মহিমা কীৰ্ত্তন (নিতুল বৰা)

নিতুল বৰা

(মহিমা কীৰ্ত্তনৰ অংশ বিশেষ দৰা-কইনাৰ গাত কেনেকৈ খোবা-খুবীয়ে লম্ভে তাৰেই এক বিস্তৃত বিবৰণ এটি প্ৰকাশ কৰিলো—মহাদেৱৰ পুত্ৰ কাৰ্ত্তিকে নাৰদক কৰা প্ৰশ্নৰ উত্তৰত নাৰদে এই বাখ্যা কৰিছিল।)

প্ৰকৃত্বতে খোবা-খুবী দুয়ো উমা(পাৰ্ব্বতী)ৰ মানস দম্পতী আছিল। শিৱ-দুৰ্গা কৈলাশ পৰ্ব্বতত থাকোতে এদিন লক্ষীদেৱী তেওঁলোকৰ কুটীৰলৈ আহিল। সেই সময়ত শিৱ ভিক্ষাৰ বাবে বাহিৰলৈ গৈছিল। উমাদেৱীয়ে কমলাক আসন, ভূষণ, পাদ্য, অৰ্ঘ আদিৰে অভ্যৰ্থনা কৰি আগমনৰ কাৰণ সুধিলে, তাৰ উত্তৰত ভিক্ষুক কলৈ গল বুলি লক্ষীদেৱীয়ে প্ৰশ্ন কৰিলে। সেই প্ৰশ্নত লজ্জিতা হৈ উমাদেৱীয়ে তেখেত বলীৰজাৰ ঘৰলৈ গৈছে বুলি কলে। অৰ্থাত্ শিৱ সাধাৰণ পুৰুষ নহয়, তেখেতৰ স্থান ৰাজগৃহতহে পশুপতিত নহয়। কিয় বুলি লক্ষীদেৱীয়ে সোধা প্ৰশ্নৰ উত্তৰত পুনৰ কৰলে যে তেখেত গকুলত আছে। অৰ্থাত্ কৃষ্ণঁ আৰু শিৱ সম-কক্ষ, কৃষ্ণঁয়ো পশুপতিৰূপে গকুলত গৰু ৰাখিছিল। দ্বিতীয় প্ৰশ্নতো জয়ী হৱ নোৱাৰি লক্ষীয়ে এইবাৰ সুধিলে সৰ্পভুষণ ঘৰত আছেনে..? তাৰ উত্তৰত উমাই কলে যে শেষনাগৰ কোলাত শুই আছে অৰ্থাত্ নাৰায়ণ হৈ অনন্ত নাগৰ কোলাত আছে। তাৰ অৰ্থ হল নাৰায়ণ আৰু শিৱ অভিন্ন। শেষত উমাদেৱীৰ ভাব বুজি নক্ষীদেৱীয়ে কলে আপুনি বিষাদ আৰু আক্ষেপ নকৰি আচল কথাটো কওঁকচোন। তেতিয়া উমাই কলে মই সিমান চঞ্চলা নহও যে অলপতে অভিভূত হম। এইবাৰ লক্ষীদেৱীকে ব্ৰহ্মাস্ত্ৰ হানিলে, আচলতে লক্ষীহে চঞ্চলা একেথিৰে কতো সদায় নাথাকে। শিৱক অপমান দিয়াৰ উদ্দেশ্যে আহি অৱশেষত নিজেই অপমানিত হৈ নাৰায়ণৰ ওচৰত সকলো কলেগৈ।

পত্নীৰ উদ্দেশ্য বুজি আৰু দেশৰ ভবিষ্যত চিন্তা কৰি নাৰায়ণে তেখেতৰ পাৰিষদ চাৰিজন সনক,সনন্দ, সনাতন, সনত কুমাৰক শিৱৰ ওচৰত ভিক্ষা বিচাৰি পথালে। তেওঁলোকেও গৈ কৈলাসত একাকিনী পাৰ্ব্বতীক লগ পাই ভিক্ষা বিাচৰিলে। ভিক্ষা দিব নোৱাৰি অত্যন্ত দুঃখিত হৈ কলে স্বামীয়ে আনিলেহে ভিক্ষা দিব পৰা হৱ, ঘৰত একো নাই। যদি ফলমূল লাগে তেন্তে তাকে দিব পাৰো বুলি কৈ বাৰীৰ পৰা যি পালে তাকে আনি অতিথি ভিক্ষুক চাৰিজনক দি শিৱ অহালৈকে বাট চাবলৈ কলে, কিন্তু তেওঁলোকে বাট নাচাই বিদায় ললে। ইপিনে উমা দেৱীয়ে বিষাদ মনেৰে গধূলিৰ লগে লগে দুৱাৰ বন্ধ কৰি শিৱক ভিক্ষাৰ পৰা বিৰত কৰাৰ উদ্দেশ্যে আৰু খেতি-বাতিত মনোনিবেশ কৰোৱাৰ উদ্দেশ্যে ভিতৰত বহি শিৱ অহালৈকে বাট চাই আছে।
ভিক্ষাৰ পৰা গধূলি আহি দুৱাৰ বন্ধ দেখি শিৱই চিন্তিত মনেৰে ৰৈ আছে। তেনেতে ভিতৰৰ পৰা মাত লগালে দুৱাৰ মুখত কোন ? তাৰ উত্তৰত শিৱই নিজৰ পৰিচয় দি কলে মই শূলী অৰ্থাত্ ‘’ত্ৰিশূলধাৰী’’,—- শিৱক ব্যঙ্গ ভাষাত উমাই কলে শূলৰোগীৰ বাবে ইয়াত দৰব নাই, বেজৰ ওচৰলৈ যোৱা। তেতিয়া শিৱই ভাবিলে মোক চিনি পোৱা নাই। গতিকে এইবাৰ কলে মই ‘’স্থানু’’, স্থানু গছৰ নামো হয় আৰু শিৱৰ নামো হয়। উমাদেৱীয়ে প্ৰথম অৰ্থতে কলে গছে নেমাতে। তেতিয়া শিৱই কলে মই ‘’নীলকণ্ঠ’’, নীলকণ্ঠ শব্দে মৰা চৰাইকো বুজাই সেয়ে, উমাই কলে তেন্তে কেকামেকা কৰি চিঞৰা নাই কিয়..? ইমানতো শিৱ অধীৰ নহৈ কলে মই পশুপতি তাৰ উত্তৰত শিং নাই কিয়…? বুলি শিৱক খং উঠাবলৈ যত্ন কৰিলে। কিন্তু জিতেন্দ্ৰিয় দেবাদিদেব মহাদেৱে সকলো বুজিও ক্ষমা কৰিলে আৰু তেওঁক এনেকৈ অপমান দিয়াৰ কাৰণ বুজি পালে। তাৰ পিছত দুৱাৰ মেলি শিৱক ভিতৰলৈ নি অতি কৰুণ সুৰেৰে তেওঁক কৰা বেয়া বচনৰ বাবে ক্ষমা বিচাৰিলে আৰু লক্ষী দেৱীয়ে কোৱা সকলো কথা কলে। লগতে আৰু কলে যে ভিক্ষা বৃত্তি ত্যাগ কৰি কৃষি কৰ্ম্ম কৰক। নিজৰ সন্মান ৰাখক আৰু দেশৰ প্ৰজা সকললৈ জীৱিকাৰ পথ উন্মুক্ত কৰক। এই কথা শুনি কৃষিকাৰ্য্য যে সহজ নহয় আৰু কৃষি কৰিবলৈ দৰ্কাৰ হোৱা সজুলিখিনিৰ অভাব দৰ্শালে। তাৰ উত্তৰত উমাদেৱীয়ে উপায় দিলে এই বুলি ইন্দ্ৰৰ পৰা মাটি লওঁক, কুবেৰৰ পৰা কঠীয়া আনক, যমৰ পৰা মহটো আনি আপোনাৰ বৃষভৰ তগল যোৰা পাতক বলোভদ্ৰৰ নাঙলটো খুজি আনক, আপোনাৰ ত্ৰিশূল ডালেই হব ফাল, জোটজৰি হব বাসুকী, বৰুণৰ পাশেই হব জুৱলী, কাৰ্ত্তিকে গৰু ৰাখিব আৰু মই নিজে ৰন্ধা-বঢ়া কৰি খোৱা-বোৱাৰ যোগান ধৰিম। সৰুসুৰা অভাৱ অলপ যত্নতে পূৰ হব।

এই কথাকে সাৰোগত কৰি শিৱই কৃষি কৰাৰ সিদ্ধান্ত ললে, সেই মতে সজুলীবোৰ গোটাই লৈ খেতি আৰম্ভ কৰিলে। খেতিও অতি সুন্দৰ হল, পথাৰৰ পৰা শিৱ ঘৰলৈ মুখ নকৰা হল। ইপিনে ৰান্ধনীয়ে খাপলৈ থাকি শেষত খঙে বিষে জৰ্জ্জৰিত হৈ শিৱক পথাৰৰ পৰা ঘৰলৈ অনাৰ উপায় চিন্তি জোঁক, পোক, মহ, ডাহ, কিছুমানৰ সৃষ্টি কৰি পথাৰলৈ পঠালে যাতে সেইবোৰৰ উত্পাতত শিৱৰ ঘৰলৈ মনত পৰে। কিন্তু সি হৈ নুঠিল, ভোলানাথে খেতি দেখি ভোল গল, যিমান পাৰে খেতি কৰি গৈ আছে, কোনোডৰা ধান পকিছে, কোনোডৰা ফুলৰি হৈ হালি জালি আছে, দেখিলে চাই থাকিবৰ মন যায়। পাৰ্ব্বতীয়ে প্ৰথম উপায়ে একো কৰিব নোৱাৰাত তেওঁ নিজেই এবাৰ পথাৰলৈ গৈ দেখে কি বিতোপন ধান আদি অন্ত নথকা পথাৰ, শিৱক দেখাকেই নেপালে, শেষত নিৰুপায় হৈ খোবা-খুবী নামৰ মানস দম্পতি সৃষ্টি কৰি পথাৰলৈ পঠালে, সিহঁতে যেনিয়ে যায় জুই জ্বলি শস্যবোৰ দেই পুৰি নিয়ে। জুই লগা গম পাই শিৱই উভটি চাই সেই অগ্নিগৰ্ভ অসুৰ দুটা দেখি সিহঁতলৈ বুলি ত্ৰিশূল ডাঙি ললে, তেতিয়া সিহঁতে শিৱৰ চৰণত পৰি সিহঁতৰ সকলো বৃত্তান্ত কৈ ক্ষমা খুজিলে।

শিৱয়ো সিহঁতৰ প্ৰাৰ্থনাত তুষ্ট হৈ আৰু নিজৰ মানস পুত্ৰ বুজি জানিব পাৰি কলে তহঁত ঢেধেয়া পৰ্ব্বতত বাস কৰগৈ আৰু ৰবি, শনি, মঙ্গলবাৰে জম্মহোৱা, কিম্বা দ্বিতীয়া, সপ্তমী, দ্বাদশীত জন্মহোৱা আৰু পুনৰ্ব্বসু, উত্তৰা-যাঢ়া, কৃত্তিকা উত্তৰফাল্গনী, পূৰ্ব্বভাদ্ৰপদ, বিশাখা নক্ষত্ৰত জন্ম হোৱা প্ৰাণীৰ মুখত বাস কৰি, সেইবোৰে খোৱা আহাৰৰ অংশৰে জীবিকা নিৰ্ব্বাহ কৰিবি। শিৱৰ আজ্ঞা পায় সিহঁতেও সেইমতে জীৱিকা নিৰ্ব্বাহ কৰি আছে।-ত্ৰেতা যুগত ৰামচন্দ্ৰই ৰাৱণৰ হাতৰ পৰা পত্নী সীতাদেৱীক উদ্ধাৰ কৰাৰ উদ্দেশ্যে যেতিয়া সাগৰৰ ওপৰত সেতু-বান্ধিবৰ কাৰণে গছ, শিল, আদি সংগ্ৰহ কৰে তেতিয়া খোবা-খুৱী বাসকৰা শিলাময় পৰ্ব্বতটোও হনুমানে উভালি আনি সাগৰৰ পাৰত থকা ৰামচন্দ্ৰৰ হাতত দিলেগৈ। খোবা-খুবীয়ে সুবিধা বুজি ৰামচন্দ্ৰৰ হাতত কামুৰি ধৰিলে। ৰামচন্দ্ৰই সিহঁতক বধ কৰাৰ ইচ্ছাৰে ধনুশৰ যুৰিলে। কথা বিষম দেখি খোবা-খুবীয়ে ৰামচন্দ্ৰৰ ওচৰত স-ভক্তিৰে প্ৰণাম কৰি নিজৰ দোষ স্বীকাৰ কৰি ক্ষমা খুজিলে। ভক্তবত্সল ৰামচন্দ্ৰয়ো সিহঁতৰ মিনতিৰ প্ৰতি প্ৰসন্নহৈ সিহঁতক অভয় দান দি পৰিচয় শুধিলে তাৰ উত্তৰত সিহঁতে আদ্যোপান্ত সকলো বৰ্ণনা কৰি অৱশেষত সিহঁতৰ জীৱিকাৰ উপায় খুজিলে আৰু প্ৰসন্ন ৰামচন্দ্ৰই কলে তহঁতে আজিৰ পৰা নৱ-পৰিণীত দৰা কন্যাৰ গাত বিবাহৰ দিনাৰ পৰা থাকিবি। তৃতীয় দিনা খোবা-খুবী পাতি জ্ঞাতি বন্ধুক নিমন্ত্ৰণ কৰি আমাৰ গুণানুকীৰ্ত্তন কৰিব আৰু তহংতৰ আখ্যানো বৰ্ণনা কৰিব। অন্তত সকলোৱে নিজ নিজ প্ৰথা মতে ভাজন ব্যৱহাৰ কৰিব। তহঁতেও তাৰ ভাগ লৈ দৰা-কন্যাৰ গাৰ পৰা আঁতৰি যাবি। ইয়াৰ অন্যথা কাহানিও নকৰিবি। ৰামচন্দ্ৰৰ আজ্ঞা অনুসৰি সিহঁতে আজিও জীৱিকা নিৰ্ব্বাহ কৰি আছে। দ্বাপৰ যুগত শ্ৰীকৃষ্ণই কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিনীক বিয়া কৰাই দ্বাৰকালৈ যাওঁতে স্বয়ং ইশ্বৰ কৃষ্ণকে খোবা-খুবীয়ে লম্ভিলে। কৃষ্ণই কথাটো বুজিব পৰা নাছিল। সৌভাগ্যৰ কথা যে তেখেতৰ কুলগুৰু গৰ্গমুনিও বিয়ালৈ আহিছিল। গুৰুৱে ধ্যানত সকলো বুজিলে আৰু খোবা-খুবীক সন্তৰ্পনা কৰি বিপদৰ পৰা মুক্ত হল। সেই দিন ধৰি অসমীয়া সমাজত খোবা-খুবী পালন ধাৰাবাহিক ভাবে কৰি আহিছে।

সৃষ্টিকৰ্তা লক্ষী-নাৰায়ণ, ৰাম-সীতা, কৃষ্ণ-ৰুক্মিণী আৰু শিৱ-পাৰ্ব্বতীৰ আখ্যানে যাতে ধৰ্ম্মানুপ্ৰথা সমাজত চিৰকাল বৰ্ত্তী থাকে ইয়াকে আশা কৰি মহিমা কীৰ্ত্তনৰ অধ্যায়টি ইয়াতে সামৰণি মৰা হল। বৰ কন্যাৰ মঙ্গল হওঁক। ওঁ শান্তি-ওঁ শান্তি ওঁ শান্তি।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments