মনৰ কথা (১৪৭) — কৃষ্ণা বৈশ্য

“মই যোৱাসপ্তাহতে প্ৰেক্টিছ কৰিবলৈ দিয়া গানকেইটা অয়ন আৰু প্ৰীতে আজি ভালদৰে বজাব পৰা নাই। একেসময়তে দিয়া অমুক ডাক্টৰৰ ল’ৰা দুটাই ইমান সুন্দৰকৈ বজাইছে আজি। আপোনালোকে অকণমান চাবচোন।”
ফোনৰ সিটোমূৰত মোৰ ল’ৰা দুটাক গীটাৰ শিকোৱা ছাৰ। ছাৰে যোৱা দুবছৰৰ পৰা অয়ন প্ৰীতক গীটাৰ শিকাবলৈ আৰম্ভ কৰিছে। লক ডাউনৰ আগতে প্ৰত্যেক দেওবাৰে আবেলি তেখেত আমাৰ ঘৰলৈ আহিছিল। কিন্তু যোৱা মাৰ্চ মাহৰ পৰাই ক’ভিডৰ কাৰণে আহিব পৰা নাই। আচলতে তেখেতে নিজে আহিব বিচাৰিছিল যদিও আমিয়েই আহিবলৈ দিয়া নাই। ভিডিঅ’ কলিঙ কৰিয়েই ছাৰে ইহঁতৰ ক্লাচবোৰ লৈ আছে। ছাত্ৰৰ লগত বহুত পৰিশ্ৰম কৰে তেখেতে।
ফোনৰ ইটো মূৰত গাম। মই কাষতে বহি কাম এটা কৰি আছিলোঁ। ল’ৰা দুটা ড্ৰয়িঙ ৰুমৰ চ’ফাত বহি আৰামত টি ভি চাই আছিল। সিহঁতৰ যে অভিযোগ আহি আছে সেয়া বপুৰাহঁতে গমেই নাপায়। ছাৰৰ কথাৰ লগে লগে গামৰ মুখৰ ৰঙ সলনি হৈ গৈ থাকিল। ইমান দিনে একেলগে থকাৰ অভিজ্ঞতাৰ পৰা গম পাইছোঁ, অলপ পাছতে এজাক ধুমুহা আহিব। শব্দৰ বৰষুণত তিতি জুৰুলি জুপুৰি হ’বলৈ মই মানসিকভাৱে সাজু হৈ থাকিলোঁ।
“হ’ব বাৰু। এইবাৰ মই চাম।” ফোনটো কাটি দি গাম মোৰ ফালে ঘূৰিল।
“তোমাৰ বাবেই ইহঁত দুটাৰ এই অৱস্থা। কোনো এটা কামতে ভালদৰে মন কাণ নিদিয়ে। আজিৰ পৰা গধূলি গীটাৰ প্ৰেক্টিছ নকৰিলে সিহঁতৰ ৰক্ষা নাই।”
খঙেৰে কথাকেইটা কৈ গাম ৰুমটোৰ পৰা ওলাই গৈ ড্ৰয়িঙ ৰুমত টিভি চাই থকা ল’ৰা দুটাৰ কাষ পালেগৈ। সিহঁতকো ভালদৰেই এজাউৰি দিলে। প্ৰায়ে মোৰ মুখে মুখে উত্তৰ দিয়া অয়ন, প্ৰীতে আকৌ গামে কিবা ক’লে মুখেৰে একো এটা নামাতে। আজিও গামৰ গালিখিনি চুপচাপ শুনি থাকিল দুয়ো। সিহঁতৰ বাবে বৰ দুখ লাগিল মোৰ। বেচেৰাকেইটাই ইমান হাঁহি স্ফূৰ্তিৰে টিভি চাই আছিল। দেউতাকৰ গালিৰ কোবত টি ভি অফ কৰি মোৰ কাষ পালেহি।
অয়ন আৰু প্ৰীতক দেখিছোঁ, দুদিনমানৰ মূৰে মূৰে সিহঁতৰ ভাল লগা, বেয়া লগাবোৰ সলনি হৈ গৈ থাকে।

অয়ন পাঁচ বছৰীয়া হৈ থাকোঁতেই এবাৰ তাৰ কাজিনক পিয়ানো বজোৱা দেখি সিয়ো পিয়ানো শিকিবলৈ মন কৰিলে। কিনি আনি দিলোঁ। আমি যিহেতু পিয়ানোৰ অ আ ক খ একো নাজানো, তাক শিকাবলৈ গুৰু এজন বিচাৰিলোঁ। ইমান সৰু ল’ৰাক কোনেও শিকাবলৈ মন নকৰে। বহুত বিচৰাৰ পাছত যেনেতেনে এজন যোগাৰ হ’ল যেনিবা। গুৰুৰ বয়সো বিশ বছৰ। দেওবাৰৰ সন্ধিয়াবোৰ মজিয়াত পাটি পাৰি বহি লৈ গুৰু শিষ্যই এঘণ্টামান পিয়ানো বজায়। তাৰ মাজতে কথা পাতে, খেলেও। দুবছৰমান পাৰ হ’ল এনেদৰে। স্কুলকে ধৰি দুই এঠাইত প্ৰগ্ৰেমো কৰিলে অয়নে। গুৰুৰ বি এ ফাইনেল পৰীক্ষা ওচৰ চাপিল। নিয়মিতভাৱে শিকাবলৈ আহিবলৈ সময় নোপোৱা হ’ল। মাজে মাজেহে আহে। অয়নৰো লাহে লাহে পিয়ানোৰ প্ৰতি আকৰ্ষণ নাইকিয়া হ’ল। গামে কিন্তু জোৰ দি থাকিল। সদায় গধূলি অলপ সময় বজাবই লাগিব। বেচেৰা অয়নে দেউতাকে খঙ কৰাৰ ভয়তে সেমেকা দুচকুৰে গধূলি গধূলি অলপ সময় পিয়ানোত টুং টাং কিবাকিবি বজাই থাকিল। সি বজোৱাৰ সময়ত গাম তাৰ লগত বহি থাকে। বেচেৰা অয়নলৈ বৰ দুখ লাগিল মোৰ।
‘হ’ব দিয়া। সি ইমান ইচ্ছা কৰা নাই যেতিয়া নালাগে বজাব।’ গামক বুজালোঁ।
অয়নৰ পিয়ানো অধ্যায়ৰ সিমানতে সামৰণি পৰিল।

তিনিচুকীয়াত আমাৰ আৱাসগৃহৰ গাতে লাগি থকা বেঙ্গলী হাইস্কুলখনত প্ৰতি দেওবাৰে ডেকা ল’ৰা এজনে সৰু সৰু ল’ৰা-ছোৱালীবোৰক ছৱি আঁকিবলৈ শিকাইছিল। অয়ন, প্ৰীতেও ৰঙ আৰু তুলিকাৰে খেলিবলৈ বিচাৰিলে। মই দেওবাৰে দেওবাৰে স্কুলখনলৈকে পঠিয়াই দিয়া কৰিলোঁ। কেইমাহমান ভালে ভালে পাৰ হ’ল। কিন্তু এটা দেওবাৰে সিহঁত দুয়ো আৰ্ট স্কুললৈ যাবলৈ অমান্তি হ’ল। কাৰণ সোধোঁতে ছৱি আঁকিবলৈ ভাল নালাগে বুলি ক’লে। গামে দুই এবাৰ জোৰ কৰি পঠিয়াইছিল যদিও সিহঁতৰ মনৰ কষ্টখিনি দেখি ‘হ’ব দিয়া, আৰু শিকিব নালাগে’ বুলি ময়েই ছৱি অঁকা অধ্যায়ৰো মোখনি মাৰিলোঁ।

এইবাৰ মালিগাঁৱলৈ অহাৰ পাছত সিহঁতৰ ইচ্ছা হ’ল লন টেনিছ খেলাৰ। টেনিছ কোৰ্টখন আমাৰ আৱাসগৃহৰ পৰা ত্ৰিশ মিটাৰমান দূৰত্বত। নাম লিখি দিলোঁ। ভালেই খেলিছিল চাগে। সিহঁতৰ ট্ৰেইনাৰে মোক লগ পাই দুবাৰমান সিহঁতৰ কথা খুৱ ভালকৈ কৈছিল।
‘আৰু নেখেলোঁ।’ এবছৰমান পিছত পুৰণি ৰেকৰ্ডখন আকৌ বাজিল।
ৰেলৱে ছুইমিঙ পুলটোও আমাৰ বাসগৃহৰ ওচৰতে। ইহঁতে সৰুৰে পৰাই পানী খেলি ভাল পায়। গৰম দিনকেইটাত মন গ’লেই পুলৰ পানীত সোমাই থাকেগৈ। সেইটোত অৱশ্যে এতিয়ালৈকে আমনি পোৱা নাই সিহঁতে।

এইবাৰ আহিল গীটাৰ। দুবছৰ ঠিক ঠিক চলি আছিল। যোৱা কেইদিনমানৰ পৰা কিন্তু অলপ এলাহ কৰা হ’ল। গামে জোৰ কৰি সিহঁতক গীটাৰ বজাবলৈ দিলেও মই প্ৰায়ে ‘হ’ব দিয়া, নবজায় যদি নালাগে আৰু’ বুলি সামৰি থওঁ। ফলস্বৰূপে ছাৰে ইহঁতৰ প্ৰগ্ৰেছ ৰিপৰ্টটো দিয়াৰ পাছতে গামৰ মোৰ ওপৰত ইমান খঙ উঠিল।
মই মন কৰিছোঁ, মুকলিমনেৰে গীটাৰ বজাই, ছৱি আঁকি, লন টেনিছ খেলি, সাঁতুৰি-নাদুৰি ভাল পায় সিহঁতে। খুব উপভোগ কৰে। কিন্তু যেতিয়াই এই কামবোৰ সিহঁতক এক নিৰ্দিষ্ট গণ্ডিত বা নিয়মত কৰিবলৈ দিয়া হয় তেতিয়াই আমনি পাবলৈ আৰম্ভ কৰে। বন্ধন বেয়া পায়। উৰিবলৈ বিচাৰে। মাকৰহে পুতেক। ময়ো বেয়া পাওঁ বন্ধন। উশাহ নোপোৱা যেন লাগে। আৰু এটা কথা। সময়ৰ লগে লগে সৰু সৰু ল’ৰা ছোৱালীক বাদেই ডাঙৰ মানুহৰো কিছুমান পছন্দ অপছন্দ সলনি হৈ গৈ থাকে। নিজৰ মতে কিছুমান কাম কৰিবলৈ বিচাৰে সকলোৱে। সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰতো একেই কথা। সেয়ে সকলো কথাতে মই হকা-বধা নকৰোঁ সিহঁতক। কৰকচোন। ‌ নিজৰ মতেই কৰকচোন কিছুমান কাম। মন গ’লে বজাওক, খেলক, সাঁতোৰক। মন নাই যদি নালাগে খেলিব, নালাগে বজাব, নালাগে সাঁতুৰিব।

আপোনালোকে ভাবিছে চাগে মই কিমান ‘বিন্দাছ’ মাক। ল’ৰাৰ অকণো যত্ন নলওঁ! খং নকৰোঁ! নহয়, কথাটো কিন্তু একেবাৰে তেনেকুৱা নহয়। সিহঁতৰ ইচ্ছা-অনিচ্ছা, ভাল লগা, বেয়া লগা সকলো কথা অতি সূক্ষ্মভাৱে লক্ষ্য কৰোঁ বাবেই কিছুমান কাম বা সিদ্ধান্ত সিহঁতৰ মতে কৰিবলৈ বা নকৰিবলৈ এৰি দিওঁ। কিন্তু কিছুমান-
বৰকৈ চিনেমা নোচোৱা মই মানুহজনীয়ে ‘থ্ৰী ইডিয়ট’ চিনেমাখন কেইবাৰ চাইছোঁ হিচাপ নাই। টিভিত দিয়া বুলি গম পালেই বহি লওঁ। অয়ন প্ৰীতেও বৰ ভাল পায় এই চিনেমাখন। চাই থাকোঁতে মনতে ভাবোঁ, এৰা মাক দেউতাকবোৰে ল’ৰা ছোৱালীক নিজৰ ভৱিষ্যতৰ পথটো নিজেই বাচি ল’বলৈ দিব লাগে। সিহঁতৰ সপোনৰ দিশত আগুৱাই যাবলৈ সিহঁতক প্ৰেৰণা দিব লাগে। কিন্তু এই কথাটো আচলতে মুদ্ৰা এটাৰ এটা পিঠিহে। মুদ্ৰাটোৰ আনটো পিঠিলৈ এবাৰ চকু ফুৰাওঁ আহক।
কেইমাহমান আগতে বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ, অসমৰ বিখ্যাত চিত্ৰশিল্পী এজনৰ চিকিৎসা কৰিবলৈ টকাৰ অভাৱ হৈছে। তেওঁক সহায় কৰিবলৈ তেওঁৰ সতীৰ্থ চিত্ৰশিল্পীয়ে নিজৰ নিজৰ ছবিসমূহ নীলাম কৰিছে। তথাপিও তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনখিনি যোগাৰ কৰা সম্ভৱ নহ’ল। প্ৰচণ্ড জীৱন স্পৃহা থকা বিখ্যাত শিল্পীজনৰ উপযুক্ত চিকিৎসাৰ অবিহনেই মৃত্যু হ’ল যোৱামাহত। এইটো মাত্ৰ এটা উদাহৰণহে। এনেকুৱা অসংখ্য ঘটনা আমাৰ চৌদিশে নিতৌ ঘটি আছে।
কথাবোৰ ভাবিবলগীয়া। ভাৰতৰ দৰে দেশ এখনত এতিয়ালৈকে আমি আমাৰ সন্তানক ‘মনেৰে যি বিচাৰা তাকে কৰি ভৱিষ্যতে ভাত মোকোলাবা’ বুলি ক’ব পৰা পৰিৱেশ পৰিস্থিতি এতিয়াও গঢ়ি উঠা নাই। লতা মঙ্গেশকাৰ, শচীন টেণ্ডুলকাৰ আদিৰ দৰে স্বনামধন্য লোকসকলে নিজে মনে বিচৰা কামটো কৰা বাবেহে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰিছে, সেয়া সঁচা কথা। কিন্তু এই মনে বিচৰা কামটো কৰিবলৈ গৈয়েই কতজনে বিফল হৈ হা-হুমুনিয়াহ কাঢ়ি আছে তাৰ খবৰ জানো কোনোবাই ৰাখিছে? ভাৰতৰ লাখ লাখ ল’ৰাই ক্ৰিকেট বেটখন হাতত লৈ নিতৌ সপোন দেখে ‘ভৱিষ্যতৰ শচীন টেণ্ডুলকাৰ’ হোৱাৰ। কিন্তু তাৰ মাজৰ কেইজনে সফল ক্ৰিকেটাৰ হ’ব পাৰিছে? কেইজনে ভাৰতীয় দলৰ হৈ খেলিবলৈ সুবিধা পাইছে?

মই কোনো সমল ব্যক্তি বা পণ্ডিত নহয়। তথাপি এজন সচেতন অভিভাৱক হিচাপে মই ভাবোঁ, অলপ বুজা হোৱাৰ পাছতে আমি অভিভাৱক সকলে সন্তানৰ সন্মুখত বাস্তৱ পৃথিৱীখন ডাঙি ধৰিব লাগে। বুজাই ক’ব লাগে ভাৰতৰ দৰে দেশত জীৱিকাৰ বাবে সিহঁতৰ সন্মুখত কি কি পথ খোলা আছে। চিকিৎসক বা ইঞ্জিনিয়াৰে একমাত্ৰ ভৱিষ্যত পথ নহয়। কলা, বিজ্ঞান, বাণিজ্য যি শাখাতেই নপঢ়ক কিয়, ভালদৰে মনপুতি, খৰচি মাৰি পঢ়িবলৈ সিহঁতক উদগণি দিয়া উচিত। অসমৰ দৰে উৰ্বৰা মাটিৰ ৰাজ্যত বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি যে এজন আদৰ্শ খেতিয়ক হিচাপে কৃষি কৰ্মকেই নিজৰ জীৱিকা কৰি ল’ব পাৰি সেই বিষয়েও সিহঁতক ভালদৰে বুজাই ক’ব লাগে। সন্তানক প্ৰতিটো জীৱিকাৰ লগত জড়িত থকা সুবিধাৰ লগতে অসুবিধাসমূহো পুংখানুপুংখ ভাৱে বুজাই দিয়া এজন অভিভাৱকৰ এক গুৰুত্বপূৰ্ণ দ্বায়িত্ব। সিহঁতক বুজাই দিয়ক ভাত, কাপোৰৰ যোগান ধৰিবলৈ আপুনি সদায় সিহঁতৰ লগত নাথাকে। নিজৰ, পৰিয়ালৰ লগতে আপোনালোকৰো ভৰণ-পোষণৰ দ্বায়িত্ব ভৱিষ্যতে সিহঁতেই ল’ব লাগিব। তাৰবাবে নিশ্চয়কে সিহঁতক এক সুনিশ্চিত নিয়মিত আয়ৰ প্ৰয়োজন হ’ব। আৰু তাৰবাবে সিহঁতে সঠিক সিদ্ধান্তৰে সঠিক দিশত আগবাঢ়িব লাগিব। পৰিশ্ৰম কৰিব লাগিব। সকলো কথা খৰচি মাৰি বুজাই কোৱাৰ পাছত আপুনি সিহঁতক নিজৰ পছন্দৰ জীৱিকা নিজেই বাছি লবলৈ দিয়ক। কিন্তু সিহঁতৰ পছন্দৰ পথটো সঠিক হয় নে নহয় সেয়া ভালদৰে চালিজাৰি চোৱাটোও প্ৰতিজন অভিভাৱকৰে কৰ্তব্য তথা দায়িত্ব। যদি সঠিক বুলি ভাবে, তেন্তে সিহঁতক সপোনৰ দিশত আগুৱাই যাবলৈ দিয়ক। সকলো ফালৰ পৰা সহায় কৰক। এবাৰ দুবাৰ বিফল হ’লেও পুনৰ আগুৱাই যাবলৈ প্ৰেৰণা যোগাওক। আৰু যদিহে নহয় যেন লাগে; কিয় সঠিক নহয় সেই বিষয়ে সিহঁতক ভালদৰে বুজাই কওক। এয়া হ’ল জীৱিকাৰ কথা। ভৱিষ্যতৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰাৰ পথটোৰ কথা।

জীৱিকাৰ উপৰিও মানুহৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে অন্য কিছুমান উপাদানৰ (খাদ্যৰ) প্ৰয়োজন। আৰু তাৰবাবে মানুহে নিজে হৃদয়েৰে কৰি ভালপোৱা কামবোৰ কৰিব লাগে। এই ধৰক বাহিৰা কিতাপ পঢ়া, গান শুনা, প্ৰকৃতিৰ মাজত ঘূৰি ফুৰা, চিনেমা চোৱা। আপোনাৰ সন্তানকো আপুনি গান, নাচ, খেল, সাঁতোৰ, ছৱি অঁকা যি ভালপায় তাকে কৰিবলৈ দিয়ক। সিহঁতৰ মনৰ জগতখন ভালদৰে জুমি নোচোৱাকৈ সিহঁতক সকলোতে অলৰাউণ্ডাৰ কৰিবলৈ বিচৰা মাক দেউতাকৰ প্ৰতি মোৰ এক বিনম্ৰ অনুৰোধ, অতিৰিক্ত চাপ বা বোজা দি আপোনাৰ সন্তানক মানসিকভাৱে অৱসাদগ্ৰস্ত কৰি নেপেলাব।

কোনোবাই নিজৰ ভালপোৱা কামটোকে জীৱিকা হিচাপে লৈ নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাটো অতি সৌভাগ্যৰ কথা। কিন্তু সেয়া কেইজনৰ ভাগ্যত ঘটে? নিজৰ জীৱিকাৰে ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে নিজে ভালপোৱা পছন্দৰ কাম কিছুমানেৰে নিজৰ মানসিক চাহিদা পুৰণ কৰিবলৈ সন্তানক সৰুৰে পৰা শিক্ষা দিয়া উচিত। মই নিবিচাৰোঁ, আপোনাৰ মোৰ সন্তানে নিজৰ ভাত, কাপোৰ বা চিকিৎসাৰ বাবে আনৰ ওচৰত হাত পাতক। লগতে নিবিচাৰোঁ অকল জীৱিকাৰ পাছত দৌৰি সকলো সূক্ষ্ম অনুভূতি হেৰুৱাই সিহঁত একো একোটা যন্ত্ৰ হৈ পৰক। আমাৰ অকমাণিকেইটাই সিহঁতৰ জীৱনৰ কেনভাছত ৰামধেনু আঁকিবলৈ হ’লে সৰুৰে পৰা সিহঁতক মুদ্ৰাটোৰ দুই পিঠিৰ মাজত ভাৰসাম্যতা, সমতুলতা ৰক্ষা কৰি আগবাঢ়ি যাবলৈ উৎসাহ দিয়া উচিত!
বিঃদ্ৰঃ এয়া মোৰ একান্ত নিজা অনুভৱ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক