মছালা ছিকেন (মূল:www.yourstoryclub.com, অনুবাদ:অঞ্জল বৰা)

(বদৰুদ্দিনে এটা শিল দাঙি ল’লে আৰু চৰ্বিৰে ভৰি থকা ডাঙৰ পোহনীয়া কুকুৰাটোৰ ফাললৈ জোৰেৰে মাৰি পঠিয়ালে৷ ইয়াৰ পিছত কুকুৰাটো তাৰ পুৰণি ফটা-চিটা কম্বলখনেৰে ঢাকি ল’লে৷ এতিয়া সি তাৰ পৰিয়ালটোৰ বাবে এসাঁজ সুস্বাদু দুপৰীয়াৰ আহাৰৰ সপোন দেখিবলৈ ধৰিলে যি দুটা দিন অনাহাৰে পাৰ কৰিছে)

ৰাতিপুৱা শুই উঠিয়েই মই কিছুমান চিনাকি আৰু অচিনাকি বিভিন্ন চিঞৰ শুনিবলৈ পালোঁ৷ মোৰ ৰুমৰ কাষৰ ৰুমটোত থকা পেহীয়ে চিঞৰি চিঞৰি কান্দি কান্দি কৈ থকা শুনিলোঁ যে যোৱা ৰাতি কোনোবাই তাইৰ পোহনীয়া ৰ’জি নামৰ কুকুৰাটো চুৰ কৰি লৈ গ’ল৷ মানুহ কুকুৰা থকা ঠাইৰ চাৰিওফালে গোট খালে আৰু চোৰৰ শুংসূত্ৰ বিচাৰিবলৈ ধৰিলে৷ আমাৰ ঘৰৰ পৰিচাৰিকা দেউতাৰ ওচৰলৈ গৈ ফুচফুচাই কিবা ক’বলৈ ধৰিলে৷ তত্ক্ষণাত দেউতাৰ মুখ খঙত ৰঙা হৈ পৰিল আৰু চিঞৰিবলৈ ধৰিলে “বদৰুদ্দিন…. আৰু কোন??”

ইয়াৰ পিছতে আমাৰ দেউতাৰ তত্ত্বাৱধানত গোটেই পাৰ্টিটো বদৰুদ্দিনৰ ঘৰত উপস্থিত হ’ল৷ মইও সেই দলত যোগদান কৰি কি হৈছেনো চাবলৈ গ’লোঁ৷ দেউতা এটা লেতেৰা জুপুৰিৰ সন্মুখত উপস্থিত হ’ল৷ মই দেখিলোঁ যে এজোপা নিম গছৰ তলত জুপুৰিটোৰ ভিতৰত আন্ধাৰত এটা জীৱন্ত কংকাল এখন বিচনাত শুই আছে৷ তেওঁৰ কাষতে, ৩ বছৰৰ পৰা ৬ বছৰৰ ভিতৰৰ তিনিটা ল’ৰা-ছোৱালী এজনী মহিলাৰ বুকুৰ মাজত সোমাই কান্দি আছে আৰু তাই কান্দোন বন্ধ কৰিবলৈ চেষ্টা কৰি আছে৷ তাইৰোঁ চকুত চকুপানী নিগৰি আছে৷ “চুৰ কৰিবলৈ তই কেনেকৈ সাহস কৰিলি? তই নাজাননে চুৰ কৰাটো এটা ডাঙৰ অপৰাধ? ঐ চোৰ থিয় হ! তই ইয়াৰ বাবে আজি শাস্তি লাভ কৰিবি৷ ইয়ালৈ আহ, থিয় হ” মোৰ দেউতাই তাক আদেশ দিলে৷ দলটোৱেও দেউতাক সমৰ্থন কৰিলে কিন্তু মানুহজনে বিচনাৰ পৰা কোনো ধৰণৰ লৰচৰ নকৰিলে৷ তেওঁ তেতিয়াও গছজোপাৰ তলতে পৰি থাকিল৷ মোৰ পেহীয়েও কুকুৰাটোৰ নাম ধৰি পুনৰ চিঞৰিবলৈ ধৰিলে৷ ৰ’জিজিজিইইইই!!

চিঞৰটোৰ লগে লগে যেন আমাক আচৰিত কৰি কুকুৰাটোৱে তাৰ সঁহাৰি দিলে৷ পোহনীয়া কুকুৰাটোক মানুহজনৰ পৰা ছয় ফুটমানৰ আঁতৰত পাখি গুচাই নিম গছজোপাৰ এটা ডালত ওলোমাই থোৱা দেখা গ’ল৷ ইয়াকে দেখি দেউতাই তেওঁৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু বিচনাখনৰ পৰা তেওঁক টানি আনি খঙেৰে ক’লে “বদৰুদ্দিন! ৰ’জিক চুৰি কৰিবলৈ তই ক’ত সাহস পালি?” আৰু তেওঁক জোৰেৰে এটা থাপৰ মাৰিলে৷ মানুহজন কোনোমতে মাটিত নপৰাকৈ থাকিল আৰু অতি কৰুণ দৃষ্টিৰে ওলোমাই থোৱা কুকুৰাটোৰ ফালে চাবলৈ ধৰিলে৷

কোনোবাই এডাল ৰচী আনিলে আৰু মানুহজনক নিম গছজোপাত বান্ধি দিলে৷ এতিয়া দলটোৱে নিজকে নিয়ন্ত্ৰণ কৰি মাথো চিঞৰিবলৈ ধৰিলে “ইয়াক মাৰক… ইয়াক মাৰক… ইয়াৰ হাত দুখন কাটি পেলাওক… হাত দুখন কাটি পেলাওক!!” মই এই অৱস্থাটো দেখি অতি ভয় খালোঁ আৰু চকু দুটা মুদি দিলোঁ৷ শব্দবোৰ কাণত নপৰিবলৈও হাত দুখনেৰে কাণ দুখন বন্ধ কৰি দিলোঁ৷

“ৰ’বা” এটা গোঁজৰণি মোৰ হাত ভেদ কৰি কাণত পৰিল আৰু মই চকু দুটা মেলি দেখিলোঁ ককাদেউতা খৰ খোজেৰে নিম গছজোপাৰ কাষলৈ আহি আছে৷ মোৰ ককাদেউতা গাঁৱৰ সকলোৱে সমীহ কৰা এজন শক্তিশালী আৰু সন্মানীয় ব্যক্তি৷ তেওঁ বান্ধি ৰখা বদৰুদ্দিনৰ কাষলৈ আহিলে আৰু কি হ’ল সুধিলে৷ “কি কথা? কি হৈছে ইয়াত?” বদৰুদ্দিনৰ পৰিয়ালৰ সকলোৱে ফেকুৰি ফেকুৰি কান্দি থকাৰ বাহিৰে চাৰিওফালে সকলো নিৰৱ হৈ পৰিল৷ ককাদেউতাই পুনৰ একেটা প্ৰশ্নকে কৰিলে৷ দেউতাই ককাক সকলো কথা ভাঙিপাতি ক’লে আৰু ককাদেউতাই সকলো শুনি বদৰুদ্দিন, তেওঁৰ পৰিয়াল আৰু ওলমি থকা কুকুৰাটোৰ ফাললৈ চালে৷ তেওঁ অতি মৰমেৰে কিন্তু দৃঢ়তাৰে সুধিলে “বদৰু !! তুমি কিয় এতিয়াও কুকুৰাটো খোৱা নাই?”

প্ৰথমবাৰৰ বাবে মই আৱেগত বদৰুদ্দিনৰ মুখখন উজ্বলি উঠা দেখিলোঁ৷ বদৰুদ্দিনে তেওঁৰ চকু দুটা মুদি দিলে৷ চকুপানী দুগালেৰে বাগৰি আহি তেওঁৰ কংকালসাৰ দেহটো তিয়াই দিলে৷ তেওঁ অতি দুৰ্বল মাতেৰে বিনয়েৰে ক’লে “বাবুজি!! ঘৰ মে না তেল হে, না নমক হে অৰ না মছালা, চিকেন কেইছে বনায়ে? (চাৰ, ঘৰত তেল, নিমখ আৰু মছলা একোৱেই নাই, কুকুৰাটো কেনেকৈ ৰান্ধোঁ?)”

লগে লগে অলপ সময়লৈ চাৰিওফালে নিৰৱতা বিৰাজ কৰিলে আৰু সকলোৱে ককাদেউতাৰ মুখলৈ চাবলৈ ধৰিলে৷ “তেওঁক ৰান্ধিবৰ বাবে তেল, নিমখ, মছলা আৰু যি য’ত লাগে দেহঁত”-ককাদেউতাই মোৰ দেউতাক এই আদেশ দি নিৰৱতা ভংগ কৰিলে আৰু বদৰুদ্দিনৰ হাত দুখন বান্ধোনৰ পৰা মোকলাই দিলে৷

অঞ্জল বৰা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক