মনোৰাজ্যত চিপৰাং মৰা অগ্ৰাহ্যৰূপী অস্বীকাৰৰ মনোবিজ্ঞান

ড° লোচন শইকীয়া

 

আজি এনেকুৱা বিষয় লৈছোঁ যিটো সকলোৱে জানে, কিন্তু ইয়াৰ পৰা আঁতৰি থাকিব বিচাৰে। এই বিষয়টো কোনেও ভাল নাপায়। পাবও নোৱাৰে। ই ভাল পোৱাৰ বিপৰীত। হ’লেও প্ৰতিজন মানুহৰ জীৱনৰ লগত ই ওতঃপ্ৰোতভাবে জড়িত। একেই অৰ্থ বুজোৱা নাকচ, অগ্ৰাহ্য বা অস্বীকাৰ বুজোৱা শব্দ অসমীয়া ভাষাতো দেখাত বৰ সহজ-সৰল। পিচে ইয়াৰ ঠেলা এবাৰ যিয়ে খাইছে তেওঁহে বুজে ইয়াৰ চোক কিমান। কোনেও এইবিধৰ পৰা পলাই সাৰিব নোৱাৰে। ধৰিব পাৰিছেনে? ৰ’ব, ইংৰাজীত কওঁ একেবাৰতে বুজিব। তাকো হাড়ে-হিমজুৱে। Rejection। Rejection ক’ত নাই? পৰিয়ালত, বন্ধুত্বত, প্ৰেমত, কৰ্মত, চাকৰিত, ওপৰ মহল, সমাজ, ব্যৱসায়, ৰাজনীতি ইত্যাদি সকলোতেই ইয়াৰ পয়োভৰ।

সকলোৰে মনটোক ধৰ্ষণ কৰিব পৰা ইমান শক্তিশালী এই শতৰুৰ সৈতে কোনেও মিতিৰালি পাতিব নিবিচাৰে। কাৰোবাক (যিকোনো হ’ব পাৰে) এটা প্ৰস্তাৱ দিলে বা আপুনি এটা কাম কৰি উঠিলে নতুবা নকৰিলেই; ধৰি লওক, সিজনে বা সমাজে লগে-লগেই নাকচ কৰি দিলে। ভাল লগাৰ সম্পূৰ্ণ বিপৰীত অৰ্থ কঢ়িওৱা অনুভূতি কিমান হৃদয় বিদাৰক বুজাই ঠিকেই বুজিব। অস্বীকাৰৰ খোঁটে মন নামৰ হৃদয়ক ফালি চিৰাচিৰ কৰে।

মানুহ মাত্ৰেই এই প্ৰৱণতা কঢ়িয়ায়। কোনেও নিবিচাৰে তেওঁক কোনোবাই গ্ৰহণ নকৰক। তেওঁক অস্বীকাৰ নকৰক। তেওঁক অকলশৰীয়া নকৰক। অস্বীকাৰ কৰাৰ পিচত লাহে–লাহে মানুহজন অস্বীকাৰ কৰাজনৰ ওচৰত বা চিনাকি মানুহবোৰ বা সমাজখনৰ পৰা পৃথক হৈ পৰিবলৈ আৰম্ভ কৰে। আমাৰ গাঁওসমূহত আজিও সমাজত বিশৃঙ্খলতা সৃষ্টি কৰা শক্তিক বাধা দি সমাজক সুশৃঙ্খল কৰি ৰাখিবলৈ সামাজিক বৰ্জন (এঘৰীয়া কৰা, গাঁওত্যাগ জাননী) এতিয়াও প্ৰচলিত। উত্তৰ-পূবৰ পাহাৰীয়া জন-জাতিৰ মাজত সমাজ বিৰোধীৰ সমাজত স্থানেই নাই।

একোখনি ভাগি পৰা অন্তৰৰ দুখ কিহৰ লগত ৰিজাম?

ধৰি লওক, স্কুল বা কলেজ দল এটাৰ বাবে বাচনি হৈছে। কোনোবা বাচনিত নুঠিল। কিহৰ ভিত্তিত নুঠিল সেইবোৰ থাকক। কষ্ট কৰিও নোপোৱাজনৰ দুখ যে লাগিব সেয়া ধ্ৰুবসত্য।
আৰু এটা উদাহৰণ; প্ৰথম প্ৰেমৰ প্ৰস্তাৱলৈ হোহোকা-পিচলা মন এটালৈ কম কমকৈ থকা কথাষাৰ কৈ পেলালে। কিবা কাৰণত সকলো সফল নহয়। দুখ নালাগিবনে? নাকচ হোৱাৰ ভয়ত নক’লেও হাৰি যায়। কৈ হাৰিলেও বিফলতাৰ প্ৰতিক্ৰিয়া কি হ’ব নোকোৱাই ভাল নেকি! সেয়ে প্ৰেম জাগিলেও বহুতেই পক্ষক নোকোৱাকৈ জীৱনটো পাৰ কৰে। মুঠতে reject হ’ব নোখোজে।

সৰু অকণমান কেঁচুৱাটিয়েও হাঁহিক হাঁহিৰে সঁহাৰি দিয়ে। বিচৰা নিৰাপত্তা নাপালেই কান্দি উঠে। মৰম-চেনেহে মানুহৰ মিলা-প্ৰীতি বঢ়ায়। এদিন শিশু ডাঙৰ হৈ অহাৰ লগে-লগে মৰমবোৰৰ বৰ্গীকৰণ আৰম্ভ হৈ যায়। পিতৃ-মাতৃৰ মৰমক স্নেহৰ ৰহঘৰাত থয়। অনাবিল স্নেহৰ আকৰ হৈ ৰয়; কোৱা হয় অপত্য স্নেহ। যি পিতৃ-মাতৃৰ স্নেহৰ পৰা বঞ্ছিত তেওঁৰ সমান দুৰ্ভগীয়া নাই। অপ্ৰাপ্তবয়স্ক বা চুইট টিন বা যুৱক-যুবতীয়ে মৰমৰ বেলেগ নাম বিচাৰে। বেলেগ ঠিকনা বিচাৰিবলৈ আৰম্ভ কৰে। কোনোবাই কবিতাও লেখিবলৈ লয়। হীৰুদাই কোৱা- ‘কবিতাৰ নুবুজাখিনিয়েই কবিতাৰ অৰ্থ’লৈ ভালপোৱাৰ সাৰ্থকতা বিচাৰি দুটি প্ৰাণে আত্মসমৰ্পণৰ ঠিকনা বিচাৰে। এনেকুৱা সন্ধিক্ষণতে অস্বীকাৰৰ চিকাৰ হয় অলেখ প্ৰাণ। বুকু ভঙা, হিয়া ভঙা টুকুৰা বাক্যৰে ফেচবুকৰ পৃষ্ঠা ভৰি পৰে।

পঢ়া জীৱনত পৰীক্ষাৰ ফলাফল নিজৰ কষ্ট অনুযায়ী। কোনে কাক কিয় নাকচ কৰিলে ভিন-ভিন সময়ত ভিন-ভিন উদ্দেশ্য থাকে। ঘৰত পঢ়াৰ তাগিদাত নিত্য নতুন সকিয়নি। উচিত ফল নোপোৱাৰ বেদনাত কত জীবনে কলিতেই মেলানি মাগিছে। পঢ়িব বিচাৰে এটা, পায় আন এটা। তাতো অগ্ৰাহ্যৰ চিপৰাঙৰ কোবত মনৰ গৰাখহনীয়া চলে।

কাৰোবাক মাতোঁ মাতোঁ লাগে, চিনাকী হওঁ হওঁ লাগে। জানোচা উত্তৰেই নিদিয়ে। অস্বীকাৰ কৰে। আত্মশ্লাঘাই বাধা দিয়ে। সঙ্কোচ নামৰ ভাবটোৱে কি কৰিব নোৱাৰে? (এইখিনিতে অকব-ৰো নিয়মীয়া সুলেখক ভাস্কৰজ্যোতি বৰুৱালৈ তেখেতৰ সঙ্কোচ নামৰ লিখনিটোৰ শলাগ ল’লোঁ)।

কেইদিনমান আগতে অকব-তে ছোভিয়েট দেশ আলোচনীখনক লৈ শ্ৰী দেৱব্ৰত বৰাই সোঁৱৰণী এটি লিখিছে। এই আলোচনীখনেই সৰুতে পঢ়িবলৈ পাইছিলোঁ। মিহি মিহি কাগজৰ আঙুলি পিচলি যোৱা পৃষ্ঠাবোৰত ছোভিয়েট দেশৰ ধুনীয়া ধুনীয়া ছোৱালীৰ প্ৰতিচ্ছবি দিছিল। কোৱা শুনো, ছোৱালীয়েই ছোৱালীক ধুনীয়া দেখে। আদম-ইভৰ পৃথিবীত আদমকেইটাই ইভক কিয় ধুনীয়া নেদেখিব! মোৰো একে অৱস্থা আছিল। বাচি বাচি ধুনীয়া ছোৱালীৰ প্ৰতিচ্ছবি থকা পৃষ্ঠাটো ফালি কিতাপ-বহীৰ বাকলি লগাই লওঁ। পঢ়াৰ আগতে নয়ন জুৰাই চাই লওঁ। পঢ়া সামৰোঁতে আকৌ এবাৰ চাওঁ। বেছি ধুনীয়া দেখাকেইজনীৰ পৰা বাচি বাচি এজনীক মনোৰাজ্যৰ অধিকাৰিণীৰ দায়িত্ত্বই গতাই দিছিলোঁ। নামটোও কি যে ধুনীয়া আছিল। এতিয়া পাহৰিলোঁ। পিচফালে ..ভা-দি শেষ হৈছিল। তেতিয়াৰ দিনত ফেচবুকৰ সুবিধাকণ থকা হ’লে মনৰ পথাৰখনত বহুত যুদ্ধ-বিগ্ৰহ নহ’লহেঁতেন চাগে’! কিমাননো বয়স তেতিয়া? খুউব বেচি চৈধ্য-পোন্ধৰ বছৰ। পঢ়াশালিত একেখন বেন্সত দুদিন বহিব নিদিয়ে। বাওঁফালে আগৰখনলৈ যাব লাগে। সোঁফালে প্ৰথম বেন্সত বহাৰ পিচদিনা পিচুৱাই যাব লাগে। ছোৱালী মাত্ৰ দুবেন্স। সিহঁতক মাফ। সন্মুখৰ বেন্সখনত বহিবলৈ পোৱা দিনা সতৰ্ক হৈ থাকোঁ। বিদেশিনীৰ মায়াত মজা এই অধমৰ মিচিকিয়াই থকা প্ৰতিচ্ছবিৰ বাকলি লগোৱা কিতাপখন ছাৰ-বাইদেউৰ হাতলৈ গ’লে অৱস্থাটো কি হ’লহেঁতেন কল্পনা কৰি ল’ব পাৰে। এইটোৱেই মোহিত হোৱা (infatuation)। ধৰা পৰিলে লাজ পোৱাৰ ভয়— এক প্ৰকাৰ অগ্ৰাহ্যই।

নাকচ হোৱাৰ ভয়তে আত্মসন্মানৰ তুলাচনীত হোহোকা-পিচলা কৰা মনটোৰ বাবে ক’বলগীয়া কথাবোৰ চাগে’ এটা বয়সত নোকোৱাকৈয়ে বহুতৰে থাকি যায়। মিছা কৈছোঁ নেকি? কিবা এটাই অঙ্কুশ লগাই পিচলৈ টানে। সেইটো বয়সত ছোৱালীবোৰৰ কি ভাল লাগে বুলি ক’লে সহজে দিব পৰা উত্তৰটোৱেই বিচাৰি পোৱা নাছিলোঁ। কাৰণ সেইটোৱেই নাকচ হোৱাৰ ভয়। কাকো একো কোৱাই নহ’ল। মোৰ দৰে আৰু কাৰোবাৰ এনে দশা হৈছেনে? ছোৱালীবোৰে কি ভাবে সেইটো “দেবা নঃ জানন্তি”লৈ এৰিলোঁ।

চাকৰি বিচাৰি হাবাথুৰি খাই কিমান শিক্ষিত যুবক-যুবতী হতাশাগ্ৰস্ত হৈছে তাৰ হিচাব কোনে ৰাখিছে! ইয়াতো অগ্ৰাহ্যকৰণ।

মনোবিজ্ঞানীসকলে কয় যে অগ্ৰাহ্যকৰণে ৫০শতাংশ বিয়োগ কৰে। চিকাৰ হোৱাজনৰ হতাশা, বিষাদ, খং, অস্থিৰতা, কম আত্মশ্লাঘাৰ দৰে ঋণাত্মকভাববোৰে যদি গ্ৰাস কৰে তেনেহ’লে বিপদ ঘণীভূত। সেয়ে বাকী ৫০শতাংশ নিজৰ ফালৰ পৰা বঢ়াই দিলেই খেলা শেষ।

 

মনোবৈজ্ঞানিক বিশ্লেষণ

অগ্ৰাহ্যকৰণে মনটোক দুখ কিয় দিয়ে?

বিজ্ঞানে কয়, শাৰীৰিক আঘাত পালে মানুহৰ মগজুত যিধৰণৰ প্ৰতিক্ৰিয়া ঘটে, অনুৰূপধৰণে অস্বীকাৰ, সামাজিক বহিষ্কৰণে (social rejection) হুবহু একে ক্ৰিয়া কৰে (Naomi Eisenberger, Science, 2003)।

হিয়া দিয়া-নিয়াৰ সম্পৰ্কত আচম্বিতে ভাঙি যোৱা ৰোমাণ্টিক যুটিৰ ওপৰত পৰীক্ষা চলাই Ethan Kross, Ph. D আৰু তেওঁৰ সহকৰ্মীয়ে মগজুৰ স্কেনিং কৰি দেখুৱাইছিল যে শাৰীৰিক আঘাত পাওঁতে মগজুৰ যি অংশই বিষৰ অনুভূতিত ভাগ লয় সেই একে অংশই তেনেকুৱা যুটিবোৰৰ ক্ষেত্ৰত তেওঁলোকৰ সম্পৰ্ক ভাঙি যোৱাৰ পিচত ইজনৰ ফটো সিজনক দেখুৱাওঁতেও একেধৰণৰ সঁহাৰি জনাইছিল (Proceedings of the National Academy of Sciences, 2011)। মনোবিজ্ঞানীসকলে শাৰীৰিক বিষ আৰু অস্বীকাৰপ্ৰাপ্ত হৈ হোৱা সন্তাপক একে বুলি কৈছে।

সামাজিক বৰ্জন হেতু সমাজপ্ৰিয় মানুহ সাধাৰণ মানুহ হৈ নাথাকে। আবেগিক গঠন প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হোৱা বাবে তেনে ব্যক্তিৰ খং, চিন্তা, হতাশা, ইৰ্ষা আৰু দুখ বাঢ়ে। ফলত চিন্তনশীল প্ৰক্ৰিয়া কমি ধনাত্মক ফলযুক্ত কাম দিব নোৱাৰা হৈ উঠে। তেনে ব্যক্তিৰ টোপনি কমে আৰু শৰীৰৰ বেমাৰৰ প্ৰতিৰোধ ক্ষমতা নোহোৱা হৈ আহে (DeWall, Current Directions in Psychological Science, 2011)।

মানুহ মাত্ৰেই সামাজিক। আমাক যেনেকৈ ভোকত খাবলৈ লাগে, পিয়াহত পানী লাগে, ঠিক তেনেদৰে জীয়াই থাকিবলৈও ধনাত্মক আৰু দীৰ্ঘস্থায়ী সম্পৰ্ক লাগে। এই মনোভাব মানুহৰ ক্ৰমবিকাশৰ লগত ওতঃপ্ৰোতভাবে গাঁঠি থোৱা আছিল আৰু পৰ্য্যায়ক্ৰমে আধুনিক জীবনতো ঘটি থকা ঘটনাবোৰৰ সৈতে মানসিকভাবে সম্পৃক্ত হৈ আছে। আধুনিক জীবনৰ বস্তুবাদী সুবিধাৰে অকলশৰীয়াকৈ জীয়াই হয়তো থাকিব পৰা যাব। কিন্তু সেয়া সুখৰ জীৱন কোনোপধ্যে হ’ব নোৱাৰে। ছশ মিলিয়ন বছৰ আগতে মানুহ সমাজ পাতি নথকা হ’লে অকলশৰে জীয়াই থাকিব পাৰিলেহেতেঁননে?

 

অগ্ৰাহ্যকৰণৰ নাগপাশৰ পৰা কেনেকৈ মুক্তি পাব?

(সৰু ল’ৰা-ছোৱালীবোৰক বাদ দি কৈছোঁ)

আপুনি মনত ৰাখিব যিজনে আপোনাৰ কাম বা আপোনাক তুচ্ছ জ্ঞান কৰি অস্বীকাৰ কৰিছে, আৰু তেওঁ বাৰে বাৰে সেই একেটাই কৰি আছে তেনেহ’লে তেওঁৰ পৰা আপুনি একো পাবলৈ নাই। তেওঁ সঘনে আপোনাৰ অন্তৰক দুখেই দিব।

আপুনি বুজি পোৱা উচিত তেনেকুৱা মানুহে ব্যৱহাৰ বা সিদ্ধান্ত সলাব নোৱাৰে। তেতিয়া আপুনি হৃদয়ঙ্গম কৰা উচিত যে তেওঁ তেনেকুৱাই। তেওঁৰ পৰা আঁতৰাই মঙ্গল।

কিছু কিছু ক্ষেত্ৰত আপুনি হাৰি যোৱা একো বেয়া নহয়। যিখন যুঁজত হৰাটো অনিবাৰ্য্য তেনে যুঁজত ননমাই শ্ৰেয়।

কেতিয়াবা তিতা সত্যও স্বীকাৰ কৰি ল’বলগীয়া হয় যে – হয়, এবাৰ হাৰিছোঁ কি হ’ল। মই মোৰ আবেগক আৰু প্ৰাধান্য দিম যাতে মই আৰু শক্তিশালী হ’ব পাৰোঁ।

মোক কোনোবাই অস্বীকাৰ কৰি দিলেই পৃথিবীখন নোহোৱা হৈ নাযায়।

পৃথিবীত কিছুমান মানুহ থাকেই যি তেওঁলোকৰ কাৰণে কৰা কামবোৰ তেতিয়ালৈকে দেখা নাপায়, যেতিয়ালৈকে আপুনি তেওঁলোকৰ কাৰণে কৰা কামটো বন্ধ কৰি নিদিয়ে। তেনেকুৱা মানুহক, আপোনাক অসন্মান কৰাৰ সুবিধা কেতিয়াও নিদিব। আপুনি যোগ্য। আপুনি এতিয়া পোৱা সন্মানতকৈ বেছি পাব লাগে।

———————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments