মমতা – সুনীল দত্ত

কবিতাৰ হাতৰ পৰা ফোনটো আপোনা আপুনি সৰি পৰিল৷ ৰাসৰ মৃন্ময় মূৰ্তিৰ দৰে তাই অলপ সময় থিয় হৈ থাকিল৷ তাৰ পিছত কঁকালত মেৰিয়াই থোৱা চাদৰখনৰ আঁচলেৰে চকুদুটা মোহাৰি লৈ লৰালৰিকৈ এফালৰ পৰা ঘৰৰ খিৰিকী দুৱাৰবোৰ জপাবলৈ ধৰিলে৷ মাকে চাৰিদিন আগতেই বিনীতাহঁতৰ ঘৰলৈ বিনীতাৰ খবৰ ল’বলৈ গৈছিল৷ গেটত তলাটো মাৰি কবিতাই ৰিক্সা এখনত উঠি বাছষ্টেণ্ডলৈ গ’ল৷ কবিতাই বাছ এখনত উঠি খিৰিকীৰ কাষৰ ছিট এটাত বহিল৷ বাছ চলিল৷ বুকুৰ ভিতৰৰ পৰা ওলাই অহা কান্দোনটো বহুত চেষ্টা কৰি কবিতাই চেপি ৰাখিলে৷ বাছৰ মানুহবোৰৰ অনুসন্ধিৎস্যু দৃষ্টিৰ সন্মুখীন হ’বলৈ এই মুহূৰ্তত কবিতাৰ মন নগ’ল৷ বিনীতাৰ বাবে যে আজিয়েই বুকুৰ ভিতৰত কান্দোনৰ ৰোল উঠিছে এনেকুৱা নহয়৷ দহ বছৰ আগতেও এদিন এনেকৈয়ে কবিতাই কান্দোন চেপি ৰাখিছিল৷ তাৰ পিছত বহুদিন চেপিও ৰাখিছে আৰু কান্দিছেও৷ দূৰৰ পাহাৰখনৰ পিনে চাই কবিতাই ওঁঠ দুটা চেপি ধৰিলে৷ দহবছৰ আগত কলেজৰ ফাংচনৰ পৰা গধূলি ঘৰলৈ আহি থাকোতে পিছলৈ ঘূৰি চাই কবিতাই স্থানুৰ দৰে ৰৈ গৈছিল৷ হিতেনৰ বাহুবন্ধনত লেতুসেতু হৈ সোমাই পৰা বিনীতাক দেখি কবিতাৰ বুকুখন মোচৰ খাই উঠিছিল৷ বিনীতা তাইতকৈ দুবছৰ সৰু৷ হিতেন কবিতাৰ লগত একেলগে পঢ়িছিল৷ হিতেনৰ কবিতা পঢ়ি কবিতাই অজানিতে তাৰ প্ৰেমত পৰিছিল, তাৰ ওচৰ চাপি গৈছিল৷ কওঁ কওঁ বুলিও মনৰ কথাষাৰ কবিতাই ক’ব পৰা নাছিল৷ হিতেনৰ পৰা কথাষাৰ শুনিবলৈ তাই ব্যগ্ৰ হৈ আছিল৷ তাইৰ বন্ধু বুলি পৰিচয় দি তাক সিহঁতৰ ঘৰলৈ কেইবাবাৰো নিছিল৷ দূৰৰ গাঁও এখনৰ পৰা আহি হোষ্টেলত থাকি পঢ়া শুনা কৰা হিতেনে দেওবাৰে কবিতাহঁতৰ ঘৰলৈ ভাত খোৱাকৈ যোৱাটো এটা নিয়মত পৰিণত হৈছিল৷ সেইদিনা কলেজৰ ফাংচনৰ পৰা নিশা কবিতা আৰু বিনীতাক ঘৰলৈ আগবঢ়াই থোৱাৰ দায়িত্ব হিতেনে নিজেই লৈছিল৷ একেলগে আহি থকা বিনীতা আৰু হিতেনক ওচৰত নেদেখি কবিতাই এবাৰ পিছলৈ ঘূৰি চাই তেনেকৈ দেখি হতবাক হৈ পৰিছিল৷ ঘৰ আহি পায়েই গা ধোৱা ঘৰত সোমাই কবিতাই গাত পানী ঢালিছিল৷ মূৰৰ পৰা বৈ অহা পানীৰ লগত তাইৰ চকুপানীবোৰো বৈ গৈছিল৷ বহুদিন বিনীতা আৰু হিতেনৰ পৰা কবিতাই পলাই ফুৰিছিল৷ ঘৰত কথাবোৰ সকলোৱে গম পোৱাৰ পিছত হিতেন আৰু বিনীতাৰ বিয়াৰ বাবে দুয়োখন ঘৰৰ মানুহ সন্মত হৈছিল৷ ইতিমধ্যে হিতেনে চৰকাৰী চাকৰি এটাত সোমাইছিল৷ কবিতাৰ বিয়াখন হোৱাৰ পিছতেই হিতেন আৰু বিনীতাৰ বিয়াখন পাতিব বুলি সকলোৱে সিদ্ধান্ত লৈছিল৷ কবিতাই আপত্তি কৰিছিল, তাই এতিয়াই বিয়া নহয়৷

আৰু অৱশেষত কবিতাৰ জেদতেই হিতেন আৰু বিনীতাৰ বিয়াখন হৈ গ’ল৷ বিনীতাৰ বিয়াৰ দিনা মানুহবোৰক মাত দিওঁতেই কবিতা ব্যস্ত হৈ থাকিল৷ কইনাৰ সাজেৰে বহি থকা বিনীতাৰ ওচৰ চাপিবলৈ কবিতাৰ সাহস নহ’ল৷ বিয়াৰ পিছত কইনাক বিদায় দিবলৈ উলাওঁতে হিতেন আৰু বিনীতাই কবিতাক সেৱা কৰিবলৈ আহিছিল৷ কবিতাৰ ভৰিত হিতেনৰ হাতৰ স্পৰ্শ লগাৰ লগে লগে তাই জিকাৰ খাই উঠিছিল৷ কুমজেলেকুৱা এডালে তাইৰ
ভৰিত বগাই ফুৰাৰ দৰে লাগিছিল তাইৰ৷ হিতেনৰ এনেকুৱা স্পৰ্শতো তাই বিচৰা নাছিল! হিতেনৰ স্পৰ্শৰে তাইৰ দেহত গোলাপৰ বাগিচা এখন সজাবলৈ কবিতাৰ মন আছিল৷ কিন্তু এয়া কি? সপোনৰ পুৰুষজনৰ প্ৰথম স্পৰ্শই তাইক কোঁচ খুৱাই দিলে৷ শেষৰাতিৰ বিয়াৰ ৰভাতলীত কবিতাই কান্দি কাটি বাউলি হৈছিল৷ সকলোৱে কোৱাকুই কৰিছিল-দুয়ো ভনীয়েকৰ বৰ মিল আছিল৷ এতিয়া সৰুজনী চিৰদিনৰ বাবে বেলেগলৈ যাবলৈ ওলোৱাৰ বাবে তাই সহ্য কৰিব পৰা নাই৷ কিন্তু কোনেও কবিতাৰ বুকুৰ ভিতৰত সোমাই তাই কিয় কান্দিছিল এবাৰো চোৱাৰ চেষ্টা নকৰিলে৷ বহুদিন পিছলৈ কবিতাই পাৰেমানে চাবোনেৰে ঘঁহি ঘঁহি ভৰিদুখন ধুইছিল৷ আঠমঙলাৰ পিছত বিনীতা আৰু হিতেনে চাৰিদিনমান থকাকৈ ফুৰিবলৈ আহিছিল৷ কবিতাৰ কোঠাতেই দুয়োকে থাকিবলৈ বিছনা পাৰি দিছিল৷ হিতেনহঁত থকা কেইদিন গোটেই ৰাতি কবিতাই শুব পৰা নাছিল৷ প্ৰকাণ্ড সাপ এডালে ৰাতি ৰাতি কবিতাক গিলি পেলাইছিল৷ হিতেনহঁতৰ কোঠাৰ পৰা ভাঁহি অহা অস্ফূট গুণগুণনিবোৰে কবিতাক কবৰত শুৱাই থৈছিল৷ কবৰটোৰ ভিতৰত তাই ছটফটাইছিল৷ হিতেনহঁত যোৱাৰ পিছত কবিতাই সিহঁত থকা বিছনাচাদৰখন আৰু গাৰুৰ গিলিপ দুটা বহুদিনলৈ ধোৱা নাছিল৷ ৰাতি ৰাতি তাতেই তাই হিতেনৰ দেহৰ ঘ্ৰাণ ল’বলৈ চেষ্টা কৰিছিল৷ কিন্তু তাত বিনীতাও শোৱাৰ কথাটো মনত পৰাৰ লগে লগে কবিতা কোঁচ খাই গৈছিল৷ গাৰুত মুখখন গুজি গোটেই ৰাতি তাই কান্দিছিল৷

বিনীতাহঁতৰ ঘৰৰ ওচৰ পাই কবিতাই আৰু নিজকে বাধা দি ৰাখিব নোৱাৰিলে৷ বুকু ভঙা বিননিৰে মানুহবোৰৰ মাজেৰে তাই উধাতু খাই দৌৰিবলৈ ধৰিলে৷ চোতালখন পাই কবিতাই আৰু আগবাঢ়িব নোৱাৰিলে৷ বিয়াৰ দিনা পিন্ধা ৰঙা পাটৰ মেখেলা চাদৰযোৰ পিন্ধি বিনীতাই চোতালত শুই আছে৷ ডিঙি আৰু হাতে কাণে বিয়াৰ দিনাখন পিন্ধা সোণৰ গহনাবোৰে জলমলাই আছে৷ নিথৰ হৈ শুই থকা বিনীতাৰ ওচৰত মাক আৰু হিতেনে হিয়াঢাকুৰি কান্দি আছে৷ কবিতাই বিনীতাৰ পিনে দুখোজমান আগুৱাই গৈ ৰৈ গ’ল৷ বাৰাণ্ডাৰ পৰা থুনুক থানাক খোজেৰে বিনীতাৰ কণমানি ছোৱালী হিয়া কবিতাৰ পিনে দৌৰি আহিল৷ দৌৰ মাৰি গৈ কবিতাই হিয়াক কোলাত তুলি ল’লে৷ কবিতাহঁতৰ ঘৰতেই তাইৰ জন্ম হৈছিল৷ সৰুৰ পৰা তাই কবিতাৰ কোলাত উঠিয়েই এইকণ ডাঙৰ হৈছে৷ হিতেনৰ দেউতাক আৰু মাক বিয়াৰ পিছতেই ঢুকাইছিল৷ গৰ্ভৱতী বিনীতাই মাকৰ ঘৰতেই আছিল, কাৰণ তাই গৰ্ভৱতী হোৱাৰ পিছতেই হিতেনৰ দূৰলৈ বদলি হৈছিল৷ মাথো দুমাহ আগতেহে হিতেনে বহুত লাগি মেলি আকৌ ওচৰলৈ বদলি হৈ আহিছিল৷ তাৰ পিছতেই মাকৰ ঘৰৰ পৰা বিনীতাক নি লগত ৰাখিছিল৷ কবিতাই আলফুলে হিয়াক বুকুৰ মাজত সাৱটি ধৰিলে৷ হিয়াক কোলাত লৈ তাই কান্দিব নোৱাৰে, কেতিয়াও নোৱাৰে৷ এসপ্তাহৰ জ্বৰতে যে বিনীতা ঢুকাব কোনেনো জানিছিল৷ হঠাৎ চাৰিওফালে আকৌ এবাৰ কান্দোনৰ ৰোল উঠিল৷ এইখন ঘৰলৈ বিনীতাই এদিন কঁপালত হিতেনৰ আঙুলিৰে সেন্দূৰ পিন্ধি আহিছিল৷ আজি আকৌ হিতেনে বিনীতাৰ কঁপালত দগমগীয়া সেন্দূৰৰ ফোঁট এটা আঁকি দিলে৷ হিতেনৰ লগত খোজ কাঢ়ি এইখন ঘৰত সোমোৱা বিনীতাই আজি হিতেনৰ কান্ধত উঠি যাবলৈ ওলাল৷ কবিতাই সেইপিনে চাব নোৱাৰিলে৷ হিয়াক কোলাত সাৱটি তাই ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷

বিনীতাৰ সকাম হৈ গ’ল৷ কবিতাৰ কোলাত উঠি ঘূৰি ফুৰা হিয়াই এবাৰো মাকৰ কথা নুসুধিলে৷ বিনীতাৰ সকাম হৈ যোৱাৰ পিছত কবিতাহঁত যাবলৈ ওলাল৷ মাকে হিতেনক ওচৰলৈ মাতি আনি থোকাথুকি মাতেৰে ক’বলৈ ধৰিলে-“বাপা, তাই এইখিনিয়েই আয়ুস লৈ আহিছিল৷ দুখ কৰি নাথাকিবা৷ হিয়াক তুমি কেনেকৈ চম্ভালিবা? তাইক আমিয়েই লৈ যাওঁ দিয়া৷ মাকৰ মৰমৰ অভাৱ তাইক কেতিয়াও অনুভৱ কৰিবলৈ নিদিওঁ৷ তুমি দুখ কৰি নাথাকিবা৷ ভাল ঘৰধৰা ছোৱালী এজনী চাই আকৌ বিয়াখন পাতি পেলোৱা৷ আমি অকণো বেয়া নাপাওঁ৷ “ শাহুৱেকৰ দুয়োখন ভৰিতেই জপটিয়াই ধৰি হিতেনে মাথো হুৰাওৰাৱে কান্দিলে৷ বিনীতাৰ স্মৃতিবোৰ বুকুত বান্ধি হিয়াক লগত লৈ কবিতাহঁত ঘৰলৈ উভতিল৷ হিয়াৰ হাঁহিৰ আঁৰত বিনীতাৰ অভাৱবোৰ লুকাই থাকিল৷ দিনটো কবিতা আৰু মাকৰ পিছে পিছে দেও দি ফুৰা হিয়াই ৰাতি কবিতাৰ ডিঙিত সাৱটি ধৰি নুশুলে টোপনিয়েই নাহে৷ সময়বোৰ বাগৰিবলৈ ধৰিলে৷ হিতেনে সদায় ফোন কৰি হিয়াৰ খবৰ লয়, মাজে মাজে আহে৷ এবছৰমান পিছত এদিন চলচলীয়া চকুহালেৰে শাহুৱেকৰ ওচৰত থিয় হৈ হিতেনে হাতযোৰ কৰিলে-“মই বহুত কষ্ট পাইছোঁ মা৷ হিয়াক মোক নিবলৈ দিয়ক৷ বিনীতাৰ স্মৃতিয়ে মোক জীয়াই থাকিবলৈ নিদিয়ে৷ হিয়াক লৈ মোক জীয়াই থাকিবলৈ দিয়ক মা৷” অলপ সময় শাহুৱেক মনে মনে থাকিল৷ তাৰ পিছত লাহে লাহে ক’লে-“কবিতাক পাই তাই মাকক পাহৰি গৈছে৷ তুমি অকলে তাইক কেনেকৈ চম্ভালিবা?” তলমূৰকৈ ভৰিৰ আঙুলিবোৰৰ পিনে চাই হিতেনে ক’লে-“মই আকৌ বিয়া পাতিম বুলি ভাবিছোঁ মা৷ আপোনালোকে যদি অনুমতি দিয়ে, মই কবিতাক বিয়া কৰাব খোজোঁ৷” কাষৰ কোঠাটোত হিয়াক শুৱাই থকাৰ পৰাই কবিতাই দুয়োৰে কথাবোৰ শুনি আছিল৷ হিতেনৰ কথাখিনি শুনি আকৌ এবাৰ কবিতা জিকাৰ খাই উঠিল৷

খুব সাধাৰণভাৱেই হিতেন আৰু কবিতাৰ বিয়াখন হৈ গ’ল৷ আজি দুয়োৰে ফুলশয্যাৰ নিশা৷ শোৱনি কোঠাৰ বনচোম কাঠৰ ডাঙৰ পালেংখনত পৰা বগলীৰ পাখিৰ দৰে শুভ্ৰ বিছনাচাদৰখনৰ ওপৰত বহি কবিতা ৰৈ আছে৷ এদিন এইটো নিশা তাইৰ বাবে এটা মিঠা সপোন আছিল, বিনীতাৰ বিয়াৰ পিছত যিটো সপোন চুচুৰ্মৈ হৈ থাকিল৷ আজি সেই ভাঙি ছিঙি চূৰমাড় হোৱা সপোনটোৱেই আকৌ এবাৰ ঠন ধৰি উঠিছে৷ পাটৰ পাঞ্জাৱী আৰু পায়জামা পিন্ধি হিতেন শোৱনি কোঠাটোলৈ সোমাই আহিল৷ অলপ আগতে কবিতাৰ কোলাত শুই টোপনি যোৱা হিয়াক হিতেনে ডাঙি নি ওচৰৰ কোঠাটোত শুৱাই থৈ আহিছিল৷ কোঠাটোত সোমাই হিতেনে পাঞ্জাৱীটো খুলি আলনাডালত ওলোমাই থ’লে৷ তাৰ পিছত লাহে লাহে বিছনাৰ পিনে আগুৱালে৷ হিতেনৰ প্ৰতিটো খোঁজৰ লগে লগে কবিতাৰ উশাহবোৰ চুটি হ’বলৈ ধৰিলে৷ বুকুখনে যেন ধপধপোৱা নাই, কোনোবাই যেন বিহুত ঢেঁকীৰে চিৰাহে খুন্দিছে৷ আঁঠুৱাখন সামান্য ডাঙি হিতেন বিছনাত উঠিল৷ আলফুলে কবিতাৰ জেতুকা সনা হাতখনত ধৰি আঙুলীবোৰ চুবলৈ ধৰিলে৷ এৰা! এইটো স্পৰ্শৰ বাবেই কবিতা আকুল হৈ ৰৈ আছিল৷ বাগিচাত ফুলি উঠা হাজাৰ গোলাপৰ স্পৰ্শ! লাহেকৈ হিতেনে কবিতাৰ ওৰণিখন গুচাই পৃথিৱীৰ সমস্ত মৰমবোৰ চকুত সানি অপলক দৃষ্টিৰে তাইলৈ চালে৷ লাজত ৰঙা পৰা মুখখন ওপৰলৈ ডাঙি কবিতায়ো হিতেনলৈ চালে৷ হিতেনে কবিতাৰ কান্ধত দুয়োখন হাতেৰে আলফুলে ধৰি ল’লে৷ তাৰপিছত লাহে লাহে কবিতাৰ ওঁঠৰ পিনে মুখখন আগুৱাই নিলে৷ কবিতাই চকু দুটা মুদি দিলে৷ এইমাত্ৰ জকমকাই ফুলি উঠিব হাজাৰ গোলাপৰ বাগিচা!

হঠাৎ ওচৰৰ কোঠাটোত হিয়াই কান্দি উঠিল৷ কবিতাই আৰু ৰ’ব নোৱাৰিলে৷ একে আঁজোৰে কান্ধৰ পৰা হিতেনৰ হাতদুখন আঁতৰাই আঁঠুৱাখন ডাঙি বিছনাৰ পৰা জপিয়াই নামিল৷ বাগিচাখনত ফুলিব খোজা হেঁপাহৰ গোলাপৰ কলিবোৰ গচকি ধমহকৈ দুৱাৰখন খুলি ওচৰৰ কোঠাটোলৈ কবিতাই দৌৰ দিলে৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক