ময়েই সেই নাৰী কবি: শুভ দাসগুপ্ত (অনুবাদ: ড° দীপালী বৰা)

ময়েই সেই নাৰী
যাক আপুনি নিতৌ দেখে বাছ, ট্ৰেইন অথবা ৰাস্তাত
দেখে যাৰ শাড়ী, কঁপালৰ ফোঁট, কাণৰ দুল আৰু ভৰিৰ গোৰোহা
আৰু
আৰু বহুত কিবা দেখাৰ সপোন দেখে ৷
সপোনত যাক আপুনি ইচ্ছামতে চাই
ময়েই সেই নাৰী৷

বিহাৰৰ প্ৰত্যন্ত গাঁৱত দিনৰ পোহৰত যাৰ ছাঁ গৰকাও
আপোনাৰ ধৰ্মত নিষিদ্ধ, আৰু নিশাৰ গভীৰত বস্তিৰ পৰা
যাক উঠাই আনিবলৈ পাইক, বৰকান্দাজ পঠায় আপুনি
সুসজ্জ্বিত বিছনাত যাৰ অপেক্ষাত অধীৰ হয়
আপোনাৰ ৰাজকীয় লাম্পট্য,
ময়েই সেই নাৰী৷

ময়েই সেই নাৰী,
অসমৰ চাহবাগিছাৰ বস্তিৰ বনুৱা জুপুৰীৰ পৰা যাক
মাজৰাতি আপুনি নিব খোজে চাহাবী বঙলালৈ
ফায়াৰ প্লেচৰ উজ্জ্বল পোহৰত মদিৰ দৃষ্টিৰে চাব খোজে
যাৰ অনাবৃত শৰীৰ, ময়েই সেই নাৰী৷

ৰাজস্থানৰ শুষ্ক চোতালৰ পৰা যাক আপুনি পঠিয়াই
পিয়াঁহৰ পানী আনিবলৈ দহমাইল দূৰৈৰ চৰকাৰী কুঁৱালৈ
আৰু কুৰি মাইল বাটকুৰি বাই ক্লান্ত বিধ্বস্ত যি ৰমণী
কান্ধত কলহ লৈ ঘৰলৈ ঘূৰিলেই বহুৱাই দিয়ে
চৌকাৰ জুইৰ সন্মুখত আপোনাৰ খাদ্য ৰান্ধিবলৈ
ময়েই সেই নাৰী৷

ময়েই সেই নাৰী,
যাৰ সতে আপুনি মগ্ন হ’ব খোজে গঙ্গাৰ তীৰত
ভিক্টোৰিয়াৰ সেউজত অথবা চিনেমা হলৰ নীল অন্ধকাৰত
যাৰ দুচকুত আপুনি আঁকি দিব খোজে মিথ্যা স্বপ্নৰ কাজল
আৰু শেষ হোৱা চিগাৰেটৰ পেকেটৰ দৰে
যাক আপুনি দলিয়াই পেলায় বাটৰ দাঁতিত,
আপোনাৰ পুষ্পসজ্জ্বিত গাড়ী
শুভবিবাহ সুসম্পন্ন কৰিবলৈ গুচি গলে চহৰৰ দিশে
কাণিমুনি পোহৰৰ গধুলিত অকলে ৰৈ থকা
ময়েই সেই নাৰী৷

ময়েই সেই নাৰী,
দেৱতায়ো যাক ক্ষমা নকৰে৷
অহংকাৰ আৰু শক্তিৰ দম্ভত যাৰ গৰ্ভত থৈ যায় কুমাৰীৰ অপমান
আৰু চকুপানীৰে কুন্তী হৈ নদীৰ পানীত
বিসৰ্জন দিব লাগে কৰ্ণক, আত্মজক৷
ময়েই সেই নাৰী৷

সংসাৰত ময়েই অসময়ৰ ভাৰসা
মোৰ ছাত্ৰপঢ়োৱাে টকাৰে আইৰ ঔষধ কিনা হয়
মোৰ উপৰঞ্চি উপাৰ্জনেৰে ভাইটোৰ কিতাপ কিনা হয়
মোৰ সমস্ত শৰীৰ তিতি থাকে প্ৰৱল বৃষ্টিত
ক’লা আকাশ মূৰত লৈ মই ছাতি হৈ ৰওঁ
ছাতিৰ তলত বৰ্তে সুখৰ সংসাৰ

আপুনি, আপোনাসৱে মোৰ বাবে বহুত কৰিছে
সাহিত্যত, কাব্যত, শাস্ত্ৰ লোকাচাৰত মোক
আই বুলি পূজিছে
প্ৰকৃতি বুলি বৰাই কৰিছে আৰু
চহৰৰ, গাৱঁৰ অন্ধগলিত
ওঁঠত ৰং সানি হাতত টিপচাকি দি ঠিয় কৰাই দিছে
হয়, ময়েই সেই নাৰী৷

এদিন হয়তো,
হয়তো এদিন, হয়তোবা আন কোনোবাদিনা
মোৰ সকলো মিছা সাজ দলিয়াই
ময়েই হৈ উঠিম সেই অসামান্যা৷
খোলা চুলিয়ে মেঘৰ দৰে চুমিব মোৰ উকা পিঠি
দুচকুত জ্বলিব তীব্ৰ অগনি
কপালৰ পৰা নিগৰিব ভয়ংকৰ তেজৰশ্মি
হাতত জিলিকি উঠিব সেই খড়্গ,
ভৰিৰ নুপূৰত বাজিব ৰণদুন্দুভি৷
নৃশংস অট্টহাস্যত ভৰিব আকাশ
আতংকত স্তব্ধ হৈ দেৱতায়ো গাব
মহামেঘপ্ৰভাং ঘোৰাং মুক্তকেশাং চতুৰ্ভুজাং
কালিকাং দক্ষিণাং মুণ্ডমালা বিভূষিতাং৷
বীভৎস দাৱানলৰ দৰে
মই আগুৱাম৷

মই আগুওৱা বাটৰ দুকাষত
ছটফটাই থাকিব অসংখ্য মুণ্ডহীন মৃতদেহ
সভ্যতাৰ দেহ
প্ৰগতিৰ দেহ
উন্নতিৰ দেহ
সমাজৰ দেহ
হয়তো ময়েই সেই নাৰী, হয়তো, হয়তোবা৷

কবি পৰিচয়: শুভ দাসগুপ্ত একেধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ আৰু চিত্ৰশিল্পী৷ ’আঁধাৰ বড়োবেশি’, ’আমিই সেই মেয়ে’, ’শুধো তোমাৰ জন্যে’ আদি তেওঁৰ কবিতাপুথি৷ কবিতা উপৰিও তেওঁৰ নাট্য সংকলন, স্মৃতিকথা আদিও প্ৰকাশ পাইছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক