মহাত্মা গান্ধীৰ দৃষ্টিত হিটলাৰ – ময়ুৰ বৰা

মহাত্মা গান্ধী আৰু এডলফ হিটলাৰ৷ উনৈশ শতিকাত জন্মগ্ৰহণ কৰি বিংশ শতিকাত অস্বাভাৱিকভাৱে মৃত্যুক সাবটি লোৱা দুয়োজনেই আধুনিক ইতিহাসৰ অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি৷ কেৱল ব্যক্তি বুলিলে হয়তো ভুল হ’ব৷ কাৰণ মতাদৰ্শৰ তীব্ৰ ভিন্নতা সত্ত্বেও দুয়োজনৰে ৰাষ্ট্ৰ, ৰাজনীতি আৰু মানৱ জীৱন সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু কৰ্মৰাজিৰ প্ৰভাৱ ইমান গভীৰ আৰু ব্যাপক আছিল যে দুয়ো দুটা বৃহৎ অনুষ্ঠানৰ নিচিনা হৈ পৰিছিল৷ আজিৰ মানুহৰ মনোজগততো তেওঁলোকৰ চিন্তাৰাজিৰ প্ৰভাৱ স্পষ্ট৷ কোনোবা আধুনিক আৱেগপ্ৰৱণ আৰু সংবেদনশীল মানুহৰ মনত সময়ভেদে সেই প্ৰভাৱে উত্তাল তৰংগৰ সৃষ্টি কৰে৷

গান্ধী আৰু হিটলাৰৰ চিন্তা আৰু কৰ্মপদ্ধতি আছিল সম্পূৰ্ণৰূপে সুকীয়া৷ জীৱন কালতেই ‘মহাত্মা’ উপাধিৰে বিভূষিত হোৱা গান্ধী আছিল ভাৰতৰ স্বাধীনতা পিয়াসী, সংগ্ৰামী ৰাইজৰ অধিকাংশৰে নয়নৰ মণি৷ অহিংসা আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত গান্ধীৰ নেতৃত্বত গঢ় লোৱা ভাৰতৰ স্বাধীনতা আন্দোলনে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শোষণমূলক শাসনৰ অন্ত পেলাইছিল৷ একে সময়তে বিশ্বত হিটলাৰে জাৰ্মান শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ গৈ এনে কিছু অমানুষিক আৰু পৈশাচিক কাৰ্য্যপন্থা গ্ৰহণ কৰিছিল, যাৰ ফলত প্ৰায় ষাঠি লাখ ইহুদী আৰু আশী নব্বৈ লাখ অন্যান্য জাতিৰ লোকে প্ৰাণ হেৰুৱাইছিল৷ বহু জাৰ্মান লোকো অকালতে মৃত্যুবৰণ কৰিছিল৷ অৱধাৰিত ভাৱে সেই ধ্বংসযজ্ঞৰ বিৰূপ প্ৰভাৱ হিটলাৰৰ নিজৰ জীৱনলৈকো আহিছিল৷ শেষ মুহুৰ্তত সকলোফালে নিজৰ মতাদৰ্শৰ পৰাজয় সহ্য কৰিব নোৱাৰি হিটলাৰে প্ৰেয়সী ইভা ব্ৰাউনৰ লগত একেলগে আত্মহত্যা কৰিছিল৷ আখ্যা পাইছিল ‘শতিকাটোৰ কুখ্যাত ব্যক্তি’ হিচাপে৷

সকলো মানুহকে সমদৃষ্টিৰে চাবলৈ প্ৰয়াস কৰা মহাত্মা গান্ধীৰ হিটলাৰ সম্পৰ্কীয় ধাৰণা আছিল অত্যন্ত স্পষ্ট৷ ধুসৰতাৰ কুঁৱলী তাত খুব কমেই দেখা পোৱা যায়৷ হিটলাৰৰ কৰ্ম সম্বন্ধে গান্ধীৰ মনোভাৱ উমান পোৱাৰ বাবে মুখ্য উৎস হ’ল গান্ধীয়ে হিটলাৰলৈ লিখা দুখন চিঠি৷ প্ৰথমখন চিঠি লিখিছিল ১৯৩৯ চনৰ ২৩ জুলাইত আৰু দ্বিতীয়খন ১৯৪০ চনৰ ২৪ ডিচেম্বৰত৷ কিন্তু তেতিয়াৰ বৃটিছ চৰকাৰে দুয়োখন চিঠি প্ৰেৰণৰ ক্ষেত্ৰত বিধি পথালি দিছিল৷ আধুনিক ইতিহাস চৰ্চাত গান্ধীৰ হিটলাৰ সম্পৰ্কীয় দৃষ্টিভংগী বিশেষতঃ দুটা কাৰণৰ বাবে মানুহৰ আগ্ৰহৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হয়৷

প্ৰথম কাৰণটো হ’ল, হিটলাৰে ১৯৩৮ চনত ব্ৰিটিছ চৰকাৰক ভাৰতৰ স্বাধীনতা আন্দোলন দমন কৰা সন্দৰ্ভত প্ৰদান কৰা পৰামৰ্শসমূহৰ বিষয়ে গান্ধী অজ্ঞ নাছিল৷ লৰ্ড হেলিফেক্সৰ আগত ৰখা হিটলাৰৰ বক্তব্যৰ মাজত কোনো দ্বিধা বা দ্বন্দ্বৰ বিষয়ে গম পোৱা নাযায়৷ কাৰণ হিটলাৰৰ পৰামৰ্শ আছিল সূৰ্যৰ পোহৰৰ দৰেই স্পষ্ট৷ গান্ধীক হত্যা কৰিব পাৰিলেই ব্ৰিটিছ সাম্ৰাজ্যবাদ সুৰক্ষিত হ’ব আৰু ভাৰতৰ স্বাধীনত আন্দোলনৰ তীব্ৰতা ম্লান হৈ পৰিব৷ হিটলাৰ অৱশ্যে সেইখিনিতে ক্ষান্ত হোৱা নাছিল৷ তেওঁ ব্ৰিটিছক কংগ্ৰেছৰ অন্যান্য গুৰুত্বপূৰ্ণ নেতাসকলকো হত্যা কৰিবলৈ কৈছিল৷ তথাপি যদি স্বাধীনতা আন্দোলনৰ চোক নকমে, তেনেহ’লে দুশমান সংগ্ৰামী ভাৰতীয়ক হত্যা কৰাৰ উপদেশো হিটলাৰে হেলিফেক্সক দিছিল৷

মানুহৰ আগ্ৰহৰ দ্বিতীয় কাৰণটো আছিল মহান বিজ্ঞানী আইনষ্টাইনে গান্ধীৰ চিন্তাৰ ওপৰত প্ৰকাশ কৰা নিজৰ মতামতসমূহ৷ প্ৰায়বোৰ কথাতে গান্ধীৰ মতাদৰ্শক সন্মান পৰা আইনষ্টাইনে কিন্তু গান্ধীৰ সত্য আৰু অহিংসাৰ নীতিৰ ওপৰত নিৰ্ভৰশীল কাৰ্যপন্থাক হিটলাৰৰ নাজীবাহিনীৰ বিপৰীতে সফলকাম হ’ব নোৱাৰে বুলি ভাবিছিল৷ আধুনিক বিজ্ঞানে মানৱ জীৱনলৈ অনা যন্ত্ৰচালিত সামগ্ৰীৰ প্ৰতি গান্ধীৰ স্বভাৱজাত অনীহাক সমালোচনা কৰাৰ লগতে আইনষ্টাইনে কৈছিল যে গান্ধীৰ আন্দোলনৰ পন্থা বৃটিছৰ বিৰুদ্ধেহে প্ৰযোজ্য কৰিব পৰি, কিন্তু হিটলাৰ বাহিনীৰ বিপক্ষে নহয়৷ এই দুয়েটা কাৰণৰ বাবে হিটলাৰ সম্পৰ্কীয় মতামত বৌদ্ধিক মহলৰ বাবে সৰ্বদা আকৰ্ষণীয়৷ একে সময়তে পত্ৰত যোগেদি হিটলাৰক অহিংস নীতিৰ সমৰ্থক কৰিবলৈ লোৱা গান্ধীৰ প্ৰয়াসক বাঘক তৃণভোজী কৰাৰ সমাৰ্থক এক অবাস্তব পদক্ষেপ বুলিও কিছুসংখ্যক বাওঁপন্থী আৰু উগ্ৰ হিন্দুত্ববাদী চিন্তাবিদে সমালোচনা কৰিছে৷ তথাপি কিন্তু আগ্ৰহী ব্যক্তিৰ মনত গান্ধীৰ এই দুয়োখন চিঠিৰ সন্দৰ্ভত অনুসন্ধিৎসাৰ অন্ত নাই৷ কি আছেনো এই চিঠি দুখনত?

গান্ধীয়ে দুয়োখন পত্ৰতে হিটলাৰক ‘বন্ধু’ বুলি সম্বোধন কৰিছিল৷ তেওঁ হয়তো লেখাৰ সময়তে উপলব্ধি কৰিব পাৰিছিল যে ‘বন্ধু’ বুলি সম্বোধন কৰাৰ কাৰণটোও আৰম্ভণিতে জনাই থোৱা ভাল৷ গান্ধীয়ে আগবঢ়োবা যুক্তিত কোনো বৌদ্ধিক চল-চাতুৰিৰ প্ৰলেপ দেখা পোৱা নাযায়৷ জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহক সমান দেখা গান্ধীয়ে চিঠিখনত কৈছিল যে তেওঁৰ কোনো শক্ৰ নাই৷ গোটেই মানৱ জাতিয়েই তেওঁৰ বন্ধু৷ লগতে এইটো কথাও সোঁৱৰাই দিবলৈ পাহৰা নাছিল যে অহিংস বিশ্বভাতৃত্বৰ ডোলেৰে বান্ধ খোৱা পৃথিৱীৰ অন্যান্য সাধাৰণ মানুহেও হয়তো হিটলাৰৰ কাৰ্যপন্থাক তেওঁৰ দৃষ্টিৰেই মূল্যায়ন কৰিব৷
প্ৰথম চিঠিখন লিখাৰ সময়ত গান্ধীয়ে ঠিকেই অনুমান কৰিব পাৰিছিল যে হিটলাৰৰ তীব্ৰ স্বাৰ্থান্বেষী আৰু স্বেচ্ছাচাৰী কাৰ্য বন্ধ নহলে এখন বিশাল যুদ্ধ পৃথিৱীৰ সম্মুখত অবশ্যম্ভাৱী৷ সেই যুদ্ধৰ ৰক্তক্ষয়ী প্ৰভাৱৰ পৰা মানুহক বচাবলৈ কিছু অনিচ্ছাসত্ত্বেও গান্ধীয়ে তেওঁৰ অনানা কেতবোৰ বন্ধুৰ অনুৰোধত চিঠিখন লিখিছিল৷ চুটি চিঠিখনত তেওঁ এটা কথা কৈছিল যে হিটলাৰে ইচ্ছা কৰিলে বিশ্ববাসীক তেনে এখন যুদ্ধ সংঘটিত হোৱাৰ পৰা ৰেহাই দিব পাৰে৷ কাৰণ যুদ্ধ এখন হ’লে মানৱ জাতিৰ ওপৰত পৰিব পৰা তাৰ ধ্বংসাত্মক প্ৰভাৱৰ কথা গান্ধীয়ে খুব সুন্দৰকৈ ধৰিব পাৰিছিল৷ যুদ্ধোত্তৰ কালত বহুতো সমালোচকে তেওঁৰ এই আশাক মুখামিৰ পৰিচায়ক বুলি অভিহিত কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল৷ আনকি কিছু সমালোচকে কৈছে যে যুদ্ধখন বন্ধ কৰাত হিটলাৰে কিছু দৃঢ় পদক্ষেপ লোৱাটোহে গান্ধীয়ে বিচাৰিছিল আৰু তাৰ বাহিৰে হিটলাৰৰ অন্যান্য অমানৱীয় কাৰ্যাৱলীত গান্ধীয়ে নিৰৱতাৰ যোগেদি মান্যতা প্ৰদানহে কৰিছিল৷ কিন্তু নিৰপেক্ষ আৰু নিৰ্মোহ যুক্তিৰ আগত এনেবোৰ সমালোচনা সুস্থ আৰু সন্তুলিত চিন্তাৰ বহি: প্ৰকাশ বুলি কেতিয়াও আখ্যা পাব নোৱাৰে৷ কাৰণ ইহুদী নিধনকে আদি কৰি অধিকাংশ নৃশংস কাম হিটলাৰে কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ পাছতহে৷ যুদ্ধৰ অচিলা লৈয়েই বহুতো জাৰ্মান লোকৰ সমৰ্থনো হিটলাৰে কৌশলেৰে আদায় কৰিবলৈ সক্ষম হৈছিল৷ শান্তিৰ সময়ত ইমানবোৰ দানবীয় কাম হিটলাৰে কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন৷ সেই কথাৰ প্ৰমাণ হিটলাৰে যুদ্ধৰ আৰম্ভণিতে নিজৰ দেশৰ ল’ব খোজা আন এক জঘন্য কাৰ্যসূচীৰ সময়ত পোৱা যায়৷ জাৰ্মান লোকসকলৰ দাবীৰ ওচৰত সেও মানি মদমত্ত হিটলাৰে শাৰীৰিকভাৱে অক্ষম লোকসকলক ইচ্ছামৃত্যু দিব বিচৰা চিন্তা মনৰ পৰা পৰিহাৰ কৰিবলগীয়া হৈছিল৷ গতিকে এইটো ঘটনাৰ পৰাও উপলব্ধি কৰিব পাৰি যে গান্ধীৰ প্ৰথম চিঠিখনত হিটলাৰক কৰা অনুৰোধক নিতান্তই অপ্ৰয়োজনীয় বুলি ক’ব নোৱাৰি৷ বৰং ইয়াৰ মাজত অন্তৰ্নিহিত হৈ আছিল এক শান্তিকামী দুৰদৃষ্টি৷

গান্ধীয়ে হিটলাৰলৈ দিয়া দ্বিতীয় চিঠিখন আছিল কিছু দীঘলীয়া৷ মুলতঃ অহিংস আন্দোলনৰ অনন্য বৈশিষ্টসমূহৰ কথা উল্লেখ কৰি গান্ধীয়ে যিকোনো সংগ্ৰামতে শত্ৰুপক্ষক শাৰীৰিকভাবে পৰাভূত কৰাতকৈ মানসিকভাবে জয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল৷ তদুপৰি হিটলাৰৰ নিজৰ দেশৰ প্ৰতি থকা মোহ আৰু সন্মানক গান্ধীয়ে স্বীকৃতিও দিছিল৷ কিন্তু হিটলাৰৰ অযুক্তিকৰ জেদভাব, গোড়ামি আৰু অমানুষিক আচৰণক শাণিত ভাষাৰে সমালোচনা কৰিবলৈও তেওঁ এৰা নাছিল৷ হিটলাৰে চেকশ্ল’ভাকিয়া আৰু ডেনমাৰ্কৰ বিৰুদ্ধে দেখুওৱা মিলিটেৰী আগ্ৰাসনক দানবীয় বুলি কবলৈয়ো গান্ধীয়ে ইতস্ততঃ কৰা নাই৷ শক্তিশালীয়ে শক্তিহীনৰ ওচৰত দেখুওৱা বীৰত্ব বা পৰাক্ৰমক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ নাজীবাদৰ দৰে বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে গান্ধীয়ে গ্ৰহণ কৰা মতামত উক্ত পত্ৰখনৰ মাজতে পোৱা যায়৷

গান্ধীয়ে বিশ্বাস কৰিছিল যে নাজীবাদ আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পাৰ্থক্য আছে মতাদৰ্শ দুটাৰ বিৰূপ প্ৰভাৱৰ প্ৰাবল্যৰ ক্ষেত্ৰতহে৷ তাৰ বাহিৰে শোষণ, লুণ্ঠন আৰু অৱদমন কৰি ৰাখিব বিচৰা প্ৰৱণতাটোৰ ক্ষেত্ৰত দুয়োটাৰে মাজত বিশেষ প্ৰভেদ দৃষ্টিগোচৰ নহয়৷ তদুপৰি ভাৰতৰ অধিকাংশ স্বাধীনতা আন্দোলনকাৰীয়ে সৰ্বসাধাৰণ ব্ৰিটিছ লোকৰ কোনো অহিত চিন্তা কৰা নাছিল৷ গান্ধীয়ে কৈছিল— ‘আমি তেওঁলোকক পৰাভূত কৰিবলৈ চেষ্টা নকৰোঁ, আমি চেষ্টা কৰিম কেবল তেওঁলোকৰ মনোভাব সলনি কৰিবলৈ৷ আৰু যদিহে আমি তেওঁলোকৰ মনৰ ভাব সলনি কৰিবলৈ সক্ষম নহওঁ, তেনেহলে আমাৰ অহিংস অসহযোগিতাৰ সহায়েৰে তেওঁলোকৰ শাসন অসম্ভৱ কৰি তুলিম৷ ” উক্ত বাক্যকেইশাৰীতে গান্ধীৰ মনৰ মতাদৰ্শগত স্পষ্টতা, আত্মবিশ্বাস আৰু জয়ৰ অবশ্যম্ভাৱিতাৰ কথা বুজিব পাৰি৷ তথাপি ইয়াত কোনো অযুক্তিকৰ তথা অত্যাধিক গৌৰৱ আৰু অহংকাৰৰ লেশ দেখা পোৱা নাযায়৷ ভাৰতৰ মাটি, ভাৰতীয় মানুহৰ শৰীৰ আৰু ভাৰতীয় মানুহৰ অন্তৰাত্মা সকলোকে গান্ধীয়ে ভিন্ন ৰূপত চিহ্নিত আৰু মূল্যায়ন কৰিছিল৷ তেওঁ হিটলাৰক কৈছিল যে ব্ৰিটিছে আমাৰ মাটি বা শৰীৰ লৈ ল’ব পাৰে, কিন্তু কোনো ভাৰতীয়ৰে অন্তৰাত্মা জয় কৰিব নোৱাৰে৷ মানুহৰ হৃদয় জয় কৰিবলৈ অসমৰ্থ কোনো শক্তিকে গান্ধীয়ে হয়তো প্ৰকৃতাৰ্থত শক্তিশালী বুলি ভবা নাছিল৷ সেয়েহে সত্য আৰু অহিংসাৰ ওপৰত তেওঁৰ আস্থা আছিল সদায় অটল৷

গান্ধীয়ে হিটলাৰক আৰু কৈছিল যে অহিংস পন্থাৰে উদ্বুদ্ধ অলেখ ভাৰতীয় লোকে বিৰূপ মনোভাব পোষণ নকৰি নিজৰ দেশৰ বাবে প্ৰাণ উছৰ্গা কৰিব পাৰে৷ ইয়াৰ জৰিয়তে অহিংস মতাদৰ্শৰ মাজত অন্তৰ্নিহিত হৈ থকা সীমাহীন সাহস আৰু অৰ্থহীন দেশপ্ৰেমৰ দৃষ্টান্ত তেওঁ সজোৰে দাঙি ধৰিছিল৷ অনানা কিছু এক গান্ধীয়ে জাৰ্মান শক্তিৰ সহায়ত ব্ৰিটিছ সাম্ৰাজাবাদক ওফৰাব বিচৰা সেই বিষয়েও তেওঁ দ্বিধাহীনভাবে স্পষ্ট ভাষাত হিটলাৰক জনাই দিছিল৷ তেওঁ বিশ্বাস কৰিছিল যে বিশ্বৰ হিংসাশ্ৰয়ী শক্তিসমূহৰ সন্মিলিত প্ৰচেষ্টাকো অহিংস সংগ্ৰামে সেও মনাবলৈ সক্ষম হ’ব৷ কাৰণ অহিংস ৰণত জয় বা পৰাজয়ৰ কোনো কথা থাকিব নোৱাৰে৷ গান্ধীৰ মতে ভাৰতৰ স্বাধীনতা সংগ্ৰাম শেষ সময়ত পৰ্যবসিত হৈছিল কেৱল ‘do or die’ পৰ্যায়লৈ, কিন্তু কাকো হত্যা কৰি বা কাকো আঘাত দি নহয়৷ তেওঁ আৰু কৈছিল যে অহিংস সংগ্ৰামৰ বাবে টকা-পইচা বা হিটলাৰে প্ৰদৰ্শন কৰা ৰাজনৈতিক মতাদৰ্শৰ কোনো প্ৰয়োজন নাই৷

গান্ধীয়ে পত্ৰখনত লিখা ইয়াৰ পিছৰ কথাখিনিত দ্বিতীয় মহাসমৰৰ সম্ভাব্য ফলাফল আৰু হিটলাৰৰ শেষ অৱস্থাৰ কথা ভবিষ্যদ্বাণীৰ দৰে পৰিস্ফুট হয়৷ মূলতঃ সেই সময়ৰ বিশ্বৰ বিভিন্ন শক্তিৰ মাজত থকা সম্পৰ্কবোৰৰ মাত্ৰাক সূক্ষ্ম দৃষ্টিকোণেৰে বিশ্লেষণ কৰিব পৰা ক্ষমতা আৰু নিজৰ মতাদশৰ যুক্তিযুক্ততাৰ ওপৰত গভীৰ বিশ্বাস ৰখা গান্ধীৰ দৰে এজন ব্যক্তিৰ কাপৰ পৰা উক্ত কথাখিনি হয়তো অত্যন্ত অবধাৰিতভাবে ওলাই আহিছিল৷ হিংসাৰ মূল সীমাবদ্ধতা হ’ল ই আমন্ত্ৰণ কৰি অনা সৰ্বতোপ্ৰকাৰৰ ধ্বংসলীলা৷ কিন্তুু একে সময়তে সেই হিংসাশ্ৰয়ী যুদ্ধ আৰম্ভ কৰা পক্ষাটোৰ দুৰ্বলতাও শত্ৰুপক্ষই বুজি পোৱা হয় আৰু উচিত সময়ত শত্ৰুপক্ষই প্ৰথম পক্ষক পৰাভূত কৰিবলৈ সক্ষম হয়৷ গান্ধীয়ে সেই কথা সঠিকভাবেই উপলব্ধি কৰিছিল আৰু হিটলাৰক জনাইছিল যে এদিন হয়তো ব্ৰিটিছ বা আন শক্তিয়ে হিটলাৰে সূচনা কৰা খেলখনত অধিক পাকৈত হৈ উঠিব আৰু জাৰ্মান শক্তিক পৰাভূত কৰিব৷

দ্বিতীয় মহাযুদ্ধৰ শেষ পৰিণামো প্ৰায় এনেধৰণেৰেই হৈছিল আৰু হিটলাৰ বাহিনী মিত্ৰশক্তিৰ হাতত পৰাবূত হৈ বিধ্বস্ত হৈ পৰিছিল৷ কিন্তু অত্যন্ত পৰিতাপৰ বিষয় আছিল যে বিধ্বংসী হত্যলীলাৰ ব্যাপ্তি আৰু গভীৰতাৰ ক্ষেত্ৰত দ্বিতীয় মহাসমৰ পৃথিৱীৰ বুৰঞ্জীৰ এক দুখজনক অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ল৷ প্ৰায় পাঁচ কোটিতকৈও অধিক মানুহে প্ৰাণ হেৰুওৱা এই যুদ্ধই সমগ্ৰ বিশ্বৰ বহুতো অঞ্চলত ধ্বংসৰ তাণ্ডৱলীলা চলাইছিল৷ মৃত্যুবৰণ কৰাতকৈও অধিকসংখ্যক মানুহ জীৱনৰ কাৰণে ঘুণীয়া হৈছিল৷

যুদ্ধত লিপ্ত দেশসমূহৰ অৰ্থনীতি হৈ পৰিছিল সম্পূৰ্ণৰূপে বিধ্বস্ত৷ নানান গুৰুত্বপূৰ্ণ উদ্যোগ আৰু সেইবোৰ স্থাপনৰ বাবে কৰা লাখ লাখ মানুহৰ মানুহৰ শ্ৰম, কষ্ট আদি ধূলিৰ লগত মিহলি হৈ গৈছিল৷ তাতোকৈ দুৰ্ভাগ্যজনক কথা আছিল দ্বিতীয় বিশ্বযুদ্ধত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল এটম বোমা৷ জাপানৰ হিৰোচিমা আৰু নাগাচাকিত আমেৰিকাই নিক্ষেপ কৰা এটম বোমাৰ প্ৰভাৱত তাৎক্ষণিকভাৱে মৃত্যু হোৱা অলেখ মানুহৰ বাহিৰেও আৰু এক গৰিষ্ঠসংখ্যকে পাছৰ জীৱনত অবৰ্ণনীয় কষ্ট খাই জীয়াতু ভূগিছিল৷ অৱশ্যে দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৃথিৱীৰ ইমানবোৰ দেশ জড়িত থকা এক সংঘাতত কেবল হিটলাৰকে জগৰীয়া কৰাটো সমীচীন নহয়৷ তৎস্বত্বেও সেই বিভীষিকাময় পৰিস্থিতিৰ মূল কাৰণৰ বিষয়ে চিন্তা কৰিলেই হিটলাৰৰ অবিবেচক, চুড়ান্ত স্বাৰ্থপৰ আৰু হিংসাশ্ৰয়ী পথৰ ওপৰত অত্যধিক আস্থাশীল কাৰ্য্যাৱলীৰ কথাই সকলোৰে মনলৈ আহে৷

ইয়াৰ বিপৰীতে গান্ধীৰ মতাদৰ্শৰ সুস্থিৰতাৰ কথা নাজীবাদবিৰোধী সংগ্ৰামৰ ক্ষেত্ৰতে সুন্দৰভাৱে পৰিলক্ষিত হয়৷ নাজীবাহিনীৰ হিংসাক তেওঁ যিদৰে বিৰোধিতা কৰিছিল সেই একেই তীক্ষ্ণতাৰে তেওঁ নাজীবাদবিৰোধী হিংস্ৰ পন্থাটোকো বিৰোধিতা কৰিছিল৷ তদুপৰি ধ্বংস কৰাতকৈ গান্ধীয়ে সদায় গুৰুত্ব আৰোপ কৰিছিল মত পৰিৱৰ্তনৰ বাবে লোৱা আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাক৷ তেওঁৰ এই মতৰ বাবে বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত ক্ষুৰধাৰ সমালোচনাও কৰিছিল৷ কিন্তু মহাত্মা গান্ধী নিজ বিশ্বাসত সদায় অটল হৈ আছিল৷

তদুপৰি বহুসময়ত নিজৰ মতাদৰ্শগত গোড়ামিৰ বাবেও গান্ধী সমালোচিত হৈছিল৷ কিন্তু কোনো সমালোচনাই সত্য আৰু অহিংসাৰ নীতিৰ ওপৰত তেওঁ পোষণ কৰা আস্থাক টলাব পৰা নাছিল৷ বহুতে যদিও এইক্ষেত্ৰত গান্ধীৰ ইগ’ বা আত্মবোধৰ কথা উনুকিয়াব বিচাৰে, কিন্তু আমাৰ বোধেৰে যিকোনো প্ৰকাৰৰ হিংসাৰ বিৰুদ্ধে তেওঁ ৰখা মনোভাৱ আছিল হৃদয়ৰ নিভৃততম কোণৰ পৰা সৃষ্ট এক স্বতঃস্ফুৰ্ত প্ৰকাশহে৷ কোনোধৰণৰ কৃত্ৰিমতা বা ভণ্ডামিৰ আৱৰণৰ পৰা সেয়া আছিল সম্পূৰ্ণভাৱে মুক্ত৷

সাম্প্ৰতিক সময়ত এচাম পণ্ডিতে প্ৰায় আলোচনা কৰা দেখা যায় যে গান্ধীৰ অহিংস নীতি আৰু আত্মত্যাগী আদৰ্শয়ো স্বাধীনতাৰ সময়ত আমাৰ দেশখনক বিভাজিত কৰাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে৷ কিন্তু সুস্থ আৰু বস্তুনিষ্ঠ ইতিহাস চৰ্চাৰ লগত জড়িত সকলো লোকে হয়তো এইটো কথা মানি ল’ব যে বিশ্ব ইতিহাসৰ যিকোনো গুৰুত্বপূৰ্ণ ঘটনাৰ বাবে কেৱল এজন মানুহৰ চিন্তাচৰ্চা আৰু কৰ্মৰাজি একমাত্ৰ কাৰণ হব নোৱাৰে৷ নিজৰ মতাদৰ্শৰ সীমাবদ্ধতাৰ বিষয়ে গান্ধী নিজেও জ্ঞাত নাছিল৷ তথাপি এই কথা অনস্বীকাৰ্য যে গান্ধীৰ মতাদৰ্শৰ মাজত পৃথিৱীৰ অধিকাংশ মানুহৰ কল্যাণ সাধন কৰিব পৰা এক বিপুল সম্ভাবনীয়তা আজিও লুকাই আছে৷ কিন্তু সেই প্ৰত্যাহ্বানক গ্ৰহণ কৰি বিশ্ববাসীক এক শান্তিময়, সমৃদ্ধিময়, অৰ্থবহ আৰু গভীৰ অন্তৰ্দৃষ্টিসম্পন্ন পথৰ সন্ধান দিবলৈ আজি গান্ধীৰ দৰে মহামানৱৰ বাৰুকৈয়ে অভাৱ৷ গান্ধীয়ে হিটলাৰলৈ লিখা দুয়োখন পত্ৰৰ মাজতে হিটলাৰৰ কাৰ্যপন্থা সম্পৰ্কে তেওঁ পোষণ কৰা দৃঢ় বিৰোধিতাৰ লগতে সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত সংগ্ৰামৰ শ্ৰেষ্ঠত্বৰ অনুৰণন শুনা যায়৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments