মহাত্মা গান্ধীয়ে যেতিয়া ক্ৰিকেট খেলিছিল–পংকজ কুমাৰ নেওগ

সম্প্ৰতি সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি থকা ভাৰতীয় ক্ৰিকেট লীগত ‘দিল্লী কেপিটেলচ’ৰ ৰবিচন্দ্ৰন অশ্বিনৰ নাম ‘মানকাডিং’ বিষয়টোৰ সৈতে সাঙুৰ খাই পৰিছে। ‘মানকাডিং’ হ’ল ক্ৰিকেট খেলত এজন বেটচমেনক ৰাণ-আউট কৰাৰ নিয়ম। নন্-ষ্ট্ৰাইকিং ফালৰ পৰা বলাৰ এজনে বলিং কৰিবলৈ দৌৰি আহি যদি দেখে যে বলটো এৰাৰ আগেয়েই ৰাণাৰজন ‘ক্ৰিজ্’ এৰি বাহিৰলৈ ওলাই গৈছে, তেনেহলে তেওঁ বিধি সন্মত ভাৱে ষ্টাম্পিং কৰি ৰাণাৰ জনক আউট কৰিব পাৰে। ভাৰতৰ ভিনু মানকাডে ১৯৪৭ চনত এই উপায়েৰে অষ্ট্ৰেলিয়াৰ বেটচমেন বিল ব্ৰাউনক আউট কৰিছিল আৰু সেয়েহে ইয়াক ‘মানকাড কৰা’ বা ‘মানকাডিং’ বুলি জনা যায়। ‘মানকাডিং’ যদিও ক্ৰিকেট খেলত বৈধ, ক্ৰিকেটৰ ঐতিহ্য, গাম্ভীৰ্য আৰু খেলুৱৈৰ খেলুৱৈসুলভ মনোবৃত্তিৰ দিশৰ পৰা চাবলৈ গলে বহুতে ইয়াক সমৰ্থন নকৰে। অধিক সংখ্যক ক্ৰিকেটপ্ৰেমীৰ মতামত যে নন্-ষ্ট্ৰাইকিং বেটচমেনজনে যদি বলিং সমাপনৰ আগেয়েই ‘ক্ৰিজ্’ এৰে তেনেহলে এবাৰ বা দুবাৰ বলাৰে তেওঁক সাৱধান বাণী শুনোৱা দৰকাৰ। ৰবিচন্দ্ৰন অশ্বিনে ‘ৰয়েল চেলেঞ্জাৰচ’, বাঙ্গালোৰ টিমৰ আৰণ ফিঞ্চক ‘মানকাডিং’ নকৰি তেওঁৰ গুণগ্ৰাহী সকলৰ পৰা প্ৰশংসা বুটলিছে। একেজন অশ্বিনে যোৱা বছৰৰ ভাৰতীয় প্ৰিমিয়াম লিগত ‘কিংছ-১১ পঞ্জাৱ’ৰ অধিনায়ক হিচাবে ‘ৰাজস্থান ৰয়েলছ’ৰ জচ্ বাটলাৰৰ প্ৰতি কোনো অনুকম্পা নেদেখুওৱাৰ বাবে অনেক সমালোচনাৰ সন্মুখীন হৈছিল।

আজি এটা সৰস ঘটনা লিখিবলৈ ওলাইছোঁ। মই যদি পাঠক সকলক জনাও যে ভিনু মানকাডে ‘মানকাডিং’ কৰাৰ বহু বছৰৰ আগেয়ে ভাৰতীয় ক্ৰিকেটৰ প্ৰবাদ পুৰুষ ৰঞ্জিত সিংজী বিভাজী জাডেজাক মোহন দাস কৰমচান্দ গান্ধীজীয়ে বিদ্যালয়ৰ এখন ক্ৰিকেট খেলত মানকাডৰ লেখীয়াকৈ বিতৰ্কিত ভাৱে আউট কৰিছিল আপোনালোকে বিশ্বাস কৰিবনে? হয়, ৰঞ্জিত সিংজীয়ে তেওঁৰ বন্ধু আৰু ইংলণ্ডৰ ক্ৰিকেটাৰ চাৰ্লচ বাৰ্গেছ ফ্ৰাইলৈ লিখা চিঠি এখন পোৱা গৈছে। এই চিঠিখনত লিখা কথাবোৰ যদি সত্য হয় তেন্তে মোহন দাস কৰমচান্দ গান্ধীয়ে এখন স্কুলীয়া ক্ৰিকেট খেলত ৰঞ্জিত সিংহক বিতৰ্কিত ভাৱে আউট কৰিছিল। তলত ৰঞ্জিত সিংজীয়ে তেওঁৰ বন্ধুলৈ পঠোৱা চিঠিখনৰ কিছু কথা তুলি দিয়া হৈছে। এটা কথা মন কৰিবলগীয়া যে চিঠিখনত বৰ্ণনা কৰা ঘটনাটো চিঠিখন লিখাৰ বহু আগেয়েই ঘটিছিল। চিঠিখনৰ কিছু কথা এনেধৰণৰ:

“আমাৰ ক্ৰিকেট খেল থকা দিনা বতৰ বৰ ধুনীয়া আৰু শীতল আছিল কিন্তু মই সন্দেহ কৰাৰ দৰেই উইকেট আছিল বৰ টান আৰু ধূলিময়। এনেকুৱা উইকেটত সাধাৰণতে কিছু ওপৰেৰে ধীৰ গতিত দিয়া বল বৰ ঘূৰ খায়; মই শুনামতে ৰাজকোট টিমৰ কেপ্টেইনজনে ভাল গুগলি বলিং কৰিছিল। কেপ্টেইনজন আছিল ৰাজকোটৰ দেৱানৰ পুতেক আৰু জাতত বণিয়া। নামটো আছিল এম, কে গান্ধী – এৰা, সেই একেজন এম, কে গান্ধী যিজনে বৰ্ত্তমান আমাৰ বাবে ইমান অশান্তিৰ সৃষ্টি কৰিছে। লৰাজন মোৰ দৰেই ক্ষীণ-মীন আৰু চশমা পিন্ধা আছিল। মোৰ মনত আছে কথা-বতৰাত তেওঁ বৰ ধীৰ আছিল যদিও ইংৰাজী ভালকৈয়ে কব পাৰিছিল। সেই ক্ষীণ-মীন আৰু চশমা পিন্ধা লৰা জনেই যে ইমানবোৰ মানুহক আজি আন্দোলনৰ বাবে উদ্বুদ্ধ কৰিব পাৰিছে তাকে ভাবি আচৰিত হওঁ। আমাৰ মাজত হোৱা খেলখনৰ বিতংবোৰ মনত পেলাবলৈ মই এইমাত্ৰ মোৰ পুৰণি ৰেকৰ্ড বহীখন মেলি লৈছোঁ। ৰাজকোট টিমে প্ৰথমে বেটিং কৰিছিল। যিহেতু সিহঁতৰ টিমৰ গোটেইবোৰ লৰাই বণিয়া বা ব্ৰাহ্মণ আছিল সিহঁতৰ শাৰিৰীক যোগ্যতা আমাতকৈ কোনো গুণে শ্ৰেষ্ঠ নাছিল কিন্তু সিহঁত আছিল বৰ চতুৰ খেলুৱৈ! আমাৰ দলৰ প্ৰায়বোৰ বলাৰেই আছিল বেগী বলাৰ; বিশেষ একো শক্তি প্ৰয়োগ নকৰাকৈ বলবোৰ ‘কাট্’ কৰি আৰু ঠেলি সিহঁতে সুন্দৰ খেলেৰে আৰম্ভণি কৰিলে। চাওঁতে চাওঁতে সিহঁতৰ ‘স্ক’ৰ’ দেৰশ পাৰ হৈ যোৱাত আমাৰ চিন্তাৰ উদ্ৰেক হ’ল। সৌভাগ্যক্ৰমে আমাৰ দলৰ বিল আৰু গম্ভীৰ সিঙে (স্কুলত গম্বো নামেৰে বিখ্যাত) পিছৰ খেলুৱৈ কেইজনক আউট কৰিবলৈ সক্ষম হয়। গান্ধী ভাল বেটচমেন নাছিল আৰু মাত্ৰ ৫ ৰাণ কৰিবলৈ সক্ষম হৈছিল। আমাৰ দলৰ বিজয়ৰ বাবে আৱশ্যক হ’ল ১৬৯ ৰাণ। অজিত সিংজী আৰু কিৰ্ত্তী সিংজীৰ যুটিয়ে আৰম্ভণিতে সুন্দৰকৈ ৩০ ৰাণ সংগ্ৰহ কৰে কিন্তু দুয়োজনেই ভানু নামৰ লৰা এজনৰ বলত আউট হয়। মই প্ৰথমে বৰ সাৱধানে বেটিং কৰিবলৈ ধৰিলোঁ; সিটো পক্ষৰ বণিয়া বলাৰ কেইজনে ধীৰ গতিৰে আৰু কিছু ওপৰেৰে (Well flighted) দিয়া বলবোৰ আছিল যথেষ্ট বিপজ্জনক। কিছু সময়ৰ পিছত মোৰ বিশ্বাস বাঢ়ি যোৱাত আগুৱাই গৈ খেল পথাৰৰ সকলো দিশে বল কোবাবলৈ ধৰিলোঁ। দলৰ বাকী খেলুৱৈ সকলে দুৰ্ভাগ্যবশতঃ সেইদিনা খেলিব পৰা নাছিল। ৰাম সিংজীয়ে এটাও ৰাণ লব নোৱাৰি আউট হ’ল; তখট্ সিংজীয়ে মাত্ৰ চাৰি ৰাণ কৰে আৰু শিৱ সিংজীয়ে ১৫ ৰাণ যোগ দিয়ে। এই শিৱ সিংজীয়ে ‘ক্ৰিজ’ত কিছু সময় থাকি মোক সহায়ৰ হাত আগবঢ়াইছিল। এইদৰে লাহে লাহে মই প্ৰায় ৮০ ৰাণ মান কৰোঁ; মোৰ পিছত আৰু চাৰিটা উইকেট আছিল। বলাৰবোৰৰ ভিতৰত মই অকল গান্ধীকহে সমীহ কৰি খেলিছিলোঁ। গান্ধীয়ে ‘লেগ চাইড’ৰ পিনে ধীৰ গতিৰে দিয়া বলবোৰ বিশেষ ধৰণে ঘূৰি সোমাইছিল; যিহেতু উইকেটো অসমান আছিল, বলটো মাটিত পৰি অৱশেষত কোনফালে পাক লয় তাক নিৰ্ণয় কৰা আছিল এক দুৰূহ কাম! বাকী বলাৰৰ বল অৱশ্যে কোবাই খেলিছিলোঁ। মই যেতিয়া প্ৰথমবাৰৰ বাবে খেলখনত ১০০ ৰাণ কৰোঁ, পেভিলিয়নৰ পৰা মোলৈ অভিনন্দন জনাই হৰ্ষোধ্বনি হয়। খেলখনৰ এজন আম্পায়াৰ মিঃ মেকনাঘটেনেও মোৰ খেলত সন্তুষ্ট হৈ আনন্দৰ হাঁহি এটা মাৰে। স্কুলত নাম লগোৱাৰ পিছত পোন প্ৰথমবাৰৰ বাবে মই উপলব্ধি কৰোঁ যে মই সঁচাকৈয়ে স্কুলৰ এজন জনপ্ৰিয় ছাত্ৰ। অতি শীঘ্ৰে আমাৰ আৰু দুটা উইকেটৰ পতন ঘটে; আমি তেতিয়াও ১৫ ৰাণ কৰিবলৈ বাকী। বওভা নামৰ খেলুৱৈজন খেল পথাৰত নামি গান্ধীৰ বলিংৰ সন্মুখীন হয়। বওভা আছিল গাত বেছ জোৰ থকা ওখ-পাখ এজন ল’ৰা। তেওঁ আহিয়েই গান্ধীৰ বল জোৰেৰে খেল পথাৰৰ বাহিৰলৈ মাৰি পঠিয়াবলৈ চেষ্টা কৰে। বল পথাৰৰ বাহিৰলৈ নগৈ বহুত ওপৰলৈ উঠিল আৰু এটা মুহূৰ্ত্তত তীব্ৰ বেগে তললৈ নামি আহি ফিল্ডাৰৰ হাতৰ মুঠিত আবদ্ধ হ’ল। শেষ উইকেট বিলখা ক্ৰিজলৈ অহাৰ লগে লগে জ্বৰে ঘমাদি ঘামিবলৈ ধৰিলোঁ; বুজিলোঁ সকলো দায়িত্ব এতিয়া মোৰ ওপৰত। নিজকে’লৰ্ডচৰ ক্ৰিকেট দলৰ পৰা নিজৰ দলক বচাব খোজা ‘টম ব্ৰাউন’ৰ দৰে লাগিল! মই বিলক যেনে তেনে ষ্টাম্পচ্ বচাই খেলিবলৈ দি কোনো ধৰণৰ দুঃসাহস কৰিবলৈ মানা কৰিলোঁ। সিয়ো মোৰ কথা শুনি অতি সাৱধানেৰে খেলিবলৈ ধৰে। মই বিলক ভৰসা কৰি এবাৰ ২, এবাৰ ১ এনেকৈ ৰাণ ল’বলৈ ধৰোঁ যাতে সি বলাৰৰ সন্মুখীন হ’ব লগা নহয়। জিকিবলৈ আৰু ২ ৰাণ থাকোঁতে বিল গান্ধীৰ বলিংৰ সন্মুখীন হ’ব লগা হ’ল। গান্ধী বলিং কৰিবলৈ দৌৰ মাৰি অহাৰ লগে লগে ৰাণ এটা লওঁ বুলি ‘পিটচ’ৰ কিছুখিনি আগুৱাই গ’লোঁ। দৌৰি অহা গান্ধী হঠাতে উইকেটত আহি ৰ’ল আৰু বলটোৰে ষ্টাম্পচৰ ‘বেইল’ ওফৰাই দি আম্পায়াৰক “হাউজ্ দেট” বুলি নিবেদন কৰে। অতি দুখেৰে মিঃ মেকনাঘটেনে মোক আউট বুলি ঘোষণা কৰিব লগা হ’ল। এনেকুৱা ঘটনাৰ কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ বাবে মই হতবাক হ’লোঁ; মই তেতিয়াও আম্পায়াৰে তেওঁৰ ৰায় সলনি কৰিব পাৰে বুলি তেখেতৰ মুখলৈ আশাৰে চাই আছিলোঁ। মিঃ মেকনাঘটেনে গান্ধীয়ে মোক ক্ৰিকেটৰ নিয়ম বা আইন মানিয়েই আউট কৰা বুলি সান্তনা দিছিল। মই পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত গান্ধীয়ে মোলৈ চাই কিছু ব্যঙ্গ কৰা যেন ভাৱ হৈছিল। গান্ধীৰ প্ৰতি মোৰ ভাল ভাৱ একেবাৰে নোহোৱা হ’ল। গান্ধীয়ে সেইদিনা খেলত কৰা কাৰ্য্য ক্ৰিকেট খেলৰ আইন মতে শুদ্ধ হ’ব পাৰে কিন্তু ই কেতিয়াও ক্ৰিকেট খেলৰ শিষ্টাচাৰত নপৰে।”

পিছলৈ ৰঞ্জিত সিং আৰু গান্ধীৰ সম্পৰ্কৰ মাজত আৰু ডাঙৰ ফাঁট মেলে বুলি শুনা যায়। ৰঞ্জিত সিং নিজে ৰাজপৰিয়ালৰ আছিল হেতু ভাৰতৰ স্বাধীনতাৰ পিছতো সৰু সৰু ৰাজকীয় প্ৰদেশবোৰ আগৰ দৰেই ৰখাৰ পৃষ্ঠপোষকতা কৰিছিল। সেই সময়ৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা গান্ধীয়ে কিন্তু এই ৰঞ্জিত সিংৰ এই মতৰ ঘোৰ বিৰোধিতা কৰে। ৰঞ্জিত সিঙে ওপৰত লিখা চিঠি আৰু আন কেইবাখনো এজন হলেণ্ডৰ লিখক আয়ান বুৰুমাৰ “প্লেয়িং দ্য গেম্” নামৰ কিতাপখনত প্ৰকাশ পাইছে। লিখকে চিঠিবোৰ বা চিঠিবোৰৰ অনুলিপি ৰঞ্জিত সিংৰ ভতিজা/ভাগিন বিঙ্কিৰ পৰা লাভ কৰা বুলি উল্লেখ কৰিছে। চিঠিবোৰত লিখা ঘটনাবোৰৰ সত্যাসত্যতা এতিয়া নিৰূপণ কৰিব পৰা নাযায়। অৱশ্যে এটা কথা ঠিক যে গান্ধীজীয়ে হাইস্কুলত পঢ়োঁতে ক্ৰিকেট আৰু টেনিচ খেলাৰ কথা বিভিন্ন উৎসত উল্লেখ কৰা আছে। যিহেতু ৰঞ্জিত সিং আৰু গান্ধী দুয়ো ৰাজকোটৰে বাসিন্দা আছিল, হাইস্কুলৰ দুটা দলৰ মাজত এনে এখন ক্ৰিকেট খেল অনুষ্ঠিত হোৱা একো অসম্ভৱ কথা নহয়।

সহায় লৈ লিখা – উত্স: চিফাই (Sify)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments