মহাৰথী (শান্তনু চাংমাই)

যোৱা সংখ্যাৰ পিছৰ পৰা

 

গুৱাহাটীলৈ আহিলেই মোৰ মন ৰোমাঞ্চেৰে ভৰি পৰে| তাৰো কাৰণ নথকা নহয়| সেই যে কৈছিলোঁ পত্ৰবান্ধৱীৰ কথা? তাৰে এজনী দেখোন কাহিলীপাৰাৰেই আছিল| তাইৰ ঘৰটো বাৰ তাইক প্ৰত্যক্ষভাৱে দেখা নাই যদিও চিঠিত তাইৰ আখৰকেইটা দেখিয়েই তাইৰ প্ৰেমত পৰি গৈছিলো| নিশিগন্ধা তালুকদাৰ| তাই লিখিছিল, মোক “নিশি” বুলিয়েই মাতিবা তুমি!

 

মাতিম, নিশি বুলিয়েই মাতিম, মাতিবলৈ লগো পাব লাগিব নহয়| সেই ৩X৫ ফটোখনকেই কিমান বাৰ মাতিছোঁ, নিশি নিশি বুলি… একো কাণসাৰেই নাই| নিশিক ম‍ই এবাৰ চিঠি লিখোঁতে কৈছিলোঁ, মোকো Short Formত দিবা বুলি মাতিবাচোন, তাৰ পিছৰ চিঠিখনত তাই উত্তৰত লিখিছিল- তুমি এটা পাগল|

 

ম‍ই ভাবিছিলোঁ- পাগলৰ নামৰ শ্বৰ্ট ফ’ৰ্ম থকাটো বেয়া নেকি?

 

যি কি নহওক, নিশিৰ কাৰণে যে মোৰ বুকুৰ উমাল কোণত কিবা এটা সাৰ পাই উঠিছিল, সেইটো আজিলৈকে আছেই| এতিয়াও তাইৰ কথা ঘপকৈ মনত পৰিলে দেহ-মান পুলকিত হৈ উঠে| ঠিক তেনেদৰেই গুৱাহাটীৰ পৰিসৰত প্ৰবেশ কৰাৰ লগে লগেই তাইৰ নেদেখা চেহেৰাটোৱে মোক আমনি কৰিবলৈ ধৰেহি| এনেধৰণৰ কথাবোৰ বৰ ভালকৈ এতিয়ালৈকে বুজি নাপাওঁ| যিজনী ছোৱালীক আজিলৈকে ম‍ই লগেই পোৱা নাই, তাইৰ কথা ভাবিলেই বা তাইৰ চহৰখনত ভৰি দিলেই এই অনুভৱৰ সৃষ্টি হোৱাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা জানো আছে? কবি সাহিত্যিকে চাগে কিবা উপমা-পৰমা দি ইয়াৰ অৰ্থ বুজাই দিব পাৰিব| বেলিটো দেখোন কিমান কোটি কি.মি. দূৰৈত থাকে, তথাপি আমি তাপ অনুভৱ কৰোঁ কিয়? সাপ এডাল দেখোন তিনিহাত দূৰৈতে থাকে, তথাপিও দেখা পালেও জীৱ‍ই কিয় ঢিপলিং ঢিপলিং কৰে?

 

এইয়া বাৰু সাহিত্য হ’লগৈ নে দৰ্শন? বাৰু থাউক, পৃষ্ঠা বঢ়াব লাগে বুলি তো কোনো কথা নাই, আচল কথা টেলিগ্ৰাম হে! মানে টেলিগ্ৰাম নহ’লেও টেলিগ্ৰাম লিখা মানুহটোৰ পেটতহে লুকাই আছে আচল কথাখিনি| তাকেতো উলিয়াবলৈ ম‍ই গুৱাহাটীলৈ আহিছিলোঁ| পিছে মাজতে সোমালহি নিশি তালুকদাৰ, য’ত মূল চৰিত্ৰ আছিল এ.চি.পি. হে|

 

 

পুৱা ছয় বাজি চল্লিশ মিনিট যাওঁতে যেতিয়া এ.চি.পি.ৰ ঘৰ পালোঁগৈ চাহাব নিজৰ ব্যক্তিগত ব্যায়ামাগাৰত বন্দী, লগুৱা মহেশে মোক আথে বেথে বহুৱাই চাহ লুচি খাবলৈ দিলে| ফুলা ফুলা লুচি কেইখনৰ পৰা হিচাপ কৰি কৰি সাতখন খাই অঁতাই আঠ নং খনত কামোৰ মাৰিছোঁ হে, এ.চি.পি. আহি হাজিৰ| আহিয়েই এক বাঘঢকা|

 

–    “হুৰ, ঠিকেই শুনিছিলোঁ, হাতীৰ হেনো ডায়েবেটিছ হ’লেও খিনাবৰ উপায় নাথাকে|”

–    “হুৰ, ডাংবদিত হেনো যিমান ঘিঁউ সানিলেও শকত হোৱাৰ উপায় নাথাকে|” চুঙা চাই সোপা দিয়াত অমুকাও জানো কম?

–     হুৰ

–     হুৰ

–     হা: হা: হা:, খাই ল’ আৰু পাঁচখন মান খাই ল’… দুপৰীয়াৰ সময়লৈ নহ’লে ত‍ই ভোকত কিলবলাই থাকিবি|

–    দে দে, লৈ আন… তোৰ লুচিকেইখনো খাই পেলাওঁ| যমৰ শপত, খাই থাকোঁতে মানুহক এনেকৈ ইনছাল্ট কৰি থাকিলে কিন্তু নৰকত ছীট বুকিং হোৱাটো ফাইনেল|

–    আৰু ম‍ই শুনিছোঁ য়ে এনেকৈ গেৰেলা খাৱন দিলেও হেনো নৰকত বেড বুকিং হোৱাটো ফাইনেল|

–    বকৱাছ বন্ধ কৰ, বহ আৰু ত‍ইও খাই ল’হি

–   খাম ৰ’… আগতে গাটো ধুই আহোঁ| তাৰ পিছত লুচিও খাম, তোৰ মগজুটো‍ও খাম|

 

 

 

এনেকুৱাই আমাৰ বন্ধুত্ব| যিমান দিনৰ মূৰতেই লগ নাপাওঁ কিয়, এই সজীৱতা সদায়েই থাকে| এই অকৃত্ৰিম আন্তৰিকতাৰ মূল্য কিমান? ক’ত পোৱা যাব কিনিবলৈ এনেধৰণৰ আপোন আপোন ভাব?

 

-“লুচি দিম?” মহেশৰ হাতত থকা কাঁহীত কেইবাখনো ফুলি থকা ধুনীয়া লুচি, দেখিলেই জিভাৰ পানী পৰা লুচি…

– “দে… আৰু শুনচোন, ফ্ৰীজত কিবা ঠাণ্ডা আছে নেকি?”

– “পেপছি আৰু বীয়েৰ আছে| আপুনি বা কোনটো লয়?”

– “পেপছি আন, তাৰ পিছতো যদি ইয়ে দিল মাংগে ম’ৰ হৈ থাকে তেতিয়া বাৰু ভাবিম|”

– বাৰু…

– “এই এই… মহেশ শুনচোন|” পাকঘৰলৈ যাবলৈ ওলোৱা মহেশক ইচাৰা দি ওচৰলৈ মাতি আনিলোঁ, “কেছ টো কি?”

– “কি কেছ?” তাৰ চকুত বিস্ময়|

– মানে, চাহাবে মোক কিয় মতাই আনিছে?

– “মতাই আনিছে?” ডাবোল বিস্ময়| “মোক দেখোন চাৰে কৈছে আপুনি হে ফোন কৰি চাৰক আহিব বুলি কৈছিল?”

– “হয় নেকি?” এপলৰ বাবে কিবা এটা চিন্তা কৰিলোঁ| নকৰিলেও চিন্তা কৰা যেন দেখুৱালোঁ, “বাৰু, হ’ব ত‍ই যাচোন| পেপছি টো ঠাণ্ডা কৰি হে আনিবি দেই|”

 

ইমান বছৰৰ পৰা এচিপিৰ লগতে থকা মহেশেও নাজানে, এইটো কেনেকুৱা কথা? মানে যেনেকুৱাই কথা হওক, ম‍ই নো তাত কেনেকৈ সোমাই পৰিলোঁ? ম‍ই নো কি দৰৱত দিব পৰা মানুহ? উত্তৰ নাই|

নাই মানে আছে| উত্তৰ আছে|

উত্তৰটো বাথৰূমত সোমাই আছে| পেপছিৰ লগত লুচি খোৱাৰ কিন্তু মজাই বেলেগ…|

 

(চলি থাকিব…)

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments