময়াজনী আছে, হাতৰ খাৰুপাতত পল্লৱী আছে। ময়ো থাকিম বুলি মই জানো। পিছে মোক ক’ত ৰাখিবি?”

মই ৰৈ গ’লো। সাগৰিকাই ইমানকৈ কথাবোৰ ভাবেনে? মোক তেনেকৈয়ে এৰি তাই আইচক্রীমৰ দোকানখনলৈ উভটি গ’ল। দোকানীজনৰ পৰা টিছ্যু পেপাৰ এখন খুজি তাই লিখিলে-“ মই সাগৰিকা” আৰু সেইখন মোৰ হাতত সজতনে দি ক’লে-“এতিয়া তোক দিবলৈ মোৰ একো নাই। কিবা এটা মোৰ পছন্দৰ মতে দিয়ালৈ তই এইখন ৰাখ। এতিয়াহে মই তোক যাবলৈ দিব পাৰিম।“

মই সেইখন হাত পাতি ল’লো। দুচকুত অযুত নির্বাক প্রতিশ্রুতি। সাৱটি ধৰিলোঁ তাইক বাটতে। তাৰপাছত আমি ঘৰাঘৰি হ’লোঁ। তাই তাইৰ ঘৰলৈ আৰু মই মোৰ ঘৰলৈ। ট্রেফিক পইণ্টটোত সেউজীয়া লাইটটো আকৌ এবাৰ জ্বলি উঠিছে। মই হাঁহি দিলোঁ। অময়া, পল্লৱীহঁতো একোজনী সাগৰিকাই আছিল যি মোৰ মন আকাশত আজিও তৰাফুল সিঁচে। দুর্বল মনটো বহুদিনৰ মূৰত আকৌ কঁপি উঠিল। সাগৰিকাক ধৰি ৰাখিব পাৰিমনে “মই সাগৰিকা”ৰ মাজত?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments