মমতা (প্ৰণীতা গোস্বামী বৰঠাকুৰ)

দিপালীৰ আজি শৰীৰ আৰু মন দুয়োটাই যেন কোঙা হৈ পৰিছে৷ চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছে যদিও বুকুখন কিবা এটাই যেন হেঁচা মাৰি ধৰি আছে৷ তাই বোবা হৈ গৈছে৷ মাত্ৰ অপলক নয়নেৰে জোনাকৰ মুখলৈ চাই আছে, সি যে একোৱেই বুজা নাই!

বিছনাখনত বাগৰি বাগৰি সি হাতেৰে কিবা এটা বিচাৰি খেপিয়াই ফুৰিছে৷ লাহে লাহে বাহিৰত দুই এজনকৈ মানুহবোৰ গোট খাইছে৷ ঘৰৰ মানুহখিনিয়ে তাইক এবাৰ চাই পুনৰ বাহিৰত বহিছেগৈ৷ কোনেও তাইক একো কোৱা নাই৷ এপাকত ওচৰেৰে খুৰী এগৰাকী আহি তাইৰ ওচৰত বহিলহি, “কি কৰিবি আই, এয়াই সংসাৰ৷ আহিলে এদিনতো সকলোৱে যাবই লাগিব৷ দুখ কৰি নাথাকিবি আই৷ উঠ, বাহিৰলৈ ব’ল৷ কামবোৰো হৈছেগৈয়ে ….”

দিপালীৰ নিঠৰ-নীৰৱ, ভাৱলেশহীন মুখখন দেখি কোনেও তাইক একো ক’ব পৰা নাই৷ বিজয়েও দুই তিনিবাৰ আহি চাই উভতি গৈছে৷ জোনাক হ’ল বিজয় আৰু দিপালীৰ দুজনীয়া সংসাৰখনৰ প্ৰথম সন্তান৷ ইউনিভাৰচিটিত পঢ়াৰ পৰাই দুয়োৰে অগাধ ভালপোৱা৷ বিজয়ৰ ঘৰৰ অমতত বিয়া হৈছিল যদিও তাইক পাছলৈ সকলোৱে আদৰি লৈছিল৷ দুয়ো সংসাৰখন সুন্দৰভাৱে আগবঢ়াই নিবলৈ যত্ন কৰিছিল৷ জোনাকৰ জন্মও দুয়োৰে পৰিকল্পনা মতেই হৈছিল৷ বহু আশা-প্ৰত্যাশাৰ অন্তত জোনাকৰ জন্ম হৈছিল৷ দুয়োটা পৰিয়ালৰ এনাজৰীডাল যেন আৰু বেছি কটকটীয়া হৈ পৰিছিল৷ প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল— পাছলৈ লাহে লাহে তাৰ শৰীৰৰ বিসংগতিবোৰ সিহঁতৰ চকুত ধৰা পৰিছিল৷ প্ৰায় এবছৰ মানেই তাই ছুটী লৈ তাক বিভিন্ন ঠাইলৈ চিকিৎসাৰ বাবে লৈ গৈছিল৷ সকলোতে প্ৰায় একেবোৰ কথাই কৈছিল, ঔষধৰ লগতে মৰম আৰু যথেষ্ট প্ৰতিপালৰ প্ৰয়োজন হব৷

চিকিৎসকে কোৱাৰ দৰেই সিহঁতে সকলো কাম নিয়ম মতেই কৰি গৈছিল৷ লাহে লাহে তাৰ শৰীৰটো ডাঙৰ হৈছিল ঠিকেই, কিন্তু মানসিক ভাৱে আৰু আচৰণবিধিবোৰ ঠিক এটা ন-দহ মহীয়া কেঁচুৱা ল’ৰাৰ দৰেই একেই থাকিল৷ চিকিৎসকৰ চিকিৎসাইও একো কৰিব পৰা নাছিল— দুয়ো এক মানসিক অন্তৰ্দ্বন্দৰ সন্মুখীন হৈছিল৷ ভগৱানৰ ওচৰত নীৰৱে প্ৰাৰ্থনা কৰাৰ বাহিৰে একোৱেই কৰিব পৰা নাছিল৷ তাই চাকৰিটো এৰিব খুজিও তাৰ চিকিৎসাৰ খৰচৰ প্ৰয়োজনতে এৰিব নোৱাৰিছিল৷ লাহে লাহে দুয়ো যেন মানসিক ভাৱে ভাগি পৰিছিল৷ সিহঁত দুয়োটাৰ কৰ্মব্যস্ত জীৱনত জোনাকক বিশেষ যত্ন লোৱাত অসুবিধা হব বুলি ভাবি তাৰ বছৰ পূৰ নৌহোৱাৰ পৰাই তাইৰ মাকে গাৱঁৰ ঘৰ এৰি সিহঁতৰ লগত আছিলহি৷ আজি বাইছটা বছৰে সিহঁতে মাকক জোনাকৰ ওচৰৰ পৰা আঁতৰ হোৱা দেখা নাই, তাৰ বিছনাখনতে বহি তেওঁ কাগজ পঢ়া, চিলাই কৰা, ঊল গোঠা, টিভি চোৱা সকলো কৰিছিল৷ অহা জেঠত জোনাকৰ বাইছ বছৰ পূৰ হব৷ তাৰ চেহেৰাটো এজন চফল ডেকাৰ দৰেই হৈছেগৈ৷ আজিকালি তাক ডাঙিবলৈও দুই-তিনিটা ডাঙৰ মানুহ লাগে৷ তাৰ বিছনাখনৰ ওপৰৰ বেৰবোৰো আগতকৈ ওখ কৰিব লগা হল৷ বিছনাখনেই তাৰ সকলো! ৰাতিপুৱাৰ সকলো কামো বিছনাতে কৰোৱা হয়৷ এতিয়া তাক দাঙি নি পানী ঢালি গা ধুৱাবও নোৱাৰা হৈছে৷ বিছনাতে গাটো ভালদৰে মচি দিয়া হয়৷

তাৰ এইবোৰ কাম কৰিবলৈকে এজন স্বাস্থ্যবান মানুহৰ দৰকাৰ হয়, এজনে অকলে কৰা সম্ভৱ নহয়গৈ৷ এগৰাকী বঙালী ভাষী মাইকী মানুহ তাৰ কামবোৰৰ বাবে ৰখাও হৈছে৷ তথাপিও আইতাকেই তাৰ সকলো কামৰ দায়িত্ব নিজে লয়৷ সি কেতিয়া কি খাদ্য খাব, কেতিয়া কোনটো দৰৱ খাব, সকলো তেওঁৰ হিচাপত হৈছিল৷ সিহঁত দিনটো নাথাকে বাবে তেঁৱেই সকলো দায়িত্ব নিজে লৈ লৈছিল৷ মাক হিচাপে তায়ো যেন সিমানখিনি যত্ন লব পৰা নাছিল তাক! কেতিয়াবা তাইৰ অনুশোচনা হয়, তাই বাৰু মাকক ব্যৱহাৰ কৰিছে নেকি–! বিজয়েও বহুবাৰ কৈছে এই কথাটো৷ কিন্তু মাকে যে জোনাকক এৰি থাকিবই নোৱাৰা হ’ল! সিও আইতাক নাথাকিলে বৰ অশান্তি কৰে৷ কেতিয়াবা আইতাক কেইদিনমানৰ বাবে গাৱঁৰ ঘৰলৈ গ’লেই তাৰ গা বেয়া হয়৷ বেছি গা বেয়া বুলি খবৰ পালেই আইতাক লৰালৰিকৈ উভতি আহে৷ আইতাকৰো যেন সকলো নাতিতকৈ তালৈহে ধাউতিটো অলপ বেছি৷

এতিয়া সি বিছনাখনত যেন আইতাককে বিচাৰি ফুৰিছে৷ তাইৰ বুকুখন বিষাই গ’ল৷ বাহিৰত কাৰোবাৰ কান্দোনত দিপালীৰ তন্দ্ৰা ভাঙিল৷ ডাঙৰ বায়েক পালেহি চাগে৷ কান্দি কান্দিয়েই বায়েক শেৱালিয়ে আহি তাইক সাৱটি ধৰিলেহি৷

…তোৰ কি হৈছে দিপালী — মা আৰু আমাৰ মাজত নাই; তই কিয় এনেখন কৰিছ……. ব’ল; বাহিৰত তোৰ বাবেই সকলো ৰৈ আছে–মাক শেষবাৰৰ বাবে চাই আহিবি ব’ল৷ ….’

ভাৱলেশহীন ভাৱে তাই বায়েকৰ মুখলৈ চাই ৰ’ল৷ তাই চোতালৰ একোণত বগা কাপোৰৰ ঢাকি শুৱাই থোৱা মাকৰ মুখখনলৈ চালে৷ মাক যেন আজি ধুনীয়াকৈ শান্তিত শুই আছে! আজি মাকৰ কোনো ব্যস্ততা নাই, নাতিৰ পেট বেয়া- মচন্দৰি পাত ছিঙি আনি দিয়া, নাতিৰ বাবে কেঠা চিলোৱা, নাতিৰ শীৰ্ণ ভৰি কেইটাত তেল মালিচ কৰা — এইবোৰৰ যেন আজি একোৰে খবৰ নাই মাকৰ৷

বিজয়ে তাইক সেৱা এটি কৰাবলৈ বুলি মাকৰ ভৰি দুখনৰ ফালে বহাই দিলে৷ মাকৰ ভৰি চুই তাই হুক্ হুকাই কান্দি উঠিল৷ তাই বাৰু মাকক বৰ কষ্ট দিলে নেকি? তাইৰ নিজকে বৰ দোষী দোষী লাগিল৷ মনতে মাকৰ ওচৰত ক্ষমা বিচাৰিলে৷ মাক যেন তাইৰ বাবে আনতকৈ আৰু অলপ বেলেগ আছিল! ! জীৱনৰ শেষৰ সময়খিনি যে তেওঁ তাইৰ বাবেই ত্যাগ কৰিলে৷ তাই যে কিমান নিশ্চিন্ত আছিল মাক থকাৰ বাবে৷ মাকৰ অবিহনে জোনাকক কাৰ ওচৰত ইমান নিশ্চিন্তমনে এৰিব পাৰিব? তাইৰ বাবে মাক সঁচাই অনন্যা আছিল৷ কৃতজ্ঞতাৰে শেষ বাৰৰ বাবে মাকৰ চৰণত ধৰি সেৱা কৰিলে, তাইৰ ধৈৰ্য আৰু মনোবল যাতে অটুট ৰাখে তাৰবাবে আশীৰ্বাদ বিচাৰিলে৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments