মনত পৰা ডাক্তৰ তিনিজন (ধীৰাজ কলিতা)


(১) ভাইটি নোহোৱা হল দিবানে খবৰ:

সঁচা ঘটনা এটা। কাম কৰা ল’ৰাটোৰ লগত ঘৰৰ পিছফালে মাটি আনিব গৈছিলোঁ, আইতাই হেনো ঘৰ মচিব। ৰাস্তাৰ দুয়োকাষে দুটা খাল। ঘৰৰ ভেটিত মাটি দিবলৈ মাটি কাটোঁতে সেই খাল দুটাৰ সৃষ্টি। ৬ মাহ পানী থাকেই। যি হওঁক, মাটি লৈ আমি ঘূৰি অহাৰ অলপ পিছত বিচাৰ লাগিল ভাইটি নাই। সি তেতিয়া খোজ কাঢ়িব পৰা হৈছে, চোতালতে মাজে মাজে দৌৰেও। এইটো ঘৰত বিচাৰিছোঁ, সেইটো ঘৰত বিচাৰিছোঁ, নাই দেখোন। কাষৰ পৰিয়ালৰ পেহীয়েও কেতিয়াবা মৰমতে কোলাত তুলি নিয়ে তাক (তেওঁলোকৰ ঘৰত সৰু ল’ৰা-ছোৱালী নাছিল)। দৌৰ মাৰি গৈ তেওঁলোকৰ তাতো খবৰ ললোঁ,নাই। আইতাই কৈ আছে, অলপ মান আগতে কুকুৰৰ পোৱালীটোৰ লগত খেলি আছিল। গোহালিৰ পিছফালে চাচোন! কাষৰ খুৰাহঁতো অহিল। ১৫-মিনিটৰ ভিতৰত পৰিস্থিতি চিৰিয়াছ। ক’ত যাব পাৰে? তাৰ সমবয়সৰ বা সদায় আবেলি একেলগে খেলা চুবুৰীয়াৰ সকলোকে সোধা হ’ল,”আমাৰ ভাইটিক দেখিছানে?” দুই-এজনে তাৰ মাজতে আকৌ ধেমালি কৰি “সোপাধৰা”ই ধৰি লৈ যোৱা বুলি কয়। সোপাধৰাই ধৰি নি হেনো চকু আৰু কিডনী কাঢ়ি লৈ দলঙৰ তলত পেলাই দিয়ে। মা আহি পালে স্কুলৰ পৰা। বেয়া কথা চিন্তা কৰিব নাপায় যদিও প্ৰায় ২০-৩০ মিনিট সময় পিছত ককা আৰু মা দুয়োজন বাৰীৰ পিছফালৰ খালত দুটাত নামিলে। যেনিবা শেষ আশা। এবুকু পানীত পুতেক আৰু নাতিক বিছাৰি মা আৰু ককা। পাৰত ৰৈ থকা দৰ্শকক আচৰিত কৰি ককা জিকিলে, ককাৰ ভৰিত স্পৰ্শ কৰিলে এটা শৰীৰে। একে ডুবে ককাই শৰীৰটো ওপৰলৈ আনিলে। মাও একেজাপে পানীৰ পৰা উঠি আহিল, পৰাজয়ৰ শোক নাই মাৰ মুখত। হয়, সেয়া আমি অ’ত পৰে বিচাৰি থকা আমাৰ ভাইটিৰ শৰীৰ। খুৰাই দুহাত ধৰি ঘূৰাইছে তাক, তলমূৰ কৰি পেটটো খুৰাৰ মূৰত লৈ দৌৰিলে ডাক্তৰখানালৈ বুলি। বাৰীৰ পিছফালেৰে গ’লে ১০ মিনিট দূৰত আমাৰ স্বাস্থ্যকেন্দ্ৰ। পথাৰৰ মাটিৰ চপৰা, ঘাঁহ-বন সমান কৰি খুৰা কেৱল দৌৰিছে, কেৱল দৌৰিছে। পিছে পিছে আমি, ওচৰ চুবুৰীয়া। ইতিমধ্যে গাঁৱত খবৰটো বৰ বেয়াকৈ ওলাইছিল। ডাক্তৰৰ চেম্বাৰত আমি সোমাব পৰা নাই, বাহিৰত ভিৰ। স্বাস্থ্যকেন্দ্ৰৰ চকীদাৰজনে ক’ৰবাৰ পৰা খৰি যোগাৰ কৰি বাহিৰত জুই একুৰা ধৰা মনত আছে। আমি একো ভা-ভু পোৱা নাই। ভাইটিক মাৰ্বল নিদিলে যেনেকে কান্দে সেই একে কান্দোনৰ শব্দ যেতিয়া ভাইটিক চাই থকা ডাক্তৰৰ চেম্বাৰৰ পৰা অহা বুলি নিশ্চিত হ’লোঁ, সেই মুহূৰ্ত্তৰ পৰা আমি কিছুমান ডাক্তৰ ভগৱানৰ একে পৰিয়ালৰে বুলি বিশ্বাস কৰিব ল’লোঁ। দেউতা ঘৰত নাছিল। সেইদিনত এইবোৰ খবৰ বতাহে দিছিল। ক’ৰবাত খবৰ পাই দৌৰাদৌৰিকৈ চাইকেল চলাই দেউতা হস্পিতাল পাইছে ভাইটিক বিচাৰি। ডাক্তৰজনে হেৰোৱা ভাইটিৰ খবৰ দিলে,”সি এইখন পৃথিৱীতে আছে।” বি:দ্ৰ:-আমি মাটি আনিবলৈ যোৱা সময়তেই ভাইটিও পিছে পিছে যোৱা বুলি সন্দেহ কৰা হৈছে আৰু তেতিয়াই যদি সি পানীত পৰিছিল, ইমান সময় পানীৰ তলত থকাৰ পিছতো সি আজি আমাৰ মাজত। চৱ ওপৰৱালাৰ কৃপা।

 

(২) বিনামুলীয়া চিকিত্সা:

আমাৰ ঘৰত সৰু ফাৰ্মাছী এখন আছিল। দৰৱবোৰ কিন্তু মানুহৰ নহয়, অকল গৰুৰ। কঠালৰ মুচি, শুকলতি, ভীমকলৰ বাকলি ইত্যাদি এবছৰৰ কাৰণে যোগাৰ কৰি থৈ দিছিল ককাই। কাৰণ লাগ বুলিলেই এনেধৰণৰ কিছুমান বস্তু নাপায়। মোৰ ককা আছিল অঞ্চলটোৰ এজন নাম কৰা গৰুৰ ওজা। ২০০০ ইং চনলৈ ককাই গৰুৰ অসুখ চাইছিল। ককাৰ সেয়া পেছা নাছিল। লক্ষণীয়ভাৱে নিজৰ গৰুটোৰ বেমাৰৰ কথা বিৱৰি কোৱাৰ পিছত নাজানি যদি কোনোবাই কিমান পইছা লাগিব সোধে বা এটকা দুটকা মাননি হিচাপে আগবঢ়াই তেতিয়া ভৰিত পৰি অনুৰোধ কৰিলেও ককাই সেইদিনা দৰৱ নিদিয়ে। ককাৰ মাননি হ’ল তামোল-পান এযোৰ। দৰৱ দিয়াৰ পিছতো একো নলয় ককাই, ল’ব নাপায় হেনো। সেয়ে ঘৰত অচিনাকি মানুহে দৰৱ বিচাৰি অহা বুলি গম পালে, পৰিয়ালৰ মানুহে আগতিয়াকৈ গৈ মাননিৰ লগত পইচা নিদিবলৈ শিকায় দিয়ে। বানপানীৰ পিছত মানুহৰ লেখিয়া গৰুৰো বিভিন্ন ধৰণৰ বেমাৰ হয়। কিছুমানে লগত বেমাৰী গৰুটো লৈ আহে আৰু কিছুমানে বেমাৰীৰ লক্ষণবোৰৰ বিষয়ে কৈয়ে দৰৱ বিছাৰি আহে। খবৰ লৈ লৈ বহু দূৰৰ পৰা খোজকাঢ়ি আহে কিছুমান মানুহ, গাখীৰ দি থকা তিনিওজনী গাইৰে হেনো কিবা বেমাৰ। চোতালত চিঞৰি চিঞৰি কান্দি ককাক কাবৌ কৰে, গাই তিনিজনীক মৃত্যুৰ পৰা ৰক্ষা কৰিব লাগে। য’ৰ কাম তাতে থেকেচি থৈ হাতত কটাৰীখন লৈ ককা বাৰীৰ পিছফালে যায় দৰৱ বিচাৰি। কিছুমান দৰৱ আমাৰ বাৰীত বিচাৰি পায়, নথকাবোৰ বিচাৰি গাঁও তহিলং কৰে। নোপোৱালৈ উভতি নাহে। যিমান দূৰ জানো প্ৰায়বোৰ দৰৱতে সৰু সৰু গছ কিছুমানৰ শিপা আৰু কিছুমান গছৰ ছাল ব্যৱহাৰ কৰিছিল। ঘৰত আগৰে পৰা সাঁচি ৰখা পথেয়বোৰো প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰে। গৰুৰ সচাৰচৰ হোৱা সকলো বেমাৰেই ককাই ভাল কৰিছিল। দুদিন পিছত যেতিয়া খবৰ পাই যে কোনোবাটো গৰুৱে অসুখ ভাল পোৱা নাই, ককাৰ ৰাতি টোপনি নাহিছিল। পিছদিনাখন ৰাতিপুৱাই তেওঁলোকৰ ঘৰত উপস্থিত হয়। বেমাৰী নিজ চকুৰে চাই আকৌ নতুন দৰৱ দিয়ে। কাৰোবাক জীৱন দিয়াৰ কি যে সুখ,নিজৰ ভোক নিবাৰণতকৈ বহু গুণে বেছি। ককাৰ শৰীৰ দুৰ্বল হৈ অহাৰ পিছত পৰিয়ালৰ লগতে চুবুৰীয়াৰ ডেকা চামৰ কাৰোবাক শিকাই থৈ যোৱাৰ কথা কৈছিল কিন্তু কোনোৱে শিকিবলৈ মান্তি ন’হল। ফ্ৰী চিকিত্সা, দৰবো বিনামূলীয়াকে তাৰ উপৰি দৰব বিচাৰি অহাজনক বহি থকা সময়ত অপ্যায়ন। হাজাৰ বুজায়ো ককাই কাকো মান্তি কৰাব নোৱাৰিলে। চব বুজে কিন্তু বিনিময়ত পইচা নোপোৱা কথাটোহে নুবুজে কোনোৱে। অৱশেষত জোৰ জুলুমকৈ ককাই তেওঁত কৈ ৪-৫ বছৰ সৰু সম্পৰ্কীয় ককা এজনক শিকালে তেওঁৰ সেই গুণ। সৰু ককাই কেইমাহ মান কৰিলে কাম, আমাৰ ঘৰত দৰব বিচাৰি আহিলে তেওঁৰ ঘৰলৈ পঠিয়াই দিছিলোঁ। লাহে লাহে বন্ধ হৈ এতিয়া আমাৰ গাঁৱৰ ভেটেনাৰী চিকিত্সালয়খনেই শেষ উপায় হৈ পৰিছে।

 

(৩) একযোৰা এচিলক:

বকো সমষ্টিৰ মালিবাৰী বজাৰ। আজিৰ পৰা প্ৰায় ১২ বছৰ মান আগতে ছমৰীয়া সত্ৰলৈ নাৱেৰে গৈ থকা অৱস্থাত নাৱৰ বিজুতিৰ কাৰণে ৩-৪ ঘণ্টা বজাৰত ৰ’ব লগা হৈছিল। জুন-জুলাইৰ মাহ, সিদিনা আকৌ হাটৰ দিন আছিল। প্ৰচণ্ড গৰম, জিৰাবলৈ ঠাই নাই। জিৰণি কোঠাটোত ৰাইজে দোকান দিছে। গোটেই বজাৰখনত এটা নে দুটা টিনপাত লগোৱা ঘৰ। দেখিলোঁ এখন ফাৰ্মাছী, তাতে গৈ বেঞ্চ এখনত বহিলোঁ। টেবুল ফেন এখন, কেৰাচিনৰ ষ্টোভ এটাত চচপেনত পানী গৰম কৰিছে , দুটামান কাৰ্টুনত টেবলেট, পানীয় বটল, চেলাইন ইত্যাদি। দোকানত এজনেই মানুহ। থ্ৰী-ইন-ওৱান; দোকানী-ডাক্তৰ-ফাৰ্মাচিষ্ট। সেইখন দোকানতেই গ্ৰাহকে,”দাদা একযোৰা এচিলক, ১০ টকাৰ মিলাই পেইন টেবলেট আৰু আধা বটল কাহ চিৰাপ বিচাৰে। এজনে ৰাস্তাত উজুটি খাইছে, নখ উভালি গৈছে খবৰেই নাই। ফাৰ্মাছী আহি পোৱালৈ তেজ বন্ধ কৰিবলৈ কটা ঠাইখিনিত ৰাস্তাৰ ধুলি দিছিলে। ডাক্তৰজনে ভাল গালি পাৰিছিল তেওঁক। “ধুলি হে, বেয়া বস্তু নহয়। ধুই দিলে গুচি যাব” বুলি ডাক্তৰকে বুজালে তেওঁ। কাষ্টমাৰ নহা সময়ত আলপিন এটা হাতত লৈ দোকানী/ডাক্তৰ/ফাৰ্মাচিষ্টজনে টেবলেটৰ “এক্সপায়ৰী দেট”টো ৰিনেম কৰা দেখিলোঁ, অলপ লুকাই চুৰিকে যদিও মোৰ অনুমান মিছা নহয়।  গ্ৰাহকে বেমাৰৰ কথা বুজাই কোৱাৰ পিছত, বেজী নে চেলাইন ল’ব সেয়া সোধে। পইচা থকাজনে বেজী লয়, তেওঁলোকৰ বিশ্বাস বেজী ল’লে টেবলেটতকৈ সোনকালে ভাল পায়। আজি কিন্তু সেই মালিবাৰী নাই। বজাৰ-মানুহ সকলোৰে উন্নতি হ’ল। নাই দিনত সেই থ্ৰী-ইন-ওৱানজনেই কিন্তু গাঁওবাসীৰ ভগৱান আছিল।

——————————————

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক