মল! (আদিত্য ৰঞ্জন দত্ত)

মল!


স্থান: নৰক; নৰকেশ্বৰৰ ৰাজসভা:

দুপৰীয়া বেলি মূৰৰ ওপৰৰ পৰা অকণমান তললৈ নামিছে আৰু। নৰকপতি যমৰজাৰ সিংহাসন তেতিয়াও খালী হৈয়েই আছে৷ দুপৰৰ ভোজন গ্ৰহন কৰিবলৈ গৈ নৰকেশ্বৰ সভাঘৰ আহি পোৱাই নাই। সিংহাসনৰ কাষত পীৰাত বহি চিত্ৰগুপ্তই শগুনৰ পাখি কলমেৰে চেগুণ পাতত কিবা লিখি আছে৷ হয়তো মৰ্ত্যৰ নৰমনিচৰ পাপৰ তালিকা তৈয়াৰ কৰি আছে৷ তেওঁৰ কাষত দ’ম দ’মকৈ পৰি আছে চেগুণ পাতত লিখা তালিকাৰ টোপোলাবোৰ।
চিত্ৰগুপ্তৰ এইকেইদিন খাৱন-শোৱন নাইকিয়া হৈছে৷ দুই এদিনতে সেই তালিকাবোৰৰ পুণৰীক্ষণ হ’ব। তাৰ আগেয়েই ক’ৰবাত থাকি যোৱা ভুল-ত্ৰুটিবোৰ শুদ্ধ কৰিব লাগিব৷ নহ’লে নৰকেশ্বৰে তেওঁৰ অৱস্থা তথৈবচ কৰি পেলাব৷ তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি এইকেইদিন ভাৰত নামৰ দেশখনৰ টোপোলাটো খুলি লৈছে৷ সেইখন দেশৰ নাম ওলালেই নৰকেশ্বৰৰ তালুৱেদি ধোঁৱা ওলায়৷ সেইখন দেশক লৈ স্বৰ্গলোকো বৰ বিপাঙত পৰি আছে৷ যোৱা কেইবাবছৰ ধৰি ভাৰতৰ পৰা এজনো নৰমনিচ স্বৰ্গলৈ যাব পৰা নাই৷ গতিকে দেৱৰাজ ইন্দ্ৰই ভাৰতক অহা এশ বছৰলৈ নৰকপতিক লিজত দিয়াৰ কথা ভাবি আছে৷ তাকে শুনি নৰকেশ্বৰৰ মূৰ গৰম৷ কেনেকৈ ক’ত ইমানগাল নৰমনিচক নৰকত ৰাখিব! তেওঁলোকৰ পাপৰ পৰিমান ইমানেই বেছি যে তেওঁলোকক শাস্তি দিবলৈকো নৰকত ইমানবোৰ হাতুৰি-বটালি নাই।
চিত্ৰগুপ্তই এইবোৰ চিন্তা কৰি থাকোতেই নৰকেশ্বৰ সিংহদ্বাৰেদি আহি সিংহাসনত বহিলেহি৷ এপেটকৈ দুপৰীয়াৰ সাজ খাই আহি সিংহাসনত বহি বহিয়েই যেন টোপনিয়াব! পিছে অজস্ৰ কাম বাকী আছেগৈ৷ পুণৰীক্ষনো পালেহিয়েই৷ এই চিত্ৰটো অলপো কামৰ মানুহ নহয়, তেওঁ চকু নিদিলে সৰুকৈ এটা হ’লেও ভুল থাকি যাবই যাব, নৰকেশ্বৰে ভাবিলে মনতে৷
নৰকেশ্বৰে লাহেকৈ চিত্ৰগুপ্তৰ ফালে চাই ক’লে, “বুজিছা চিত্ৰ, এই পুণৰীক্ষণ ব্যস্থাটোৱেই নোহোৱা কৰিব পাৰিলে ভাল আছিল৷ দূপৰীয়া ভাত-ঘুমটিকণ মাৰিবলৈকো শান্তি নাই৷”
মেহেংঙা-মেহেঙকৈ হাঁহি চিত্ৰই ক’বলৈ ধৰিলে,” হয় মহোদয়। পিছে আজিকালি পৃথিৱীত যেনেধৰণে পাপীৰ সংখ্যা বাঢ়ি গৈছে, পূণৰীক্ষণ নকৰিলেও নহয়! কেনেবাকৈ পূণ্যবাণ কোনোবা এজন পাপীৰ তালিকাত সোমাই গ’লে ইন্দ্ৰদেৱে কমখন নগুৰ-নাকটি নকৰিবনে আপোনাক!”
ইন্দ্ৰৰ কথা শুনি টিঙিচকৈ খংটো উঠিছিলেই নৰকেশ্বৰৰ। তথাপি লাহেকৈ ক’লে, “এৰা অ, সেইপাটৰ পৰা উপায় নাইকিয়া হৈছেগৈ। নিজে দিনে-ৰাতিয়ে অপেশ্বৰীকেইজনীৰ লগত মত্ত হৈ থাকিব, আৰু এইফালে আমি আঠুৱা তলৰ ম’হ মাৰি থাকোতেই দিনবোৰ যাব!…..বাৰু বাদ দিয়া সেইবোৰ। আজি কোনখন দেশৰ তালিকা মেলি লৈছা?”
চিত্ৰগুপ্তই নৰকেশ্বৰৰ হাতত চেগুণ পাতৰ জাঁপ এটা উঠাই দি ক’লে,”মহোদয়, আজি এখন বৰ জঘন্য প্ৰদেশৰ নৰমনিচৰ তালিকা মেলিবলগীয়া হৈছে।“
তালিকাখন অকণমান চায়েই নৰকেশ্বৰ উচপ কাই উঠি চত্ৰলৈ পেন্দোৱাকৈ চাই ক’লে,” এইখন ক’ৰ প্ৰদেশ অ’! একেবাৰে পাপে মূৰৰ পৰা ভৰিলৈকে গ্ৰাস কৰিলে দেখোন! শংকৰ-আজানে স্বৰ্গৰ লগত এইখন প্ৰদেশকে তুলনা কৰা নাছিল জানো!”
চিত্ৰই লাহেকৈ ক’লে, “মহোদয় শংকৰ-আজান নহয়৷ তেওঁলোক পূণ্যৰ বাণ বিলোৱা, সমগ্ৰ মানৱৰ শুভচিন্তা কৰা ঈশ্বৰৰ ৰূপ হে আছিল৷ স্বৰ্গৰ লগত সেইখন প্ৰদেশক তুলনা কৰিছিল, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, লক্ষ্মীনাথ আদিয়েহে। ভূপেন হাজৰিকা বোলা এজনো আছিল৷ তেওঁ মানুহৰ বাবেই গান গাইছিল৷”
কিবা এটা মনত পৰাৰ দৰে নৰকেশ্বৰে কৈ উঠিল,” অ’ ভূপেন হাজৰিকাৰ কথা শুনিছো৷ তেওঁ এতিয়া ইন্দ্ৰৰ ৰাজসভাৰ মুখ্য সংগীতকাৰ৷ বিষ্ণু, জ্যোতি আৰু লক্ষ্মীনাথে গীতবোৰ লিখে, তেওঁ গায়৷ বৰ সুন্দৰ কন্ঠ তেওঁৰ৷ এনে এখন প্ৰদেশৰ মানুহবোৰ বাৰু কেনেকৈ পাপত লিপ্ত হৈ পৰিব পাৰে! চিহ্ চিহ্! এই প্ৰদেশখনৰ মানুহবোৰ চাগৈ গোটেই নৰপ্ৰজাতিৰ ওপৰতেই এটা কলংক হৈ পৰিবগৈ অতি সোনকালে৷ ….চিত্ৰ, সোনকালে কিবা এটা কৰিবৰ হ’ল৷ তাৰ প্ৰধান পাপীবোৰক সোনকালে নৰকৰ বাট দেখাই দিয়াৰ বিধান উলিওৱা৷”
চিত্ৰই খৰখেদাকৈ নৰকেশ্বৰক কয়, “মহোদয় ময়ো তাকেই ভাবিছো৷ কাইলৈ পুৱাবেলাতেই মই কেইবাশতাধিক যমদূতক অসম প্ৰদেশলৈ যাবলৈ ক’ম৷”
নৰকেশ্বৰে মূৰ দুপিবাই ক’লে, “ঠিক আছে। পিছে তেওঁলোকক কেইবাটাও ভাগত ভগাই দিবা৷ চাবা যাতে অসম প্ৰদেশৰ পাপী শাসনকৰ্তাকেইটাৰ পৰা আৰম্ভ কৰি সাধাৰণ চৰাই এটা মৰা পাপীটোলৈকে কোনো বাচি নাথাকে৷”

স্থান অসম, ২০১৫চনৰ কোনোবা এটা দিন:

ৰীতা আৰু নিলমৰ বিয়া হোৱা সাত বছৰেই হ’ল৷ বেচ সুখেৰেই চলি আছে তেওঁলোকৰ সংসাৰ। আৰ্থিকভাবেও যথেষ্ট স্বচ্ছল নিলম। অন্ততঃ ৰীতাই আজিলৈকে একো অভাবেই অনুভৱ কৰি পোৱা নাই৷ নিলমে অসম সচিবালয়ত কাম কৰে৷
নিতৌ ল’ৰা-ছোৱালী দুটাক স্কুল বাচত উঠাই নিলম সচিবালয় পাইগৈ৷ আজিও একেদৰেই দৌৰা-দোৰিকৈ ৰীতাই ল’ৰা-ছোৱালীকেইটাক আজৰি কৰি দি দেউতাকৰ লগত উলিয়াই পঠিয়ালে৷ তাৰপাছত গা-পা ধুই অকণমান আজৰি হৈ অসমীয়া ধাৰাবাহিক এখন চাবলৈ টিভিটো অন কৰি নতুন অসমীয়া নিউজ চেনেলটোৰ নম্বৰটো ৰিমোটত টিপিলে। ধাৰাবাহিকখন বৰ আকৰ্ষণীয় হৈ উঠিছে৷ আজি বা কি হয়গৈ! পিছে টিভিত তেতিয়াও বাতৰি হে দি আছিল৷ ক’ৰবাত বিল্ডিং ভাগি পৰিল হেনো৷ পিছে ভালকৈ চাই ৰীতাই যি দেখিলে ৰীতাৰ মূৰে তাক সহ্য কৰিব নোৱাৰিলে৷ অচেতন হৈ বাগৰি পৰিল ৰীতা৷ টিভিত তেতিবা ঘোষিকা জনীয়ে চিঞৰি আছিল- অজ্ঞাত কাৰণত ভাগি পৰিল অসম সচিবালয়। ভিতৰত থকা প্ৰায় পোন্ধৰশ লোকৰ থিতাতে মৃত্যু হোৱাৰ সম্ভাৱনা৷………….

প্ৰায় এমাহৰ পাছত। স্থান নৰক। সিংহাসনত নৰকেশ্বৰ আৰু পীৰাত চত্ৰগুপ্তকে ধৰি অন্যান্য বিষয়াসকল৷:

চিত্ৰ: “মহোদয়, প্ৰায় এমাহযোৰা পাপীমোচন অভিযানৰ অন্তত অসম প্ৰদেশত এতিয়া ধানে থোক মেলিছে, শাওনমহীয়া পথাৰত থন থনকৈ বাঢ়িছে কঠিয়া৷”
নৰকেশ্বৰ: “ভাল খবৰ শুনালা চিত্ৰ৷ পিচে এতিয়া সেই পাপীবোৰক কেনেকৈ ৰাখিছা! খাদ্য বস্তুৰ নাটনি হোৱা নাইনে!”
চিত্ৰ: “নাই মহোদয়। খাদ্য বস্তুৰ নাটনি হ’বলৈ তেওঁলোকে তেনেকৈ খোৱা-বোৱা কৰাই নাই৷ কিবা বোলা অন্নসন কৰিছে হেনো! তেওঁলোকৰ দাবী কিছুমান আছে, সেইবোৰ মানি ল’ব লাগে হেনো!”
নৰকেশ্বৰ: “কি কোৱাহে! নৰকত যে খাবলৈ দিছো সেইবাই বহুত৷ কি দাবী সেইবোৰ!”
চিত্ৰ:”মহোদয় তেওঁলোকৰ দাবীটো বৰ সাংঘাতিক! তেওঁলোক হেনো অন্য প্ৰদেশৰ পাপীৰ লগত একেলগে নাথাকে!”
নৰকেশ্বৰ:”মানে?”
চিত্ৰ:”তেওঁলোকক পৃথককৈ থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিব লাগে হেনো! মিলেৰে থাকিব নোৱাৰা অসম প্ৰদেশৰ জাতি সেইটো৷ তেওঁলোকে হেনো পৃথককৈ থাকিবলৈ দিবলগীয়া ঠাইডোখৰৰ নতুন নাম এটাও দিব!”
নৰকেশ্বৰ:”কি! কি কোৱাহে”? কি নাম?”
চিত্ৰ: মৃত অসমীয়াৰ লেণ্ড, চমূকৈ মঅল!
নৰকেশ্বৰ:মল!!!!

(সৰুতেই দে’দবদিজ লেণ্ড নামেৰে একাংকিকা নাটক এখন পঢ়িছিলো৷ তাৰেই আলমত কিবা এটা লিখিবলৈ চেষ্টা কৰিছিলো৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments