মধ্যাকৰ্ষণ শক্তি (উজ্জ্বল ফুকন)

অলপ তেল, অলপ নিমখ আৰু দুজনী ভুত জলকীয়া চাৰিটা সদ্য  যৌৱনপ্রাপ্ত ৰবাব টেঙাৰ ওপৰত জপিয়াই পৰিছে। মদনৰ হাত দুখনে এই উৎপীড়নত সিহঁতক সহায় কৰি আছে । ৰবাব টেঙা কেইটাই কান্দি কান্দি ৰস উলিয়াই দিছে, কিন্তু ভুত জলকীয়া কিজনীয়ে জানো এৰি দিব..বহুদিনৰ মূৰত বুকুৰ জ্বলাখিনিৰে কাৰোবাক কন্দুৱাব পাৰিছে ..সিহঁত দুজনীক আৰু কি লাগে ?

জপিয়াই জপিয়াই মিলি গৈছে ৰবাব টেঙাৰ ৰসৰ লগত। মদনে কিন্তু এতিয়াও কোৱা নাই এই চাৰিটা ৰবাব টেঙা সি কৰ পৰা চুৰ কৰি আনিলে। তাৰ চাইকেলত উলমি থকা বেগটো অন্নপূ্ৰ্ণাৰ অক্ষয় ভাণ্ডাৰৰ দৰে। বেগটো কেতিয়াও খালী নাথাকে, কিবাকিবি খোৱা বস্তু ওলায়েই থাকে । হয়তো গছজোপা আৰু গছৰ মালিকেও নাজানে ফলটো পকিলে নে নাই, কিন্তু মদনে ভালকৈ জানে ফলটো কেতিয়া তাৰ বেগত সোমোৱাব লাগে । ৰমেনে কঁকালত হাত দি গোটেই খেলখন চাই আছে। মাজে মাজে এটা দুটা নিৰ্দেশ দিছে যিবোৰ মদনে অকনো শুনা নাই । বেঙ্কত সাঁচি ৰখা পইচাবোৰ কমি গৈ থাকিলে যিদৰে চিন্তা হয়, ৰমেনো আজিকালি তেনেকুৱা কিছুমান চিন্তাত ডুব গৈ থাকে । পইচা লৈ চিন্তা নহয়, চিন্তা তাৰ লাহে লাহে কমি অহা চুলিখিনিক লৈহে ।

গহীনে মাজে মজে কয় – “ৰমেনে মুখখন কিমানলৈকে ধুব লাগে নাজানে । তাৰ কপালখন শেষেই নহয় । আমাৰ এইবাৰ ফুটবল প্রতিযোগিতা ৰমেনৰ কপালতে পাতিব পাৰি” — ইত্যাদি ইত্যাদি ।

পুৰণা কথাবোৰ মনত পেলাই গহীনে দুখন চামুচ আনি এখন নিজে ৰাখিলে আৰু এখন বুধিন বৰাক দি সুধিলে “চামুচ হ’লেই হ’ব নে হাত মোজাও লাগিব ?” পুৰণা দিনটো চাঁতকৈ মনত পৰি গল বুধিন বৰাৰ। গহীনৰ মিচিকিয়া হাঁহিটোৰে সুধা প্রশ্নটো শুনি খঙ উঠিছিল যদিও বহু বছৰৰ আগৰ কঁকালৰ তলৰ পোৰণিটো মনত পৰি ভেকাহি মাৰি ক’লে – “হ’ব দে, চামুচখন হ’লেই হ’ব ।”

বুধিন বৰাই অলপ দিনৰ পৰা কিতাপ পঢ়াত মন দিছে । যি পায় তাকে পঢ়ে আৰু মানুহক ধৰি ধৰি জ্ঞান দিয়ে । কিন্তু গোটেই কথা নপঢ়ে । অলপ পঢ়ি বাকীখিনি নিজে বুজি লয় । অল্পবিদ্যাৰে ভয়ঙ্কৰী হৈ তেওঁ জ্ঞানৰ পোহৰ বিলাই যায় । গহীনৰ দীঘল হৈ অহা চুলিখিনি চাই চাই বুধিন বৰাই মদনক সুধিলে -“বাৰু মদন তই নিটনক চিনি পাৱ নে ?”

“হাঃ হাঃ হাঃ..নিটন নহয় অ’ ককা,..নুটন..চিনেমা একট্রেচ তাকো আপোনালোকৰ দিনৰ । আপোনাৰ ডেকাকালৰ কথা মনত পৰিছে যেন পাওঁ..ৰূপালীম হলত চাগৈ এখন চিনেমাও এৰি নিদিছিল ।”

“হেৰৌ একট্রেচ নহয় অ’..এই আমাৰ গহীনৰ নিচিনা চুলি দীঘল..আপেল খোৱা বিজ্ঞানীটো..নিটন ।”

“অ’হ ককা..নিউটন..বহুত ডাঙৰ বিজ্ঞানী ককা” — মদনে কথাটো কৈ কৈ বুধিনক কলপাত এখনত ৰবাব টেঙা অলপ দি গল।

ভুত জলকীয়াৰ টুকুৰা এটাই যেন পুৰণা চিকাৰ দেখা পাই এটা কূটিল হাঁহি মাৰিলে । টুকুৰাটো দেখি বুধিন বৰাৰ জিভাখন আৰু দেহৰ বেলেগ এটা অংশত একে সময়তে পুৰণি অনুভৱ এটা অনুভৱ কৰিলে ।

চামুচখনত সাৱধানে অলপ টেঙা লৈ বুধিন বৰাই মুখত ভৰালে- “বহুত বছৰৰ মূৰত খালোঁ অ’ই মদন, তাকো তোৰ যহতে । ক’ৰ পৰা আনিলি পিছে ? তহঁতৰ বাৰীতটো দেখা নাই টেঙাৰ গছ” ।

“ককাইও আৰু ভাল কথা কয়, টেঙা লাগিলেই যেনিবা আমাৰ বাৰীত তথাপি মই জানো খাম । বোলে কথাতে কয় “নিজৰ বাৰীৰ ঘাঁহ, ঘৰৰ গৰুৱে নাখায়” ।”

গহীনে তপৰাই মাতিলে – “আজিহে তই বুজি পালি মদন, কিন্তু তই গৰু নহয়, ষাঁড় গৰু” ।

“হেৰৌ, মই কথাৰ কথাটোহে কৈছোঁ, ককা এইবোৰ কথা কৈ থাকিলে গহীনৰ পিছপিনে কিন্তু ভুত জলকীয়া লগাই দিম । এইকেইটা মহাজনৰ গছৰ” —  মদনে ভোৰভোৰাই ক’লে ।

বৰাই কথা সলনি কৰি ক’লে – “বাৰু এইবোৰ বাদ দে মদন, আমি আগৰ কথালৈ আহোঁ ! ক’ত আছিলোঁ আমি ?”

“মহাজনৰ গছত” — মদনে টেঙা খাই খাই উত্তৰ দিলে।

“ধেৎ তেৰি,  নহয় অ’, সেই চুলি দীঘল আপেল খোৱা বিজ্ঞানীটো যে”

“অ’ ককা,  নিউটন…নিউটন, মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল” ।

“এহ, থ’ থ’, আমাৰ এইফালে আপেল গছ নাই বুলিহে, নহ’লে আমিও সেইবোৰ সুত্র উলিয়াব পাৰিলোঁ হয় । চুলি মোৰো তাৰ নিচিনা আছিল বুজিছ, আজি কাগজত তাৰ ফটোখন চাই মোৰ নিজকে চোৱা যেন লাগিল । আমাৰ ভাগ্য নাই বুজিছ, কাগজত ফটো ছপা হোৱাৰ  আৰু তাতটো আমাৰ দোষ নাই, আজোককাহঁতে আহি এই আপেল নোপোৱা ঠাইখনত থাকিবলৈ ল’লে । তথাপি সৰু হৈ থাকোঁতে মই কিমান ৰবাব টেঙা, বেল,  কঠাল গছৰ তলত শুই কিমান চিন্তা কৰিছিলোঁ, কিন্তু এদিনো নপৰিল ।”

“ভাগ্য বেয়া বুজিছ” —  বুধিন বৰাই দুখত ক’লে – “এদিন পিছে গেৰেলা কঠাল গছৰ তলত শুই থাকোঁতে তাৰ পেটত পকা কঠাল এটা পৰিছিল । কিন্তু আমি কঠালটো কিয় পৰিলে সেইটো চিন্তা বাদ দি গেৰেলাৰ কাষতে কঠালটো খোৱাত লাগিলোঁ । গেৰেলাক এবাৰো নুসুধিলোঁ দুখ পালে নেকি, সেইটো লৈ গেৰেলাই মোক বহুদিন মতা নাছিল” ।

“এহ্ ককা, কাইটিৰ কথা উলিয়াই মনটো বেয়া নকৰোঁ আৰু । ৰ’ব এক মিনিট”  —  এইবাৰ মদনে তাৰ বেগৰপৰা জাহাজী কল এটা উলিয়াই বুধিন বৰাক দি ক’লে – “ককা, নিউটনৰ আপেলটো নাই কি হ’ল, কলিতাৰ কলটোকে খাওক” ।

“কলিতাৰ কল মানে ?” বুধিন বৰাই মদনলৈ চাই সুধিলে ।

“এহ্ ককা, কলিতাৰ দোকানৰ কল” ।

ৰবাব টেঙা একাষৰীয়া কৰি বুধিন বৰাই দুছমনৰ দোকানৰ কল খোৱাত লাগিল ।

“আও, বৰ ধুনীয়া কল অ’” —  বাকলিটো কাষতে দলিয়াই বুধিন বৰাই ক’লে – “সেই টেঙৰটোৰ দোকানত এনেকুৱা কল ক’ৰ পৰা আহিল ?”

এইবাৰ ৰমেনৰ ফটা মুখখন খোল খালে – “ককা, আপোনালোকৰ লেট্রিনৰ গাতটোৰ কাষৰ কলজোপা দেখিছে নে ? তাৰে কল এয়া” মদন আৰু গহীনে আকাৰে ইংগিতে মনে মনে থাকিবলৈ ক’লে যদিও ৰমেনৰ শব্দকেইটা ইমানপৰে ওলাই গ’ল ।

মাহেকৰ মূৰত কলকেইটা গহীনে কলিতাৰ দোকানত বেচি জেপ খৰছ উলিয়ায় । কিন্তু মদনে যে সেই কল কলিতাৰ দোকানৰপৰা চুৰ কৰি আনিব, গহীনেনো কেনেকৈ জানে ?

লেট্রিনৰ গাতটোৰ কথা ভাবি বুধিন বৰাৰ মিঠা মুখখন লাহে লাহে তিতা হৈ আহিল -“হতশ্রী হোৱাহঁত, এইবোৰকে খুৱাবলৈ মোক মাতি আনিছ, ক’ৰ চুৰ কৰা ৰবাব টেঙা, লেট্রিনৰ কাষৰ কল” ।

“মৰম ককা, মৰম” — মদনে মাত লগালে – “আপোনাৰ সাৰ পোৱাৰ কাৰণেহে কলকেইটা ইমান মিঠা হৈছে । অৱশ্যে গহীন আৰু পদুমী আইতাৰো অলপ অৱদান আছে দিয়কচোন” ।

“মাৰৰ জপৰা মূৰটো বকিছ, তহঁতি মোৰ মূৰটো চোবাবলৈ জন্ম ল’লি ।”

বুধিন বৰাৰ কথাষাৰ শেষেই নহ’ল, ওপৰচকুৱা পদুমী আহি কলৰ বাকলিত পিছল খাই ধেপেছ কৈ পৰিল ।

পদুমীক উঠোৱা বাদ দি গোটেই কেইটাই গিৰ্জনি পাৰি হাঁহিবলৈ ধৰিলে ।

“ককা, মধ্যাকৰ্ষণ শক্তি আৰু আপেলৰ কাম আমাৰ কলৰ বাকলিয়ে কৰি দেখুৱালে” — মদনে হাঁহি হাঁহি ক’লে ।

“কলৰ মহিমা অপাৰ ।  সেই কাৰণে কয়, কলখোৱা ধাতু বাজ হৈ গ’ল, কোনোবাই কয় জানো আপেল খোৱা ধাতু বুলি” — ৰমেনে সন্মতি দি ক’লে ।

“আৰু কলখাৰ একা,  ক’ৰবাত শুনিছ জানো আপেলখাৰৰ কথা” — মদনে ক’লে । গহীনে মূৰ দুপিয়াই হয়ভৰ দিলে ।

তিনিওটাই ধৰাধৰি কৰি পদুমীক উঠালে ।

“কোন জহনিত যোৱাই কল খাই বাকলি পেলাইছিলি ইয়াত ?”– পদুমীয়ে কঁকালত ধৰি ধৰি সুধিলে ।

“এহ্ হ’ব দিয়াচোন, কলৰ বাকলিৰ গাত দোষ নাই, এয়া মধ্যাকৰ্ষণ শক্তি । আৰু যত কূটৰ ঘাই এই চুলি দীঘল, আপেল খোৱা বিজ্ঞানীটো ।” নিউটনৰ ফটোখন দেখুৱাই বুধিনে বৰাই ক’লে ।

বুধিনে পদুমীৰ হাত এখনত ধৰি উঠাত সহায় কৰি দিলে, ৰেডিঅ’ত বাজি থকা গানৰ কলি এটি দূৰৰপৰা ভাঁহি আহিল……

“তুমি মোৰ মৰমৰে মইনা …” বৰাই ক’ব নোৱাৰাকৈয়ে বাকীখিনি নিজৰ মুখৰপৰা ওলাই আহিল “তুমি মোৰ আকাশৰে জোন…”

পদুমী লাজত ৰঙা পৰি গ’ল । “তুমি মোৰ কেৱল জোন নহয়, আজি তুমি আপেলো” বৰাই পদুমীক ফুচফুচাই ক’লে ।

পদুমীয়ে এবাৰ কলৰ বাকলি আৰু এবাৰ নিউটনৰ ফটোখন চাই চাই ভাবিলে – “হে ভগৱান, এই বুঢ়াৰ পৰকতি লৰিছে । এই দিন দুপৰত জোন দেখিছে আৰু কলৰ বাকলিত আপেল দেখিছে । মোক ৰক্ষা কৰা প্রভু”!

ৰমেনে মদনক কলে—“সেইফালে প্রেম জনমে জনমে” ।

মদনে গহীনৰ ফালে চাই কলে – “আৰু, এইফালে প্রেম নজমেহে নজমে…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments