মই, ৰোগ আৰু জীৱন -(দেৱীকা ফুকন)

মই, ৰোগ আৰু জীৱন

-দেৱীকা ফুকন


আৰম্ভণিৰ দিনটো আজি এঘাৰ বছৰৰ পিছতো চকুৰ সন্মুখত জলজল পটপট । ৰোগ – ই যেন এক যন্ত্রণাময় অধ্যায় । কোনো আগতীয়া জাননী নিদিয়াকৈ জীৱনৰ এছোৱাত নিজৰ আধিপত্য বিস্তাৰ কৰি ল’লে । শৰীৰ, মন, আশা, সপোন-এই সকলোবোৰ ক্ষন্তেকতে কোঙা কৰি পেলালে । চকুৰ আগতেই যেন নিজৰ সপোনৰ ধ্বংসস্তুপ দেখিবলৈ আৰম্ভ কৰিছো ।

২০০৩ চনৰ ডিচেম্বৰ মাহ । খ্রীষ্টমাছ মানৰ পৰা মোৰ শৈশৱৰ বান্ধৱী মাইনু আৰু অন্যান্য বন্ধুসকলে মিলি প্লেন কৰিছো ৩১ ডিচেম্বৰৰ সন্ধিয়া কোন ৰেষ্টুৰেণ্টত খামগৈ । অৱশেষত সিদ্ধান্ত হ’ল যে আমি হোষ্টেলৰ কাষতে থকা পেৰাডাইজত খামগৈ । কিন্তু মোৰ যেন ক’ৰবাত অশান্তি লাগিছে । জুলাই মাহমানৰ পৰা হৈ থকা ভাইৰেল জ্বৰে মোক জুৰুলা কৰি পেলাইছিল । মোৰ প্রাণচঞ্চল মনটোক যেন কিহবাই টানি ধৰিছিল। অৱশেষত প্রত্যাশিত দিনটো আহিল । তাৰ আগদিনা পিঠি আৰু কৰঙণত হোৱা অসহ্যকৰ বিষৰ বাবে মহানগৰীৰ এখন জনাজাত হাস্পতালত দেখাই আহিছিলো । ডাক্তৰজনে তেজ পৰীক্ষা কৰি ষ্টেৰয়ড দিয়ে আৰু দৰৱ খাই, পিছদিনাৰ পৰা সৰ্বশৰীৰ পেৰালাইজড্ । ততাতৈয়াকৈ হাস্পতালখনৰ আই, চি, ইউ ত সোমোৱাইগৈ মোক । যেতিয়া চেতনা ঘূৰাই পাইছো, হয়তো সন্ধিয়া নামিছিল । চাৰিওফালে চকু ফুৰাই দেখিছিলো, সকলোবোৰ ষাঠিৰ উৰ্দ্ধৰ মানুহ আৰু সকলোৱেই অৱচেতন অৱস্থাত । মই হাত, ভৰি, মূৰ একোৱেই লৰচৰ কৰিব নোৱাৰোঁ ।  কেৱল চকুৰে সম্পৰ্ক ৰাখিছো বৰ্হিজগতৰ লগত ।

দৰৱৰ হেঁচাত অৱশ হৈ পৰা শৰীৰটোত কিবাকিবি সানি মণিটৰ লগাই থৈছে ।  মনলৈ শংকা আহিল, কিজানি বছৰৰ শেষ আৰু মোৰো ! মাক নেদেখিম নেকি ! আৰু মোৰ কণমানি ভাইটিটোক ? মায়ে খবৰ পাই উধাতু খাই গুৱাহাটী পালেহি । মাক দেখি স্বস্তিৰ নিশ্বাস পেলালো ।

তাৰ পিছৰপৰা আৰম্ভ হ’ল চেলাইনৰ পিছত চেলাইন ; বেজীৰ পিছত বেজী আৰু ডাক্তৰৰ লানি নিছিগা সোঁত- “ৰেয়াৰ কেছ”।

সেয়ে যি আৰম্ভণি , তাৰ পিছৰ পৰা হাস্পিতালতে মোৰ জীৱন পাৰ হোৱাৰ দৰে । ইফালে সন্মুখত স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা । পাৰ্ট ৱানত (তেতিয়াৰ ২+১) প্রথম বিভাগ পাই থৈছো । মেট্রিকত ৭০ % ৰ ওপৰত আৰু উচ্চতৰ মাধ্যমিকত ৭৪.৪% লৈ উত্তীৰ্ণ হৈ স্নাতকতো প্রথম বিভাগ পোৱাটো মোৰ কাম্য আছিল ।

প্রথমদিনা পৰীক্ষাত ১০ মিনিটমান বহাৰ পিছত দেখোন মই চব বগা বগা দেখিছো আৰু হঠাৎ মূৰ্চ্ছা গ’লো । যেতিয়া চেতনা ঘূৰাই পাঁও মোক নিজৰ বিভাগীয় শিক্ষয়িত্রী পূজনীয় চিত্রা শৰ্ম্মা বাইদেউ আৰু আন এগৰাকী বাইদেউৱে ‘ চিক্ ৰুম’ লৈ  গ’ল । বাইদেৱে সুধিলে- “পাৰিবানে পৰীক্ষা দিব “? মনতে ভাবিলো , কেনেকৈ আপোনালোকক বুজাওঁ , মই যে বিছনাত শুই শুই লিখা পঢ়া কৰি পৰীক্ষাৰ বাবে প্রস্তুতি চলাই আছো । কেৱল বাঁও কাষে কাটি হৈ শুই শুই  বিষত চিঞৰি যোৱা যেন অৱস্থা । একতিয়া হৈ শুই বহীখন বিছনাত থৈ লিখিছিলো আৰু তেনেকৈয়ে কিতাপখনো বিছনাত থৈ বাওঁ চকুটো মুদি পঢ়ো । নহ’লে যে একেটা শাৰীকে দুবাৰ দুবাৰ দেখো ।

তেনেকৈয়ে স্নাতক চূড়ান্ত পৰীক্ষাও দিওঁ । বেঞ্চত বাওঁকাষে শুই সন্মুখত ডেক্সৰ সলনি বেঞ্চ লৈ তাত বহীখন থৈ শুই শুই  লিখি পৰীক্ষা দিলো । পৰীক্ষাৰ তিনিঘণ্টাৰ সময়ছোৱা মা দুৱাৰমুখৰ পোনে পোনে মোক দেখাকৈ বাহিৰত বহি থাকে ।আৰু মই ? যেতিয়াই বিষত সাহস কমি যায়, মালৈ চাওঁ আৰু পুনৰ হাতৰ কলম চলাওঁ ।

পৰীক্ষাৰ পিছৰ আঠ মাহ ঘৰত জিৰণী । জিৰণীৰ নামত অসহ্যকৰ বিষ, জ্বৰ, দুৰ্বলতা আৰু এসোপামান হতাশা । কিজানি মই বাস্তৱক মানি ল’ব পৰা নাছিলো তেতিয়া । এনেকৈয়ে দিন গ’ল । এদিন ৰিজাল্ট দিলে । মই মোৰ প্রাপ্যৰ প্রথম বিভাগৰ পৰা মাত্র ১ % ৰ বাবে বঞ্চিত হ’লো । মোৰ মাৰ্কশ্বিটৰ  ৫৯ % কিয়, কেনে পৰিস্থিতিত পালো কাক বুজাম !  বহুতেই ক’লে এবছৰ ৰৈ দিবলৈ । কিন্তু সেইসময়ত মই ৰৈ দিয়া হ’লে , ইমানখিনি বাট পোৱাতো মোৰ বাবে অসম্ভৱ হ’লহেঁতেন । কাৰণ পঢ়া আৰু গানৰ বাহিৰে সেইসময়ত মোৰ যন্ত্রণা লাঘৱ কৰিবলৈ আন কোনো উপায় নাছিল ।

অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰত নামভৰ্ত্তি কৰো । সেইসময়ত ঔষধৰ প্রভাৱত মোৰ ফুলি উঠা মুখমণ্ডল দেখি কোনেও হয়তো বিশ্বাস কৰা নাছিল, মই ৰোগাক্রান্ত বুলি । সেয়ে, কিছু লগৰীয়াৰ পৰা ‘ বেমাৰী আহিলি ?’ ‘ তোৰে ভাল দে, গা বেয়া হ’লে ক্লাছ নকৰিলেও হয়’ , আদি কথা চকুপানীৰ লগত সমানে গিলিবলৈ বাধ্য হৈছিলো । তেওঁলোকক মই কেনেকৈ বুজাওঁ ,  বিষত সোপা মাৰি ধৰা দিনে ৬/৭ বিধ ঔষধ খায়, ক্লাছৰ শেষত হাস্পিতালত ৰাতি ৯ বজালৈকে ডাক্তৰলৈ খাপ পিটিও মই পঢ়িব খুজিছিলো ।

ডাক্তৰৰ অপেক্ষা গৃহত বহি থাকোঁতে বিষত চকুলো বৈ পৰে । লগত থাকে কেতিয়াবা বাইদেউ আৰু কেতিয়াবা  মোৰ শৈশৱৰ বান্ধৱী মাইনু । চকীত পোনকৈ বহিব নোৱাৰো , হাউলি -আউজি কোনোমতে ৰওঁ । চকুৰ আগেদি সমবয়সীয়া ল’ৰা-ছোৱালীবোৰ টপ্ টপাই ঘূৰি ফুৰে । আৰু মই কোনোমতে গাত কাপোৰ সুমুৱাই লেকেছিয়াই খোজ দিওঁ । মানুহবোৰে উভটি চায় । বহুতৰে তেনে চাৱনিৰ অৰ্থ বুজি নাপাওঁ ।

এম. এ ৰ প্রতিটো চেমিষ্টাৰতে প্রথম বিভাগ পাওঁ। পৰীক্ষা গৃহত আঙুলি নচলে, বিষত জঠৰ হৈ যায় ।  বহীত চকুপানীৰ টোপাল সৰি পৰে । কিন্তু আনক এই দুৰ্বলতা নেদেখুৱালো । সোঁহাতৰ কলম ডেক্সত থৈ বাওঁ হাতেৰে কলম ধৰা হাতখন মালিছ কৰো আৰু পুনৰ লিখিবলৈ লওঁ ।

আঠ মাৰ্চ , ২০০৭ , ঘৰত উৎসৱমুখৰ পৰিবেশ । পিছদিনা সৰু বাইদেউৰ বিয়াৰ অভ্যৰ্থনা । সেইদিনা মাৰ ফোনত বিশ্ববিদ্যালয়ৰ বিভাগীয় অধ্যাপিকা ড . কাবেৰী চাহা বাইদেউৱে ফোন কৰে – ” দেৱীকা , তুমি ৬৪.৪% সহ প্রথম শ্রেণীৰ পঞ্চম স্থান লাভ কৰিছা । আমি তোমাক লৈ খুউব গৌৰাৱান্বিত  । ” ঘৰত সকলোৰে মুখত আনন্দ বিৰাজমান ।  আৰু মই , বহু যন্ত্রণাৰ মাজতো আত্মতৃপ্ত ।

ইয়াৰ পিছৰ পৰ্যায়ত মোৰ ৰোগ দুগুণে চৰিল । লগতে হতাশাও । মানুহৰ সংগ এৰাই চলিব ধৰিলো ।আৰু সেইসময়খিনিতে উপলব্ধি কৰিলো যে , যন্ত্রণাবোৰক আঁতৰাই ৰাখিবলৈ হ’লে মোৰ চকুপানীবোৰ মচিব লাগিব আৰু তাৰ ঠাইত নিজকে ব্যস্ত ৰাখিব লাগিব মোৰ প্রিয় কামবোৰত । সৰু বাইদেউৱে আনি দিয়া কিতাপবোৰ লৈ মই ব্যস্ত হোৱা হ’লো । মাজতে কেইদিনমান গুৱাহাটীৰ জুনিয়ৰ কলেজত শিক্ষকতা কৰিলো, মনৰ ভাৱ বোৰ ডায়েৰীত কবিতাৰ আকাৰে লিখি গ’লো । মুঠৰ ওপৰত মই নিজকে ব্যস্ত ৰখা হ’লো।

এনে অৱস্থাতেই ২০০৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত এম.ফিল কৰিবৰ বাবে পৰীক্ষাত বহি ৯টা চিটৰ ভিতৰত ২ য় স্থান পাই বাছনিভুক্ত  হওঁ । কিন্তু প্রথম এমাহ শাৰিৰীক অসু্স্থতাৰ বাবে ক্লাছ কৰিব নোৱাৰাৰ বাবে বাকী ১১ মাহো মোক শ্রেণীত উপস্থিত থকাৰ অনুমতি প্রদান  নকৰে । বিভিন্ন বিভাগৰ মুৰব্বীয়ে মোৰ পক্ষত থিয় দিয়া স্বত্তেও মোৰ বিভাগীয় মূৰব্বীয়ে মোক অনুমতি প্রদান নকৰে । এই ঘটনাৰ পিছত এটা কথা ভালদৰে বুজি উঠিছিলো ,ৰোগী এজনক তেওঁৰ ৰোগে যিমান যন্ত্রণা দিয়ে,  তাতোকৈ অধিক যন্ত্রণা দিয়ে মানুহে ৰোগীগৰাকীৰ প্রতি দেখুওৱা ব্যৱহাৰে ।

এই ঘটনাক এক প্রত্যাহ্বান নিচিনা ল’বলৈ মই বাধ্য হৈছিলো । তেনেসময়তেই মোৰ আজি-কালিৰ ঠিকনা নোহোৱা শৰীৰটো সম্পূৰ্ণ অৱশ হৈ পৰে । সেইসময়তে ডিব্রুগড় মেডিকেলত অধ্যয়নৰত মোৰ কৈশোৰৰ বন্ধু ৰাজীৱ পাংগিঙৰ সহায় লৈ তাত ভৰ্তি হওঁ । প্রায় ২০/২২ ঘণ্টাকৈ কামত, পঢ়াত ব্যস্ত থকা বন্ধুৱে আমাক আহাৰ যোগান ধৰালৈকে  সহায় কৰি বন্ধুত্বক পুনৰ এবাৰ কটকটীয়া কৰিলে । পুনৰ এবাৰ নতুনকৈ মোৰ শৰীৰৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হয় । এইবাৰ তেওঁলোকে এক নতুন ৰোগৰ নাম লয় ।  আকৌ নতুন ঔষধ । ইয়াৰ মাজতে খুড়াৰ ল’ৰাটোক ধৰি ধৰি PhD ৰ বাছনি পৰীক্ষা দিবলৈ যাওঁ।  বাছনিত উৰ্ত্তীণ হৈ তেনেকৈয়ে ঘৰুৱা সহায়কৰ্ত্তাৰ হাতত ধৰি ধৰি ক’ৰ্ছ ৱৰ্ক কৰোগৈ । সকলো ঠিকে থকাৰ মাজতে পুনৰ মোৰ শৰীৰ বিকল হৈ পৰে । মোৰ বাবে শৰীৰৰ এই কথাবোৰ সহজ হৈ পৰিছিল । মই এটা কথা খুউব ধুনীয়াকৈ বুজিছিলো যে, যিখিনি সময় মই সাধাৰণভাৱে পাওঁ , সেই সময় খিনিয়েই মই অসাধাৰণ বনাব লাগিব  ।

২০১০ চনৰ এপ্রিলমাহত দিল্লীৰ এইম্ ছত ( AIIMS) এই কথা নিশ্চিত হওঁ যে ,  মোৰ ৰোগ অসমৰ গুৱাহাটীৰ ডাক্তৰে কোৱাৰ দৰে  পলিমায়’চাইটিছ (polymiositis) অথবা ডিব্রুগড় মেডিকেলত কোৱাৰ দৰে peripheral neuropathy নহয় । বৰঞ্চ ই হয় Sjogren Syndrome (যিটো পিছত ২০১১ চনত উইম্বলডন বিজেতা ভেনাছ উইলিয়াম্ ছৰ দেহটো চিহ্নিত হয় ) । ইয়াৰ লগতে এইমছৰ ডাক্তৰে এইবুলিও জনাই যে মোক ভুলকৈ ডায়গনছিচ কৰি প্রয়োজনতকৈ অধিক মাত্রাত (গুৱাহাটীত ) ষ্টেৰয়ড প্রয়োগ কৰাৰ বাবে অষ্টিয়’প’ৰ’চিছ ৰোগত ভুগিছো আৰু মোৰ হাড় ভঙাৰ সম্ভাৱনা মাত্রাধিক ।

ইয়াৰ পিছৰপৰা জীৱনে বেলেগ ৰূপ লয় । মই মোৰ ৰোগ লৈ নিশ্চিত হ’লো আৰু সেয়ে যথাসম্ভৱ অহৈতুক ভাৱনা সমূহ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিলো। আনৰ সহায় নোলোৱাকৈ ঘৰৰ বাহিৰ ওলাব পৰা হ’লো । বিষবোৰ ১০ % মান কমিল । খোজবোৰ বেঁকা হ’ল । এনেকৈয়ে কলেজৰ শিক্ষকতাৰ বাবে প্রয়োজনীয় SLET উত্তীৰ্ণ হওঁ ।  কিছু সমস্যাৰ বাবে নিজৰ শিক্ষা বিভাগৰ পৰা PhD এৰি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগত পুনৰ PhD প্রৱেশিকা পৰীক্ষা দিওঁ । বৰ্তমান মই শিৱসাগৰ ছোৱালী কলেজত ঠিকাভিত্তিক শিক্ষকৰূপে কৰ্মৰত আৰু লগতে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সন্মানীয় ড. জ্যোতিপ্রসাদ শইকীয়া ছাৰৰ অধীনত গৱেষক ছাত্রী ।

এতিয়াও কেতিয়াবা ৰাতি দুইবজালৈকে মই বিষত শুব নোৱাৰো , এতিয়াও মই লেকেছিয়াই খোজ কাঢ়ো । ক্ষন্তেকতে মোৰ দেহত পটাছিয়াম কমি অৱশ হৈ পৰো । বুকুত অসহ্যকৰ বিষ , উশাহ বন্ধ হৈ যোৱাকৈ । তথাপি মই হতাশ নহওঁ । তাতকৈ মই সপোন দেখো, ভাল হৈ ক’ত ক’ত ফুৰিম , দৌৰিম । পুৱাই উঠি প্রাণায়ম কৰিবলৈ ল’লো , হতাশা দূৰ কৰিবলৈ । পঢ়াৰ লগে লগে মোৰ গানৰ গুণগণনি আৰম্ভ  । প্রাণখুলি গান গাওঁ । মই সপোন দেখিবলৈ ল’লো আৰু বিষ-কষ্টক পিছ পেলাই মোৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাটো মুখ্য উদ্দেশ্য কৰি ল’লো ।

আজি হয়তো মোৰ লগতে হাজাৰজন ৰোগাক্রান্ত হৈ আছে । মোৰ দৰেই কিছুমান ৰোগ কেতিয়াও নিৰাময় নহয়, কিন্তু ইয়াৰপৰা পোৱা কষ্টবোৰৰ উপশম ঘটাব পাৰি । তাৰবাবে প্রয়োজন সাহস, ইচ্ছাশক্তি , একাগ্রতা , ধৈৰ্য্য আৰু জীৱনৰ প্রতি যোগাত্মক মনোভাৱ । এইবোৰৰ প্রয়োজন হয় নিজক সবল কৰি তুলিবলৈ । কিয়নো , জীৱনত পোৱা-নোপোৱাৰ লগতে মানুহে দিয়া পুতৌৰ চাৱনি , ‘ আয়ৈ দেহী’ , বেচেৰী আদি মন্তব্যই মনটোকো দুৰ্বল কৰি তোলে । এনে সময়ত নিজকে সবল কৰাৰ অতি প্রয়োজন । আৰু লগতে প্রয়োজন , জীৱনৰ ইতিবাচক দিশবোৰ গ্রহণ কৰা ।

কিয়নো, জীৱনটো এটা ৰোগতেই শেষ নহয় ।সেই ৰোগৰ সৈতে মোকাবিলা কৰাৰ পৰাহে প্রকৃত জীৱন আৰম্ভ হয় । সেই মূহুৰ্ত্তবোৰত  আমি নিজকে আগতকৈ বেছি ভালদৰে বুজি উঠো, ধৈৰ্যশীল হৈ পৰো , জীৱন কি বুজি পোৱা হওঁ আৰু প্রকৃত মানুহ চিনিবলৈ আৰম্ভ কৰোঁ ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
bashona
6 years ago

Devika xoixobor jotosto xomoi tur logot kotaiso.tur logot eklogai tution kori centeral marketor pora mash kini ona aji u monot pora………Bhoba nachilu j toi zibonot iman kosto pabi buli…….toi agor porai hahohi asili aru tur porai moi u hahohi hoboloi hikisilu………….toi dekha hopun bur jatai toi pura koribo paro tar babai Bhogowanai tuk odhik hokti diyok tarai kamona korisu….

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক