মহাপুৰুষ হৰগোবিন্দ ৰাজখোৱা (-ঈশানজ্যোতি বৰা)

মহাপুৰুষ হৰগোবিন্দ ৰাজখোৱা
………………………………………………………………………

ঈশাণজ্যোতি বৰা

বাহিৰত তেতিয়া এক উৎসৱমুখৰ পৰিৱেশ৷ ঢাক-ঢোল বজাই দৰা আহি কইনাঘৰৰ পদূলিত থিয় হ’লে চৌদিশে যি এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়, তদ্ৰুপ পৰিৱেশেই বিৰাজ কৰিছে এতিয়া চাৰিওফালে৷কেইটামান ডেকাল’ৰাই মুখেৰে ‘সুইট-সুইট’কৈ হুইছেল বজাইছে,“আমাৰ দাদা ঘৰলৈ আহি গ’ল,ঘৰলৈ আহি গ’ল”বুলি তাল-ফাল লগাই চিঞৰিছে৷দুই-এজন ঢোলবাদকে নিজৰ ঘৰৰ ভিতৰৰ পৰা ঢোলটো উলিয়াই আনি ঢোলমাৰিৰে ঢোলটো কোবাই কোবাই ফালি দিয়াৰ উপক্ৰম কৰিছে আৰু তাৰ সমান্তৰালকৈ কেইগৰাকীমান বিহুৱতীয়ে ‘ মেৰি আশিকি তুম হি হ’’ শীৰ্ষক গীতৰ তালে তালে কঁকাল ঘূৰাই বিহুনৃত্যপ্ৰদৰ্শন কৰিব লাগিছে৷থূলমুলকৈ ক’বলৈ গ’লে,মন ভাল লাগি যোৱা এক পৰিৱেশ৷ তাতে,বিহু শেষ হোৱা বেছিদিন হোৱা নাই৷গতিকে ঢোলৰ চেওবোৰ,নাচৰ পাকবোৰ তেখেতসকলৰঅন্তৰৰ পৰা ওলাই যোৱা নাই৷ দুই-এজন ডা-ডাঙৰীয়াই কোৱামতে-আজিৰ দিনটো,আজিৰ এই মুহূৰ্তকেইটা সবিস্তাৰে অসমৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰিব লাগে৷
ভাদমহীয়া এই আনন্দ উৎসৱৰ কাৰণ কিন্তু বহুতেই ভবাৰ দৰে মহাপুৰুষ মাধৱদেৱ নাইবা মহাপুৰুষ শংকৰদেৱৰ জন্মতিথি নাইবা মৃত্যুতিথি নহয়৷ আজি আমাৰ ৰাইজে আন এজন অসমীয়া বীৰ পুৰুষকহে মহাপুৰুষৰ মৰ্যাদা দিবলৈ যো-জা চলাইছে৷ খবৰটো শুনাৰ পাচত মই কেইমুহূৰ্তমান তভক মাৰি ৰ’লো৷ নিজৰ কানদুখনকে বিশ্বাস কৰিব পৰা নাই৷গাতে লাহেকৈ চিকুট এটা মাৰি দিলো৷কি ঠিক!সপোনৰ জগততে কিজানি ঘূৰি ফুৰিছো৷চিকুটটোত গাটো বেজবেজাই গ’ল৷বুজিলো,মোৰ সন্মুখত ঘটি থকা ঘটনাবোৰ প্ৰকৃততেই সঁচা৷ সপোনৰ লগত তাৰ কোনো সম্পৰ্ক নাই৷
‘মানৱীয় প্ৰমূল্যবোধ’ৰ এই সৰ্বোত্তম নিদৰ্শনত প্ৰথমতে বিষ্মিত হ’লো৷ বাকস্তব্ধ হ’লো৷ তাৰ ক্ষন্তেক পিচতেই ম’বাইল ফোনটোৰ ৰিংট’নত সচকিত হ’লো৷
-‘এনেকুৱাও হ’ব পাৰে নেকি হে বন্ধু?’-ফোনৰ সিফালে বন্ধু বেজবৰুৱা৷বেদনাভৰা কণ্ঠ৷
-‘যিখন মুলুকত আঢ়ৈটকীয়া চাউলেৰে ভাত খোৱা মন্ত্ৰী থাকিব পাৰে সেইখন অসমত কি হ’ব নোৱাৰে? এই মুলুকত ইমপছিবল,অসম্ভৱ বুলি একো শব্দয়েই নাই’- চকুৰ ৰোগত ভুগি থকা এজন মহান নেতাক স্মৰণ কৰি কথাষাৰ ক’লো৷
-মানুহবোৰে ইমান ফূৰ্তি কৰিছে কেলৈ?
-আমি ফূৰ্তি-আনন্দ ভাল পোৱা মানুহ৷ আমি চকুপানী বেয়া পাওঁ৷ৰঙাপানী ভাল পাওঁ৷বানপানী ভাল পাওঁ৷
-তথাপিতো ‘ আই এম ছ’ৰি’ বুলি ক’লেই জানো সি কৰি অহা সকলো কাম আমি পাহৰি পেলাম?
-পেলালে ভাল৷নেপেলালে তোমাৰেই লোকচান৷পিচত পস্তাবা৷
-মানুহবোৰে ইমান সোনকালে কথাবোৰ পাহৰি পেলাব পাৰিলিনে?
-তুমি জানাই দেখোন,অসমীয়া মানুহবোৰ অলপ ‘বিন্দাছ’ প্ৰকৃতিৰ৷ এইবোৰ মিছা ঝামেলা মূৰত সোমোৱাই ৰাখিলে মূৰৰ বিষহে হ’ব৷ আৰু ‘টেবলেট’ৰ যিহে দাম!নোৱাৰি আৰু দেই!!
-এৰা মূল্যবৃদ্ধি৷ এইবোৰৰ মূলতেই হৈছে মূল্যবৃদ্ধি৷কথাটো এতিয়াহে বুজি পালোহে৷ -নিজৰ স্থিতি স্পষ্ট কৰি বেজবৰুৱাই সিপিনে ফোন ৰাখিলে৷
কলিযুগৰ এই মহাপুৰুষজনাৰ নাম হৰগোবিন্দ ৰাজখোৱা৷ তেখেতৰ আচলতে নাম অনেক,কাম এক৷প্ৰতিটো নামৰ পিছফালে ‘অসম’টো ফেভিকলৰ আঠা সানি লগাই থোৱা আছে-যাতে অসমৰ ৰিপ’ৰ্টাৰে ‘আপোনাৰ ঘৰ ক’ত’ বুলি প্ৰশ্ন কৰিলে অলপো নভবাকৈ,এক চেকেণ্ডৰ ভিতৰতে ‘অসম’ বুলি উত্তৰ দিব পাৰে৷ অ’তদিনে যিখন ৰাজ্য সোণেৰে লিপিবলৈ অহোপুৰুষাৰ্থ কৰি আছে,সেইখন ৰাজ্যৰ নামটো নাজানিলে বৃহস্পতিতকৈও বুদ্ধিয়ক আমাৰ বুদ্ধিজীৱি মহলে ‘ৰামায়ন পঢ়ি শেষ কৰিলা আৰু সীতা ৰামৰ বাপেক’ বুলি ইতিকিংসূচক মন্তব্যও দি যে নিদিব তাৰ কি ৱাৰেণ্টি আছে!
পিছে, এই মহাপুৰুষজন কোনো এলা-পেচা দলৰ সদস্য নহয়৷তেওঁলোক ‘ইনভিজিবল’৷ অদৃশ্য ৷বহুতে কোৱাৰ দৰে তেওঁলোক কাপুৰুষো নহয়৷ব্যাকৰণত হয়তো সিমানবোৰ বিশেষণেই নাই,যিমানবোৰ গুণ এই মহাপুৰুষসকলৰ সৰ্বশৰীৰত মজুত আছে৷তেওঁলোক বছৰটোৰ বেছিভাগ সময়েই ব্যস্ত হৈ থাকে৷খুব কমেইহে আজৰি সময় পায়৷আজৰি সময়ত তেওঁলোকে বিশুদ্ধ সোণৰ সন্ধান কৰি ভাল পায়,অসম-বন্ধ,চকা-বন্ধৰ ঘোষণা কৰি ভাল পায়,নিউজ-চেনেললৈ ই-মেইল পঠিয়াই ভাল পায় ইত্যাদি ইত্যাদি ৷
তেওঁলোকৰ মাজৰে এইজন মহাপুৰুষে হাবিত সোমাই এদিন সোণৰ সন্ধান কৰি আছিল৷ সোণ বিচাৰি ইফালে-সিফালে চলাচল কৰি ফুৰোতেই মহাপুৰুষজনক অনুশোচনাৰ জুইয়ে ‘বৰ বেয়াকৈ’ পুৰিলে৷ ক’ব নোৱাৰাকৈয়ে তেওঁৰ মন গ’ল-বগা চোলা পিন্ধি ৰাইজৰ সেৱা কৰিবলৈ৷মন গ’ল-জনপ্ৰতিনিধি হ’বলৈ৷মন গ’ল সক্ৰিয় সমাজকৰ্মী হ’বলৈ৷ কিন্তু,গছত কথাত ওঁঠত তেল,নৌ খাওতেই চেল-বেল৷সপোন দেখিলেই নহ’ব,তাক কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰিব লাগিব৷ তেন্তে উপায়?কাৰণ, ৰাইজ তেওঁৰ ওপৰত ইতিমধ্যেই পুৰা ফায়াৰ৷ ‘ইমানদিন একো ভাল খা-খবৰ নাই, ভাল মাত এটা নাই৷মন গ’লেও বন্ধ দিবি,মন গ’লেই গনেশগুৰি,পল্টনবজাৰত বোমা ফুটাবি,মন গ’লেই কিডনেপ কৰি টকা লুটিবি৷ইমানবোৰ কুকৰ্ম কৰাৰ পিচত এতিয়া আকৌ কৈছ তোৰ দেশ সেৱা কৰিবলৈ মন ৷ আহচোন উভতি,তোৰ ঠেং ভাঙিম’- এনেকুৱা সংলাপ এতিয়া প্ৰতিজন ঘটিৰাম-বাটিৰামৰ মুখত৷ গতিকে কি কৰা যায়?ইপিনে ভাগৰো লাগিছে সোণ চলাথ কৰি কৰি৷ অ’তবছৰ সোণৰ নামত ফুটাকৰি এটাও নাপালো৷ আৰু ভৱিষ্যতে যে পাম-সেই আশাও ক্ৰমাৎ নিৰ্বাপিত হোৱাৰ পথত৷
দুদিন-তিনিদিনমান খাওতে,শুৱতে,উঠোতে,বহোতে মহাপুৰুষজনক সেইবোৰ চিন্তাই আমনি কৰি থাকিল৷বহুতপৰ ভাবিলে,চিন্তিলে৷ জংঘলৰ ভিটামিনবিহীন খাদ্য খাই ইতিমধ্যে তেওঁৰ স্মৃতিশক্তিও কমি আহিছিল৷তথাপিও অৰ্হনিশে তেওঁ মগজুত হেঁচা প্ৰয়োগ কৰি আছিল৷ ৰৈ থকা নাছিল অলপো৷ আৰু তেনে এক মধুৰ ক্ষণতে এজন বিদগ্ধ পণ্ডিতৰ কণ্ঠেৰে নিগৰা এষাৰ সাৰুৱা সংলাপলৈ তেখেতৰ মনত পৰি গ’ল-“বোমানো ক’ত নুফুটে!আমেৰিকাতো ফুটে৷জাপানতো ফুটে৷ টেৰ’ৰিষ্টনো ক’ত নাথাকে?পৃথিৱীৰ সকলোতে থাকে৷গতিকে,ইমান টেনছ্যন কিহৰ বাবে!আমাৰ ওচৰলৈ আহক,আলোচনা-ডিছকাছন কৰোঁ৷মই সকলো ছেতেল কৰি দিমতো৷ আৰৰে ভাই, থাকিবলৈ ডাঙৰ বিল্দিং দিম৷কৰিবলৈ আৰামৰ চাকৰি দিম৷খাবলৈ ফাইভ-ষ্টাৰ হোটেল দিম৷ দিল্লী-মুম্বাই ফুৰিবলৈ ফ্লাইটৰ ফ্ৰি টিকেট দিম৷তোমালোকৰ সকলো দোষ মাফ কৰি দিম৷ কোনে কি কৰিব পাৰে মোক? ময়েইতো অসমৰ ৰজা৷কিমান যে লাগে মজা!!হু:হু:হা:হা:!! ডেট ইজ অলছ’ এন ইম্পটেনটেন্ট মেটাৰ যে, আচ’মীয়া মানুহমখা ইম’শ্বনেল৷তেওঁলোকৰ আনৰ দুখ সহিব নোৱাৰে৷আৰু তোমালোকতো আমাৰ নিজৰ মানুহ৷ সোণ নাপাই খঙতে মানুহ দুটামান মাৰিলা আৰু৷কি নো ডাঙৰ কথাটো হ’ল!মানুহনো ক’ত নমৰে?আমেৰিকাতো মৰে,আফ্ৰিকাতো মৰে৷হয় নে নহয় কোৱা? হু:হু:হা:হা:”’
এৰা,তেৰাইতো ঠিকেই কৈছে-অসমীয়া মানুহবোৰ সহানুভূতিশীল,আৱেগিক৷ আনৰ দুখ খুবেই বুজি পায়৷মানুহক দেখুৱাই অলপ খং-অভিমান কৰিলেও অন্তৰখন মাখনৰ দৰে কোমল,পানীৰ দৰে চাফা,পূৰ্ণিমাৰ ৰাতি দেখা দিয়া আকাশৰ চন্দ্ৰটোৰ দৰে নিৰ্মল,বিশুদ্ধ৷ হয়তো,বিশ্বত এইটোৱেই একমাত্ৰ জাতি যি ‘মানৱীয়তা’ শব্দটোৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিব পাৰিছে৷
অৱশেষত সাতে পাঁচ বাৰ মিলাই আমাৰ মহাপুৰুষজনে সিদ্ধান্তটো লৈয়েই পেলালে৷তেওঁ উভতি আহিব৷ এৰা,তেওঁ মূলসুঁতিলৈ উভতি আহিব৷ শুভ কামফেৰা কৰিবৰ বাবে প্ৰথমতে তেখেতে ভাল দিন এটা চালে৷ ব্ৰহ্মপুৱাতে সেইদিনা তেখেতে গৰমপানীৰে গাটো তিয়ালে৷তাৰপিচত পৰম্পৰাগত সাজ-পাৰৰ চিনস্বৰূপে ধূতি-কুৰ্তা আৰু ডিঙিত গামোচা এখন ল’লে ৷অসমীয়া মানুহৰ অন্তৰ দখল কৰিবলৈ সেইটো এটা যাদুকৰী কিটিপ৷ আদা দিয়া লাল-চাহ একাপ পি লৈ গলটো চাফা কৰি ল’লে আৰু তিনি কোটি মানুহক সাক্ষী কৰি কেমেৰামেনৰ কেমেৰাটোলৈ পোনে পোনে চাই থাকি অলপো সংকোচ নকৰাকৈ কৈ পেলালে তেওঁৰ ইতিমধ্যেই মুখস্থ কৰি থোৱা সেই তিনিটা যাদুকৰী শব্দ-‘আই এম ছ’ৰি গাইজ৷ আই এম ছ’ৰি অসমৰ ৰাইজ৷ আই এম ছ’ৰি চি এম চাৰ৷আই এম ছ’ৰি অসমী আই৷ আই এম ৰিয়েলি ছ’ৰি৷’
বচ!! হৈ গ’ল৷কাম বনি গ’ল৷ তেৰাৰ ঔষধে কাম দিলে৷মহাপুৰুষৰ সেইকেইটা কথাই অসমৰ ৰাইজৰ হৃদয় জুৰ পেলালে৷চি এম ছাৰ আনন্দিত৷মহাপুৰুষ একেকোবে আহি ঘৰৰ পদূলি পালেহি৷ আগে-পিছে গাড়ীৰ লানি-নিছিগা শাৰী৷মহাপুৰুষজনৰ পিন্ধনত বগা চোলা-ক’লা পেন্ট ৷অ’তবছৰ সেই একেই জংঘলী কাপোৰযোৰ পিন্ধি পিন্ধি গা-চা বেয়া লাগি গৈছিল৷মিছাতো ক’লে কিডাল হ’ব,দুই- এঠাইত খজুৱতিও হৈছিল৷ কাপোৰো সেই একেইযোৰেইহে৷টিভিত ওলালেও সেই একেই কাপোৰ,পেপাৰে-পত্ৰই ফটো ওলালেও সেই একেযোৰেই কাপোৰ৷ সেয়ে,আজি মহাপুৰুষে ধকধককৈ বগা নতুন চোলা এটা পিন্ধিছে৷ তাকো বিনামূলীয়া চোলা৷গতিকে নিপিন্ধাৰ প্ৰশ্নই নুঠে৷ মহাপুৰুষৰ ডিঙিৰ পৰা পেটলৈকে ওলমি পৰিছে শ-শ ফুলাম গামোচা৷ মানুহবোৰৰ ইমান যে আদৰ-সাদৰ!গামোচাৰ ভৰে মহাপুৰুষৰ পুৰণা ককাঁলৰ বিষটোক উক দিছে৷ তথাপিও,গামোচাবোৰ তেওঁ দলিয়াই দিয়া নাই৷অন্যথা ৰাইজৰ সন্মুখত ‘ইম্প্ৰেচন’ বেয়া হোৱাৰ পুৰামাত্ৰাই ‘চাঞ্চ’ আছে৷ ‘পলিটিকেল কেৰিয়াৰ’ৰ কথা আছেতো৷ আৰু,এইবোৰ ঘটিৰাম-বাতিৰামে পিন্ধা দহ-বিশটকীয়া গামোচা নহয়৷হাতী-গড়-ভালুক অংকিত হৈ থকা ‘খাঁটি অসমীয়া-খাঁটি অসমীয়া’ গোন্ধাই থকা গামোচা৷
মহাপুৰুষৰ আগে-পিছে,সোঁৱে-বাঁৱে হাজাৰ-বিজাৰ ভক্ত৷তাল-খোল বজাই ৰাইজে আকাশ-বতাহ মুখৰিত কৰি তুলিছে৷হালধীয়া,বেঙুনীয়া,ৰঙা আদি নানান ৰঙীন ফুলৰ মালাই মহাপুৰুষৰ দেহৰ শোভা বৰ্দ্ধন কৰিছে৷চৌদিশে ৰাইজৰ“জিন্দাবাদ,জিন্দাবাদ”-ধ্বনি৷কি ডেকা,কি বুঢ়া,কি গাভৰু,কি বোৱাৰী,সকলো মহাপুৰুষক লৈ ব্যস্ত৷মাটিত থ’লে পৰুৱাই খাব,মূৰত থ’লে ওকণিয়ে খাব৷ বিশিষ্ট অতিথি হ’বলৈ মহাপুৰুষজনাক ইতিমধ্যেই ফোনযোগে ওচৰ-চুবুৰীয়া কেইবাখনো ঠাইয়ে আমন্ত্ৰণ জনাইছে৷
-দাদা,আপুনি এজন হিৰ’৷আপোনাক লৈ আমি প্ৰাউদ ফিল কৰোঁ৷’-লুইতৰ পাৰৰ ডেকা ল’ৰা এজনে মহাপুৰুষৰ চৰণ চুলে৷তেওঁৰ জীৱন ধন্য হ’ল৷
-বোপা,হওক দে৷বাল্মিকীয়ো এসময়ত ৰত্নাকৰ আছিল৷পাচত নিজৰ ভুল বুজি তেও এজন বিদগ্ধ ঋষি হিচাপে জনাজাত হয়৷ তহঁতে ভুল কৰিছিলি৷মানুহ মাৰিছিলি৷নিৰীহক মাৰিছিলি৷ধেমাজিৰ সেই সৰু-সৰু ল’চালিকেইটাক মাৰি তহঁত সকলোৰে ঘৃনাৰ পাত্ৰ হৈ পৰিছিলি৷ কিন্তু,সেইবোৰ একোৱেই নহয় জান!তেনেই সৰু কথা৷আটাইতকৈ ডাঙৰ কথা যে-তই নিজৰ ভুলটো বুজি পালি৷ আৰু এতিয়া চিধা ৰাস্তালৈ আহিছ৷ভগৱানে তোৰ মংগল কৰক বোপা৷’- মহাপুৰুষক কোলাত লৈ ডাঙৰ কৰা আশীবছৰীয়া ককাজনে ক’লে৷ককাৰ ভাৱগধুৰ বক্তব্যই মহাপুৰুষৰ হৃদয় স্পৰ্ষ কৰিলে হ’বলা৷মোলায়েম হাঁহি এটা মাৰি মহাশয় ফালৰি কাটিলে৷
-খুৰা,কাপুৰুষ মানে কি?মাজে-মাজে পেপাৰত পঢ়িবলে পাওঁ৷ আপুনি কাপুৰুষ নেকি?–ককাৰ নাতিয়ে সুধিলে৷প্ৰশ্ন শুনি মহাপুৰুষজনে অলপ থতমত খালে৷ মহাপুৰুষক বিপদত পৰা যেন দেখি তেওঁৰ ভক্ত এজন আগুৱাই কণমানি ল’ৰাটোৰ সন্মুখলৈ আহিল আৰু হাতত চকলেটদুটামান দি মহাপুৰুষ সহিতে সেই ঠাই ত্যাগিলে৷
‘আই এম ছৰি- ৱাহ!কি যে যাদুকৰী এই শব্দকেইটা! অসমীয়া মানুহবোৰক উল্লু বনাবলৈ ইমান যে ইজি হ’ব তেওঁতো সপোনতো ভবা নাছিল৷ কেতিয়াও কল্পনাই কৰা নাছিল যে ব’ম-গ্ৰেনেড ফুটাইয়ো ইমানখিনি সুনাম আৰ্জিব পাৰি!সৌসিদিনালৈকে তেওঁ এজন ‘কলংকিত নায়ক’ বুলি চৌদিশে জনাজাত আছিল৷ আৰু আজি তেওঁ ‘জাতীয় নায়ক’৷নেশ্যনেল হিৰ’তকৈ অলপহে কম পপুলাৰ৷অসমীয়া মানুহবোৰ সচাঁয়েই অতুলনীয়৷‘আই এম ছ’ৰি’ বুলি তেওঁ ক’বলৈহে পালে-গোটেই মানুহমখা আহি তেওঁক গবা মাৰি ধৰিলেহি৷তেওঁ প্ৰথমে ভাবিছিল-ৰাইজে মিলি-জুলি তেওঁক গোৰ-চৰ সোধাব,গোৱাল গালি দিব৷ঠায়ে-ঠায়ে প্ৰতিবাদ হ’ব৷পুত্তলিকা দাহ হ’ব৷ধৰ্ণা-অৱৰোধ হ’ব৷দল-সংগঠনে প্ৰেছ-মিট দি চিঞৰি-বাখৰি ষ্টেজ পুৰা ফালি দিব৷পাৰিলে কেইটামানে খঙতে অসম-বন্ধই দি দিব৷বাতৰি-চেনেলৰ নন্দন-মৃণালহঁতে চিঞৰি-বাখৰি টেটুঁ ফালি ফালি তেওঁক গালি পাৰিব৷ কিন্তু ক’তা!সকলো দেখোন হিমালয়ৰ বৰফৰ দৰে চেঁচা৷সকলোৱে তেওঁক দৰাক আদৰি অনাৰ দৰে আদৰিহে আনিলে৷ সচাঁকৈয়ে মহান এই অসমীয়া মানুহ৷মহান এই জাতি!”-মহাপুৰুষে নিজকে চাব্বাচি দিয়াত লাগিল৷
এৰা,আমি হ’লো অসমীয়া মানুহ৷ভাৰতীয় মানুহ৷মৰম,দয়া,মানৱীয়তা,সহানুভূতি-এইবোৰ আমি চিনি নোপোৱা নহয়৷ আমেৰিকা আৰু আমাৰ মাজত এইটোৱেই তফাৎ৷তেওঁলোকৰ এইবোৰ দয়া-চয়া চিনি নাপায়৷ আমাৰ পৰা যে কেতিয়া শিকিব এই গুণবোৰ!! এই গুণবোৰৰ মহত্ব নুবুজাৰ বাবেই লাডেনক গৈ তেওঁলোকে ঘৰতে মাৰি থৈ আহিলগৈ৷ আমিবোৰ ইমান নিদাৰুন কেতিয়াও নহওঁ দেই৷যিমানেই ব’ম নুফুটাওক লাগে,যিমানেই গুলী নামাৰক লাগে৷আমি তেওঁক কেতিয়াও জে’ললৈ নপঠিয়াও৷কেতিয়াও কেচ নিদিও৷তেওঁক কাপুৰুষৰ পৰা মহাপুৰুষ কৰিহে এৰিম৷চেষ্টাৰ অসাধ্য একো নাই৷পাকিস্তানে ভাৰতীয় সৈন্য যিমানেই নামাৰক কিয়,আমি শান্তি-প্ৰতিষ্ঠা কৰিহে এৰিম৷ দিল্লী-মুম্বাই জ্বলাই দিলেও দিয়ক৷ আমি একো নকৰোঁ৷সংসদত আমি মন মাৰি বহি নাথাকো৷যি হ’ব লগা আছিল,হৈ গ’ল ৷আমি এটা টু-শব্দও নামাতো৷ আমি শান্তিপ্ৰিয় মানুহ৷ আমাক শান্তি লাগে৷ আৰে,মানুহৰতো ভুল হয়েই৷ আৰু এখেতসকলো মানুহ৷ ভুল হৈ যাব পাৰে৷সেইবোৰ ভাবি আপদ চপাই ল’ব নালাগে৷তেওঁলোকে কষ্ট কৰক,সোণ বিচাৰক,ব’ম ফুটাওক,গুলি মাৰক৷ বেছি ভাগৰ লাগিলে গুচি আহিলেই হ’ল৷ টেনশ্যন লৈ দুদিনীয়া জীৱনটো দুখময় কৰি তুলিব নালাগে৷আমিতো সদায় আছোৱেই তেওঁলোকৰ দুখৰ সমভাগী হ’বলৈ৷সকলোৰে মৰমৰ চি এম ছাৰ আছেই৷বিশেষ একো কৰিব নালাগে৷ ‘আই এম ছ’ৰি’ বুলি মাত্ৰ কৈ চাওক৷ ফুলাম গামোচা পিন্ধাই আকোৱালি ল’বলৈ গোটেই জাতিটো আগ্ৰহেৰে অপেক্ষাৰত৷ আপোনালোকৰ চৰণ স্পৰ্শ কৰিম৷হৰ্ষধ্বনি দিম৷মনৰ আনন্দত হাঁহ-কুকুৰাৰে ভোজ পাতিম৷ আপোনালোকক কান্ধত উঠাই গোটেইখন ঘূৰাই ফুৰাম৷কাৰণ,আপোনালোক যে ‘কাপুৰুষ’…..অ’হ! ছ’ৰি, ম-হ-আ-আ-পু-ৰু-ষ৷৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক