মধুপুৰ ধামত আমি – পিংকী বৰুৱা

আলিপুৰদুৱাৰত থাকোতে কেইবাবাৰো কোচবিহাৰত থকা মধুপুৰ ধামলৈ যাবলৈ পাইছিলোঁ। তাত আমি থাকোতে মধুপুৰ ধাম নিজে চাবলৈ যোৱাৰ উপৰিও অসমৰ পৰা আমাৰ ঘৰলৈ আলহী গ’লে তালৈ নিয়াটো আমাৰ দায়িত্বৰ নিচিনাই হৈ পৰিছিল। আলিপুৰদুৱাৰৰ এওঁৰ চাকৰিৰ বিভাগটোৰ সহকৰ্মীসকলে পিছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিষয়ে তেওঁলোকে একোৱেই নাজানে; মাত্ৰ তাত অসমৰ কিবা এটা আছে বুলিহে জানে। সেই অফিচটোলৈ অসমৰ মানুহ কাম কৰিবলৈ আহিলে হেনো তালৈ এপাক যায়েই, সেই কথাটোহে তেওঁলোকে জানে। তাতনো কি আছে তেওঁলোকেও হেনো ভালকৈ গম নাপায় আৰু জানিবলৈও আগ্ৰহ কৰা নাই।

গুৰুজনাৰ সমাধিস্থললৈ এওঁৰ লগত মই প্ৰথমবাৰ যাওঁতে বৰ উৎসাহেৰে গৈছিলোঁ। আমি আলিপুৰদুৱাৰৰ পৰা নিজৰ গাড়ীৰে গৈছিলোঁ। এওঁ ড্ৰাইভ কৰিছিল। কোচবিহাৰ টাউন নাপাওঁতে এটা চাৰিআলি পায়। বাওঁফালে গ’লে বাক্সা হৈ অসমলৈ আহিব পাৰি আৰু সোঁফালে শিলিগুৰিলৈ যাব পাৰি। সন্মুখলৈ গ’লে কোচবিহাৰৰ ৰাজবাৰী ৰাজপ্ৰসাদ পাব পাৰি। আমি সোঁহাতে শিলিগুৰিলৈ যোৱা ৰাস্তাৰে আমাৰ গন্তব্যস্থানলৈ আগবাঢ়িছিলোঁ। বহুত ডাঙৰ গাঁত থকা ওখৰা-মুখুৰা ৰাস্তাটোৰে জপিয়াই আমাৰ গাড়ীখন গৈ আছিল। ৰাস্তাটো বহুত বেয়া আছিল। ৰাস্তাটোত দুই এখন পুৰণি বাছ আৰু টেম্প’ৰ বাদে বেলেগ একো গাড়ীয়েই দেখা নাছিলো। গাড়ীখনৰ জোকাৰণিৰ কোবত মোৰ কঁকালটো বিষাই গৈছিল। অলপ দূৰ যোৱাৰ পিছতে বাওঁফালে সৰু ৰাস্তা এটা গৈছে। সেইফালেদিয়ে আমি সত্ৰলৈ যাবলৈ ধৰিলোঁ। ৰাস্তাটো ঠেক যদিও পকা আছিল। মানুহৰ ঘৰ দুৱাৰো সেৰেঙা আছিল। দুই এঘৰ মানুহে ৰাস্তাতে ধান শুকুৱাইছিল।

“ক’ত যে গুৰুজনা আহি আছিলহি, অসমত প্ৰাপ্য মৰ্য্যদাই নাপালে। ইয়াৰ ৰজাই আশ্ৰয় দিলে বুলিহে।” মই এওঁক ক’লো।

এওঁ পিছে একো নক’লে। অলপ দূৰ গৈ তিনিআলি এটা পাইছিলোঁ। তাতে ডাঙৰ গছ এজোপা আছিল। দুই চাৰিজনমান মানুহ বহি তাতে তাচপাত খেলি আছিল। বন্ধ হৈ থকা দোকান কেইখনমানো আছিল। আমি বাওঁফালেদি অলপ গৈয়ে মধুপুৰ সত্ৰৰ গেটখন পাইছিলোগৈ। সত্ৰৰ বাহিৰৰ গেটৰ সন্মুখতে মানুহ কিছুমানে ধান ৰ’দত দি আছিল। দুজনীমান বেংগলী মানুহে চুলি মেলি চিঞৰি চিঞৰি কাজিয়া কৰি আছিল। তেওঁলোকৰ কাপোৰ কানিবোৰো বৰ এটা সংযত নাছিল। উদং গাৰে হাফপেণ্ট পিন্ধা ল’ৰা কেইটামানে দৌৰা দৌৰি কৰি আছিল। আমালৈ চাইছিল সিহঁতে। পৰিবেশটো মোৰ অলপো ভাল লগা নাছিল। আমি বাউণ্ডেৰী ৱাল থকা ডাঙৰ লোহাৰ গেটখন থেলি ভিতৰলৈ সোমাই গৈছিলোঁ।

অৱশেষত শংকৰদেৱৰ সমাধিস্থলত আহিব পাৰি আমাৰ মনটো ভাল লাগি গৈছিল। ওচৰতে অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ নতুনকৈ বনোৱা অতিথিশালা কেইটামানো দেখিছিলোঁ। দূৰৈৰ পৰা মানুহ আহিলে ইয়াতে থাকিব পাৰে। বিশাল চৌহদটোৰ ভিতৰৰ ফিল্ডখনত গৰু কেইটামান চৰি আছিল আৰু ওচৰতে গৰখীয়া ল’ৰা দুটাও আছিল। সিহঁত দুটাৰ বাদে তাত আন জনপ্ৰাণী কোনো নাছিল। গোটেইখন নিমাওমাও পৰিবেশ। আমি শংকৰদেৱৰ সমাধিস্থলৰ মন্দিৰটোলৈ সোমাই গৈছিলোঁ। বগা মাৰ্বল পাথৰেৰে নিৰ্মিত মন্দিৰটোত চাকি জ্বলোৱা মণিকূটৰ নিছিনা ঠাইকণ লোহাৰ গ্ৰীলেৰে বন্ধ কৰি তলা এটা মাৰি থোৱা আছিল। ভিতৰত বন্তি প্ৰজ্বলন কৰা আছিল। আমি যোৱা দেখি পিছফালে থকা ঘৰ কেইটাৰ পৰা বগা ধূতি আৰু চেলেং লৈ থকা মানুহ এজন ওলাই আহিল। পিছফালে থকা ঘৰকেইটাত সত্ৰাধিকাৰ আৰু অন্য মানুহ থাকে। গামোচা আৰু চেলেং চাদৰ পিছফালৰ চোতালত ৰচী টানি মেলি থোৱা দেখিছিলোঁ। অসমীয়া মানুহৰ ঘৰুৱা পৰিবেশ এটা যেন লাগি গৈছিল। তেখেতে আহি আমাক ক’ৰ পৰা আহিছোঁ সুধিলে। তাৰপিছত ক’লে যে চাকি বন্তি জ্বলোৱা হৈ গ’ল বাবে এতিয়া আৰু গ্ৰীলখন নোখোলে হেনো। আমি বাহিৰৰ পৰায়ে সেৱা কৰিব লাগিব। তেতিয়া হয়তো দিনৰ বাৰ মান বাজিছিল। আমি বাহিৰৰ পৰায়ে সেৱা কৰি তাৰপৰা ওলাই আহিছিলোঁ। ওচৰতে দীঘলীয়াকৈ কীৰ্ত্তন ঘৰটো আছিল। সেইটোও তলা মাৰি থোৱা আছিল। মুখ-হাত ধুবলৈ ওচৰতে পুখুৰী এটাও আছিল। কীৰ্তন ঘৰটোৰ ওচৰতে পানীৰ টেপ এটাও আছিল। তাত ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰা আছিল। টেঙ্কীটোত কোনোবা অসমীয়া ব্যক্তি এগৰাকীৰ নাম এটা দেখিছিলোঁ। দাতাঃ….. (নামটো বৰ্তমান মনত নাই)। আমি যাবলৈ ওলোৱা দেখি গৰখীয়া ল’ৰা এটা দৌৰ মাৰি আমাৰ ওচৰলৈ আহিছিল। সি আমাক ক’ৰ পৰা আহিছোঁ বুলি সুধিলে। ধূপ চাকি লাগিব নেকি বুলিও সুধিছিল। তাৰ হেনো গেটৰ বাহিৰত দোকান আছে। ক্ৰেতা নাই বাবে বন্ধ ৰাখিছে। ধূপ-চাকি লাগিলে সি আনি দিব পাৰিম বুলি ক’লে।

— ইয়াত কোনো মানুহ-দুনুহ নাহে নেকি? মই গৰখীয়া ল’ৰাটোক সুধিছিলোঁ।
— আহে আহে। মাঘ মাহত ইয়ালৈ বহুত মানুহ আহে। আমাৰ সেই কেইটা দিনেই উপাৰ্জন কৰাৰ সময়। ল’ৰাটোৱে হাঁহি মাৰি কৈছিল।
—বাকী সময়ত মানুহ নাহে নেকি? মই কৌতূহলেৰে সুধিছিলোঁ।
— আহে। আজি যেনেকৈ আপুনি আহিছে তেনেকৈ দুই এজন মানুহ মাজে সময়ে আহি থাকে। ল’ৰাটোৱে সেমেনা সেমেনিকৈ কৈছিল। মোৰ ইয়াত ধূপ-চাকিৰ দোকান আছে যদিও এতিয়া তাৰ কাম নাই। মাঘত গোটেই মাহটো দোকান দিওঁ।

এবুকু দুখ লৈ আমি তাৰ পৰা গুচি আহিছিলোঁ। আকৌ এদিন আহিব লাগিব। বৰ দুখ লাগিছিল গুৰুজনাৰ সমাধিস্থলখন গৰুৰ চৰণীয়া পথাৰহে হ’লগৈ।

— আমাৰ অসমত হোৱাহেঁতেন দিনে ৰাতিয়ে নাম প্ৰসংগ হ’লহেঁতেন। ইয়াত নাম প্ৰসংগটো দূৰৈৰ কথা মানুহ গ’লে কথা পাতিবলৈ ভকত দুজনো নেদেখিলো। ইয়াৰ ওচৰৰ মানুহেও গুৰুজনা আমাৰ বাবে কি হয় নাজানে। ইয়াতে অসমীয়া গাওঁ এখন পাতিব দিয়াহেঁতেন চাগৈ বেছি ভাল লাগিলহেঁতেন। মই এওঁক মনৰ কথাখিনি কোৱাত তেখেতেও কথাটো শলাগি সমৰ্থন কৰিলে।

তাৰ পিছত আমি আকৌ এদিন তালৈ গৈছিলোঁ। এইবাৰ পিছে ৰাতিপুৱাই গৈছিলোঁ। দহমান বজাত পাইছিলোগৈ। আমি আলিপুৰদুৱাৰৰ পৰায়ে তেল, ধূপ আৰু বুট মগু আদি লৈ গৈছিলোঁ, শৰাই দিম বুলি। আগৰদৰে এইবাৰো গেটৰ বাহিৰত ধান শুকুৱাই থৈছিল। একেই পৰিবেশ আছিল। মাত্ৰ দুখনমান মটৰ চাইকেল বাহিৰত ৰৈ আছিল।

আমি গৈ প্ৰথম শংকৰদেৱৰ সমাধি মন্দিৰতে সোমালোগৈ। সেইদিনাখন দুৱাৰ খোলা আছিল। ডাঙৰ চাকিটোত বন্তি জ্বলোৱা আছিল। মনটো ভাল লাগি গৈছিল। আমাক দেখি পিছফালৰ পৰা বয়সিয়াল ভকত এজন আৰু বাৰ বছৰীয়া ল’ৰা ভকত এজনো ওলাই আহিল। সুদা গাৰে থকা চুৰীয়া পিন্ধা ভকত ল’ৰাটো খুটা এটাতে আওঁজি মজিয়াতে লেপেটা খাই বহিল। আমি ভকতজনক আমাৰ হাতত থকা বস্তুখিনি দিলোঁ। তেওঁ আনন্দৰে গ্ৰহণ কৰিলে। আমি চাৰিওটায়ে সেৱা কৰিলো। তেওঁ আধা কোমল হোৱা বুট দুটামান প্ৰসাদ হিচাপে লেৰেলি যোৱা কলপাত এখনত এমুঠি এমুঠিকৈ আমাক খাবলৈ দিলে। বৰ তৃপ্তিৰে আমি সেইকেইটা প্ৰসাদ খাইছিলোঁ।

তেওঁ কোৱামতে মণিকূটৰ নিচিনা সেই ঘৰটোত শংকৰদেৱৰ অস্থি আছে। শংকৰদেৱে ব্যৱহাৰ কৰা বস্তু কিছুমানো তাত আছে হেনো। তেওঁৰ ৰচিত পুথি-পাঁজি কিছুমানো আছে। বছৰত এদিন সেই গোটেইবোৰ বস্তু উলিয়াই চাফা কৰি আকৌ আগৰ ঠাইত ৰখা হয়। ডাঙৰ বন্তি গছা হেনো তেওঁলোকে নুমাবলৈ নিদিয়ে। সময়ে সময়ে তেল দি থাকে। মণিকূটৰ সন্মুখতে বগা মাৰ্বলৰ আয়তাকাৰ টুকুৰা কিছুমানত অসমৰ কিছুমান ব্যক্তিৰ নাম আৰু ঠিকনা লিখা আছিল। হয়তো তেওঁলোকে সৰহকৈ দান বৰঙনি দিছিল।

ভকতজন হেনো গোলাঘাটৰ পৰা আহিছে। তেওঁ প্ৰায়ে আহি এনেকৈ ইয়াত থাকেহি। তেওঁ অসমৰ পৰা মানুহ ইয়ালৈ আহিবলৈ নিবিচাৰে বুলি দুখ প্ৰকাশ কৰিলে। অসমত গুৰুজনাৰ হৈ নাম প্ৰসংগ কৰিলে কি হ’ব ইয়াৰ আচল ঠাইকনেই অনাদৰ হৈ পৰি আছে; মানুহবোৰ ইয়ালৈ আহিব লাগে, ইয়াত বহুতো সমস্যা আছে। আগতে বহুত মাটি আছিল ইয়াত, চৰকাৰৰ অনীহাৰ বাবে বেদখলকাৰীৰ হাতলৈ গ’ল মাটিবোৰ। বাউণ্ডেৰী ৱালৰ বাহিৰত বহুতো মাটি আছিল হেনো, চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰিব নোৱাৰি ৱালকে গাঠি দিছে।

তেখেতে সত্ৰখনৰ আনুসঙ্গিক বহুতো সমস্যাৰ কথা এওঁৰ লগত পাতিছিল। আমি আলিপুৰদুৱাৰত আছোঁ বুলি গম পাই মাজে সময়ে তালৈ আমাক আহি থাকিবলৈ কৈছিল। মানুহ দুনুহ আহি থাকিলে তেওঁলোকৰো ভাল লাগে। অসমীয়া মানুহেহে এই ঠাইকণৰ মাহাত্ম্য বুজি পাব। ইয়াৰ মানুহে কেনেকৈ বুজিব!

মোৰ ল’ৰাটো ইফালে সিফালে যোৱা দেখি তাৰ পিছে পিছে মই যাব লগা হৈছিল। ভকতজনে ঠাইখনৰ নামটো মধুপুৰ হোৱাৰো কাৰণো কৈছিল। শংকৰদেৱে হেনো প্ৰথম তীৰ্থ ভ্ৰমণ কৰি আহি লগৰ কেইজনমানৰ লগতে ইয়াতে জিৰণি লৈছিল। ভোকে-লঘোণে লেবেজান সতীৰ্থসকলে ইয়াতে এটা মৌ বাঁহ আৱিষ্কাৰ কৰিছিল। তেওঁলোকে তাৰ পৰা মৌ খাই ভোক নিবাৰণ কৰিছিল হেনো। সেইবাবেই ঠাইখনক পিছলৈ মধুপুৰ বুলি কোৱা হ’ল। আহোম ৰজাৰ ভয়ত কোচ ৰজাৰ শৰণাপন্ন হোৱাত ৰজা নৰনাৰায়ণে শংকৰদেৱক তাতে থাকিবলৈ ঘৰবোৰ বনাই দিছিল। পিছত ঘৰবোৰ নষ্ট হ’বলৈ ধৰাত ১৯৬৮ ত তেতিয়াৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধাৰীয়ে ঘৰবোৰ পুনৰ নিৰ্মাণ কৰি দিছিল। ভকতজনে শংকৰদেৱে মৌ খোৱা মৌ বাঁহটো এতিয়ালৈকে আছে বুলি কৈছিল। আমাক চাবলৈ লগ ধৰিছিল যদিও আমিহে নগ’লো। ল’ৰাছোৱালী দুটাক লৈ যাবলৈ দিগদাৰ পালোঁ। সমাধিৰ মন্দিৰটোৰ সন্মুখতে শংকৰদেৱে গা ধোৱা নাদ এটাও আছিল। এতিয়া পকাৰে নাদৰ কাষটো বনোৱা আছে যদিও নাদৰ গাতটো পুতি পেলোৱা হ’ল। লগতে তাল গছ এজোপাও আছিল। সেইজোপা শংকৰদেৱে লগোৱা গছ বুলি কিছুমানে কয় যদিও কিমান সত্য নাজানো। তেওঁ কোৱা মতে শংকৰদেৱৰ মৃত্যু হোৱা নাছিল, দেহ ত্যাগহে কৰিছিল।

তাৰপিছত আমি কাষতে থকা কীৰ্তন ঘৰটোত সোমাইছিলোগৈ। আমাৰ লগতে সেইসময়ত তালৈ অহা চাৰিজন অসমৰ মানুহো কীৰ্তন ঘৰটোত প্ৰৱেশ কৰিছিল। তেওঁলোকে ৰেলৱেত চাকৰি কৰে। এমহীয়া ট্ৰেইনিঙ এটাৰ বাবে আলিপুৰদুৱাৰত আহি আছেহি। শিৱসাগৰৰ মানুহ তেওঁলোক। সেইদিনা দেওবাৰ আছিল। সেয়ে তেওঁলোক সেইদিনা তালৈ গৈছিল। আমি কীৰ্তন ঘৰত প্ৰৱেশ কৰা লগে লগে কীৰ্ত্তনঘৰটোৰ ভকতজনে আমাৰ আগত খং প্ৰকাশ কৰিছিল। তেওঁৰ মতে প্ৰথমে আমি আহি কীৰ্তন ঘৰতহে প্ৰৱেশ কৰিব লাগে। ইয়াত সেৱা সৎকাৰ কৰাৰ পিছতহে আমি সমাধি মন্দিৰলৈ যাব লাগে হেনো। সকলো মানুহ আহি প্ৰথমে তালৈকে যায়। তাতে ধূপ, তেল, বুট মগু আদি দি পিছতহে ইয়ালৈ খালি হাতেৰে আহে। সেইটো গুৰুজনাৰ সমাধিহে। তালৈ আগত নাযায় নহয়…।

আমিও নিজৰ হাতলৈ চাইছিলো। সঁচাকৈ আমাৰ হাতত একোৱেই নাছিল। তেওঁক নাজানি ভুল কৰিলো বুলি ক্ষমা খুজিছিলোঁ আমি। গোটেই কেইজনে এশ এশ টকা দি সেৱা লৈছিলোঁ তাত। তেওঁ আমাক আশীৰ্বাদ কৰি পুৰণি বগা বাটাচা দুটামান কাগজৰ টোপোলা এটাৰ পৰা উলিয়াই প্ৰসাদ হিচাপে দিছিল। অলপ পৰ ৰৈ আমি তাৰ পৰা গুচি আহিছিলোঁ।

ইয়াৰ পিছত আলহী লৈয়ো কেইবাৰমান মধুপুৰ ধামলৈ গৈছিলোঁ। তালৈ গ’লে প্ৰতিবাৰে এবুকু দুখ লৈয়ে ঘৰলৈ উভতি আহোঁ। আমি অসমবাসীয়ে গুৰুজনাক আমাৰ মনৰ মাজত এখন সুকীয়া স্থান দি আহিছোঁ। ইয়ালৈ আহিলে তেওঁক প্ৰকৃত মৰ্য্যদা নাই দিয়া যেন লাগে মোৰ। আমাৰ অসমত দিনে ৰাতিয়ে গুৰুজনাই প্ৰচলন কৰি যোৱা নাম কীৰ্ত্তন, অখণ্ড ভাগৱত পাঠ কৰি গুৰুজনাৰ বাণী প্ৰচাৰ কৰি আছোঁ। অথচ গুৰুজনাৰ শেষ সময়ৰ আশ্ৰয়স্থল তথা সমাধিক্ষেত্ৰখন ইয়াত এলাগী হৈ পৰি আছে। সেইখননো প্ৰকৃততে কি হয় তাত থকা মানুহে গমেই নাপায়। অসমৰ পৰা ধৰ্মপ্ৰাণ মানুহসকলে মাজে মাজে তাতো গৈ নাম কীৰ্ত্তন, অখণ্ড ভাগৱত পাঠ কৰি ঠাইখন বিখ্যাত কৰি দিলে বেছি ভাল পালোহেঁতেন। আমাৰ ইয়াত ঢেঁকীয়াখোৱা নামঘৰ, আঠখেলীয়া নামঘৰ আদিত গৈ মোৰ যিমান ভাল লাগে তাত গৈ উদাসহে লাগে। চৰকাৰৰ ফালৰ পৰাও ভ্ৰমণ আঁচনিৰ জৰিয়তে তালৈ মানুহক যাবলৈ উৎসাহিত কৰিলে ভাল লাগিব। তাত নাম প্ৰসংগ কৰিবলৈ ইয়াৰ পৰা মাজে মাজে ভকতসকলক পাৰিশ্ৰমিক দি তালৈ পঠিয়াব পাৰিলে ভাল হ’ব বুলি মই ভাবোঁ। অসমীয়া নিবনুৱা ল’ৰা কিছুমানক তাত নিযুক্তি দিব পাৰে। আমি নিজেও তালৈ গৈ আনকো যাবলৈ উৎসাহিত কৰিলে ভাল হ’ব বুলি মই ভাবোঁ।

বিঃদ্ৰঃ এই লিখনিটোত সম্পূৰ্ণ মোৰ অনুভৱখিনি লিখিছোঁ। মোৰ অজ্ঞতাৰ বাবে কিছুমান কথা নাজানিবও পাৰোঁ বাবে কিবা ভুলো হ’ব পাৰে। বিজ্ঞজনে কথাবোৰ বুজাই দিলে নথৈ আনন্দিত হ’ম। ফটোখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমাধি মন্দিৰটোৰ হয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক