মহাজীৱনৰ বন্তি (দামোদৰ মউজু) – উৎপল বাদল বৰুৱা

(যিকেইজন লেখক সাহিত্যিকে কোংকনী ভাষাক ভাৰতীয় সাহিত্যৰ লগত পৰিচয় কৰি দি এক সন্মানীয় আসন আৰু মৰ্য্যাদা দিবলৈ সক্ষম হৈছে সেইসকলৰ মাজত দামোদৰ মউজু অন্যতম৷ আজীৱন সাহিত্য সৃষ্টিতে ব্ৰতী হৈ তেখেতে এতিয়ালৈকে ৪খন ছুটীগপ্লৰ সংকলন, ৩খন উপন্যাস, কেইবাখনো আত্মজীৱনী আৰু অনেক লেখা- সমালোচনাৰে কোংকনী সাহিত্যক সমৃদ্ধ কৰিছে৷ কোংকনী ভাষা মণ্ডল বঁটা, গোৱা কলা অকাডেমী বঁটা, জনগংগা বঁটা, গোৱা ৰাজ্যিক বঁটা, বিশ্ব কোংকনী কেন্দ্ৰৰ বিমল পাই সাহিত্য পুৰস্কাৰ আদিৰ উপৰিও তেখেতে ১৯৮৩ চনত ‘কাৰ্মেলিন’ নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে৷ ২০১৫ চনত Teresa’s Man নামৰ গপ্ল পুঠিখনৰ বাবে তেখেতৰ নাম Frank O’Connor International Award বঁটাৰ বাবে মনোনিত হৈছিল৷ ২০১৪ চনত মেগৰ ন্যাসৰ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা অনুষ্ঠানত তেখেত মুখ্য অতিথি আছিল৷ – অনুবাদক)
বিশ্বাস কিমান গভীৰ হলে কাৰোবাক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ ফলপ্ৰসূ হব পাৰে সেই সত্যৰ পম খেদি খেদি মই কেতিয়াবা বিভ্ৰান্ত হৈ যাওঁ৷ ইয়াৰ দোমোজাত কেনেকৈ মোৰ নিজৰেই এদিন ভাৰসাম্য হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছিল সেই কথা মনত পৰিলে এতিয়াও মই বৰ অস্থিৰ অনুভৱ কৰোঁ, অথচ সেইয়া কিমান দিনৰ আগৰ কথা!
মই তেতিয়া মেজৰদা ‘বিচ্ছ’ৰ ওচৰত সবাতোকৈ সুন্দৰ গীৰ্জাটোত সহকাৰী পাদ্ৰী হিচাপে যোগদান কৰিছোহে মাথোঁন৷ বাৰিষা শেষ হৈ শৰৎ কাল আৰম্ভ হওঁ হওঁ৷ গীৰ্জাৰ ভিতৰৰ নীতি-নিয়ম আৰু নতুন পৰিৱেশটোৰ লগত পৰিচয় হৈ এনে লাগিছিল মোৰ যেন জন্ম এনে কামৰ বাবেই হৈছিল৷ নিতৌ ন ন মুখৰ লগত চিনাকি, তেওঁলোকৰ বিচিত্ৰ অসুবিধা আৰৰু সমস্যাৰ আলোচনা, বিভিন্ন বয়সৰ মুনিহ-তিৰোতা, ল’ৰা-ছোৱালীৰ লগত নিতৌ মিলামিছা, অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীক সজ উপদেশ দিয়া ইত্যাদিবোৰ কামৰ বাবে লগা প্ৰতিভা আৰু আগ্ৰহ মোৰ সৰুৰে পৰাই আছিল৷ এতিয়া পাদ্ৰী হিচাপে এইবোৰ কামেই মোৰ কৰ্তব্যৰ ভিতৰত পৰাত মই বৰ উৎসাহিত হৈছিলো৷ নতুন উদ্যম আৰু কৰ্মশক্তিৰে মই গীৰ্জাৰ কামত যোগদান কৰিছিলো৷
আহিনৰ এটি সুন্দৰ পুৱা৷ গীৰ্জাত সমবেত হোৱা ৰাইজৰ আগত মই এটা আমোদজনক ‘‘চাৰমন’’ শেষ কৰিছিলো৷ ভক্তি আৰু বিশ্বাসৰ ওপৰত আধাৰিত সেই কাহিনীটো সঁচাকৈয়ে বৰ মন পৰশা আছিল৷ দুখুনী মাক এজনীয়ে একমাত্ৰ সন্তানটোক এখন মেলাত হেৰুৱাই বলিয়াৰ দৰে বহুদিন অনাই বনাই বিচাৰি ফুৰিছিল আৰু ঈশ্বৰৰ নামত শপত লৈ অটল বিশ্বাস ৰখাত বহু বছৰৰ পিছত ল’ৰাটো কেনেকৈ আহি নিজে নিজে ঘৰ ওলাইছিলহি তাৰেই সুন্দৰ বৰ্ণনা আছিল কাহিনীটোত৷ মোৰ নাটকীয় উপস্থাপন আৰু কথনশৈলীয়ে গীৰ্জাত উপস্থিত থকা আটাইৰে মন মুহিছিল৷ সমবেত ৰাইজ ঘৰাঘৰি যোৱাৰ পিছত দেখিলো এজন বুঢ়ামানুহ তেতিয়াও আঠুকাঢ়ি ধ্যানমগ্ন হৈয়েই আছে৷ সম্ভৱ তেওঁ আকুল কণ্ঠে ভগৱানৰ পৰা কিবা বিচাৰিছে৷ গীৰ্জাত এনে ঘটনা নতুন নহয়, সেয়ে মই তেওঁক অসুবিধা নকৰাকৈয়ে নীৰৱে মোৰ কোঠালৈ ওলাই আহিলো৷
কিছুসময়ৰ পিছত পাদ্ৰীৰ পোছাকটো খুলি মই বাহিৰলৈ ওলাই আহিলো৷ দেখিলো বুঢ়ামানুহজন এতিয়াও গীৰ্জাৰ প্ৰধান দুৱাৰখনৰ ওচৰতে ৰৈ আছে৷ মোৰ এনে লাগিল তেওঁ যেন মোৰ বাবেই ৰৈ আছে৷ মই ওচৰ চাপি গ’লো৷ মানুহজনৰ মুখ আৰৰু দেহত পৌঢ়ত্বৰ সুস্পষ্ট চিন, বয়স বোধহয় তিনিকুৰীৰো ওপৰত হ’ব৷ আচৰিত কথা, মানুহজনে এটা ‘কাবাই’ পিন্ধি আহিছে৷ আগতে গোৱাৰ দৰিদ্ৰ পৌঢ় খ্ৰীষ্টান লোকসকলে কান্ধৰ পৰা ভৰিলৈকে পৰা এবিধ হলৌ চোলা পিন্ধিছিল, এই চোলাটোক ‘কাবাই’ বুলি কয়৷ আজিকালি কাবাই পিন্ধা মানুহ নেদেখাই হ’লো৷ অলপ আচৰিত হ’লো৷ মুখ দেখিয়েই মানুহ চিনি পোৱালোক মই নহয় যদিও মোৰ অনুমান হ’ল মানুহজন বোধহয় সৎ প্ৰকৃতিৰেই হ’ব৷
ওচৰ পোৱাৰ লগে লগে মানুহজনে মোক মুৰ দোঁৱাই সম্ভাষন কৰিলে৷ পাদ্ৰী হলেও মই ডেকা ল’ৰা৷ বয়সস্থ লোক এজনে এনেকৈ মুৰ দোঁৱাই কথা কোৱাটো মই একেবাৰে পচন্দ নকৰোঁ৷ তদুপৰি এই মানুহজন হয়তো মোৰ দেউতাৰ বয়সৰেই হ’ব৷ তেওঁৰ পিঠিত স্নেহৰ হাত এখন ৰাখি মই ক’লো – কেনে আছা পাই? মোৰ কথাষাৰ শেষ হোৱাৰ লগে লগে তেওঁৰ ওঁঠ দুখন কঁপি উঠিল৷ চকুদুটাও মুদ খাই গ’ল আৰু দুয়োটা চকুৱেদি বৈ আহিল দুধাৰি চকুপানী৷ কঁপা কঁপা হাতখনেৰে তেওঁৰ কান্ধত ৰখা মোৰ হাতখন ধৰি মুখেৰে বিৰবিৰাই ক’লে – মাই ছান, হয়, হয়, মোৰ পুত্ৰ, তুমি মোৰ ল’ৰা…!
অস্পষ্ট, অস্ফূট বিৰবিৰনি!

কিছুসময় তলকা মাৰি থাকি মানুহজন কিছু শান্ত হ’ল৷ কাবাইৰ ওলমি থকা অংশ এটাৰে চকুদুটা মচি অনুতাপ কৰাৰ সুৰেৰে ক’লে – ছৰি ফাদাৰ, ছৰি৷ মই দুঃখিত৷ তুমি মোক পাই বুলি মাতিলা, দেউতা বুলি ক’লা, মই সকলো পাহৰি গ’লো৷ ভাবিলো মই মোৰ ল’ৰাটো বিচাৰি পালোঁ৷ যোছ এতিয়া নিশ্চয় তোমাৰ সমানেই ডাঙৰ হৈছে৷
মানুহজনৰ দুখ মই ততালিকে বুজি পালো৷ তেওঁ ল’ৰাটো বিচাৰি ফুৰিছে৷ দেউতাকক অকলে এৰি থৈ ল’ৰা হয়তো এতিয়া দূৰ দিগন্তত সমুদ্ৰৰ মাজত কোনোবা জাহাজৰ খালাচী!
ঃ ক’ত আছে তোমাৰ ল’ৰাটো? – মই সুধিলো৷
তলৰ ওঁঠখন কামুৰি মূৰটো লৰাই লৰাই তেওঁ লাহে লাহে ক’লে – নাজানো, ময়ো নাজানো, আৰু কোনেও নাজানে! তাৰপিছত মুৰটো ওপৰলৈ তুলি গীৰ্জাৰ চূড়াত থকা ক্ৰছডাললৈ আঙুলি টোৱাই ক’লে – সেই তেওঁ মাথোঁ জানে!
মই মানুহজনৰ মুৰৰ পৰা ভৰিলৈকে এবাৰ চালো, তেওঁৰ মস্তিস্কৰ সুস্থতাৰ ওপৰতো অলপ সন্দেহ হ’ল৷
ঃ কি নাম তোমাৰ? – মই সুধিলোঁ৷
ঃ কামিল৷
ঃ ক’ত থাকা?
ঃ বিলখনৰ সিপাৰে৷ সেইযে দীঘল বাৰাণ্ডা এখনেৰে বিলৰ দাঁতিত পুৰনি ঘৰটো, সেইটোৱেই মোৰ ঘৰ৷
ঃ কামিলবাব, এতিয়া তুমি যোৱাগৈ যোৱা৷ তোমাৰ কথা এদিন পাছত বাৰু মই দকৈ চিন্তা কৰি চাম৷
ঃ ফাদাৰ, আজি তুমি কোৱাৰ দৰে ময়ো শপত খাইছো, যীশুৰ ওপৰত মোৰো অটল বিশ্বাস আছে৷ তথাপিও তুমি মোক কোৱাচোন মোৰ ল’ৰাটো সঁচাকৈয়ে ঘূৰি আহিবনে? – কামিলে তীক্ষভাবে মোৰ চকুলৈ চাই সুধিলে৷ মই একো উত্তৰ নিদি আহিবলৈ উভতিলো৷
ঃ মই ল’ৰাটোক এদিন ঘূৰাই পামেই, নহয়নে ফাদাৰ? – কামিলে নেৰানেপেৰাকৈ লাগিল৷
ঃ নিশ্চয়, নিশ্চয় পাবা, ভগৱানে সকলোৰে মনোবাঞ্চা পূৰণ কৰে৷ – তেওঁৰ পিঠিত হাতখন ৰাখি মই আশ্বাসৰ সুৰত ক’লো৷
কামিল লাহে লাহে আঁতৰি গ’ল৷ মুখেৰে বিৰবিৰাই কৈ যোৱা কথাখিনি মোৰ কাণত বহু সময়লৈকে বাজি থাকিল – মই বহুত বিছাৰিলো ফাদাৰ; এতিয়াও বিচাৰি আছো আৰু আগলৈও বিচাৰি থাকিম৷ মোৰ ল’ৰাটোক মই বিচাৰি উলিয়ামেই ফাদাৰ!
বাহিৰলৈ ওলাই যাবলৈ মোৰ আৰু মন নগ’ল৷ কোঠালৈ উভতি আহি গীৰ্জাত বহহু দিন ধৰি কাম কৰি থকা মানুহটোক মই মাতি আনি সুধিলো – আজি সকলো যোৱাৰ পিছতো যে বুঢ়া মানুহ এজন বহি আছিল, তেওঁক তই চিনি পাৱনে?
ঃ কাৰ কথা কৈছে, কামিলৰ নেকি?
ঃ অ’, তেওঁৰ ল’ৰাটো ক’ত আৰু কেনেকৈ হেৰাল? – আগ্ৰহেৰে মই সুধিলো৷
ঃ বৰ দুখৰ কথা ফাদাৰ, মই কামিলক ভালকৈ চিনি পাওঁ৷ শুনিছো মানুহজন হেনো আগতে বৰ ভাল আছিল, বৰ পৰোপকাৰী আৰু সৎ স্বভাৱৰ মানুহ৷ সাগৰত মাছ ধৰা কাম কৰিছিল৷ মানুহজনৰ এতিয়া আৰু নিজৰ বুলিবলৈ কোনো নাই৷ ল’ৰাটো জন্ম হোৱাৰ সময়তে মাকজনী ঢুকাল৷ কামিলে অকলে অকলে বৰ কষ্টেৰে ল’ৰাটো ডাঙৰ কৰিছিল৷ বাৰ বছৰ মান বয়স হওঁতেই ল’ৰাটো এদিন হঠাতে নোহোৱা হ’ল৷ নোহোৱা হ’ল যি হ’লেই৷ কামিলে পাগলৰ দৰে ল’ৰাটো বিচাৰি চাৰিওফাল চলাথ কৰিলে, গোৱাটো বাদেই বোম্বাই পৰ্যন্ত বিচাৰিলে; কিন্তু ল’ৰাটো নোলাল৷ এইয়া বিশ বছৰমান আগৰ কথা৷ তেতিয়াৰ পৰাই কামিলৰ এই অৱস্থা৷ ল’ৰাটো এতিয়া মৰিল নে আছে সেই কথাটোও কোনেও নাজানে!
ঃ আৰু কামিলে ল’ৰাটো এতিয়াও বিচাৰিয়েই আছে? – আচৰিত হৈ মই সুধিলো৷
ঃ হয়, এতিয়াও মানুহজনে জাহাজঘাটত গৈ সুধি ফুৰে কোনোবাই ল’ৰাটো দেখিছে নেকি! যোৱা দহ বছৰমানৰ ভিতৰত এটা এটাকৈ পাঁচটামান ল’ৰা নিজৰ কৰি ল’ব বিচাৰিছিল বোলে, সবেই ঠগিলে!
ঃ এটা এটাকৈ পাঁচটামান! কিন্তু কিয়?
ঃ কোনেও নাজানে৷ সম্ভৱ ল’ৰাটোৰ বাবে কৰিব লগা হোৱা খৰচ আৰু আলপৈচানে কিবা ৰূপত ক’ৰবাত গৈ নিজৰ ল’ৰাটোকো স্পৰ্শ কৰিবগৈ পাৰে বুলি মনত এটা বিশ্বাস সোমাই গৈছে৷ কিন্তু হ’লে কি হ’ব, কামিলৰ পইচাৰেই লালিত পালিত হৈ অলপ বুজা হ’লেই মানুহবোৰে তেওঁক ঠগে; পলাই ফাট মাৰে৷

বেয়া লাগিল৷ কামিলৰ অৱস্থাৰ কথা ভাবি বৰ অসহায় অনুভৱ কৰিলো৷ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস!
পিছদিনা গীৰ্জাত কামিলক দেখা নাছিলো৷ কেইবাদিনো পাৰ হ’ল৷ এদিন আবেলি চাইকেলখন লৈ মই কামিলক ঘৰলৈ বুলি ওলালো৷ ঘৰটো সহজেই চকুত পৰিল৷ দীঘলীয়া বাৰানন্দাখনৰ এমূৰে কামিল শুই আছে৷ গাত সেই একেটাই চোলা৷ মোৰ মাত শুনিয়েই তেওঁ খপ্‌জপ্‌ লগালে – কোন, কোন, মাই ছান….. আহ বাবা, তোক মই ইান বিছাৰি ফুৰিছো, ক’ত আছিলি তই… যোছ, যোছ, কাম মাই ছান …৷
ধীৰে ধীৰে মই ক’লো – কামিলবাব, মই যোছ নহয়, এইয়া চোৱা মই ফাদাৰ কিউৰেটহে!
মানুহজন হতাশ আৰু অৱশ হোৱা যেন লাগিল৷ এনেতে সীমাৰ সিপাৰৰ ঘৰটোৰ পৰা এক নাৰী কণ্ঠস্বৰ ভাঁহি আহিল – কামিলৰ গা ভাল নহয়, কোনোবা অহা দেখিলেই ‘‘যোছ- যোছ’’ বুলি চিঞৰিবলৈ ধৰে, ভ্ৰম ভাগিলেই আকৌ লেউ-সেউ হৈ শুইথাকে৷
বৰ অসহায় অনুভৱ কৰিলো৷ সুধিলো – কামিলবাব, আজি তুমি গীৰ্জালৈ নাহিলা কিয়?
ঃ নোৱাৰো অ’, উঠিব নোৱাৰা হৈছো; কলৈকো যাব নোৱাৰা হৈছো৷ কালি উঠিছিলো, আজি এই অৱস্থা!
ঃ চিন্তা নকৰিবা কামিলবাব, যীশোৱে সহায় কৰিব৷ তেওঁৰ দয়াৰ সাগৰ৷
ঃ ফাদাৰ, ময়ো শপত লৈছো, যীশুৰ ওপৰত মোৰো অটল বিশ্বাস, মোৰ ল’ৰাটো ঘূৰি আহিবনে? – সেহাই সেহাই কামিলে সুধিলে৷ ক’ব বিছাৰিছিলো – আহিব, , আহিব কামিলবাব, কিয় নাহিব, দৃঢ়ভাবে বিশ্বাস কৰিলে ভগৱানে সকলোৰে মনোবাঞ্চা পূৰণ কৰে৷ কিন্তু মুখেৰে মোৰ এটাও শব্দ ওলাই নাহিল৷
তাৰপিছত বহুদিন মই কামিলৰ ঘৰলৈ যোৱা নাই৷ আনৰ মুখত শুনিছো, দিনে দিনে মানুহজনৰ স্বাস্থ্যৰ আৰু অৱনতি ঘটিছে৷ স্মৰণ শক্তিও দুৰ্বল৷ হয়তো আৰু বেছিদিন নাথাকে৷ মাজে মাজে হেনো নিজেই নিজকে কৈ থাকে – আহিব, আহিব, যোছ আহিব, দৃঢ়ভাবে বিশ্বাস কৰিলে ভগৱানে সকলোৰে মনোবাঞ্চা পূৰণ কৰে৷
বাৰিষা পাৰ হ’ল৷ গৰমৰ বন্ধৰ পিছত স্কুল-কলেজ আকৌ খুলিলে৷ এদিন ছান্দোৰৰ পৰা তিৰোতা এগৰাকীয়ে চৈধ্য বছৰমান বয়সৰ ল’ৰা এটা গীৰ্জাৰ অফিচলৈ লৈ আহিল৷ মাকজনীয়ে অকলে অকলে ঘৰখন চলাব নোৱাৰা হৈছে; সেয়ে ল’ৰাটোক যদি গীৰ্জাত কিছুদিন ৰখা হয় মাকজনীয়ে কিছু সকাহ পায়৷ সি প্ৰায় সকলো ধৰণৰ কামেই কৰিব পাৰে৷
এনে ধৰণৰ দুখীয়া পৰিয়ালৰ সৰু সৰু ল’ৰা-ছোৱালীক গীৰ্জাত অস্থায়ী ভাবে ৰখাৰ ব্যৱস্থা আছিল৷ মই ল’ৰাটোক ৰখাৰ সিদ্ধান্ত লৈ মাকক বিদায় দিলো৷
ঃ কি নাম তোমাৰ? – ল’ৰাটোক সুধিলো৷
ঃ যোছ৷
মুহূৰ্ততে মোৰ কামিললৈ মনত পৰি গ’ল৷ তেওঁৰ ল’ৰাটোৰ নামো যোছ৷ মোৰ মনলৈ এটা আচৰিত ভাব আহিল৷ কামিলৰ বৰ্তমান একপ্ৰকাৰ অৰ্ধচেতন অৱস্থা; কাৰোবাক দেখিলেই নিজৰ ল’ৰাটো বুলি ভাবে৷ এই ল’ৰাটোকে যদি হেৰোৱা ল’ৰাটো বুলি লগ লগাই দিয়া হয়, কেনে হব? ল’ৰাটোক ৰখাৰ সমস্যাটোও আঁতৰ হ’ব আৰু জীৱনটো শেষ হোৱাৰ আগতেই অন্তত কামিলৰ মনোবাঞ্চাটোও পূৰ হওক৷ ভাবটো মনলৈ অহাৰ লগে লগে মই অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলো৷ কোনে জানে যোছক পোৱাৰ পিছত হয়তো কামিল কিছু সুস্থ হৈও উঠিব পাৰে৷ মই যোছক প্ৰাথমিক পৰ্যায়ৰ সকলো কথা শিকাই ল’লো আৰু কামিলক সকলো সময়তে ‘পাই’ বুলি মাতিবলৈ নিৰ্দ্দেশ দিলো৷
দুদিন পিছতে এদিন সন্ধ্যা যোছক লৈ কামিলৰ ঘৰ ওলালোগৈ৷
ঃ কামিলবাব, কামিলবাব, চোৱাচোন এইয়া কোন আহিছে! – বাহিৰৰ পৰাই মই মাত লগালো৷ ভিতৰত, পাকঘৰৰ মজিয়াতে পাটি এটাৰ ওপৰত কামিল পৰি আছিল৷ মোৰ মাত শুনিয়েই খপজপকৈ তেওঁ উঠি বহিল৷ চোলাটোৰ আগ এটাৰে চকু এটা মচি মচি তেওঁ সুধিলে- কোন, কোন আহিছে?
ঃ এইয়া চোৱা, তোমাৰ যোছ ঘূৰি আহিছে৷
যোছক আগবঢ়াই দিলো৷ মোৰ নিৰ্দ্দেশ মতেই সি মাত লগালে – পাই?

মই কামিলক যিমান চেতনাহীন বুলি ভাবিছিলো সিমান নহয়৷ বৰং আজি এনে লাগিল তেওঁৰ চিন্তাশক্তি এতিয়াও যেন মোৰ দৰেই প্ৰখৰ৷
ঃ ফাদাৰ কিউৰেট, মোৰ যোছ এতিয়া ডাঙৰ মানুহ হ’ল; তোমাৰ সমান৷ মই হয়তো তাক চিনিয়েই নাপাম; কিন্তু মই নাপালেও সি মোক পাব৷ কিয় জানা, সি যিদিনা ঘৰৰ পৰা নোহোৱা হৈছিল মই এইদৰেই এটা কাবাই পিন্ধি আছিলো৷ মোক কিমানে ক’লে কাবাই পিন্ধা এৰি দে, কিন্তু মই নাই এৰা, কিয় জানা, মোৰ ল’ৰাটোৱে মোক এই পোছাকতহে চিনি পাব৷ সি যিদিনা নোহোৱা হৈছিল মই এটা কাবাই পিন্ধি আছিলো৷ ফাদাৰ, মই জানো, যোছ এদিন আহিবই আৰু মই অপেক্ষা কৰিব লাগিব৷ সি নহালৈকে মই নমৰোঁ…..
বৰ লাজ লাগিল৷ ভগৱানে সকলোৰে মনোবাঞ্চা পূৰণ কৰে বুলি ময়েই কামিলক বাৰে বাৰে কৈ আছিলো৷ মই ইতিমধ্যে আচল সত্যটো বুজি উঠিছো আৰু সেইটো হৈছে কামিলৰ জীৱনত যোছ আৰু কেতিয়াও নাহে!
ল’ৰাটো লৈ ঘূৰি আহিলো৷ এটা পষেক পাৰ হ’ল৷ এনেতে এদিন সন্ধ্যা কামিলৰ ঘৰৰ ওচৰৰ তিৰোতা এগৰাকী উধাতু খাই গীৰ্জলৈ সোমাই আহিল – ফাদাৰ, ফাদাৰ, কামিল মৰিব ধৰিছে, এতিয়াই আপুনি বাইবে’লখন লৈ লগে লগে আহক; মৃতকৰ কামখিনি আৰম্ভ কৰকহি৷
ঃ কামিল মৰিব ধৰিছে? কোনজন ডাক্তৰে তেনেকৈ কৈছে? – মই আচৰিত হৈ সুধিলো৷
ঃ কোনো ডাক্তৰে কোৱা নাই৷ বুঢ়াটো আৰৰু কিমান দিন লেলাই-ধেন্দাই পৰি থাকিব, এতিয়া যোৱাই মঙ্গল৷
বৰ খং উঠিল৷ কামিলৰ যেতিয়া প্ৰয়োজন এজন ডাক্তৰৰ, এই মানুহগৰাকী আহিছে পুৰোহিত বিচাৰি – মানুহজনৰ শেষকৃত্য কৰিবলৈ! কি আশ্চৰ্য্যকৰ!
ঃ তুমি এতিয়াই ডাক্তৰৰ ওচৰলৈ যোৱা৷ তেওঁক কামিলৰ ওচৰলৈ মই মাতিছো বুলি ক’বা৷ ময়ো গৈ আছো৷
মানুহগৰাকী যোৱাৰ পিছতে মই বৰ অসহায় অনুভৱ কৰিলো৷ কামিলৰ কথাবোৰ কানত বাৰে বাৰে বাজিবলৈ ধৰিলে – ফাদাৰ, মই জানো মোৰ যোছ এদিন আহিবই আৰু মই অপেক্ষা কৰিব লাগিব৷ সি নহালৈকে মই নমৰোঁ, মই নমৰোঁ৷ দৃঢ় ভাবে বিশ্বাস কৰিলে ভগৱানে সকলোৰে মনোবাঞ্চা পূৰণ কৰে৷
মৃত্যু দুৱাৰদলিত; তথাপিও নিৰ্বাপিত হোৱা নাই আশা৷ হাতৰ কাম একাষৰীয়া কৰি থৈ অলপ সময়ৰ পিছতে মই ওলাই আহিলো৷ কামিলৰ ঘৰৰ ওচৰ পাওঁতেই গীৰ্জাৰ পৰা সন্ধ্যাৰ ঘণ্টাধ্বনি ভাঁহি আহিল৷ ৰোগীক পৰীক্ষা কৰি ডাক্তৰ যাবলৈ ওলাইছে৷ পদূলিমুখতে মোক দেখি ডাক্তৰে ক’লে – বৰ দুৰ্বল, বয়সো বেছি, জ্বৰ কমিলে হয়তো কিছু ভাল পাব৷ এণ্টিবায়টিক বেজী এটা দিছো৷ যদি কাম কৰে ভালেই, যদি নকৰে আপোনাৰহে কাম ওলাব ফাদাৰ৷
দুৱাৰমুখতে প্ৰতিৱেশী তিৰোতাগৰাকীক লগ পালোঁ৷
ঃ শুইছে নেকি? – মই সুধিলোঁ৷
ঃ নাই ফাদাৰ, শোৱা নাই৷ ঘনে ঘনে ল’ৰাটোৰ নামেই লৈ আছে৷
ঃ তুমি যোৱা ভাত-পানী খাই পিছত আহিবা৷ মই অলপ সময় থাকিম৷
মানুহগৰাকী যোৱালৈকে মই বাহিৰতেই অপেক্ষা কৰিলো৷ ইতিমধ্যেই আন্ধাৰ হৈছে৷ কামিল থকা কোঠাটোত কেৰাছিন তেলৰ লেম এটা জ্বলি আছে৷ কামিল পৰি আছে বিছনাখনৰ এদাঁতিত৷ চাৰিওফালে চালোঁ, ওচৰত মনিব পৰাকৈ কোনো নাই৷ লৰালৰিকৈ মই পাদ্ৰীৰ গাউনটো খুলি ল’লো৷ তলত মই দীঘল পেণ্ট আৰু দীঘল হাতৰ চোলা পিন্ধি আছিলো৷ গাউনটো বাহিৰৰ বাৰাণ্ডাৰ চকী এখনলৈ দলি মাৰি দি মই লাহে লাহে কামিল থকা কোঠাটোলৈ সোমাই গ’লো৷

কামিলৰ টোপনি যোৱা নাছিল৷ আনকি চকু দুটাও মেল খাই আছিল৷ মোৰ মাত শুনি চকুদুটা বহলকৈ মেলি মোক মণিবলৈ চেষ্টা কৰিলে৷
ঃ পাই, মই যোছ; মই আহিছোঁ৷ বিছনাখনৰ আধা আন্ধাৰ- আধা পোহৰ চুক এটাৰ পৰা মই মাত লগালো৷ কামিলে উঠাৰ বাবে চেষ্টা কৰিলে৷
ঃ মাই ছান, মাই ছান, মই জানো তুমি আহিবাই, মোৰ সোণটো! থোকাথোকি মাতেৰে কামিলৰ মাত বন্ধ হোৱাৰ উপক্ৰম হ’ল৷ এনেতে ক’ৰপৰা জানো শক্তি পালে, হঠাতে কামিল বিছনাত উঠি বহিল৷
ঃ পাই৷ মোক দেখাৰ আগতেই মই কামিলৰ কান্ধৰ ওপৰেদি মুখখন নি সাৱট মাৰি ধৰিলো৷ বাক্‌ৰুদ্ধ কামিলে মোৰ পিঠিত লাহে লাহে হাত ফুৰাই থাকিল৷ মই আৰু জোৰে সাৱতি ধৰিলো৷ মোৰ দুচকু পানীৰে উপচি পৰিছিল৷ কামিলৰ শৰীৰ জুইৰ দৰে তপত হৈ আছিল৷ মোৰ অনুমান হ’ল মানুহজনৰ মুখখন এক অদ্ভুত জ্যোতিৰে উদ্ভাসিত হৈ উঠিছে৷
ঃ তুমি আহিলা বাবা, মই জানো তুমি আহিবা৷ মই ঈশ্বৰৰ নামত শপত খাইছিলো জানা, তুমি নাজানিবা, ফাদাৰ কিউৰেটে জানে৷ দৃঢ় ভাবে বিশ্বাস কৰিলে ভগৱানে সকলোৰে মনোবাঞ্চা পূৰণ কৰে৷
লাহে লাহে বুজিব নোৱাৰা হৈ কামিলৰ মাত বন্ধ হৈ গ’ল৷
ঃ সকলো ঠিক হৈ যাব পাই৷ তুমি এতিয়া শুবলৈ চেষ্টা কৰা৷
মোৰ কথাৰ কোনো সঁহাৰি পোৱা নগল৷ মোৰ বাহুত কামিলৰ মুৰটো ভেজা লৈ আছিল৷ আঁতৰাই দিয়াৰ লগে লগেই তললৈ ঢলি পৰিল৷ হাতদুটা নিজে নিজে তললৈ নামি গ’ল৷ লাহে লাহে মই মুৰটো গাৰুত শুৱাই দিলোঁ৷ খোলা মুখখন জপাই দিলোঁ৷ ওচৰতে পৰি থকা বিছনা চাদৰখনেৰে কামিলৰ শৰীৰটো ঢাকি দিলোঁ৷
তাৰপিছত, কোঠাটোৰ পৰা ওলায়েই মই আকৌ পাদ্ৰীৰ চোলাটো পিন্ধি ল’লো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments