মহালয়া, এখন অনাতাঁৰ সংগীতালেখ্য আৰু এটা সভ্যতা (অচিন্ত বৰঠাকুৰ)

মহালয়া, এখন অনাতাঁৰ সংগীতালেখ্য আৰু এটা সভ্যতা

মহালয়াৰ দিনা পূৱাৰ পৰাই গোঁসানী পক্ষ আৰম্ভ হোৱা বুলি ধৰা হয়। অসমকে ধৰি ভাৰতৰ বহুতো স্থানত হিন্দুসকলৰ মাজত মহালয়াৰ দিনা ব্ৰহ্মপূৱাতেই উঠি ৰং-ৰহইচেৰে সৈত্যে দেৱী দুৰ্গাক দলবদ্ধভাৱে আদৰিবলৈ যোৱাৰ পৰম্পৰা আছে। কিন্তু, আপুনি হয়তো জানি আচৰিত হ’ব যে ভাৰতৰ এক বিশেষ স্থানত সেই পৰম্পৰাৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ আছে এখন অনাতাঁৰ সংগীতালেখ্য।
বঙ্গদেশত ৰাজহুৱাভাবে শাৰদীয় দুৰ্গোৎসৱ পালন কৰাৰ বুৰঞ্জী অসমতকৈ কিছু নতুন হ’লেও বাঙালীসকলৰ মাজত বৰ্তমান ইয়াৰ প্ৰভাৱ প্ৰৱল তথা সাৰ্বজনীন। এক কথাত ক’বলৈ গ’লে শাৰদীয় দুৰ্গা পূজাক এতিয়া বাঙালীসকলৰ জাতীয় উৎসৱ হিচাবেই গণ্য কৰা হয়। বাঙালীসকলৰ মাজত দুৰ্গাপূজাৰ এই গুৰুত্ব অনুধাৱন কৰি অল ইণ্ডিয়া ৰেডিঅ’ৰ কলিকতা কেন্দ্ৰই (বৰ্তমানৰ আকাশবাণী কোলকাতা) ১৯৩২ চনৰ মহালয়াৰ দিনা ৰাতিপূৱা চাৰি বজাত প্ৰথমবাৰৰ বাবে প্ৰচাৰ কৰিছিল বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ ভাষ্যৰে এখনি অতি উচ্চ মানবিশিষ্ট সংগীতালেখ্য, যাৰ নাম আছিল “মহিষাসুৰমৰ্দিনী”l বাণীকুমাৰ ৰচিত আৰু পঙ্কজ মল্লিকৰ দ্বাৰা সুৰাৰোপিত সংগীতালেখ্যখনিত আছিল চণ্ডীস্ত্ৰোত্ব পাঠ, বাঙালী ভক্তিমূলক গীত, শাস্ত্ৰীয় সংগীত আৰু শঙ্খ, ঢাক আদি পবিত্ৰ বাদ্যসমূহৰ সুৰ সমলয়ৰ এক আকৰ্শণীয় সমাহাৰ, যাৰ মাজত সংগতি ৰাখি বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই নিজস্ব মোহিনী কণ্ঠেৰে বৰ্ণনা কৰি গৈছিল দুৰ্গাদেৱীৰ হাতত মহিষাসুৰ নিধন হোৱাৰ কালজয়ী কাহিনী। প্ৰেমাঙ্কুৰ আতৰ্থি, নৃপেন্দ্ৰ কৃষ্ণ মূখোপাধ্যায় আৰু ৰায়চান্দ বৰেলৰ দৰে শীৰ্ষস্থানীয় কলাকাৰ জড়িত হৈ থকা সংগীতালেখ্যখনিয়ে প্ৰথম প্ৰচাৰতেই শ্ৰোতাৰ মাজত প্ৰৱল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অজস্ৰ শ্ৰোতাৰ পৰা পুণৰ প্ৰচাৰৰ বাবে অনুৰোধ আহিছিল। অল ইণ্ডিয়া ৰেডিয়’ত তেতিয়া বাণীবন্ধনৰ ব্যৱস্থা আৰম্ভ হোৱাই নাছিল বাবে শ্ৰোতাৰ দাবীৰ প্ৰতি সহাৰি জনাই দলটোৱে আশীৰ দশকৰ প্ৰায় শেষ অংশলৈকে প্ৰতিবছৰে একেটা সময়তে সংগীতালেখ্যখন পোণপটীয়া অনাতাঁৰ প্ৰচাৰ ব্যৱস্থা (Live broadcast)ৰ যোগেৰে উপস্থাপন কৰিব লগাত পৰিছিল। আলেখ্যখনি উপস্থাপনৰ বাবে দলটোৱে প্ৰতিবাৰেই কঠোৰ পৰিশ্ৰম আৰু আখৰাৰ আশ্ৰয় লৈছিল, আখৰাত সন্তোষজনক পাৰদৰ্শিতা দেখুৱাব নোৱাৰা পুৰণি আৰু নামজ্বলা শিল্পীকো মূল অনুস্থানৰ পৰা আঁতৰাই ৰখা হৈছিল।
লাহে লাহে অনুস্থানটো অল ইণ্ডিয়া ৰেডিয়’ আৰু বাঙালীসকলৰ মাজত মহালয়াৰ দিনটোৰ বাবে এটা এৰাব নোৱাৰা অংগলৈ পৰিবৰ্তিত হৈ পৰিছিল। দেশ বিভাজনৰ পিছতো সেইদিনা পূৱা চাৰি বজাৰ পৰা অল ইণ্ডিয়া ৰেডিয়’ বা আকাশবাণীৰ জৰিয়তে দুঘণ্টা জুৰি প্ৰচাৰ হোৱা “মহিষাসুৰমৰ্দিনী”ৰ লগে লগে বাংলাদেশৰ একাংশত আৰু সমগ্ৰ পশ্চিম বঙ্গত মহালয়াৰ কাৰ্যসূচী আৰম্ভ হোৱাটো এটা অলিখিত পৰম্পৰা হিচাবে থাকি গ’ল। সংগীতালেখ্যখনিৰ যোগেদি বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ বাঙালীসকলৰ মাজত এক মহানায়কলৈ ৰূপান্তৰিত হৈ পৰিল। ১৯৭৬ চনত অনুস্থানটো প্ৰচাৰৰ বাবে বীৰেন্দ্ৰ কৃষ্ণৰ স্থানত সেই সময়ত জনপ্ৰিয় হৈ উঠা উত্তম কুমাৰ নামৰ এজন অভিনেতাক প্ৰক্ষেপ কৰা হৈছিল, কিন্তু জনতাৰ প্ৰৱল প্ৰতিবাদৰ আগত সেও মানি আকাশবাণী আৰু আয়োজক দলটোৱে পিছলৈ পুণৰ ভদ্ৰকেই সেই দায়িত্বলৈ ঘূৰাই আনিবলৈ বাধ্য হৈ পৰিছিল। আশীৰ দশকত আকাশবাণীয়ে বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ ভাষ্যৰে সংগীতালেখ্যখন বাণীবন্ধন কৰা পেলায় আৰু পিছলৈ সেই বাণীবন্ধিত ৰূপ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। আকাশবাণীয়ে পিছলৈ নিজাববীয়াকৈ মহিষাসুৰমৰ্দিনীৰ এটা হিন্দী সংস্কৰণো তৈয়াৰ কৰি উলিয়ায় আৰু দেশৰ অন্যান্য অংশত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে HMVয়ে ইয়াৰ কেছেট, চি.ডি. আৰু ডি.ভি.ডি. নিৰ্মান কৰি বজাৰত উপলব্ধ কৰাইছে। কিন্তু, আকাশবাণীৰ পৰা সেই বিশেষ সময়ত প্ৰচাৰিত হো‌ৱা অনুস্থানটো‌ৱে আজিও তাৰ স্বকীয় মৰ্যাদা আৰু জনপ্ৰিয়তা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। যোৱা চাৰিকুৰি বছৰতকৈও অধিক কাল পশ্চিমবঙ্গত এই অনাতাঁৰ কাৰ্যসূচীৰ জনপ্ৰিয়তাৰ লগত অন্যান্য দৃশ্য বা শ্ৰাব্য মাধ্যমৰ কোনো অনুস্থানেই ফেৰ মাৰিব পৰা নাই বুলি বিভিন্ন পৰীক্ষা-নিৰীক্ষাত ধৰা পৰিছে।
২০০৫ চনত বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ মৃত্যু হয় যদিও মহালয়াৰ দিনা পূৱা ঠিক চাৰি বজাৰ লগে লগে এতিয়াও আকাশবাণী কোলকাতাৰ ষ্টুডিঅ’ত পবিত্ৰ শঙ্খধ্বনিৰ আৱাহনেৰে আৰম্ভ হয় “মহিষাসুৰমৰ্দিনী” আৰু তেওঁৰ বাণীবন্ধিত কণ্ঠস্বৰ দেৱীভক্ত শ্ৰোতাৰ কৰ্ণকুহৰত পৰাৰ লগে লগেই ৰাজ্যখনত সূত্ৰপাত হয় শাৰদীয় দুৰ্গোৎসৱৰ। এনেদৰে এটা অনাতাঁৰ কাৰ্যসূচীক সভ্যতাৰ অংগ কৰি লোৱা আৰু তাৰ হাতত হাত ধৰি এটা উৎসৱৰ শুভাৰম্ভ কৰাৰ ব্যৱস্থা হয়তো সমগ্ৰ পৃথিৱীতেই বিৰল।
শাৰদীয় উৎসৱৰ বতৰত আকাশবাণী, বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ আৰু “মহিষাসুৰমৰ্দিনী” দললৈ আমাৰ চেল্যুট যাঁচিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments