ম’মো আৰু নেপালী (দেবজিত হাজৰিকা)

দেবজিত হাজৰিকা


নেপালী আৰু ম’মোজৰ মাজত এটা ওতঃ প্ৰোতঃ সম্বন্ধ আছে। ম’মো বিক্ৰি কৰোতাজনৰ যদি মুখখন অলপ মঙ্গোলীয়লেখীয় নহয়, দুই এদাল দাড়ি লিঙলিঙীয়াকৈ থুতৰিৰ তলত নাথাকে, দুই এটা শব্দ অকঁমান দীঘলীয়াকৈ টানি সুৰ লগাই নক’লে কিবা ম’মোটোৰ সোৱাদ নথাকিব যেন লাগে। নেপালীলোকে যে ম’মো ভাল বনাই তাক দুনাই ক’ব নেলাগে চাগে। গতিকে ম’মো অৰু নেপালী টকাটোৰ ইপিঠি সিপিঠি।
আমাৰ দীঘল গলিটোৰ মুখতে সদায় এটা ম’মো বেপাৰী সন্ধিয়া সন্ধিয়া বহেহি। বিশেষ তেওঁৰ একো নাই, তেওঁ কোনো ডাঙৰ ষ্টল নলগায়। সৰু এখন টেবুল ষ্ট’ভটো থব পৰাকে, এটা চাত্‌নিৰ টেমা আৰু দুই তিনিটা ডেক্সি। লগতে আৰু এটা ডাষ্টবিন। সন্ধিয়া কৰ্মক্ষেত্ৰ পৰা ঘৰলৈ বুলি ওভতোতে, প্ৰায় সকলো মানুহেই থোনাত উলমাই লৈ যাই ম’মোজ। ঠাণ্ডা দিনৰ কথাতো ক’বৈ নালগে ঠাহ খাই থাকে মানুহবোৰ; হেতাওপৰা ম’মোৰ বাবে। ঠাণ্ডাৰ দিনত সন্ধ্যা সোনকালে হয় কিন্তু কামৰ সময় সীমা একে থাকে চাকৰিয়াল সকলৰ। গতিকে ঘৰ সোমাওতে আন্ধাৰ হয়। সন্ধ্যা ম’মোৰ টোপোলা হাতত লৈ, অফিচৰ কামত চিন্তা বিভোৰ হৈ ঘৰলৈ ওভতোতে তাৰ সুযোগ লয় এচাম চতুৰ কুকুৰে। দেখি থকা অৱস্থা লৈকে ঠিকে- সিহঁতে যেন ’আই ড’ন্ট কেয়াৰ’ টাইপৰ এটা এটিটিউড দিয়ে। পাৰ হৈ যোৱাৰ লগে লগে নীলা শিয়াল হৈ পৰে অৰু পিছ লয় ব্যক্তিজনক উদ্দেশ্যি। থাপ মাৰি লৈ যায় হাতৰ টোপোলা হঠাত্‍। তত্‌ ধৰিবয়ে নোৱাৰি কি হ’ল বুলি। পিছত হে অনুভৱ হয়, ম’মো কুকুৰৰ মুখত। এক আতংকৰ পৰিৱেশ- সন্ধ্যা হ’লেই সিহঁতৰ চকুত যেন এটা বিশেষ চমক। আপুনি যদি কেতিয়াবা গছৰ গুৰিত বা ৰখাই থোৱা গাড়ীৰ চাৰিওকাষে কাৰোবাক দৌৰি থকা দেখে আচৰিত নহব, কাৰণ তেখেতৰ আগে আগে ম’মো বা মাংসৰ টোপোলা মুখত লৈ কুকুৰ!
অৱশ্যে কুকুৰকো ঠিক দুষিব নোৱাৰি৷ কাৰণ ইয়াৰ সকলোবোৰ স্থায়ী বাসিন্দায়েই নিৰামিষভোজী। ঘৰৰ মালিকৰ পৰা যে কিবা সিহঁতৰ লোভনীয় বস্তু পাব তাৰ আশা ক্ষীণ। বিয়ায়ে সবাহেওঁ আশা নাই। তৃণভোজী হৈ পৰিছে, অনিচ্ছা সত্তেও সিহঁত৷ সেই বিক্ষোভটো সিহঁতৰ মাজত বিৰাজমান। কিন্তু অভাৱে স্বভাব নষ্ট কৰে বুলি কথা এষাৰ আছে নহয় – তাৰে জীৱন্ত উদাহৰণ সিহঁত। সেয়ে জপিয়াই পৰে ভাড়াতীয়া আমিষভোজীৰ ওপৰত; টাৰ্গেট কৰি লয় সিহঁতে। কাণত মোবাইল নামৰ যন্ত্ৰটো লগাই গ’লে কোনে পাই আৰু, সাহ আছে কাৰোবাৰ সিহঁতক বাধা দিব। দিনৰ দিনতো মাটিয়ে বালিয়ে মুৰ পেলাই টোপনি আহোঁ নাহোঁ ভাবে শুই থাকে আৰু চাই থাকে বাটৰে গৈ থকা মানুহবোৰ। ভূকা-ভূকি কৰাৰ মুঠেয়ো অভিপ্ৰায় নাই। সন্ধিয়া হ’লেই সিহঁতৰ মুড চেন্‌জ হয়, গা সাতখন আঠখন হৈ পৰে। দৌৰা ধপৰা কৰে গলিটোৰ ইমুৰৰ পৰা সিমুৰলৈ দুই- চাৰিপাক।

আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ দোকানখনত ভীৰ নাই। মানুহবোৰে ম’মো খাবলৈ এৰিলে নেকি? ভাব হ’ল মনৰ মাজতে।  না, তেনে হ’ব নোৱাৰে- অস্বীকাৰ কৰিলোঁ মনে মনে। ঠাণ্ডাও পৰিছে দেখোঁন। কি হ’ল তেন্তে? কাৰণটো ঠিক বুজিব পৰা নাই। ভাবিলোঁ কথাটোনো কি উমান লোৱা যাওঁকচোন। আন দিনা ঘৰত নমাই থৈ অহা অফিচৰ কেব্‌খনক আজি গলিটোৰ গেটখনৰ ওচৰতে নমাই দিবলে ক’লো। কেব্‌খনৰ পৰা নামিয়ে দৃষ্টি দিলো দোকানখনলৈ; নাই- গ্ৰাহক নাইয়ে। দোকানীৰ মুখলৈ চালোঁ অচিনাকী লাগিল- দূৰৰ পৰাই। ভোবোকা দাড়িৰ সৈতে ক্ষীণ-মীন চেহেৰাৰে এটা ওখ ল’ৰা। চেহেৰাটো ভালদৰে দেখিলেই ক’ব পাৰি যে তেওঁ ৰাজস্থানী হ’ব। স্বাভাৱিকতে এটা প্ৰশ্ন হয় – ৰাজস্থানীয়ে জানো ম’মো বেচে? ক’তো দেখা নাই। ভাবিলোঁ মালিকে ল’ৰা নাপাই এওঁকে লগালে চাগে। প্ৰশ্নবোধক মনোভাব এটাৰে তেওঁৰ ওচৰ পালোগে।
-“এক প্লেট ম’মো দেনা৷”- মই তেওঁক ক’লো।
-“ছাৰ, পেক্‌ কৰ্‌না হ্যে য়া খানা হ্যে৷”- তেওঁ মোক প্ৰশ্ন কৰিলে।
হয় ঠিকে ধাৰিছো, তেওঁ ভাষাটোত হাৰিয়ানা অৰু ৰাজস্থানৰ টাত্‌চ আছে।
– “পেক্‌ কৰ্‌কে দে’ না, ভাইচাব৷”- মই উত্তৰ দিলোঁ।
ইতিমধ্যে ম’মো খাই শেষ কৰি এজনে প্লেটখন ডাষ্টবিনত নেপেলাই দোকানৰ সন্মুখত পেলোৱাত তেওঁ -“বাউৰী পুচ্ছ, উধৰ্‌ ফেক্‌ না পায়্যা, অন্ধা হ্যে ক্যা?’” বুলি ভোৰ ভোৰাই উঠিল। এইটো ষ্টাইলত হাৰিয়ানাৰ মানুহেই কথা কয়। মই কৰা অধ্যয়ণতো শুদ্ধ প্ৰমাণিত হৈছে বুলি মনে মনে এটা সন্তুস্তিৰ ভাব আহিল। কিন্তু নিশ্চিত কৰিব পৰা নাই, মাথো এয়া মোৰ মনৰ ভাবহে। তেওঁৰ মুখেৰেই জনাটো উচিত হ’ব।
ম’মো পেকেটত ভৰাই থকা অৱস্থাতে মনৰ খুদুৱনি মাৰিবলৈকে দুই এটা কথা পতা যাওক বুলি ভাবি আৰম্ভ কৰিলোঁ-
– “য়্যে ম’মো কাহা ছে লাত্যে হ’” – আগতে অহা নেপালী ল’ৰাতোয়ে গুৰগাঁও, ডিলএফ ফেজ ফ’ৰৰ প’ৰা আনিছিল। জানি-বুজি সোধাৰ দৰে সুধিলোঁ।
– “কহি চে লাতা নহি হু, ম্যে খুদ্‌ বনাকে লাতা হু”- কথাষাৰ বৰ গৰ্বৰে ক’লে তেওঁ। স্ৱাভিমানৰ সুৰ এটা লাগি আছে।
– ” আত্‌চা, বড়হিয়া বাত হ্যে। ৰাজস্থান চে হ’ তুম?” -মই তেওঁৰ কথা সলাগি প্ৰশ্ন কৰিলোঁ।
– “নেহি”- একে কোবতে যেন মোৰ কথা নুই কৰি উঠিল তেওঁ। “নেপালী হু ম্যে…ঔৰ ম্যে নেপাল চে হি হু। ”
মই যেন মানিবলৈ অস্বীকাৰ কৰিলোঁ। লাজো পালোঁ মনে মনে- মোৰ অনুমান ইতিমধ্যে ভুল হ’ল বুলি। তেওঁ হয়তো ভিতৰি ভিতৰি বেয়া পাব পাৰে কাৰণ মানুহে যদি আপোনাক ডাইৰেক্ট কোনোবা এটা জাতিৰ বুলি কয় আৰু আপোনি সেই জাতিৰ নহয় তেতিয়া আপোনাৰ খং উঠে – মোৰ সন্দেহ হ’ল।
– ” ল্যেকিন্‌ তুম লগ্‌তে নেহি হ’। নেপালী চেহ্‌ৰা তুম্‌ মে নহি হ্যে বিল্‌কুল্‌ অউৰ বাত ভি নহি ক্‌ৰতে হ’ ৱেছে।”- মই তেওঁক কৰা প্ৰশ্নৰ আঁৰত থকা ৰহস্যটো বুজোৱাৰ বাবে চেষ্টা কৰিলোঁ কিজানিবা তেওঁ মোক দোষী দোষী চকুৰে চোৱা বন্ধ কৰেই।
– ” চভি ল’গ কেহ্‌তে হ্যে এচেহি। মুঝে বহুত চাল হ’ গয়া হে য়্যহা। বচ্‌পন্‌ ম্যে হি আয়া থা মে য়্যাহা। ” প্ৰায় পচিশৰ উৰ্ধত বয়সে চোৱা ল’ৰাজনে হাঁহি মুখে উত্তৰটো দি তেওঁ মোক ম’মোৰে ভৰা পলিথিনৰ থোনাটো আগবঢ়াই দিলে।
দোষী দোষী ভাব লাগি থকা মনটো কিছু পাতলি গ’ল তেওঁৰ হাঁহিটো দেখি। মই আৰু  একো নুসোধিলোঁ। নিজা ঘৰৰ অভিমুখে বাট ললোঁ- ভাবি গলোঁ………………তেওঁতো মোক মিছা ক’ব পাৰিলে হয়। লোকেল বুলিও পৰিচয় দিব পাৰিলে হয়। আজি কালিৰ যুগত এখন ৰাজ্যৰ মানুহ আন খন ৰাজ্যত থকায়ে এক সাংঘাতিক বিদ্ৰোহীমূলক কাৰ্য্যত পৰিণত হৈছে অথচ তেওঁ মোক নিৰ্ভীক ভাবে কৈ গ’ল ক’ৰ পৰা আহিছে তেওঁ। নেপালীজাতিটো যে এক শান্তি-প্ৰিয় আৰু সহজ-সৰল, তাৰে উমান দি গ’ল আকৌ এবাৰ তেওঁ।
– ইয়াকে কয় স্বদেশ প্ৰেম…..
– ইয়াকে কয় জাতীয়তাবোধ, জাতি প্ৰেম…..
– ইয়াকে কয় স্বাভিমান…..!
‘ম’মো কেইটাৰ সোৱাদ থাকিবই কিন্তু’- মনে মনে কৈ উঠিলোঁ। গোটেই ৰাষ্টাত ইমানবোৰ কথা ভাবি আহিছিলোঁ যদিও মোৰ ম’মো লৈ অহা সোঁহাতখন কিন্তু অটোমেটিকেলি সন্মুখৰ ফালে আহি পেটৰ আগত টোপোলাটো ওলমাই ৰাখিছেহি। আজিকালি এইটো এটা স্বাভাৱিক অভ্যাসত পৰিণত হৈছে। আলু-পিয়াজ আনিলেও একে অৱস্থা। টোপোলা নিবলৈ সন্মুখৰ পৰা জপিয়ালে তহঁতে, ধৰিম নহয় টেটুতে!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক