মহাৰথী : শান্তনু চাংমাই

 

পাতনি: এই কাহিনীৰ বাস্তৱৰ লগত কোনো সংযোগ নাই, যদি আছে (মানে আপুনি যদি বিচাৰি পাইছে), তেনেহ’লে সি লেখকৰ সুন্দৰকৈ যুকিয়াই লিখাৰ অসমৰ্থতাৰ বাবেই আছে, আৰু তেনে অসমৰ্থ মানুহৰ তুচ্ছ প্ৰচেষ্টাক যুক্তি অথবা বাস্তৱমুখী অভিযোগেৰে চালনী কৰি নেপেলাই তাতকৈ জৰুৰী কামত মনোনিবেশ কৰিলেহে পঢ়ুৱৈয়ে অধিক সুফল লাভ কৰিব পাৰিব বুলি লেখকৰ দৃঢ় বিশ্বাস | পুৰণি ডায়েৰীৰ পাতৰ পৰা তুলি দিয়া এই ঘটনাবোৰ হয়তো নিচেই গুৰুত্বহীন ধৰণৰ কথা |

 

দুটি অসমান চৰিত্ৰৰ পৰিচয়: ডিচি আৰু এচিপি

 

ম‍ই অধম: ডি. চি. মানে দিবাকৰ চেতিয়া |

বয়স: ৩৪ বছৰ ৮ মাহ যদিও দেখাত ৩৯ যেন লাগে (কিন্তু মানুহে সুধিলে এতিয়াও ২৮ বুলি কওঁ ) দৈহিক মাপ: ৫ ফুট ৭ ইঞ্চি, ৮৩ কেজি ওজন (হতাশাত ভুগি শকত হোৱা বুলি কিছুমানে কয়, ম‍ই কওঁ ন’ কমেন্ট); চশমাৰ পাৱাৰ ৪./.২৫; আগফালৰ চুলিৰ প্ৰায় আধ্যা পৰিছেগৈ |

 

শিক্ষাগত অৰ্হতা আৰু কেৰিয়াৰ: অসমীয়া সাহিত্যত এম.. কৰিবলৈ গৈ এবছৰ পিছতে ব্যক্তিগত কাৰণত (সেই ব্যক্তিগত কাৰণবোৰ বিতংকৈ ক’বলৈ হ’লে বেলেগ এখন ডায়েৰী খুচৰিব লাগিব) এৰি দিবলগীয়া হয় | তত্পশ্চাত্‍স্থানীয় গাঁৱৰে ভেঞ্চাৰ হাইস্কুল খনত মাহে আঠশ টকাত তিনিবছৰ গেবাৰিখাটন, পিছত স্কুল চেংশ্যন হৈ যোৱাত সেই চাকৰি আন কাৰোবাৰ প্ৰাপ্তি | চাকৰি বিচাৰি বিচাৰি অসম দেশখন তলওপৰ (ইংৰাজীত up & down বুলি কয় যে, সেইটো) কৰিলোঁ, পেণ্ডোৰাৰ বাকচৰ দৰে অন্তৰ্দ্ধান হৈ পৰা চাকৰিবোৰৰ আশা লাহে লাহে বাদ দিছোঁ; ঘৰতে দুই চাৰিটা টিউশ্যন কৰি নিজৰ ভাতমুঠি মোকলাই আছোঁ |

 

# এতিয়া আপুনি অনুগ্ৰহ কৰি নুসুধিব, ইমান দিনলৈকে অমুকাই কিয় বিবাহপাশত আবদ্ধ হোৱা নাই বুলি; সেই খিনি মোৰ আত্মজীৱনীত উল্লেখ কৰিম |

 

.চি.পি. মানে অন্তৰীক্ষ চিলাৰায় ফুকন

বয়স: ৩৪ বছৰ যদিও ২৭ বছৰীয়া মানুহৰ দৰে তজবজীয়া |

দৈহিক জোখমাখ: দীৰ্ঘদেহী, ৫ ফুট ১১ ইঞ্চি, ৭২ কে.জি. ওজন (এইটো নো কি ডাঙৰ কথা; নিতৌ এঘন্টাকৈ শৰীৰচৰ্চা কৰিলেনো কাৰ শৰীৰ ভালে নাথাকিব?) জোঙা নাক, সুন্দৰ চেহেৰা, দীঘল কেঁকোৰা পনীটেইল বান্ধিব পৰা চুলি, আটিল বাহু ইত্যাদি ইত্যাদি (বেছিকৈ একে লিংগৰ প্ৰাণীৰ প্ৰশংসা কৰিলে কেঁকোৰাচকুৱা বোৰে অন্য অৰ্থও উলিয়াব পাৰে)  |

কেৰিয়াৰ, অৰ্হতা ইত্যাদি: মেট্ৰিকত ডিষ্টিংশ্যন, ৰসায়ন বিদ্যাত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ, ধনী পিতৃৰ একান্ত ইচ্ছা আছিল তেওঁৰ পুত্ৰই বাহিৰৰ ইউনিভাৰ্চিটীৰ পৰা স্নাতকোত্তৰ, ডক্তৰেট ডিগ্ৰী ল’ব; কিন্তু সেই আশাত চেঁচা পানী ঢালি অন্তৰীক্ষ চাৰি বছৰৰ বাবে ব্যস্ত হৈ পৰিল এজন খাপচাৰা বিজ্ঞানীৰ এচিষ্টেন্ট হিচাপে | এদিন বিজ্ঞানীজন খপকৈ ঢুকাই থকাত তেওঁ ওলাই আহি ৰাজস্থানত থকা ডিফেন্সৰ স্পেচিয়েল ব্যুৰো’ত (স্পেচিয়েল ইনষ্টিটিউটবোৰত ইমান স্পেচিয়েল নো কি থাকে মোৰ জ্ঞানৰ পৰিধিৰ বাহিৰত) লে’ব ৰিচাৰ্চ ফেলো’ হিচাপে এবছৰৰ বাবে কাম কৰে | শেহতীয়া খবৰ মতে সকলো বাদ দি তেওঁ দেউতাকৰ অগাধ টকা ভাঙি ঘৰতে হাতত হাত ধৰি বহি আছে |

এখন অপ্ৰত্যাশিত টেলিগ্ৰাম

ডাকঘৰৰ লগত সম্পৰ্ক প্ৰায় নাইকিয়াৰ নিচিনাই হৈছেগৈ| কলেজৰ দিনতে ৰোমান্টিক মাহেকীয়া আলোচনীৰ পাতৰ পৰা খুচৰি খুচৰি পত্ৰবান্ধৱী দুজনীমানলৈ চিঠি দিছিলোঁ, উত্তৰো নহা নহয়, পিছে সেই কাৰবাৰ বেছিদিনলৈ নচলিল| মোবাইল বোলা বস্তু এটা অহাৰ পিছত চবেই কলম আৰু কাগজলৈ পিঠি দিলে| মোবাইলৱালা ডেকাবোৰে আমাৰ নিচিনা খাকী আৰু মুগাবৰণীয়া খামৰ ওপৰত ঠিকনাৰ ঠিক তলতে কোড লেংগুৱেজেৰে দুষ্টালিভৰা কিবা এটা মেছেজ দি পঠোৱাকেইটাৰ সান্দহ খোৱা বালি তল পেলাই দিলে|

 

বেয়া নাপাব, কথা বেছিকৈ যদিও কোৱাৰ অভ্যাস নাই, বেছিকৈ লিখাৰ অভ্যাস এটা আছে| স্কুলত মহাত্মা গান্ধীৰ বিষয়ে ৰচনা লিখিবলৈ দিওঁতে অলপ দূৰ আৰু আগবাঢ়ি গৈ শংকৰদেৱৰ কথাও অকণ লিখি অহাৰ সময়ৰ পৰাই এই অভ্যাসটো থাকিয়েই গ’ল| এতিয়া ম‍ই শংকৰদেৱৰ কথা নিলিখিমেই বা কিয় কওকচোন? অসমীয়া সাহিত্যৰ প্ৰশ্নকাকত, সুধিছেমহাত্মা গান্ধীৰ বিষয়ে, জাতিৰ পিতা মহাত্মাৰ মাহাত্ম্য বাৰু বখানিলোঁৱেই, কিন্তু আমাৰ নিজৰ মাটিতেই জনম লৈ আমাৰ ভূমিকণ পবিত্ৰ কৰি থৈ যোৱা মহাপুৰুষজনাৰ নাম নল’লে জানো পাপে নুচুব? পাপে নুচুলেই যেনিবা, তেওঁৰ বিষযেও উল্লেখ কৰি মহাত্মাৰ লগতে তেওঁকো শ্ৰদ্ধা জনোৱাটো জানো মোৰ নৈতিক কৰ্তব্য নহয়?

 

নৈতিক কৰ্তব্যৰ পৰা মনত পৰিল যেযি ঘটি গ’ল তাৰ বিৱৰণ হে ম‍ই আপোনালোকক দি যাব লাগে| তাৰ মাজত হেৰাফেৰি জাতীয় কথা সুমুৱাই পৃষ্ঠাৰ পৰা পৃষ্ঠা নষ্ট কৰাটো সমীচীন নহ’ব| তাতে আজিকালি পাঠকসকলৰো যি হে মেজাজ, সাধাৰণ ধৰণৰ কিবা এটা লিখিলে উভতিও নাচায়, সাংঘাটিক ধৰণৰ কিবা এটা লিখিলেহে পঢ়ি উঠি “ঠিকেই আছে” ধৰণৰ উগাৰ এটা মাৰি নিজৰ কামত আকৌ মূৰ গুজি বহি যায়| যি কি নহওক, সম্পাদক বন্ধুৱে মোক যিদিনা ক’লে যে – “দিবাকৰ, বিহু সন্মিলনত আমি এইবাৰ এখন ৫০০ পৃষ্ঠাৰ স্মৃতিগ্ৰন্থ উলিয়াব খুজিছোঁ, ফাণ্ডো ঢেৰ পাইছোঁ; পিছে এতিয়ালৈকে ৩৫০ পৃষ্ঠা মান খালীয়েই পৰি আছে বুজিছা নে? তুমি তো আগতে সাহিত্যচৰ্চা (?) কৰিছিলা, এতিয়াও ঘুটুং ঘাটাং কৈ ট্ৰেজেডি ফালি ফালি এটা দুটা কবিতা মাজে মাজে বাতৰিকাকতত ছপাবলৈ দিয়েই থাকা, তুমি নো কিয় আমাৰ বৃহত্‍ কলেবৰৰ স্মৃতিগ্ৰন্থখনৰ কাৰণে দীঘলীয়াকৈ ১০০ পৃষ্ঠামানৰ ঊপন্যাস নিলিখা হে? কিবা এটা দিম দিয়া চোন!”

 

এনেকৈ সম্পাদকে খোদ আহি ৰিকুৱেষ্ট কৰাৰ পিছতনো কেনেকৈ কথা পেলাওঁ? পিছে ইয়াতে পটকৈ আৰু দুই এটা কথা কৈ থওঁ| “কিবা” এটা যে দিম বুলি ক’লে সম্পাদকেসেইটো কিন্তু বৰ ট্ৰিকী বস্ত দেই| সেইটো “কিবা” কিবা বিশাল ডাঙৰ সুন্দৰ কিবা এটা হ’ব বুলি ভাবি লোৱাজন মহামূৰ্খ| বেছিভাগ ক্ষেত্ৰতে সেই কিবাটো এটা কলম নতুবা এটা সস্তীয়া চোলাই হয়অভিজ্ঞতাৰ পৰাই কৈছোঁ, বিদ্যা শপত| আৰু ১০০ পৃষ্ঠাত নো ঊপন্যাস লিখি অঁতাব জানো পাৰি? চৰিত্ৰ কেইটা পাঠকক চিনাকি কৰাই দি থাকোঁতেই দেখোন ৩০৩৫ পৃষ্ঠা মান যায়েই| কাহিনী আৰম্ভ হওঁতে হওঁতেই দেখোন ১০০ টা পৃষ্ঠা ফুৰুংকৈ শেষ হৈ থাকিব| গতিকে ম‍ই কথাটো ভালদৰে গমি পিতি চাই সম্পাদক বন্ধুক অনুৰোধ কৰি আৰু ৫০ খন পৃষ্ঠা খুজি ল’লোঁ| এইখিনিতে পিছে আৰু এটা কথা, যদিও ম‍ই কথা বেছিকৈ কৈ ভাল নাপাওঁ; যিখন ঊপন্যাস লিখিবলৈ ওলাইছোঁ, সেইয়া যদিও ঊপন্যাস তাত বাস্তৱৰ ছিটিকনিও দুই এক নপৰা নহয় (চকুটিপবুজিছেই নহয়, যদিও পাতনিতে মিল নাই বুলি দায়মুক্তি কৰি লৈছোঁ নিজকে)|

 

হুমম… অ’ ৰ’ব মূল কথাখিনিলৈ মানে কাহিনীটোলৈ উভতি আহোঁ| যদিও মোবাইলৰ যুগ, তথাপি দেখোন এখন টেলিগ্ৰাম আহিল| অন্তৰীক্ষৰ টেলিগ্ৰামতাকো ইমান দিনৰ মূৰত| এটাই মূলকথাতাক লগ কৰিবলৈ অনতিপলমে গুৱাহাটীলৈ যাব লাগে| বাকীখিনি কথা সি লগপোৱাৰ পিছত হে আলোচনা কৰিব|

 

খা এতিয়া কঠালটো| আগ নাই গুৰি নাই, তাৰ লগত ইমানদিন কোনোধৰণৰ য়োগাযোগো নাই, হঠাতে ভুটুংকৈ এইখন টেলিগ্ৰাম| দুটা বস্তু কিন্তু  দিবাকৰ চেতিয়াৰ হজম নহয়| এক, হাঁহৰ মঙহ আৰু দুই, ছাছপেন্স|

 

উপায়?

 

অগত্যা পিছৰ শনিবাৰ টোতে বাছৰ টিকেট কাটি গুৱাহাটীলৈ বুলি উঠি দিলোঁ|

 

কি হ’ব, কি ঘটনা… সেইয়া গুৱাহাটীলৈ গৈ হে গম পোৱা যাব|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক