মনত পৰে……(ময়ূৰী দত্ত)

মনত পৰে……

ময়ূৰী দত্ত

মনত পৰে-৩ মাৰ ফালৰ আজোআইতাক মই সপ্তমশ্ৰেণীত পঢ়ালৈকে পাইছিলো। মৃত্যুৰ আগদিনালৈকে কাৰো সহায় নোলোৱাকৈ ঘুৰি ফুৰিছিল। মাত্ৰ শেষৰ তিনি চাৰি বছৰ স্মৃতি বিভ্ৰমত ভুগিছিল, জী-জোৱাই, নাতি-নাতিনী, আজোনাতিহঁতকো কেতিয়াবা মনত পেলাব পৰা নাছিল, কথা খুব কমকৈ ক’বলৈ লৈছিল। ঘোষা-পদ গুণ-গুণাই থাকিছিল দিনভৰ। আৰু সৰু ল’ৰা-ছোৱালীৰ দৰে কিছুমান কাম কৰিবলৈ লৈছিল। আজোআইতাক আমি মাতিছিলো ‘বৌতি’ বুলি, উচ্চাৰণটো ‘ব’তি’ হৈছিলগৈ। শেষবয়সত ব’তিক আইতামাই নিজৰ লগত থাকিবলৈ লৈ আনিছিল। ‘ব’তিয়ে হোকা খাইছিল, গুৰগুৰীও আছিল এটা , আমি তাৰ শব্দটো বৰ ভাল পাইছিলো। কিন্তু আমাক চুবলৈ নিদিছিল ঘৰৰ বাকীবোৰে। ককা মানে আজোআইতাৰ জোঁৱাই ইয়াৰ খুব বিৰোধী আছিল, কাৰণ ককা আছিল স্বাধীনতা আন্দোলনৰ সেনানী। হ’লেও ব’তিয়ে কেৰেপ নকৰিছিল , মাত্ৰ খাই থাকোঁতে ককা অহা যেন দেখিলে ওৰণিখন অলপ টানি লৈছিল। আচৰিত কথা স্মৃতি বিভ্ৰমত ভুগোতেও সেই কথা পাহৰা নাছিল। আৰু ডেকা নাতিহঁতেও মনে মনে ব’তিক সকলো যোগাৰ কৰি দিছিল। খুব ধুনীয়া আছিল ব’তি, গাখীৰত সেন্দুৰ মিহলোৱা বৰণ। সেই ৰং পাইছিল আইতামায়ো, কিন্তু জেঠাই-মা-মাহী বা আমিবোৰেও নেপালো। আৰু ককা আছিল অলপ মাগুৰ বৰণীয়া। আইতামাই আমাক সাধু কওঁতে কৈছিল ৰংটোৰ বাবে ব’তিয়ে ককালৈ আইতামাক বিয়াকে দিব খোজা নাছিল। পিছে আজোককাই ‘পুৰুষৰ ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে’ বুলি কৈ সামৰি থ’লে। আজোককাৰ মতে ‘চকু ৰঙা বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল’,ককাও আছিল তেনেকুৱাই। ব’তিৰ অসন্তোষ আছিল আমাৰবিলাকৰ ৰঙক লৈও।

মাহঁতৰ আঠজন ভাই-ভণীৰ ভিতৰত সপ্তম, সৰু মাহীৰ বিয়া হৈছিল মই ষষ্ঠমানত পঢ়ি থাকোঁতে। আহিন মাহ আছিল, ককাহঁতৰ পদূলিত থকা শেৱালি দুজোপাই দিনে-ৰাতিয়ে সুবাসিত কৰি ৰাখিছিল চোতাল-ঘৰ-চুবুৰিটো। নাম প্ৰসংগ কৰি বিয়া পতা হৈছিল, কাৰণ ককা একশৰণ নামধৰ্মৰ সেৱক আছিল। এনে বিয়াত মাংগলিক কামবোৰত এঘণ্টামান লাগে বাবে বিয়া সোণকালে শেষ হয়। দৰা-কইনা মহামাহীক ভিতৰত বহুওৱা হ’ল , ব’তিৰ কাষত। আসন্ন বিদায়ৰ কথা ভাবি মাহীয়ে উচুপি-উচুপি কান্দি আছে। ব’তিক দেখি মাহীৰ আৰু দুখ বাঢ়িছিল, কাৰণ গা ধুওৱা, মূৰ ফনিওৱা, কাপোৰ ধোৱা আদি ব’তিৰ সকলো কাম মাহীয়েই কৰিছিল। দিনটো ব্ৰতত থকা মাহীক প্লে’টত দুটা ৰসগোল্লা, দুটা কাজু বৰফি আনি দিলে মায়ে। মাহীয়ে বিচনাতে থৈ দি আৰুহে কান্দিবলৈ ল’লে, মহাৰো বেয়া লাগিছে ইমানকৈ কন্দা-কটা কৰা বাবে। কোনোবাই কিবা বুজি পোৱাৰ আগতেই ব’তিয়ে প্লে’টখনৰ পৰা এটা ৰসগোল্লা হাতত লৈ ক’লে -‘ইমান ধুনীয়া গোন্ধাইছে, দেখিবলৈ বৰ ধুনীয়া ঔ, আজিকালি শেৱালি ফুলবোৰ মিঠৈৰ দৰে হ’ল দেখোন।’ আচলতে কোঠাটো সেইসময়ত শেৱালিৰ গোন্ধেৰে আমোলমোলাই আছিল। ব’তিৰ স্মৃতি বিভ্ৰমৰ কথা অৱগত মহাই হাঁহি দিলে, আমিও, আনকি মাহীৰ ওঁঠতো মিচিকিয়া হাঁহি দেখিলোঁ।মহাই হাঁহি হাঁহি ক’লে ‘ব’তি, আজিকালি শেৱালিবোৰ খাবলৈও সোৱাদ হ’ল, তিতা নহয়।’ ব’তি উঠি আহি মহাৰ মূৰত হাত ফুৰাই ক’লে ‘ময়ো এই আঁকৰী জনীক কৈছোঁ, বোলো হেৰৌ তোৰ মাৰে বাৰু ক’লা দৰা পাই কান্দিছিল, তই আকৌ বগা নিকা দৰা পাইছ, কান্দিছ কেলেইনো?’ এইবুলি হাতৰ ৰসগোল্লাটো টপককৈ মুখত ভৰাই আনটোও প্লে’টৰ পৰা হাতত তুলি ল’লে, আমি চাই থাকোঁতেই গ’ল।  আজিও ইমান বছৰৰ মূৰতো শেৱালিৰ গোন্ধ পালেই ব’তিৰ সেই কাণ্ড মনত পৰি মুখত আপোনা-আপুনি হাঁহি বিৰিঙি উঠে!
মনত পৰে-৪ কান্দিয়েই থাকিব…………….সেন্দুৰখিনিয়ে।
ডা° নীলাক্ষী বাইদেউৰ মৰমমিশ্ৰিত কঠোৰ নিৰ্দেশ যে নিজেই খোজকাঢ়ি বাথৰুমলৈ যাব লাগিব। ছিজাৰিয়ান অপাৰেছনৰ দ্বাৰা সৰু ল’ৰা মিকুলৰ জন্ম হোৱাৰ দ্বিতীয় দিনৰ পুৱা। এনাস্থেছিয়াৰ প্ৰভাৱত খুব কাহ হৈছে, বুকুত কফ জমা হৈছে। কথা ক’ব নোৱাৰোঁ। অৱসন্ন শৰীৰেৰে দুখোজ আগবাঢ়োঁতেই মই পৰি যাব খুজিলো, তৎপৰতাৰে কোনোবাই মোক ধৰি পেলালে।কিছু সুস্থিৰ হৈ দেখিলো হস্পিটেলৰে ইউনিফৰ্ম পৰিহিতা শিৰত উজ্ব্ল সেন্দুৰেৰে মৰমলগা কমবয়সীয়া ছোৱালী ছোৱালী লগা কৰ্মী এগৰাকী। সৰল হাঁহিটো দেখি ভাল লাগিল , অলপ হাঁহিও উঠিল এই খীণমীণ ছোৱালীজনীয়ে মোক ধৰি ৰাখিব পৰা দেখি। তাইৰ ঈষৎ স্ফীট পেটৰ প্ৰতি আঙুলিয়াই ইংগিতেৰেই মোক ধৰিব নেলাগে বুলি কলো, সলাজ হাঁহিৰে তাই মই বাথৰুমৰ পৰা আহি বিছনাত নুঠালৈকে ৰৈ থাকিল। ইংগিতেৰে সোধা প্ৰশ্নটো বুজি পাই লাজকুৰীয়া হাঁহিৰে ক’লে , “পাঁচ মাহ চলিছে।” সেইখিনিৰ পৰা পলাব পাৰিলেই যেন ৰক্ষা, কোঠাটোৰ পৰা ওলাবলৈ কৰা লৰালৰিখন দেখি মোৰ তেনে লাগিল। মাৰ হাতত থকা মোৰ মোবাইলটো বাজি উঠিল। ফোনবোৰ মায়েই ধৰিছিল। ” শুনিছ ব’ম ফুটিছে হেনো, গনেশগুৰি আৰু কাছাৰীত , জেঠায়ে খবৰ দিছে।” মাৰ কথাত উচপ খাই উঠিলো। মায়ে টিভিটো অন কৰিলে, অসমীয়া চেনেল কেইটাত বিস্ফোৰণস্থলীৰ পৰা পোণপটীয়া সম্প্ৰ্চাৰ দেখুৱাই আছে , প্ৰায় আধাঘণ্টামানৰ আগৰ ঘটনা। আধাঘণ্টা ….বুকুখন ঢপঢপাই উঠিল, ঠিক আধাঘণ্টা বুলিয়েই কৈছিল আশিসে, আকুলক লৈ স্কুলৰ পৰা এদমিশ্যন ফৰ্ম আনি আধাঘণ্টাত গনেশগুৰি পাই বজাৰ কৰি ইয়ালৈ অহাৰ কথা। ক্ৰমাত হাউলি পৰিলো বিছনাতে, মায়ে চিঞৰি উঠিল, কোনোমতে মাক ক’লো-“ইহঁত গনেশগুৰিত আছে কিজানি”।বুকুখন যেন ভাঙি গৈছে। মায়ে মোৰ কথা বুজিব পৰা নাই, মাত ওলোৱা নাই, বাহিৰলৈ দৌৰি গৈ নাৰ্চদুগৰাকীক মাতি আনিলে। প্ৰায় অৰ্ধসংজ্ঞাহীন হৈ পৰিছিলোঁ মই, টিভিটোলৈ আঙুলিয়াই বিৰবিৰাই কি কৈছোঁ কাৰো বোধগম্য হোৱা নাই। আৰু মই অকল কান্দিছোঁ আৰু কান্দিছোঁ। দুয়োগৰাকীয়ে মোক শান্ত কৰিবলৈ চেষ্টা কৰিছে, কি হৈছে বুজিব নোৱাৰি মা হতবাক হৈছে। কি কি যে কথাবোৰ মনলৈ আহিছিল সেইসময়ত, যিবোৰ কথা মই মাত্ৰ অন্ধবিশ্বাস বা পৰম্পৰা বুলি ভাবিছিলো, সেইবোৰ সেইমুহুৰ্তত সঁচা যেন লাগিল। মিকুলে জন্মতে পিতৃহা, ভ্ৰাতৃহা দেখি আহিছে হয়তো, নে মই এই দুদিন শিৰত সেন্দুৰ নোলোৱাৰ বাবেই……। কান্দোন থমাব নোৱাৰা হ’লো, দুৰ্বল শৰীৰত মনো দুৰ্বল হৈ পৰিল, দুয়োৰে কিবা এটা অনিষ্ট হোৱাৰ আশংকা বিশ্বাসত পৰিণত হ’ল। এসময়ত একো ক’ব নোৱাৰা হৈ পৰিলো , সোঁ বাউসীত খোচ এটা অনুভৱ কৰিলোঁ। কিমান সময় তেনেদৰে আছিলো নেজানো, সুদূৰৰ পৰা যেন ভাঁহি আহিছে আকুলৰ মাত- ‘মা, মা, ভাইটি চাওঁ।”, বহু কষ্টেৰে চকু মেলি দেখোঁ উদ্বিগ্নতাৰে মোলৈ চাই মা আৰু আশিস ঠিয় হৈ আছে। আকুল বিছনাত মোৰ ওচৰতে বহি আছে। মিকুল নাই কাষত, নাৰ্চে লৈ গৈছে বোধহয়। দুয়োকে সোশৰীৰে দেখি দুচকু আকৌ সজল হৈ পৰিল।”আজি যেনেতেনে বাচিলো, আমি পাৰ হৈছোঁ আৰু ব’ম ফুটিছে, কঁপি গৈছিল গাড়ীখন, ৰিয়েৰ ভিৱিং মিৰৰত জুই আৰু জুই, ধোৱাঁ, কাণতাল মৰা শব্দ ”, আশিসে ক’লে। তাৰমানে মোৰ অনুমান ঠিকেই আছিল। মই কি ভয় খাইছিলো ক’লো।মায়েও এতিয়াহে গম পালে ,” সেইবাবে তই তেনেখন কৰিছিলি”। জীৱনত ইমান ভয় কেতিয়াও খোৱা নাছিলো। ভগৱানক বাৰে বাৰে ধন্যবাদ দিলো। “আকুলে ভয় খাইছিল নেকি ?” সুধিলো। দুবছৰ নমহীয়া ল’ৰাটোৱে ভয় খোৱাই স্বাভাৱিক। “উচপ খাই উঠিছিল, দেৱালীৰ ব’ম ফুটিছে বুলি ক’লো, মোৰ নিজৰেই এতিয়ালৈকে গা কঁপি আছে।”, আশিসৰ কথা শুনি মনত পৰিল হয়তো দেৱালী হৈ গৈছে দুদিন পুৰ্বে,আৰু আজি কিমানৰ ঘৰত কি অসহায় অৱস্থাৰ সৃষ্টি হৈছে। টিভিত তেতিয়াও চলি আছিল বিধ্বংস মানৱতাৰ সাক্ষী , নিষ্ঠুৰতাৰ জীৱন্ত দৃশ্য। মনটো গধুৰ হৈ পৰিল য’দিও আপোনজনক লৈ সৃষ্টি হোৱা আশংকা নাইকিয়া হোৱাত এক সকাহ তাত নিহিত আছিল। বহুসময় কোনো চিকিৎসক নহাত আচৰিতেই হৈছিলো। এগৰাকী নাৰ্চে আহি কৈ গ’ল যে সকলো আজি বিষ্ফোৰণত আহতসকলক লৈ ব্যস্ত।মই আছিলো চতুৰ্থ মহলাত। গতিকে তলৰ মহলাৰ হুলস্থূলবোৰ ইয়ালৈ অহা নাছিল। গনেশগুৰিৰ ওচৰৰ হস্পিটেলবোৰ আহত মানুহেৰে ভৰি পৰিছিল। নাৰ্চ বহা কেবিনটো ঠিক মোৰ ৰূমৰ কাষতেই আছিল। নাৰী কণ্ঠৰ হিয়া ভগা কান্দোনত চিলমিলকৈ আহিব খোজা টোপনি ভাগি গ’ল। মা ওলাই গ’ল। হাতত চেলাইনটো লাগি নথকাহ’লে ময়ো নোযোৱাকৈ নোৱাৰিলোহেঁতেন, ইমানেই কৰুণ আছিল সেই কান্দোন। কোনোবাই তেওঁক আঁতৰাই লৈ গ’ল। মা সোমাই আহি ক’লে ” অথনি তোক ধৰি দিয়া ছোৱালীজনী, গিৰিয়েকৰ দুইখন হাত ছিঙি গৈছে, বচাৰ আশা কম, গনেশগুৰিত পাচলিৰ দোকান আছিল, কি যে হ’ব, তাইৰ শৰীৰৰো তেনে অৱস্থা।” বুকুখন মোচৰ খাই উঠিল। ঘৰলৈ অহাৰ আগতে তাইৰ খবৰ সুধিছিলো মোৰ ওচৰলৈ অহা চিকিৎসক-নাৰ্চ-কৰ্মী সকলোকে। ঘৰৰ পৰা মানুহ আহি লৈ যোৱা বুলি গম পালো। ক্ৰমে দুই শিশু সন্তানক লৈ ব্যস্ত হৈ উঠিলো, এনেকুৱা আৰু বহু অমানৱীয় ঘটনা দেখি-শুনি যেন অভ্যস্ত হৈ পৰিছিলোঁ। নিজৰ লগত নঘটালৈকে হয়তো আমি এনে ঘটনাৰ চাবুকৰ কোব সহিব পৰা হৈ থাকোঁ। কিন্তু আহিন সোমোৱাৰ লগেলগে, শেৱালি ফুলিবলৈ ল’লে, মিকুলৰ জন্মদিন পাবৰহি হ’লেই মোৰ মনৰ উচপিচনি বাঢ়ে, সেই শিৰভৰ্তি সেন্দুৰেৰে হাঁহিমুখীয়া উজ্বল মুখখন ভাঁহি উঠে চকুৰ আগত। সেই যে ব’ম ফুটাই ধ্বংসস্তুপক চাই সন্তুস্ত হৈ নিৰ্বিঘ্নে আঁতৰি যোৱা নৰপিশাচবোৰ, সিহঁতৰ বাবে ৰঙা মানে নিশ্চয় তেজৰ ৰং। সুৰুযৰ অথবা সেন্দুৰৰ ৰঙো যে ৰঙা সেয়া হয়তো কেতিয়াবাই পাহৰি পেলালে সিহঁতে। কিয় জানো মই নিজে শিৰত সেন্দুৰ লোৱাৰ সময়ত এনে লাগে যেন ছোৱালীজনীৰ শিৰৰ সেন্দুৰখিনিয়ে কান্দি আছে, কান্দিয়েই আছে এই চাৰিটা বছৰে, আৰু এনে ঘটনা ঘটি থকালৈকে কান্দিয়েই থাকিব…………….সেন্দুৰখিনিয়ে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments