মণ্ট্ৰিয়ালৰ পাত লুটিয়াই – পলাক্ষী গোস্ৱামী

ACটো চলাই ছোফাখনত বহি পৰিলো৷ গৰম বহুত আছিল, সম্ভৱত: দিল্লীৰ আটাইতকৈ গৰমৰ দিনকেইটাৰে এটা আছিল৷ অফিচৰপৰা বেংকত জৰুৰী কাম এটা থকা কাৰণে হাফ্ দে লৈ আহিছিলো, কিন্তু দিনটোৰ বাকী থকা সময়খিনি যে শান্তিৰে থাকিব পাৰিম, তাৰ আশা কম আছিল,সহকৰ্মীজনৰপৰা তিনিটা মিচদ্ কল ইতিমধ্যে জমা হৈছিল৷ পিছত দেখা যাব বুলি ফোনটো আঁতৰলৈ দলিয়াই অলস ভাৱে ছোফাখনতে গাটো এৰি দিওঁতেই কলিং বেলটো বাজি উঠিছিল৷ বিৰক্তিৰে দুৱাৰখন খুলি দেখিলোঁ হাতত এটা এনভেলপ লৈ কুৰিয়াৰ ডেলিভাৰী দিবলৈ অহা ল’ৰা এজন৷ এনভেলপটোত চকু ফুৰাই এসোপামান অশান্তি থুপ খাই থকা মুখখন যেন নিমিষতে পোহৰ হৈ গ’ল, ‘থেংক ইউ, ৰুকো আপকে লিয়ে পানী লাটি হুঁ’ বুলি উপযাচি কৈ ল’ৰাটোক পানীৰ সলনি জ্যুচ্ এগিলাচকে খুৱাই পঠিয়ালোঁ৷

VFS Global ৰ এনভেলপ আছিল সেইটো, ভিতৰত কানাডা যোৱাৰ অনুমতি দিয়া ষ্টাম্পৰ ভিছা থকা পাছপৰ্টখন, হাতত লৈ এনেকুৱা লাগিল ঘপকে নতুন জীৱন এটাইহে যেন ভূমুকি মাৰি গ’ল৷ AC টোৱে কামেই কৰিছিল নে ভিছাখন আহি পোৱাৰ ফুৰ্তিতে নাজানো, এতিয়া ছোফাখনত বহি বৰ আৰাম লাগিল, গাটোও শাঁত পৰি গ’ল৷ কিন্তু মনৰ ভিতৰত যেন হঠাতে এজাক আৱেগৰ ৰ’লাৰ ক’স্তাৰ এখনহে চলিব ধৰিছিল৷ তিনিমাহৰ মূৰত ঘৰৰ মানুহজনক ল’গ পোৱাৰ হেঁপাহত মনটো চঞ্চল হৈ উঠিছিল, কিন্তু পিছ মুহূৰ্ততে মা-দেউতাহতঁক এৰি ইমান দূৰত গৈ থকাৰ কথা ভাবি চকুকেইটাও সেমেকি উঠিল৷

পিছৰ দিনকেইটা কেনেকৈ পাৰ হৈছিল গমকে নাপালো৷ চাকৰিটোত সোনকালে জইন কৰিবলগীয়া হোৱা বাবে প্ৰায় ২০ দিনৰ ভিতৰতে হাজবেণ্ড কানাডালৈ যাবলগীয়া হৈছিল, মই ৰৈ গৈছিলোঁ৷ আধৰুৱাকৈ থকা কামবোৰ শেষ কৰাৰ উপৰিও নিজৰ প্ৰয়োজনীয় কামবোৰ এটা এটাকৈ কৰি গলোঁ৷ চাকৰিটোও ৰিজাইন দি দুমাহৰ জাননী সময় চাৰ্ভ কৰিলোঁ৷ অসমৰ ঘৰলৈও গ’লো; শেষত লগৰবোৰৰ শুভেচ্ছাবাণী, দেউতাৰ বুজনি আৰু মাৰ চকুপানীৰ মাজেদি বিয়াগোম চ্যুটকেচ দুটা ঠেলি ঠেলি দিল্লী আন্তৰ্জাৰ্তিক এয়াৰপ’ৰ্টৰ ভিতৰলৈ সোমাই গ’লোঁ৷ পাছৰ ২৪ ঘণ্টাৰ যাত্ৰাৰ ভাগৰ যেন মণ্ট্ৰিয়াল পোৱাৰ পাছতেই শেষ হৈ পৰিছিল। বহুদিনৰ পাছত আপোনজনক লগ পোৱাৰ আনন্দ, নতুন ঠাই এখনত নতুন জীৱন এটা গঢ়ি তোলাৰ উত্তেজনা, এই সকলোবোৰ একেলগে পাই মনটো ভৰি পৰিল৷ আৰম্ভণি ঘটিল জীৱনৰ এক নতুন অধ্যায়ৰ…নিম্নোক্ত কথাবোৰত মই কানাডাৰ কুইবেক প্ৰভিন্সৰ চহৰ মণ্ট্ৰিয়ালৰ চমু আভাস দিবলৈ যত্ন কৰিম।

কানাডাৰ আটাইতকৈ জনবহুল চহৰখনেই হৈছে মণ্ট্ৰিয়াল৷ মেপ’ল (Maple) গছেৰে ভৰা এই চহৰখন ভাষা, সংস্কৃতি, কুইজিন, আৰ্কিটেকচাৰকে আদি কৰি প্ৰায় সকলো ক্ষেত্ৰতে ইউৰোপিয়ান দেশসমূহৰ, বিশেষকৈ ফ্ৰান্সৰ লগত মিল থকা৷ পেৰিচৰ পিছত মণ্ট্ৰিয়ালেই পৃথিবীৰ ভিতৰতে সবাটোকৈ ডাঙৰ ফ্ৰেন্সত কথা পতাৰ চহৰ৷ ওলাওঁতে সোমাওঁতে আমাৰ মুখতো ‘Bonjour’ (গুড মৰ্ণিং), Merci (থেংক ইউ), Comment ça va (হাও আৰ ইউ) এই কেইটা থকাৰ অভ্যাস হৈছেগৈ, ইয়াতকৈ বৰ বেচি অবশ্যে এতিয়ালৈকে শিকা হোৱা নাই৷ ভাগ্যক্ৰমে আমি মূল চহৰতে থাকোঁ, সেইকাৰণে ইংৰাজী কোৱা মানুহো যথেষ্ট আছে, কিন্তু শুনা মতে মণ্ট্ৰিয়ালৰে কিছুমান ঠাইত ইংৰাজীৰ ব্যবহাৰ প্ৰায় নাই বুলিয়ে ক’ব পাৰি৷ যি কি নহওক, বহুদিনৰ পৰা বিদেশী ভাষা এটা শিকাৰ হেঁপাহ পুহি ৰাখিছিলো, ইয়াতে পূৰাই ল’ব পাৰিলে আশা পূৰণ হ’ব৷

প্ৰথমকেইদিনমানতেই আটোমটোকাৰী চহৰখনৰ প্ৰেমত পৰাত বাধ্য হলোঁ৷ ভাষাটোৰ উপৰিও পুৰণিদিনীয়া ঘৰ, কেথলিক কেথেড্ৰেল, কোবলষ্টোনড বাটপথ, সৰু সৰু কেফেবোৰে মণ্ট্ৰিয়ালকখনক কানাডাৰ বাকী চহৰবোৰতকৈ বেলেগ কৰি তুলিছে, চহৰখনক এটা সুকীয়া জিলিকণি দিছে৷ তাতে মই অহা সময়খিনি আকৌ শৰতৰ আৰম্ভণি, চাৰিওফালে যেন ৰঙৰ মেলা৷ ইমান দিনে চিনেমাৰ মাজত দেখি অহা কমলা ৰঙৰ মেপলৰ শাৰি শাৰি গছবোৰৰ মাজেৰে খোজকাঢ়ি থাকোঁতে এনেকুৱা লাগে যেন কোনোবা ৰোমাণ্টিক চিনেমা এখনৰ মাজতহে আছোঁ৷

দিল্লীত থাকোঁতে বন্ধৰ দিন মিলাই হিমাচল, উত্তৰাখণ্ডলৈ যোৱাটো প্ৰায় নিয়মেই হৈ পৰিছিল৷ মই হ’লো পাহাৰ ভাল পোৱা ছোৱালী, বৰফৰ ঠাই বিচাৰি দৌৰি ফুৰোঁ৷ তেতিয়াই এবাৰ হাজবেণ্ডে কৈছিল, ‘কেতিয়াবা এনেকুৱা এখন ঠাইলৈ লৈ যাম য’ত বৰফ দেখি তোমাৰ আমনি লাগি যাব৷ কিন্তু ধেমালিতে কোৱা এই কথাষাৰ যে এনেকৈ আখৰে আখৰে পূৰা হৈ যাব, সপোনতে ভবা নাছিলো৷

পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা দেশসমূহৰ এখন কানাডাৰ শীতকাল, এখন বগা কাৰ্পেটে যেন গোটেইখন ঢাকি পেলাইছে৷ বৰফৰ মাজে মাজে জ্বলি থকা সৰু সৰু লাইটবোৰে গোটেই চহৰখনকে পৰীৰ দেশৰ নিচিনা কৰি তোলে, ফটো তুলি যেন শেষেই নহ’ব৷ তাতে আকৌ খ্ৰীষ্টমাছ পাইছিলহি, চাৰিওফালে যেন উদযাপনৰ সময়৷ দোকান-পোহাৰ, ৰাস্তা-পদূলি চবতে সাজসজ্জা, ঠাইয়ে ঠাইয়ে ইটো সিটো অনুষ্ঠান৷ -৩০ ডিগ্ৰীৰ লৈকে বচাব পৰা জেকেট আৰু বুটজোতা পিন্ধি আমি দুইটা ঘূৰি ফুৰা সন্ধিয়াবোৰত বহুতে দিয়া সকীয়নিবোৰ মনত পৰে- উইণ্টাৰত লাইফটো বেলেগ হৈ যাব, বহুত কষ্টকৰ হয়, ইমান দীঘলীয়া সময় কেনেকৈ পাৰ হ’ব ইত্যাদি ইত্যাদি৷ কিন্তু ক’তা, একে লেঠাৰিয়ে মাহৰ পিচত মাহ বৰফৰ মাজত থাকিও যেন মনেই ভৰা নাই, যি ফালে চাম সেইফালেই যেন চাইয়ে ৰ’ম৷

এই নতুন চহৰ খনৰ অলিয়ে গলিয়ে ঘূৰি ফুৰোতে ঘনে ঘনে মনত পৰে নিজৰ ঠাইখনলৈ, বহু ক্ষেত্ৰত মনলৈ আহে, অসমতো এনেকুৱা হোৱা হ’লে, এনেধৰণৰ সুবিধা আৰু মনোভাব থকা হ’লে৷ পৰ্যটনথলী হিচাপে অসমৰ এক সুকীয়া বৈশিষ্ট্য আছে, বৈচিত্ৰ্যময় সমাহাৰ আছে৷ কাজিৰঙা, মানাহৰ দৰে অভয়াৰণ্যৰ পৰা আৰম্ভ কৰি বুৰঞ্জীপ্ৰসিদ্ধ তেজপুৰ, শিৱসাগৰ আছে, কামাখ্যাৰ দৰে বিখ্যাত শক্তিপীঠ আছে, ঐতিহ্যৰ চানেকী ৰংঘৰ, কাৰেংঘৰকে আদি কৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী আছে৷ প্ৰাকৃতিক সম্পদৰ অপূৰ্ব সমাহাৰেৰে ভৰপুৰ অসমৰ সৌন্দৰ্য্যৰ কথা নতুনকৈ দোহাৰাৰ নিশ্চয় প্ৰয়োজন নাই৷ কিন্তু যদি অসমত অভাৱ আছে তেন্তে এই সম্পদসমূহৰ সঠিক ৰক্ষনাবেক্ষনৰ, আৰু তাৰ লগতে এক সচেতন মনোভাৱৰ। সেই কথা মণ্ট্ৰিয়ালৰ ঠাইবোৰে আমাক অনুভৱ কৰাই তোলে।

ইয়াৰ উপৰিও সাহিত্য, সংস্কৃতিত আগবঢ়া মণ্ট্ৰিয়াল চহৰখনে সীমিত প্ৰাকৃতিক সম্পদৰেই পৰ্যটনৰ ক্ষেত্ৰখন টনকিয়াল কৰি তুলিব পাৰিছে৷ মণ্ট্ৰিয়ালৰ সকলো ঠাইতে প্ৰদূষণমুক্ত বাতাবৰণৰ লগতে ভয় শংকা নথকা নিৰাপদ এটা পৰিবেশ পোৱা যায়, অসমত ৰাতি ৮ বজাৰ পিছত অকলে ওলাবলৈ লগা ভয়টো ইয়াত নাই, মুকলিমুৰিয়াকে ঘূৰি ফুৰিব পাৰি৷ ইয়াৰোপৰি মই বিশেষ ভাৱে মন কৰা দিশটো হ’ল পৰিষ্কাৰ পৰিচ্ছন্নতা, যিটো ক্ষেত্ৰত কেৱল চৰকাৰেই নহয়, সমাজৰ সকলোৱেই সচেতন৷ পাৰ্ক, মিউজিয়ামকে আদি কৰি সকলো ৰাজহুৱা স্থানেই অত্যন্ত চাফা, পুৰণিদিনীয়া স্মৃতিস্তম্ভ, মূৰ্তি সমূহো খুব সুন্দৰভাৱে ৰখা, এনে লাগে যেন নতুনকৈহে বনোৱা৷ চিপ্চ, চিগাৰেট, চুপাৰীৰ পেকেটেৰে ভৰি থকা অসমৰ পৰ্যটনথলীবোৰৰ কথা মনলৈ আহিলে মনটো নিমিষতে কোঁচ খাই আহে৷

মণ্ট্ৰিয়াল আৰু ইয়াৰ ওচৰ চুবুৰিয়া ঠাইসমূহত এতিয়াৰ তুলনামুলক ভাৱে নতুন কিছুমান ধাৰণা যেনে গাইডেদ্ ৱাকিং ট্যুৰ, ফটোগ্ৰাফি ট্যুৰ, চিটি অন টু হুইলচ্ ট্যুৰ আদিৰ লগতে ৰাফটিং, ট্ৰেকিং, হাইকিং আদি খুবেই জনপ্ৰিয় আৰু বহুল ভাৱে প্ৰচাৰিত৷ অতি সুন্দৰভাৱে পৰিচালিত এনেধৰণৰ এক্টিভিটি সমূহে মনলৈ এটা প্ৰশ্নই আনে, অসমৰ লগতে সমগ্ৰ উত্তৰপূবতে এনেধৰণৰ এক্টিভিটি সমূহক প্ৰাধান্য দিব নোৱাৰিনে? পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ এনেধৰণৰ উদ্যোগ গঢ়ি তুলিব পাৰিলে অসমৰ পৰ্যটন ক্ষেত্ৰখন অধিক সমৃদ্ধ হৈ উঠিব বুলি মই খুবেই আশাবাদী৷ হয়তো আমাৰ মানুহৰো প্ৰাৰম্ভিক পৰ্য্যায়ত বহুখিনি কৰণীয় আছে, পৰ্য্যটনৰ ক্ষেত্ৰত কানাডাৰ ব্যৱস্থাপনাবিলাক দেখিলে মনতে ভাবোঁ ‘এনেধৰণৰ কাম দেখোন আমাৰ তাতো কৰিব পৰা যায়।’ আশা কৰোঁ অকল লাভালাভৰ কথা নাভাবি সেউজীয়া অসম খনকো আমি যাতে এদিন বিশ্বৰ ভিতৰতে অন্যতম পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰিম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক