মকৰা, যখিনী আৰু ৰাজকুমাৰীৰ সাধু – নিৰ্মালি সন্দিকৈ

জালখন তাই কেতিয়া গুঠিবলৈ আৰম্ভ কৰিছিল, সেয়া কাৰো মনত নাই। আনহে নেলাগে তাইৰ নিজৰেই মনত নপৰে দেখোন! মকৰা এজনীয়ে জাল এখন গুঠিবলৈ লোৱাৰ নিচিনা তুচ্ছ, অদৰ্কাৰী কথা এটা মানুহৰ মনত থাকিবই বা কিয়?
জালখন প্ৰায় অদৃশ্য। তথাপিও কেতিয়াবা প্ৰয়োজনত ঘৰৰ গৃহস্থই জালখন সাৰি পেলায়। মকৰাজনীয়ে একধৰণৰ নিৰ্লিপ্তিৰে গৃহস্থৰ সেই উচ্ছেদ অভিযান চাই ৰয় আৰু পিছমুহূৰ্ততে আকৌ জালখন গুঠাৰ কাম আৰম্ভ কৰে।

গৃহস্থজন মাজে মাজে বিৰক্ত হয়।
এই মকৰাজনীও অলপ জেদীনে? সাৰি পেলোৱা জালখনৰ বাবে দুখ কৰি দুদিনমান এনেয়ে থাকচোন! চকুপানী টুকি টুকি দুখৰ কথা ইনাই-বিনাই ক, মূৰ্চা যা, বিহপান কৰ!
নকৰে, তাই সেইবোৰ একোকে নকৰে।
জালখন গুঠিবলৈকে যেন তাইৰ জন্ম।
উস্, তাই যে নমৰেও!
জন্ম হোৱা সকলো প্ৰাণীৰেই এদিন মৃত্যু হয়।
কিন্তু মকৰাজনী অকল জীয়াই থাকিবলৈকে জন্ম হ’ল।
নিজৰ জালখনতে বন্দী হৈ তাই স্থিতপ্ৰজ্ঞৰ দৰে আচৰণ কৰিবলৈ শিকি পেলালে। সুখতো, দুখতো, দিনতো, ৰাতিও আনকি প্ৰবল ধুমুহাৰ প্ৰহৰবোৰতো নাই নিজৰ জালখনতে বন্দী হৈ থাকিব জনা হ’ল।
কেতিয়াবা মকৰাজনীয়ে মনতে হাঁহে।
মানুহে যে কয়, মকৰাজনী জালত বন্দী হ’ল!
আচলতে জালখনহে মকৰাই বন্দী কৰি পেলালে বুলি কিয় নেভাবে সিহঁতে?

অকল দেখাখিনিকে সঁচা বুলি কিয় ভাবে সিহঁতে?
অথচ, অদেখা কিমানবোৰ কথাই যে সঁচা হব পাৰে, তাৰ ভূ সিহঁতে পায়নে?

নেপায়।
সেই ভূ পায় কেৱল যখিনীয়ে।
জালখন বন্দী কৰি পেলোৱা মকৰাক যখিনীয়ে বুজে, জানে, চিনি পায়।
গৃহস্থই জালখন সাৰি পেলাবলৈ আহিলে তাই চিৎকাৰ কৰি উঠে।
“থাককচোন, তেনেকৈয়ে থাকক। কাৰ কি আহে যায়? কাকোতো হানি কৰা নাই? নিজৰ ভাগে, নিজৰ মতে আছে! পাপ লাগিব তহঁতৰ চাবি”

গৃহস্থই হোঁহোৱাই হাঁহে।
যখিনীৰ কুটুলা-কুটুল চুলিত খামোচ মাৰি গৃহস্থই কয়, ”মই যখিনীৰ কথা শুনা মানুহ নহওঁ।”

যখিনী মজিয়াত বহি পৰে।
তাইৰ ৰঙা চকুহালেৰে জুই আঙনি চিটিকি পৰে।
তাইৰ মলিয়ন কাপোৰসাজেৰে পিয়াজ, নহৰু আৰু কেঁচাতেজৰ কেচেমা কেচেম গোন্ধ বৈ আহে।

ৰাজকুমাৰী বহুদিনৰ মূৰে মূৰেহে ঘৰলৈ আহে।
আহিয়েই তাই মকৰাৰ ওচৰলৈ যায়।
কয়, “কিমাননো জালতে বন্দী হৈ ৰোৱা? বাহিৰৰ পৃথিৱীত ইমান আনন্দ, ইমান উত্তেজনা! ব’লা চাওঁগৈ।”

মকৰাই সঁচাসঁচিকৈ হাঁহে। কয়, “মই নেযাওঁ দে। তোক মোৰ সমস্ত আয়ুস দিছো। তই পৃথিৱীখন চা মোৰ গোঁসানীমানুজনী! ইয়ালৈ ঘূৰি নাহিবি”

ৰাজকুমাৰীয়ে মকৰাক তাতে এৰি যখিনীৰ কাষ পায়গৈ।
দেখে, যখিনীয়ে পাৰ এহাল কাটি বাচি চৰিয়া এটাত থৈ শিলৰ পটাত আদা নহৰু খুন্দিছে। সেয়ে তাইৰ গাত অনবৰতে কেচেমা কেচেম গোন্ধ।

ৰাজকুমাৰীয়ে যখিনীক পাছফালৰ পৰা সাবটি কয়, ”ব’লা, ওলাই যাওঁ। পাৰ্লাৰ যাম, নতুন শাড়ী কিনিম, তোমাক চিনেমা দেখুৱাম, পাৰ্ক চাই আহিম”

যখিনীয়ে ৰঙাপৰা চকুহাল মচে।
“নাই নালাগে মোৰ সোণজনী, তুমিয়ে যোৱা। ৰাতিলৈ দেউতাৰাৰ লগৰ দুজনমান আহিব। মই ওলাই গ’লে এইবোৰ কোনে কৰিব?”

ৰাজকুমাৰীয়ে ওফোন্দ পাতে, ৰোহঘৰত সোমায়।
তথাপি মকৰাই জাল এৰি, যখিনীয়ে মঙহ কটাৰ কাম এৰি বাহিৰৰ চোতালত ফুলা খঁৰিকাজাইৰ গোন্ধ লবলৈ নোলায়।

ৰাজকুমাৰীয়ে চিঞৰি উঠে, ”নাহোঁ নাহোঁ মই এই ঘৰলৈ। মকৰা আৰু যখিনী থকা ঘৰলৈ মই কেত্তিয়াও নাহোঁ।”

আৰু তাই সঁচাই দুদিন আগতীয়াকৈ হোষ্টেললৈ উভতে।
মকৰা থকা কোঠাটোৰ খিৰিকীৰে যখিনীয়ে ৰাজকুমাৰীক চায়।
মনে মনে কয়, ”নাহিবা সোণজনী। তুমি আৰু কেত্তিয়াও নাহিবা। মকৰা আৰু যখিনী হবলৈ তুমি উভতি নাহিবা।”

যখিনীয়ে মকৰাৰ ওচৰ পায়গৈ।
মকৰাই সোধে, “তাই গ’ল?”
যখিনীয়ে পদূলিৰ পিনে চাই কয়, ”আমিতো যখিনী আৰু মকৰা নহয়নে আই? তাই ৰাজকুমাৰী হওক। নিজৰ পৃথিৱীত নিজে ৰাজ কৰক। সেইখন পৃথিৱী হেনো বৰ মুকলি, বৰ বিশাল। বাহিৰৰ পৃথিৱীখনত হেনো বৰ পোহৰো আই!”

মকৰাই যখিনীলৈ চালে।
যখিনীৰ চকুহাল আজি নিয়ৰত তিতা তগৰ ফুল পাহৰ দৰে।
মকৰাই ফুচফুচাই ক’লে, ”চিন্তা নকৰিবি। তাই নাহে। তাই জানো আমাকে দেখি ডাঙৰ হোৱা নাই?”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক