মনালিছা (-দেৱজ্যোতি মহন্ত)

মোক ক্ষমা কৰিবা লিঅ’নার্ড’
তোমাৰ মনালিচাৰ হাঁহি মোৰ ভাল নালাগে…
সেই হাঁহিত নুফুলে কলেজত তিনি আলিৰ সোণাৰু নাইবা
মাজুলিৰ এডৰা সৰিয়হ…
মই জানো— মোৰ প্রজ্ঞাৰ পৰিসৰৰ বাহিৰত
তোমাৰ এই কালজয়ী সৃষ্টি !
যদি সেয়াই হয়, কিয় নহ’ল তোমাৰ মনালিচা
সর্বসাধাৰণৰ বাবে !
কিয় নহ’ল তোমাৰ মনালিচা মোহময়ী জুলিয়া ৰবার্টচৰ দৰে !!
অথবা মোৰ আইৰ দৰে সৰল !
কিয় নহ’ল তোমাৰ মনালিচা
বিশ্বৰ নিপীড়িত নাৰীৰ চিৰ প্রতিবাদী শ্লোগান !!
যদি মনালিচা তোমাৰ প্রেয়সী আছিল
তেওঁৰ সৰল হাঁহিত নিশ্চয় বুৰ গৈছিলা তুমি…
যাৰ প্রেৰণাতে সৃষ্টি হৈছিল—
তোমাৰ অমৰ শিল্প…
আৰু এদিন
তেওঁৰেই এই ৰহস্যময় নিৰৱতাত স্তব্ধ হৈছিলা নেকি তুমি !
ভগ্ন হৈছিল নেকি তোমাৰ প্রেমিক হৃদয় !
যদি সেয়া সঁচা, কিয় নকৰিলা তোমাৰ মনালিচাক
সৰল প্রেমিকাৰ ৰূপত অংকণ ?
তুমিতো নাছিলা অকৃতজ্ঞ প্রতিশোধপৰায়ণ প্রেমিক !
মনালিচা হৈ ৰওক অভিজাত দ্রয়িংৰুমৰ “ষ্টেটাছ চিম্বল”
—এয়াই কি তোমাৰ কাম্য আছিল ?
নিশ্চয় নাছিল ।
হে মোৰ প্রিয় শিল্পী, তুমি মোক ক্ষমা কৰিবা
তোমাৰ সপোন কুঁৱৰী মনালিচা মোহময়ী নাছিল
নাছিল শুৱনি তোমাৰ মনালিচা…
 
(মোৰ কবিতাৰ গুৰু মিতালী বর্মনলৈ গুৰুদক্ষিণা)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments