মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰভাৱান্বিত হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ: ভবিতা দাস

(এই গীতটি গাই গাই অসমৰ ডেকা গাভৰু সকলোকে উদ্বুদ্ধ কৰিছিলে। সেই তেজোদ্বীপক গীতৰ আহ্বানত সকলো দলে দলে আহি যোগ দি গান্ধীজীৰ স্বাধীন ভাৰত পৰিকল্পনাত কিমানখিনি যে অৰিহণা যোগালে তাক সকলোৱেই স্বীকাৰ কৰিব।)
সোতৰ জুন, ১৯০৩ চন। সময় পুৱা ৭ বাজি ৪৭ মিনিট। বুধবাৰ। স্থান—তামোলবাৰী চাহবাগিছাৰ মালিকৰ বঙলা, মৌজা মদাৰখাট, জিলা তেতিয়াৰ লখিমপুৰ আৰু এতিয়াৰ ডিব্ৰুগড়, অসম৷ সেইদিনাই জন্ম হৈছিল আধুনিক অসমৰ অন্যতম খনিকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। ফুলপাহ দেখিলেই তাৰ সৌৰভৰ কথা আৰু জুইকুৰা দেখিলেই তাৰ সোণালী শিখালৈ মনত পৰাৰ দৰে মহামানৱ মহাত্মা গান্ধীক সুঁৱৰিবৰ সময়তো তেওঁৰ প্ৰিয় শিষ্য, প্ৰিয় ভক্ত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ মনত পৰিবই। মহাত্মা গান্ধীৰ প্ৰভাৱ কিমানখিনি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ওপৰত পৰিছিল তাৰ আভাস তেওঁৰ অগ্নিময় গীত, কবিতা আৰু তেওঁৰ ৰচনাৱলীৰ পাতে পাতে পোৱা যায়।
স্বাধীনচিতীয়া, স্বদেশপ্ৰেমী, এটি সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰি জ্যোতিপ্ৰসাদে পৰিয়ালৰ বিশেষকৈ মাক-দেউতাকৰ পৰা সেই গান্ধীভক্তিৰ পৰিবেশ লাভ কৰিছিল। ১৯১৮ চনত জ্যোতিপ্ৰসাদে (তেতিয়া তেওঁ এজন যুৱক) দেউতাক পৰমানন্দৰ লগত আহমেদাবাদ কংগ্ৰেছলৈ গৈছিল। তাত মহাত্মা গান্ধী আৰু নেতাসকলৰ তেজোদীপ্ত বক্তৃতাই তেওঁক অনুপ্ৰাণিত কৰিছিল। সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদে তাতো সুন্দৰৰ সন্ধান পাইছিল৷
১৯২৯ চনত গান্ধীজী অসমলৈ আহোঁতে তেজপুৰত আগৰৱালা পৰিয়ালৰ ঐতিহ্যপূৰ্ণ “পকী”ত থাকেহি। সেই সময়ত জ্যোতিপ্ৰসাদ ১৮ বছৰীয়া যুৱক। সেইকেইদিন গান্ধীজীৰ লগে লগে থাকি তেওঁক নিজ হাতে শুশ্ৰূষা কৰিছিল। গান্ধীজীৰ অগ্নিময় বক্তৃতা শুনি বিদেশী বস্তু বৰ্জন কৰিবলৈ ‘পকী’ৰ আগচোতালত ঘৰত যিমানবোৰ বিলাতী কাপোৰ আদি আছিল সকলো গোটাই জুই লগাই দিছিল। আনকি মাতৃ কিৰণময়ীয়ে নিজ হাতে বোৱা আটক ধুনীয়া গুণাৰ বনকৰা খনীয়া কাপোৰখনো সেই অগ্নিত পুৰি পেলাইছিল, নিজ হাতে বোৱা হ’লেও তাত থকা সূতাখিনি বিদেশী সূতা। সেই পকীঘৰৰ চোতালতে দিনৌ কতনো সভা-সমিতি বহিছিল, তাতেই বহিয়েই গান্ধীজীয়ে জগাই তুলিছিল স্বাধীনতাৰ বাণীৰে।
১৯২১ চনত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনে পৃথিৱীজুৰি আন্দোলনৰ সৃষ্টি কৰিলে। অহিংসা, অসহযোগ আন্দোলনে অসমকো ঢৌৱাই তুলিলে। আন্দোলনত জ্যোতিপ্ৰসাদদেৱো জঁপিয়াই পৰিল। হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়েই দেশমাতৃৰ কলংক মোচনৰ সংকল্প লৈ আন্দোলনত যোগ দিলে। এই আন্দোলনত যোগ দিবলৈ তেজপুৰৰ হাইস্কুলৰ পৰা ওলাই আহা ছাত্ৰ দলৰ ভিতৰত জ্যোতিপ্ৰসাদেই মুখীয়াল আছিল। সেইটো সময়ত জ্যোতিপ্ৰসাদদেৱ প্ৰৱেশিকা শ্ৰেণীৰ ছাত্ৰ। বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ উঠিছেহে মাথোন –তেওঁ আগৰণুৱা হৈ ওলাই গৈ ছাত্ৰসকলৰ মাজত দেশপ্ৰেমৰ ভাব জগাই তুলিলে। তেওঁ যেন নিজেই ফিৰিঙতি হৈ গোটেই দেশতে আন্দোলনৰ জুই জ্বলাই পৰাধীনতাৰ নাগপাশৰ পৰা আই ভাৰতীক মোকলাই আনিব৷ তেওঁৰ মনৰ গতিক ৰোধ কৰিব শক্তি যেন নিজৰেই নাছিল। দুৰ্বাৰ গতিৰে মনৰ গতিৰ লগত বাস্তৱকো গতি দিবলৈ তেওঁ আগবাঢ়িলে। গান্ধীজীৰ প্ৰভাৱেৰে প্ৰভাৱিত জ্যোতিপ্ৰসাদৰ কলমেৰে নিৰ্গত হ’ল……..
শংকা নকৰা নকৰা ভয়
জয় মহাত্মাৰে মহাত্মাৰ জয় ।।

ইউৰোপৰ পৰা ঘুৰি আহাৰ বাটত তুৰস্ক বাগদাদ বেবিলন কাৰবালা আদি নাই ঠাই ঘুৰি আহি ভাৰতত সুমায়েই শুনিলে সেই সময়ত চলি থকা অসহযোগ আন্দোলনৰ কথা। মোম্বাইত ভৰি দিয়েই জ্যোতিপ্ৰসাদে পশ্চিমীয়া চাহাবী সাজপাৰ সোপাকে এৰি শুধ খদ্দৰৰ দেশীয় সাজ পোছাক পিন্ধি অসম ওলালহি আৰু ধুমুহাৰ গতিৰে কামবিলাক কৰিবলৈ ল’লে। ৰাষ্টীয় সন্মিলন, ৰায়ত সভা আদি নতুনকৈ পাতি সেৱক সেৱিকাৰ দল গঠন কৰি নিজে সেৱক দলৰ অধিনায়ক হৈছিল। তেখেতে লিখি উলিয়াইছিল ….
বিশ্ববিজয়ী নৱজোৱান বিশ্ববিজয়ী নৱজোৱান
শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা
সন্তান তুমি বিপ্লৱৰ ।।
এই গীতটি গাই গাই অসমৰ ডেকা গাভৰু সকলোকে উদ্বুদ্ধ কৰিছিলে। সেই তেজোদ্বীপক গীতৰ আহ্বানত সকলো দলে দলে আহি যোগ দি গান্ধীজীৰ স্বাধীন ভাৰত পৰিকল্পনাত কিমানখিনি যে অৰিহণা যোগালে তাক সকলোৱেই স্বীকাৰ কৰিব।
ইয়াৰ ঠিক পিছত ৪৭ বছৰ ৭ মাহৰ পিছৰ দিনটো ১৭ জানুৱাৰী, ১৯৫১ চন। সময় তেতিয়া আবেলি পৰৰ ৩ বজা। কোনো কোনোৰ মতে ৩ বাজি ২৫ মিনিট। একেই বুধবাৰ। স্থান—তেজপুৰৰ প্ৰধান আলীৰ পকী নামৰ ঘৰটো। জিলা তেতিয়াৰ দৰং আৰু এতিয়াৰ শোণিতপুৰ, অসম৷ সিদিনা সমাপ্ত হৈছিল এটা বৰ্ণিল জীৱনযাত্ৰাৰ, মৃত্যু হৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। তেওঁ জীয়াই আছিল মাথোঁ ৪৭ বছৰ ৭ মাহ ৪ ঘন্টা ৪৩ মিনিট।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

সুন্দৰ কবিতা