মদাৰ ফুল – প্ৰণতি শইকীয়া

গোলপীয়া কাপোৰপিন্ধা মানুহজনী হাঁ‌হি হাঁ‌হি গিৰিয়েকৰ পাছত বাইকত বহি গৈ আছে।খুব সুন্দৰকৈ বহিছে তাই এখন হাতেৰে গিৰিয়েকৰ বাউসীত ধৰি কোনো ধৰনৰ স্বাভিমান নোহোৱাকৈ আলসুৱা ভাৱ এটাৰে।আগফালে পুতলা পুতলা যেন লগা সৰু ছোৱালী এজনীও বহি গৈছে।খুব সম্ভৱ ছোৱালীজনীৰ দুডলীয়া বেণীডালত ৰঙা ফিটা মাৰিছে। মানুহজনীৰ গোল খোপাটোৰ পৰা কেইডালমান চুলি অবাধ্য হৈ বতাহত উৰিছে।গিৰিয়েকৰ কাণৰ ওচৰলৈ মুখখন নি তাই কিবা কৈছে হাঁ‌হি হাঁ‌হি ।মাজে মাজে অবাধ্য চুলিকেইডালক শাসন কৰিবলৈ লওঁতে পাছে পাছে গৈ থকা মোৰ কাৰখনৰ ফালে চাইছে লাজ লাজকৈ।ড্ৰাইভি ছিটত বহি থকা মোক যে দেখা নাই সেইটো খাটাং।মহিলা সমিতিৰ মিটিং এখনৰ পৰা আহি আছো।লৰালৰিকৈ ঘৰ যোৱাৰ ও কোনো কাৰণ নাই।ইচ্চা কৰা হ’লে মই  কেতিয়াবাই সিহঁ‌তক পাৰ হৈ যাব পাৰিলো হয়।কিন্তু কি জানো মোহত মই  মানুহজনীক চাই আহি আছো। মানুহজনীয়ে মাজে মাজে গিৰিয়েকৰ বাউসীত টুকুৰীয়াই বাওঁ‌হাতেৰে কাষৰ পাৰ হৈ অহা ঘৰ এটা অথবা ৰাস্তা এটা দেখুৱাই যাওতে হাতৰ খাৰুযোতা নাছি উঠিছে সমানে। কথাৰ মাজতে হাঁ‌হি কোনোবা এপাকত মূৰটো গিৰিয়েকৰ গলধনত লগাই কিবা শুনাৰ চেষ্টা কৰিছে।হাঁ‌হিবোৰে,লয়লাসবোৰে আৰু কপালৰ উজ্জল সেন্দুৰৰ বোলটোৱে কেৱলকাপোৰযোৰেই নে গোটেই মানুহজনীকে গোলপীয়া কৰি তুলিছে।এই মুহুৰ্ত্বত তিনিওটি প্ৰাণীকে মোৰ গোলপীয়া ফুল এপাহৰ দৰে লাগিছে একেলগে।মই স্বাধীন হৈ থাকো।নাৰীবাদী মানুহ মই।খোপা,সেন্দুৰ খাৰু এইবোৰ মই ভাল নাপাও কিন্তু হঠাতে মোৰ অনুভৱ হ’ল সেই ফুলপাহৰ তুলনাত মোৰ দামী ৰঙা কাৰখন, ববকাট দিয়া ৰেচমী চুলিখিনি,ওঠৰ ৰঙালিপষ্টিকখিনি,হাতৰ দামী ঘড়ীটো সকলো যেন ম্লান হৈ পৰিছে।ম্লান হৈ পৰিছে ব’ডিং স্কুলত পঢ়ি থকা মোৰ ল’ৰা প্ৰান্তিকৰ ওপৰত থকা মোৰ মমতাখিনি,ম্লান হৈ পৰিছে মোৰ ব্যস্ত হাজবেণ্ড ৰণজিত চলিহাৰ সৈতে কিছুদিনৰ আগতে ডেৰাডুনত থাকি অহাৰ স্মৃতিবোৰ।গোলপীয়া ফুলপাহ মোৰ সন্মুখত আৰু উজ্জল হৈ পৰিছে।ফুলপাহে মোক যেন তাচ্চিল্য কৰি কৈছে তুমি মদাৰ ফুল।মোৰ সুবাস আছে।এইয়া চোৱা মোৰ সুবাস।তোমাৰ সুবাস ক’ত?? আস্ আৰু নোৱাৰি মই গাড়ীৰ স্পীডটো বঢ়াই সিহঁ‌তক অতিক্ৰম কৰিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক