মধ্যবিত্ত – উৎপলা শইকীয়া

প’ৰ্টিকৰ ভেণ্টিলেটৰেদি অহা ৰ’দৰ জিলিঙনি গাত পৰাৰ বহুদেৰি পিছতহে সুৰেশ সাৰ পালে৷ স্বাভাৱিক দিনবোৰ হোৱা হ’লে সি এনেকৈ ইমান দেৰিলৈ শুই থাকিব লগা নহ’ল হয়৷ পুৱাই উঠি নাকে-কাণে দুটামান গুজি দৌৰা-দৌৰিকৈ দোকান পালেগৈ হয়৷ অফিচ কাছাৰীৰ এই সময়কণতে তাৰ দোকানৰ বহনিটো কৰাই তাৰ লক্ষ্য৷ তাতে আক’ বিহুৰ বতৰ৷ প্ৰেমিকা ৰীণাক পত্নী কৰি অনাৰ পিছত তিনিআলিত দিয়া সৰু কাপোৰৰ দোকানখনৰ উপাৰ্জনেৰেই সংসাৰখন নিয়াৰিকৈ চলায় নিছিল৷ অৱশ্যে ৰীণাৰ কোলালৈ কণমানি নয়ন অহাৰ পিছৰ পৰা তাৰ ডায়েপাৰ, সৰু-সুৰা দৰৱ, চেৰেলেক আদিবোৰৰ খৰচৰ বাবে সি মাকৰ মুখলৈয়ো চাব লগাত পৰে৷ এই কথাটোৰ বাবে তাৰ মাজে মাজে মন মগজুত এচাটি সৰু ধুমুহা হৈ ক্ৰিয়া নকৰাকৈ নাথাকে৷ দেউতাকৰ অবৰ্তমানত মাকে পোৱা পেঞ্চনটোৰ সৰহখিনি মাকৰ চিকিৎসাতে যায়৷ মাকৰ ছালত এক বিশেষ ধৰণৰ এলাৰ্জি সকলো সময়তেই হৈ থাকে৷ কিমান বছৰ হ’ল সি নাজানে, সি যেতিয়াৰ পৰা বুজা হৈছে তেতিয়াৰ পৰাই মাকে এইটো বেমাৰেৰে যুঁজি অহাই দেখি আহিছে সি৷ অনেক চিকিৎসা কৰিও সুফল নোপোৱা মাকে এতিয়া মাহে প্ৰায় পাঁচহাজাৰ মান টকাৰ দৰৱ খাব লগাত পৰে৷ তাৰ লগে লগে আনুসাংগিক দুই-এটা বেমাৰেও মাকৰ শৰীৰত সিহঁতৰ উপস্থিতি যাহিৰ কৰিছে৷

: পোনা, গৰুজনী খীৰাবৰে হ’ল, তোৰ উঠিবৰ হোৱা নাইনে এতিয়াও?  ঘৰখনৰ সৰু বাবে মাকে তাক মৰমতে পোনা বুলিয়ে মাতে

: উঠিছিলোঁৱে ৰ’, বিছনাখন অঁতাইছো বাবেহে দেৰি হৈছে ওলোৱা৷

মাকক মিছা মাতিলে সি৷

সংসাৰৰ মিলাব নোৱাৰা ইক’নমিক্সে বলাই থকা মন মগজুৰ ধুমুহাচাটি তল পেলাই সি সতেজ হৈ উঠিল৷ দুশ্চিন্তাবোৰ আঁতৰাই এটা নতুন দিনৰ আৰম্ভণিৰ বাবে৷ ৰাতিপুৱাৰ কামখিনি কৰি আজৰি হয় মানে কণমানি নয়নে তাৰ পুতলা চাইকেলখন লৈ চোতালত ঘূৰাই ফুৰিবলৈ আৰম্ভ কৰিলে৷ সি বাৰাণ্ডাতে বহি গৰুজনী আৰু দামুৰিটোৰ নতুন পঘাঁকেইডালত তৰাৰ ঠাঁৰি কেইডালকে গুজি গুজি সুমুৱাই থলে৷ বিহুটোলৈ মাজত মাত্ৰ তিনিটা দিন৷ আগেয়ে হ’লে এই তৰাগছৰ আঁহ লগোৱা কামটো দেউতাকে বৰ নিয়াৰিকৈ কৰি থলে হয়৷ দেউতাক নোহোৱা হোৱাৰে পৰা সি নিয়ম কৰি কামটো কৰি থয়৷ কেতিয়াবা দেউতাকে পঘাঁডাল পকাওতে ধৰিবলৈ দিলে তাৰ খং উঠিছিল আৰু কেতিয়াও সেইটো কামক দৰকাৰী বুলি নাভাবিছিল৷ এতিয়া পিছে সি ভালকৈয়ে বুজি উঠিছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা এই ৰীতি-নীতিবোৰ জাতি এটাৰ বাবে কিমান দৰকাৰী৷ মনতে সি থিৰাং কৰিলে-ওচৰৰ নবীন ককাকৰ পৰা সি এই পঘাঁডাল বটা কামটো শিকি ল’ব আৰু নয়নকো শিকাব৷ নয়নে শিকিবলৈ নিবিচাৰিলে সি তাক মৰমেৰে বুজাব আৰু শিকাব৷ 

:দেতা দেতা, কালি লাতি কিয় মোৰ লগত হামু নিদিনা, -ফুটা নুফুটা মাতেৰে পুতেক নয়নৰ আব্দাৰভৰা কথাষাৰিৰ উত্তৰত তাক আজিৰ পৰা নিলগে নুশোৱে বুলি কথা দিলে৷ দেউতাকৰ কথাত আশ্বস্ত হৈ নয়ন পুনৰ খেলাত লাগিল৷ এইকেইদিন ক’ভিড আতংকৰ বশৱৰ্তী হৈয়ে সি ৰাতি ফাৰ্মৰ পৰা অহা দেৰি হ’লে প’ৰ্টিকতে শুৱলৈ লৈছে৷ সি লগৰ এজনৰ এখন কুকুৰা ফাৰ্মত অলপ সহায় কৰি দিবলৈ আৰম্ভ কৰিছে৷ বিনিময়ত লাভ কৰিছে সামান্য হাতখৰচ৷ হওঁতে, কামটো কৰি দিওঁতে সি মনত কোনো বিনিময়ৰ ভাৱ ৰখা নাছিল৷ মধ্যবিত্তৰ সন্তান হৈ সিনো কোন স’তে দেখ দেখকৈ হাজিৰা কৰে! বাস্তৱত লাওলোৱা হ’বলৈ আগবাঢ়িলেও চৰকাৰী নথি-পত্ৰত সিহঁত মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধি৷ 

কণমানিটোৰ সুৰক্ষাৰ স্বাৰ্থতে সি এই কেইদিন তাৰ পৰা দুৰত্বত আছে৷ পিচে, কণমাণিকণে এই কাৰণটো বুজি পোৱা পৰিধিৰ বাহিৰত৷

সি পুনৰ কামত লাগিল৷ পঘাঁৰ পাকবোৰৰ লগে লগে তাৰ মনৰ মাজত চিন্তাৰ পাকবোৰেও তাক মিহি মিহিকৈ পকাঁই নিলে৷ উপাৰ্জনৰ একমাত্ৰ পথ নতুনকৈ তিনিআলিত খোলা সৰু কাপোৰৰ দোকানখন, সি ভাবি থৈছিল, বিহুত এইবাৰ লাভ অকমান হ’লে নয়নৰ নামত বছৰেকীয়াকৈ ইঞ্চুৰেঞ্চ এটা খুলিব৷ গাৱঁৰে তাৰ কাণসমনীয়া দিবাকৰ নতুনকৈ ইঞ্চুৰেঞ্চৰ এজেণ্ট হৈছে৷ হওঁতে সি আৰু দিবাকৰ দুয়ো পঢ়াত যথেষ্ট ভালেই আছিল৷ পিছে ইটোৰ পিছত সিটো ইণ্টাৰভিউ দিয়ো দুয়ো কোনো এটা চাকৰিৰ বাবেই মকৰল নহ’ল৷ সেয়ে দুয়োৱে এই পথ দুটা বাচি ল’বলৈ বাধ্য হৈছিল৷ কিন্তু বৰ্তমান সমগ্ৰ বিশ্বকে ছানি ধৰা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সিহঁতৰ উপাৰ্জনৰ পথবোৰ বন্ধ হৈ পৰিছে৷ পত্নী ৰীণাৰ হাজাৰটা আপত্তিৰে ভৰা মুখখন চাবলৈ তাৰ আজিকালি লাজ লগা হৈছে৷ তাই বাৰে বাৰে কাষৰ ঘৰৰ যদুৰ তুলনা দিয়ে, সুবিধাবাদী যদুৱে কেনেকৈ সকলো দিশৰ পৰা চৰকাৰৰ সকলো সুবিধা আদায় কৰি দৰিদ্ৰতাৰ চাৰ্টিফিকেট উলিয়াই লৈ ঘৰৰ পৰা পদূলিলৈকে গোটেইখন পকী কৰি পেলাইছে৷ যদুৰ ভায়েক ভাৰত চৰকাৰৰ অধীনৰ চাকৰিয়াল।

সেই হিচাপে যৌথভাৱে বাস কৰা যদুৱে সংসাৰৰ আনুসাংগিক খৰচৰ বাবে কেতিয়াও চিন্তা কৰিব লগা নহয়৷ ৰূপৰাম বৰদেউতাক অৰ্থাৎ যদুৰ দেউতাক খেতিয়ক আছিল৷ দেউতাকৰ দিনতো সিহঁতৰ ঘৰত কোনোদিন অভাৱৰ নাম ওলাবলগীয়া হোৱা দেখা নাই সুৰেশে৷ বৰদেউতাক ৰূপৰামে জীয়াই থকা কালতে বছৰি ট্ৰাকত ধান বেছিব পৰাকৈ মাটি সিহঁতৰ উপৰিপুৰুষে গোটাই থৈ গৈছে৷ বিপৰীতে সুৰেশৰ দেউতাকে ৰেচম বিভাগত সৰু চাকৰি এটা কৰিছিল যদিও খেতিমাটি নথকাত সদায়ে অভাৱৰ মাজেদিয়ে সিহঁত ল’ৰা-ছোৱালী তিনিটাক পঢ়াই উপযুক্ত কৰিছিল৷ দেউতাকে সদায় কৈছিল, খেতিৰ নামত মাটিবাৰী তেনেই নগণ্য যেতিয়া তহঁতে স্বাৱলম্বনৰ পথত ভৰি দিবলৈ শিক্ষাগত অৰ্হতাখিনিয়েই তহঁতৰ সম্পদ৷ দেউতাকৰ কথা পালন কৰিয়েই তাৰ সৈতে সিহঁত তিনিওটাই উপযুক্তও হৈ উঠিল৷ বায়েক দুয়োজনীয়ে টেটৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান একো একোজনী শিক্ষয়িত্ৰীও হ’ল আৰু সিহঁতৰ সংসাৰ চলাই নিছে৷ তাৰ মাজতে টানে-বিপদে ভায়েক সুৰেশকো নোচোৱা নহয়৷ পিছে ল’ৰা ছোৱালী কেইটা জীৱনলৈ অহাৰ পিছত সিহঁতৰো সংসাৰৰ দায়িত্ব বাঢ়িল, সেয়ে আৰুনো কিমান এনেকৈ চলিব বুলি সুৰেশে আজিকালি সৰুসুৰা বিপদবোৰ সিহঁতক নোকোৱা হৈছে৷ সহায় কৰিব নোৱাৰিলে মিছাতে সিহঁতেও মনত কষ্ট পাই থাকিব৷ সুৰেশে সিহঁতৰ তাৰ প্ৰতি থকা মৰমবোৰ বুজে৷

মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে দুখীয়া কৃষকসকললৈ অনুদান আগবঢ়াইছে৷ এইবাৰ ৰীণাৰ কামোৰণিত সিয়ো ৱাৰ্ড মেম্বাৰৰ হাতত প্ৰয়োজনীয় নথি পত্ৰখিনি দি আৱেদন কৰিলে৷ পঢ়াত ভাল বুলি থকা নামৰ সুবাদতে ওচৰৰ প্ৰায়কেইজনে ফৰ্মখন তাৰ হতুৱাইয়ে পূৰণ কৰি তাৰ লগতে জমা দিলে৷ সি বৰ বিশেষ আশা কৰা নাছিল৷ আগতেও সি এবাৰ যদুৰ কথাটো টানি সি কিয় নাপায় বুলি প্ৰশ্ন কৰাত উত্তৰ পাইছিল- তোৰ বাপেৰে চাকৰি নকৰিছিল জানো?

এইবাৰ মেম্বাৰজন সিহঁতৰ ঘৰৰ ওচৰৰে৷ সিদিনা ঘৰলৈ আহোতে ৰীণাই কিজানি কিবা এটা পায়েই, সেই ভাৱত আথেবেথে তেখেতক চাহ জলপান খুৱাইয়ো পঠাইছে৷ মেম্বাৰজনেও আশ্বাস দি গৈছে, আন একো নাপালেও এইবাৰ পাৱাৰ টিলাৰ এখনকে ধৰি দিব সুৰেশৰ নামত৷ মেম্বাৰৰ আশ্বাসত ৰীণা আৰু তাৰ মনত আশাৰ বাঁহ সাজিছিল এধানি সেউজীয়া সপোনে৷ মাকেও কৈছিল হওক তেও, তোৰ দোকানৰ পৰা একো আয় নাপালেও থকা খেতিকণকে যদি নিজে চহাই কৰিব পাৰ, বছৰটোৰ ভাতমুঠিকে আহিব৷ কালি সিহঁতৰ ওচৰৰ কোনো কোনোক পঞ্চায়ত অফিচলৈ মাতিছে বুলি শুনি সি ফাৰ্মৰ পৰা আহিয়ে ৰীণা আৰু মাকক সুধিলে – “মেম্বৰ কাইদেৱে মোক বিচাৰি আহিছিল নেকি? “

দুয়োৰে পৰা নঞৰ্থক উত্তৰ পাই সুৰেশৰ আৰু বুজিবলৈ বাকী নাথাকিল, দেউতাক চাকৰিয়াল আছিল টেগটোৰ বাবেই সি পুনৰবাৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হ’ল৷

:“এ টেটটৰ আহিথে দেতা টেটট”ৰ বুলি উধাতু খাই তাৰ কাষলৈ দৌৰি অহা নয়নৰ চিঞৰত তাৰ সন্বিত ঘূৰি আহিল৷ মুৰ তুলি চাই দেখিলে ড্ৰাইভাৰ জাতীয় ল’ৰা এটাই যদুৰ চোতাললৈ পাৱাৰ টিলাৰ এখন সুমোৱাই আনি নবৌয়েকক চিঞৰিলে “ঐ নবৌ মিঠাই চাহ খুওৱা, ট্ৰেক্টৰ পাই গ’লা৷ এই নৰেনেও হেণ্ডপাম্প এটা পালে বুইছা৷ দিয়া দিয়া সদ্যহতে পানী এগিলাচকে দিয়া৷ “

নৰেনৰ নামটো শুনি সুৰেশৰ মনত পৰিল, নৰেনৰ ফৰ্মখনো সিয়েই ফিল আপ কৰি দিছিল৷

ইতিমধ্যেই ট্ৰেক্টৰৰ মাত শুনি ৰীণাও পাকঘৰৰ পৰা ওলাই আহিছিল, সুৰেশে সেইফালে নোচোৱাৰ ভাওঁ ধৰি বাৰে বাৰে আউল লগা পঘাঁডাল শুদ্ধকৈ গাঁঠিবলৈ আপ্ৰাণ চেষ্টা চলাবলৈ ধৰিলে৷

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments