মমতাৰ কাহিনী – এখন চিঠি আৰু কিছু সঁচা কথা

মনোজ মন কলিতা

১/ মোৰ কাহিনীৰ নায়িকা মমতাৰ কথাৰে :

হেম বৰুৱা দেৱৰ “মমতাৰ চিঠি” নামৰ কালজয়ী কবিতাটিৰ সোৱাদ নোপোৱা লোক হয়তো আজিৰ অসমত খুব কমেই পোৱা যাব | কি এক দুখ, কি এক প্ৰগাঢ় ভালপোৱা সন্নিবিষ্ট হৈ আছে তাক পঢ়োতাজনেহে বুজিব পাৰে | কবিতাৰ মাধ্যমেৰে কবিয়ে প্ৰকাশ কৰিছে মমতাৰ ভালপোৱা, আৰু ভালপোৱাজনক হেৰুৱাৰ বেদনা | ঠিক একেই বেদনা, একেই ভালপোৱা আছিল মোৰ কাহিনীৰ “মমতা”ৰ |  মোৰ কাহিনীৰ মমতা বাস্তৱত তেজ মঙহৰ এগৰাকী মানুহ | ভদ্ৰ সমাজত কাঁঠফুলাৰ দৰে বাঢ়ি অহা আন এখন সমাজৰ বাসিন্দা তাই, যি নিশাৰ অন্ধকাৰত চঞ্চল হৈ উঠে | এক কথাত ক’বলৈ গ’লে আজিৰ তাৰিখত মোৰ কাহিনীৰ “মমতা” এগৰাকী “গণিকা”, এগৰাকী “বেশ্যা” | আপুনি হয়তো ভাবিব পাৰে আমাৰ সমাজত ঘৃণাৰ চকুৰে চোৱা এগৰাকী বেশ্যাৰ কথা আজি কিয় আলোচনাৰ বিষয় হৈ পৰিছে ! কিন্তু আপুনি হৃদয়ঙ্গম কৰিব লাগিব তাইৰ অনুভূতিবোৰ, তাইৰ ভালপোৱাবোৰ | আভিধানিক্‍ অৰ্থত আজিৰ “মমতা”ই ধনৰ বিনিময়ত নিজৰ দেহ বিক্ৰী কৰে | আমাৰ সমাজত, বাট-পথত অলেখ মমতাৰ ভিৰ আপুনি দেখিবলৈ পাব | সিহঁতৰ মাজৰে কিছুমানে ধন ঘটাৰ সহজ উপায় বিচাৰি উলিয়াইছে এইদৰে, কিন্তু কিছুমানক দেহ বিক্ৰী কৰিবলৈ বাধ্য কৰাইছো আমি, এই ভদ্ৰ সমাজে | মোৰ কাহিনীৰ নায়িকা এই দ্বিতীয় শ্ৰেনীৰ | জীৱনটোক ভালদৰে বুজি পোৱাৰ বয়সত তাই প্ৰেমত পৰিছিল, নিশা আকাশত তৰা গণিছিল, শুকুলা মেঘৰ ঘৰ সাজিছিল সপোনত | দেও দি ফুৰা চৰাইৰ দৰে অনুভৱ কৰিছিল নিজকে | দুভাগ নিশা পাহাৰৰ সিপাৰে যেন তাইক কোনোবাই ৰিঙিয়াই কৈছিল “মোৰ ভালপোৱাৰ ঠিকনা তোমাৰ হৃদয়” | সপোনত যেন কোনোবাই তাইক কৈ উঠিছিল,

“এই !! শুনা !

তোমাৰ ওঁঠৰ জোখ লোৱা বহু দিন হ’ল

এই !! উঠানা ! প্লিজ !”

[কবিতা: এটা মাতাল উজাগৰী নিশা তোমাৰ নামত (মনোজ মন)]

২/ বান আহিছিল তাইৰ জীৱনলৈ :

ভালপোৱাৰ ফাকু-গুড়ি চটিয়াই লৈছিল তাই নিজৰ দেহত, আৰু এদিন আজীৱন প্ৰেমৰ নৈত সাঁতুৰি ফুৰাৰ প্ৰতিশ্ৰুতিৰে হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাটনি মেলিছিল | তাই হয়তো জনা নাছিল, হৃদয়ৰ মাজুলীত যে এতিয়া গড়াখহনীয়াৰ বতৰ | এদিন তাই অনুভৱ কৰিলে, প্ৰেমৰ নৈত সাঁতুৰি ফুৰুতে উভটি যোৱাৰ বাটেই হেৰুৱালে | তাই দেখিলে বনৰীয়া লঁতাৰ দৰে মেৰিয়াই ধৰিবলৈ উদ্যত কিছুমান হাত, নিমিষতে গিলি পেলোৱা দৃষ্টিত আবদ্ধ তাইৰ শৰীৰ | পাহাৰৰ সিপাৰে ৰিঙিয়াই মতা তাইৰ মনৰ মানুহজন এতিয়াচোন ৰূপান্তৰিত হৈ পৰিছে এজন দানৱলৈ ! ধনৰ বিনিময়ত ঠেলি দিছে তাইক  অন্ধকুপলৈ, য’ত তাইৰ বাবে অপেক্ষা কৰি ৰৈ থাকে এক কুটিল হাঁহি |

“বানে পোৱা নৈৰ বলিয়া সোঁতত উটি যাব নিবিচাৰো ম‍ই |

আশাবোৰ বুকুত সাৱতি বাট চাই ৰ’ম পাৰত বহি |

যদি সেই আশা বুকুতেই ৰৈ যায় !

যদি নৈ বৈ ঢৌ বাগৰি সুঁতি সলায় !

তথাপিও বাট চাই ৰ’ম, আকৌ বাৰিষা আহক |

নৈৰ বুকুত যে এটা সৰু দ্বীপ আছে,

যাক হৃদয় বুলি কয়,

তাতেই আছিল মোৰ ঘৰ |”

[কবিতা: বান আহিছিল (মনোজ মন)]

৩/ তাই এতিয়াও বাট চাই আছে :

মোৰ কাহিনীৰ “মমতা”ৰ জীৱনলৈ ভালপোৱা আৰু উভটি নাহিল | সেইবোৰ বিক্ৰী হৈ গ’ল ধনৰ বিনিময়ত | এতিয়া তাই পৰিণত হ’ল অন্ধকাৰ গ’লিৰ এখন বেনাৰলৈ | অলেখ অযুত চেষ্টাৰেও মচিব নোৱাৰিলে তাত খোদিত লেতেৰা আখৰবোৰ | কিন্তু আপুনি জানো হত্যা কৰিব পৰিব প্ৰেমক ! তাইও নোৱাৰিলে | ভালপোৱাৰ দুগালত আঁকি দিয়া ওঁঠৰ দাগবোৰ বিচাৰি হাবাথুৰি খোৱা তাইক দেখিবলৈ পাব অপুনি নৈৰ ঘাটত, আউলি-বাউলি হৈ বহি ৰোৱা প্ৰতিটো গধূলি | যদি আপুনি কাণ পাতি ৰয় তেতিয়া হয়তো শুনিবলৈ পাব পাৰে তাইৰ উচুপনি | আপুনি যদি হৃদয়বান হয় তেন্তে চকু মুদিলেই দেখিবলৈ পাব এখন চিঠি; যাক হয়তো আপুনি নাম দিব পাৰে “এজনী বেশ্যাৰ এখন অশ্লীল চিঠি” |

“মৰমৰ,

আজি বহুত দিন হ’ল তোমাক নেদেখা |

মোক বাৰু তুমি ঘৃণা কৰা নেকি !

মোৰ দেহত এতিয়া শিয়াল-কুকুৰৰ আচোঁৰ |

তুমি যে গ’লা! এবাৰলৈও উভতি নাহিলা |

বিয়াৰ নিশা হোমৰ জুইঁক সাক্ষী কৰি

তুমিয়েই কোৱা নাছিলা জানো !

“মোৰ সাঁতোটা জীৱন তোমাৰ নামত” !

পিতাইৰ ঘৰৰ পৰা বিদায়ৰ দিনা

কান্দি আউলি-বাউলি হওঁতে

ভবাতো নাছিলো!

সেই যে সেমেকা মন আজিও সেমেকি ৰ’ব |

জনাতো নাছিলো তোমাৰ জীৱিকা মোৰ দেহ !

ৰাজপথত বিচাৰি ফুৰিবা

মোৰ বাবে নতুন নতুন প্ৰেমিক |

সিহঁতবোৰে মোৰ বুকুখন খুলি খুলি খোৱাৰ সময়ত

দুৱাৰৰ সিপাৰে বহি তুমি বাৰু কি ভাবি থাকা !

মোৰ লগত পাৰ কৰা ফুলশয্যাৰ নিশাৰ কথা?

তোমাক হয়তো ম‍ই জনোৱা নাই !

সিহঁতৰ উশাহঘন শব্দত বিচাৰো

তোমাৰ উপস্থিতি |

তোমাৰ বাবেই মই পাৰি দিছিলো সুকোমল শয্যা,

য’ত স্থান দিছিলা ৰুবিনা, পাৰৱিন, মিনতিহঁতক |

তুমি শুনিছিলানে !

দুৱাৰৰ সিপাৰৰ মোৰ উচুপনিবোৰ !

তুমিও থিক একেদৰেই উচুপি উঠা নেকি বাৰু !

মোৰ দেহৰ প্ৰেমত পৰা সেই এদিনিয়া প্ৰেমিকবোৰ দেখি !

তোমাৰ বাৰু হিয়া কঁপি উঠেনে ?

সিঁহ্তবোৰৰ অট্টহাস্য শুনি |

কি পাৰ্থক্য তোমাৰ আৰু সিহঁতৰ !

আৰু বিশেষ নিলিখো |

তুমি যদি কেতিয়াবা উজাই আহা

মোৰ বুকুৰ উপত্যকাত জিৰাবলৈ,

মোক জনাবলৈ নাপাহৰিবা |

কপালত আকিঁ ল’ম ৰঙা অকণমান ,

আৰু মেলি দিম দুহাত বুকু উদঙাই |

কিন্তু ! কিন্তু !!

মোৰ বুকুত যে এতিয়াও শিয়াল-কুকুৰৰ আঁচোৰ !

আকৌ আতঁৰি যাবা নেকি !

ৰুবিনা, পাৰৱিন, মিনতিহঁতৰ বুকুৰ উম বিচাৰি !!”

 

[কবিতা: এজনী বেশ্যাৰ এখন অশ্লীল চিঠি (মনোজ মন)]

 

Subscribe
Notify of
6 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

ভাল লাগিল ।এই ব্যবসায় যদি ৰোধ কৰিব পৰা যায় তেন্তে আৰু ভাল লাগিল হয়।

chaya
9 years ago

Moi bhal puwa kobita aitu……..

মনোজ মন কলিতা
9 years ago

আপোনালোকৰ মন্তব্যৰ বাবে ম‍ই চিৰকৃতজ্ঞ |

Anonymous
9 years ago

শান্ত ছোৱালীজনী সেই সময়ত কলেজত পঢ়ি আছিল আৰু তাই পাঠ্যবিষয় হিচাপে হেম বৰুৱাৰ “মমতাৰ চিঠি” পঢ়িছিল৷এদিন গাঁৱতে পতা এখন মিটিঙত তাইক এটা কবিতা আবৃত্তি কৰিবলৈ মাতিছিল আৰু তাই মমতাৰ চিঠি পাঠ কৰি সকলোৰে বাঃ বাঃ লাভ কৰিবলৈ সক্ষম হৈছিল৷তাৰ কিছুদিনৰ পাছতে তাইৰ বিয়া হৈ গৈছিল,তাইৰ দৰেই এজন গহীন স্বভাৱৰ ল’ৰাৰ লগত৷সকলোবোৰ ঠিকে-ঠাকেই চলি আছিল৷তাই বহুত স্ফূৰ্ত্তিত আছিল কিয়নো এফালে তাইৰ নন্দেকৰ বিয়া আনফালে নিজে সন্তানসম্ভৱা৷কিন্তু বিয়াৰ পাছদিনাই তাইৰ ভাগ্য সলনি হৈছিল৷নিজৰ মানুহজনে ভনীয়েকৰ বিয়াৰ ফাৰ্নিচাৰ দিবলৈ গৈ ঘৰলৈ ঘূৰি আহিছিল এটা শ হৈ ৷তাই এতিয়া “মমতাৰ চিঠি” আগতকৈও বেছি ভাল পায়,কাৰণ তাইযে এতিয়া নিজেই এজনী “মমতা”৷

ৰমেশ টুডু
7 years ago

ভাল লাগিল

Anonymous
6 years ago

বঽুত ভাল লাগিছে

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক