ম’বাইল প্ৰেমৰ পৰিণাম- খজেন ডেকা

সংগীতাই গুণগুণক স্কুলত থৈ ভাড়াঘৰলৈ ঘূৰি আহিল৷ আজি দুদিনমান ধৰি তাইৰ গাটো বেয়া লাগি আছে৷ সেয়ে কালিয়েই বিদ্যালয়ৰ অধ্যক্ষৰ পৰা ছুটী লৈছে৷ আহোঁতে পেপাৰৰ দোকানৰ পৰা এখন দৈনিক কাকত লৈ আহিল৷ কামৰ হেঁচাত সদায় পেপাৰ পঢ়া নহয়৷ অৱশ্যে স্কুলত থকা সময়খিনিত অফ পিৰিয়দত স্কুলৰ পেপাৰখনকে ওপৰে ওপৰে শিৰোনামকেইটা পঢ়ি চায়৷ আজি বুধবাৰ৷ বুধবাৰৰ দিনটোত কাকতখনে এটা অতিৰিক্ত পৃষ্ঠাৰ সংযোজন দিয়ে৷ পৃষ্ঠাটোৰ এটা অংশত মহিলাসকলৰ সমস্যা আৰু তাৰ সমাধানৰ উপায়ৰ কিছু কথা লিখা থাকে৷ এই পৃষ্ঠাৰ লেখাখিনি সংগীতাৰ বৰ প্ৰিয়৷ তায়ো মাজে মাজে এই শিতানটোত দুই এখন চিঠি লিখে৷ তাই কাকতখন হাতত লৈ প্ৰয়োজনতকৈ কিছু বেগেৰে ভাড়াঘৰলৈ আহিল৷ কোঠাত সোমোৱাৰ আগতে তাই বাহিৰে বাহিৰে দমকলৰ পাৰলৈ গৈ হাত-ভৰি ধুই ল’লে৷ দুৱাৰৰ তলাটো খুলি ভিতৰত সোমাই কাপোৰ-কানিখিনি সলনি কৰি খিৰিকিৰ ওচৰতে বিছনাত বহি লৈ পেপাৰখন পঢ়িবলৈ ধৰিলে৷ পেপাৰখন পঢ়ি শেষ হ’লে তাই এঘুমতি মাৰি গুণগুণক স্কুলৰ পৰা আনিবলৈ যাম বুলি ভাবিলে৷ পেপাৰখনৰ প্ৰধান বাতৰি কেইটা পঢ়ি তাই মহিলাৰ শিতানৰ লেখা কেইটাও পঢ়ি অতাই স্থানীয় বাতৰিৰ পৃষ্ঠাকেইটাত এফালৰ পৰা এনেয়ে চকু ফুৰাই গ’ল৷ হঠাতে এটা বাতৰিত তাইৰ চকু থৰ হৈ গ’ল৷ বাতৰিটো আছিল তাইৰ জন্মস্থানৰ পৰা পৰিৱেশিত৷ বাতৰিটো আন একো নহয়৷ তাইৰ দেউতাক নিশিনাথ বৰুৱাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ তেওঁ পঢ়োৱা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় গুণমুগ্ধই তেওঁৰ ঘৰত ভিৰ কৰা বুলিও বাতৰিটোত উল্লেখ কৰিছে৷ সংগীতাই বাতৰিটো পঢ়ি ৰৈ থাকিব নোৱাৰিলে৷ দেউতাকৰ মৃত্যুৰ বাতৰিটোৱে তাইৰ বুকুত খুন্দা মাৰি ধৰিলে৷ তাই বিছনাত পৰি হুকহুকাই কান্দিব ধৰিলে৷ কান্দি কান্দি তাই এটা সময়ত ভাগৰি পৰিল৷ কিছু প্ৰকৃতিষ্ঠ হৈ তাই বহু সময় ওপৰলৈ চাই থাকিল৷ এটা সময়ত শোৱাৰ পৰা উঠি তাই জলাহটোৰ ফালে থকা খিৰিকিখন খুলি দিলে৷ এজাক শীতল বতাহ খিৰিকিৰে সোমাই আহি তাইৰ গাটো স্পৰ্শ কৰি গ’ল৷ শীতল বতাহজাকৰ স্পৰ্শত তাইৰ গা-মন কিছু জুৰ পৰি গ’ল৷

তাই কিছু আগুৱাই গৈ বিছনাখনত লেপেটা কাঢ়ি বহি ল’লে৷ তাইৰ দৃষ্টিয়ে জলাহটোৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰিলে৷ জলাহৰ পাৰত থকা গছবোৰত নানা ৰঙৰ সৰু-ডাঙৰ চৰাইবোৰে কিচিৰমিচিৰ শব্দ কৰি কথা পাতি আছে, গান গাই আছে৷ জলাহৰ পানীত এজাক প্ৰব্ৰজনকাৰী পানীহাঁহে জলকেলি কৰি আছে৷ ইয়াৰ মাজতে জলাহৰ পাৰত থকা জংঘলৰ মাজৰ পৰা ডাউক চৰাই দুটামানে কোৱাক কোৱাক কৰি সিহঁতৰ উপস্থিতিৰ জাননী দি আছে৷ ইফালে ঘৰটোৰ নিচেই কাষতে থকা মধুৰি আমজোপাত কেইবাটাও বুলবুলি আৰু এহাল হেটলুকা চৰায়ে পকা মধুৰিআমবোৰ আপোনপাহৰা হৈ খাই আছে৷ সিহঁতে সংগীতাৰ উপস্থিতিক কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই৷ চৰাইবোৰৰ আপোনপাহৰা স্বভাৱটোক সংগীতাৰ বৰ ভাল লাগিল৷ সিহঁতৰেই ভাল৷ মানুহৰ দৰে সিহঁতৰ সংসাৰৰ কোনো জঞ্জাল নাই৷ সিহঁতৰ সংসাৰবোৰত বিচ্ছেদ, হিংসা, অসুয়া, লোভ-মোহৰ কোনো স্থান নাই৷ সিহঁতবোৰৰ সংসাৰত কেৱল প্ৰেম আৰু ভালপোৱাবোৰহে আছে৷ মান-অভিমান, ঠগ-প্ৰৱঞ্চনাৰ তাত কোনো স্থান নাই৷ সন্তান-সন্ততিক নামী-দামী স্কুলত নাম লগোৱাৰ, ল’ৰা-ছোৱালীৰ কেৰিয়াৰ গঢ়িবলৈ গৈ মাক-দেউতাকবোৰে হাবাথুৰি খোৱাৰো কোনো প্ৰয়োজন নাই৷ তাই মনতে এনেয়ে ভাবিলে অহা জনমত তায়ো চৰাইৰ জনম লৈ আপোনপাহৰা হৈ বনে বনে গছে গছে উৰি ফুৰিব৷

গীতাহঁতৰ ঘৰৰ বাৰীৰ পিছফালেও এটা পুখুৰী সদৃশ খাল আছে৷ দেউতাকে ঘৰৰ ভেটি সাজিবলৈ মানুহ লগাই মাটি কাটি আনোতে সৃষ্টি হোৱা খাল৷ বাৰিষা খালটো পানীৰে চপচপীয়া হৈ থাকে৷ পাৰত থকা উলুখেৰ আৰু কহুঁৱা বনত টুনী চৰাই, ৰঙা বগলী, কনা মুচৰিয়ে বাহ বান্ধে৷ বনৰীয়া হাঁহেও প্ৰতি বছৰে আহি পাৰৰ হাবিত বাহ বান্ধি কণী পাৰি পোৱালি জগাই লৈ যায়৷ এইখিনি সময়ত দেউতাকৰ উত্সাহৰ অন্ত নাছিল৷ কাম কৰাৰ সময়ত পিন্ধা প্লাষ্টিকৰ জোতাজোৰ পিন্ধি দেউতাকে খালটোৰ পাৰে পাৰে ঘূৰি চৰাইবোৰৰ বাহবোৰ নিৰীক্ষন কৰি ফুৰিছিল৷ চৰাই বিচাৰি ফুৰা মানুহবোৰে যাতে চৰাইৰ বাহবোৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে দেউতাকে দিনটোত কামৰ মাজে মাজে পহৰা দি আছিল৷ চৰাইবোৰে পোৱালিবোৰে ডাঙৰ কৰি উৰুৱাই নিব নোৱাৰালৈকে দেউতাকৰ শান্তি নাছিল৷ এবাৰ তেনেধৰণৰ দুজন মানুহে সংগীতাহঁতৰ চৌহদৰ বেৰ পাৰ হৈ খালটোৰ পাৰে পাৰে কিবা বিছাৰি ফুৰিছিল৷ তাই দেখা পাই লগে লগে দেউতাকক খবৰটো দিছিল৷ মানুহ দুজনৰ হাতত জোঙা জোঙা যাঠি, বাটলু গুটি আৰু দা আছিল৷ দেউতাকে দৌৰি গৈ কঁহুৱা বনৰ মাজত থকা কণামুচৰিৰ বাহখন চাইছিল৷ হয় বাহখনত থকা আঠটা কণীৰ এটাও নাই৷ মানুহ দুজনে আটাইকেইটা কণী লৈ গৈছে৷ ওচৰতে থকা বাঁহগছ এজোপাত বাঁহখনৰ গৰাকী কণামুচৰি হালে কক কক শব্দ কৰি ডিঙি মেলি মেলি চাই আছিল৷ দেউতাকৰ অত্যন্ত খং উঠিছিল৷ তেওঁ মানুহ দুজনক বৰ বেয়াকৈ গালি পাৰিছিল৷ মানুহ দুজনক কণী কেইটা বাহত থবলৈ বাধ্য কৰিছিল৷ পাই হেৰুৱাৰ বেদনাত মানুহ দুজনৰো দেউতাকৰ ওপৰত ভীষণ খং উঠিছিল৷ সিহঁত দুটাই নিজৰ মাজতে ভোৰভোৰাই আছিল৷ তাকে দেখি তাইৰ বৰ ভয় লাগিছিল৷ মানুহ দুজনে জোঙাল যাঠিৰে দেউতাকক আক্ৰমণ কৰে বুলি৷ দেউতাকে মানুহ দুজনক খেদি ঘৰ আহি পোৱাৰ পিছতহে তাই স্বস্তিৰ নিশ্বাস পেলাইছিল৷ কুঁৱাৰ পাৰত পেনলীয়া ভাত খাবলৈ অহা ডাউক চৰাইকেইটাৰ সৈতে দেউতাকৰ ইমানেই আত্মীয়তা গঢ়ি উঠিছিল যে, সিহঁতে দেউতাকৰ হাতৰ পৰা নিৰ্ভয়ে চাউল খাবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ আনকি সিহঁতে কেতিয়াবা ঘৰৰ ভিতৰলৈ সোমাই আহি চাউল খাবলৈয়ো ভয় কৰা নাছিল৷ এবাৰ চৰাই মৰা মানুহে খেদি খেদি সিহঁতৰ বাৰীৰ চৌহদত থকা তিনিটা ডাউক চৰাইৰ ভিতৰত দুটা ধনু-কাড়েৰে মাৰি নিছিল৷ দেউতাকে বাধা দিছিল যদিও সিহঁতে মানা নাছিল৷ পিছত অকলশৰীয়া ডাউক চৰাইজনীয়ে সংগীহীন হৈ ইনাই-বিনাই কান্দিছিল৷ সেই দুখতে দেউতাকে এদিন ভাত খোৱা নাছিল৷ পিছত ডাউকজনীয়ে এটা নতুন সংগী বিচাৰি প্ৰজনন কৰি পোৱালি জন্ম দিয়াৰ পিছতহে দেউতাকে শান্তি পাইছিল৷

দেউতাকৰ চৰাই প্ৰীতিৰ কথা মনত পৰাৰ লগে লগে দেউতাকৰ সৈতে নিবিড়ভাৱে কটোৱা দিনবোৰৰ কথাই সংগীতাৰ মনত এটা এটাকৈ দোলা দিবলৈ ধৰিলে৷

দেউতাক আছিল স্থানীয় এখন হাইস্কুলৰ শিক্ষক৷ এখন ভিতৰুৱা গাঁৱৰ এটা সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা দেউতাকে বৰ কষ্ট কৰি স্নাতক ডিগ্ৰীটো লৈছিল৷ তাৰ পিছত আৰম্ভ হৈছিল এক দীঘলীয়া সংগ্ৰাম৷ চাকৰি নোপোৱালৈকে ৰাতিপুৱাৰে পৰা চাইকেল মাৰি ঘৰে ঘৰে গৈ টিউচন কৰিছিল৷ তাৰ মাজতে স্থানীয় এখন হাইস্কুত শিক্ষকৰ চাকৰিটো লাভ কৰিছিল৷ চাকৰিটো পোৱাৰ চাৰিবছৰ পিছত মাকক বিয়া কৰাই আনিছিল৷ ভায়েক প্ৰাঞ্জলৰ দুবছৰ আৰু তাইৰ চাৰিবছৰ হোৱাৰ পিছত সিহঁত দুয়োটাৰে শিক্ষাৰ স্বাৰ্থত গাঁৱৰ ঘৰ এৰি চহৰৰ এটা ভাড়াঘৰত থাকিবলৈ লৈছিল৷ পিছত দৰমহাৰ জমাধন আৰু টিউচন কৰি পোৱা টকাৰে সেইখন চহৰতে দুকঠা মাটি ক্ৰয় কৰিছিল৷ বেংকৰ পৰা লোন এটা লৈ পিছলৈ দেউতাকে তাতে এটা সাধাৰণ অসম আৰ্হিৰ ঘৰ সাজিছিল৷

দেউতাকে এটা একেবাৰে শৃংখলিত জীৱন যাপন কৰিছিল৷ সময়ৰ ক্ষেত্ৰত আছিল দেউতাক অতি কৃপণ৷ দেউতাকে মাজে মাজে কোৱা মনত আছে৷ সময়ৰ ক্ষেত্ৰত তেওঁ তিনিজন ব্যক্তিক অনুকৰণ কৰি চলিছিল—ডঃ ভবেন্দ্ৰনাথ শইকীয়া, নিৰ্মল প্ৰভা বৰদলৈ আৰু হোমেন বৰগোহাঞিক৷ ৰাতি কেতিয়াবা বিদ্যুত নাথাকিলে এনেয়ে বহি নাথাকি দেউতাকে মমৰ পোহৰত কৰিব পৰা কামবোৰ কৰি লৈছিল৷ বিদ্যুত আহিলে আকৌ পঢ়া-শুনা আৰু লেখা-মেলাৰ কামবোৰ কৰিছিল৷ মুঠতে সময় অপচয় কৰা নাছিল৷ নিয়মানুৱৰ্তিতা মানি চলিবলৈ সিহঁতকো দেউতাকে উত্সাহিত কৰিছিল৷ সামাজিক কামকাজৰ ক্ষেত্ৰতো দেউতাক আছিল অতি পৰিষ্কাৰ৷ কামৰ ক্ষেত্ৰত কোনোবাই নিয়ম ভংগ কৰিলে দেউতাকৰ অত্যন্ত খং উঠিছিল৷ একেটা কাম তেওঁ সিহঁতৰ ক্ষেত্ৰতো কৰিছিল৷ কিবা কামৰ অলপ ইফাল-সিফাল হ’লেই সিহঁতক গালি পাৰিছিল৷ সিহঁতে কেতিয়াবা দেউতাকক কৈছিল –‘অ’ দেউতা, তুমি মানুহবোৰক ইমান খং কৰা কিয়? এই স্বভাৱটোৰ কাৰণে তোমাক বহুত মানুহে বেয়া পায়৷ ’ উত্তৰত দেউতাকে ধেমালি কৰি কৈছিল –‘তহঁতে খালী মোৰ বাহ্যিক ৰূপটোহে দেখা পাইছ৷ মোৰ ভিতৰৰ মানুহজনক চিনিবলৈ কোনোদিনে চেষ্টা নকৰিলি৷ মই যদি ইমান খঙালেই হয় তেন্তে কলেজত থাকোতে তিনি চাৰিজনী গাভৰু মোৰ প্ৰেমত পৰিবলৈ পাগল হৈ আছিল কিয়? তহঁতৰ মাৰকতো মই ভাল পায়েই বিয়াই কৰাই আনিছোঁ৷ ’ দেউতাকৰ কথাখিনি শুনি তাই হাঁহিছিল৷ ওচৰতে থকা মাক লাজ লাজকৈ আঁতৰি গৈছিল৷ কলেজীয়া জীৱনত কোন কোন গাভৰুক ভাল পাইছিল আৰু কোনে কোনে তেওঁক ভাল পাবলৈ বিচাৰিছিল – সেইবোৰ কথা দেউতাকে সিহঁতৰ আগত খোলাখুলিকৈ প্ৰকাশ কৰিছিল৷ দেউতাকে এগৰাকী মহিলাৰ কথা প্ৰায়ে উল্লেখ কৰাৰ কথা তাইৰ এতিয়াও মনত আছে৷ বিয়াত বহিবলৈ সন্মতি দিও বোলে দেউতাকৰ জীৱনৰ পৰা আঁতৰি গৈছিল মহিলা গৰাকী৷ তাৰ কাৰণটো অৱশ্যে দেউতাকে কোনোদিনে প্ৰকাশ কৰা নাছিল৷

এদিন এজনী বান্ধৱীৰ ফোনৰ জৰিয়তে এজন যুৱকৰ সৈতে চিনাকি হৈছিল সংগীতাৰ৷ নিজকে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ইংৰাজীৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ বুলি পৰিচয় দিছিল৷ নাম আছিল প্ৰাঞ্জল৷ তাই তেতিয়া স্নাতক চূড়ান্ত মহলাৰ ছাত্ৰী৷ মেজৰৰ বিষয় ইংৰাজী৷ প্ৰাঞ্জলৰ সৈতে একে বিষয়৷ মনত অজানিতে এটা ৰোমাঞ্চ অনুভৱ কৰিছিল তাই৷ প্ৰথমতে দুই-এষাৰ কথা পাতিছিল৷ লাহে লাহে কথা পতাৰ ধৰণ-কৰণ সলনি হৈছিল৷ লগে লগে কথা পতাৰ সময়ৰ লেখডাল ক্ৰমাত উৰ্দ্ধমূখী হৈছিল৷ এদিন কলেজত গৈ সংগীতাক লগ ধৰিছিল প্ৰাঞ্জলে৷ প্ৰথম চাৱঁনিতে মন মুহিব পৰা এটা চেহেৰাৰ অধিকাৰী প্ৰাঞ্জল৷ পিছলৈ এবাৰ, দুবাৰ, বহুবাৰ কলেজত গৈ লগ ধৰিছিল প্ৰাঞ্জলে সংগীতাক৷ এদিন সিহঁতৰ ঘৰলৈ আহিছিল প্ৰাঞ্জল৷ তাক মাক-দেউতাকৰ সৈতে চিনাকি কৰি দিছিল সংগীতাই৷ তাই মাক-দেউতাকক খোলাখুলিকৈ কৈ দিছিল প্ৰাঞ্জলৰ সৈতে থকা সম্পৰ্কৰ কথা৷ খোলাখুলিকৈ কথা কোৱাৰ স্বভাৱটো দেউতাকৰ পৰাই আহৰণ কৰিছিল তাই৷ তাৰ পিছত প্ৰাঞ্জলৰ সঘনাই আগমন হৈছিল সংগীতাহঁতৰ ঘৰলৈ৷ এই কাৰ্য্যত দেউতাক লাহে লাহে ক্ষুণ্ণ হৈ উঠিছিল৷ দেউতাকে যিবোৰ প্ৰশ্ন প্ৰাঞ্জলক সুধিছিল তাৰ যথাযথ উত্তৰ সি দিব পৰা নাছিল৷ দেউতাকৰ সন্দেহ হৈছিল তাৰ ওপৰত৷ এই কাৰ্য্যত দেউতাকৰ ওপৰত ভীষন খং উছিছিল তাইৰ৷ সকলোকে সন্দেহৰ দৃষ্টিৰে চোৱা বুলি তাই দেউতাকক ককৰ্থনা কৰিছিল৷ দেউতাকৰ সৈতে থকা বন্ধুত্বৰ সম্পৰ্কত লাহে লাহে ফাঁট মেলিছিল৷ দেউতাকে তাইক এদিন সকীয়নি দি কৈছিল – ‘চা মাজনী, তই প্ৰাঞ্জলৰ সৈতে বেছি হলিগলি কৰাটো মই ভাল পোৱা নাই৷ তাৰ কথাৰ পৰা মোৰ তাৰ ওপৰত সন্দেহ উপজিছে৷ তোক দিয়া তাৰ পৰিচয়টো আচল নহ’বও পাৰে৷ ’ বাতৰি কাকত, টিভি চেনেলত প্ৰচাৰ হোৱা তেনেধৰণৰ বাতৰিবোৰৰ কথাও দেউতাকে উল্লেখ কৰিবলৈ নাপাহৰিলে৷ দেউতাকৰ কথাত তাই যথেষ্ট ক্ষুণ্ণ হৈ পৰিছিল৷ প্ৰাঞ্জলক হেৰোৱাৰ আশংকাত তাইৰ অন্তৰাত্মা কঁপি উঠিছিল৷ ফেঁটীসাপৰ দৰে তাই ফোঁচফোচাই দেউতাকক ককৰ্থনা কৰি কৈছিল –‘নিজে তিনি চাৰিজনী গাভৰুৰ প্ৰেমত পৰি বিয়া কৰাইছা৷ এতিয়া আমি এজনৰ লগত প্ৰেম কৰি বিয়া কৰাবলৈ ওলাওতেই তোমাৰ ইমান আপত্তি৷ দেউতা তুমি অতি স্বাৰ্থপৰ৷ ’ দেউতাকে তাইক বুজনি দিবলৈ চেষ্টা কৰিছিল৷ তাই সেইবোৰ কথা শুনিবলৈ ইচ্ছা কৰা নাছিল৷ সেইদিনা তাই আহাৰৰ নামত এফুটা পানীও মুখত দিয়া নাছিল৷ মাক আৰু দেউতাকেও তাইক এবাৰৰ বাবেও নিচুকাই ভাত খাবলৈ কোৱা নাছিল৷ অৱশেষত তাই সেই চূড়ান্ত সিদ্ধান্তটো লৈ পেলাইছিল৷

পিছদিনাৰ পৰা কিছু অস্বাভাৱিক আচৰণ কৰি ঘৰুৱা কামবোৰ কৰি আছিল৷ তাইৰ স্নাতক মহলাৰ চূড়ান্ত পৰীক্ষা ইতিমধ্যে শেষ হৈছিল৷ অৱশেষত চৰম মুহূৰ্ত্তৰ সেই দিনটো আহিছিল৷ কাপোৰ-কানি ঠিকঠাক কৰাৰ নামত দুপৰীয়াতেই ভিআইপিটো ঠিক কৰি ৰাখিছিল তাই৷ দেউতাকৰ এটিএম কাৰ্ডখনো ভিআইপিৰ কাপোৰৰ মাজত ল’ব নাপাহৰিলে তাই৷ ৰাতি ভাত খাই শুবৰ সময়ত নিজৰ ম’বাইলটো ভাইব্ৰেশ্বন কৰি হাতত লৈ আছিল৷ ঠিক নিশা দুই বজাত তাইৰ ম’বাইলটোৰ ভাইব্ৰেশ্বন হৈছিল৷ লগে লগে পদূলিমুখত সৰুকৈ দুবাৰ টিইট টিইটকৈ হৰ্ণ বজোৱাৰ শব্দ হৈছিল৷ দেউতাকৰ ম’বাইলটোও ল’বলৈ নাপাৰিলে তাই৷ খুউব সন্তপৰ্ণে কামবোৰ কৰি তাই ওলাই গৈছিল৷

গভীৰ নিশাৰ এন্ধাৰ ফালি গাড়ী আগবাঢ়িছিল৷ গাড়ীখনত প্ৰাঞ্জলৰ বাদেও সমুখৰ চিটত দ্ৰাইভাৰৰ সৈতে আৰু এজন যুৱক আছিল৷ প্ৰায় তিনিঘণ্টাৰ যাত্ৰাৰ অন্তত এখন মফচলীয় এখন ঘৰৰ সমুখত গাড়ীখন ৰৈ গৈছিল৷ এটা দুকোঠলীয়া ঘৰত আৰম্ভ হৈছিল দুয়োৰে যুগ্ম জীৱন৷ প্ৰকৃততে সেইটো আছিল এটা ভাড়াঘৰ৷ দুদিন পিছত এই বিষয়ে তাই প্ৰা়্ঞ্জলক প্ৰশ্ন কৰাত সি কৈছিল—‘আমাৰ সম্পৰ্কটোৰ কথা মা-দেউতাই সহজভাৱে নল’বও পাৰে৷ সেয়ে দুদিনমান আমি এই ভাড়াঘৰতে থকাটো ভাল হ’ব৷ তুমি চিন্তা নকৰিবা৷ কেইদিনমান পিছত সকলো ঠিক হৈ যাব৷ প্ৰাঞ্জলৰ দায়সৰা মন্তব্যত সংগীতা সন্তুষ্ট হ’ব পৰা নাছিল৷ কল্পনা কৰি থোৱা সুখৰ সংসাৰখনত ক’ৰবাত যেন এটা খুঁত ৰৈ গ’ল৷ কথাষাৰ ভাবি তাই কিছু বিমৰ্ষ হৈ পৰিছিল৷

দিন যোৱাৰ লগে লগে সংগীতা আৰু প্ৰাঞ্জলৰ সংসাৰ খনত ঘূণে ধৰিবলৈ আৰম্ভ কৰিছিল৷ লাহে লাহে প্ৰাঞ্জলৰ মূখাৰ আঁৰত লুকাই থকা মুখখন সংগীতাৰ দৃষ্টিত ধৰা পৰিছিল৷ প্ৰাঞ্জলক প্ৰকৃত স্বৰূপ বুজি পাবলৈ সংগীতাৰ বেছিদিন নালাগিল৷ প্ৰকৃততে প্ৰাঞ্জল এজন অৰ্ধশিক্ষিত, ঘোৰ মদাহী, লম্পট চৰিত্ৰৰ ব্যক্তি৷ সংস্থান বুলিবলৈ বিশেষ একো নাই৷ এটা ট্ৰেভেল এজেন্সীৰ এজন সাধাৰণ কৰ্মচাৰী৷ সংগীতাই লগত অনা ধন আৰু দেউতাকৰ এটিএম কাৰ্ডৰ জৰিয়তে উলিওৱা সমস্ত ধন অপব্যয় কৰি ছমাহমান শুই-বহি খাই শেষ কৰাৰ অন্তত প্ৰাঞ্জলে দেউতাকৰ পৰা ধন আনি দিবলৈ সংগীতাক মাৰপিট কৰিবলৈ ধৰিলে৷ ইয়াৰ মাজতে অৱশ্যে প্ৰাঞ্জলে চহৰলৈ গৈ চাকৰি কৰি থকাৰ ভাও দিবলৈ নাপাহৰিলে৷ কিন্তু কিমান দিন ফাঁকি মাৰি চলিব এইদৰে৷ সংগীতাই এদিন সাহস কৰি ফেঁপেৰি পাতি ধৰাত উৰহী গছৰ ওৰ ওলাই পৰিল৷ ট্ৰেভেল এজেন্সীটোৰ টকা খেলিমেলি কৰাৰ বাবে মালিকে তাক ইতিমধ্যে চাকৰিৰ পৰা খেদি পঠিয়াইছিল৷

সংগীতাই চকুৰে ধোঁৱাকোৱা দেখিলে৷ গৰ্ভত তিলতিলকৈ বাঢ়ি অহা আগন্তুকজনৰ কথা ভাবি তাই চাৰিওফালে কেৱল অন্ধকাৰ দেখিলে৷ দেউতাকৰ সতৰ্কবাণীবোৰ তাইৰ বাৰে বাৰে মনত পৰিল৷ যিকোনো প্ৰকাৰে সংস্থান এটা যোগাৰ কৰি লবলৈ তাই প্ৰাঞ্জলক তাগিদা দিবলৈ ধৰিলে৷ ইয়াৰ মাজতে সংগীতাহঁতৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে৷ বাতৰি কাকতৰ পৰাই তাই খৱৰটো জানিলে৷ নিজৰ ফলাফলটো জানিবলৈ তাই উদগ্ৰীৱ হৈ পৰিল৷ কিন্তু কলেজলৈ যাবলৈ তাইৰ উপায় নাছিল৷ হাততো পইছা-পাতি নাছিল৷ তাই কলেজলৈ নোযোৱাৰ আন এটা কাৰণো আছিল৷ ফলাফল প্ৰকাশ পোৱাৰ লগে লগে তাই কলেজলৈ গলে বন্ধু-বান্ধৱীসকলক লগ পাব৷ লগ পালেই সিহঁতে বেঢ়ি বেঢ়ি নানা প্ৰশ্ন সুধিব৷ বান্ধৱীবোৰে তাইক তাইৰ সংসাৰৰ বিষয়ে সুধিলে তাই কি উত্তৰ দিব৷ ইতিমধ্যে তাই বুজি উঠিছে তাই জীৱনত শুধৰাব নোৱাৰা ভুল এটা কৰি পেলাইছে৷ এই ভুল কৰি তাই অকল দেউতাকৰ ওচৰতে অপৰাধ কৰা নাই৷ তাইৰ বান্ধৱীসকলৰ ওচৰতো অক্ষমনীয় অপৰাধ কৰিছে৷

সংগীতাৰ কেটকেটনিত থাকিব নোৱাৰি প্ৰাঞ্জলে চহৰলৈ গৈ এটা কৰ্মসংস্থাপন বিচাৰিবলৈ বাধ্য হ’ল৷ হওতে প্ৰাঞ্জলে লোহাৰ কাৰখানা এটাত এটা সাধাৰণ চাকৰি যোগাৰ কৰি ল’লে৷ লগতে নৈশ চকীদাৰৰ কামটোও কৰাত কাৰখানাৰ ঘৰতে ৰাতিটো থকা আৰু খোৱাৰ ব্যৱস্থাটো হ’ল৷ সপ্তাহত এটা দিন ছুটী পায়৷ আগৰদিনাই সি সংগীতাৰ ওচৰলৈ আহি ৰাতিটো কটাই পিছদিনা সন্ধিয়ালৈ গুছি যায়৷ সংগীতাৰ হাতত যত্সামান্য টকা দি থৈ যায়৷ তাই এদিন প্ৰাঞ্জলৰ আগত তাইৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা ক’লে৷ তাৰ সৈতে কলেজলৈ গৈ ফলাফল আৰু মাৰ্কশ্বিট লৈ অহাৰ কথাও ক’লে৷ প্ৰাঞ্জলে হা-না একো নক’লে৷ আজিকালি সি এনেয়েও সংগীতাৰ আগত বেছি কথা নকয়৷ সকলো কথা ধৰা পৰি যোৱাৰ পিছত আৰু কাৰখানৰ কামটোত যোগদান কৰাৰ পিছত সি সংগীতাৰ সৈতে নামমাত্ৰ যোগাযোগটোহে ৰক্ষা কৰি চলি আছে৷

সংগীতাৰ সকলোবোৰ কথা ওচৰৰে ভাড়াতীয়া মানুহ এজনীয়ে লক্ষ্য কৰি আছিল৷ এদিন সেই মানুহজনীয়ে উপযাচি তাইৰ কথা সুধিলত সংগীতাই উপায়হীন হৈ সকলো কথা খুলি কৈছিল৷ পঞ্চম আৰু সপ্তম শ্ৰেণীত পঢ়া দুজনী ছোৱালী লৈ মানুহজনী একে চৌহদতে থকা আন এটা ভাড়াঘৰত থাকে৷ গিৰিয়েক সেনাবাহিনীৰ জোৱান৷ দূৰৈত থাকে৷ নিজৰ গাঁৱত পঢ়া-শুনাৰ ভাল ব্যৱস্থা নাই বাবে ছোৱালী দুজনীক ভাল স্কুলত পঢ়োৱাৰ স্বাৰ্থত এইখন চহৰৰ ভাড়াঘৰত ৰাখিছে৷ দুয়োজনী ছোৱালী এখন অসমীয়া মাধ্যমৰ ব্যক্তিগত স্কুলৰ ছাত্ৰী৷ এই মানুহগৰাকীৰ লগত গৈয়েই সংগীতাই এদিন কলেজৰ পৰা ফলাফলটো আনিছিল৷ ইংৰাজীৰ মেজৰ বিষয়ত তাই প্ৰথম শ্ৰেণী লাভ কৰিছিল৷ ফলাফলটো লাভ কৰি তাই যিমান আনন্দিত হ’ব লাগিছিল, তাতকৈ তাই বেছি বিষাদ অনুভৱ কৰিছিল৷ কাৰ্য্যালয়ৰ কেৰানী বিমল বৰাৰ পৰা মাৰ্কশ্বিট আৰু প্ৰমাণ পত্ৰ লৈ ততাতৈয়াকৈ ইংৰাজী বিভাগৰ কোঠাটোৰ সমুখেৰে আহিবলৈ লওঁতেই বিভাগৰ মুৰব্বী অধ্যাপক ডঃ নিত্যানন্দ কলিতাৰ মুখামুখি হ’ল৷ তেওঁ তাইক বিভাগৰ কাৰ্য্যালয়ৰ ভিতৰলৈ মাতি নি সন্মূখৰ চকীখনত বহিবলৈ দিছিল৷ তাই লাজ লাজ ভাৱেৰে বহো নবহোকৈ চকীখনত বহিছিল৷ সেই সময়তে পিয়ন এজনে ফাইল এটা আনি অধ্যাপক কলিতাৰ হাতত দিছিল৷ ফাইলত চকু ফুৰাই কলিতাই কৈছিল –‘তুমি আমাৰ কলেজৰ নাম ৰাখিলা৷ পূৰ্বতে আমাৰ কলেজৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে এইটো বিভাগত ইমান ভাল ৰিজাল্ট কৰা নাছিল৷ তুমি এতিয়া কি কৰিম বুলি ভাবিছা? ’ কলিতা ছাৰৰ কথাখিনি শুনি সংগীতা একপ্ৰকাৰ মুক হৈ পৰিছিল৷ কি ক’ব কি নক’ব ভাবি থাকোতেই তাইৰ দুগালেৰে ধাৰসাৰে চকুলো বৈ আহিছিল৷ অধ্যাপক কলিতাই ফাইলৰ পৰা মূৰ তুলি তাইলৈ চোৱাৰ সময়তে তাই সাউত্কৰে চকীৰ পৰা উঠি –‘চাৰ জীৱনত বহুত ডাঙৰ ভুল কৰি পেলালো’- বুলি কৈ কলিতা ছাৰৰ ভৰি দুখন চুই সেৱা এটা কৰি খৰধৰকৈ বাহিৰলৈ ওলাই আহিছিল৷ কলিতা ছাৰে কি হ’ল তৰ্কিবই নোৱাৰিলে৷ বাহিৰলৈ আহি তাই মানুহজনীক কৈছিল –‘বলক খূড়ীদেউ৷ কামটো হৈ গ’ল৷ ’ ৰিস্কা এখনত উঠি দুয়োজনী খৰধৰকৈ বাছষ্টেণ্ডলৈ গৈছিল৷ ৰিস্কাৰ পৰা নামি দুয়োজনী বাছলৈ বুলি খোজ লওঁতেই ঘৰৰ ওচৰৰ বান্ধৱী প্ৰণামীক লগ পাইছিল৷ প্ৰণামীৰ লগত কথা পতাৰ বাবে সংগীতাই বৰ বেছি আগ্ৰহ প্ৰকাশ কৰা নাছিল৷ দুই এষাৰ কথা পাতিয়েই তাই প্ৰণামীৰ পৰা বিদায় লৈছিল৷ তাইৰ সৈতে সংগীতাই যিখিনি কথা পাতিছিল তাৰ পৰা তাই গম পাইছিল প্ৰাঞ্জলৰ সৈতে তাই গুছি অহাৰ পিছত মাক-দেউতাকে তাইৰ কোনো বিচাৰ-খোচাৰ কৰা নাছিল বা আনৰ আগত সেই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাছিল৷ ভাড়াঘৰলৈ আহি তাই বিছনাত বাগৰ দি কেৱল চকুলো টুকিছিল৷ প্ৰাঞ্জলৰ ক্ষেত্ৰত দেউতাকে শুনোৱা সাৱধানবাণীৰ কথাবোৰ বাৰে বাৰে মনলৈ আহিছিল৷ দেউতাকৰ দৰে এজন স্থিতপ্ৰজ্ঞ ব্যক্তিয়ে তাইৰ খবৰ নকৰাটোৱেই স্বাভাৱিক৷ সেই মুহূৰ্ত্তত দেউতাকৰ প্ৰতি কোনোধৰণৰ বেয়া ভাৱ পোষণ কৰিবলৈ সংগীতাৰ সত নগৈছিল৷

সংগীতাৰ পৰীক্ষাৰ ফলাফলৰ কথাটো মানুহজনীৰ যোগেদি ভাড়াঘৰৰ চৌহদ পাৰ হৈ চুবুৰীটোত বিয়পি পৰিল৷ আৰম্ভণিতে তাইক লৈ সন্দেহ কৰা মানুহবোৰৰ মনোভাৱ লাহে লাহে সলনি হ’বলৈ ধৰিলে৷ দুই এজনে মাতিবলৈয়ো আৰম্ভ কৰিলে৷ মানুহজনীয়ে এদিন সংগীতাক ছোৱালী দুজনীক পঢ়াই দিয়াৰ কথা ক’লে৷ সংগীতাই এইক্ষেত্ৰত প্ৰাঞ্জলে আপত্তি কৰিব পাৰে বুলি পঢ়াব নোৱাৰিম বুলি কৈছিল যদিও পিছত মানুহজনীৰ নেৰানেপেৰা অনুৰোধত তাই সন্মতি দিছিল৷ কিমাননো আৰু অকলে অকলে নিজে কৰা ভুলৰ কথাবোৰকে ভাবি ভাবি মন-মগজু ভাৰাক্ৰান্ত কৰিব৷ তাতে সপ্তাহটোৰ মূৰত আহি প্ৰাঞ্জলে তাইক যিকেইটা টকা দি যায় সেইকেইটা টকাৰে তাইৰ চলিবলৈকে টান হয়৷ তাৰ চকুৰ আঁৰ কৰি ৰাখি থোৱা টকাৰে তাই এইকেইদিন যেনেতেনে চলি আছে৷

মানুহজনীৰ ছোৱালী দুজনীক পঢ়াবলৈ আৰম্ভ কৰাৰ মাজেৰে সংগীতাই এটা নতুন জীৱনৰ পাতনি মেলিলে৷ চবুৰীটোৰ আন আন দুই চাৰিজন ল’ৰা-ছোৱালীকো সংগীতাই পঢ়োৱাবলৈ আৰম্ভ কৰিলে৷ আৰম্ভ হ’ল এক স্বনিৰ্ভৰশীল জীৱন৷ প্ৰাঞ্জলে দি যোৱা টকা কেইটা নহ’লেও তাই ধুনীয়াকৈ চলিব পৰা হ’ল৷ সৰ্বোপৰি তাইৰ অশান্তিময় জীৱনৰ মৰুভূমিৰ মাজত যেন এখন মৰূদ্যান বিচাৰি পালে৷ কিন্তু প্ৰাঞ্জলে কথাটো জানিব পাৰি ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীক পঢ়োৱা কামটো পছন্দ নকৰিলে৷ সি ভাড়াঘৰলৈ আহিলে মদ খাই মাতলামি কৰি নানা সন্দেহজনক কথাৰে সংগীতাক গালি পাৰিবলৈ ধৰিলে৷ আনকি মাজে মাজে মাৰপিটো কৰিবলৈ ল’লে৷ কিন্তু এইবাৰ সংগীতাই হাৰ নামানিলে৷ চুবৰীটোৰ মহিলাসকলেও সংগীতাৰ পক্ষ লৈ প্ৰাঞ্জলক ফেঁপেৰি পাতি ধৰিলে৷ গতিকে এইক্ষেত্ৰত সি আৰু বেছি আগবাঢ়িব নোৱাৰিলে৷ লাহে লাহে তাৰ আহযাহ কমি গ’ল৷ ইয়াৰ মাজতে সংগীতাৰ গৰ্ভত তিলতিলকৈ বাঢ়ি অহা ভ্ৰূণটোৱে পূৰ্ণাংগ পাৰ্থিৱ অৱয়ব লাভ কৰি পৃথিৱীলৈ আহিল৷ এটি মৰম লগা ল’ৰা সন্তান৷ এইক্ষেত্ৰত সংগীতাক নাৰ্চিংহোমলৈ নিয়াকে আদি কৰি সকলো ধৰণৰ সহায় কৰিলে চুবুৰীটোৰ মহিলাসকলে৷ সকলোৱে ল’ৰাটিৰ নাম থলে গুণগুণ৷ গুণগুণৰ জন্মত সংগীতাই যিমান আনন্দ লাভ কৰিলে, সমানেই আনন্দ লাভ কৰিলে চুবুৰীটোৰ মহিলাসকল আৰু তাই পঢ়োৱা ছাত্ৰ-ছাত্ৰীবোৰে৷ গুণগুণৰ মাহেকীয়া অনুষ্ঠানটোও চুবুৰীয়াসকলেই পাতি দিছিল৷ সংগীতাই প্ৰাঞ্জলক কথাটো কৈছিল যদিও সি অনুষ্ঠানটোত নামমাত্ৰ উপস্থিতি দিয়াৰ বাদে একো সহায় কৰা নাছিল৷ তাৰ পিছৰ পৰাই প্ৰাঞ্জলে সংগীতাৰ ওচৰলৈ আহিবলৈ বাদ দিয়াৰ দৰেই হ’ল৷ অহুকাণে পহুকাণে তাই এদিন গম পাইছিল প্ৰাঞ্জলে কাম কৰা কাৰখানাৰে এজনী মহিলা শ্ৰমিকক পলুৱাই নি বেলেগ ঠাইত গৈ ঘৰ সংসাৰ পাতিছে৷ প্ৰাঞ্জলৰ দৰে লম্পট মানুহে ইয়াতকৈ ভাল কাম কৰিব নোৱাৰে বুলি ভাবি তাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷

গুণগুণ লাহে লাহে ডাঙৰ হৈ আহিল৷ চুবুৰীটোৰ ল’ৰা-ছোৱালীৰ মাজত সি নয়নৰ মনি হৈ পৰিল৷ তাক লৈ সিহঁতৰ উত্সাহৰ অন্ত নাই৷ ইয়ো বোলে গুণগুণ সিয়ো বোলে গুণগুণ৷ কম সময়হে সি মাকৰ লগত থকা হ’ল৷ ইফালে সংগীতায়ো সি তিনিমাহমান হোৱাৰ পিছৰ পৰা পুনৰ টিউচন আৰম্ভ কৰিবলৈ ধৰিলে৷ অৱশ্যে এইবাৰ ঘৰে ঘৰে নহয়৷ ঘৰৰ মালিকক কৈ তাই থকা ঘৰটোৰ এচলীয়া চালিখনৰ তলতে টিউচন কৰিবলৈ ল’লে৷ মৰম লগা গুণগুণক কোচত লোৱাৰ হেঁপাহতে ল’ৰা-ছোৱালীবোৰ টিউচনলৈ সময়তকৈ আগতে আহে৷ গতিকে তাইক লৈ সংগীতাৰ বিশেষ অসুবিধা নহয়৷ এইদৰে টিউচন কৰিবলৈ অহা ল’ৰা-ছোৱালী আৰু চুবুৰীটোৰ ল’ৰা-ছোৱালীৰ সান্নিধ্যত গুণগুণ কেনেকৈনো এটি চাৰিবছৰীয়া শিশুলৈ ৰূপান্তৰিত হ’ল সংগীতাই টিউচনত ব্যস্ত থাকি তৰ্কিবই নোৱাৰিলে৷ এইবোৰ দেখি তাই মাজে মাজে ভাৱে প্ৰাঞ্জলৰ দৰে মানুহক বাদ দিও এইখন পৃথিৱীত আৰু বহুত মানহ আছে, যিসকলে সদায় আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ’ব পাৰে৷ সেইবোৰ মানুহৰ বাবেই হয়তো পৃথিৱীখন আজিও সুন্দৰ হৈ আছে৷

এদিন গুণগুণক সংগীতাই তাইক সহায় কৰা মানুহজনীৰ ছোৱালী দুজনী পঢ়া অসমীয়া মাধ্যমৰ বেচৰকাৰী বিদ্যালয়খনত নাম লগাই দিলে৷ তাক নাম লগাই দিবলৈ যোৱাৰ দৃশ্যও আছিল অভূতপূৰ্ব৷ লগত সেই মানুহজনীৰ লগতে চুবুৰীটোৰ ভালেকেইগৰাকী মহিলা আৰু তাৰ লগত খেলি থকা ল’ৰা-ছোৱালীবোৰ৷ যেন এটি সৰুসুৰা সমদলহে৷ স্কুলত গৈ পোৱাৰ লগে লগে তাৰ লগত ইতিমধ্যে খেলা-ধূলা কৰা ল’ৰা-ছোৱালীবোৰে শ্ৰেণীকোঠা এৰি তাৰ ওচৰলৈ দৌৰি আহিছিল৷ সংগীতাই তাৰ নামভৰ্তিৰ কামত কাৰ্য্যালয়ত ব্যস্ত থকাৰ সময়তে সি দুটামান শ্ৰেণী কোঠা ঘূৰিও আহিলগৈ৷ এইবোৰ দেখি সংগীতাৰ আনন্দত হাঁহিবই নে কান্দিব লাগিল৷ আবেগত কোনেও নেদেখাকৈ তাইৰ অন্তৰখন উচুঁপি উঠিছিল৷

গুণগুণক স্কুলত নাম লগাই দিয়াৰ পিছৰ পৰাই সংগীতাৰ প্ৰাত্যহিক জীৱনত এটা নতুন কৰ্মৰ সংযোজন হ’ল৷ গুণগুণক স্কুললৈ অনানিয়া কৰাৰ৷ অৱশ্যে এই কামটোও ল’ৰা-ছোৱালীবোৰেই কৰিছিল যদিও তাই গুণগুণক একেবাৰে এৰি দিব নুখুজিলে৷ এদিন স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে গুণগুণৰ বহীত এটা ভুল বাক্য গাঁঠনি লিখি দিছিল৷ সেইটোকে দেখুৱাবলৈ সংগীতাই স্কুলৰ অধ্যক্ষক লগ ধৰিছিল৷ অধ্যক্ষই শুদ্ধ বাক্যৰ গাঁঠনিটো তাইক লিখিবলৈ কৈছিল৷ তাই লিখি দিছিল৷ শুদ্ধ বাক্যৰ গাঁঠনিটো চাই অধ্যক্ষ গৰাকী সন্তুষ্ট হৈছিল আৰু তাইক বহিবলৈ দি ইটো-সিটো কথা সুধিছিল৷ সংগীতাই নিজৰ বিষয়ে ক’ব পৰা কথাখিনি খুলি কৈছিল৷ অধ্যক্ষগৰাকীয়ে তাইক কৈছিল –‘তুমি দেখোন আমাৰ বিদ্যালয়তে শিক্ষয়িত্ৰীৰ কাম কৰিব পাৰা৷ যদি মন কৰা তেন্তে দুই এদিনৰ ভিতৰতে তোমাৰ শিক্ষাগত অৰ্হতাৰ নথি-পত্ৰখিনি জমা দিবা৷ তাই হা-না একো নকৈ ভাড়াঘৰলৈ আহি মানুহগৰাকীক কথাটো খুলি কৈছিল৷ মানুহগৰাকীৰ অনুমতি সাপেক্ষে পিছদিনা গুণগুণক স্কুললৈ থবলৈ যাওঁতে কাৰ্য্যালয়ত অধ্যক্ষকক লগ ধৰি প্ৰমাণ পত্ৰ আৰু মাৰ্কশ্বিটবোৰ জমা দিছিল৷ তাৰ পিছৰ সপ্তাহৰ পৰাই তাই বিদ্যালয়খনত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল৷

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ঘৰুৱা টিউচনৰ ছাত্ৰ-ছাত্ৰী আৰু গুণগুণক লৈ আৰম্ভ হ’ল সংগীতাৰ এখন নতুন সংসাৰ৷ সিহঁতৰ সৈতে ব্যস্ত থাকি সংগীতাই জীৱনৰ আগৰ কথাবোৰ পাহৰি যোৱাৰ দৰে হ’ল৷ তথাপি আজি তাই বাতৰি কাকতত দেউতাকৰ মৃত্যুৰ বাতৰিটো পঢ়ি বহু কথাই মনত পেলালে৷ কথাবোৰ মনৰ ভিতৰতে পাগুলি থাকোতে কেতিয়ানো তাই টোপনিত ঢলি পৰিল ক’বই নোৱাৰিলে৷ গুণগুণক স্কুলৰ পৰা লৈ অহাৰ সময়ো পাৰ হৈ গ’ল৷ হঠাত দুৱাৰত ঢক ঢক শব্দ আৰু তাৰ লগে লগে গুণগুণৰ মা মাকৈ মতা শব্দত তাই সাৰ পালে৷ তাই লৰালৰিকৈ বিছনাৰ পৰা উঠি কাপোৰ-কানি ঠিক কৰি দুৱাৰ খুলি দেখে গুণগুণ ৰৈ আছে৷ ওচৰতে স্কুলৰ চকীদাৰ হৰি থিয় দি আছে৷ গুণগুণক কোলাত লৈ টপটপকৈ দুগালত দুটা চুমা খালে৷ গুণগুণে ক’লে –‘তুমি আজি মোক কিয় আনিবলৈ নগ’লা৷ তোমাৰ গা বেছি বেয়া নেকি মা? ৰৈ ৰৈ তোমাক দেখা নাপাই হৰি দাদাৰ লগতে গুছি আহিলো৷ ’ উত্তৰত সংগীতাই কি ক’ব ভাবি নাপাই – ‘ঠিক আছে৷ আজিৰ পৰা আৰু তেনে নকৰো৷ ঘৰ আহি পালাতো৷ বিছনাত বাগৰ দি থাকোতে টোপনি আহি গ’ল অ’ – বুলি কৈ তাই গুণগুণক ভিতৰলৈ লৈ গ’ল৷

ম’বাইল প্ৰেমৰ পৰিণাম

– খজেন ডেকা

সংগীতাই গুণগুণক স্কুলত থৈ ভাড়াঘৰলৈ ঘূৰি আহিল৷ আজি দুদিনমান ধৰি তাইৰ গাটো বেয়া লাগি আছে৷ সেয়ে কালিয়েই বিদ্যালয়ৰ অধ্যক্ষৰ পৰা ছুটী লৈছে৷ আহোঁতে পেপাৰৰ দোকানৰ পৰা এখন দৈনিক কাকত লৈ আহিল৷ কামৰ হেঁচাত সদায় পেপাৰ পঢ়া নহয়৷ অৱশ্যে স্কুলত থকা সময়খিনিত অফ পিৰিয়দত স্কুলৰ পেপাৰখনকে ওপৰে ওপৰে শিৰোনামকেইটা পঢ়ি চায়৷ আজি বুধবাৰ৷ বুধবাৰৰ দিনটোত কাকতখনে এটা অতিৰিক্ত পৃষ্ঠাৰ সংযোজন দিয়ে৷ পৃষ্ঠাটোৰ এটা অংশত মহিলাসকলৰ সমস্যা আৰু তাৰ সমাধানৰ উপায়ৰ কিছু কথা লিখা থাকে৷ এই পৃষ্ঠাৰ লেখাখিনি সংগীতাৰ বৰ প্ৰিয়৷ তায়ো মাজে মাজে এই শিতানটোত দুই এখন চিঠি লিখে৷ তাই কাকতখন হাতত লৈ প্ৰয়োজনতকৈ কিছু বেগেৰে ভাড়াঘৰলৈ আহিল৷ কোঠাত সোমোৱাৰ আগতে তাই বাহিৰে বাহিৰে দমকলৰ পাৰলৈ গৈ হাত-ভৰি ধুই ল’লে৷ দুৱাৰৰ তলাটো খুলি ভিতৰত সোমাই কাপোৰ-কানিখিনি সলনি কৰি খিৰিকিৰ ওচৰতে বিছনাত বহি লৈ পেপাৰখন পঢ়িবলৈ ধৰিলে৷ পেপাৰখন পঢ়ি শেষ হ’লে তাই এঘুমতি মাৰি গুণগুণক স্কুলৰ পৰা আনিবলৈ যাম বুলি ভাবিলে৷ পেপাৰখনৰ প্ৰধান বাতৰি কেইটা পঢ়ি তাই মহিলাৰ শিতানৰ লেখা কেইটাও পঢ়ি অতাই স্থানীয় বাতৰিৰ পৃষ্ঠাকেইটাত এফালৰ পৰা এনেয়ে চকু ফুৰাই গ’ল৷ হঠাতে এটা বাতৰিত তাইৰ চকু থৰ হৈ গ’ল৷ বাতৰিটো আছিল তাইৰ জন্মস্থানৰ পৰা পৰিৱেশিত৷ বাতৰিটো আন একো নহয়৷ তাইৰ দেউতাক নিশিনাথ বৰুৱাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ তেওঁ পঢ়োৱা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় গুণমুগ্ধই তেওঁৰ ঘৰত ভিৰ কৰা বুলিও বাতৰিটোত উল্লেখ কৰিছে৷ সংগীতাই বাতৰিটো পঢ়ি ৰৈ থাকিব নোৱাৰিলে৷ দেউতাকৰ মৃত্যুৰ বাতৰিটোৱে তাইৰ বুকুত খুন্দা মাৰি ধৰিলে৷ তাই বিছনাত পৰি হুকহুকাই কান্দিব ধৰিলে৷ কান্দি কান্দি তাই এটা সময়ত ভাগৰি পৰিল৷ কিছু প্ৰকৃতিষ্ঠ হৈ তাই বহু সময় ওপৰলৈ চাই থাকিল৷ এটা সময়ত শোৱাৰ পৰা উঠি তাই জলাহটোৰ ফালে থকা খিৰিকিখন খুলি দিলে৷ এজাক শীতল বতাহ খিৰিকিৰে সোমাই আহি তাইৰ গাটো স্পৰ্শ কৰি গ’ল৷ শীতল বতাহজাকৰ স্পৰ্শত তাইৰ গা-মন কিছু জুৰ পৰি গ’ল৷

তাই কিছু আগুৱাই গৈ বিছনাখনত লেপেটা কাঢ়ি বহি ল’লে৷ তাইৰ দৃষ্টিয়ে জলাহটোৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰিলে৷ জলাহৰ পাৰত থকা গছবোৰত নানা ৰঙৰ সৰু-ডাঙৰ চৰাইবোৰে কিচিৰমিচিৰ শব্দ কৰি কথা পাতি আছে, গান গাই আছে৷ জলাহৰ পানীত এজাক প্ৰব্ৰজনকাৰী পানীহাঁহে জলকেলি কৰি আছে৷ ইয়াৰ মাজতে জলাহৰ পাৰত থকা জংঘলৰ মাজৰ পৰা ডাউক চৰাই দুটামানে কোৱাক কোৱাক কৰি সিহঁতৰ উপস্থিতিৰ জাননী দি আছে৷ ইফালে ঘৰটোৰ নিচেই কাষতে থকা মধুৰি আমজোপাত কেইবাটাও বুলবুলি আৰু এহাল হেটলুকা চৰায়ে পকা মধুৰিআমবোৰ আপোনপাহৰা হৈ খাই আছে৷ সিহঁতে সংগীতাৰ উপস্থিতিক কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই৷ চৰাইবোৰৰ আপোনপাহৰা স্বভাৱটোক সংগীতাৰ বৰ ভাল লাগিল৷ সিহঁতৰেই ভাল৷ মানুহৰ দৰে সিহঁতৰ সংসাৰৰ কোনো জঞ্জাল নাই৷ সিহঁতৰ সংসাৰবোৰত বিচ্ছেদ, হিংসা, অসুয়া, লোভ-মোহৰ কোনো স্থান নাই৷ সিহঁতবোৰৰ সংসাৰত কেৱল প্ৰেম আৰু ভালপোৱাবোৰহে আছে৷ মান-অভিমান, ঠগ-প্ৰৱঞ্চনাৰ তাত কোনো স্থান নাই৷ সন্তান-সন্ততিক নামী-দামী স্কুলত নাম লগোৱাৰ, ল’ৰা-ছোৱালীৰ কেৰিয়াৰ গঢ়িবলৈ গৈ মাক-দেউতাকবোৰে হাবাথুৰি খোৱাৰো কোনো প্ৰয়োজন নাই৷ তাই মনতে এনেয়ে ভাবিলে অহা জনমত তায়ো চৰাইৰ জনম লৈ আপোনপাহৰা হৈ বনে বনে গছে গছে উৰি ফুৰিব৷

গীতাহঁতৰ ঘৰৰ বাৰীৰ পিছফালেও এটা পুখুৰী সদৃশ খাল আছে৷ দেউতাকে ঘৰৰ ভেটি সাজিবলৈ মানুহ লগাই মাটি কাটি আনোতে সৃষ্টি হোৱা খাল৷ বাৰিষা খালটো পানীৰে চপচপীয়া হৈ থাকে৷ পাৰত থকা উলুখেৰ আৰু কহুঁৱা বনত টুনী চৰাই, ৰঙা বগলী, কনা মুচৰিয়ে বাহ বান্ধে৷ বনৰীয়া হাঁহেও প্ৰতি বছৰে আহি পাৰৰ হাবিত বাহ বান্ধি কণী পাৰি পোৱালি জগাই লৈ যায়৷ এইখিনি সময়ত দেউতাকৰ উত্সাহৰ অন্ত নাছিল৷ কাম কৰাৰ সময়ত পিন্ধা প্লাষ্টিকৰ জোতাজোৰ পিন্ধি দেউতাকে খালটোৰ পাৰে পাৰে ঘূৰি চৰাইবোৰৰ বাহবোৰ নিৰীক্ষন কৰি ফুৰিছিল৷ চৰাই বিচাৰি ফুৰা মানুহবোৰে যাতে চৰাইৰ বাহবোৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে দেউতাকে দিনটোত কামৰ মাজে মাজে পহৰা দি আছিল৷ চৰাইবোৰে পোৱালিবোৰে ডাঙৰ কৰি উৰুৱাই নিব নোৱাৰালৈকে দেউতাকৰ শান্তি নাছিল৷ এবাৰ তেনেধৰণৰ দুজন মানুহে সংগীতাহঁতৰ চৌহদৰ বেৰ পাৰ হৈ খালটোৰ পাৰে পাৰে কিবা বিছাৰি ফুৰিছিল৷ তাই দেখা পাই লগে লগে দেউতাকক খবৰটো দিছিল৷ মানুহ দুজনৰ হাতত জোঙা জোঙা যাঠি, বাটলু গুটি আৰু দা আছিল৷ দেউতাকে দৌৰি গৈ কঁহুৱা বনৰ মাজত থকা কণামুচৰিৰ বাহখন চাইছিল৷ হয় বাহখনত থকা আঠটা কণীৰ এটাও নাই৷ মানুহ দুজনে আটাইকেইটা কণী লৈ গৈছে৷ ওচৰতে থকা বাঁহগছ এজোপাত বাঁহখনৰ গৰাকী কণামুচৰি হালে কক কক শব্দ কৰি ডিঙি মেলি মেলি চাই আছিল৷ দেউতাকৰ অত্যন্ত খং উঠিছিল৷ তেওঁ মানুহ দুজনক বৰ বেয়াকৈ গালি পাৰিছিল৷ মানুহ দুজনক কণী কেইটা বাহত থবলৈ বাধ্য কৰিছিল৷ পাই হেৰুৱাৰ বেদনাত মানুহ দুজনৰো দেউতাকৰ ওপৰত ভীষণ খং উঠিছিল৷ সিহঁত দুটাই নিজৰ মাজতে ভোৰভোৰাই আছিল৷ তাকে দেখি তাইৰ বৰ ভয় লাগিছিল৷ মানুহ দুজনে জোঙাল যাঠিৰে দেউতাকক আক্ৰমণ কৰে বুলি৷ দেউতাকে মানুহ দুজনক খেদি ঘৰ আহি পোৱাৰ পিছতহে তাই স্বস্তিৰ নিশ্বাস পেলাইছিল৷ কুঁৱাৰ পাৰত পেনলীয়া ভাত খাবলৈ অহা ডাউক চৰাইকেইটাৰ সৈতে দেউতাকৰ ইমানেই

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক