মহাকাব্যৰ ভাৰতীয় নাৰী (মৌচুমী বৰি)

মহাকাব্যৰ ভাৰতীয় নাৰী

মৌচুমী বৰি


কুন্তী


মহাভাৰতত কুন্তী চৰিত্ৰটোক এগৰাকী ধর্মশীলা আৰু ভক্তিপৰায়ণা নাৰী হিচাপে দেখিবলৈ পোৱা যায় ! জীয়ৰী কালত কৰা এটি ভুলৰ বাবে ওৰেটো জীৱন দংশিত হৈ ৰোৱা কুন্তীৰ জীৱন আছিল বিভিন্ন ঘাট-প্ৰতিঘাট তথা কৰুণ ৰসেৰে ভৰা ; তথাপিও মহাভাৰতৰ কুন্তীয়েই হয়তো আছিল আটাইতকৈ সৌভাগ্যৱতী নাৰী যি গৰাকী নাৰী আছিল সত্যবাদী, পৃথিৱীপতি ধর্ম যুধিষ্ঠিৰ, মহাবীৰ, মহাতেজস্বী, বাহুবলী ভীম, সৰ্বশ্ৰেষ্ঠ ধনুর্ধৰ অর্জুন আৰু পৰম ৰূপবান, গুণবান, খ্যাতিমান নকুল-সহদেৱৰ আদর্শ মাতৃ হোৱাৰ সৌভাগ্য হৈছিল। ধৈর্য, একাগ্ৰতা, সাহস, ক্ষমা আদি গুণেৰে বিভূষিতা আছিল এইগৰাকী মহাভাৰতৰ ভাৰতীয় নাৰী।

যদুবংশৰ সুৰসেন ৰজা (বসুদেৱৰ পিতৃ) ৰ পৃথা নামৰ এটি কন্যা আছিল; সুৰসেন আছিল কুন্তিভোজ ৰজাৰ সখা; সেইসূত্ৰে কুন্তিভোজে সখা সুৰসেনৰ পৃথা নামৰ কন্যাটি নিজৰ কন্যা ৰূপে সুন্দৰকৈ শিক্ষা-দীক্ষা দি তুলি-তালি ডাঙৰ-দীঘল কৰে; কুন্তীভোজৰ ঘৰত পৃথা ডাঙৰ হোৱা বাবে তাইৰ আন এটা নাম হয় কুন্তী আৰু এই নামেৰেই পিছলৈ জনাজাত হয়। এবাৰ কুন্তীয়ে দুবার্সা মুনিক চাৰিমাহ ধৰি নিষ্ঠাসহকাৰে শুশ্ৰুষা কৰাৰ বাবে মুনিয়ে সন্তোষ হৈ পঞ্চপুত্ৰৰ মাতৃ হোৱাৰ গৌৰৱেৰে গৌৰাৱান্বিত হ’বলৈ বৰ দিয়ে আৰু লগতে দেৱ গোপ্য এটি মন্ত্ৰও কুন্তীক শিকাই দি সেই মন্ত্ৰৰ প্ৰভাৱত যিজন দেৱতাকে স্মৰণ কৰে সেইজনকে যে পতিৰূপে পাব এই কথাও বেকত কৰে; কুন্তীয়ে মুনিয়ে দিয়া মন্ত্ৰটোৰ গুণাগুণ পৰীক্ষা কৰিবলৈ গ’ল আৰু তাৰফলত সূৰ্য্য দেৱতাৰ ঔৰসত কর্ণ জন্ম হয় কিন্তু লোক-লজ্জাৰ ভয়ত দেৱশিশু কর্ণক এটা মাটিৰ চৰুত ভৰাই নদীত উটুৱাই দিয়ে; যি কি নহওক এই কথা কোনেও নাজানিছিল আৰু ৰজা কুন্তিভোজে কুন্তীৰ বিয়াৰ বয়স হোৱাত স্বয়ম্বৰৰ আয়োজন কৰে; স্বয়ম্বৰসভাত কুন্তীয়ে প্ৰতাপী ৰজা পাণ্ডুৰ ডিঙিতে মালা পিন্ধাই তেওঁক বৰণ কৰিলে; মহাৰাজ পাণ্ডুই পিছত দ্বিতীয় পত্নী হিচাপে মাদ্ৰীক বিয়া কৰে।
এদিনাখন মহাৰাজ পাণ্ডুই মৃগয়া কৰিবলৈ গৈ হাবিৰ মাজত এহাল হৰিণা-হৰিণীলৈ এপাট কাঁড মাৰি পঠিয়ালে; তেওঁৰ হাতৰ কাঁড পাটে পুৰুষ হৰিণাটো শালি পেলালে; হৰিণাৰূপী কিমিন্দম মুনিয়ে পাণ্ডুক পত্নীৰ সতে মিলিত অৱস্থাত মৃত্যু হ’ব বুলি শাপ দিলে; শাপগ্ৰস্ত পাণ্ডুৰ তেতিয়ালৈকে কোনো সন্তান-সন্ততি নাছিল; দুখে-সন্তাপে পাণ্ডুৱে দুয়োগৰাকী পত্নী কুন্তী আৰু মাদ্ৰীক লৈ চতু:শৃংগ গিৰিৰ ওচৰত ঋষিৰ আশ্ৰমৰ কাষত এখন মনোৰম ঠাইত থাকিবলৈ ললে। কুন্তীয়ে স্বামীসেৱাই জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল; শোক-সন্তাপিত স্বামীক ঈশ্বৰৰ উপাসনা কৰিবলৈ উৎসাহিত কৰিছিল; এনেকৈয়ে কুন্তীয়ে স্বামী ভক্তিৰ নিদর্শন ডাঙি ধৰিছিল; তাৰপিছত স্বামীৰ অনুমতি সাপেক্ষে দুবার্সা মুনিৰ মন্ত্ৰৰ প্ৰভাৱেৰে কুন্তী তিনি পুত্ৰ (যুধিষ্ঠিৰ,ভীম,অজুর্ন)ৰ জননী হয়; কুন্তীয়ে মাদ্ৰীক শিকাই দিয়া একে মন্ত্ৰ ৰ প্ৰভাৱত মাদ্ৰী দুই যমজ সন্তান (নকুল, সহদেৱ)ৰ জননী হয়।এদিন মাদ্ৰী স্বামীৰ স’তে বৈকুণ্ঠগামী হোৱাত কুন্তীয়ে পঞ্চপাণ্ডৱৰ গধুৰ দায়িত্ব বহন কৰিবলগীয়া হয়।এনে এক দুখময় দিনটো কুন্তীয়ে ধৈৰ্য্য হেৰুৱা নাছিল আৰু বিচলিতও হোৱা নাছিল; এই সময়ত পৰম ধৈৰ্য্যশীলা নাৰীৰূপে কুন্তীয়ে নিজকে পৰিচয় দিছিল।
বিদুৰে ধৃতৰাষ্ট্ৰ ৰ আদেশত পুত্ৰসহ কুন্তীক বনৰ পৰা আনিবলৈ যোৱাত কুন্তীয়ে বিদুৰ আৰু আশ্ৰমৰ ঋষিসকলৰ পৰামর্শ লৈহে হস্তিনাপুৰলৈ যোৱাটো নিশ্চিত কৰিছিল; হস্তিনাপুৰলৈ গৈ দুযোর্ধনৰ অতপালিত পাণ্ডৱ সকল অতিষ্ঠ হৈ পৰিছিল; তেতিয়া কুন্তীয়ে নিজৰ পুত্ৰসকলক শিকাইছিল-“কাহানিও কাৰো লগত দন্দবাদ নকৰিবা; মনত ভগৱানক সদায় স্মৰণ কৰিবা; যিজনে বিনাদোষত কাৰোবাৰ অপকাৰ কৰে তেওঁ চিৰকাল নৰক ভুঞ্জিব লগা হয়”।
যুধিষ্ঠিৰৰ ৰাজ অভিষেক পাতিবলৈ ইচ্ছা কৰা ধৃতৰাষ্ট্ৰই পুত্ৰ দুয্যোর্ধনৰ কথাত মাতিব নোৱাৰি পঞ্চপাণ্ডৱক বাৰণাৱত নামে ঠাইত পুৰুচন আৰু দুযোর্ধনে নির্মান কৰা জতুগৃহ নামৰ ঘৰত নিৰলে থাকিবলৈ পৰামর্শ দিয়াত কুন্তীয়ে দ্বিধাহীন ভাৱে উত্তৰ দিছিল—“এই বিশাল অট্টালিকাত থাকি শান্তি পোৱা নাই; বিষ্ণুক আৰাধনা কৰিবলৈ এডোখৰ নির্জন ঠাইৰ বৰ প্ৰয়োজন; য’তে থাকিবলৈ দিয়ে ততে থকাৰ ইচ্ছা আমাৰ আছে”।জতুগৃহত থাকোতে জতু গৃহ দাহত পলাই গৈ পুত্ৰসহ কুন্তী যেতিয়া গংগাতীৰৰ হিড়িম্বা ৰাজ্য পাইছিলগৈ ঘটনাচক্ৰত ভীমে যুঁজত হিড়িম্বক বধ কৰাৰ পিছত হিড়িম্বৰ ভগ্নী হিড়িম্বাই ভীমক স্বামীৰূপে পাবলৈ কুন্তীক ভিক্ষা খোজাত ভীমে প্ৰহাৰ কৰিবলৈ যোৱা স্বত্বেও তাক প্ৰতিৰোধ কৰি কুন্তীয়ে পুত্ৰক বুজাই বঢ়াই বিবাহ পাশত আবদ্ধ কৰোৱাইছিল আৰু হিৰিম্বাক কুন্তীয়ে অভয় প্ৰদান কৰিছিল।একচক্ৰা নগৰত ব্ৰাহ্মণৰ ঘৰত আলহী হৈ থাকোঁতে বকাসুৰৰ খাদ্য হিচাপে ব্ৰাহ্মণ পুত্ৰৰ পৰিৱৰ্তে নিজৰ পুত্ৰ ভীমক আনন্দ মনে অসুৰৰ খাদ্যৰূপে পঠিয়াইছিল, এই কার্যত কুন্তীৰ ভীমৰ বাহুবলৰ ওপৰত পৰম আস্থা, ঈশ্বৰ বিশ্বাস তথা উদাৰতা প্ৰকাশ পাইছিল; কুন্তীৰ ঈশ্বৰৰ ওপৰত ইমানেই বিশ্বাস আছিল যে হৰিত শৰণ ললে কোনো অপশক্তিয়ে নাশ কৰিব নোৱাৰে আনহাতে অতিথি ৰূপে থাকি ঋণ পৰিশোধ কৰাটোও এক দায়িত্ব আৰু কর্তব্য বুলি কুন্তীয়ে ভাবিছিল; বকাসুৰ ৰূপী অপশক্তিক নাশ কৰিবলৈ ভীমৰূপী একনিষ্ঠ পুত্ৰক অস্ত্ৰ হিচাপে নিক্ষেপ কৰি ধর্মৰ জয় আৰু অধর্মৰ পৰাজয় প্ৰতিপন্ন কৰিছিল; এনেকৈয়ে কুন্তীৰ পৰামৰ্শতে একচক্ৰা নগৰ বকাসুৰৰ বিভীষিকাৰ পৰা ৰক্ষা পৰিছিল। (আগলৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments