মহা মহা কাপল্-ৰ চানেকিৰে জীৱনৰ…(ঈশানজ্যোতি বৰা)

কোনোবা এজন প্ৰচাৰবিমুখ মহান অসমীয়াই সম্পূৰ্ণ সুস্থ মগজুৰে মান্ধাতা যুগতে এষাৰ কথা কৈছিল-‘এটা সময় আহিব যেতিয়া অসমৰ নগৰে-গাঁৱে, বিদ্যালয়ে-মহাবিদ্যালয়ে, বাটে-পথে, পাকঘৰে-শৌচাগাৰে, চুবুৰীয়ে-গলিয়ে, দোকানে-হাটে, জংঘলে-পাৰ্কে, বাছে-ৰেলে, উৰাজাহাজে-চাবমেৰিনে, ভাওনাই-থিয়েটাৰে, শ্বপিং মলে-গেলামালৰ দোকানে, ফে’চবুকে-টুইটাৰে কেৱল এবিধ বিশেষ বস্তুকেই দেখা যাব৷ সেইবিধৰ নাম হ’ল :প্ৰেম৷ অলপ সহজ ভাষাত ক’বলৈ গ’লে সেই অতি চমৎকাৰী অথচ আজিকালি য’তে-ত’তে উপলব্ধ বিশেষ বস্তুবিধৰ নাম হৈছে –‘লাভ্’৷

এতিয়া, প্ৰচাৰবিমুখ মানুহজন কোন আছিল বা তেওঁ প্ৰেম কৰিছিল নে নাই, যদি কৰিছিল কোন আছিল তেওঁৰ গাৰ্লফ্ৰেণ্ড, যদি নকৰিছিল তেওঁ কিবা বেলেগ প্ৰজাতিৰ আছিল নেকি, –আদি টান-টান বিষয়ত বেছি মাথা নামাৰি যদি আমি তেখেতৰ উক্তিটোৰ ওপৰত মনোনিৱেশ কৰোঁ তেন্তে আমি খুব সোনকালেই বুজি উঠিম যে মানুহজনে সৌ তাহানিতে কৈ যোৱা কথাবোৰ আজিৰ একবিংশ শতিকাতসঁচাকৈয়ে সঁচা হৈ গ’ল৷
বহুতো মানুহেই অতি দুখেৰে কয় আজিকালি হেনো প্ৰেম বোলা বস্তুটো খুবেই বজৰুৱা হৈ গৈছে, প্ৰেম নামৰ শব্দটোক বহুতেই অপৱিত্ৰ কৰিছে, নৱপ্ৰজন্মই প্ৰেম কৰিবই নাজানে ইত্যাদি ইত্যাদি৷ ‘প্ৰেম কৰিবলৈ আজিকালি বহুত টকা লাগে’-বহুতো ফ্ৰাছট্ৰেটেড ছিংগল ল’ৰাৰ মন্তব্য এইষাৰ৷ আকৌ দুই-এক গাভৰুৰ মতে ‘ আজিকালি প্ৰেম কৰিবলৈ ভাল ল’ৰাই নাই’৷ মুঠৰ ওপৰত সকলোৰে ভিন ভিন মন্তব্য।সঁচা প্ৰেম বিচাৰি নাপাই সকলোৰে কিমান যে আক্ষেপ-দুখ-অভিমান!
কিন্তু অলপ যদি পজিটিভলি কথাবোৰ ভাবি চোৱা যায় তেন্তে এটা মন্তব্য দৃঢ়তাৰে কৰি দিব পাৰি যে প্ৰেম কৰাৰ ক্ষেত্ৰখনত অসম আৰু অসমবাসী কোনোদিনে পিছ পৰি থকা নাছিল, পিছ পৰা নাই আৰু পিছ পৰি নাথাকেও। এইটো কথা সুকীয়া যে আধুনিক অসমীয়াই জয়মতী-গদাপানি, জংকী-পানেইক নিজৰ ‘আইডল্’ বুলি নাভাবে। সেইবোৰ লাভষ্ট’ৰীত হেপ্পী এণ্ডিং নাই।‘প্ৰেম কৰি মানুহ মৰে নেকি’ –প্ৰেমত হাবু-ডাবু খাই থকা যুৱতী এগৰাকীৰ প্ৰশ্ন। নিৰুত্তৰ যুৱক।
যিখন অসমত ৰুমী-জেকিৰ দৰে মানুহে প্ৰেম কৰি নিউজ-চেনেলত দপদপাই ফুৰিব পাৰে, যিখন অসমত শিক্ষকে ছাত্ৰীক ‘দেহা, জান, ছুইটহাৰ্ট’ আদি নামেৰে মৰম লগাকৈ মাতিব পাৰে, যিখন মুলুকত ৮০ বছৰীয়া বৃদ্ধই ১৮ বছৰীয়া ছোৱালীৰ লগত ‘ডাৰ্টি-পিকছাৰ’ৰ ও-লা-লা নাচিব পাৰে, সেইখন অসমৰ জনসাধাৰণ কিমান প্ৰেম-আকলুৱা হ’ব সেইটো আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।
তথাপিও মনে নামানে। ক’বলৈ বাধ্য। প্ৰেম কৰাত অসমীয়া মানুহবোৰ ইমানেই প্ৰতিভাশালী যে ক’ব নুখুজিলেও মুখৰ পৰা আপোনা-আপুনি ওলাই আহে। আজিকালি প্ৰেম বস্তুটো সাংঘাটিকধৰণে আপডেটেদ্ হৈ গৈছে।
আগৰ দিন নাই আৰু এতিয়া। ভঙা-ছিঙা চাইকেলেৰে ক’ত সেই বিজুফুকনৰ ‘চাইকেল নহয় টিলিঙা’ আৰু ক’ত আজিৰ সেই গ্লেমাৰাছ, ষ্টানিং ‘ৰিকি বেহেল ভাৰচেছ লেদীচ’। ক’ত সেই ভূপেনদাৰ ‘নাকান্দিবা, নাকান্দিবা মোৰে নতুন কইনা’ আৰু ক’ত আজিৰ ছেইফ-দীপিকাৰ ‘ছেকেণ্ড-হেণ্ড জৱানী’। দিন সলনি হ’লে প্ৰেম কৰাৰ ষ্টাইলো সলনি হয়। ই এক ধ্ৰুৱসত্য।

আগৰ দিনত ল’ৰাই ছোৱালীলৈ চাই চকুটিপ মাৰে। আজিকালি ওলোটাটো হৈছে। আগৰ দিনত এজনী ছোৱালীয়ে কেৱল এটা ল’ৰাক নিজৰ মন-প্ৰাণ সকলো দি দিয়ে। তাৰ লগতেই বিয়াত বহে। যদি ঘৰৰপৰা বিয়া নিদিয়ে তেতিয়া কৃষ্ণ-ৰুক্মিনীৰ লাভষ্টৰীৰ দ্বাৰা অনুপ্ৰেৰিত হৈ ল’ৰাই তাৰ সপোণকুঁৱৰীক পলুৱাই নিয়ে। প্ৰেমৰ নামত কি এদভেন্সাৰ!
আজিকালি মন-প্ৰাণ দিয়াটো দূৰৰে কথা। প্ৰেমক উচিত মূল্য দিব বিচৰা আজিকালিৰ ৰাধা-লক্ষীহঁতে মন আৰু প্ৰাণক যিমান পাৰি ঠেলি-হেঁচি ধোঁৱাচাঙত তুলি থয়। দুৰ্ভাগ্যবশত: যদি কেতিয়াবা বিয়াত বহিবলগা হয় তেতিয়াহে নমাও-ননমাওকৈ নমাই আনে। আজিকালি এজনী এজনীৰ পিছফালে খুব কমেও পাঁচ-ছয়টা ঘূৰি ফুৰে। স্থান-কাল-পাত্ৰ বিশেষে এই সংখ্যা কম-বেছি হ’ব পাৰে। এই পাঁচ-ছটাৰ ভিতৰত তেওঁলোকে বাছি বাছি তিনিটা বা তাতোকৈয়ো কমসংখ্যাৰ এখন শ্বৰ্টলিষ্ট তৈয়াৰ কৰে। এই ‘ছিলেক্টেড আইটেম’ কেইটাৰ ভিতৰত যিজনে সিহঁতৰ ৰিকুৱাৰমেন্টছ বোৰ পূৰাব পাৰিব সেইজনক ‘আই লাভ ইউ’ কয়। কিন্তু তেতিয়ালৈকে বিয়াত বহিম বুলি ভুলতো নকয়। চাই থাকে, কোনোবা তাতকৈয়ো ‘ভাল’ এটাক ‘বকৰা’ বনাব পাৰি নেকি। দুই-তিনিবছৰৰ অপেক্ষাৰ অন্তত যেতিয়া ‘ চুইটেবেল বকৰা’ বিচাৰি বিচাৰি সিহঁতৰ চকুৰ গুৰি ক’লা পৰি যাব, ঠিক তেতিয়াই, মন কৰিব ঠিক তেতিয়াই তেওঁলোকে নিজৰ অনিচ্ছাসত্বেও মামী-পাপাৰ আগত গৈ ক’বগৈ –পাপ্পা, মাম্মী, মই বিয়াত বহিম (এই আইটেমডালৰ লগত)৷ ‘এই আইটেমডালৰ লগত’শব্দকেইটা আকৌ চাইলেন্ট কৰি থয়, মুখেৰে উচ্চাৰণ নকৰে। মনে মনে ভাবে-‘উপায় নাই আৰু। এতিয়া এইডালৰ লগতে “হ’ল লাইফ্” কামোৰ খাব লাগিব। ছিট্!! ’
যেনেতেনে বিয়া হৈ গ’ল। বিয়াৰ পিছত তাৰপিছত কথাই-কথাই মিছ্ আণ্ডাৰষ্টেন্দিং, মিছ্ বিহেভ, মিছ্ কমিউনিকেশ্যন। কাজিয়া-পেচালৰ অন্ত নাই। আজি বোলে ইটো, কাইলৈ বোলে সিটো। কাইলৈ বোলে কেৰাহী ফুটিল, পৰহিলৈ বোলে চৰিয়া হেৰাল। ৰাতিপুৱা গোমা আকাশ, সন্ধ্যা ফৰকাল বতৰ। আবেলি বিনামেঘে বজ্ৰপাত। ৰাতিলৈ ধাৰাষাৰ বৰষুণ। দোকমোকালি টিকাফটা ৰ’দ। মুঠতে নানানটা ৰূপ। দুই-এজন চফল ডেকা ঘৈনীয়েকৰ অত্যাচাৰত ইমানেই উৎসাহিত হৈ পৰে যে কিতাপ পৰ্যন্ত লিখি পেলায়। প্ৰেম কৰাৰ যাদু দেখিলে! একেচাতেই আপোনাক কৰি দিলে নে সাহিত্যিক ?
সেইদিনা গুৱাহাটীলৈ যাঁওতে দেখিলো বহুহাল দুৰ্দান্ত প্ৰমিক-প্ৰেমিকাক। কি আনন্দ! কি উল্লাস! কি ফুৰ্তি! এহালে যদি ছিটিবাছৰ ভিতৰত হাঁহি-মাতি টোপিত লালকাল হৈ পৰিছে, কোনোহালে আকৌ ফুচকাৱালাটোৰ ওচৰত ৰৈ একেটা ফুচকাকে দুটা ভাগ কৰি খাইছে। কোনোবাই যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ আৰঁত লুকাই প্ৰেম কৰিছে, কোনোবাই আকৌ সন্দিকৈ কলেজত সাগৰিকা, মালবিকাহঁতৰ লগত ভাৱৰ আদান-প্ৰদান কৰিছে।

নিজৰ প্ৰেমিকৰ প্ৰতি ইমান মৰম! মাটিত থলে পৰুৱাই খাব আৰু ওপৰত থ’লে ওকনিয়ে চোবাব। অতিকৈ মৰমৰ দেহাটোক প্ৰেমিকাজনীয়ে নিজৰ কাষৰ ছিটিবাছৰ লেডিছ চিটটোতে বহুৱাই লয়। –বহাচোন মোৰ কাষতে। কোনে কি কয় চাওঁ মই।’এই আশ্বাসবাণী শুনাৰ পিছত বেটাও চুপচাপ বহি থাকে।
ৰাস্তাৰ গৈ থাকিলে কেতিয়াবা আপুনি দেখিব কোনোবা ল’ৰা বা ছোৱালীয়ে এখন হাত কাণত লগাই আনখন হাতেৰে এবাৰ আকাশলৈ, এবাৰ সোঁ-ফালে, এবাৰ বাওঁ-ফালে কিবা-কিবি বুজি নোপোৱা আকাৰ-ইংগিত দেখুৱাই আহিছে। তেওঁক পাগল বুলি ভবাৰ সন্দেহটো আপোনাৰ তেতিয়াহে মাৰ যাব যেতিয়া আপুনি তেখেতৰ কাষ পাবগৈ। সেয়া ভ’দাফোন বা ৰিলায়েন্সৰ ফ্ৰি কলিংৰ বাহাদুৰী। ফেভীকল্ কা জোৰ হ্যে। টুটেগা নহী।

গুৱাহাটী পাৰ্কবোৰ দেখিবলৈ সঁচায়ে ধুনীয়া। আৰু বেছি ধুনীয়া লাগে তেতিয়া, যেতিয়া জোপোহাৰ আঁৰে আঁৰে আপুনি সেই ৰোমান্টিক দৃশ্যবোৰ খালী চকুৰে দেখা পাব। কোনো-কোনো হাইলী ইন্টাৰেষ্টেড মানুহে নিজৰ উৎকন্ঠা দমাব নোৱাৰি জুমি জুমি তাকে চায় আৰু নিজৰ ঘৰত গৈ ঘৈণীয়েকৰ আগত গৰ্বেৰে কয়-হেৰা শুনিছা –আজি প্ৰেম কৰা চাই আহিলো। ঘৈনীয়েকেও মন দি শুনি থাকে। ‘তুমিহে প্ৰেম কৰিব নাজানা ’-শুনাৰ পাছত মিছেছৰ দুখভৰা মন্তব্য।
‘ছোৱালী আৰু বাছ একেই। এখন গ’লে এখন আহে ’৷ এই বিশেষ সূত্ৰ ফল’ কৰি বহুতো অসমীয়া বাহুবলী ডেকাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে দপ্‌দপাই আছে। একেলগে তিনি-চাৰিজনী গাভৰুক নিজৰ প্ৰেমৰ জালেৰে কাৱৈ-গৰৈ মাছ ধৰাদি ধৰে আৰু তাৰ সোৱাদলৈ থাকে বহু দিন, বহু মাহ। তিনিজনী-চাৰিজনী একেলগে চম্ভালি থকাটো কম বাহাদুৰীৰ কথানে!
কাৰোবাৰ যদি এজন বা এজনীয়েই প্ৰেমিক বা প্ৰেমিকা থাকিল তাৰ বা তাইৰ অৱস্থা কাহিল। মানে সংকটজনক –‘তেওঁ সেইয়া কি প্ৰেম কি কৰিছে ? ব’ম ব’ৰ দেই! মোক চা। একেলগে তিনিজনী কন্ট্ৰল কৰি আছো। ’
নিজৰ বন্ধুমহলত হাঁহিয়াতৰ পাত্ৰ হোৱাৰ ভয়তে বহু ডেকা-ডেকেৰীয়ে সাহসেৰে নিজৰ প্ৰেমৰ কথা নকয়। জানোছা “হেভি ইনচাল্ট” হৈ যায়! নিৰৱতাই তেওঁলোকৰ বাবে উত্তম ভাষা হৈ পৰে৷
বিশেষ দক্ষতা আৰু অভিজ্ঞতা থকা বহু সুদৰ্শন যুৱক-যুৱতীয়ে প্ৰেম কৰিবলৈ ইণ্টাৰনেটৰ সহায় লৈছে। হাই-টেক প্ৰেম ইয়াকে কয়৷ তেৰ বছৰীয়া পিলিঙাৰ পৰা আৰম্ভ কৰি ৬০ বছৰীয়া বুঢ়া এটালৈকে সকলোৱে এতিয়া ফে’চবুক নামৰ সাংঘাটিক বস্তুটোত মগ্ন। ফেচবুকক প্ৰেম কৰাৰ মঞ্চ হিচাপে ইতিমধ্যে বহুতেই গ্ৰহন কৰিছে।
লাইকত চুমাৰ পৰশ, কমেন্টত স্মাইলীৰ খলকনি। মানে ক’বলৈ গ’লে একপ্ৰকাৰৰ ৰোমান্টিক পৰিৱেশ। মেছেজ বক্সত প্ৰেম, গোটত প্ৰেম, ৱালত প্ৰেম, ব্ল’গত প্ৰেম, ই-মেগাজিনত প্ৰেম। প্ৰেমেই প্ৰেম।
ফে’চবুকত নিজৰ বয়সটো দহ-বিশ বছৰমান কৰি ল’লে কোনেও গম নাপায়।গম পালেই যেনিবা। তাতে কিডাল হ’ল ? কোনোবাই তুৰি-মুৰি কৰিলে ফে’ক্ একাউন্ট বনাই বেলেগৰ লগত প্ৰেম কৰিম। নতুনজন বা নতুনজনীৰ লগত দুদিনমান কথা পাতিম। ভাল লাগিলে ৰিলেশ্বনশ্বিপ ষ্টেটাছ আপ-টু-ডেট কৰিম। পছন্দ নহ’লে ছিংগল ৰাখিম। কিমানবাৰ প্ৰেম কৰোঁ মোৰ কথা। মোৰহে লাইফ৷ তঁহত কোন বে! হু কেয়াৰছ!!’
কোনো কোনো মহানে আকৌ এনে এটা গোট খুলি লৈছে য’ত কেৱল তেওঁ আৰু তেওঁৰ প্ৰিয়তমা থাকিব। ঠিক ধ্বংস হৈ যোৱা পৃথিৱীত থকা বাচি যোৱা শেষ দুটা প্ৰাণীৰ দৰে। কি মজা! ইটোৱে-সিটোক লৈ হাঁহিব, হহুঁৱাব, মন গ’লে ঠেহ পাতিব, লুকাভাকু খেলিব আৰু কিমান যে কি কি কৰিব! কেইটামান ছাকছেছফুল কাপলেটো বিয়া-চিয়া পাতি তমস্কাৰ। দুই-এক চকুচৰহাৰ তাকে দেখি কমেন্ট-‘কোন কিমান ছাকচেছফুল, দুবছৰৰ পাছতেই চব দুধ কা দুধ আৰু পানী কা পানী হৈ যাব। হুহ!!’
অভাৰ অল ক’বলৈ গ’লে অসমত এতিয়া প্ৰেমৰ বিষ্ফোৰণ। নিউক্লিয়াৰ চেইন ৰিয়েকচনৰ লেখিয়াকৈ প্ৰেম বাগি গৈছে ইজনৰ পৰা সিজনলৈ। সোঁৱে-বাৱে, পূবে-পশ্চিমে-উত্তৰে-দক্ষিণে, ওপৰে-তলে-আগফালে-পিছফালে কেৱল প্ৰেম আৰু প্ৰেম। কৈ থাকিলে শেষ নহয়।
অসম দেশৰ প্ৰেমে এতিয়া দেশে-বিদেশে নাম কৰিছে। চীন, জাপান দেশৰ কাপল্ বোৰে টিপছ্ বিচাৰি অসমীয়া ই-মেগাজিনৰ কবিতা-গল্প পঢ়ি শেষ কৰি দিছে। সঁচা প্ৰেম বিচাৰি হাবাথুৰি খোৱা বহু আমেৰিকান কাপল্ এ আহি অসমত বাহৰ পাতিছে বুলি কালিৰ কোনোবাটো নিউজ-চেনেলৰ ব্ৰেকিং নিউজত দেখিলো। সঁচা কথা কওঁ–মনটো পুৰা ভৰি গ’ল।
অসমীয়া মানুহৰ প্ৰেম কৰাৰ যি নমুনা আৰু ষ্টাইল, তাকে দেখি প্ৰচাৰবিমুখ আন এজন মহান গায়কে কেতিয়াবাই গাই থৈ গৈছিল –
“মহা মহা কাপল্‌ৰ চানেকিৰে জীৱনৰ/আমিও কৰিব পাৰোঁ জীৱন গঢ়িত
খাবলৈ নাপালেও, শুবলৈ নাপালেও/লিখি দিব পাৰোঁ আমি প্ৰেমৰ চৰিত”॥

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments