মনৰ খবৰ : দিগন্ত যাদৱ শৰ্মা

মনৰ খবৰ

দিগন্ত যাদৱ শৰ্মা

(১)
আমি বাৰু বেছি আৱেগিক হৈ গৈছোঁ নেকি! অৱশ্যে আৱেগিক আগতেও আছিলোঁ, এতিয়া যেনিবা ঘৰে-বাহিৰে থকা ‘নিউজ চেনেল’বোৰৰ আৰ্শীবাদত আৱেগবোৰক অইনক দেখুৱাবওঁ পাৰিছোঁ।

সঁচাকৈয়ে দেই কিমান যে ভাল বস্তু এটা আছে আমাৰ। অইন কাৰোবাৰ আছেনে বৰ বেছি খবৰ লোৱা নাই। নাথাকিলেই ভাল, এনেয়ে আমাৰ বহুত বস্তু নাই। বহুত আইএএচ নাই, বহুত আইপিএচ নাই, বহুত ডাঙৰ ডাক্তৰ নাই, বহুত ডাঙৰ ইঞ্জিনীয়াৰ নাই, বহুত ডাঙৰ ডিজাইনাৰ নাই… নাই নাই বহুত বস্তুয়ে নাই। কিছুমান বস্তু আকৌ থাকিও নাই, যেনে খাৰুৱা তেল থাকিও নাই, বাগানবোৰ থাকিও চাহপাত নাই, কয়লা থাকিও নাই…
(মানে নোহোৱাৰ নিচিনাই, সৰ্বসাধাৰণৰ বাবে ইমান মূল্য দিয়াতো যথেষ্ট কষ্টকৰ)।
আৱেগটো কিন্তু আছে । অইনৰ নাথাকিলেও আমাৰ বহুতো আছে, থাকিবও পাৰে কিন্তু আমাৰ সমান নাই।
(বি: দ্র: বাংলাদেশীবোৰৰো আছে কিন্তু সেই কথা পিছলৈ থাকক)। আমি অদ্বিতীয়।
ভাল/বিখ্যাত মানুহ এজনৰ মৃত্যু হ’লে বাপৰে বাপ কান্দি-কাটি হুলস্থূল, মানে বিশাল আৱেগ। তেখতসকলে আমাক দি যোৱা ভাল কর্মৰাজীখিনি আমি খায়ে পেলাওঁ নে ৰাখিয়ে থওঁ পিছ কথা। ‘নিউজ চেনেল’বোৰ আছেই নহয় আমাৰ আৱেগ দেখুৱাবলৈ, তেওঁলোকে সাজু হৈয়ে থাকে, চাবলৈ আমিবোৰ আছোঁৱেই।
বন্ধও এটা-দুটামান পাওঁ, চকুপানীও অলপ উলিয়াই লওঁ, (বন্ধ পাই হয়তো শহুৰৰ ঘৰৰ পৰা ফুৰিও আহোঁ বা ৰবিবাৰ-শনিবাৰ লগ লগাই অলপ দীঘলীয়াকৈ ঘূৰিও আহোঁ)।
কেবাদিনো ধৰি উৎসৱো চলি থাকে যেনে আলোচনা সভা, শোক সভা, স্মৃতি চাৰণ সভা। দুমাহ নৌহওঁতে শেষ, মানে আমাৰ মনৰ পৰা আৱেগবোৰ আঁতৰিলেই।
কিছুমানে কয় আকৌ আমি বোলে আৱেগবিহ্বল জাতি আৰু পিছ মুহূর্ততে পাহৰি যাওঁ। ‘আৰে’ আগৰবোৰ যদি পাহৰি নাযাওঁ, পিছৰবোৰৰ বাবে সাজু কেনেকৈ হ’ম! কিমান আৱেগ আহি থাকে মানে এক্কেবাৰে ‘চিৰিয়েলী’ আহিয়েই থাকে, আহিয়েই থাকে।

‘ৰিয়েলটি শ্ব’ বোৰ আছেই । আজিকালি আমাৰ এই মুলুকৰ অংশগ্রহণকাৰীৰ সংখ্যাও গোটেই কম নহয়। কি যে ভাল লাগে এইবোৰ। ল’ৰা-ছোৱালীৰ পঢ়া-শুনা আছে- “আৰে ন’ প্রবলেম”। সিহঁত নাই নহয়, ‘টিউচন’লৈ পঠিওৱা নাই জানো! আৰাম কৰি চাহ একাপ লৈ চাই থাকক। ‘মিছ’ কৰিলেও “ন’ প্রবলেম” দিবই নহয় আকৌ পিছত। চাই থকাৰ মজাই বেলেগ, কোনোবাই আকৌ মাজতে মাতিলে খং টিকনিৰ আগ পায়। তাৰ পিছত এইবোৰক লৈ আলোচনা কৰাৰ মজাই বেলেগে। ‘এঙ্কৰ’ কেইজনে ইমান ধুনীয়াকে আমাৰ পৰা চকুপানীবোৰ উলিয়াই লৈ যাব পাৰে। পাৰিবই দিয়কছোন, আমাৰ যে আৱেগ আছে।
আজিলে থাকক দিয়ক। কিবা এটা আৱেগ নিশ্চয় আহি আছে। সাজু হ’ব লাগিব নহয়!

(২)

মোৰ ছোৱালী জনীয়ে ‘কম্পুউটাৰ’ত মোক অসমীয়াত লিখা দেখি আবদাৰ কৰে ‘দেউতা দেউতা মোকো শিকাই দিয়ানা, ময়ো অসমীয়াত লিখিম’। দিলোঁ; তাই নিজৰ আৰু স্কুলৰ নামটো লিখিৱ পৰা হৈ গ’ল, কি স্ফূর্তি তাইৰ। তৃতীয় শ্রেণীত পঢ়ে তাই। ইংৰাজী মাধ্যমত পঢ়ে কিন্তু মোৰ উৎসাহতে অসমীয়া কিতাপো মাজে মাজে পঢ়িবলৈ উলিয়াই লয়। কেইখনমান সাধু কিতাপ, সদ্য প্রকাশিত শিশু আলোচনী দুখনমান তাই শোৱা গাৰুটোৰ কাষত থাকিবই। তাই যে অসমীয়া সাধু কিতাপ বা শিশু আলোচনী বোৰ অলপ অলপ পঢ়িব পৰা হৈছে বা পঢ়াৰ ধাউতি যে আহিছে, মই কিন্তু গৌৰৱ অনুভৱ কৰোঁ । সেয়ে মোৰ মনৰ কথা আপোনালোকৰ আগত নোকোৱাকৈ নোৱাৰিলোঁ। সততে কোৱা হয় ইংৰাজী মাধ্যমৰ ল’ৰা-ছোৱালীবোৰৰ অসমীয়া পঢ়াৰ ধাউতি নাই বা পঢ়িবই নোৱাৰে। গতিকে সেইটো গোটত মই নাই দেই। সেয়া আমাৰহে কথা, সিহঁতে কি পঢ়িব, কি চাব। আমাৰ ধাউতি থাকিলেই হ’ল আৰু অলপ সময় উলিয়াই ল’লেই হ’ল। নিজৰ ঠাই খনৰ বর্ণনা, চাৰিওকাষৰ চিনাকি নামবোৰ, আমি ঘৰতে সকলোৱে সদায়ে কৈ থকা নিজ নিজ ভাষাত জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-বিৰিখৰ নামবোৰ যেতিয়া সিঁহতে পঢ়া মাতৃভাষাৰ কিতাপ খনত পাব, চাবচোন কি ৰং সিহঁতৰ। আৰু তেতিয়াই নিজৰ ভাষাটোত লিখা-কোৱাৰ প্রতি আগ্রহ নহাকৈ নাথাকে।

(৩)

দুবছৰ মান আগতে মোৰ চিনাকি চতুর্থ শ্রেণীৰ কৰ্মচাৰী এজনে মোৰ ম’বাইলটো দেখি সুধিছিল “এইটোত ‘ইণ্টাৰনেট’ কৰিব পাৰি নেকি ?”
মই কলোঁ- “পাৰি, কিয় সুধিলা?”
“নহয় চাৰ মানে মোৰ ল’ৰাটোৱে হাইস্কুল শিক্ষান্তত ভালকৈয়ে উত্তীর্ণ হ’ল। বিজ্ঞান শাখাত নামভৰ্তিও কৰিলে । এতিয়া সি মোক ‘টিউচন’ দিয়াৰ কথা কৈ থাকে, অভাৱৰ বাবে নোৱাৰোঁ। ঘৰতো নাথাকে সি, সুধিলে কয় লগৰ তাত সিহঁতে টিউচন কৰা নোট পঢ়ি শিকিবলৈ যোৱা বুলি। মনত বৰ দুখ লাগে চাৰ। নিজকে অক্ষম যেন লাগে, অসহায় বোধ কৰোঁ। এতিয়া মোক কৈছে ইন্টাৰনেট থকা ম’বাইল এটা পালে হেনো ঘৰতে ‘কৰ্ছ’ ৰ লগতে উপৰঞ্চি হিচাপেও বহুত শিকিব পাৰিব। সেয়ে কষ্ট কৰি হ’লেও এটা কিনি দিম বুলি ভাবিছোঁ, বৰ বেছি দাম ল’ব নেকি?”
ময়ো কিবা এটা কৈ তেওঁৰ ওচৰৰ পৰা আতৰি আহিলোঁ।
কেইদিনমান আগতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ওলাল। পাহৰিয়েই গৈছিলোঁ, সেই মানুহজনক দেখিয়েই মনত পৰিল । তেঁও কলে, “মোৰ ল’ৰাই পৰীক্ষাত ‘ফেইল’ কৰিলে। সেই যে চাৰ আপোনাক কৈছিলোঁ ম’বাইল কিনি দিয়াৰ কথা, দিছিলোঁও। ম’বাইলে যিখিনি আছিল মোৰ ল’ৰাৰ সেইখিনিও নষ্টহে কৰি পেলালে। খোলাকৈ ক’ব নোৱাৰিলেও ভনীয়েক জনীয়ে আগতেই ইংগীত দিছিল মোক, মইহে গুৰুত্ব দিয়া নাছিলোঁ। এতিয়াহে বুজিলোঁ সি গোটেই দিন-ৰাতি ম’বাইলটোত ‘ইণ্টাৰনেট’ লগাই কিবা বেয়া ছবি বোৰ চাই থাকে।”

(৪)
দূৰদর্শন (ব্যক্তিগত মালিকানাধীন)ৰ বাতৰি সমূহ চাবলৈ আজিকালি নিজকে মানসিক ভাবে প্রস্তুত কৰি লবলগীয়া হয়। নাচাওঁ বুলি ভাবোঁ, মনটোও নৰয়। ভাল খবৰ এটাৰ আশাত ‘ৰিম’ট কন্ট্রোল’টোৰে ‘চেনেল’বোৰ অদল বদল কৰি থাকোঁ। কেতিয়াবাহে দুই এটা পাওঁ। কিনো চাম, হয় কোনোবা এটাক মাৰি-ধৰি চুলি কাটি দিছে, আমিও যেন ৰৈ থাকোঁ টিভি কেমেৰা কেইটা অহালৈ। সেইদিনা দেখিলোঁ শিক্ষক এজনক কেইবাজনৰ লগতে বিদ্যালয়খনৰ ছাত্রী কেইজনীমানেও খুব পিটিছে (জালিয়াতি সংক্ৰান্তীয় মামলা)। দুখ লাগিল, চাবলৈ আৰু মন নগ’ল। মানি লৈছোঁ শিক্ষক জনৰ গাত দোষ আছে, কিন্তু গোটেই খনকে এই দৃশ্যবোৰ দেখুৱাবৰ কি মানে আছে। ছাত্র ছাত্রী বোৰে এইবোৰৰ পৰা কিবা ভাল ‘মেছেজ’ পাবনে। নিশ্চয় বহু ছাত্র ছাত্রীয়ে এইবোৰ চাই থাকে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক