মনত পৰে (চন্দ্ৰমা কলিতা)


ভাদ মাহ পৰিছে। আবেলি-সন্ধিয়া নামঘৰবিলাকৰ কাষেৰে পাৰ হৈ গ’লে ভিতৰৰ পৰাভাহি অহা নাম-প্রসংগৰ মাতত ক্ষন্তেকৰ বাবে বিমুগ্ধ হোৱা মাহ। নাম ভঙা সময়ত হাতে হাতে মাহ-প্রসাদৰ টোপোলা লৈ বাটলৈ ওলাই অহা বগা সাজ পিন্ধা ভকত আৰু আইসকলক দেখিলে এখন্তেক ৰৈ চাবলৈ মন যোৱা মাহ। ভাদ মাহ পৰিলেই মনটো শৈশৱলৈ উৰা মাৰে। যাব পৰা হৈ থকালৈকে আমাৰ আইতা নামঘৰলৈ নাম ল’বলৈ গৈছিল। আমাৰ শৈশৱ-কৈশোৰৰ এছোৱা দীঘলীয়া সময়ৰ স্মৃতি জড়িত হৈ থকা আমি থকা ভাৰাঘৰটোৰ ঠিক বিপৰীতফালেই আছিল এটা ধুনীয়া নামঘৰ। ভাদ মাহত তাত সদায় আবেলি আৰু ৰাতি নামহয় আৰু অন্য মাহবোৰত মঙ্গলবাৰে হয়। তীক্ষ্ন বুদ্ধিৰ আইতাই পঢ়িবলৈ-লিখিবলৈ নাজানিছিল বাবে আগতে ঘড়ী চাবলৈ নাজানিছিল। আবেলি তিনিমান বজাৰ পৰা নাম আৰম্ভ হয়। নামলৈ পলম হ’ব বুলি আইতাই আগতে আমাক সদায় আবেলি হ’লেই সুধিবলৈ আৰম্ভ কৰে তিনি বাজিল নেকি বুলি। কেতিয়াবা স্কুলৰ পৰা আহি শুই থাকিলেও সুধি থাকে কিমান বাজিল বুলি। সেইসময়ত হাতে হাতে হাতঘড়ী বা মোবাইল ফোন নাছিল বাবে সময় চাবলৈ য’তে নাথাকো আকৌ বহা কোঠাৰ ৱালঘড়ীটো চাবলৈ যাব লাগে বাবে আমিকেইটাই আমনি পাওঁ। এদিন বায়ে দীঘল লাঠী এদালেৰে আমাৰ বহা কোঠাত থকা ৱালঘড়ীটোত টুকুৰিয়াই টুকুৰিয়াই আইতাক শিকাই দিলে কোনডাল কাটা ক’ত থাকিলে তিনি বাজে। নামঘৰলৈ সময়মতে যোৱাৰ আগ্রহতে আইতাই সোনকালেই ঘড়ীত নিজৰ সময়টো চাবলৈ শিকি ল’লে আৰু আমিও আমনি লগা কামটোৰ পৰা মুক্ত হ’লো।
মনত পৰে আবেলি নামঘৰলৈ ওলাই যোৱা আইতালৈ আমি গধূলি ৰৈ থাকোঁ। আইতাৰ নামঘৰলৈ নিয়া এখন ডাঙৰ ৰুমাল আছিল। সেইখনতে মাহ-প্রসাদ, পায়স, চাহৰ লগত খাবলৈ দিয়া মিঠাই-লাৰু আদি বান্ধি আনে আমালৈ।ভাদ মাহত প্রসাদ বান্ধি অনা সেই ৰুমালখন সদায় আইতাই নিজে ধুই শুকোৱাই থয় পিছদিনা আকৌ নামঘৰলৈ নিবলৈ বুলি। নামঘৰত ভাগত পৰা ভাল ভাল মিঠাইবোৰ আইতা ইকেতিয়াও নাখাইছিল। দেতাই অফিচৰ পৰা আহোতে যিমানেই ভাল বস্তু নানক কিয়, আইতাই নামঘৰৰ পৰা ৰুমালৰ টোপোলাত বান্ধি অনা সেই মিঠাই-ভুজিয়া,নিমকি আদিৰ ভগাই খোৱা সৰু সৰু টুকুৰাবোৰৰ সোৱাদ ল’বলৈ আমি কেইটাই সদায় ৰৈ থাকিছিলোঁ।আমাৰ ঘৰৰ পৰা শৰাই দিলে কেতিয়াবা আমিও নামঘৰলৈ যাওঁ। আইতাহঁতৰ পাছফালৰ ঢৰা একোখনত বহি নামৰ তালে তালে হালি-জালি থকা গোপিনীসকলক চাই চাই বৰ ভাললাগিছিল। ঘৰত নিজৰ বয়সৰ কোনো নথকা আইতাৰ নামঘৰতে ঢেৰ বান্ধৱী আছিল।তেওঁলোকৰ লগত কথাৰ মহলা মাৰি হাঁহি হাঁহি ৰঙা পৰা আইতাৰ সেই মুখখন এতিয়াও চকুৰ আগত ভাহি থাকে ভাদ মাহবোৰত।

সৰুতে আবেলি সময়ত খেলা-ধূলা কাম নাথাকিলে আগফালৰ বাৰান্দাখনতে বহি খুব কিতাপ পঢ়িছিলোঁ। ভাদ মাহত নামঘৰত নামচলি থকাৰ সময়ত ৰিণি-ৰিণিকৈ শুনি থকা নাম-ঘোষা আদিৰ এখন অনন্য পৃথিৱীত কিতাপৰ মাজত ডুবি থাকোতে কেতিয়া আইতা আহি ঘৰ পায়হি গমেই নাপাওঁ। আইতাৰ বয়সবাঢ়ি অহাৰ পাছত আৰু আমি ভাৰাঘৰ এৰি নিজা ঘৰ লোৱাৰ পাছত সেই ভাদমহীয়া গধূলিবোৰ হেৰাই থাকিল। এতিয়া কেতিয়াবা কোনো চুবুৰিয়া মানুহে নামঘৰৰ পৰা অনাপ্রসাদৰ এভাগ দিলে চিনাকী সুগন্ধ এটাই মেৰিয়াই ধৰে লাহেকৈ….সেয়া ভাদমাহত আইতাই নামঘৰৰ পৰা ৰুমালত বান্ধি অনা মাহ-প্রসাদখিনিত লাগি অহা মমতাখিনিৰ সুবাস ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments