মনৰ কথা – কৃষ্ণা বৈশ্য


“মা, তুমি ক’লৈ যোৱা? “
হাতত কাপোৰৰ টোপোলা লৈ থৰক বৰক খোজেৰে ঘৰৰ পৰা ওলাই অহা মাকক ৰাস্তাতে পালে বিশ্বনাথে৷ তেওঁ হস্পিতেলৰ ডিউটী সামৰি ঘৰলৈ উভতিছিল৷
“বাবাই মাতি পঠিয়াইছে৷ কলিকতালৈ যাওঁ৷ “
“অকলে কেনেকৈ যাবা? আজি ৰাতিও বহুত হ’ল৷ কাইলৈ মই লৈ যাম৷ এতিয়া ঘৰলৈ ব’লা৷ “
মাকৰ হাতৰ পৰা কাপোৰৰ টোপোলাটো লৈ বিশ্বনাথ ঘৰত সোমাল৷ পিছে পিছে মাক৷ হাত মুখ ধুই চাহ দুকাপ আনি তেওঁ মাকৰ লগত বাৰাণ্ডাত বহিল৷ চাহৰ কাপত মুখ দি মাকে দিনটোৰ খতিয়ান দাঙি ধৰিলে৷
“বোৱাৰীয়ে আজি মোক একো খাবলৈ দিয়া নাই৷ ভোক লাগিছে৷ সোনকালে খাবলৈ দিয়া৷ “
“হয় নেকি? ৰবা মই বোৱাৰীক সোধো৷ “ বিশ্বনাথে শলাগি থয়৷ বোৱাৰী অৰ্থাৎ বিশ্বনাথৰ ঘৈণীয়েক ঢুকাবৰ পোন্ধৰ বছৰেই হ’ল৷ মাকে পাহৰিলে৷
মাজে মাজে মাকে নিজৰ কোঠাটো বিশৃংখল কৰি থয়৷ বিছনাতে প্ৰস্ৰাৱ পায়খানা কৰি গোটেইজনী লুতুৰি পুতুৰি হৈ থাকে৷ গা পা ধুৱাই দি, কাপোৰ কানি ধুই বিশ্বনাথে মাকৰ কোঠাটো পৰিষ্কাৰ কৰে৷ কেতিয়াবা আকৌ নতুন শাৰী আৰু এসোপামান সোণৰ অলঙ্কাৰ পিন্ধি ডাঙৰকৈ সেন্দূৰৰ ফোঁট লৈ মাকে লাজ লাজকৈ বিছনাত বহি থাকে৷ বিশ্বনাথক দেখিলে কয়, ’চাচোন, বৰে ইমান দেৰি কৰিছে৷ লগ্ন উকলি যাব এতিয়া৷ ’
দুদিনমান আগতে এদিন হস্পিতেলৰ পৰা উভতি আহোঁতে দৰ্জা খুলি দি মাকে বিশ্বনাথক সুধিছিল, “তুমি কোন? কাক লাগে? বৰ্তমান ঘৰত কোনো নাই৷ পাছত আহিবা৷ “
বিশ্বনাথ আমাৰ হস্পিতেলৰ তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী৷ ল’ৰা দুটা সৰু থাকোঁতেই ঘৈণীয়েক ঢুকাইছিল৷ আত্মীয় স্বজনে বহু জোৰ কৰাৰ পাছতো তেওঁ দ্বিতীয় বিবাহ নকৰালে৷ মাকৰ সহায়তে ল’ৰা দুটা ডাঙৰ দীঘল কৰিলে৷ বৰ্তমান মাকৰ বয়স প্ৰায় ৯০ বছৰ৷ ভালদৰে খোজকাঢ়িব নোৱাৰে৷ এসময়ত মাকে ৰন্ধা খাদ্য বিশ্বনাথহঁতে টকালি পাৰি খাইছিল৷ এতিয়া ৰন্ধা বঢ়া দূৰৰে কথা, নিজৰ গা ধোৱা, কাপোৰ ধোৱা কামৰ বাবেও নাতি দুটা বা বিশ্বনাথৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল৷ কথাবোৰো প্ৰায়ে পাহৰি যায়৷ কেতিয়াবা ভাত খাই উঠিয়েই ’মোক তহঁতে কিয় খাবলৈ দিয়া নাই ’ বুলি আপত্তি দৰ্শায়৷ মাজে মাজে আকৌ বহু বছৰ আগতে মৃত্য়ু হোৱা নিজৰ দেউতাক, স্বামী বা বোৱাৰীয়েকৰ লগত কথা পাতি থাকে৷ বিশ্বনাথ মাজে মাজে হায়ৰাণ হৈ যায়৷ কেতিয়াবা মোৰ আগত কথাবোৰ কৈ তেওঁ চকুপানী মচে আৰু মাকক ঔষধেৰে ভাল কৰি দিবলৈ খাটনি জোৰে৷
এয়া অকল বিশ্বনাথৰ ঘৰৰে নহয়, বৃদ্ধ মাক দেউতাক বা ককাক আইতাক থকা বহু ঘৰৰ এয়া এক নিচেই চিনাকি দৃশ্য৷
বৰ্তমান মানুহৰ জীৱন ধাৰণৰ মান উন্নত হোৱাৰ লগতে গড় আয়ুসো বৃদ্ধি পাইছে৷ এয়া নিঃসন্দেহে ভাল কথা৷ কিন্তু ইয়াৰ সমানুপাতে সমাজত বৃদ্ধি পাইছে বুঢ়া বয়সৰ শাৰীৰিক আৰু মানসিক সমস্যা সমূহ৷ বিশেষকৈ ডিমেনছিয়া (dementia) আৰু নিসংগতাই (loneliness) বহুতৰ বাবে বৃদ্ধাৱস্থাৰ সময়খিনি অসহনীয় কৰি তুলিছে৷
বৰ্তমান সমগ্ৰ বিশ্বত প্ৰায় ৪৪ মিলিয়ন লোকে ডিমেনছিয়াত ভুগি আছে আৰু ভাৰতত এই সংখ্যা ৪ মিলিয়ন৷ ধাৰণা কৰা হৈছে ২০৩০ চনত ভাৰতত ডিমেনছিয়াত ভোগা লোকৰ সংখ্যা হ’বগৈ ৭.৫ মিলিয়ন৷ সাধাৰণতে ৬৫ বছৰতকৈ বেছি বয়সৰ লোকসকল ডিমেনছিয়াৰ চিকাৰ হয়৷ বিশ্বত ডিমেনছিয়াৰ মূল কাৰণ এলজেইমাৰ বেমাৰ (Alzheimer disease)) যদিও ভাৰতত মগজুৰ ৰক্তবাহী নলীৰ বেমাৰকহে (vascular disease) প্ৰধান কাৰক হিচাপে চিনাক্ত কৰা হৈছে৷ এই বেমাৰত ভোগা লোকসকলে স্মৃতিশক্তি হেৰুওৱাৰ লগতে দৈনন্দিন সাধাৰণ কাম কাজসমূহো কৰিব নোৱাৰা হৈ আহে৷
তলত উল্লেখ কৰা নিয়মসমূহ মানি চলিলে ডিমেনছিয়াৰ পৰা কিছুবছৰলৈ হাত সাৰি থাকিব পাৰি৷
(১) ধুমপান নকৰিব৷
(২) শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰক৷
(৩) নিয়মিত ব্যয়াম কৰক৷
(৪)স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক৷ ফল মুল, সেউজীয়া শাক পাচলি বেছিকৈ খাওক৷ নিতৌ ফেট কম থকা গাখীৰ এগিলাছ খাব৷ বিন জাতীয় খাদ্য, মাছ, বাদাম আদি খোৱা ভাল৷ ব্ৰয়লাৰ মুৰ্গী, গাহৰি মাংস, বাটাৰ, চিজ আদি কম পৰিমাণে গ্ৰহণ কৰিব৷
(৫) মধুমেহ, হাই ব্লাড প্ৰেছাৰ আদি ৰোগসমূহৰ সঠিক চিকিৎসাৰ ব্যৱস্থা কৰক৷
(৬)মানসিকভাৱে সক্ৰিয় হৈ থাকক৷ ভাল লগা কিতাপ পঢ়ক, গান শুনক, প্ৰকৃতিৰ ৰঙ ৰূপ উপভোগ কৰক৷
(৭) সামাজিক কামত অংশগ্ৰহণ কৰক৷ নামঘৰলৈ যাওক, ক্লাৱলৈ যাওক, বিহু পূজা আদি উৎসৱ পাৰ্বনত ভাগ লওক৷ মাজে মাজে বন্ধুবৰ্গৰ লগত আড্ডাত বহক৷
ঘৰখনৰ বৃদ্ধলোকজনৰ শৰীৰ আৰু মনত ডিমেনছিয়াৰ লক্ষণসমূহ দেখা দিলে ঘৰৰ বাকীবোৰ সদস্য, ওচৰ চুবুৰীয়া বা সমাজৰ আনসকল লোকে তেওঁৰ লগত সহানুভূতিৰে কথা বতৰা পতা উচিত৷ স্মৃতিশক্তিৰ প্ৰয়োজন হোৱা কোনোধৰণৰ প্ৰশ্ন তেওঁক কৰিব নালাগে৷ তেওঁক সময় দিয়ক৷ মন কৰিব তেওঁ যেন অকলশৰীয়া অনুভৱ কৰিব লগা নহয়৷
আধুনিক সমাজৰ বৃদ্ধলোকসকলৰ আন এটা প্ৰধান সমস্যা হৈছে নিঃসংগতা৷ আগৰ দিনত যৌথ পৰিয়ালবোৰত ককা আইতাসকলে নিঃসংগতা কি বুজিকে নাপাইছিল৷ ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াক দিহা পৰামৰ্শ দিয়া, ঘৰৰ বাৰীখনত দুই এবিধ শাক পাচলিৰ খেতি কৰা, ঘৰলৈ অহা আলহী অতিথিৰ লগত কথাৰ মহলা মৰা, গধূলি নাতি নাতিনীৰ কৌতূহল ভৰা প্ৰশ্নৰ উত্তৰ দিয়া, ৰাতি জোনাকে সাৱটা চোতালত বহি সিহঁতক ৰজা ৰাণীৰ সাধু কোৱা ..কিমানযে কাম৷ ঘৰত বা চুবুৰীত কাৰোবাৰ বিয়া বাৰু বা গাঁৱৰ ভাওনা, বৰসবাহৰ সময়ত ভাতসাজ খাবলৈকে তেওঁলোকৰ সময়ৰ নাটনি হয়৷ তদুপৰি পুত্ৰ বোৱাৰী, নাতি নাতিনীয়েও ঘৰখনৰ বয়সীয়া মানুহজনক সন্মানৰ চকুৰে চাইছিল৷ ঘৰখনৰ প্ৰতিটো কামত বয়সীয়া লোকজনৰ দিহা পৰামৰ্শ অপৰিহাৰ্য্য বুলি গণ্য কৰা হৈছিল৷ সমাজতো তেওঁলোকৰ স্থান আছিল অতি উচ্চ৷ এনেকুৱা ব্যস্ততা ভৰা বৃদ্ধবয়সত নিঃসংগতাই ভূমুকি মাৰিবলৈকে সুবিধাক নাপাইছিল৷
কিন্তু বৰ্তমান বিশ্বায়নৰ যুগত চহৰৰ কথা বাদেই, গাওঁবোৰতো বেছিভাগৰেই একক পৰিয়াল হ’ল৷ প্ৰযুক্তিৰ উন্নতিয়ে পৃথিৱীৰ আনটো মূৰত থকা মানুহজনৰ লগতো পলকতে যোগাযোগ কৰাৰ সুবিধা কৰি দিলে৷ অথচ ঘৰখনত একেলগে থকা মানুহবোৰৰ মনৰ মাজত অদৃশ্য এখন দেৱালৰ সৃষ্টি হ’ল৷ ঘৰৰ এচুকত পৰি ৰোৱা বৃদ্ধ মাক দেউতাকৰ লগত দিনটোত এষাৰ কথা পাতিবলৈও ল’ৰা-বোৱাৰীৰ সময়ৰ অভাৱ হ’ল৷ নাতি-নাতিনীসকল পঢ়া শুনা, খেলা ধূলা আৰু টি.ভি, কম্পিউটাৰ, ম’বাইল লৈয়ে ব্যস্ত৷ পৰীৰ দেশৰ সাধু শুনিবলৈ সিহঁতৰ সময়ো নাই, ভালো নাপায়৷ ককা, আইতা আৰু নাতি-নাতিনীৰ মাজৰ হাঁহি ভৰা মধুৰ সময় কৰবাত হেৰাই থাকিল৷ ব্যস্ত ঘৰবোৰত খোৱা-বোৱা, পিন্ধা-উৰা কাপোৰ উভৈনদী থাকিলেও আপোনজনৰ সাহচৰ্য্য আৰু মৰম চেনেহৰ অভাৱে বৃদ্ধলোকসকলৰ সময়বোৰ নাযায় নুপুৱায় যেন কৰিলে৷ ওচৰ চুবুৰীয়াৰ ঘৰলৈকো যাব নোৱাৰি৷ কেতিয়াবা কাৰোবাৰ ঘৰলৈ গ’লেও গৃহস্থই শৰীৰৰ অংগী ভংগীৰে বুজাই দিয়ে যে তেওঁলোকে এই আগমন ভালপোৱা নাই৷ ফলত লাহে লাহে বয়সীয়া লোকসকলে নিজকে সমাজৰ বাবে অনাহুত বুলি গণ্য কৰি নিজে আঁকি লোৱা বৃত্ত এটাৰ ভিতৰত নিজকে সীমাবদ্ধ কৰি ৰাখিবলৈ আৰম্ভ কৰে৷ একাকিত্ব আৰু নিঃসংগতাৰ গ্ৰাসত পৰি জীৱন হৈ পৰে অসহনীয়৷
বৃদ্ধাৱস্থা মানব জীৱনৰ এক চৰম সত্য৷ অকাল মৃত্যু নহ’লে মানুহৰ জীৱনলৈ বৃদ্ধ বয়স আহিবই৷ অভিজ্ঞতাৰ মেটমৰা ভাৰেৰে চহকী জীৱনৰ এই সময়চোৱাৰো এক সুকীয়া সৌন্দৰ্য্য আছে৷ ভালদৰে মন কৰিলে দেখিব জীৱনৰ কৰ্তব্য আৰু দ্বায়িত্বৰ পৰা নিৰ্ভাৰ হৈ বয়সে মানুহক আকৌ শৈশৱৰ সময়খিনিলৈ ঘূৰাই লৈ যায়৷ সৰু ল’ৰাৰ দৰেই কথাবোৰ পাহৰি যায়, একেটা কথাকে বাৰে বাৰে সুধি থাকে বা অলপ কথাতে ঠেহ পাতে৷
আপোনাৰ ল’ৰালিকালত আপোনাক হাতৰ আঙুলিত ধৰি জীৱন পথত আগবঢ়াই লৈ যোৱা আপোনাৰ মা-দেউতাই এসময়ত বুঢ়া বয়সত ভৰি দিয়ে৷ একে সময়তে আপুনি বিছৰণ কৰে আপোনাৰ ডেকা বয়সৰ ৰঙীন পৃথিৱীখনত৷ নিজৰ পত্নী আৰু সন্তানৰ দায়িত্ব আপুনি কান্ধ পাতি লয়৷ কিন্তু পাহৰি যায় আপোনাৰ শৈশৱৰ দিনবোৰ৷ পাহৰি যায় আপোনাক এই ধুনীয়া পৃথিৱীখনলৈ লৈ অহা লোকদুজনক৷ পাহৰি যায় আপোনাৰ জীৱন সুন্দৰ কৰিবলৈ বহু দুখ কষ্ট মূৰ পাতি লোৱা আপোনাৰ মা-দেউতাক৷ কিয় মনত নপৰে, থৰক বৰক খোজেৰে জীৱন পথত আগবঢ়া আপোনাৰ মা-দেউতাক এই সময়ত আপোনাৰ মৰম চেনেহ আৰু আদৰ যত্নৰ খুৱেই প্ৰয়োজন৷ এখন হাতেৰে সন্তানৰ আঙুলিত ধৰি সিহঁতক আগবঢ়াই লৈ যোৱা আপোনাৰ আনখন হাতেৰে কিয় ধৰি ল’ব নোৱাৰে আপোনাৰ বৃদ্ধ মা-দেউতাৰ হাতৰ আঙুলি৷ জীৱনৰ বাটত তিনিটা প্ৰজন্মই হাতত হাত ধৰি একেলগে আগুৱাই যাওক …..জীৱন সঁচাকৈয়ে বৰ সুন্দৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক