মন, তোমাক কিমান বুজি পাওঁ! এটা মনস্তাত্তিক বিশ্লেষণ (ড. লোচন শইকীয়া)

 

আমি নিজকে কিমান চিনি পাওঁ? এটা সাধাৰণ প্ৰশ্ন৷ কিন্তু উত্তৰ পাওঁ পাওঁ লাগে, পিচে নাপাওঁ৷ নিজকে চিনি নাপাওঁ, আনক চিনি পোৱাৰ ভাও ধৰোঁ৷ নিজকে চিনি পাবলৈ যিমানেই আপ্ৰান চেষ্টা কৰোঁ, মৰিচীকাৰ দৰেই চিনাকী চেহেৰাতো আঁতৰি যায়৷ মনে কি বিচাৰে স্থান, কাল, পাত্ৰভেদে ভিন্ন হয়৷ আনে হয়তো আমাক, আমাৰ বিষয়ে অলপ বেছি চিনি পায়৷ চাৰ্লচ ডিকেন্সে কৈছিল – “A wonderful fact to reflect upon, that every human creature is constituted to be that profound secret and mystery to every other.”

Mon_Mindআমি পাৰ্থিব পৃথিবীখন কেনেকৈ গ্ৰহণ কৰিছোঁ, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ প্ৰতিক্ৰিয়া, ব্যৱহাৰ আদিৰ ওপৰত অধ্যয়ণ চলাই মনৰ ৰহস্যময় জগতখনৰ বিষয়ে কিছু আভাষ দিয়াৰ যত্ন৷ এনেবোৰ সিদ্ধান্তলৈ আহিবৰ বাবে বিশেষজ্ঞসকলে বহুতো পৰীক্ষা-নিৰীক্ষা মানুহৰ ওপৰত সম্পন্ন কৰি, ৰহস্যময় মানুহৰ প্ৰকৃতি আৰু ব্যৱহাৰৰ ওপৰত আলোকপাত কৰিছে৷

আহকচোন, বিশেষজ্ঞসকলে কোৱা কথাবোৰ আমাৰ বাবে কিমান গ্ৰহণযোগ্য এবাৰ বিচাৰ কৰি চাওঁ৷ মনত ৰাখিব আমাৰ বিচাৰ প্ৰক্ৰিয়াও বিশেষজ্ঞসকলে মনত ৰাখিহে আগুৱাইছে৷

স্থিতি (১)  আমাৰ প্ৰত্যেকৰে গাত কিছু পৰিমাণে বেয়া গুণ নিহিত আছে৷

বিভিন্ন তৰ্ক-বিতৰ্কৰ স্থল থকা আটাইতকৈ মনোবৈজ্ঞানিক বিখ্যাত পৰীক্ষাটো আছিল ১৯৭১ত ষ্টেনফৰ্ড কাৰাগাৰমূলক পৰীক্ষা৷ ষ্টেনফৰ্ডৰ মাটিৰ তলৰ কোঠাত সাজি লোৱা পৰীক্ষামূলক কাৰাগাৰ (Mock prison)ত Philip Zimbardoৰ নেতৃত্বত কোনো ধৰণৰ অপৰাধ নকৰা মানসিক ভাৱে সুস্থ বুলি গণ্য কৰা ২৪জন প্ৰাক-স্নাতক শ্ৰেণীৰ ছাত্ৰৰ ওপৰত পৰীক্ষা চলোৱা হৈছিল৷ এই পৰীক্ষাত চাব খোজা হৈছিল পৰিবেশে কিধৰণে মানুহৰ মনক প্ৰভাৱাম্বিত কৰে৷ পৰীক্ষামূলক ছাত্ৰ কেইজনক ২৪ ঘণ্টাৰ কাৰণে বন্দী আৰু ৮ ঘণ্টাৰ কাৰণে পাল-পাতি নিৰাপত্তাৰক্ষীৰ কামত নিয়োগ কৰা হৈছিল৷ এই সময়ছোৱাত গুপুত কেমেৰাৰ সহায়েৰে পৰীক্ষাৰ্থী কেইজনৰ ব্যৱহাৰিক জীৱনত সূক্ষ্ম দৃষ্টি ৰখা হৈছিল৷

এই পৰীক্ষা ঠিক কৰা হৈছিল দুটা সপ্তাহৰ কাৰণে, কিন্তু নিৰাপত্তাৰ দায়ীত্ব পোৱা পৰীক্ষামূলক ৰক্ষীৰ অপব্যৱহাৰ (abusive) কাৰণে আৰম্ভ কৰা পৰীক্ষা ৬ দিন পাৰ হওঁতেই বন্ধ কৰিবলগীয়া হল৷ ইয়াৰ কাৰণ- কিছু ক্ষেত্ৰত বন্দীৰ মানসিক উদ্বেগৰ কাৰণে প্ৰকাশ পোৱা ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত ৰক্ষীয়ে বন্দীৰ ওপৰত মানসিক ও শাৰীৰিক দুয়োবিধ অত্যাচাৰ চলাইছিল৷ ৰক্ষীৰ ভাও দিয়া পৰীক্ষাৰ্থীয়ে বন্দীৰ ভাও দিয়া পৰীক্ষাৰ্থীৰ কাপোৰ খুলি নঙঠা কৰি ৰঙ চাইছিল, আনকি যৌন-অত্যাচাৰো চলাইছিল৷

পৰীক্ষাৰ নেতৃত্ব লোৱা মনোবিজ্ঞানী Zimbardoএ কৈছিল, পৰীক্ষা আৰম্ভ কৰিয়েই মই গম পাইছিলোঁ কি ঘটিছিল, আৰু সেই কাৰণতেই চিন্তাত শুব নোৱাৰা হোৱাত ছয় দিনৰ পিচতেই উক্ত পৰীক্ষা বাদ দিব লগীয়া হল৷

 

স্থিতি (২) আমাৰ সন্মূখত শুদ্ধ কি আমি ভালদৰে চকু নিদিওঁ৷

আমাৰ নিচেই কাষৰ পাৰিপাৰ্শ্চিক জগতত কি হৈ আছে আমি চকু দিওঁনে? আমি নিজকে যিমান সতৰ্ক বুলি ভাবোঁ প্ৰকৃততে সিমান নহয়৷ এই কথাষাৰ প্ৰতিপন্ন কৰিবলৈ মনোবিজ্ঞানীয়ে ১৯৯৮ চনত হাভাৰ্দ আৰু কেণ্ট ষ্টেট বিশ্ববিদ্যালয়ৰ কলেজ চৌহদত খোজ কাঢ়ি অহা মানুহক লক্ষ্য ঠিক কৰি সুধিছিল যে তেওঁলোকে নিকটতম পৰিবেশত কি ঘটি আছে গম পায়নে? প্ৰথমতো পৰীক্ষাত এজন অভিনেতাই বহুতৰ মাজৰে এজন বাটৰুৱাক এটা বাটৰ বিষয়ে সুধিলে৷ উত্তৰ দিয়াৰ আগতেই দুজন মানুহে কাঠৰ ডাঙৰ দুৱাৰ এখন লৈ অভিনেতা আৰু প্ৰশ্ন সোধা বাটৰুৱা জাকৰ মাজত কেই চেকেণ্ড মানৰ কাৰণে ইজনে সিজনক নেদেখা কৰি আঁৰ কৰি পাৰ হল৷ সেই কেই চেকেণ্ডতে প্ৰথম অভিনেতাজনক বেলেগ এজন অভিনেতাৰে সলনি কৰা হল৷ দ্বিত্বীয় অভিনেতাজনৰ উচ্চতা, গঢ়, পিন্ধা কাপোৰ, চুলিকটা ধৰণ আৰু মাত সম্পূৰ্ণ বেলেগ আছিল৷ আচৰিত ধৰণে আধা বাটৰুৱাই কথাবোৰ মন নকৰিলে৷

এই পৰীক্ষাতোৰ জৰীয়তে ৰঙক গুৰুত্ব নিদিয়া colour blindness তথ্য এটা আগ বঢ়াইছে৷ কৈছে আমি নিত্য নৈমিত্তিক জীৱনত চকুৰে দেখি থকা ঘটনাবোৰ চিন্তা শক্তিৰে বিচাৰ কৰাৰ আগেয়ে কিছুমান ক্ষেত্ৰত স্মৃতি আৰু চানেকিৰ ওপৰত বেছি নিৰ্ভৰ কৰোঁ৷

আপুনি ভাবেনে মনোবিজ্ঞানীসকল সদায়েই শুদ্ধ!

 

স্থিতি (৩) লোভৰ ইচ্ছাপূৰণ পলম কৰা কঠিন, কিন্তু ধৈৰ্য্য ধৰিলেহে কৃতকাৰ্য্যতা বাঢ়ে৷

১৯৬০ত ষ্টেনফৰ্ডত চলোৱা আন এক বিখ্যাত পৰীক্ষা৷ পৰীক্ষাটো চলোৱা হৈছিল চাৰি বছৰ বয়সৰ সৰু লৰা-ছোৱালীৰ ওপৰত৷ ধৰি লোৱা হওক সৰু লৰা-ছোৱালীয়ে লোভ সামৰিব নোৱাৰে৷ এই পৰীক্ষাৰ জৰিয়তে সমাধান আগবঢ়োৱা হৈছিল যে মনৰ বল আৰু আত্ম-নিয়ণ্ত্ৰণেৰে ইচ্ছা শক্তিক নিয়ণ্ত্ৰণ কৰিব পাৰি৷

পৰীক্ষাটোত এটা কোঠাত ৰাখি তাতে এখন প্লেটত লোভনীয় মিঠা খাদ্য ৰাখি কিছু শিশুক কোৱা হৈছিল তেওঁলোকে ইচ্ছা কৰিলে মিঠাই খিনি খাব পাৰে৷ নতুবা গবেষকজন ঘূৰি অহালৈ পোন্ধৰ মিনিট অপেক্ষা কৰিব পাৰে৷ তেতিয়া তেওলোকক দুগুণ মিঠাই দিয়া হব৷ সৰহখিনি শিশুৱে অপেক্ষা কৰিম বুলিয়ে কৈছিল৷ ধৈৰ্য্যও ধৰিছিল৷ কিন্তু সৰহখিনি শিশুৰ ধৈৰ্য্যৰ বান্ধো ছিগিল৷ যিকেইটি শিশুৱে অপেক্ষা কৰিব পাৰিছিল সেই কেইটি শিশুৱে মিঠাই খিনিৰ ওচৰৰ পৰা আঁতৰি ফুৰিছিল বা চকু ঢাকি ধৰিছিল৷ এই পৰীক্ষাৰ ফলৰ প্ৰতি অধিক সময় লৈ একেখিনি শিশুক ডাঙৰ হৈ অহাৰ লগে-লগে প্ৰাক-বয়স সন্ধিৰ সময়ছোৱাত লক্ষ্য ৰাখি দেখা গৈছিল যে অধিক শকত হৈ পৰা বা নিচাযুক্ত বস্তুৰ প্ৰতি আসক্তি নতুবা ব্যৱহাৰিক সমস্যাই পিচৰ জীৱনত কৃতকাৰ্য্যতাক সংপৃক্ত কৰি মনৰ বল আৰু আত্ম-নিয়ণ্ত্ৰণৰ ইচ্ছা শক্তিক গুৰুত্ব দিয়া হৈছে৷

 

স্থিতি (৪) আমি গভীৰ নীতিগত বৈপৰীত্য মানসিক চাপ অনুভৱ কৰোঁ৷

১৯৬১ ত য়েল মনোবিজ্ঞানী ষ্টেনলী মিলগ্ৰামে চলোৱা পৰীক্ষাৰ তথ্যবোৰ জানিবলৈ সাজু হওক৷ তেখেতৰ পৰীক্ষাৰ বিষয় আছিল ওপৰ মহলৰ কৰ্ত্তৃত্বই দিয়া হুকুম মানি আনক অন্যায় কৰিব পৰা কাম কৰিবলৈ নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত এজন কৰ্মচাৰীয়ে কিমান দূৰ পৰ্য্যণ্ত মানি চলিব আৰু পালন কৰোঁতে নীতিগত ভুল-শুদ্ধৰ মানসিক চাপ অনুভৱ কৰে নে নাই?

ষ্টেনলী মিলগ্ৰামে প্ৰকৃততে এই পৰীক্ষা নাজী-যুদ্ধৰ অপৰাধীৰ ওপৰত চলাই প্ৰকৃততে ঘটা অকথনীয় সত্য উদ্ঘাটন কৰিব বিচাৰিছিল৷ যিটো তেওঁক কৰিবলৈ দিয়া নহল৷ সেই উদ্দেশ্যে আগত ৰাখি তেখেতে চলোৱা এটা পৰীক্ষা আছিল কেইবা যোৰ শিক্ষকৰূপী আৰু ছাত্ৰৰূপী পৰীক্ষাৰ্থীৰ ওপৰত৷ শিক্ষকক নিৰ্দেশ দিয়া হৈছিল ছাত্ৰৰ ওপৰত ইলেকট্ৰিক শ্বক দিবলৈ৷ এই পৰীক্ষা চলাওঁতে শিক্ষক, ছাত্ৰক দুয়োকে বেলেগে দুটা কোঠাত ৰাখি কৰা হৈছিল৷ প্ৰকৃততে ছাত্ৰজনক ইলেকট্ৰিক শ্বক লাগিবলৈ দিয়া হোৱা নাছিল, বৰং ৰেকৰ্ডিঙৰ সহায়ত কষ্ট পোৱা যেন গেঙনী শুনোৱা হৈছিল৷ এই কথা শিক্ষকেও গম পোৱা নাছিল৷ কিন্তু যিমানবাৰ শিক্ষকক প্ৰশ্ন সোধা হল সিমানবাৰেই ভুল উত্তৰ দিছিল৷ শিক্ষকৰূপী আজ্ঞাবাহী ভৃত্যই নকৰোঁ বুলি ভাবিলেও তেওঁক তেওঁৰ কাম কৰি যাবলৈ আদেশ দিয়া হৈছিল৷ এই পৰীক্ষাত ৬৫ শতাংশই কষ্ট পোৱা শ্বক (৪৫০ ভল্ট)দি নিজে কষ্টকৰ মানসিক চাপত ভূগিছিল৷ এই পৰীক্ষাতো কৰ্ত্তৃপক্ষৰ প্ৰতি থকা অন্ধ ভক্তিৰ সাৱধাণ বাণীৰ প্ৰদৰ্শন আছিল৷ Scientific American এ এই পৰীক্ষা পুণৰ কৰি মানসিক পৃষ্ঠপটত গভীৰ সঙ্কটত ভোগা দৃশ্যৰ পুণৰাবৃত্তি কৰিছিল৷

এই পৰীক্ষাই মানুহৰ অন্তৰত থকা দয়া, আনৰ প্ৰতি সহানুভূতিশীলতা, লগতে পাশবিক নিষ্ঠুৰতা, অসততাৰে ভৰা স্বভাৱ দুয়োদিশ উন্মুক্ত কৰিছিল৷ সংবাদদাতা Michael Shermer এ লিখিছিল “শ্বক পৰীক্ষাটোৱে কৰ্ত্তৃপক্ষৰ প্ৰতি অন্ধভক্তিয়ে নহয়, নিজৰ মাজত সুপ্ত থকা নীতিগত তথ্যও উন্মুক্ত কৰিছে ”৷ এই পৰীক্ষাক বিতৰ্কলৈ আনি কেইজন মানে লিখিছিল যে ৬০ শতাংশ শিক্ষকে বেছি পৰিমাণৰ শ্বক দিয়া আদেশ মনাই নাছিল৷

 

স্থিতি (৫) ক্ষমতাই সহজেই মানুহক দুৰ্নীতি-গ্ৰস্ত কৰি তুলে৷

এই উক্তিৰ পৃষ্ঠপটত এটা কাৰণ দেখুওৱা হৈছে৷ ক্ষমতাই মানুহক অন্ধ কৰে৷ ক্ষমতালৈ আহিলে পাবই লাগিব আৰু আনৰ প্ৰতি অসন্মান প্ৰদৰ্শণ কৰা কেতিয়াবা বেয়া নহয় ধৰণৰ মনোভাৱৰ গঢ় দিয়ে৷ ২০০৩ ত চলোৱা এটা পৰীক্ষাৰ ফল Psychological Review জাৰ্নেলত প্ৰকাশিত হৈছে৷ পৰীক্ষাতোত কিছু ছাত্ৰক তিনিজনীয়া দলত ভগাই একেলগে এখন চুটি পেপাৰ লিখিবলৈ কোৱা হৈছিল৷ একেটা দলৰে দুজনক লিখাৰ দায়িত্ব দি আনজনক দায়িত্ব দিয়া হৈছিল নিৰীক্ষণ কৰিবলৈ যে লিখা দুজনে কিমান পাৰিশ্ৰমিক পোৱা উচিত৷ লিখি থকা সময়তে পাঁচখন বিস্কুট এখন প্লেটত থোৱা হৈছিল৷ দেখা গৈছিল শেষৰ বিস্কুটখন কোনেও খোৱা নাছিল৷ অৱশ্যে চাৰি নম্বৰ বিস্কুটখন নিৰীক্ষক বচেই খাইছিল, তাকো মূখ খুলি, লাহে-লাহে৷

এই পৰীক্ষাৰ জৰীয়তে মনোবিজ্ঞানীয়ে মত আগবঢ়াইছিল যে বিজ্ঞানসন্মত পৰীক্ষাতো ক্ষমতা পোৱা মানুহে আনক শাৰীৰিক ভাবে নুচুবলগীয়া ঠাইতো চুইছিল, পোনপটীয়াকে চুপতি মাৰিছিল, বাজী ধৰিবলৈ উচতাইছিল, বুজাবুজিৰ আলোচনাত নিজেই প্ৰথম আপোচ কৰিছিল আৰু ঠিক যিদৰে বেছি বিস্কুট খাই অহমিকতাৰো পৰিচয় দিছিল৷

 

স্থিতি (৬) মানুহে সামাজিক ৰূপতো বিশ্বাস বিচাৰে আৰু সহজেই আনৰ অন্ত: কলহতো সোমাই পৰে৷

১৯৫০ৰ সময়ৰ এই পৰীক্ষাতোত কিদৰে সামাজিক দলবোৰ, অন্ত: কলহতো সোমাই পৰে, পিচত কিদৰে তাৰপৰা শিকেও তাকে দেখুওৱা হৈছে৷ উক্ত পৰীক্ষাত Muzafer Sherif এ নেতৃত্ব দি এঘাৰ বছৰীয়া, এঘাৰজনীয়া দুটা দল লৈ Oklahomaৰ Robbers Cave State Park ত গৰম দিনৰ ছুটীত কেম্প পাতি পৰীক্ষা চলাইছিল৷ দল দুটাৰ নাম দিছিল “Eagles“ আৰু “Rattlers“৷ দলকেইটাই ইটোৱে সিটোৰ অস্তিত্বৰ বিষয়ে একো নাজানিছিল৷ এটা সপ্তাহ দল দুটাই পৃথকে পৃথকে হাঁহি, ধেমালীৰে ৰং-ৰইচ কৰি আনন্দৰে মিলিজুলি পাৰ কৰিলে৷ যেতিয়াই দুয়োটা দল একেলগ কৰি দিয়া হল, লৰাবিলাকে ইটোৱে সিটোক নাম ধৰি মতা আৰম্ভ কৰিলে৷ যেতিয়াই বিভিন্ন খেলত প্ৰতিযোগিতা আৰম্ভ হল, তেতিয়াই দলীয় বিৰোধ আৰম্ভ হল আৰু এটা দলে আনটো দলৰ সৈতে খাবলৈ বহিবলৈও অমান্তি হল৷ ইয়াৰ পিচৰ পদক্ষেপ স্বৰূপে Sherif এ দল দুটাৰ সদস্যক মিলাপ্ৰীতিৰ কাৰণে অৱসৰ বিনোদনৰ সময়ত একেলগ কৰিও চালে যদিও সফল নহল৷ ইয়াৰ পিচতে এটা জটিল অঙ্ক একেলগে ৰাখি কৰিবলৈ দিলে, তেতিয়াই দল দুটাৰ সদস্যৰ মাজত বিৰোধ ভাব কমিবলৈ আৰম্ভ হল৷

 

স্থিতি (৭) মানুহক সুখী হবলৈ এটা মাত্ৰ বস্তুৰ প্ৰয়োজন৷

ইতিহাসত হাভাৰ্দ গ্ৰাণ্টৰ ১৯৩৮-৪০ চনত ২৬৮জন প্ৰাকস্নাতকক লৈ ১৯৯০লৈ চলোৱা ৭৫ বছৰীয়া দীৰ্ঘতম পৰীক্ষাত মানুহৰ বিভিন্ন দিশত তথ্য গোটোৱা অধ্যয়ন এটাত ওলাইছে যে দীৰ্ঘদিনীয়া সুখৰ কাৰণে কিবা যদি প্ৰয়োজন আছে সি তেন্তে মানুহৰ ভালপোৱা৷ প্ৰেমেই মানুহৰ জীৱনৰ সৰ্বোকৃষ্ট প্ৰয়োজন৷

এই অধ্যয়নত দীৰ্ঘকালীন সময়ৰ মনোবৈজ্ঞানিক George Vaillant এ কৈছে সুখৰ দুটা স্তম্ভ৷ এটা স্তম্ভ হল প্ৰেম৷ আনটো স্তম্ভ হল জীৱনৰ ঘাত-প্ৰতিঘাতৰ মাজত যাতে প্ৰেম হেৰাই নাযায় তাৰ সন্ধান৷ উদাহৰণ স্বৰূপে এজন পৰীক্ষাৰ্থী, যি জনে ভৱিষ্যতৰ সকলো কথাকে কম গুৰুত্ব দিছিল, এবাৰ আত্মহত্যাৰ চেষ্টাও চলাইছিল, কিন্তু জীৱনৰ শেষ বয়সত নিজকে এজন সুখী ব্যক্তি বুলি গণ্য কৰিছিল৷ কাৰণ তেওঁ জীৱনভৰ প্ৰেমৰ সন্ধানতেই ব্যস্ত আছিল৷

 

স্থিতি (৮) মানুহ তেতিয়াহে টিকি থাকে যেতিয়ালৈকে প্ৰৱল আত্মসন্মানবোধ আৰু সামাজিক প্ৰতিষ্ঠা অটুট থাকে৷

অস্কাৰ, একাডেমী পুৰস্কাৰ পোৱা অভিনেতা, অভিনেত্ৰী আৰু পৰিচালকৰ জীৱনত ভুমুকি মাৰি Toronto ৰ Sunnybrook আৰু Women’s College Health Sciences Centreৰ গৱেষক Donald Redelmeier এ কৈছে খ্যাতি লাভ আৰু কৃতকাৰ্য্যতাই অকল আন্মস্লাঘা নবঢ়ায়, ই দীৰ্ঘদিন জীয়াই থকাৰ প্ৰেৰণাও দিয়ে৷ মনোবিজ্ঞানী সকলে এই তুলনা আনৰ লগত নহয়, স্বয়ং নমিনেচন পোৱা, কিন্তু মূল যুঁজত হাৰি যোৱা সকলৰ লগত কৰি কৈছে যে বিজয়ী সকল হাৰি যোৱা সকলতকৈ চাৰি বছৰ বেছি জীয়াই আছে৷ লগতে এইটোও কৈছে আমি এইটো নকওঁ আপুনিও একাডেমী পুৰস্কাৰ জিকক আৰু বেছি দিন জীয়াই থাকক৷ বা এইটোও নকওঁ মানুহে এতিয়া ওলাই গৈ অভিনয়ৰ শিক্ষা গ্ৰহণ কৰক৷ Donald Redelmeier ৰ বাৰ্তা হল সামাজিক পটভূমি এক বৰ প্ৰয়োজনীয় দিশ৷ ই ভিতৰি আত্মসন্মানবোধৰ সৃষ্টি কৰে আৰু আপোনাৰ স্বাস্থ্যবৰ্দ্ধকৰ কাম কৰে৷

 

স্থিতি (৯) মানুহে তেতিয়ালৈকে নিজ অভিজ্ঞতাক বিচাৰ কৰে আৰু জীৱনৰ অৰ্থও বিচাৰি পায়৷

মানুহৰ সহজাত এক প্ৰবৃত্তি হল বেসুৰা মানসিক সংঘাতৰ পৰা আঁতৰি ফুৰা স্বভাৱ৷ ১৯৫৯ৰ পৰীক্ষা৷ মনোবৈজ্ঞানিক Leon Festinger এ পৰীক্ষাৰ্থীক বিৰক্তিকৰ কিছুমান কাম কৰিবলৈ দিছিল৷ তেনেকুৱা কামৰ অন্তৰ্গত এটা কাম আছিল- কাঠৰ মাৰি একোডাল কাঠৰ ফুটা এটাত এঘণ্টা মান সময় ধৰি ঘূৰাই থকা৷ তাৰ পিচত অপেক্ষাৰত পৰীক্ষাৰ্থীক কবলগীয়া হৈছিল যে সেই কামতো বৰ আমোদজনক যাৰ বাবে তেওঁলোকক এক ডলাৰৰ পৰা বিশ ডলাৰ দিয়া হৈছিল৷ সেই কামতো বেছি আমোজজনক বুলি মিছা মাতিলে বিশ ডলাৰ দিয়াজনতকৈও আৰু এক ডলাৰ বেছি দিয়া হৈছিল৷ যিবোৰে বেছি ডলাৰ পাইছিল তেওঁলোকে অনুভৱ কৰিছিল যে এক ঘণ্টা ধৰি কৰা কামতোৰ মূল্য ঠিকেই আছিল৷ কিন্তু এক ডলাৰ পোৱাবোৰে খৰচ কৰা এক ঘণ্টা আৰু কামতোৰ অৰ্থ বিচাৰি নাপাইছিল আৰু কৈছিল যে তেওঁলোকে কামতো বেসুৰা পালেও তেওঁলোকে নিজকে বুজনি দি কামতো কৰিছিল৷ অন্য অৰ্থত আমি নিজকে মিছা মাতোঁ যে পৃথিবীখন যুক্তিপূৰ্ণভাবেই ঐক্যটানেৰে ভৰা আনন্দময় ঠাই৷

(ইয়াত উল্লেখিত আটাইকেউটা মনোবৈজ্ঞানিক সমীক্ষা আমাৰ বিচাৰৰ সমল৷ আমি ইয়াৰ পৰা কি শিকিম, সেইয়াও নিৰ্ভৰ কৰিব বিচাৰ কৰাজনৰ মনোজগতৰ পূৰ্ণ-অপূৰ্ণতাৰ ওপৰত৷ সেয়ে গ্ৰহণযোগ্য হলেও বা নহলেও শিকিবলগীয়া কথা ওলাব পাৰেনে নাই মই কব নোৱাৰিম)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক