মনৰ খবৰ – (অনামিকা বৰুৱা)

-মনৰ খবৰ  (অনামিকা বৰুৱা)

বৰদলৈ নগৰ, তিনিচুকীয়া

তাং ১১/২/১০১২

মৰমৰ  জিন্তি

মৰম লবি৷ ভালে আছ চাগে৷ চিঠিখন পাই তই চাগে আচৰিতে হবি ৷ মোৰো কিবা লাগিছে লিখিবলৈ লৈ ৷ এনেই লিখিলো ৷ নহয় এনেই ঠিক নহয়৷ আচলতে মনটো বৰ ভাল লাগিছে জান ৷ বহুত দিনৰ পাছত নহয় বহুত বছৰৰ পাছত স‌চাঁই মনটো ভাল লাগিছে ৷ এই ভাল লগাখিনি ভগাবলৈ কিয় জানো তোলৈকে মনত পৰিল ! তোক মেছেজ বা ক’ল কৰিব পাৰিলো হয় কিন্তু মন নগল ৷ আৰু তোক কবলৈ লৈ মই আনন্দখিনি আকৌ এবাৰ উপভোগ কৰাৰ লোভ সামৰিব নোৱাৰিলো ৷

ইহঁতবোৰ শুলে ৷ তয়ো শুলি কিজানি ইমান সময়ে ৷ শুলেও তোৰ টোপনি নাই অহা মই জানো ৷ তপন দা নোহোৱা হোৱাৰ পৰা তই এনেই বিচনাত পৰি থাক আকাশ পাতাল ভাবি ৷ ভাবি একো পাৰ নাপাৱ তথাপি ভাব ৷ জান্তু থাকোতে মনত অলপ বল পাইছিলি ৷ কিন্তু সি গুৱাহাটিত পঢ়িবলৈ যোৱাৰ পৰা তই আকৌ অকলশৰীয়া হলি ৷ তোলৈ মনত পৰিলে মই মনে মনে অলপ অপৰাধবোধত ভোগো ৷ তপনদাৰ এক্সিডেণ্ট হোৱাৰ পাছত ১৭-১৮ দিন আদিত্যত পৰি থাকিল মই গমেই নাপালো ৷ অথচ মই তাৰ মাজতে আদিত্যতে বেমাৰ দেখুৱাই আহিলো ৷ জানুৱাৰি এক তাৰিখেই তপনদা নোহোৱা হোৱাৰ খবৰটোও মই দুদিন পাছতহে পাওঁ ৷ ইমানেই ব্যস্ত অফিচ আৰু ঘৰ লৈ ৷ যিদিনা তপনদাৰ খবৰটো পাইছিলো অফিচত চকীৰ পৰা মই জাপ মাৰি উঠিছিলো ৷ লগে লগেই ইয়ালে’ ফোন কৰি গাড়ীখন লৈ আহিবলৈ কৈছিলো ৷ মোৰ তাৰ পৰা তোৰ তালৈ মাত্ৰ এঘণ্টাৰ বাট অথচ তই মোৰ খবৰ নাজান আৰু মই তোৰ খবৰ নাজানো ৷ মোক দেখি তই কান্দিবলৈ পাহৰিছিলি ৷ মোক সমুখত বহুৱাই তই এটা এটাকৈ কৈ গৈছিলি কেনেকৈ তপনদাই স্কুল বন্ধ বুলি নিজেই ড্ৰাইভ কৰি তহঁতৰ লগত একেলগে ভাৰাঘৰত থকা মানুহ্ঘৰক ডিব্ৰুগড়ত থবলৈ গৈছিল ৷ ওভতি আহোঁতে বৰহাপজানত গাড়ীখন এক্সিডেণ্ট হ’ল ৷ খৰব পাই তই আৰু দীপদাই কেনেকৈ ধপলিয়াই গৈছিলি তিনিচুকীয়ালৈ ৷ তহঁত গৈ পোৱাৰ আগতেই কেনেকৈ আন মানুহে 108 মাতি তপনদাক তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ অসামৰিক হস্পিতাললৈ লৈ গৈছিল ৷ তাত প্ৰাথমিক চিকিত্সাখিনি দিয়েই কেনেকৈ আদিত্যলৈ লৈ গৈছিলি ৷ ICU ত ভৰ্তি কৰাৰ পাছত তহঁতে উশাহ নোলোৱাকৈ সময়খিনি পাৰ কৰিছিলি ৷ লাহে লাহে অলপ ভালৰ ফালে অহা তপনদাক বাহিৰলৈ নিম বুলিও নিব নোৱাৰিলি ডাক্তৰৰ লগত কিবা কথা নিমিলা দেখি ৷ ১জানুৱাৰীৰ দিনা তপনদাই অলপ হাঁহিছিল ৷ তোক আৰু জান্তুক ইঙ্গিতেৰে কিবা কৈছিল ৷ আবেলি তই তপনদালৈ বুলি চুপখিনি খৰধৰকৈ কৰিছিলিহে ইন্টাৰকমত ক’ল আহিল তোক মাতিছে ICU লৈ ৷ তই গৈ নাপালিগৈ ৷ কপাল উকা কৰি তেতিয়ালৈ তপনদাই বিদায় ল’লে ৷ মৃত্যু কি ইমান সহজ ! ক’পালখন দেখুৱাই তই মোক সুধিছিলি “চাচোন মোৰ ক’পালত ক’ৰবাত লিখা আছিল নেকি বিধবা হ’বলৈ” ? মোৰ বৈ যোৱা দুটোপাল চকুলোৱে তোৰ চকুলৈ বান নমাই আনিছিল ৷ তোৰ চকুলোৰ বানত উটি যোৱাৰ বাদে একো কৰিব নোৱাৰি অসহায় ভাবে মই মাথো তোক সাবতি আছিলো ৷ আজিও তোৰ প্ৰশ্নটোৱে মোক খুন্দা মাৰে ! তোৰ দৰে আজলীজনীয়ে কিয় এই যাতনা পালি ? তইতো কেতিয়াও কাৰো অপকাৰ কৰা নাছিলি !!

মোৰ বেছিভাগ কথা তই জানই দেখোন ৷ একেখন ঘৰতে ডাঙৰ হৈয়ো কেনেকৈ মই মা দেউতাৰ বাকী সন্তানকেইটাৰ দৰে নহ’লো ৷ অলপ জেদী অলপ বেছি অভিমানী অলপ খঙাল হ’লো ৷ কৰিব খোজাটো নকৰি ইচ্ছাৰ বিৰুদ্ধে গৈ আনে কৰিবলৈ বাধা দিয়াটো কৰো ৷ কিবা এটা কৰো বুলি এবাৰ সিদ্ধ্বান্ত ল’লে তাক নকৰাকৈ নেৰো লাগে তাত মোৰ অনিষ্টই হওক ৷ বহুত ভুল কৰিছো জীৱনত এনেকৈ ৷ কিন্তু তাৰ বাবে কোনোদিনে আক্ষেপ কৰি নাই পোৱা ৷ ভুল কৰি উঠি তাক লগে লগে উপলব্ধি কৰো যদিও তাৰ শুধৰণিও কৰিছো ৷ জানি শুনি আনৰ অন্যায় কৰাৰ অভিপ্ৰায় মোৰ কেতিয়াও নাছিল ৷ আজিও নাই ৷ কাহানিও শুধৰাব নোৱাৰা ভুল এটাই মাত্ৰ কৰিলো জীৱনত বিয়া হৈ ৷ বিয়া নামৰ বান্ধোনটো মোৰ দৰে অঘৰী মনৰ মানুহৰ বাবে নহয় কিজানি ! তল পৰিব নোৱাৰা আপোচ কৰিব নোৱাৰা মোৰ এই জেদী মনটোৰে ঘৰ পাতি খাব পাৰিম বুলি মোৰ নিজৰে সন্দেহ আছিল যদিও বিয়াত বহিলো ৷ ভাবিছিলো অলপ এৰা ধৰা অলপ বুজা-পৰা  কৰিব পাৰিলেই এই বিয়া নামৰ ষ্টেচন নোহোৱা ৰে’লখন চলাই নিব পাৰিম ৷ সিমানখিনি বিশ্বাস আছিল মোৰ নিজৰ ওপৰত ৷ কিন্তু ক’ত জানো ভুল হ’ল ! নোৱাৰিলো দেখোন সাজিব ঘৰখন মনে ভবা ধৰণে ! ইয়াৰ বাবে জানো অকল ময়ে দায়ী ?  এই প্ৰশ্নটো মনলৈ আহিলেই সৰুৰে পৰা পাই অহা অন্তহীন অৱহেলাবোৰে মোক আগুৰি ধৰে ৷ মানুহে কয় মাকৰ মৰমত পাৰ্থক্য নাথাকে ৷ নাথাকেও চাগে ! কিন্তু কিয় জানো মোৰ আজিও ভাব হয় আমাৰ চাৰিটা ল’ৰা ছোৱালীৰ মাজত মায়ে আটাইতকৈ বেছি মোকেই  অৱহেলা কৰিলে ৷ মোৰ খবৰ নাৰাখিলে ৷ মোৰ যত্ন নল’লে ৷ আজিকালি অৱশ্যে কাকো জগৰীয়া নকৰো ৷ কাৰো ওচৰত অভিযোগো নকৰো ৷ মোৰ মনটো , মোৰ অনুভৱবোৰ কোনেও নুবুজে ৷ সেয়ে আনৰ আগত মনৰ কথা কৈ নিজক আৰু লঘু নকৰো ৷

 

একো সা সুবিধা নোপোৱাকৈয়ে সৰুৰে পৰা অভাৱৰ মাজতে ডাঙৰ হ’লো ৷ স্কুল কলেজৰ লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়িয়েই ডিগ্ৰী পাছ কৰিলো ৷ পুৱা গধূলি ঘৰত আনৰ ল’ৰা ছোৱালীক টিউচন কৰি মই মোৰ খৰচ উলিয়াওঁ ৷ দেউতাৰ পেঞ্চনৰ টকাকেইটাৰে ঘৰখনত খাবলৈকে নোজোৰে ৷ মোক টিউচন দিব ক’ৰপৰা ? ডিগ্ৰী লাষ্ট ইয়েৰত মই বয়জ হোষ্টলত বৰুৱা ছাৰৰ ৰুমলৈ গৈ বহুতদিন ২-৩ ঘণ্টা বহি অকলে অকলে ন’ট লিখিছিলো ৷ কাৰ কাৰ কি কি কমেণ্ট যে নুশুনিলো ! মোৰ একাণেদি সোমায় একাণেদি ওলায় যায় সেইবোৰ ৷ মোৰ মুখৰ আগত হ’লে কোনেও নকয় একো ৷ কৈ কাণতলীয়া চৰ এটা খাই লাজত পৰিব বুলি  তাহাঁতে  জানে  ৷ ডিগ্ৰী পাছ কৰাৰ পাছত চাকৰিটো পোৱালৈকে তাৰ পাছৰ ৩বছৰৰ কথা তই ভালকৈ নাজান ৷ তোৰ বিয়া হৈ গৈছিল তেতিয়া ৷ নতুন সংসাৰলৈ তই ভয়ানকভাবে  ব্যস্ত ৷ জান্তুৰ জন্মৰ পাছতেই তয়ে ময়ে কিজানি শেষবাৰৰ বাবে বহি ভালকৈ কথা পাতিছিলো ৷ তাৰপাছতেই আমি আমাৰ যোগসুত্ৰ হেৰুৱাইছিলো ৷ চাকৰি পোৱাৰ পাছতেই বিয়াৰ বন্দবস্ত হোৱাত চাকৰি কৰাৰ আচল সোৱাদ মই নাপালো ৷ তয়ো বোধকৰো নাজান পলৰ লগত থকা মধুৰ সম্পৰ্কটো ভাঙি দিয়াৰ পাছত মই কিয় বিয়াত বহাৰ সিদ্ধ্বান্তটো লৈছিলো ৷ এটা ভুলক প্ৰমাণ কৰিবলৈ গৈ আৰু এটা ভুল কৰিলো ৷ মই পলক কিমান ভাল পাইছিলো আনে নাজানিলেও তইতো জানিছিলি ৷ তাৰ কাৰণে কি কৰা নাছিলো মই ? প্ৰতি মুহুৰ্ততে ছাঁ হৈ তাৰ লগত আছিলো ৷ কিন্তু সিয়ে যেতিয়া একো নজনাকৈ মোক একো নোসোধাকৈ যোগেনৰ আগত মোৰ বিষয়ে বেয়াকৈ কৈছিল শুনি মই থৰ লাগিছিলো ৷ পাৰ হৈ যোৱা ৩বছৰৰ বিশ্বাস আৰু ভালপোৱাৰ ভেটিটো তাচপাতৰ দৰেই খহি পৰিছিল ৷ মই হেনো যাৰে তাৰে লগত ৰিক্সাত উঠি ঘুৰি ফুৰোঁ, চিনেমা চাওঁ ৷ লাজ পাইছিলো মই যোগেনৰ আগত ৷ যোগেনক মই সেইদিনা ন’কলো যে যাৰে তাৰে লগত নহয় মোৰ আত্মীয় মানুহৰ লগতহে মই চিনেমা চাবলৈ গৈছিলো ৷ মোৰ বা ভন্তি গোটেইবোৰ আছিল লগত ৷ ঘৰৰ মানুহকেইজনৰ বাহিৰে পলেতো বাকী আত্মীয়বোৰক চিনি নেপায় ৷ সি যদি মোক দেখিছিল তেন্তে মোক মাতি একো নুসুধিলে কিয় ? বচ,  মই লৈ লৈছিলো মোৰ সিদ্ধ্বান্ত ৷ শেষবাৰৰ বাবে সি আমাৰ ঘৰলৈ আহোঁতে কৈ দিছিলো তাক ।  কলিজা কাটি তাৰ হাতত দিছিলো থিকেই কিন্তু ইয়াৰ মানে এইটো নহয় যে মই মোৰ আত্মাক  বন্ধকত থৈছো ৷ নাহিবা আৰু মোক বিচাৰি ৷ মাটিৰ পুতলা নহয় মই ৷ আত্মসন্মান আছে মোৰ ৷ ভালপোৱা মোৰ দুৰ্বলতা নহয় ৷ সন্মান দিব নোৱাৰা যদি অপমানো নকৰিবা ৷ মোক অপমান কৰাৰ অধিকাৰ মই কাকো নাইদিয়া ৷ ওৰে নিশা আমি দুয়ো কান্দিছিলো ৷ সেইদিনাই নিৰ্মমভাবে বুজি উঠিছিলো মোৰ কিমান ভিতৰলৈ শিপাই আছে সি ৷ কিন্তু মই নিৰূপায় আছিলো ৷ অবিশ্বাস আৰু ভালপোৱাৰ সহবাস মোৰ বাবে অসম্ভব ৷ ঘৰত কৈছিলো বিয়া হম বুলি ৷ শুনি মায়ে সন্তোষৰ হাঁহি মাৰিছিল ৷ কাৰণ মোক বিয়া দিয়াটো মাৰ মূৰৰ বিষৰ কাৰণ আছিল ৷ মই বিহাৰত ট্ৰেইনিং কৰি থাকোতেই মোৰ বিয়াৰ তাৰিখ ঠিক হৈছিল ৷ ৬শাওন ৷ দৰাঘৰৰ পৰা ভাবিছিল আঘোণমানত পাতিব ৷ কিন্তু মই ঘৰত কৈ দিছিলো সিমান দেৰিলৈ ৰৈ থাকোতে যদি মোৰ বিয়া হ’বৰ মন নেযায় তাৰ বাবে যেন মোক কোনেও নোদোষে ৷ মাহঁতে আৰু দেৰি কৰা নাছিল ৷ পাগলীজনীয়ে কি কৰে ঠিক নাই বুলি ৬শাওনতে বিয়া হৈ গৈছিল মোৰ ৷ পল অহা নাছিল বিয়া খাবলৈ ৷ বাকী বিজয়, জিন্তু, ৰাজীৱ, মমী, গীতা, সঞ্জীৱ ইহঁত সকলো  আহিছিল ৷

চাকৰি নতুন ৷ বিয়াও হৈছো নতুনকৈ ৷ অলপ ৰং লাগিছিল মনত ৷ পাতল পাতল লাগিছিল মূৰটো ৷ দিনবোৰ গৈ থাকিল ৷ মানুহজন নতুন ৷ ওচৰ পাজৰৰ পৰিবেশ নতুন ৷ ইটো সিটো এৰা ধৰা কৰি মনে মনে ভাবি থাকিলো এনেকৈয়ে সংসাৰ আৰম্ভ হয় চাগে ৷ মানুহজনৰ লগত মোৰ কথা বতৰা চিন্তা ভাবনা খোৱা বোৱা ৰুচিবোধ একোৱে নিমিলে ৷ নজনাক জনাৰ , নোপোৱাক পোৱাৰ কোনো হেপাহ তেওঁৰ নাই ৷ কিবা পালে ভাল, নেপালেও আপত্তি নাই ৷ সংসাৰ সম্পৰ্কে কোনো ধাৰণা নাই ৷ কৌতুহলো নাই ৷ চলি আছে, চলি থাকিব তেওঁৰ ভাব ৷ মই বিবুধিত পৰিলো ৷ এনেকৈ হ’লেতো জীৱন নচলিব ৷ চৰাইৰ পোৱালিক টোপ খোৱাদি আবৰি আনিব খুজিলো তেওঁক ৷ হাতত ধৰি শিকালো জীৱনৰ আদি পাঠ ৷ প্ৰেম কি, মৰম কি, সংসাৰ কি, সংসাৰৰ দায়িত্ব কি, মোক কি লাগে, মই তেওঁক কি দিব খোজো, কেনেকৈ আহিবলৈ  ধৰা দিনবোৰ সুখৰ কৰোঁ , মোৰ উত্কন্ঠাৰ শেষ নাই ৷ যেনেকৈ পাৰো তেওঁক বুজাবলৈ যত্ন কৰিলো , মোক এখন ঘৰ লাগে ৷ এই ঘৰটোৰ সংজ্ঞা তোক মই অসমীয়াত দিব নোৱাৰো ৷ ইংৰাজীত HOUSE AND HOME ৰ মাজত এটা পাৰ্থক্য আছে চাবিচোন ৷ মোক HOME লাগে ৷ কিন্তু মই বৰ বেয়াকৈ হাৰি গ’লো ৷ তেওঁক বুজাবলৈ যাওঁতে দায়িত্ববোৰ লওঁতে লওঁতে এতিয়া এনেকুৱা হ’ল যে তেওঁ ভাত খাই টিভি চাই নিচিন্ত মনে শুই থাকে ৷ ল’ৰা ছোৱালী দুটা জন্ম দিয়াতেই তেওঁৰ দায়িত্ব শেষ ৷ মতা মানুহবোৰৰ এটা বৰ সুবিধাজনক শব্দ আছে “ব’মভোলা” ৷ এই লেবেলটো পিঠিত আঁৰি নমৰালৈকে আৰামত দিনবোৰ পাৰ কৰিব পাৰে ৷

মোৰ দুখ ক’ত তই নুবুজিবি ৷ জীয়াই থকালৈকে তপন দাই তোক মাকে কুকুৰা পোৱালি আবৰি ৰখা দি ৰাখিছিল ৷ বিয়াৰ আগলৈকে এখন ঘৰ চলোৱা তই বিয়াৰ পাছত ডুমডুমাৰ পৰা কাকপথাৰলৈ যাব নোৱাৰা হ’লি ৷ তপন দাই বজাৰ কৰি আনি নিদিলে তই সন্মুখেদি যোৱা বেপাৰীটোৰ পৰা শাক পাছলিখিনিও কিনিব নোৱাৰ ৷ বাকী আনবোৰ কথা বাদেই দে ৷ কথাটো কৈ তপন দাই হাঁহিছিল যদিও শুনি মোৰ খং উঠিছিল ৷ আনৰ ওপৰত ইমান নিৰ্ভৰ কৰা নাযায় আৰু !  কিন্তু মোৰ সংসাৰখন তোৰ দৰে নহয় ৷ আলু পিয়াঁজৰ পৰা বেংকৰ ল’ন মৰালৈকে চব দায়িত্ব মোৰ ৷ ল’ৰাক পঢ়োৱা, তাহাঁতক শাসন কৰা, নিজৰ খবৰ ৰখা, মাহটোৰ খৰচৰ হিচাপ ৰখা : এইবোৰ কৰোতে কৰোতে নিজৰ কাৰণে ভাবিবলৈ সময়ে নাপাওঁ ৷ কেতিয়াবা মেচিন যেন লাগি যায় নিজকে ৷ কিয়নো বাচি আছো যেন লাগে ৷ বৰ মন যায় কেতিয়াবা জোনাক নিশা বাহিৰত বহিবলৈ ৷ কাৰোবাৰ সৈতে কথা পাতিবলৈ ৷ নতুন একো নহলেও পুৰণা কথাকে পাতিলোহেতেন ! মন যায় নদীত বেলি মাৰ যোৱা চাবলৈ ৷ মুকলি পথাৰত খোজ কাঢ়িবলৈ ৷ গান গাবলৈ ৷ অভিনয় কৰি ভালপোৱা মই এতিয়া নাটক এখনো চাবলৈ নাপাওঁ ৷ বিহুৱতী হৈ নাচি ফুৰা মই এতিয়া নাচনী এজনীও দেখিবলৈ নাপাওঁ ৷ নাই, তেওঁ মোক একোতে বাধা নিদিয়ে ৷ কিন্তু দুখ হওক ব সুখ হওক তাৰ এজন অংশীদাৰ নাথাকিলে অনুভৱটো আধাৰুৱা হৈ ৰয় ৷ অসুবিধাটো ক’ত জান্ ? উত্তাপ মানে তেওঁ বুজে শাৰীৰিক সান্নিধ্য আৰু মই বুজো হিয়াৰ উম ৷ এটা নাৰী দেহ কেতিয়া উপভোগ্য হয় সেইয়া তই হয়তো কব নোৱাৰিবি কাৰণ মোৰ দৰে তয়ো নাৰী ৷ কিন্তু মোৰ এনে লাগে যেন মনৰ আনন্দখিনি হিয়াইদি নিগৰি গৈ যেতিয়া শৰীৰত শেষ হয় তেতিয়াই সুখানুভুতি সম্পুৰ্ণ হয় ৷ তেওঁ মোক পূৰ্ণ কৰিব নোৱাৰিলে আৰু মই তেওঁতেই লীন হ’ব নোৱাৰিলো ৷ ঘড়ীৰ পেন্দোলামটোৰ দৰে ওলমি থাকিলো ৷ মৃত্যুলৈ বাট চাই থকাৰ বাহিৰে মোৰ বাবে এতিয়া আন একো পথ খোলা নাই !

 

আজিলৈকে নুবুজিলো বিয়া মানে কি ! মাত্ৰ দুটা শৰীৰ একেলগ হ’লেই কি বিয়া সম্পূৰ্ণ হয় ? অথবা বংশ ৰক্ষা কৰিবলৈ সন্তান জন্ম দিবলৈকে বিয়াৰ প্ৰয়োজন নে? নে সমাজৰ নিয়ম বুলি মানিয়ে বিয়া পাতিব লাগে ? নে এটা নাৰী শৰীৰ ভোগ কৰিবলৈ এজন পুৰুষক সমাজে দিয়া অধিকাৰ ? সংসাৰখন চলাওঁতে পুৰুষজনতকৈ নাৰীগৰাকীয়ে বেছি ত্যাগ স্বীকাৰ কৰিব লগা হয় ৷ তথাপিও কিয় বাৰু নাৰীগৰাকীয়ে ত্যাগৰ স্বীকৃতি নাপায় ? যৌতুকত অনা বস্তুবোৰৰ দৰেই মই নিৰ্জীৱ নেকি ? মোৰ ইচ্ছা অনিচ্ছা ভাল লগা বেয়া লগা নাই নেকি? বিয়া হ’লো বুলিয়েই মোৰ হাঁহি কান্দোনবোৰ বন্ধকত থ’লো নেকি ? মোৰ প্ৰশ্নৰ শেষ নাই ৷ আজিকালি একো ভাল নালাগে ৷ একো কৰিবৰো মন নাযায় ৷ কিতাপ অৱশ্যে আগৰ দৰেই পঢ়োঁ ৷ অলপ বেছিকৈহে পঢ়োঁ কিজানি ৷ আধালেখা দস্তাবেজ বুকুত লৈ নুফুৰোঁ এতিয়া ৷ তোক ক’বলৈ লৈছিলো মোৰ ভাল লগাৰ কাৰণটো ৷ কৈ আছো এইবোৰ ৷ তই বেয়া নাপাৱ বুলি জানো ৷ শুন এতিয়া মোৰ আনন্দৰ কাৰণটো ৷ সেইদিনা কি হ’ল জান’ ? অফিচতে এই কিতাপ পঢ়া নপঢ়ালৈয়ে কিবা কথা ওলায় আছিল ৷ চবেই জানে মই কিতাপ বুলিলে চিটিকাত পাতিলেও লাগিম ৷ তেনেতে ওলাল চন্দ্ৰমাৰ কবিতাৰ কথা ৷ তাই বৰ ধুনীয়া লিখে ৷ তাইৰ হেপাহতে মই ফেচবুকত একাউন্ট খুলিছিলো ৷ তাইক সুধিলো তুমি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখা ? তাইয়ে ক’লে আজিকালি নেটত ঈ-মেগাজিন ওলাইছে নহয় ৷ তাত অসমীয়াত কথা বতৰা বুলি এটা গ্ৰুপ আছে ৷ তাত সকলোৱে অসমীয়াতে লিখে ৷ সাহিত্য ডট অৰ্গ বুলি আৰু নীলা চৰাই বুলি দুখন ঈ মেগাজিনো আছে ৷ অফিচত থকা সময়খিনিত সুবিধা পালেই মই নেট খোলা হ’লো ৷ ভাল লাগিল পঢ়ি পঢ়ি ৷ কিন্তু ভাল লাগে বুলি মন্তব্য দিলে মোৰ মন্তব্যবোৰ তাত নাথাকে ৷ নাইকিয়া হৈ যায় ৷ কাৰণটো আকৌ চন্দ্ৰমাকে সুধিলো ৷ তাই মোক অসমীয়াত লিখা শিকিবলৈ ক’লে ৷ আজিকালি য়ুনিক’ডত অসমীয়া লিখিব পাৰি ৷ বিশ্ব্দৰবাৰত অসম আৰু অসমীয়াক পৰিচয় কৰি দিবলৈকে এচাম মানুহে অহৰহ চেষ্টা কৰিছে ৷ বৰ ভাল লাগিল জান’ কথাটো জানি ৷ নেটতে দুজনমানৰ লগত যোগাযোগ কৰি এদিন বাৰাহা নামৰ এটা software ডাউনলোড কৰিলো ৷ তাৰ আগতে আকৌ ঘৰৰ pcটোত নেট কনেক্ট কৰিবলৈ আক তাক সুধি ম’বাইলত নেট পেক্‌ ৰিচাৰ্জ কৰি ল’লো ৷ আজি নিজে ঘৰতে বহি কম্পিউটাৰত যেতিয়া গোটেই অ-ফলা আৰু ক-ফলাখন লিখিব পাৰিলো মোৰ সঁচাকৈ যুদ্ধ্ব জয় কৰা যেন লাগিল ৷ তাৰ পাছতেই সৰু কিবা এটা লিখি সেই অ.ক.ব গোটলৈ পঠিয়াই দিলো ৷ মোৰ লিখাটো পঢ়ি বহুজনে লগে লগে মন্তব্য দিয়া দেখি মোৰ চকুপানী ওলায় গ’ল আনন্দতে ৷ নতুনকৈ জীৱনটো ঘূৰাই পোৱা যেন লাগিল ৷ এইখন এখন অন্য পৃথিৱী ৷ ইয়াত একেখন মুকলি আকাশৰ তলতে সকলোৱে প্ৰাণভৰি উশাহ ল’ব পাৰে ৷ ইয়াত জাতি ভেদ উচ্চ নীচ নাই ৷ ইয়াত সকলো অসমীয়া ৷ ইয়াত সকলো কেৱল মানুহ ৷ ইয়াত সকলোৱে ঐকান্তিকভাবে মাত্ৰ এটাই সাধনা কৰে অসম আৰু অসমীয়াৰ বৈশিষ্ট্য সংৰক্ষণ কৰা আৰু তাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা ৷ ইয়াত কাৰো স্বাৰ্থ নাই ৷ কোনো প্ৰতিযোগিতা নাই ৷ তয়ো সময় পালে এবাৰ চাবিচোন ভাল লাগিব তোৰ ৷ এইবাৰ জান্তু ঘৰলৈ আহিলে তাক কবি মই এইবোৰ কৈছো বুলি ৷ সিও ভাল পাব ৷ স্কুলত থকা সময়খিনিত তই ঠিকেই থাক ৷ কিন্তু ঘৰলৈ অহাৰ পাছত যে তই ঠিকে নাথাক সেইটো সৰু হ’লেও সি বুজে ৷ আক তাক নুসুধাকৈ তই যদি নিজেই মনে মনে শিকি তাক চাৰপ্ৰাইজ দিব খোজ তেতিয়াহ’লে মোক সুধিবি ৷ মই শিকাই দিম ৷ ভাবি চাবি কথাটো ৷ মই জানো তই নিৰ্ঘাত কবি যে ,  তই একো লিখিব-মেলিব  নাজান ,  শিকি কি কৰিবি ৷ লিখিব ময়ো নাজানো ৷ কিন্তু আনে লিখাবোৰ পঢ়ি ভাল লাগিলে ভাল লাগিল বুলিতো ক’ব পাৰিবি ! তাকে কৰিবি ৷ সামৰো দে ৷ ৰাতিপুৱাবৰে হ’ল ৷ এতিয়া নুশুও আৰু ৷ গাটোকে ধুই লওঁ ৷ আজি অফিচত গৈ টোপনি ধৰিব মোৰ ৷ ভালে থাকিবি ৷ মিছাতে কিবা কিবি ভাবি নাথাকিবি ৷ নমৰালৈকে বাচি থাকিবই লাগিব যেনেকৈ হ’লেও ৷ তই কবিতা বৰ ভাল পাৱ নহয় ! এই গোটত সোমালে বহুত কবিতা পঢ়িবলৈ পাবি ৷ মই আধুনিক কবিতা বৰকৈ নুবুজোঁ যদিও কিছুমান পঢ়ি ভাল লাগে ৷ হৃদয় চুই যায় ৷ এই বিষয়ে পাছত কেতিয়াবা কম দে ৷

 

ইতি

 

তোৰ জয়া

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক