মকৰাৰ ৰস – বৰ্ণালী দত্ত

মূলঃ (বাংলা) শৰদিন্দু বন্দোপাধ্যায়
অনুবাদঃ বৰ্ণালী দত্ত

ব্যোমকেশক একপ্ৰকাৰ জোৰ কৰিয়েই ঘৰৰ পৰা উলিয়াই আনিলো৷

যোৱা এমাহধৰি তেওঁ এটা জটিল জালিয়াতিৰ তদন্তত মনোনিৱেশ কৰি আছিল৷ এদ’ম মান কাগজ পত্ৰ লৈ দিন-ৰাতি সেইবোৰৰ মাজতে সোমাই অপৰাধীৰ অনুসন্ধানত লাগি আছিল আৰু ৰহস্য যিমানেই ঘনীভূত হৈছিল সিমানেই তেওঁৰ কথা-বাৰ্তাও কমি আহিছিল৷ পঢ়াকোঠাত বহি অবিৰাম সেই বগা কাগজ-পত্ৰবোৰ খুঁচৰি খুঁচৰি তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা দেখিছিলো, কিন্তু সেই কথাৰ উল্লেখ কৰিলেই তেওঁ কয়, “নাই, ঠিকেইতো আছোঁ৷”

সিদিনা ৰাতিপুৱা ক’লো, “তোমাৰ আৰু কোনো কথাই শুনা নহ’ব, ব’লা অলপ ওলাই যাওঁ৷ দিনটোৰ ভিতৰত অন্তত দুঘণ্টাতো বিশ্ৰামৰ প্ৰয়োজন৷”

“কিন্তু…”

“কিন্তু নহয়, ব’লা হ্ৰদৰ ফালে যাম৷ দুঘণ্টাত তোমাৰ জালিয়াতিৰ কেছ ক’তো পলাই নাযায়৷”

“ব’লা৷” কাগজ-পাতি আঁতৰাই থৈ তেওঁ ঘৰৰ পৰা ওলাল ঠিকেই কিন্তু তেওঁৰ মনটোক সেই অজ্ঞাত জালিয়াতিয়ে পিছ এৰা নাই বুলি বুজিলৈ অসুবিধা নহ’ল৷

হ্ৰদৰ পাৰে পাৰে খোজ কাঢ়ি থাকোঁতে হঠাৎ এজন বহু পুৰণা বন্ধুক লগ পাই গ’লো৷ বহুদিন তেওঁক দেখা নাছিলো; উচ্চতৰ মাধ্যমিকত দুয়ো একেলগে পঢ়িছিলো; তাৰপিছত তেওঁ মেডিকেল কলেজত নাম লগালে৷ সেই তেতিয়াৰ পৰাই এৰা-এৰি৷ তেওঁক দেখি মাত দিলো, “আৰে! মোহন তুমি! তুমি ক’ৰ পৰা?”

মোক দেখি তেৱোঁ সানন্দে ক’লে, “অজিত! তাকেইতো! কিমান দিনৰ মূৰত দেখা পালো৷ আৰু, কি খবৰ?”

অলপ সময় পৰস্পৰে আপোন পাহৰা হৈ কথা পতাৰ পিছত ব্যোমকেশৰ লগত চিনাকি কৰাই দিলো৷ মোহনে ক’লে, “আপুনি! লগ পাই বৰ ভাল পালো৷ মাজে মাজে সন্দেহেই হৈছিল, আপোনাৰ কীৰ্তি-প্ৰচাৰক অজিত বন্দোপাধ্যায়েই হয়তো আমাৰ ল’ৰালি কালৰ বন্ধু অজিত; কিন্তু বিশ্বাস হোৱা নাছিল৷”

মই সুধিলো, “তুমি বৰ্তমান কি কৰি আছা?”

মোহনে ক’লে, “ কলিকতাতেই প্ৰেকটিচ কৰি আছোঁ৷”

তাৰপিছত খোজ কাঢ়ি কাঢ়িয়েই নানান কথাত এঘণ্টামান সময় পাৰ হৈ গ’ল৷ তাৰ মাজতে লক্ষ্য কৰিলো, সাধাৰণ কথা-বাৰ্তাৰ মাজতে মোহনে দুই এবাৰ কিবা এটা ক’বলৈ মুখ মেলি আকৌ ৰৈ যায়৷ ব্যোমকেশেও সেইটো লক্ষ্য কৰিছিল, সেয়ে এপাকত লাহেকৈ হাঁহি সুধিলে, “কি ক’ব বিচাৰিছে কৈ দিয়ক৷”

মোহনে অলপ লাজ পাই ক’লে, “এটা কথা ক’ম ক’ম বুলিও ক’বলৈ সংকোচ কৰিছোঁ৷ কথাটো ইমান তুচ্ছ যে সেইটোৰ বাবে আপোনাক আমনি দিয়াতো উচিত নহয়৷ অথচ…”

মই ক’লো, “সেইটো হ’ব দিয়া৷ কোৱা৷ আৰু একো নহ’লেও, ব্যোমকেশক অলপ সময়ৰ বাবে হ’লেও জালিয়াতিৰ হাতৰ পৰা নিষ্কৃতি দিয়াতো হ’ব৷”

“জালিয়াতি?”

মই বুজাই দিলো৷ তেতিয়া মোহনে ক’লে, “ওঁ! কিন্তু মোৰ কথা শুনি হয়তো ব্যোমকেশ বাবুৱে হাঁহিব৷”

ব্যোমকেশে ক’লে, “হাঁহিৰ কথা হ’লে নিশ্চয় হাঁহিম৷ কিন্তু আপোনাক দেখি তেনে লগা নাই৷ বৰঞ্চ কোনো এটা সমস্যাই আপোনাক কিছুদিনৰ পৰা চিন্তিত কৰি ৰাখিছে যেন বোধ হৈছে৷ আপুনি তাৰেই সমাধান বিচাৰি ফুৰিছে৷”

মোহনে আগ্ৰহেৰে ক’লে, “আপুনি ঠিক ধৰিছে৷ কথাটো হয়তো অত্যন্ত সহজ, কিন্তু মোৰ বাবে এইটো এটা দুৰ্ভেদ্য প্ৰহেলিকা হৈ পৰিছে৷ মইতো একেবাৰে মুৰ্খও নহয়৷ সাধাৰণ জ্ঞান-বুদ্ধিকণ আছে বুলিয়েই ভাবো৷ অথচ এজন ৰুগীয়া, বিকলাংগ, চলা-ফিৰা কৰিবলৈ অসমৰ্থ মানুহে মোক প্ৰতিদিনে এনেকৈ ঠগিছে যে শুনিলে আচৰিত হ’ব; কেৱল মোকেই নহয়, তেওঁৰ পৰিয়ালৰ তীক্ষ্ণ সতৰ্কতাকো তেওঁ প্ৰতিমুহূৰ্তে ব্যৰ্থ কৰি তুলিছে৷”

কথা পাতি পাতি আহি আমি এখন বেঞ্চত বহিলো৷ মোহনে ক’লে, “যিমান দূৰ সম্ভৱ সংক্ষেপত ঘটনাটো কওঁ, শুনক৷ এজন প্ৰতিপত্তিশীল মানুহৰ ঘৰত মই ঘৰুৱা-চিকিৎসক হিচাপে কাম কৰোঁ৷ তেওঁলোক অভিজাত্যপূৰ্ণ ডাঙৰ মানুহ৷ ……কলিকতাৰ পুৰণি স্থায়ী বাসিন্দা; অন্যান্য বিষয়-সম্পত্তি বাদ দিও কলিকতাত এখন বজাৰ আছে; তাৰপৰা মাহে হাজাৰ পোন্ধৰশ টকা আয়৷ গতিকে আৰ্থিক অৱস্থা কেনেকুৱা বুজিব পাৰিছে নিশ্চয়৷

সেইখন ঘৰৰ মুৰব্বী গৰাকীৰ নাম নন্দদুলাল বাবু৷ ক’বলৈ গ’লে তেখেতেই সেইখন ঘৰত মোৰ একমাত্ৰ ৰোগী৷ ডেকাকালত তেওঁ ইমান বেছি উচ্ছৃংখল জীৱন যাপন কৰিছিল যে পঞ্চাশ বছৰ হওঁ নহওঁতেই স্বাস্থ্য একেবাৰে ভাঙি পৰিছে৷ বাত বিষকে আদি কৰি আৰু কিমান ধৰণৰ ৰোগে যে তেওঁৰ শৰীৰত আশ্ৰয় লৈ আছে সেয়া গণি শেষ কৰিব নোৱাৰি, তদুপৰি পক্ষাঘাতৰ লক্ষণো দেখা দিবলৈ আৰম্ভ কৰিছে৷ আমাৰ ডাক্তৰী শাস্ত্ৰত এটা কথা আছে, “মানুহৰ মৃত্যুত আচৰিত হ’বলগীয়া একো নাই, মানুহ যে জীয়াই থাকে সেইটোৱেই আটাইতকৈ আশ্চৰ্যৰ বিষয়৷” এই ৰোগীজনক দেখিলে মোৰ পোনপ্ৰথমে সেই কথাষাৰেই মনত পৰে৷

এই নন্দদুলাল বাবুৰ চৰিত্ৰৰ বিষয়ে আপোনাক কেনেকৈ বুজাম ভাবি পোৱা নাই৷ কটুভাষী, সন্দেহবাদী, কুটিল, হিংসাপৰায়ণ- এক কথাত ইমান ইতৰ নীচ স্বভাৱ মই আৰু কেতিয়াও দেখা নাই৷ ঘৰত পত্নী, পুত্ৰ পৰিয়াল সকলো আছে কিন্তু কাৰো লগতে সদ্ভাৱ নাই৷ তেওঁ যৌৱন কালত যি উচ্ছৃংখলতা কৰি ঘূৰি ফুৰিছিল এতিয়াও সেইবোৰ কৰি ফুৰিবলৈ মন৷ কিন্তু প্ৰকৃতিয়ে বাধা দিছে কাৰণ শৰীৰত সেই সামৰ্থ নাই৷ সেইবাবেই সমস্ত পৃথিৱীৰ মানুহৰ ওপৰত সাংঘাটিক খং আৰু ঈৰ্ষা৷ যেন তেওঁৰ এই অৱস্থাৰ বাবে তেওঁলোকেই দায়ী৷ প্ৰতিদিনে তেওঁ কাক কিদৰে জব্দ কৰিব পাৰি সেই সুযোগৰ সন্ধানতে থাকে৷

দেহত শক্তিও নাই, লগতে হৃদযন্ত্ৰৰো সমস্যা সেয়ে ঘৰ এৰি ওলাই যাবও নোৱাৰে৷ ঘৰতে বহি বহি কেৱল বিশ্ব-ব্ৰহ্মাণ্ডৰ ওপৰত অশ্ৰাৱ্য গালি বৰ্ষণ কৰে আৰু দিস্তাই দিস্তাই কাগজত একেৰাহে লিখি যায়৷ তেওঁৰ ধাৰণা, তেওঁ এজন অদ্বিতীয় সাহিত্যিক; সেয়ে কেতিয়াবা ৰঙা চিয়াঁহীৰে নহ’লে কেতিয়াবা ক’লা চিয়াঁহীৰে তেওঁৰ অনবদ্য লেখা লিখি থাকে৷ সম্পাদকৰ ওপৰত ভীষণ খং, তেওঁ ভাবে সম্পাদকসকলে কেৱল হিংসাতে তেওঁৰ লেখা ছপোৱা নাই৷”

মই কৌতূহলবশত প্ৰশ্ন কৰিলো, “কি লিখে?”

“গল্প৷ নাইবা আত্মজীৱনীও হ’ব পাৰে৷ এবাৰ মাত্ৰ সেই লেখাৰ ওপৰত মই চকু ফুৰাইছিলো, তাৰপিছত আৰু সেইফালে চাব পৰা নাই৷ সেই লেখা পঢ়াৰ পিছত গংগাত গা ধুই আহিলেও মন পৱিত্ৰ নহ’ব৷ আজিকালিৰ তৰুণ লেখকসকলেও যদি সেই গল্প পঢ়ে,তেওঁলোকৰো হয়তো দাঁতে দাঁতে লাগি ধৰিব৷”

ব্যোমকেশে ঈষৎ হাঁহি ক’লে, “চৰিত্ৰটো চকুৰ সন্মুখত দেখাৰ দৰেই লাগিছে৷ কিন্তু সমস্যাটো কি?”

মোহনে আমাৰ দুয়োকে দুটা চিগাৰেট দি, এটা নিজে লৈ ক’লে, “আপোনালোকে হয়তো ভাবিছে, ইমানবোৰ গুণেৰে ভৰপূৰ এজন মানুহৰ আৰু কিবা গুণ থকা সম্ভৱ নহয়, হয়নে? কিন্তু তেনে নহয়৷ এওঁৰ আৰু এটা বৃহৎ গুণ আছে, এই ৰুগীয়া শৰীৰেই তেওঁ এক অদ্ভুত নিচা কৰে৷”

চিগাৰেটত সম্পূৰ্ণ দুটা টান দি ক’লে, “ব্যোমকেশ বাবু, আপুনিতো এই কৰ্মৰে কৰ্মী, সমাজৰ নিকৃষ্ট মানুহবোৰক লৈয়ে আপুনি কাম কৰিবলগীয়া হয়৷ মানুহে মদ, গাঞ্জা, চণ্ডু, কোকেইন ইত্যাদি বিভিন্ন ধৰণৰ নিচা গ্ৰহণ কৰা দেখি থাকে, কিন্তু মকৰাৰ ৰস খাই কোনো মানুহক নিচা কৰা দেখিছেনে?”

মই থতমত খাই ক’লো, “মকৰাৰ ৰস! সেইটো আকৌ কি?”

মোহনে ক’লে, “এবিধ মকৰা আছে, যাৰ পৰা এই বীভৎস বিষাক্ত ৰস পিহি বাহিৰ কৰি লোৱা হয়৷”

ব্যোমকেশে ঠিক স্বগতোক্তি কৰাৰ দৰে ক’লে, “Tarantula dance! স্পেইনত আগতে আছিল৷ এই মকৰাৰ কামোৰ খাই মানুহে অনবৰতে নাচি থাকে৷ সাংঘাটিক বিষ! কিতাপত পঢ়িছো ঠিকেই কিন্তু আমাৰ ইয়াত কাকো ব্যৱহাৰ কৰা দেখা নাই৷”

মোহনে ক’লে, “ঠিক কৈছে, টেৰনটুলাৰ ৰস এবিধ তীব্ৰ বিহ, কিন্তু খুব কম মাত্ৰাত ব্যৱহাৰ কৰিলে শৰীৰৰ স্নায়ুতন্ত্ৰত এক প্ৰবল উত্তেজনাৰ সৃষ্টি কৰে৷ বুজিছেই নিশ্চয়, স্বভাৱৰ দোষত স্নায়ৱিক উত্তেজনা নহ’লে যিসকল থাকিব নোৱাৰে তেওঁলোকৰ পক্ষে এই মকৰাৰ ৰস কিমান লোভনীয় বস্তু৷ কিন্তু নিয়মিত ব্যৱহাৰ কৰিলে ইয়াৰ পৰিণাম ভয়ানক হৈ পৰে৷ আনকি অস্বাভাৱিক পক্ষাঘাত ৰোগত মৃত্যু অনিবাৰ্য৷

আমাৰ নন্দদুলাল বাবুও হয়তো ডেকাকালত এই অদ্ভুত নিচাৰ চিকাৰ হৈছিল; তাৰপিছত শৰীৰ যেতিয়া অকৰ্মণ্য হৈ পৰিল তেতিয়াও মকৰাৰ ৰসৰ নিচা এৰিব নোৱাৰিলে৷ মই যেতিয়া গৃহ চিকিৎসক হৈ তেওঁলোকৰ ঘৰলৈ যাওঁ তেতিয়াও তেওঁ মুকলিকৈয়ে সেই নিচা লৈ থাকিছিল৷ সেইয়া আজিৰ পৰা এবছৰৰ আগৰ কথা৷ মই প্ৰথমেই সেইটো বন্ধ কৰি দিলো৷ ক’লো, যদি জীয়াই থাকিব বিচাৰে তেনেহ’লে এই নিচা এৰিব লাগিব৷

ইয়াকে লৈ অতি কমেও জোৰ-জুলুম কৰা হ’ল৷ তেওঁ খাবলৈ আকোৰ-গোঁজ আৰু ময়ো খাবলৈ নিদিওঁ৷ শেষত মই ক’লো, “আপোনাৰ ঘৰত মই সেই বস্তুটোৱেই সোমাবলৈ নিদিওঁ, চাওঁ আপুনি কেনেকৈ খায়৷” তেওঁ কুটিল হাঁহিৰে ক’লে, “হয় নেকি? বাৰু, মই খামেই, চাওঁ তুমি কেনেকৈ বাধা দিয়া৷” যুদ্ধ ঘোষণা হৈ গ’ল৷

“পৰিয়ালৰ বাকীসকল মোৰ পক্ষত আছিল, গতিকে সহজেই ঘৰৰ চাৰিওফালে কাঢ়া পহৰাৰ ব্যৱস্থা কৰা হ’ল৷ তেওঁৰ পত্নী, ল’ৰাহঁতে পাল পাতি তেওঁক পহৰা দিয়াত লাগিল, যাতে কোনো কাৰণত সেই বিহ তেওঁৰ ওচৰ চাপিব নোৱাৰে৷ তেওঁ নিজে একপ্ৰকাৰ খোজকাঢ়িবলৈ অসমৰ্থ, ঘৰৰ পৰা ওলাই গৈ সেই বস্তু সংগ্ৰহ কৰিব, সেই ক্ষমতাও নাই৷ এইদৰে মই তেওঁক নজৰ-বন্দীৰ ব্যৱস্থা কৰি দি যথেষ্ট আত্মপ্ৰসাদ লাভ কৰিলোঁ৷

কিন্তু একোতেই ফল নধৰিল৷ ইমান চোকা নিৰীক্ষণৰ পিছতো গোটেই ঘৰৰ মানুহৰ চকুৰ পৰা সাৰি তেওঁ নিচা সেৱন কৰিয়েই থাকিল৷ ক’ৰ পৰা তেওঁ সেই বস্তুবিধ সংগ্ৰহ কৰিছে আমি কোনেও গম নাপালো৷

প্ৰথমতে মোৰ সন্দেহ হ’ল, হয়তো ঘৰৰ কোনোবাই তেওঁক মনে মনে সহায় কৰিছে৷ সেয়ে এদিন মই নিজেই গোটেই দিনটো পহৰা দিলো৷ কিন্তু আচৰিত কথা কি জানেনে, মোৰ চকুৰ সন্মুখতে তেওঁ তিনিবাৰকৈ সেই বিহ পান কৰিলে৷ তেওঁৰ নাড়ি পৰীক্ষা কৰি ধৰিব পাৰিলো৷ অথচ কেতিয়া খালে গমেই নাপালো৷

তাৰপিছত তেওঁৰ কোঠাৰ সৰ্বত্ৰে চোকা দৃষ্টি ৰখা হ’ল৷ তেওঁৰ লগত বাহিৰৰ কোনো মানুহৰ দেখা-সাক্ষাত একেবাৰে বন্ধ কৰি দিয়া হ’ল, কিন্তু তথাপিও তেওঁৰ বজাৰ বন্ধ কৰাব নোৱাৰিলো, এতিয়াও একেদৰেই সেই কাৰবাৰ চলি আছে৷

এতিয়া মোৰ সমস্যাটো হৈছে যে মানুহজনে সেই মকৰাৰ ৰস পায় ক’ৰ পৰা আৰু পালেও সকলোৰে চকুত ধূলি দি খাই কেনেকৈ! “

মোহন মনে মনে থাকিল৷ ব্যোমকেশে কাহিনীটো শুনি অন্যমনস্ক হৈ পৰিছিল নে নাই ক’ব নোৱাৰি, কিন্তু মোহনৰ কথা শেষ হোৱাৰ লগে লগে তেওঁ বহাৰ পৰা উঠি ক’লে, “অজিত, ঘৰলৈ যাওঁ ব’লা৷ হঠাৎ কথা এটা মনলৈ আহিছে, যদি সেইটো সঁচা হয় তেনেহ’লে…”

বুজিলোঁ, সেই এৰি থৈ অহা জালিয়াতি তদন্তই আকৌ তেওঁক চেপি ধৰিছেহি৷ মোহনে ইমান পৰে যি বকি গ’ল হয়তো তাৰ শেষৰ ফালৰ কথাবোৰ তেওঁৰ কাণলৈও নগ’ল৷

মই অলপ বিৰক্তিৰে ক’লো, “মোহনৰ কাহিনীটো তুমি চাগে ভালকৈ নুশুনিলা৷ “

“সাংঘাটিক কাহিনী! নুশুনিম কিয়! অতি আমোদজনক সমস্যা৷ কৌতূহল হৈছে কিন্তু এতিয়া জানো মোৰ সময় হ’ব? মই এটা বিশেষ গুৰুত্বপূৰ্ণ কামত…“

হয়তো মোহন মনে মনে অলপ ক্ষুণ্ণ হ’ল, কিন্তু সেই ভাব গোপন কৰি ক’লে, “তেন্তে কোনো কথা নাই, থাকক৷ এইবোৰ তুচ্ছ কথাত আপোনাক মূৰ ঘমাবলৈ অনুৰোধ কৰাটোও আচলতে অনুচিত৷ কিন্তু কি জানেনে? ইয়াৰ এটা সমাধান ওলোৱা হ’লে হয়তো মানুহজনৰ জীৱন বচাব পৰা গ’ল হয়৷

এজন মানুহ, লাগিলে তেওঁ যিমান ডাঙৰ পাপিষ্ঠই নহওক কিয়, এটোপ এটোপকৈ বিহ খাই আত্মহত্যা কৰা চকুৰ সন্মুখত দেখি আছোঁ অথচ নিবাৰণ কৰিব পৰা নাই৷ ইয়াতকৈ দুখৰ বিষয় আৰু কি হ’ব পাৰে? “

ব্যোমকেশে অলপ লজ্জিত অনুভৱ কৰি ক’লে, “মই নকৰোঁ বুলি নিশ্চয় কোৱা নাই৷ এই সাঁথৰৰ উত্তৰ পাবলৈ হ’লে দুই-এঘণ্টা ভাবিব লাগিব আৰু এবাৰ মানুহজনক লগ পালেও ভাল হয়৷ কিন্তু আজি হয়তো নোৱাৰিম৷ নন্দদুলাল বাবুৰ দৰে অসাধাৰণ মানুহ এজনক কোনো কাৰণতে মৰি যাবলৈ দিব নোৱাৰি৷ সেইটো মই হ’বলৈও নিদিওঁ৷ আপুনি নিশ্চিন্তে থাকক৷ কিন্তু এতিয়া মই ঘৰলৈ যাব লাগিব৷ জালিয়াতি ঘটনাৰ অপৰাধীজনক ধৰা পেলাইছোঁ যেন লাগিছে৷ কিন্তু এবাৰ কাগজ-পত্ৰবোৰ ভালকৈ চাই লোৱাতো দৰকাৰ৷ গতিকে আজিৰ ৰাতিটো নন্দদুলাল বাবুৱে নিচিন্তমনে বিহ পান কৰি লওক৷ কালিৰ পৰা মই তেওঁক বশ কৰি পেলাম৷ “

মোহনে হাঁহি ক’লে, “বঢ়িয়া,কালিয়েই হওক৷ কেতিয়া আপোনাৰ সুবিধা হ’ব কওক, মই ‘কাৰ’ পঠাই দিম৷ “

ব্যোমকেশে খন্তেক চিন্তা কৰি ক’লে, “বাৰু এটা কাম কৰা যাওক, অন্ততঃ আপোনাৰ উৎকণ্ঠাও বহুখিনি কমি যাব৷ আজি অজিতেই আপোনাৰ লগত গৈ চাই-চিতি আহক, তাৰপিছত তেওঁৰ মুখেৰে সকলো কথা শুনি আজি ৰাতিয়েই নাইবা কাইলৈ ৰাতিপুৱাই মই আপোনাৰ সাঁথৰৰ উত্তৰ দি দিম৷

ব্যোমকেশৰ সলনি মই যাম বুলি শুনি মোহনৰ মুখত যি ভাৱ ফুটি উঠিল সেয়া কাৰো চকুত নপৰাকৈ নাথাকিল৷ ব্যোমকেশে তেওঁলৈ চাই হাঁহি মাৰি ক’লে, “আপোনাৰ ল’ৰালিৰ বন্ধু বুলিয়েই হয়তো অজিতৰ ওপৰত আপোনাৰ সিমান হেৰি নাই৷ কিন্তু নিৰাশ নহ’ব, সৎ সংগত পৰি এতিয়া তেওঁৰ জ্ঞান-বুদ্ধি ইমানেই বেছি চোকা হৈ উঠিছে যে তাৰ দুই এটা দৃষ্টান্ত শুনিলে আপুনি আচৰিত হৈ যাব৷ হয়তো তেওঁ নিজেই আপোনাৰ এই ঘটনাটোৰ সম্পূৰ্ণ ৰহস্য উদঘাটন কৰি দিব, মোৰ প্ৰয়োজনেই নহ’ব৷ “

ইমান উচ্চ স্তৰৰ অনুমোদনৰ পিছতো মোহন লেখমাত্ৰও উৎসাহিত নহ’ল৷ ৰৌ-বাহু ধৰিবলৈ বৰশী টোপাই থকা মাছমৰীয়াই যেতিয়া পুঠিমাছ ধৰি ঘৰলৈ ওভতে তেতিয়া তেওঁলোকৰ মুখৰ বৰণ যেনে হয় ঠিক তেনে মুখৰ বৰণ কৰি মোহনে ক’লে, “অজিতেই আহক তেনেহ’লে৷ কিন্তু তেওঁ যদি নোৱাৰে…“

“হাঃ হাঃ সেইটো আৰু ক’বলগীয়া কথা নে! তেতিয়াতো মই আছোঁৱেই৷ “

ব্যোমকেশে মোক নিলগলৈ মাতি নি ক’লে, “সকলোবোৰ ভালকৈ লক্ষ্য কৰিবা৷ আৰু চিঠি-পত্ৰ কি আছে বিচাৰি চাবা৷ “ এইদৰে কৈ তেওঁ গুচি গ’ল৷

ব্যোমকেশক অনেক জটিল ৰহস্য উদঘাটন কৰা মই দেখি আহিছোঁ আৰু সেইবোৰত সহায়ো কৰি আহিছোঁ৷ তেওঁৰ অনুসন্ধান পদ্ধতিও ইমানদিনে একেলগে থাকি বহুখিনি আয়ত্ত হৈ গৈছে৷ সেয়ে মনে মনে ভাৱিলো, এই সাধাৰণ কামটোৰ গতি লগাব নোৱাৰিম নে? বিশেষকৈ মোৰ প্ৰতি মোহনৰ বিশ্বাসৰ অভাৱ দেখি মনে মনে অলপ জেদ হৈছিল, যেনেকৈয়ে নহওক এই ঘটনাটোৰ নিষ্পত্তি কৰিম৷

মনৰ ভিতৰতে এইদৰে সংকল্প বান্ধি মোহনৰ লগত হ্ৰদৰ পাৰৰ পৰা ওলাই আহিলো৷ বাছত আহি যেতিয়া নিদিৰ্ষ্ট ঠাইৰ ওচৰ পালো তেতিয়া সন্ধিয়া লাগি ভাঙি গৈছে৷ ৰাস্তাৰ লাইটবোৰ জ্বলি উঠিছে৷ মোহনে ৰাস্তা দেখুৱাই লৈ গ’ল৷ চাৰ্কুলাৰ ৰোড হৈ এটা গলিয়েদি অলপ দূৰ অগ্ৰসৰ হোৱাৰ পিছত সন্মুখত এটা লোহাৰ ৰেলিংযুক্ত প্ৰকাণ্ড ঘৰ দেখুৱাই মোহনে ক’লে, “এইটো ঘৰ৷ “

পুৰণিকলীয়া এটা ঘৰ৷ সন্মুখৰ লোহাৰ জপনাৰ মুখতে টুল এখন পাৰি দাৰোৱান বহি আছে৷ মোহনক দেখি চালাম জনাই জপনা খুলি দিলে, কিন্তু মোৰ ফালে সন্দিগ্ধ দৃষ্টিৰে চাই ক’লে, “বাবুজী, আপকো ভীতৰ যানা…“

মোহনে হাঁহি ক’লে, “চিন্তা নকৰিবা দাৰোৱান, তেওঁ মোৰ বন্ধু৷ “

“বহুত খুব৷ “ দাৰোৱানে বাট এৰি দিয়াত আমি ঘৰৰ সন্মুখৰ চোতালত প্ৰৱেশ কৰিলো৷

চোতাল পাৰ হৈ বাৰাণ্ডাত উঠোঁতেই ভিতৰৰ পৰা এজন বিশ-বাইছ বছৰীয়া ডেকা বাহিৰলৈ ওলাই আহিল৷ “অ’, ডাক্তৰ বাবু? আহক৷ “ মোৰ ফালে সপ্ৰশ্ন দৃষ্টিৰে চাই সুধিলে, “এওঁ? “
মোহনে তেওঁক অলপ আঁতৰাই নি নিম্নস্বৰত কিবা ক’লে, ডেকাজনেও উত্তৰ দিলে, “ বৰ ভাল, বৰ ভাল, তেওঁ আহক আকৌ৷ “

মোহনে পৰিচয় কৰাই দিলে, গৃহস্থৰ ডাঙৰ পুত্ৰ৷ নাম অৰুণ৷ তেওঁৰ সৈতে আমি আটাইকেইজন ভিতৰলৈ সোমাই গলো৷ দুটা কোঠা পাৰ হৈ তৃতীয় কোঠাৰ বন্ধ দুৱাৰত টুকুৰিয়াওতেই ভিতৰৰ পৰা এটা কৰ্কশ ভঙা কণ্ঠস্বৰ শুনা গ’ল৷ “কোন? কোন তুমি? এতিয়া মোক আমনি নকৰিবা, মই লিখি আছোঁ৷ “

অৰুণে মাত দিলে, “দেউতা, ডাক্তৰবাবু আহিছে৷ অভয়, দুৱাৰ খোল৷ “ এজন ওঁঠৰ-উনৈশ বছৰীয়া ল’ৰাই, হয়তো গৃহস্থৰ দ্বিতীয় পুত্ৰ, দুৱাৰ খুলি দিলে৷ আমি আটাইকেইজন কোঠাটোলৈ সোমাই গ’লো৷

অৰুণে ফুচফুচাই অভয়ক সুধিলে, “খাইছিল নেকি? “

অভয়ে নিস্তেজ ভাবে মূৰ জোকাৰিলে৷
কোঠালৈ সোমায়েই প্ৰথমে চকুত পৰিল, কোঠাৰ ঠিক মাজতে এখন বিছনা পাৰি থোৱা আছে আৰু সেই বিছনাতে বহি গাৰুত ভেজা দি সোঁহাতত উদ্যত কলম লৈ অতি শীৰ্ণকায় নন্দদুলাল বাবুৱে খঙত ৰঙা পৰা চকুৰে আমাৰ ফালে চাই আছে৷ মূৰৰ ওপৰত উজ্জ্বল বৈদ্যুতিক পোহৰ জিলিকি আছে আৰু এটা টেবুল লেম্প বিছনাৰ কাষৰ এখন ওখ টেবুলৰ ওপৰত থোৱা আছে, সেয়ে মানুহজনৰ সম্পূৰ্ণ অৱয়ব ভালকৈ দেখা পালো৷ তেওঁৰ বয়স হয়তো পঞ্চাশৰ তলতে হ’ব কিন্তু মূৰৰ আটাইবোৰ চুলি পকি এটা শ্ৰীহীন ছাইৰঙী ৰূপ ধাৰণ কৰিছে৷ বহল হাড়ৰ, তীক্ষ্ণ মুখত মাংসৰ চিন-মোকাম নাই, হনুৰ হাড় দুডাল যেন চাল ফুটি বাহিৰলৈ ওলাই অহাৰ উপক্ৰম কৰিছে৷ পাতল বেঁকা নাকটো মুখৰ ওপৰত গৰুড় পক্ষীৰ ঠোঁটৰ দৰে ওলমি পৰিছে৷ চকু দুটা কোনো অস্বাভাৱিক উত্তেজনাৰ ফলত অত্যন্ত উজ্জ্বল হৈ উঠিছে৷ কিন্তু উত্তেজনা শাম কটাৰ পিছত আকৌ যে সেই দুটা মাছৰ চকুৰ দৰে ভাৱ-লেশহীন হৈ পৰিব তাৰ আভাসো সেই চকুত লুকাই আছে৷ তলৰ ওঁঠ ঢিলা হৈ ওলমি পৰিছে৷ সকলো মিলি মুখখনত এটা কদাকাৰ ভোকাতুৰ অসন্তোষ ভাৱ যেন সিৰাই সিৰাই জিলিকি উঠিছে৷

কিছুসময় এই প্ৰেতাকৃতিৰ মানুহজনৰ ফালে বিস্মিত ভাৱত চাই থাকি দেখিলো, তেওঁৰ বাওঁ হাতখন ৰৈ ৰৈ অকাৰণে অনিয়ন্ত্ৰিত হৈ উঠিছে৷ যেন সেইখনে স্বাধীনভাৱে, দেহৰ পৰা সম্পূৰ্ণ পৃথক হৈ নৃত্য আৰম্ভ কৰি দিছে৷ বিজুলিৰ সংস্পৰ্শত মৰা ভেকুলি চমকি উঠা যিসকলে দেখিছে, তেওঁলোকে এই স্নায়ু-নৃত্য বহুখিনি অনুভৱ কৰিব পাৰিব৷

নন্দদুলালবাবুৱেও শাণিত দৃষ্টিৰে মোৰ ফালে চাই থাকি সেই ভঙা অথচ তীব্ৰ স্বৰত কৈ উঠিল, “ডাক্তৰ! এইজন আকৌ কাক লৈ আহিছা ইয়ালৈ? কি লাগে তেওঁক? যাবলৈ কোৱা, যাবলৈ কোৱা৷ “

মোহনে চকুৰ ঠাৰেৰে মোক জনালে যে মই যেন গৃহস্থৰ এইধৰণৰ সম্ভাষণত বেয়া নাপাওঁ, তাৰপিছত বিছনাত সিঁচৰতিহৈ থকা কাগজবোৰ আঁতৰাই বিছনাৰ কাষত থৈ ৰোগীৰ নাড়ী হাতত লৈ স্থিৰ হৈ চাবলৈ ধৰিলে৷ নন্দদুলালবাবুৱে মুখত এটা বিকৃত হাঁহি লৈ এবাৰ মোৰ ফালে, এবাৰ ডাক্তৰৰ ফালে চাবলৈ ধৰিলে৷ বাওঁ হাতটোৱে তেতিয়াও নৃত্য কৰিয়েই থাকিল৷

নাড়ী পৰীক্ষা কৰি উঠি হাত এৰি মোহনে ক’লে, “আকৌ খালে? “

“ঠিক মতে খাইছোঁ৷ তাতে কাৰ বাপেকৰ কি যায়? “

মোহনে ওঁঠ কামুৰি ক’লে, “এনেকৈ নিজৰেই ক্ষতি কৰিছে, আৰু কাৰো নহয়৷ কিন্তু সেইটো আপুনি ক’ত বুজিব? বুজাৰ ক্ষমতাই নাই৷ এই বিহ খাই খাই মগজুৰ ঘিঁউ শেষ কৰি পেলাইছে৷

নন্দদুলাল বাবুৱে মুখখন পিশাচৰ দৰে বিকৃত কৰি ক’লে, “হয় নেকি? মগজুৰ ঘিঁউ শেষ কৰি পেলাইছোঁ? কিন্তু তোমাৰ টেমাততো বহুত বুদ্ধি আছে? তেন্তে ধৰিব পৰা নাই কিয়? কোৱা, চাৰিওফালে দেখোন চেপা পাতি থৈছা৷ ক’ত, ধৰিব জানো পাৰিলা? কথাখিনি কৈয়ে হিঃ হিঃ কৈ এক কুশ্ৰী অট্ৰহাস্য কৰি উঠিল৷ মোহনে বিৰক্তিৰে ক’লে, “আপোনাৰ লগত কথা পতাই ভুল৷ যি কৰে কৰি থাকক৷ “

নন্দদুলাল বাবুৱে আগৰদৰেই হি হিকৈ হাঁহি হাঁহি ক’লে, “দুয়ো ডাক্তৰ, দুয়ো৷ মোক কিন্তু ধৰিব নোৱাৰিলা৷ আয়ৈ দেহী, কেনে মজা, ধৰিবকে নোৱাৰিলা“ বুলি কৈ দুয়ো হাতৰ বুঢ়া আঙুলি জোকাৰি ভেঙুচালি কৰিব ধৰিলে৷

নিজৰ ল’ৰাৰ সন্মুখতে মানুহজনৰ এই কদৰ্য অসভ্যালি দেখি মোৰ অসহ্য লাগিল৷ মোহনৰো হয়তো ধৈৰ্যৰ বান্ধ চিঙিবৰ উপক্ৰম হৈছিল৷ সি মোক ক’লে, “চাই লোৱা অজিত, কি চোৱা চাই লোৱা, আৰু নোৱাৰি৷ “

হঠাৎ বুঢ়া আঙুলিৰ আস্ফালন ৰখাই নন্দদুলাল বাবুৱে তেওঁৰ কুটিল দুচকু মোৰ ফালে ঘূৰাই কটু মাতেৰে ক’লে, “কোন হে তুমি? কি মতলবত মোৰ ঘৰত সোমাইছা? “ মই কোনো উত্তৰ নিদিলোঁ৷ তেওঁ আকৌ ক’লে, “চালাকি কৰিবলৈ আৰু ঠাই নাপালা? সেইবোৰ ধান্দা-বাজি ইয়াত নচলিব কৈ দিছোঁ, বুজিলা? এতিয়াই বেগতে ইয়াৰ পৰা গুচি যোৱা, নহ’লে পুলিচ মাতিম মই৷ অসভ্য চোঁৱৰৰ বাচ্ছা ক’ৰবাৰ৷ “ কথাখিনি কৈ কৈ তেওঁ মোহনকো নিজৰ দৃষ্টিৰে সাঙুৰি ল’লে৷ কি উদ্দেশ্যেৰে মোক ইয়ালৈ অনাইছে সেয়া তেওঁ সঠিককৈ নুবুজিলেও মোৰ ওপৰত তেওঁৰ ঘোৰ সন্দেহ উপজিল৷

অৰুণে লাজে-অপমানে মোৰ কাণে-কাণে ক’লে, “তেওঁৰ কথাত কাণ নিদিব৷ সেইটো খালে তেওঁৰ আৰু জ্ঞান বুদ্ধি নাথাকে৷ “

মনে মনে ভাৱিলো৷ কিমান ভয়ঙ্কৰ এই বিহ, যি মানুহৰ সমস্ত গোপন দুষ্প্ৰবৃত্তিক ইমান উগ্ৰতাৰে প্ৰকাশ কৰি দিব পাৰে! যি মানুহে ইয়াক জানি-শুনি খায় তেওঁৰ নৈতিক অধোগতিৰ মাত্ৰাক কোনে বাৰু নিৰূপণ কৰিব পাৰিব?

ব্যোমকেশে সকলো দিশ ভালকৈ লক্ষ্য কৰিবলৈ কৈছিল, সেয়ে যিমান দূৰ সম্ভৱ খৰধৰকৈ কোঠাৰ চাৰিওফালে ঘূৰি-পকি চাই ল’লো৷ কোঠাতো যথেষ্ট ডাঙৰ৷ আছবাব-পত্ৰও বেছি নাই৷ এখন বিছনা, দুই-তিনিখন চকী, এটা আলমাৰি আৰু এখন তিনিটা খুৰা থকা টেবুল৷ এইখন টেবুলৰ ওপৰতে লেম্পটো থোৱা আছে আৰু তাৰ ওচৰতে কেইবা দিস্তা নিলিখা কাগজ আৰু অন্যান্য লিখাৰ সৰঞ্জাম আছে৷ লিখা কাগজবোৰ চাৰিওফালে বিশৃঙ্খল হৈ পৰি আছে৷ মই এখন কাগজ তুলি লৈ কেইশাৰীমান পঢ়িয়েই শিয়ৰি উঠি থৈ দিলো৷ মোহনে যি কৈছিল সেইটোৱেই সঁচা৷ এই লেখা পঢ়িলে ফৰাচী বস্তুতান্ত্ৰিক এমিল জোলাৰো হয়তো গা ঘিণ ঘিণ লাগিব৷ কেৱল সেয়াই নহয়, লেখাৰ বিশেষ ৰসাল স্থানবোৰত ৰঙা চিয়াহীৰে দাগ দি লেখক মহাশয়ে সেইফালে দৃষ্টি আকৰ্ষণৰ ব্যৱস্থা কৰি দিছে৷ সঁচাকৈ ইমান কদৰ্য, জঘন্য মনৰ পৰিচয় আৰু ক’ৰবাত পাইছিলো বুলি মনত নপৰে৷

নন্দদুলাল বাবুৰ ফালে ঘৃণাপূৰ্ণ দৃষ্টিৰে চাই দেখিলো, তেওঁ পুনৰ লেখাত মন দিছে৷ পাৰ্কাৰৰ কলম দ্ৰুত বেগত কাগজৰ ওপৰত সঞ্চৰণ কৰি গৈছে৷ কাষৰ টেবুলত থোৱা দোৱাত-দানিত আৰু এটা শকত ৰঙা ৰঙৰ পাৰ্কাৰৰ ফাউণ্টেন পেন ৰখা আছে৷ লিখা শেষ হ’লেই হয়তো দাগ দিয়া আৰম্ভ হ’ব৷ আৰু সেইটোৱেই হ’ল৷ পাতখিলা শেষ হওঁতেই নন্দদুলাল বাবুৱে ক’লা কলম থৈ ৰঙা কলমটো তুলি ল’লে৷ কলমটো জোকাৰি দেখিলে চিয়াহী শুকাই গৈছে৷ তাৰপিছত টেবুলৰ পৰা ৰঙা চিয়াহীৰ চেপেটা বটল লৈ তাত চিয়াহী ভৰালে আৰু গহীনত নিজৰ লিখাৰ মণি মুকুতাবোৰত চিন দিবলৈ ধৰিলে৷
মই মুখ ঘূৰাই অন্যান্য বস্তুবোৰ চাবলৈ ধৰিলো৷ আলমাৰিটোত একো নাছিল, কেৱল কেইটামান ঔষধৰ বটল পৰি আছিল৷ মোহনে ক’লে, সেইবোৰ তেওঁৰেই দিয়া ঔষধ৷ কোঠাটোত দুখন খিৰিকি, দুখন দুৱাৰ৷ এখন দুৱাৰেদি আমি সোমাইছিলো, আনখনৰ বিষয়ে সুধি গম পালো যে সেইফালে গা ধোৱা ঘৰ আদি আছে৷ সেইটো কোঠাও চালো, বিশেষ একো নাই, কেইখনমান তিয়নি কাপোৰ, টাৱেল, তেল, চাবোন, দাঁত ঘঁহা ব্ৰাচ আদি আছে৷

খিৰিকি দুখনৰ বিষয়ে অনুসন্ধান কৰি গম পালো, বাহিৰৰ সৈতে সেইবোৰৰ কোনো সংযোগ নাই, তদুপৰি বেছিভাগ সময়তে সেই দুখন বন্ধই থাকে৷

ব্যোমকেশ হোৱা হ’লে কিদৰে অনুসন্ধান কৰিলহেঁতেন সেয়া কল্পনা কৰিবলৈ যত্ন কৰিলো, কিন্তু একোৱেই ভাবি নাপালো৷ দেৱালত টোকৰ মাৰি চাওঁ নেকি ভাবিলো, হয়তে ক’ৰবাত গুপ্ত দুৱাৰো থাকিব পাৰে৷ সেইসময়তে দেৱালত লগাই থোৱা এখন শ্বেল্ফৰ ওপৰত এটা ৰূপালী আতৰ-দানি চকুত পৰিল৷ আগ্ৰহেৰে তাকে পৰীক্ষা কৰিলো৷ শ্বেল্ফৰ ফাকে ফাকে আতৰ সনা কপাহ গোঁজ মাৰি থোৱা আছে৷ অৰুণক ফুচফুচাই সুধিলো, “তেওঁ আতৰ ঘঁহে নেকি? “

তেওঁ অনিশ্চিতভাৱে মূৰ জোকাৰি ক’লে, “নাজানো৷ হয়তো নঘঁহে, ঘঁহা হ’লে গোন্ধ পোৱা গ’ল হয়৷ “

“এইটো কেতিয়াৰ পৰা কোঠাত আছে? “

“কেতিয়াবাৰ পৰাই আছে৷ দেউতাই আনি কোঠাত ৰাখিছিল৷ “

পিছলৈ ঘূৰি চাই দেখিলো, লিখা সামৰি নন্দদুলাল বাবুৱে আমাৰ ফালেই চাই আছে৷ মনত সন্দেহ হ’ল, অলপ আতৰ কপাহত তিয়াই টোপোলা বান্ধি পকেটত ভৰাই ল’লো৷

তাৰপিছত কোঠাৰ চাৰিওফালে শেষবাৰৰ বাবে দৃষ্টি নিক্ষেপ কৰি বাহিৰলৈ ওলাই আহিলো৷ নন্দদুলাল বাবুৰ দৃষ্টিয়ে আমাক অনুসৰণ কৰিলে, তেওঁৰ মুখত সেই শ্লেষপূৰ্ণ কুৎসিত হাঁহিটো বিৰিঙি উঠা দেখিলো৷

বাহিৰলৈ আহি আমি বাৰাণ্ডাত বহিলো৷ মই ক’লো, “এতিয়া আপোনালোকক কেইটামান প্ৰশ্ন কৰিব বিচাৰো, কোনো কথা গোপন নকৰাকৈ উত্তৰ দিব৷

অৰুণে ক’লে, “নিশ্চয়, সোধক৷ “

মই ক’লো, “আপোনালোকে তেখেতক সকলো সময়তে নজৰবন্দী কৰি ৰাখিছে? কোনে কোনে পহৰা দিয়ে? “

“মই, অভয় আৰু মায়ে৷ আমি পাল পাতি তেওঁৰ ওচৰত থাকো৷ চাকৰ-বাকৰ বা আন কাকোৱেই তেওঁৰ ওচৰলৈ যাবলৈ নিদিওঁ৷ “

“তেখেতক কেতিয়াবা সেই বস্তুটো খোৱা দেখিছে নে? “

“নাই৷ মুখত দিয়া দেখা নাই৷ কিন্তু খায় যে সেইটো গম পাওঁ৷ “

“বস্তুটো দেখিবলৈ কেনেকুৱা কোনোবাই দেখিছে নেকি? “

“যেতিয়া মুকলিকৈ খাইছিল তেতিয়া দেখিছিলো৷ পানীৰ দৰে বস্তু৷ হোমিওপেথিকৰ বটলত আছিল, তাৰে কেইটোপালমান চৰবৎ বা অন্য কিহবাৰ লগত মিহলাই খাইছিল৷ “

“তেনেকুৱা বটল কোঠাৰ ক’তো নাই বুলি সঠিককৈ জানে নে? “

“ভালকৈ জানো৷ আমি তন্ন তন্নকৈ বিচাৰিছো৷ “

“তেনেহ’লে নিশ্চয় বাহিৰৰ পৰাই আহে৷ কোনে আনে? “

অৰুণে মূৰ জোকাৰি ক’লে, “নাজানো৷ “

“আপোনালোক তিনিজনৰ বাহিৰে আৰু কোনো তেওঁৰ কোঠাত নোসোমাই, নহয় নে? ভালকৈ ভাবি চাওঁক৷ “

“নাই, কোনো নোসোমায়৷ একমাত্ৰ ডাক্তৰবাবুক এৰি৷ “

মোৰ জেৰা শেষ হৈ গ’ল৷ আৰু কি সুধিম মই? গালত হাত দি ভাবি থাকোঁতে ব্যোমকেশৰ উপদেশলৈ মনত পৰিল৷ আকৌ জেৰা আৰম্ভ কৰিলো, “তেওঁলৈ কোনো চিঠি-পত্ৰ আহে নেকি? “

“নাহে৷ “

“কোনো পাৰ্চেল বা অন্যধৰণৰ কিবা? “

এইবাৰ অৰুণে ক’লে, “হয়৷ সপ্তাহত এখনকৈ ৰেজিষ্ট্ৰী চিঠি আহে৷ “

মই উৎসাহত জঁপিয়াই উঠিলোঁ, “ক’ৰ পৰা আহে? কোনে পঠাই? “

লাজত তলমূৰ কৰি অৰুণে লাহে লাহে ক’লে, “কলিকতাৰ পৰাই আহে৷ ৰেবেকা লাইট নামৰ এগৰাকী মহিলাই পঠায়৷ “

মই ক’লো, “হুঁ, বুজিছোঁ৷ চিঠিত কি থাকে আপোনালোকে দেখিছে নেকি? “

“দেখিছোঁ৷ “ কৈয়ে অৰুণে মোহনৰ ফালে চালে৷ মই আগ্ৰহেৰে সুধিলো, “কি থাকে? “

“উকা কাগজ৷ “

“উকা কাগজ! “

“হয়, কেৱল কেইখনমান উকা কাগজ খামৰ ভিতৰত ভৰোৱা থাকে৷ আৰু একো নাথাকে৷ “

মই বুৰ্বকৰ দৰে প্ৰতিধ্বনি কৰিলো, “আৰু একো নাথাকে? “

“নাথাকে৷ “

কিছুসময় নিশ্চুপ হৈ চাই থাকি শেষত ক’লো, “ভালকৈ জানেনে খামৰ ভিতৰত আৰু একো নাথাকে? “

অৰুণে অলপ হাঁহি ক’লে, “ভালকৈ জানো৷ দেউতাই নিজে পিয়নৰ সন্মুখত ৰচিদত হস্তাক্ষৰ কৰিলেও প্ৰথমতে কিন্তু ময়েই চিঠি খুলি চাওঁ৷ তাত উকা কাগজৰ বাহিৰে আৰু একোৱেই নাথাকে৷ “

“প্ৰতিবাৰেই আপুনিয়েই চিঠি খোলে নেকি? ক’ত খোলে? “

“দেউতাৰ কোঠাত৷ যিহেতু তালৈকে পিয়নে চিঠিখন দিবলৈ লৈ যায়৷ “

“কিন্তু এয়াতো অতি আচৰিত কথা! উকা কাগজ ৰেজিষ্ট্ৰী কৰি পঠোৱাৰ কাৰণ কি? “

মূৰ জোকাৰি অৰুণে ক’লে, “নাজানো৷ “ আৰু অলপ সময় মুৰ্খৰ দৰে বহি থাকি এটা হুমুনিয়াহ পেলাই বহাৰ পৰা উঠিলোঁ৷ ৰেজিষ্ট্ৰী চিঠিৰ কথা শুনি মনতে আশা হৈছিল যে ফন্দিটো বুজি পালো আৰু ধৰা পেলালো৷ কিন্তু নাই, সেইফালৰ দুৱাৰত একেবাৰে তলা লগোৱা৷ বুজিলো, বাহিৰৰ পৰা ঘটনাটো সামান্য যেন লাগিলেও মোৰ বুদ্ধিৰে নুকুলাব৷ তুলা দেখিবলৈ কোমল, ধুনোতেহে মজা ওলায়৷ সেই বিষজৰ্জৰ দেহৰ অকালপংগু বুঢ়া লম্পটটোক বশ কৰা মোৰ পক্ষে সম্ভৱ নহয়৷ ইয়াৰ বাবে ব্যোমকেশৰ সেই ধাৰাল তীক্ষ্ণবুদ্ধিৰ মগজুটোৰ প্ৰয়োজন৷

ম্লান মুখেৰে ব্যোমকেশক সকলো কথা জনাম বুলি কৈ ওলাই আহোঁতেই এটা কথা মনত পৰিল৷ সুধিলো, “ নন্দদুলাল বাবুৱে কাৰোবালৈ চিঠি-পত্ৰ লিখে নেকি? “

অৰুণে ক’লে, “ নাই, কিন্তু মাহে মাহে মনিঅৰ্ডাৰ কৰি টকা পঠায়৷ “

“কালৈ পঠায়? “

লাজত মৰহা মুখেৰে অৰুণে ক’লে, “সেই ইহুদী মহিলাগৰাকীলৈ৷ “

মোহনে ব্যাখ্যা কৰিলে, “সেই মহিলাগৰাকী আগতে নন্দদুলাল বাবুৰ…“

“বুজিছোঁ৷ কিমান টকা পঠায়? “

“এশ টকা৷ কিন্তু কিয় পঠায় সেইটো নাজানো৷ “

মনে মনে ভাবিলো, পেনশ্বন৷ কিন্তু মুখেৰে সেই কথা নকৈ অকলেই বাহিৰলৈ ওলাই আহিলো৷ মোহন তাতে থাকিল৷

ঘৰ পাওঁতে ৰাতি আঠটা বাজিল৷
ব্যোমকেশ লাইব্ৰেৰীৰ কোঠাত আছিল, দুৱাৰত টোকৰ মাৰোতেই দুৱাৰ খুলি ক’লে, “কি খবৰ? সমস্যাৰ সমাধান হ’ল নে? “

“নাই৷ “ মই কোঠাত সোমায়েই এখন চকীত গাটো এৰি দিলো৷ অলপ আগতে ব্যোমকেশে এখন মোটা লেন্স লৈ এখিলা কাগজ পৰীক্ষা কৰি আছিল, এতিয়া আকৌ যন্ত্ৰটো তুলি ল’লে৷ তাৰপিছত মোৰ ফালে চাই এক তীক্ষ্ণ দৃষ্টিৰে বিন্ধি ক’লে, “কথা কি? কেতিয়াৰ পৰা ইমান ছৌখিন হ’লা? আতৰ ঘঁহিছা যে? “

“ঘঁহা নাই৷ লৈ আহিছোঁ৷ “ তেওঁক সমস্ত আদ্যোপান্ত বিৱৰণ কৰি শুনালো৷ তেওঁ হয়তো মনোযোগেৰেই শুনিলে৷ শেষত মই ক’লো, “মোৰ দ্বাৰাতো নহ’ল ভাই! এতিয়া, তুমি যদি কিবা কৰিব পাৰা চোৱা৷ অৱশ্যে মই ভাৱো, এই আতৰটো এনালাইজ কৰিলে কিবা তথ্য পোৱা যাবও পাৰে৷ “

“কি পোৱা যাব? মকৰাৰ ৰস? “

ব্যোমকেশে মোৰ হাতৰ পৰা কপাহৰ টুকুৰাটো লৈ তাৰ ঘ্ৰাণ শুঙি ক’লে, “আঃ! সাংঘাতিক গোন্ধ৷ খাঁটি অগৰুৰ আতৰ৷ “ কপাহৰ টুকুৰাটো হাতৰ চালৰ ওপৰত ঘঁহি ঘঁহি ক’লে, “অঁ, কি কৈছিলা? কি পোৱা যাব পাৰে? “ মই অলপ ইতস্ততঃ বোধ কৰি ক’লো, “হয়তো নন্দদুলাল বাবুৱে আতৰ ঘঁহাৰ চলেৰে…“

ব্যোমকেশে হাঁহি হাঁহি ক’লে, “যিটো গোন্ধ এমাইল আঁতৰৰ পৰাই পোৱা যায, সেই বস্তু কোনোবাই লুকুৱাই ব্যৱহাৰ কৰিব পাৰেনে? নন্দদুলাল বাবুৱে যে আতৰ ঘঁহে তাৰ কোনো প্ৰমাণ পাইছা নেকি? “

“নাই৷ প্ৰমাণ পোৱা নাই ঠিকেই, কিন্তু…“

“নাই, নাই, সেইফালে নহয় অন্যফালে সন্ধান কৰা৷ কেনেকৈ বস্তুটো ঘৰৰ ভিতৰলৈ আহে, কেনেকৈ নন্দদুলাল বাবুৱে সকলোৰে চকুৰ সন্মুখতে সেইটো মুখত দিয়ে, এই সকলোবোৰ কথা ভাৱি চোৱা৷ ৰেজিষ্ট্ৰী কৰি উকা কাগজ কি

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক