মন,মনন আৰু সৃষ্টিশীলতা — হেমচন্দ্ৰ দত্ত

গ্ৰীক দাৰ্শনিক তথা শিক্ষক এৰিষ্টটলে দেশ -বিদেশৰ প্ৰচুৰ খা-খবৰ ৰাখিছিল৷ কাৰোবাৰ মুখত তেওঁ শুনিবলৈ পাইছিল যে ভাৰতবৰ্ষত এনে এবিধ মানুহ আছে, যাৰ পাৰ্থিৱ সম্পদ, বিলাস-বৈভৱ বুলিবলৈ একোৱেই নাই – অথচ তেওঁলোক পৃথিৱীৰ আটাইতকৈ সুখী মানুহ৷ নিজা ঘৰ-বাৰী নথকা, পৰ্বতে-কন্দৰে বাস কৰা মানুহ এজননো কেনেকৈ ইমান সুখী হ’ব পাৰে – এই কথাটোৰ একো সূত্ৰ উলিয়াব নোৱাৰি এৰিষ্টটল একপ্ৰকাৰ বিমোৰত পৰিছিল৷ সেয়ে, তেওঁৰ মৰমৰ ছাত্ৰ আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ বুলি অহাৰ সময়ত তেওঁ অনুৰোধ কৰিলে যাতে গ্ৰীছলৈ উভটি যাওঁ‌তে আলেকজেণ্ডাৰে নমুনা হিচাপে তেনেকুৱা এজন মানুহ লগত লৈ আহে৷
আলেকজেণ্ডাৰে এৰিষ্টটলৰ অনুৰোধটো সদায় মনত ৰাখিছিল৷ ভাৰতবৰ্ষ আহি পোৱাৰ পিছত তেওঁ‌ সৈন্য সামন্তক নিৰ্দেশ দিলে তেনেকুৱা এজন মানুহৰ সন্ধান কৰিবলৈ৷ সৈন্যসকলে দোভাষীৰ সহায়ত সেইধৰণৰ এজন মানুহক বিচাৰি উলিয়ালে জেলাম নদীৰ পাৰত৷
পুৱাবেলাৰ কথা৷ মানুহজনে প্ৰকৃতিৰ অনুপম শোভা উপভোগ কৰি, কৃতজ্ঞতাবশত এটা গীত গাই আছিল৷ নিজৰ পৰিচয় দি সৈন্যসকলে এই মানুহজনক মহামতি আলেকজেণ্ডাৰে মাতি পঠিওৱা বুলি অৱগত কৰিলে৷ তেওঁলোকে ভাবিছিল যে আলেকজেণ্ডাৰৰ নামটো শুনাৰ লগে লগেই মানুহজনে তেওঁলোকৰ লগত অধিক শব্দ বিনিময় নকৰিব আৰু আলেকজেণ্ডাৰক লগ কৰিবলৈ বুলি তেওঁলোকৰ লগতে বাট বুলিব৷ তাকে নকৰি তেওঁ ক’লে, ‘ আলেকজেণ্ডাৰৰ যদি মোৰ লগত কিবা সকাম আছে, তেওঁ নিজে আহক মোক লগ কৰিবলৈ৷ মই কিয় তেওঁক লগ কৰিবলৈ যাম? ’
সৈন্যসকল ঘূৰি গৈ আলেকজেণ্ডাৰক সকলো কথা সবিস্তাৰে জনালেগৈ৷ মানুহজনৰ স্পৰ্ধা দেখি আলেকজেণ্ডাৰৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ পিছদিনা কেইজন মান সৈন্য লগত লৈ আলেকজেণ্ডাৰ মানুহজনৰ কাষত উপস্থিত হ’ল৷ দুয়োৰে মাজত কথোপকথন চলিল৷ কথাৰ লাচতে আলেকজেণ্ডাৰে কৈ পেলালে – ‘ আপোনাৰ ঘৰ-দুৱাৰ নাই৷ গছৰ তলত থাকে৷ খাই অৰণ্যৰ ফল-মূল৷ আপুনি মোৰ লগত মোৰ দেশলৈ ব’লক৷ মই আপোনাক থাকিবলৈ ঘৰ বান্ধি দিম৷ আপোনাৰ লগুৱা-লিকচৌ থাকিব৷ আপুনি মোৰ লগত গলেই হ’ল৷ ’ আলেকজেণ্ডাৰক আচৰিত কৰি মানুহজনে উত্তৰ দিলে এইবুলি -‘এজন ভিক্ষাৰীয়ে আনক কি ভিক্ষা দিব? ’
গোটেই জীৱন ধৰি আলেকজেণ্ডাৰে মানুহৰপৰা সম্ভমেই পাই আহিছে৷ কোনোবাই যে তেওঁক ভিক্ষাৰীৰ সৈতে তুলনা কৰিবলৈ সাহস কৰিব, এই কথা তেওঁ কল্পনাই কৰিব পৰা নাছিল৷ লগতে তেওঁ অনুভৱ কৰিলে যে এই নিঃসম্বল মানুহটোৰ মাজত এনে কিবা কথা আছে, যি তেওঁক ইমান সাহসী হ’বলৈ অনুপ্ৰেৰণা দিছে৷ গতিকে মানুহটোক শাস্তি নিদি তাৰ লগত কথা পতাই বুদ্ধিমানৰ কাম হ’ব বুলি তেওঁ ভিতৰি অনুভৱ কৰিলে! আলেকজেণ্ডাৰে সুধিলে, ‘আপুনি মোক কিয় ভিক্ষাৰী বুলি ক’লে? মই যে এজন মহাপ্ৰতাপী সম্ৰাট আপুনি নাজানে নেকি? ’ আলেকজেণ্ডাৰৰ প্ৰশ্ন শুনি মানুহজনে সজোৰে হাঁহিবলৈ ধৰিলে আৰু এইবাৰ তেওঁ আলেকজেণ্ডাৰক ওলোটাই প্ৰশ্ন কৰিলে,
‘ আপুনি প্ৰাৰ্থনা কৰে নে? যদি কৰে, আপুনি কি কি বিচাৰি প্ৰাৰ্থনা কৰে? ’
‘হয়, মই প্ৰাৰ্থনা কৰোঁ‌৷ ৰাজ্যখন মোৰ আৰু অলপ বিশাল হওক, মোৰ খ্যাতি গৌৰৱ বাঢ়ক, মই যাতে সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰোঁ – এইবোৰ আশা কৰিয়েই মই প্ৰাৰ্থনা কৰোঁ৷ ’ – আলেকজেণ্ডাৰে উত্তৰ দিলে৷
‘একো নিবিচৰাকৈ কোনোবাদিনা ভগৱানৰ ওচৰত আপুনি প্ৰাৰ্থনা কৰি পাইছেনে? ’- মানুহজনে সুধিলে৷
‘একো নিবিচৰাকৈও কোনোবাই প্ৰাৰ্থনা কৰে নে? মইতো সদায় কিবা বিচাৰিহে প্ৰাৰ্থনা কৰে বুলি ভাবি আহিছিলোঁ! ’ – আলেকজেণ্ডাৰে উত্তৰ দিলে৷
আলেকজেণ্ডাৰক হতচকিত কৰি মানুহজনে এইবাৰ ক’লে, ‘আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য এইখিনিতেই৷ আপুনি সদায় কিবা বিচাৰি প্ৰাৰ্থনা কৰি আহিছে৷ মই আকৌ জীৱনৰপৰা যিখিনি পালোঁ, তাৰ কৃতজ্ঞতাবশতহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ৷ এই অৰ্থতেই আপুনি এজন ভিক্ষাৰী৷ এতিয়া কওক- এজন ভিক্ষাৰীয়ে আনক কি ভিক্ষা দিব? ’
আলেকজেণ্ডাৰে মানুহজনৰ কথাৰ মাজত যুক্তিৰ পোহৰ বিচাৰি পালে৷ তেওঁ এইবাৰ সুধিলে, ‘আপোনাৰ পাৰ্থিৱ সম্পদ, বিলাস-বৈভৱ বুলি একোৱেই নাই৷ তেনেস্থলত আপুনি ইমান সুখী কেনেকৈ? ’
‘আপুনি আপোনাৰ মনৰ বহতীয়া৷ আপুনি আপোনাৰ মনৰ ভৃত্য৷ সেয়ে আপুনি অসুখী৷ মোৰ মনটো আকৌ মোৰ ইচ্ছাৰ বহতীয়া৷ মোৰ মনটো মোৰ ভৃত্য৷ মোৰ মনটো মোৰ নিৰ্দেশত চলে৷ মই মনৰ নিৰ্দেশত নচলোঁ! সেয়ে মই সুখী আৰু আনন্দিত৷ যেতিয়ালৈকে আপুনি মনৰ বহতীয়া, মনৰ ভৃত্য হৈ থাকিব- তেতিয়ালৈকে আপুনি পৰম শান্তিৰ, পৰম আনন্দৰ সোৱাদ কেতিয়াও নাপায়৷ ’ – মানুহজনে উত্তৰ দিলে৷
উল্লেখ্যযোগ্য যে আলেকজেণ্ডাৰে লগপোৱা এই মানুহজন আছিল প্ৰকৃততে এজন সন্ন্যাসীহে৷ আৰু আমাৰ বক্তব্যৰ অৰ্থ এই নহয় যে মানুহে এই জীৱনত প্ৰকৃত শান্তি লাভ কৰিবলৈ হ’লে সন্ন্যাসীৰ জীৱনহে যাপন কৰা উচিত৷ সমগ্ৰ কথোপকথনটোৰ তাৎপৰ্য এয়ে যে মনৰ ভৃত্য হৈ থকালৈকে কোনো মানুহেই এই পৃথিৱীত স্থায়ী শান্তি লাভ কৰিব নোৱাৰে৷

এই ‘মন’ মানেনো আচলতে কি? আমি মনৰ ভৃত্য কিয় হওঁ‌? আমি কেতিয়াবা কওঁ‌-‘আজি মোৰ মনটো ভাল লাগি আছে৷ ’ কেতিয়াবা আকৌ কওঁ‌ -‘আজি মোৰ মনটো বৰ বেয়া লাগি আছে৷ ’ কেতিয়াবা কওঁ -‘এই কেইদিন চিন্তাতে মই টোপনি যাব পৰা নাই৷ ’ ইত্যাদি ইত্যাদি৷
আমাৰ প্ৰত্যেকৰে একোটা মন আছে৷ পিছে ‘মন’ মানেনো কি? ’ বুলি প্ৰশ্ন কৰাৰ লগে লগে আমি থতমত খাওঁ৷ একো উত্তৰ দিব নোৱাৰোঁ৷ তাৰ মূলতেই হ’ল এই ‘মন’ক লৈ আমি কোনোদিনেই প্ৰশ্ন কৰিবলৈ শিকা নাই৷ মনৰ সহায়ত আমি বাহ্যিক পৃথিৱীখন চাওঁ, জ্ঞান আহৰণ কৰোঁ, সংসাৰ যাত্ৰাত অগ্ৰসৰ হওঁ‌ – পিছে আমাক কোনেও এই শিক্ষা দিয়া নাই যে মনটোকো চাব পাৰি, মনটোকো পঢ়িব পাৰি৷
পৃথিৱীৰ আটাইতকৈ উন্নত সঁ‌জুলিটোৰ (device) নামেই হ’ল -‘মন’৷ মন নামৰ এই অসাধাৰণ সঁ‌জুলিটোৰ সহায়ত সভ্যতা সংস্কৃতিৰ বিকাশ সাধন কৰি আজি আমি উন্নতিৰ এই অৱস্থাত উপনীত হৈছোঁহি৷ মন কৰিবলগীয়া যে আমাৰ নাঙলটোও এটা সঁ‌জুলি৷ নাঙলৰ সহায়ত আমি কৃষি-কৰ্ম কৰোঁ৷ পথাৰত হাল সামৰি পৰৱৰ্ত্তী ব্যৱহাৰৰ বাবে নাঙলটো আমি পথাৰতে থৈ আহোঁ৷ কান্ধত তুলি লৈ নুফুৰোঁ৷ খেতিয়ক এজনে নামঘৰলৈ যোৱাৰ সময়ত নাঙলটো লগত লৈ নাযায়৷ একমাত্ৰ ‘মন’ নামৰ এই সঁ‌জুলিটোকহে মানুহে অনবৰতে কঢ়িয়াই লৈ ফুৰে৷ পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছত আৰু ৰাতি গভীৰ টোপনিত প্ৰৱেশ কৰা লৈকে লহমাৰ বাবেও মানুহে ‘মন’ নামৰ এই সঁ‌জুলিটোক জিৰণি নিদিয়ে৷ ফলত কালক্ৰমত মানুহ হৈ পৰে মনৰ বহতীয়া৷ বহুতেই আকৌ টোপনিয়েই মনৰ জিৰণি বুলিও ভাবে৷ টোপনিত প্ৰৱেশ নকৰাকৈও মন নামৰ এই সঁ‌জুলিটোক জিৰণি দিব পৰা যায় নে?
এটা সঁ‌জুলিক ভালদৰে ব্যৱহাৰ কৰিবলৈ হ’লে আমি সেই সঁ‌জুলিটোৰ বিষয়ে ভালদৰে জানি-বুজি ল’ব লাগিব৷ আহকচোন, এই মন নামৰ সঁ‌জুলিটোৰ বিষয়ে আমি কিছু কথা জানি লওঁ‌–
দুটা বস্তুৰে মন নামৰ সঁ‌জুলিটো অনবৰতে ভৰ্তি হৈ থাকে৷ সেই দুটা হ’ল -ক) অহং (ego) আৰু খ) সময়(time)৷ আমাৰ প্ৰত্যেকৰে এটা নাম থাকে৷ এই নামটোক কেন্দ্ৰ কৰি আমাৰ মনত অহঙে থিতাপি লয়৷ মই নিজৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ‌৷ মোৰ নাম – হেমচন্দ্ৰ দত্ত৷ মই ইংৰাজীৰ এম এ৷ মই সাহিত্য-সমালোচক৷ মই অনুবাদক৷ মই Spoken English ৰ শিক্ষক৷ মই ধনী মানুহ৷ অথবা মই দুখীয়া মানুহ৷ মই হিন্দু৷ মই আস্তিক৷ মই নাস্তিক আদি অসংখ্য বাৰেভচহু তথ্য আৰু ধাৰণা মিলি মোৰ মনৰ মাজত এই অহঙটোৰ জন্ম হৈছে৷ প্ৰতিজন মানুহৰ মাজতেই এনেকৈয়ে অহঙৰ জন্ম হয় আৰু গোটেই জীৱন ধৰি ই এজন মানুহৰ মনৰ ভিতৰত ৰাজত্ব চলায়৷ একমাত্ৰ গভীৰ টোপনিতহে মানুহে এই অহঙৰ কৱলৰ পৰা মুক্তি লাভ কৰে৷
দ্বিতীয়তে, অনবৰতে আমাৰ মনত সময়ে ক্ৰিয়া কৰি থাকে৷ আমাৰ মনটো হয় অতীতলৈ গৈ থাকে, নহয় ভৱিষ্যতলৈ গৈ থাকে৷ ই বৰ্তমানত থিতাপি নৰয়৷ অতীতৰ ভাল-বেয়া অভিজ্ঞতাক পাগুলি থাকি মনে তৃপ্তি লাভ কৰে, হতাশাত ভোগে, বিষণ্ণতাৰ কৱলত পৰে৷ ঠিক সেইদৰে অনাগত ভৱিষ্যতৰ কথা ভাবি মানুহ উদ্বিগ্ন হয়, দুচিন্তাত ভোগে৷ পিছে প্ৰকৃত সত্যটো এয়ে যে অতীতৰ অভিজ্ঞতাৰ পৰা বৰ্তমান সময়ত কাৰোৰে একো লাভ নহয়৷ অতীত মানেই অতীত৷ খুব বেছি অতীতৰ পৰা মানুহে এটা শিক্ষা লাভ কৰিব পাৰে৷ কিছুমান ভুল পুনৰ নকৰোঁ বুলি সিদ্ধান্ত কৰিব পাৰে৷ বা কোনো এটা কাম পুনৰ কৰিলে আৰু ভালকৈ কৰাৰ প্ৰেৰণা ল’ব পাৰে৷ তাৰ বাদে অতীতৰ একো অৰ্থ নাই৷ ঠিক সেইদৰে ভৱিষ্যতক কেন্দ্ৰ কৰিও মানুহে পৰিকল্পনা কৰা উচিত, আঁ‌চনি প্ৰস্তুত কৰা উচিত৷ পিছে তাকে কৰিবলৈ গৈ বৰ্তমান সময়ে আনি দিয়া শান্তিকণক, সুখকণক মানুহে জলাঞ্জলি দিব নালাগে৷ সমীক্ষাৰ তথ্য অনুসৰি ৯৫% মানুহৰে মনটো হয় অতীত নতুবা ভৱিষ্যতৰ বুকুত ভ্ৰমি ফুৰে৷ বৰ্তমানত( ইংৰাজীত ক’লে here and the now) থিতাপি নৰয়৷ মানুহজনৰ শৰীৰটো থাকে বৰ্তমানত, পিছে মনটো পনপনাই ফুৰে হয় অতীতৰ বুকুত, নহয় ভৱিষ্যতৰ মাজত৷ এনেদৰে মনৰ মাজত আমি অতীত আৰু ভৱিষ্যতৰূপী যি সময়ক কঢ়িয়াই লৈ ফুৰোঁ, তাৰ নামেই হ’ল -মনস্তাত্বিক সময় ( Psychological time)৷ ঘড়ীৰ সময়ে ( clock time ) সভ্যতা সংস্কৃতিক গতি প্ৰদাণ কৰিছে, মানুহক পৃথিৱীৰ পৰা নি চন্দ্ৰ পোৱাইছেগৈ৷ মনস্তাত্বিক সময়ে বিষণ্ণতা, উদ্বিগ্নতাৰ ৰূপত মানুহক উপহাৰ দিছে সৰু-বৰ অনেক মানসিক ৰোগ৷ চিকিৎসা বিজ্ঞানৰ মতে মানুহৰ মুঠ ৰোগৰ ৮০% ৰে কাৰণ হ’ল মানসিক৷ মনোশাৰীৰিক ব্যাধি (psychosomatic disease) নামেৰে পৰিচিত এই ৰোগবোৰৰ গৰিষ্ঠসংখ্যকৰে উৎপত্তিৰ কাৰণ হ’ল এইমাত্ৰ কৈ অহা মনস্তাত্বিক সময়৷

সকলো সঁ‌জুলিৰে কেতবোৰ বৈশিষ্ট্য (feature) থাকে৷ ‘মন’ নামৰ সঁ‌জুলিটোৰ প্ৰধানকৈ তিনিটা বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ সেইকেইটা হ’ল –
ক) মনে কিছুমান বস্তু ভাল পায়৷ এই ভালপোৱা বস্তুটো বাদ, আদৰ্শ, নীতি, খাদ্য, পোছাক, কিতাপৰপৰা আৰম্ভ কৰি যিকোনো কথা বা বস্তুৱেই হ’ব পাৰে৷ আমাৰ প্ৰত্যেকেৰ কিছুমান বস্তুৰ প্ৰতি আগ্ৰহ থাকে৷ সকলোৱে একেবোৰ বস্তুকেই ভাল নাপায়৷ মনৰ কিছুমান বস্তুক ভালপোৱাৰ এই প্ৰৱণতাটোৰ নামেই হ’ল – আসক্তি ( attachment )৷ ‘আসক্তি’ শব্দটো শুনাৰ লগে লগেই ভয় খাব নালাগে৷ দেশ, কাল, পাত্ৰ-ভেদে প্ৰতিজন মানুহৰ ভালপোৱা বস্তুৰ তালিকাখন সুকীয়া৷
খ) কিছুমান বস্তুক ভালপোৱাৰ সমান্তৰালকৈ মনে আকৌ আন কিছুমান বস্তুক বেয়া পায়৷ আৰু সেই বেয়াপোৱা বস্তুটো বাদ, আদৰ্শ, খাদ্য, পোছাকৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ যিকোনো কথাই হ’ব৷ আপুনি মই বেয়া পোৱা বস্তুটোকো আন কোনোবাই আকৌ ভাল পাব পাৰে৷ মনৰ কিছুমান বস্তুক বেয়াপোৱাৰ এই প্ৰৱণতাটোৰ নামেই হ’ল – অনাসক্তি (detachment)৷ অনাসক্তিও একো বেয়া বস্তু নহয়৷ কোনোবাই গাহৰিৰ মঙহ খাই ভাল পায়; আন কোনোবাই আকৌ গাহৰিৰ মঙহ বুলিলেই ঘৃণাত নাক কোচায়৷ মানুহৰ জীৱনত ভালপোৱা বস্তুৰ তালিকা এখন যিদৰে থাকে, বেয়া পোৱা বস্তুৰো তালিকা এখন থাকে৷
গ) মনে কিছুমান বস্তুক ভাল পায় আৰু কিছুমান বস্তুক বেয়া পায়৷ এই ভালপোৱা আৰু বেয়া পোৱাৰ বিপৰীতে প্ৰতিজন মানুহৰ মনে কেতবোৰ বস্তুৰ প্ৰতি কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা উৎসুক্য প্ৰকাশ নকৰে৷ মনৰ এই প্ৰৱণতাক কোৱা হয়- নিষ্ক্ৰীয়তা (neutrality)৷ আমাৰ চৌপাশে কেতবোৰ ঘটনা প্ৰায়ে ঘটি থাকে, যাৰ প্ৰতি আমাৰ কোনো আগ্ৰহ বা বিৰাগ নাথাকে৷ অথচ আন কেতবোৰ মানুহে সেইবোৰৰ মাজতেই আনন্দৰ খোৰাক বিচাৰি পায়৷
এই ভালপোৱা, এই বেয়াপোৱা আৰু এই নিষ্ক্ৰীয় প্ৰৱণতাৰ তিনি খুটিৰ ওপৰতে একোজন মানুহৰ মনৰ ক্ষেত্ৰখন প্ৰসাৰিত হৈ থাকে৷ তাৰ মানে হ’ল এই তিনি প্ৰৱণতা পৃথিৱীৰ প্ৰতিজন মানুহৰ ক্ষেত্ৰতে সমানে প্ৰযোজ্য৷
….
প্ৰতিটো সঁ‌জুলিৰ সহায়ত আমি কেতবোৰ কাম সম্পন্ন কৰোঁ৷ মন নামৰ সঁ‌জুলিটোৰ সহায়তো মানুহে দৈনিক কিছুমান কাম সম্পন্ন কৰে৷ ভাষাৰ সহায়ত মানুহৰ লগত ভাবৰ আদান-প্ৰদানৰ উপৰি মনে সচৰাচৰ সম্পন্ন কৰা কেতবোৰ কাম এনেধৰণৰ –
১) মনে ভাল-বেয়া, উচিত-অনুচিত আদি বিচাৰবোৰ কৰি থাকি ভাল পায়৷ কথা পাতিলে গম পোৱা যায় যে গৰিষ্ঠ সংখ্যক মানুহৰ মনত অনবৰতে তুলনামুলক বিচাৰৰ এটা প্ৰৱণতা চলি থাকে৷ কোনো এটা বস্তু বা ঘটনাক যেনেকৈ আছে, তেনেকৈ গ্ৰহণ কৰাতকৈ এনে মনৰ মানুহে তুলনামুলক বিচাৰ কৰিহে শান্তি পায়৷ এজোপা গছক দেখাৰ লগে লগে গছজোপাৰ সৌন্দৰ্য উপভোগ কৰাতকৈ গছজোপা ওখ নে চাপৰ, ধুনীয়া নে ধুনীয়া নহয় – এনেধৰণৰ বিচাৰত লিপ্ত হয়৷ ফলত এনে মনে সত্যত গৈ উপনীত হ’বগৈ নোৱাৰে৷ এনে মনক তুলনাত্মক মন( judgmental mind) বুলি কোৱা হয়৷ জেন বৌদ্ধবাদ ( Zen Buddhism ) ত suchness বুলি এটা ধাৰণা আছে৷ সেইটো হ’ল এটা বস্তু যেনেকৈ আছে, তাক তেনেকৈ গ্ৰহণ কৰা৷ পিছে তুলনাত্মক মনৰ মানুহে কোনো বস্তুকে অন্য কিবাৰ লগত তুলনা নকৰাকৈ যেনেকৈ আছে তেনেকৈ গ্ৰহণ কৰিব নাজানে৷ হয়, সংসাৰ যাত্ৰাত অগ্ৰসৰ হ’বলৈ হ’লে মানুহক এটা তুলনাত্মক মনৰ প্ৰয়োজন৷ ষোল হাজাৰ টকা পকেটত লৈ আপুনি মোবাইলৰ দোকানলৈ গ’ল হেণ্ডচেট এটা ক্ৰয় কৰিবলৈ৷ এই ক্ষেত্ৰত আপুনি তুলানাত্মক মনৰ সহায় ল’বই লাগিব৷ পিছে, সকলো কথাতে তুলনাৰ সহায় ল’লে, অনবৰতে উচিত-অনুচিতৰ বিচাৰত লাগি থাকিলে সময়ত ই ৰুগ্ন মানসিকতালৈ সলনি হয়৷
২) মনে হিচাপ-নিকাচ কৰি ভাল পায়৷ প্ৰতিটো মানৱীয় কৰ্ম আৰু সম্পৰ্কৰ মাজত কিছুমান মানুহে কেৱল লাভ- লোকচানৰ হিচাপটো কৰি ফুৰে৷ কাৰোবাৰ লগত যদি সম্পৰ্ক কৰিছে, সেই সম্পৰ্কৰ পৰা আগলৈ কি লাভ হ’ব এই অংকটো আগতীয়াকৈ কৰি পেলায়৷ এনে মনক হিচাপী মন ( calculative mind) বুলি কোৱা হয়৷ পিছে, জীৱন গণিতৰ হিচাপত নচলে৷ হিচাপ নিকাচ কৰি গঢ়া মানৱীয় সম্পৰ্কৰ ফলাফলো কেতিয়াবা শূন্য হোৱা দেখিবলৈ পোৱা যায়৷ অংকৰ আৰ্হিত গঢ়া সপোনো থানবান হৈ পৰে৷ হিচাপী মনৰো সীমাবদ্ধতা এইখিনিতেই৷
৩) মনে পৰিচয় (identity) ৰ সন্ধান কৰিও ভাল পায়৷ কোনো ‘বাদ’, আদৰ্শ, কৰ্ম, সামাজিক প্ৰতিষ্ঠা আদিৰ আলমত সমাজত পৰিচয়ৰ সন্ধান কৰা মানুহৰ অভাৱ নাই৷ কোনোৱে ‘গান্ধীবাদী’ বুলি যদি পৰিচয়ৰ সন্ধান কৰে, আন কোনোৱে ‘মাৰ্ক্সবাদী’ বুলি পৰিচয় দি ভাল পায়৷ এনেদৰে পৰিচয় বিচাৰি ফুৰা মনক পৰিচয়সন্ধানী মন ( identifying mind ) বুলি কোৱা হয়৷ এই পৰিচয়সন্ধানী মনটো অতি বিপদজনক৷ কিয়নো ‘বাদ’, আদৰ্শ আদিবোৰ তেনেই আপেক্ষিক সত্য৷ সেইবোৰ হ’ল একো একোখন খিৰিকী – জীৱনত চাবলৈ, জীৱনক উপলব্ধি কৰিবলৈ৷ কোনো এখন খিৰিকীয়েই পূৰ্ণাংগ নহয়৷ কোনো এখন খিৰিকীৰেই মানুহে সম্পূৰ্ণ আকাশখন দেখা পালোঁ বুলি দাবী কৰিব নোৱাৰে৷ পৰিচয়সন্ধানী মনৰ সীমাবদ্ধতা এইখিনিতেই৷
৪) মনে প্ৰতিযোগিতাত নামি ভাল পায়৷ এই যুগ প্ৰতিযোগিতাৰ যুগ৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ বুলি নিজকে প্ৰতিপন্ন কৰিব নোৱাৰিলে আজিৰ যুগত টিকি থকাটোৱেই সমস্যা৷ যি মনে প্ৰতিযোগিতাৰ বাদে আন একো চিনি নাপায়, যি মনে প্ৰতিযোগিতাৰ নামত আনক অপকাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে, তেনে মনক প্ৰতিযোগী মন ( competitive mind ) বুলি অভিহিত কৰা হয়৷
৫) মনে সজাই পৰাই পেকেজিং কৰি ভাল পায়৷ আজিৰ যুগটো হ’ল ব্ৰেণ্ড আৰু পেকেজিংৰ যুগ৷ ভিতৰত মাল যিয়েই নাথাকক কিয় এই মনৰ মানুহে নিজকে সজাই পৰাই সমাজৰ সন্মুখত আকৰ্ষণীয়কৈ পৰিৱেশন কৰে৷ সেয়ে এনে মনক পেকেজিং মন ( packaging mind ) বুলি কোৱা হয়৷ তাৎপৰ্যৰ কথা যে ভগা খৰাহিত পিতলৰ বাও হোৱাৰ দৰে এনে মনৰ মানুহৰ আচল ৰহস্য সমাজে সময়ত অনুধাৱন কৰিবগৈ পাৰে৷
এতিয়া স্বাভাৱিকতে আমাৰ মনত প্ৰশ্নৰ উদয় হয় – অহং আৰু মনস্তাত্বিক সময়ৰ বুকুত ভ্ৰমি ফুৰা এই মনটোক জিৰণি দিব পৰা যায় নে? ভালপোৱা, বেয়াপোৱা আৰু নিষ্ক্ৰীয়তাৰ গুণেৰে ভৰি থকা এই মনটোক আমাৰ বহতীয়া কৰিব পৰা যায় নে? তুলনাত্মক বিচাৰ, হিচাপী ভাবনা, পৰিচয়কাতৰ, প্ৰতিযোগিতাপ্ৰৱণ আৰু পেকেজিং ভাবনাৰ এই মনটোক প্ৰকৃত অৰ্থত বুজি উঠিব পাৰি নে? এনে কি কৌশল আছে যাৰ সহায়ত মনৰ কৱলৰ পৰা মুক্ত হৈ মানুহে এক আনন্দভৰা জীৱন যাপন কৰিব পাৰে?

মনক পঢ়াৰ, মনক বুজাৰ, মনক জিৰণি দিয়াৰ, মনৰ কৱলৰ পৰা মুক্ত হৈ আনন্দময় জীৱন যাপন কৰাৰ কৌশলটোৰ নামেই হ’ল ধ্যান৷ অতীত আৰু ভৱিষ্যতৰ বুকুত ভ্ৰমি ফুৰা মনটোক বৰ্তমানত ( here and the now ) থিতাপি লগোৱাৰ কলাটোৰ নামেই হ’ল ধ্যান৷ মনক ভালদৰে পৰ্যবেক্ষণ কৰি মনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ ( no-mind state) যোৱাৰ কৌশলটোৰ নামেই ধ্যান৷ বিখ্যাত মনীষী অশ্ব’ৱে (Osho) তেওঁৰ কিতাপত ১২০ বিধ ধ্যান প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰিছে৷
আহক, আমি এটা সহজ ধ্যান আজি অনুশীলন কৰোঁ৷ মেৰুদণ্ড পোন কৰি চকীত বা সুখাসনত আৰামেৰে বহক৷ চকু মুদক৷ আৰু মনৰ পৰ্দালৈ অহা চিন্তা-ভাবনা, আবেগ-অনুভূতি আৰু ছবিবোৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাবলৈ আৰম্ভ কৰক৷ ভাল ভাবনা আহিলেও ভাল বুলি উৎফুল্ল নহ’ব৷ বেয়া ভাবনা আহিলেও বেয়া ভাবনা বুলি তাক খেদি পঠিয়াবলৈ চেষ্টা নকৰিব৷ আপোনাৰ কামটো হ’ল একো নিয়ন্ত্ৰণ নকৰাকৈ মনৰ পৰ্দালৈ যি আহে তাকে চাই থকা৷ এনেদৰে পুৱা ৫ মিনিট আৰু সন্ধিয়া ৫ মিনিট অনুশীলন কৰক৷ লাহে লাহে এই সময়-সীমা বঢ়াই নি আধা ঘণ্টাও কৰিবগৈ পাৰে৷
সাধাৰণতে দৈনিক আমাৰ মনৰ পৰ্দাৰ মাজেদি লাখ লাখ চিন্তাৰ সোঁত পাৰ হৈ যায়৷ নিয়ন্ত্ৰণহীন আৰু অতি বিক্ষিপ্ত এই চিন্তাবোৰে এজন মানুহৰ মনৰ শক্তি হৰণ কৰে৷ বিখ্যাত চেতনা বিশেষজ্ঞ একাৰ্ট তোলেই (Eckhart Tolle) এই চিন্তা বোৰৰ নাম ৰাখিছে compulsive thinking! যেতিয়া আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ এই চিন্তাৰ সোঁতবোৰক চাবলৈ আৰম্ভ কৰি দিওঁ‌, সিহঁতৰ বাৰংবাৰতা ( frequency) দৈনিক কমিবলৈ আৰম্ভ কৰে৷ আৰু এটা সময়ত মনৰ পৰ্দালৈ চিন্তা-ভাবনা, আবেগ-অনুভূতিৰ সোঁত অহাটো বন্ধ হৈ যায়৷ মনটো বিশুদ্ধ নীৰৱতাত অৱগাহন কৰে৷ এই বিশুদ্ধ নীৰৱতাই হ’ল এজন ব্যক্তিৰ প্ৰকৃত পৰিচয়৷ এই নীৰৱতাই হ’ল প্ৰকৃত শান্তিৰ আলয়৷ বুদ্ধই এই নীৰৱতাৰ নাম দিছিল – শূন্যতা৷
মন কৰিবলগীয়া যে বহুত মানুহে ধ্যানত বহিবলৈ ভয় কৰে৷ ধ্যানত বহাৰ লগে লগে মনৰ অতল তলীত দ্ৰৱীভূত হৈ থকা ভাল-বেয়া চিন্তা, ভাল- বেয়া স্মৃতি, ভাল-বেয়া আবেগ-অনুভূতি, কামনা – বাসনা আদিবোৰ মনৰ পৰ্দালৈ আহিবলৈ আৰম্ভ কৰে৷ কাম, ক্ৰোধ, লোভ, মোহ আদিবোৰো দৃষ্টিৰ সন্মুখত প্ৰতিভাত হয়৷ এইবোৰ মানুহে সহ্য কৰিব নোৱাৰে৷ সমগ্ৰ জীৱন গীতা পাঠ কৰি থকা মানুহ এজনৰ মনলৈ যদি কেনেবাকৈ হিংসাৰ ভাবনা আহিল – মানুহজন আত্মগ্লানিত ভোগে এই ভাবি যে ‘ইমান বছৰে গীতা পাঠ কৰিও মোৰ মনলৈ হিংসাৰ ভাবনাহে আহিব লাগে নে? ’ তেনে প্ৰেক্ষাপটত মানুহজনে ধ্যানৰ অনুশীলন বন্ধ কৰাই অতি স্বাভাৱিক কথা৷ পিছে, তেনেকুৱা কৰিব নালাগে৷ হিংসাৰ ভাবনা আহিলেও তাকো আহিবলৈ এৰি দিব লাগে আৰু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ চাই থাকিব লাগে৷ তেনে কৰিলে হিংসাৰ ভাবনাটো নিজে নিজে শান্তিলৈ সলনি হ’ব৷ এনেদৰেই অনুশীলন কৰি গৈ থাকিলে মানুহৰ চেতন শক্তিটো মনৰ কৱলৰ পৰা মুক্ত হৈ নীৰৱতাত প্ৰৱেশ কৰিব৷ সেই নীৰৱতা য’ত একোৱেই নাই, অথচ সকলো আছে৷ সেই নীৰৱতা য’ত আপুনি ভিতৰি শূন্যতা অনুভৱ কৰিছে, অথচ একে সময়তে জগত প্ৰপঞ্চৰ সৈতে অনুভৱ কৰিছে একময়তা ( a sense of togetherness)৷ এই উপলব্ধি হোৱাৰ পিছত আপুনি পোন প্ৰথমবাৰৰ বাবে অনুভৱ কৰিব যে ইমান দিনে সাংঘাটিক কিবা বুলি ভাবি থকা আপোনাৰ মনটো আচলতে এটা সঁ‌জুলিহে আছিল৷ এই শূন্যতা আৰু একময়তাৰ অনুভৱেই কোৱাণ্টাম পদাৰ্থ-বিজ্ঞানক প্ৰাচ্যৰ আধ্যাত্মিকতাৰ কাষ চপাই আনিছে৷ বিখ্যাত পদাৰ্থ বিজ্ঞানী ফ্ৰিটজোফ কেপ্ৰাই তেখেতৰ The Tao of physics নামৰ বিখ্যাত গ্ৰন্থখনত ক’ব বিছাৰিছে যে এজন কোৱাণ্টাম পদাৰ্থ বিজ্ঞানীয়ে তেওঁৰ গৱেষণাৰ অন্তিম ঢাপত যি আৱিষ্কাৰ কৰে তাকে প্ৰাচ্যৰ এজন আধ্যাত্মবাদীয়ে গভীৰ ধ্যানৰ যোগেদি অনুভৱ কৰে৷

মনক পঢ়াৰ, মনক চোৱাৰ এই অনুশীলনটোৰ নামেই ধ্যান৷ আৰু এই ধ্যানৰ সহায়ত বিশুদ্ধ নীৰৱতালৈ কৰা যি যাত্ৰা, তাৰ নামেই আধ্যাত্মিকতা (Spirituality)৷ আধ্যাত্মিকতা বুলিলেই আমাৰ শিক্ষিত মানুহে সাত জাপ মাৰিব খোজে৷ কোনো দিনেই মন্দিৰ মছজিদলৈ নোযোৱা, কোনোদিনেই গীতা-ভাগৱত- বাইবেল পাঠ নকৰা এজন ব্যক্তিও আধ্যাত্মিক হ’বগৈ পাৰে যদিহে তেওঁ ওপৰত কৈ অহাৰ দৰে মন নামৰ সঁ‌জুলিটোক পঢ়িবলৈ শিকে, মনক ভৃত্যৰ দৰে ব্যৱহাৰ কৰাৰ কৌশলটো আয়ত্ত্ব কৰে, আৰু তাকে কৰি শান্তিভৰা, নীৰৱ জীৱনৰ অধিকাৰী হয়৷
উল্লেখযোগ্য যে এই নীৰৱতাৰ সৈতে সৃষ্টিশীলতাৰ সম্পৰ্ক আছে৷ কোৱা হয়, বাহ্যিক প্ৰভাৱমুক্ত মনৰ পৰাহে প্ৰকৃত সৃষ্টি সম্ভৱ হয়৷ এই প্ৰভাৱবোৰ বাদ, ন্যস্ত আদৰ্শ, সযত্নপালিত ধাৰণা, জীৱন-বিষয়ক নিৰ্দিষ্ট একোটা দৃষ্টিভংগীও হ’ব পাৰে৷ ধ্যানৰ সহায়ত এজন ব্যক্তি যেতিয়া বিশুদ্ধ নীৰৱতাত প্ৰৱেশ কৰে, তেওঁৰ চেতনাৰ পৰা সমাজে দিয়া এই ধৰণৰ সকলো প্ৰভাৱ নাইকিয়া হৈ যায়৷ ফলত জীৱন আৰু জগতক তেওঁ স্বকীয় দৃষ্টিভংগীৰে ( free perspective) চাবলৈ লয়৷ বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰে তেওঁ‌ৰ নোবেল ভাষণটোত এই নীৰৱতাৰ কথা সজোৰে উল্লেখ কৰিছে৷ তেওঁ‌ কৈছে যে কৈশোৰৰ সময়চোৱাত তেওঁ প্ৰকৃতিৰ গভীৰ সান্নিধ্যত সময় অতিবাহিত কৰিছিল৷ সেই সান্নিধ্যই তেওঁক দিছিল গভীৰ নীৰৱতাৰ পাঠ৷ তেওঁ লগতে লিখিছে যে এই নীৰৱতাৰ পাঠ তেতিয়াই নোপোৱাহেঁতেন তেওঁ কেতিয়াও মহাকবিৰ পৰ্যায়লৈ উন্নীত হ’বগৈ নোৱাৰিলেহেঁতেন৷ উল্লেখ্য যে প্ৰকৃতিৰ গভীৰ সান্নিধ্য আৰু গভীৰ প্ৰাৰ্থনাৰ যোগেদিও কোনো কোনোৱে নিজৰ চেতনাক মনৰ কৱলৰ পৰা মুক্ত কৰিব পাৰে৷ ৰবীন্দ্ৰনাথৰ ক্ষেত্ৰত তেনে হোৱা বুলি ভাবিবৰ থল নোহোৱা নহয়৷ পৃথিৱীক নতুন কিবা এটা উপহাৰ দিবলৈ হ’লে এজন ব্যক্তি প্ৰচুৰ সৃষ্টিশীলতাৰ অধিকাৰী হ’বই লাগিব৷ আৰু ধ্যানেই হৈছে সেই পথ, যি এজন ব্যক্তিক প্ৰকৃত সৃষ্টিশীলতাৰ সৈতে পৰিচয় কৰাই দিব পাৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক