“মধুশালা” আৰু মোৰ ব্যক্তিগত অনুভৱ – চবিনা ইয়াচমিন

১৫ চনৰ নৱেম্বৰ মাহত মই সৌমিত্ৰ যোগীদেৱৰ “মধুশালা” পঢ়িলো৷ কিবা এটা বৰ ভাল লাগিল৷ অলপ দিনৰ পিছত আকৌ এবাৰ পঢ়িলো৷ তাৰ পিছত “মধুশালা” পঢ়ি নিজৰ অনুভৱ লিখিবলৈ লৈ পুনৰ এবাৰ পঢ়িলো৷ উপন্যাসখন পঢ়ি ভাল লাগিলেও বা বুজাত সহজ যেন লাগিলেও প্ৰকৃততে “মধুশালা” এখন জটিল বিষয়ৰ উপন্যাস৷ বাৰে বাৰে পঢ়াৰ পিছতহে লাহে লাহে বিষয়বস্তু গভীৰতা বুজিবলৈ সক্ষম হ’লো যদিও বহু দিশ হয়তো এতিয়াও বুজিবলৈ বাকী৷

আঁক-বাকে প্ৰকাশ কৰা সৌমিত্ৰ যোগীদেৱৰ “মধুশালা” মোৰ দৃষ্টিত পৰম্পৰাগত ধাৰাৰ বিপৰীতে এখনি ব্যতিক্ৰমধৰ্মী উপন্যাস৷ আধুনিক লক্ষণবিশিষ্ট উপন্যাসখনত কেইবাটাও দিশৰ পৰা ব্যতিক্ৰমধৰ্মী লক্ষণ দেখিবলৈ পোৱা যায়৷ পৰম্পৰাগত উপন্যাসবিলাকৰ দৰে “মধুশালাত” মাত্ৰ এটা সুসংহত কাহিনী নাই৷ ইয়াত চৰিত্ৰসমূহৰ মানসিক দ্বন্দ্ব ,সংশয় আদিৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হৈছে৷ মূল চৰিত্ৰ যেন ভাব হোৱা মিজানুৰ আৰু তেওঁৰ সান্নিধ্যলৈ অহা বিভিন্ন চৰিত্ৰ সমূহৰ মানসিক আৰু আন্তৰিক ভাব-অনুভূতিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বিশ্লেষণেৰে উপন্যাসৰ কাহিনী ভাগ আগবাঢ়ি গৈছে৷

“মধুশালা” কোনো এক নিৰ্দিষ্ট পটভূমিত গঢ় লৈ উঠা নাই৷ ইয়াত মানৱ জীৱনৰ একো একোটি অভিজ্ঞতাৰহে বিশ্লেষণ কৰা হৈছে৷ মেঘনা, ৰাহুল আৰু অৰ্ণৱৰ জীৱনৰ কাহিনী, মিজানুৰ আৰু হেমন্তৰ জীৱনৰ কাহিনী, জীৱন চৌধুৰী আৰু জুলেখা চৌধুৰীৰ জীৱনৰ কাহিনী, নবাবৰ একাধিপত্যৰ কাহিনী আৰু বহুতো সৰু বৰ চৰিত্ৰৰ জীৱনৰ কাহিনী একত্ৰিত হৈ “মধুশালাৰ” পটভূমি গঢ়ি উঠিছে৷

“মধুশালা”ত কোনো নায়ক বা নায়িকাৰ চৰিত্ৰ দেখা নাযায়৷ এক মুহূৰ্তৰ বাবে যদি অৰ্ণৱক নায়ক বুলি ভবা হয় পিছমুহূৰ্ততে লেখকে মিজানুৰৰ চৰিত্ৰত এনে কিছুমান গুণ আৰোপ কৰে যে তেৱেঁই নায়ক বুলি এক ভ্ৰান্ত ধাৰণা হয়৷ সেইদৰে মেঘনা বা জুলেখা চৌধুৰীৰ চৰিত্ৰতো কোনো নায়িকাৰ গুণ ফুটি ওলোৱা পৰিলক্ষিত নহয়৷

“মধুশালা”ত আধুনিক সমাজৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে৷ যেনে- নিসংগতা, অন্তৰ্দ্বন্দ্ব, অস্থিৰতা আদি দিশসমূহ৷ সমাজৰ এচাম মুষ্টিমেয় ক্ষমতাশালী লোকে কি দৰে অভাৱী শ্ৰেণীটোক টকাৰ লোভেৰে প্ৰলোভিত  কৰি শোষণ নিষ্পেষণ কৰি আছে তাৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে “মধুশালা”ই৷ উপন্যাসখনৰ প্ৰকাশভংগীত সাংকেতিক, প্ৰতীকধৰ্মী আৰু কাব্যিকতাপূৰ্ণ ভাষাৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়৷ কিছুমান বিদেশী শব্দৰ প্ৰয়োগে “মধুশালা”ৰ কাহিনী ভাগত সোণত সুৱগা চৰাইছে৷

“মধুশালা”ত কেইবাটাও চৰিত্ৰৰ গাত প্ৰেম আৰোপ কৰা হৈছে যদিও তাত অশ্লীলতা নাই৷ প্ৰেমে অশ্লীল ৰূপ ধাৰণ কৰিবলৈ লওঁতেই লেখকে অতি কৌশলতাৰে তাত সানি দিছে শীতলতা৷ অৰ্ণৱ আৰু মেঘনাৰ মাজত গঢ়ি উঠা সমন্ধ প্ৰেমতকৈও অধিক গভীৰ৷ আজিৰ সমাজত ভদ্ৰতাৰ মুখা পিন্ধা মিজানুৰৰ দৰে লম্পট চৰিত্ৰ লোকৰ অভাৱ নাই, যি নাৰীক কেৱল এক উপভোগৰ বস্তু বুলি ভাবে৷ সেই চৰিত্ৰৰ বিপৰীতে লেখকে সৃষ্টি কৰিছে অৰ্ণৱ দুৱৰাৰ দৰে সবল চৰিত্ৰৰ, যি সমাজৰ হিতাৰ্থে নিজৰ সকলো স্বাৰ্থৰ বলিদান দিছে৷

“মধুশালা”ত নবাবৰ চৰিত্ৰটো যদিও সক্ৰিয় যেন নালাগে তথাপিও সকলো পৰিস্থিতিৰ সৃষ্টিকৰ্তা তেৱেই৷ নবাবৰ চক্ৰবেহুত কি দৰে সাংবাদিক হেমন্ত সোমাই পৰিলে সেই কথা সি শেষ পৰ্যন্ত গম নাপালে৷

মুঠতে পুঁজিবাদী শ্ৰেণীটোৱে কিদৰে অভাৱী শ্ৰেণীটোক কৌশলেৰে প্ৰলোভনেৰে শোষণ কৰি আছে তাৰে এক ফটফটীয়া ছবি দাঙি ধৰিছে “মধুশালা”ই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments