মই সুখত আছোঁ (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

মই সুখত আছোঁ

ধাৰাসাৰ বৰষুণ। দেউতাই মাজে মাজে হাত লেমটো লৈ এবাৰ আকাশলৈ আৰু এবাৰ চোতালখনলৈ চাই আছে। মনতে ভাবিছে আৰু কিমান সময় বৰষুণ দিলে দেউতাৰ পঢ়া-শুনা কৰা কোঠাটোলৈ পানী সোমাব। কোঠাটোৰ মজিয়াতে বহু কিতাপ-পত্ৰ-আলোচনী আছে। পানী সোমোৱাৰ আগতে সেইবোৰ ক’ৰবাত ওপৰত দাঙি নি থ’ব লাগিব।

এইবাৰ হাতখন আগবঢ়াই আঙুলিৰে বাৰাণ্ডা আৰু চোতালত বাঢ়ি অহা পানীৰ মাজৰ জোখ লৈছে। “দুই আঙুলি..ৰাতিপুৱালৈ ৰ’লে সৰ্বনাশ হ’ব!”

000

“দুই আঙুলি দিবি দেই চ’ডা, পানী মই লৈ ল’ম”- সেয়া বন্ধু অনিৰ্বান। আমাৰ ঘৰৰ ওচৰৰে। অসমৰপৰা আজি আহিছে মোৰ ঘৰলৈ। কাইলৈ পুৱাই যাবগৈ গোৱা।

“তোৰ মস্তি লাইফ অ’ দোস্ত! একো টেনশ্যন নাই। এই ৰাতি বাৰবজাতো ক’ৰবাত ওলাই যা, একো প্ৰ’ব্লেম নাই। আমাৰ তাত চাল্লা আঠবজাতে মাজৰাতি হয়। ঘৰৰ টেনশ্যন-অশান্তি! তোৰেই ভাল। ঘৰৰপৰা নিলগত আছ, একো দুখ-কষ্টই তোক নাপায়। বৰ সুখত আছ অ’ তই”।

মই থকা চতুৰ্থ মহলাৰ ফ্লেটটোৰ বেলক’নীত গৈ বাহিৰলৈ চালোঁ। কিনকিনিয়া বৰষুণ এজাক আৰম্ভ হৈছে। তলত ছ’ছাইটিৰ কণমানি দুটামানে মাক-দেউতাকৰ লগত বৰষুণত তিতি ফূৰ্ত্তি কৰিছে।

সন্ধিয়াৰেপৰা মাৰ ফোনটো অ’ফ। মনটো ভাল লগা নাই। প্ৰতি সন্ধিয়া মালৈ ফোন কৰাটো মোৰ অভ্যাস। কেতিয়াবা ভাবোঁ হয়তো দহ মিনিট কথা পাতি মোৰ দায়িত্ব শেষ কৰিছোঁ। আকৌ এবাৰ ডায়েল কৰিলোঁ। নাই, ছুইটচ্ অ’ফ!

000

ৰাতিপুৱাই মোৰ মোবাইলটো বাজিল। আনটো মূৰত আমাৰ গাঁৱৰ নৰহৰি কাই।

‘বোপা, কালি তোৰ মাৰাৰ অলপ গাটো বেয়া হৈছিল বাবে আজি টাউনৰ হ’স্পিটেললৈ লৈ আহিলোঁ। ইয়াত বা কিমান খৰছ হয়.. তই অলপ পইচা পঠাই দিব পাৰিবি নহয় দেউতাৰাৰ তাত?’

‘কি হৈছে মাৰ? কালি কিমান ফোন কৰিলোঁ…মই এতিয়াই পইচা পঠিয়াই আছোঁ…’

‘নাই নাই, সামান্য বুকুৰ বিষ। তই চিন্তা নকৰিবি, আমি আছোঁ নহয়….।’

মই দৌৰা-দৌৰিকৈ উঠি দেউতালৈ পইচা অলপ ট্ৰান্সফাৰ কৰিলোঁ। আজিকালি ইন্টাৰনেটেৰে ‘ফাণ্ড ট্ৰান্সফাৰ’ ইমান সহজ, একেবাৰে কষ্ট নাই!

অনিৰ্বান যাবলৈ ওলাইছে- ‘বৰ মজ্জা লাগিল বন্ধু তোৰ ইয়াত। আৰু দুদিনমান থাকিব পাৰিলে ভাল লাগিলেহেঁতেন। হিংসাই হয় অ’ তোলৈ! ইমান সুন্দৰ লাইফ তোৰ..ইমান সুখত আছ!’

000

দুদিন ঘৰত ফোন কৰিও পোৱা নাই। গাঁৱৰ অজয়ৰ পিচিঅ’ত ফোন কৰি গম পালোঁ যোৱা তিনিদিন হেনো কাৰেণ্টেই নাই, মানুহে মোবাইল চাৰ্জ ক’ত কৰিব!

সন্ধিয়া অজয়ৰ পিচিঅ’ৰ পৰাই ফোন আহিল। নৰহৰি কায়ে কৰিছে।

‘বোপা, হেৰি নহয়…ডাক্তৰে মাৰাক মাদ্ৰাজলৈ যাবলৈ কৈছে। কাইলৈ ৰাতিপুৱাই যাম। দেউতাৰাৰ বয়স হৈছে, নালাগে দে। মই পাৰিম লৈ যাব। তয়ো নালাগে…তোৰ অ’ফিচ আছে নহয়…এনেয়ে কষ্ট হ’ব…তোৰ তাৰ পৰাও দূৰ হয়’।

মাহঁত চেন্নাই পালে। মই ফোন কৰি খবৰ লওঁ। মাই কয় মই হেনো যাব নালাগে ইমান দূৰ কষ্ট কৰি। দুদিন পিছত ময়ো চেন্নাই পালোঁ।

হ’স্পিটেলৰ কেবিন এটাত মা শুই আছে। ডাক্তৰে মাৰ বুকু ফালি কাটি উলিয়াই নিছে দুখৰ বোজা। মোক দেখি হাঁহিছে। শেতা হাঁহি। যেন সকলো ঠিক, ক’তো একোৱেই হোৱা নাই!

‘তই কিয়নো আহিলি? অ’ফিচত দিগদাৰী নহ’বনে ইমান ছুটি ল’লে?’ মই মাৰ কঁপালত পৰা চুলিকেইডাল ঠিক কৰি দিলোঁ।

ৰাতি মাই ক’লে -‘তোৰ দিনটো কষ্টতে গ’ল। তই এতিয়া যা গৈ। অলপ জিৰাই ল। মই এতিয়া ভাল পাইছোঁ। ইয়াৰ নাৰ্চবোৰ বৰ ভাল। এই চুইটচটো টিপি দিলে দৌৰি আহে…’

‘বোপা, তই যা গৈ। ৰাষ্টাৰ আনটো মূৰতে ভাল হোটেল আছে। আজিও ময়ে ৰখিম যা। আমাৰ এইবোৰ অভ্যাস আছে। তই ৰাতিপুৱা আহিবি। মই থাকোঁতে তইনো কিয় মিছাতে কষ্টকণ কৰিব লাগে?’- নৰহৰি কাইৰ চকু দুটা ৰঙা পৰিছে। যোৱা তিনি-চাৰিদিন হয়তো অলপো শুব পৰা নাই।

ঘৰৰপৰা হাজাৰ মাইল দূৰত থকা বাবে মোৰ গাত কোনেও ঘৰৰ দুখ-কষ্টৰ ছিটিকনি পৰিব দিব নুখুজে। দেউতাৰ কাঁহত টোপনি নাহিলে মই ৰাতি ফাৰ্মাচীলৈ দৌৰিব নালাগে। মাৰ অসুখৰ কথা মই গম নাপাওঁ, মোক নকয়। সকলোৱে মোক সুখত থকাটোৱেই বিচাৰে। কেতিয়াবা ভাবোঁ মই সঁচাকৈয়ে সুখত আছোঁ নে??

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক