মনলৈ ওভতে ল’ৰালি (১) : ধীৰাজ কলিতা

মনলৈ ওভতে ল’ৰালি

শ্ৰুতলিপি, পাঠপঢ়া আৰু হাতৰ কাম

 

ধীৰাজ কলিতা

৩য় শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ শ্ৰুতলিপি নামৰ বিষয় এটা আছিল। পঞ্চম মানৰ পৰা অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে শ্ৰুতলিপিৰ ৩০ মিনিটৰ এটা শ্ৰেণী। টিফিনৰ পিছৰ ক্লাছটো সোমবাৰে শ্ৰুতলিপি মঙলবাৰে পাঠপঢ়া, বুধবাৰে শ্ৰুতলিপি বৃহস্পতিবাৰে পাঠপঢ়া, আকৌ শুক্ৰবাৰে শ্ৰতলিপি… এতিয়াও মনত আছে। টিফিন শেষ হোৱাৰ লগে লগে বহী-পেঞ্চিল লৈ বাৰান্দাত বহোঁ। কেতিয়াবা সাহিত্য, কেতিয়াবা বিজ্ঞান, কেতিয়াবা আকৌ চাৰৰ লগত থকা বাহিৰা কিতাপ খন লৈ হেড চাৰ শ্ৰুতলিপি দিবলৈ বাৰান্দাত উপস্থিত। এইটো এনে এটা বিষয় যিটো ঘৰত পঢ়ি আহি ভাল নম্বৰ পোৱা সুযোগ কম। ১০০% কমন পৰাৰ চান্স ১%ত কৈয়ো কম, গতিকে নকল কৰাৰ সুযোগ তেনেই সীমিত। অৱশ্যে ঘৰত অনুশীলন কৰিলে কমকৈ বানান ভুল হোৱাত সহায় হয়। চাৰে গদ গদ কন্ঠেৰে স্পষ্টকৈ এটাৰ পিছত এটাকৈ শব্দ মাতি যায়। প্ৰথমবাৰ বুজি বা শুনি নাপালে দ্বিতীয়বাৰ পুনৰ পঢ়ি দিব কিন্তু তাৰ পিছত শুনি/বুজি নাপালে চাৰৰ দোষ নাই বুলি প্ৰথমতেই সঁকিয়াই দিয়ে । চাৰে পঢ়ি যোৱাৰ লগে লগে আমি মনযোগেৰে শুনো আৰু উচ্চাৰণৰ প্ৰতি লক্ষ্য ৰাখি বানানৰ উপৰিও দাড়ি, কমা, চন্দ্ৰবিন্দু ইত্যাদিও শুদ্ধ কৰি লিখাটো জৰুৰী। শ্ৰুতলিপি শেষ হোৱাৰ পিছত এজনক আনজনৰ বহী নিৰীক্ষণ কৰিবলৈ দিছিল। দৈন্দদিন জীৱনত মানুহ এজন ভাল শ্ৰোতা হোৱাতো বহুত জৰুৰী। বহুতকে দেখিছোঁ কোনোবাই কিবা কথা কৈ থাকিলে ভালদৰে শুনাৰ ধৈৰ্য্য নাথাকে, সম্পূৰ্ণ অমনোযোগী। এটা কথা দুবাৰকৈ শুনাটো কিছুমানৰ অভ্যাস। এইবোৰ কথা ভাবিয়ে চাগে বিজ্ঞজনে পঢ়াশালিত এনেকুৱা বিষয় অন্তৰ্ভুক্ত কৰিছিল যাতে শিশু অৱস্থাৰ পৰা এই ভাল গুণবোৰ ঠন ধৰি উঠে।

অভ্যাসৰ কথা কওতে আখৰ লিখা কথা এটা মনত পৰিল। স্কুলত শিক্ষকে আৰু ঘৰত মায়ে হাতত ধৰি ধৰি আখৰ লিখিবলৈ শিকাইছিল। কিতাপত থকা “ক” টোৰ দৰে “ক” এটা লিখা যিমান ডাঙৰ কথা তাতকৈ ডাঙৰ কথা হ’ল শুদ্ধ পদ্ধতিৰে “ক” আখৰটো লিখা। পঢ়া-শুনাত চোকা বহুত লগৰ পাইছো যিয়ে অসমীয়া “ল”,”ন” আখৰ আদি ওলোটা পিনৰ পৰা লিখে। “ল” লিখিবলৈ প্ৰথমতে মাত্ৰা দি তাৰ পিছত থিয় দীঘল আঁচডাল টানি, সোঁফালৰ পৰা বাওঁফাললৈ “ল” ৰ ভাজটো দিয়ে। আমাক প্ৰথম দিনৰ পৰাই বাওঁফালৰ পৰা সোঁফাললৈ ফলিৰ পৰা পেঞ্চিল নুঠোৱাকে একে পাকত “ল” “ন” লিখিব শিকাইছিল। ঠিক সেইদৰে কিছুমানে আকৌ “ৱ”টো লিখিবলৈ “ব”ৰ তলৰ আঁচডাল আগতে টানি তাৰ ওপৰত “ব” আখৰটো লিখে। আখৰ লিখাৰ সহায়িকা পুথি কেতিয়াও পঢ়া নাই কিন্তু পঢ়াশালিত শিক্ষকে শিকোৱাটোকে শুদ্ধ বুলি ভাবি লোৱাটো এক আঁকোৰ-গোজ স্বভাৱ আছিল সেয়ে চাগে কোনোবাই অলপ বেলেগকৈ লিখিলে আচহুৱা অনুভৱ হয়।

২য় শ্ৰেণীৰ পৰা ৪ৰ্থ শ্ৰেণীলৈ আন এটা সুন্দৰ বিষয় হল পাঠপঢ়া। টিফিনৰ বেল পৰাৰ পিছতেই ঘোষণা কৰি দিয়ে পাঠপঢ়াৰ নিৰ্দিষ্ট দফা। এজন এজনকৈ ৰোল নং মাতি যায় আৰু চাৰৰ টেবুলৰ কাষত গৈ উক্ত দফাটো সলসলীয়াকৈ পঢ়িব লাগে। কেতিয়াবা চাৰে পঢ়ি থকা বাতৰি কাকত খনৰো এটা অংশ পঢ়িব দিয়ে। এবাৰ কবিতা আবৃতি প্ৰতিযোগিতাত লগৰ এজনে ভাগ নোলোৱাত “তুমি দেখোন শ্ৰেণীকোঠাত প্ৰতিবাৰে পাঠপঢ়াত আটাইতকৈ বেছি নম্বৰ পোৱা, কিয় নোৱাৰিবা?” বুলি উত্‍সাহ দিয়াত সি প্ৰতিযোগিতাত ভাগ ল’লে। আজি সি এজন ভাল আবৃতিকাৰ ।

সকলো লিখিত পৰীক্ষা শেষ হৈ যোৱাৰ পিছত বাকী থাকে হাতৰ কাম। পৰীক্ষাৰ শেষৰ দিনা “ছবি অঁকা”ৰ প্ৰশ্নকাকত খনৰ ওলোটাফালে থাকে “হাতৰ কাম”ৰ প্ৰশ্ন ।
১ম প্ৰশ্ন (ল’ৰা-ছোৱালী উভয়ৰে)
–মাটিৰে এটা কৰ্দ্দৈ বা আম সাজি উলিওৱা।
২য় প্ৰশ্ন
–বাঁহেৰে এডাল স্কেল তৈয়াৰ কৰা (ল’ৰাৰ বাবে)
–এডাল কাগজৰ শিকলি তৈয়াৰ কৰা (ছোৱালীৰ বাবে)………..ইত্যাদি

পৰীক্ষা শেষ হোৱাৰ দিনাখনেই ঘৰত গৈ উঁই হাফলুৰ মাটি বিছাৰোঁ। উঁই হাফলুৰ মাটি হেনো আঠাৰ দৰে, মাটিৰ বস্তু সাজিবলৈ ভাল। আম সাজি শুকাবলৈ দিয়া, কাগজৰে সুন্দৰকৈ মেৰিয়াই স্কুলত জমা দিয়া কি যে আনন্দৰ দিন আছিল। মোৰ আমটোৱে সকলোতকৈ ধুনীয়া বুলি ভাবি স্কুললৈ গৈ যেতিয়া দেখোঁ বাকী লগৰবোৰে মোতকৈয়ো বহুত বহুত সুন্দৰ সাজিছে, তেতিয়া কিমান যে দুখ লাগে। কিছুমানে আকৌ মাটিৰ আমটোত ৰঙো দিয়ে।
৪ৰ্থ মানৰ বৃত্তি পৰীক্ষাত বিচনী আৰু হাইস্কুল পোৱাৰ পিছত ল’ৰাবোৰে ঢাৰি-খৰাহি, ছোৱালীবোৰে টেবুল ক্লথত ফুল তুলিছিল। গৰমৰ বন্ধৰ পিছত হাতৰ কাম জমা দিয়াটো বাঞ্চনীয়।

আজিকালিৰ পাঠ্যক্ৰমত ওপৰোক্ত বিষয়বোৰ অন্তৰ্ভুক্ত হয় নে নহয় জ্ঞাত নহয়। যুগৰ লগত খাপ খাবলৈ তাৰ সলনি কম্পিউটাৰ আদি বিষয় দিলে চাগে।

বি:দ্ৰ:- চাফ-চিকুণৰ কাৰণে থকা সেই ৫ নম্বৰে ২৭-২৮ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ হ’বলৈ বহুত সহায় কৰিছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক