মনোমোহা লাডাখ(-ৰুমী বৰা)

ৰুমী বৰা


ভ্ৰমণ মানৱ জীৱনৰ এক অবিচ্ছেদ্য অঙ্গ। সুন্দৰ পৃথিৱীখনৰ সৌন্দৰ্য্য উপভোগৰ এক আহিলা ভ্ৰমণ।  আমাৰ এইবাৰৰ ভ্ৰমণ স্থল আছিল লাডাখ। কাশ্মীৰৰ উত্তৰ দক্ষিণ দিশতঅৱস্থিত। নৱম শতিকাৰ এক স্বাধীন ৰাজ্য। ইয়াৰ স্থানীয় লোক সকল বৌদ্ধধৰ্মৱালম্বী লোক। ইন্ডো –আৰ্য্য শাখাৰ অন্তৰ্গত। দৰ্দ বুলি কোৱাহয়। ইয়াৰ লাডাখী লোকসকলৰ প্রিয় খাদ্য নাংপে, স্কুয়ু, থুকপা ইত্যাদি। লাডাখৰ জলবায়ু শীতল। ঠেৰেঙা বতাহে হাড়লৈকে কপাই তোলা। বৰফৰ পাহাৰবোৰ,লুনীয়া হ্রদবোৰ,বুদ্ধ স্তূপ আৰু বিহাৰ লাডাখৰ আকৰ্ষণীয় কেন্দ্রস্থল।
লাডাখ আমি থকা ঠাই অনন্তনাগৰ পৰা ৫০০কিঃ মিঃ দূৰত্বত অৱস্থিত। আমি দিনৰ ১২ বজাত যাত্রা আৰম্ভ কৰিছিলো। শ্রীনগৰৰ পৰা সোনমাৰ্গ হৈ লাহে লাহে জজিলা গিৰিপথেৰে ৰোমাঞ্চকৰ যাত্রা আৰম্ভ কৰিছিলো। জজিলা গিৰিপথেৰে চীনা পৰিব্রাজক হিউৱেনচাং ভাৰত ভ্ৰমণলৈ আহিছিল। জজিলা গিৰিপথটো কুন্দলী পকোৱা আছিল বাবে বৃটিচসকলে জিগজেগ ৰ’ড নাম দিছিল। কলহনে আকৌ ৰাজতৰংগিনীত এই পথক ভূত স্থান বুলিছিলি। বহু দূৰলৈকে কোনো জনবসতি চকুত পৰা নাছিল। আমি যিমান উপৰলৈ উঠি গৈছলো সিমানে চেঁচা বতাহজাকে হাড়লৈকে চুই যোৱা যেন ভাব হৈছিল। আকাশখন কাষ চাপি আহিছিল। ড্রাছ নৈ খনো আমাৰ লগে লগে সমানে বাট বুলিছিল। এবাৰ পানীখিনি চুই চাইছিলো। হাতখন চিঙি নিব খোজা ঠাণ্ডা পানী! সন্ধ্যা লগাৰ আগেয়ে আমি ড্রা ছ ভেলী পাইছিলোগৈ। এৰা ড্রাছ ভেলী। পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান পোৱা ঠাইখন ঠান্দাআৰু তুষাৰপাতৰ বাবে বিখ্যাত। মানুহবোৰ মঙ্গোলীয় গোষ্ঠীৰ সাইলাখ আমাৰ অসমীয়া মানুহৰ লেখীয়া দেখাত। মই তেতিয়াহে বুজিছিলো কাশ্মীৰত কিয় মানুহবোৰে আমাক লাডখী নে কি বুলি সোধে!বাৰু যি কি নহওক..আমি গৈ এঘৰ লাডাখী মানুহৰ ঘৰত কিছুসময় বিশ্রাম ললো। নুন চায়ে[লুনীয়া গাখীৰ চাহ]ৰ সোৱাদ লৈ গৃহস্থৰ মুখেৰে কাৰ্গিলৰ যুদ্ধৰ কাহিনী শুনিলো। অসম ৰাইফলৰ জোৱানৰ কথাও কলে। কিদৰে তেওঁলোকৰ মাটিৰে নিৰ্মিত ঘৰটোত গোলা বাৰুদ বৰষিছিল শুনি আচৰিত লাগিল। তেওঁলোকৰ গাওঁখন টুললিঙৰ কাষতে। যৰ পৰা পাকিস্থানৰ বৰ্ডাৰ আৰম্ভ হয়। তাৰপৰা নিচেই কাষতে কাৰ্গিল ৱাৰ মেমৰিয়েল। এইবাৰ কাৰ্গিল ৱাৰ মেমৰিয়েল চাবলৈ গলো। তেতিয়া ৰাতি ৮ বাজিছে। কৰ্তব্যৰত সেনা জোৱানে প্রথমে কলে যে ৭ বজাত দ্বাৰ বন্ধ হয়। পিছে আমি অনুৰোধ কৰিলো যে আমি বীৰ স্বহীদ কেপ্টেইন জিন্টুগগৈৰ ঘৰৰ মানুহ। যাবলৈ দিবই লাগিব!সম্ভ্রমেৰে আমাক লৈ গল আৰু সকলোবোৰ যুদ্ধৰ স্মৃতি খুচৰিবলৈ সুযোগ পালো। স্বহীদৰ অমৰ জ্যোতিৰ কাষত পুস্পান্জলীৰে আমি বীৰ সকললৈ সন্মান জনালো। জিন্টু গগৈৰ ফটোখন দেখুৱাই গৌৰৱ অনুভৱ কৰিলো। তেতিয়াও কাৰ্গিললৈ ৬৭কিঃমিঃআছিল। ৰাতি১০বজাৰ পৰা পূৱতি নিশালৈকে বাটত আমাৰ গাড়ীখনযান জটতসোমাই ওলাব নোৱাৰা হল। ইফালে দোকান হাটো বন্ধ। খাবলৈ বাটত একো পোৱা নগল,কিয়নো কাৰ্গিলৰো জনবসতি বৰ পাতল। লাহে লাহে বাট খুলিল আৰু আমি জান্সকাৰ ভেলী অৰ্থাৎ কাগিল পালোহি পূৱতি নিশা।
কাৰ্গিলৰ পৰা আহোতে বাটত আমি নমকিলা পাহাৰ,মেগনেটিক পাহাৰ আদি বিপদজনক পৰ্বতীয়া ঠাই অতিক্রম কৰিলো। বাটতে গুমতি জতীয় দোকানএখনত চাহ খাই থাকোতে লঠঙা পাহাৰবোৰৰ নামনিত এজাক সুগৰি পহু নিৰ্ভয়ে উমলি ফুৰা দেখি হতবাক হলো!পিচে এইখিনিতে এষাৰ কথা কওঁ..পাহাৰবোৰ লঠঙা হলেও পিছে অপূৰ্ব সুন্দৰ লাগিছিল। বাটৰ কাষৰ বুদ্ধবিহাৰ বিলাকে ভাগৰুৱা মন বোৰ জীপাল কৰি তুলিছিল। যাত্রাপথৰ সকলোতকৈ ভাললগা ঠাইখন আছিল মুন লেন্ড। সচাইযেন জোনবাইৰ দেশ!কুন্ডত কটা পাহাৰবোৰ একো একোটা মৃন্ময় মূৰ্তি নহৈ যেন পলে পলে জাগ্রতহৈ পৰিব খুজিছিল। গছ নথকা ইমান নয়নাভিৰাম পাহাৰ মই কাহানিও কতো দেখা নাছিলো। যাত্রাস্থল পাবলৈ বেছি দূৰ নাছিল। নিম্মো নামৰ ঠাই টুকুৰা পাৰ হৈ আমি লাহে লাহে ‘লিটিল তিববত’ লেহ পাইছিলোগৈ। তেতিয়া দিনৰ ১২ বাজিছল। সম্পূৰ্ণ২৪ ঘন্টাৰ ভ্ৰমণ। লেহ খন দেখা পাই খূবেই আনন্দিত হৈ উঠিছিল মন। লেহত আকাশখনৰ কি মোহনীয় বেশ!প্রকাশ কৰিব নোৱাৰাকৈ অপৰূপ এই লাডাখ। মোৰ জীৱণৰ এক অবিস্মৰণীয় স্মৃতি। সিন্ধু নদীৰ কমনীয় ৰূপ এই ঠাইৰ অনতম বিশেষত্ব।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments