মহীৰূহৰ আত্মকথা –  ৰাজশ্ৰী ধনদিয়া

আনদিনাৰ দৰেই আবেলিৰ ৰান্ধনী বেলিৰ হালধীয়া মদৰুৱা পোহৰবোৰে মোক ভাবুক কৰি থৈ গ’ল৷
এই সময়ছোৱাত মই বৰ অসহায় অনুভৱ কৰোঁ৷ কিয় জানো, বুকু খনৰ লগতে মন টোৰো ধৰফৰনি যেন বাঢ়ি আহে৷ আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই, অৱশ্যে ৰাতিপুৱাৰ ঘটনাটোৰ পাছত মই বৰ অপৰাধবোধত ভুগি আছোঁ৷ অৱন্তীয়ে হয়তো বহুত কষ্টৰ মূৰতহে মোক কটু কথা নুশুনোৱাকৈ ক্ষান্ত থাকিল৷
কিন্তু কি কৰোঁ মই? বয়সে বাধা নমনাকৈ মোৰ এই দেহটোত আঁচোৰ পেলাব পাৰে, কিন্তু কিয় জানো মনটোৰ তাৰুণ্যই যেন হাৰ মানিব খোজা নাই, এই দুৰ্দান্ত ভাৱবোৰৰ বিলাসিতা বেছ কিছুদিনৰপৰা মই গভীৰ ভাৱে অনুভৱ কৰিবলৈ লৈছোঁ, অথচ দুৰ্ব্বল আৰু ফুলি থকা ভৰি দুখনে মোৰ আশী কেজি ওজনৰ এই শৰীৰটো থৰক- বৰক নোহোৱাকৈ বেছি দূৰলৈ আগবঢ়াইও লৈ যাব নোৱাৰে, অলপ দূৰ গৈয়েই নিজৰ ভৰি দুখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাওঁ৷ আজি ৰাতিপুৱাতো ঠিক তেনেকুৱাই হ’ল আৰু মই পিৰালিৰ কাষতে পৰি গ’লোঁ৷ আৰতি নামৰ সহায়কাৰী ছোৱালী জনীৰ মাত শুনি ভিতৰৰ পৰা অৱন্তী লৰ মাৰি ওলাই আহিছিল৷ মোক তেনে অৱস্থাত দেখা পাই তেওঁৰ দুচকু অশ্ৰুধাৰাই উপচি পৰিছিল, কিন্তু চাদৰখনৰ আঁচলেৰে সেই ধাৰা নোমোছাকৈয়ে তেওঁ আৰতিৰ সহায়ত মোক গাত ধৰি উঠাই শোৱা পাটীলৈ লৈ আহিছিল৷ থোকাথুকি মাতেৰে তেওঁ কৈছিল, “কিমান বাৰ কওঁ মানুহজনক মোক নোকোৱাকৈ চোতালখনলৈ নাযাব, শেলুৱৈ হৈ থাকিলে পিছল খাব পাৰে, কিন্তু মোৰ কথা নুশুনে! ” মই দোষী দোষী ভাৱেৰে অৱন্তীলৈ চাইছিলোঁ, নাক উজাই তেওঁ কাপোৰখনেৰে মোৰ গাটো মোহাৰি আছিল৷ কি দৰেনো কওঁ মই, যে পিৰালিতে সেউজীয়া থোপাবোৰৰ মাজত টিক টিক কৈ জিলিকি থকা কণ বিলাহী কেইটা ছিঙিবৰ কাৰণেহে মই আগবাঢ়ি গৈছিলোঁ, দাইলত কণ বিলাহী দিলে খাই জুতি পাওঁ৷ কিন্তু কেনেকৈনো জানো মোৰ চুৰীয়াখনৰ আগটোত ভৰিটোৰ গছক পৰিল আৰু ময়ো হামখুৰি খাই পৰিলোঁ!
মন যায়, মোৰো খুব মন যায় দুখোজমান নিজৰ ইচ্ছামতে মুকলিলৈ আগবাঢ়ি যাবলৈ, পদূলিৰ বাহিৰৰ পৃথিৱীখনৰ লগত একাত্ম হ’বলৈ, ঘৰখনৰ চোতালত বহি মই চাই থাকোঁ দূৰণিৰ কেঁকুৰিটো, সেইটো পাৰ হ’লেইতো দেখা পাম পথাৰখন, ফাগুনৰ এই হেঙুলীয়া আবেলিটোত তাত হয়তো চেমনীয়াহতে আনদিনাৰ দৰে বল খেলিছে, ঠিক মোৰ ল’ৰালিৰ দৰে, মোৰ ওপজা ঘৰ খনৰ সোঁৱে- বাৱে চকুৰে নমনালৈকেতো ধাননি পথাৰেই আছিল, সোণগুটি সিঁচা দিন আছিল সেইবোৰ, চৌপাশে চালে চকু ৰোৱা৷ আমাৰ নিজৰেই খেতিৰ মাটি এশ পুৰা আছিল৷ ধান কটাৰ পাছত শুকান পথাৰখনেই আমাৰ দৰে চেমনীয়াবোৰৰ বাবে যেন বহল পৃথিৱী আছিল৷ পৰীক্ষাৰ পাছত স্কুল বন্ধ থকাৰ দিনবোৰত ভৰ দুপৰীয়াৰ টেঙাৰে বল খেলি আহিলেই মোৰ আয়ে খেদ কৰিছিল, দুপৰৰ ৰ’দত ল’ৰাটো ক’লা পৰি আহিছে বুলি৷

উঃ! আই! মোৰ আই! কি-বা আছিল মোৰ আইৰ নামটো! মোৰ সৰুজনী জীয়ৰীয়ে এদিন মোৰ পত্নীক সুধিছিল, তেওঁ মিচিকিয়াই হাঁহি মাৰি উত্তৰটো দিছিল৷

হয়, মনত পৰিছে, মোৰ আইৰ নাম সুমথিৰা আছিল৷

আহ! কি অপূৰ্ব্ব নাম! শুনিলেই এনে নালাগেনে যেন চেনেহৰ ৰসেৰে চপচপীয়া হৈ থকা এখনি অন্তৰ যাৰ শান্ত মুখাবয়ৱত প্ৰতিবিম্বিত হয় সেই ৰসৰ সঁফুৰা৷

আৰু মোৰ দেউতা! মইনা ওজা মুক্তিয়াৰ নামেৰে অঞ্চলটোৰ প্ৰভাৱশালী মানুহজন, সেই তাহানিৰ ব্ৰিটিছৰ দিনতেই কোৰ্টৰ জুৰীৰ সদস্য, হাতীত উঠি ফুৰা সেই তেজগোৰা মুখ খন, আৰু, আৰু …!

মোৰ কি হৈছে বাৰু! কথাবোৰ চোন আজিকালি বৰকৈ পাহৰো৷ চেগা চোৰোকাকৈ কিছুমান কথাহে মনত থাকে, অতি নিবিড় কথা কিছুমানেই যে পাহৰি গ’লো মই৷ সৌ সিদিনা এজন আদহীয়া মানুহ আহিছিল, আগ চোতালত বহি মই আৰু মোৰ পত্নীয়ে কথা পাতি আছিলোঁ, মোৰ পত্নীয়ে চিনাই নিদিলে মোৰ তেওঁক চিনি পোৱাৰ সাধ্য নাছিল, অথচ মই হেনো তেওঁৰ লগত ডেকা কালটোৰ এছোৱা একেলগে ভাড়াঘৰত থাকি কটাইছিলোঁ৷

ৰণুৱা ঘোঁৰাৰ দৰে অযুত শক্তিৰে চেকুৰি যোৱা যৌৱনৰ কথাও কি বৃদ্ধ অৱস্থাত বিস্মৃতিৰ গৰ্ভত লীন হয়? ডাক্তৰে কৈছে মোৰ ডায়েবেটিচ আৰু হাই প্ৰেচাৰ আছে, লগতে বয়সৰ বাবেই মগজুৰ কোষবোৰো হেনো শুকাই গৈছে, হৃৎপিণ্ডৰ ৰক্তবাহী নলিকাবোৰ চাপ খাই আহিছে; এইয়া হেনো স্বাভাৱিক৷ মোৰ পৰিয়ালে কয় মই হেনো অৱসৰ গ্ৰহণ কৰাৰ পাছত মনৰ উদ্যম হেৰুৱাই পেলালোঁ, ঘৰতে বহি থকাৰ ফলত শৰীৰটোত অসুখে বেছিকৈ প্ৰশ্ৰয় পালে, মোৰ বয়সৰে আৰু মোতকৈ ডাঙৰ অনেকেই হেনো এতিয়াও সুস্বাস্থ্যৰ অধিকাৰী হৈ স্বাভাৱিক জীৱন শৈলীৰে দৃষ্টান্ত হৈ জীয়াই আছে৷
হ’ব পাৰে, হ’ব পাৰে তেওঁলোকৰ ভাষ্য শুদ্ধ৷ সেয়েহে আজিকালি বৰকৈ মন যায় চল্লিশ পঞ্চাশ বছৰ বা তাতোকৈও আগৰ দিনবোৰ ঘূৰাই পাবলৈ, সেই তাহানিৰ মোৰ ছাত্ৰ জীৱন, যোৰহাটৰ ভাড়াঘৰ এটাত থাকি কলেজলৈ অহা যোৱা কৰা দিনবোৰ, ছাত্ৰ সংগঠনটোৰ লগত সক্ৰিয় ভাবে জড়িত হৈ থকাৰ দিনবোৰৰ, মই চাকৰি কৰা অফিছটোৰ ইউনিয়নৰ লীডাৰ হিচাপে জনপ্ৰিয় হৈ উঠা সেই দিনবোৰ … আকৌ যেন ঘূৰাই পাম হাতৰ মুঠিত৷ এটা এটাকৈ কোনো ঘটনা বা একোখনকৈ বিশেষ মুখ মোৰ যদিও মনত নাই, তথাপি স্মৃতিৰ আচ্ছাদনখনত ঠিকেই দেখা পাওঁ পাৰ হৈ অহা বাটছোৱাৰ একো একোটা অধ্যায়ৰ দুখৰিয়া ছবি
আৰু এই কথাবোৰ যেতিয়াই মোক আমনি কৰে মই তেতিয়াই অলপ সক্ৰিয় আৰু সপ্ৰতিভ হোৱাৰ হেঁপাহ কৰোঁ, লাখুটি ডাল হাতত লৈ এখোজ দুখোজকৈ আগবাঢ়ি যাওঁ৷ গেটখন নিশব্দে খুলি বাটলৈ ওলাই যাওঁ, খোজবোৰ যে মোৰ থৰক বৰক, এখন্তেকৰ কাৰণে চক্ নোখোৱাও নহয়, কাষৰ ঘৰৰ কুকুৰটো প্ৰায়ে পদূলিত বহি থাকে, সি যদি মোক দেখা পাই খেদি আহে তেন্তে মই নিৰূপায় হৈ তাৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাদে অন্য পথ নাথাকিব, ওখোৰা – মোখোৰা বাটটোত এই দুৰ্ব্বল ফুলি উঠা ভৰি দুখনৰ ওপৰত ভৰসা কৰি লৰ মৰাটো মোৰ পক্ষে যে অসম্ভৱ৷

“হেৰি, আপুনি অকলশৰে কাকো নোকোৱাকৈ ওলাই গৈছে কিয়, বাটলৈ অলপ ওলাই যাবৰ মন গৈছিল যদি মোক মাতষাৰ দিয়া হ’লেই হয়চোন৷ কুকুৰটোৱে খেদা মাৰি অহা হ’লে ডাঙৰ কথা হ’লহেঁতেন! ”

সেয়া! অৱন্তীয়ে মই ওলাই যোৱা বুলি গম পাই উধাতু খাই আহিলেই চোন! এই মানুহজনীৰ পৰা উপায় নোহোৱা হ’ল৷ নিজেই বিষালি, তথাপি মোৰ কিবা এটা হোৱা যেন উমান পালেই ধৰফৰাই আহে৷ মই সস্নেহ তেওঁৰ কোমল মুখ খনিলৈ চালোঁ, মোৰ একাষে আহি থিয় দিছেহি তেওঁ৷

‘অবন্তিকা’- মোৰ ‘অৱন্তী’ তেওঁ! তেওঁৰ শৰীৰৰপৰা সেই সদায় অহাৰ দৰে আজিও ঘৰুৱা মিহি সুঘ্ৰাণ এটা আহি মোৰ নাকত লাগিছেহি, ঠিক যিদৰে মোৰ আইৰ আঁচলখনিৰপৰা আহিছিল৷ পত্নীৰ সৈতে ময়ো এখোজ দুখোজকৈ চোতাললৈ উঠি আহিলোঁ৷ কাঠৰ মজবুত চকী খনতে বহিলোঁ, “হেৰা ক’লৈনো যোৱা? অলপ বহাচোন মোৰ ওচৰতে৷ , ” পাকঘৰৰ পিনে উঠি যাব খোজা অৱন্তীক উদ্দেশ্যি ক’লো৷

“বহিম ৰ’ব, ইহঁত অহাৰ আগেয়েই আপোনাক চাহ কাপ যাঁচি লওঁ ” তেওঁ ভিতৰলৈ গ’ল৷ মই পাহৰিছিলোঁৱেই, মোৰ ডাঙৰ ছোৱালীজনী আজি সপৰিয়ালে ৰাতিৰ সাজ খাবলৈ অহাৰ কথা৷ মই পৰা বুলি গম পাই আগবেলাতেই আন দুজনী জীয়ৰীয়ে আহি চাই গ’লহি, জোঁৱাই কেইজনো আহিল, অলপ আগতেহে ওলাই গৈছে৷ ৰাতিলৈ ডাঙৰ জীয়ৰী আৰু জোঁৱাই আহিব৷ সৰুজনী ছোৱালীৰ চাকৰি দূৰত৷ তাই ছুটী নাপায় বুলিয়েই ক’ব পাৰি, জোঁৱাইয়েই মাজে মধ্যে আহি খবৰ খাতি ৰাখি থাকে৷

জী- জোঁৱাইহতে আহি ঘৰখন ভৰাই থাকেহি যদিও মোৰ বাবে চোন সময়বোৰ বৰ নাযায় নুপুৱাই যেন লাগে৷ মোৰ পত্নীয়ে নিজকে অলপ ব্যস্ত কৰি ৰাখে৷ অঞ্চলটোৰ মহিলা সমিতিৰ সম্পাদিকাৰ দায়িত্বত তেওঁ আছে, সেই সূত্ৰে অলপ ব্যস্ততা তেওঁৰ নথকা নহয়৷

কিন্তু মই? মই কি কৰোঁ?

কাকো বুজাব নোৱাৰা এটা অনুভৱ এয়া, আপুনি জানে যে এই যে সময়ৰ বুকুত প্ৰতিটো লহমা গলি গলি শেষ হৈছে, সেই প্ৰত্যেকটো লহমাৰ সৈতে ধোঁৱা হৈ গৈছে আপোনাৰ আয়ুসৰ এটা এটা মুহূৰ্ত, আপুনি ক্ষণে ক্ষণে আগবাঢ়ি গৈছে অনিশ্চয়তাৰ সেই কাহানিও নেদেখা বিন্দুটোৰ পিনে, আপুনি জানে যে আজি বা কাইলৈ যিকোনো মুহূৰ্ততে আপোনাৰ এই বাৰ্ধক্যজনিত ৰোগে বাহ লোৱা শৰীৰটোৰ সৈতে আপোনাৰ শ্বাস প্ৰশ্বাসে বিশ্বাস ঘাতকতা কৰিব পাৰে, আপোনাৰ হৃৎপিণ্ডৰ স্পন্দন বন্ধ হৈ যাব পাৰে, আৰু আপোনাক নিৰুত্তৰ নিৰুত্তাপ দেখা পাই আপোনজনে হিয়া ধাকুৰি কান্দিব পাৰে৷ কেতিয়াবা নিজকে কচাইৰ গৰালৰ মুৰ্গী কেইটাৰ মাজৰে এটা যেন ভাৱ হয়৷ গৰালটোৰ ভিতৰত সিহঁতবোৰ জুপুকা মাৰি বহি থাকে৷ কচাইটোৱে এপাকত আহি সিহঁতৰ মাজৰ পৰাই এটাক টান মাৰি উলিয়াই লৈ যায়, বাকী কেইটাই চৰাইৰ ভাষাতেই যে কক্- কক্ কৰে সেয়া সিহঁতৰবোৰৰ আৰ্তনাদ নহয়নো কি? সিহঁতৰ কথাবোৰ কচাইটোৱে বা গ্ৰাহকে বুজিব নোৱাৰে পিছে কি হ’ল, সিহঁতৰ ছট ফটনিবোৰ মই কিন্তু স্পষ্টকৈ বুজি পাওঁ৷ যেতিয়া মোৰ সমবয়সৰ কোনোবা সুহৃদৰ মৃত্যুৰ খবৰ পাওঁ, তেতিয়া মোৰ ভাৱ হয় যে কচাইৰ গৰালৰ মুৰ্গীকেইটাৰ আৰ্তনাদবোৰ আহি যেন মোৰ ডিঙিত বহি লৈছেহি!

মোৰ গলি ক্ষয় যোৱা এই আয়ুসৰ ক্ষণবোৰে প্ৰায়ে ধুমায়িত কৰি তোলে মোৰ সমুখ, আৰু মোৰ দুচকু ঢুল- ঢুলীয়া হৈ পৰে৷ অৱন্তীয়ে ভাবে মোৰ চকুৰ পাৱাৰ হয়তো আৰু কমি গ’ল, সেয়েহে তেওঁ টাউনৰ চকুৰ ডাক্তৰৰ ওচৰলৈ লৈ যায়৷

কিন্তু মই তেওঁক কিদৰে বুজাও যে মোৰ দুচকুত মোৰ অনুপস্থিতিত তেওঁৰ জীৱনলৈ আহিব লগীয়া ঘোৰ আউসীৰ আন্ধাৰবোৰেহে বহি লৈছেহি, এই যে ঘৰটো, এই আহল বহল চোতালখন এই সকলোবোৰৰ পৰা মই বিছিন্ন হ’বলৈ গৈ আছোঁ৷ প্ৰত্যেকটো ৰাতিপুৱাই মোক অনুভৱ দিয়াই যে শেষ, মোৰ জীৱনৰ, মোৰ অৱশিষ্ট সময় কণৰপৰা আৰু চৌব্বিশটা ঘণ্টা ধোঁৱা হৈ শেষ হৈ গ’ল!

প্ৰত্যেকটো বিনিদ্ৰ ৰজনীৰ পৰিশেষত কাহিলী পুৱাৰ পিনে মোক অলপ টোপনিয়ে নিচুকাই যায়, কিন্তু তাতোচোন ভাৱবোৰে সপোনৰ আৱেশ হৈ মোক বেৰি কুৰি ধৰেহি৷ কেতিয়াবা দেখা পাওঁ চ’তৰ শুকান খৰাং পথাৰ এখনত মই অকলশৰে থিয় দি আছোঁ, যি ফালেই চকু যায় সেই ফালেই শুষ্কতা, কেতিয়াবা আকৌ দেখা পাওঁ মোৰ এই ঘৰখন, অৱন্তী আৰু মোৰ জী- জোঁৱাইহত, মোৰ আটাইকেইটা কণমানি নাতি নাতিনী মিলি আগ চোতালত কথা পাতিছে, হাঁহিছে, কিন্তু মই যে তেওঁলোকৰ মাজত নাই! মই সৌৱা, পদূলিৰ সিপাৰে থিয় হৈ তেওঁলোকক অপলকনেত্ৰে চাই আছোঁ৷ মোক জানো তেওঁলোকে দেখা নাই? তেন্তে ভিতৰলৈ নামাতে কিয়, মই যে নিজে আগবাঢ়ি যাব পৰা নাই, ক্ৰমাৎ ফুলি উঠা ভৰি দুখন যেন মাটিত লাগি ধৰিছে আৰু সৌৱা তেওঁলোকৰ কোনেও মোলৈ ভ্ৰূক্ষেপ নকৰাকৈ চোতালৰপৰা উঠি ভিতৰলৈ এজন এজন কৈ গুচি গৈছে!

এৰা! হয়তো এনেকুৱা কোনোবা এটা ৰাতিপুৱাই আহিব যিদিনা মই সময় মতে সাৰ নাপাম, অৱন্তীয়ে হয়তো ইটো সিটো কাম কৰাৰ মাজতে মোক অন্য দিনৰ দৰেই উঠিবৰ বাবে মাত দি থাকিব, আৰু যেতিয়া মোৰপৰা বহুত পৰলৈকে কোনো সঁহাৰি নাপাব তেতিয়া হয়তো তেওঁ মোৰ বিছনাৰ কাষলৈ আহি মোৰ গাত হাত দিব…!

আৰু তাৰ পাছত!

তাৰ পাছৰখিনি ভাবিবলৈ ভয় লাগে মোৰ!
************

মোৰ অনুপস্থিতিয়ে অৱন্তীক তচনচ কৰি থৈ যাব৷ যদিও মই জানো যে মোৰ সন্তানে অৱন্তীক অহৰ্নিশে সংগ দিব, তথাপি তেওঁৰ হৃদয়ৰ ৰিক্ত পিয়লা সিহঁতে হয়তো হাহাকাৰ কৰিলেও পূৰ্ণ কৰিব নোৱাৰিব আৰু তাতেই যে ৰৈ যাব তেওঁৰ জীৱনৰ ছন্দোবদ্ধ গতিশীলতা৷

মোৰ সন্তান!

আহ্! জীৱনৰ এই বিয়লি বেলাতো মই যেতিয়াই সিহঁত কেইজনীৰ কথা ভাবো তেতিয়াই চিৰসেউজ বাৎসল্যৰ ভাৱে মোৰ বুকুখন নিকপকপীয়াকৈ বান্ধে৷

কিমানবাৰ! সৰুজনী ছোৱালী জন্ম হোৱাৰ পাছত যে কিমানবাৰ কিমানৰ তীৰ্যক চাৱনি মই প্ৰত্যক্ষ কৰিছিলোঁ, কিমানজনে যে প্ৰকাৰান্তেৰে আমাক বুজাবলৈ চেষ্টা কৰিছিলে আজিৰ তাৰিখত চাৰিজনীকৈ ছোৱালী তোলাতো মুখৰ কথা নহয়, এটা ল’ৰাসন্তান হোৱাটো প্ৰয়োজনীয় আছিল !

আৰু এতিয়া!

সেই ‘শুভাকাংক্ষী’(? ) সকলৰ মাজৰে কিমানে, আৰু আন বহুতেই মোক আৰু মোৰ পত্নীক শলাগে, ধন্যবাদ জনায় আমাৰ কষ্ট, ধৈৰ্য আৰু সহনশীলতাক, উপযুক্ত শিক্ষা- দীক্ষাৰে নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ গঢ়ি তুলি একোজন সু- পাত্ৰৰ হাতত জীৱন জৰী বান্ধি দিয়া আমাৰ ছোৱলীকেইজনীৰ পৰিচয়েই যে আমাৰ বাবে গৌৰৱ সেই কথা এই তথাকথিত শুভাকাংক্ষীসকলৰ কথা বাৰ্তাত আমি মৰ্ম্মে মৰ্ম্মে উপলব্ধি কৰোঁ৷ চাৰিজনীকৈ জীয়ৰীৰ কন্যাদায়গ্ৰস্ত পিতৃ মাতৃ হিচাপে আমি আমাৰ উশাহ বোৰ জীয়াই থাকোঁতেই যে সিহঁতৰ সুস্থিৰ ভৱিষ্যতৰ ছবিখন চাই যাব পাৰিছোঁ সেয়ালৈ অনেকৰে ঈৰ্ষাৰ পোৰণিয়ে আমাক চুই যায়৷

অভিভাৱকৰ বাবে সন্তানৰ পৰিচয়েৰে পৰিচিত হোৱাৰ যি গৌৰৱ সেয়া মই আৰু মোৰ পত্নীয়ে প্ৰত্যেকজনী ছোৱালীৰ পৰাই লাভ কৰিছোঁ৷ ডাক বিভাগৰ অধীক্ষক মোৰ বৰ জীয়ৰী, এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী মোৰ দ্বিতীয়জনী ছোৱালী, এখন কলেজৰ অধ্যাপিকা মোৰ তৃতীয়জনী ছোৱালী আৰু অলপতে উপ আৰক্ষী অধীক্ষক হিচাপে চাকৰিত জইন কৰা মোৰ সৰুজনী ছোৱালী!

সিহঁত মোৰ সন্তান৷ সিহঁতৰ কথা যেতিয়াই ভাবো, গৌৰৱত এহাত ফুলি উঠে বুকুখন মোৰ, আৰু তাতোকৈও, যেতিয়াই সিহঁতে নিজৰ সংসাৰ আৰু চাকৰিৰ ইমানবোৰ ব্যস্ততাৰ মাজতো মোক আৰু অৱন্তীক সময় দিয়া দেখোঁ তেতিয়া ভাব হয় যেন আকৌ এবাৰ বুকুত সামৰি ল’ম প্ৰত্যেকজনীকে, মূৰত হাত ফুৰাই কৰ্ণৰ অপৰাজেয় গাঁথা বা অভিমন্যুৰ কৰুণ কাহিনী শুনাম, তেল পিছলকৈ মূৰটো ফণিয়াই দি স্কুললৈ উলিয়াই পঠোৱাৰ দিনবোৰ যেন আকৌ এবাৰ হাতৰ মুঠিত ল’ম৷

কিমান মধুৰ আছিল সিহঁতৰ ল’ৰালিৰ দিনবোৰ৷ সন্ধিয়া মই অফিচৰপৰা ঘৰলৈ উভতাৰ বাটত কেতিয়াবা সিহঁতৰ বাবে লৈ আহিছিলোঁ এপেকেট কাঠ পেঞ্চিল, বা এখন ছবি অঁকা বহী; ভাবুক আৰু কমকৈ কথা কোৱা, বয়সতকৈও পৰিপক্ব ডাঙৰজনী ছোৱালীৰ বাবে আনিছিলোঁ হয়তো ‘অকনিৰ ৰামায়ণ’ বা ‘বিচপৰ সাধু’, ৰচকী দুই নম্বৰ ছোৱালীজনীৰ বাবে মৰমতে টিপ ফোঁট এপেকেট৷ জপনাৰ সমুখত ৰোৱা মোৰ চাইকেলৰ টিলিঙাৰ শব্দ শুনি সিহঁত কেইজনী “ দেউতা আহিছে” বুলি লৰ মাৰি ওলাই আহিছিল, চাইকেলৰপৰা বজাৰৰ মোনাখন ডাঙৰজনী ছোৱালীয়ে হাতত লৈ পাক ঘৰলৈ গৈছিল৷ অৱন্তীয়ে চাহ জলপান তপতাই মোৰ হাতত দিওঁতে ভাৱ হৈছিল যে সুখ যেন এয়াই৷ ! এয়াই যেন চিৰ প্ৰশান্তি! গোঁসাই ঘৰৰ পৰা ভাঁহি অহা ধূপকাঠীৰ সুগন্ধি, অৱন্তীৰ শান্ত কোমল মুখাৱয়ব, সৌৱা ডাঙৰ মেজ খনত আৰু মজিয়াত ধাৰিৰ ওপৰত বহি মূৰ তল কৰি ভুন ভুন কৈ ফলি- পুথিত ব্যস্ত থকা মোৰ মাজনী, দাদু, মুনটি আৰু পুতলাহত…! এই ছবিখন সুখেৰে অন্য নাম নহয় জানো? আপুনিও কল্পনা কৰক চোন, দিনান্তত আপুনি কামৰপৰা ঘৰলৈ উভতিছে, শ্ৰান্ত ক্লান্ত দেহ মন৷ কিন্তু হেঁপাহৰ ঘৰখনত আপোনাৰ বাবে ৰৈ আছে এখনি নিৰ্মল ছবি, ধূপ- ধুনাৰ মিশ্ৰিত এক পবিত্ৰ সুগন্ধিময় পৰিৱেশ, হাতত জলপানৰ বাতি লৈ সহনশীল আৰু কোমলতাৰ প্ৰতিমূৰ্তি আপোনাৰ পত্নী, কিতাপ বহীৰ মাজত মানুহ হোৱাৰ আখৰা কৰা আপোনাৰ সন্তান … আপোনাৰো নিশ্চয় মোৰ দৰেই ভাৱ হ’ব৷

আৰু এই পুৰণা কথাবোৰে যেতিয়াই চেগা চোৰোকাকৈ মনৰ দুৱাৰত টুকুৰিয়াবলৈ ধৰে তেতিয়াই মোৰ মূৰটো ঘূৰায়, গাটো দুৰ্ব্বল অনুভৱ কৰোঁ, অৱশ ভাব হয়৷ আৰু সেইবোৰ সময়তে মোৰ দুৰ্ব্বল হাতখন মুঠি মাৰি ধৰে অৱন্তীয়ে৷

অবন্তিকা! মোৰ অৱন্তী!

মই হয়তো তেওঁক কেতিয়াও বুজাব নোৱাৰিম মোৰ কাৰণে তেওঁৰ ভূমিকা কি, মোৰ যৌৱনৰ পৰা প্ৰৌঢ়ত্বলৈকে বাটছোৱা তেওঁৰ সান্নিধ্যই কিদৰে প্ৰচুৰ উৎসাহেৰে মোক আগুৱাই যাবলৈ মনোবল যোগাইছিল; আৰু সংঘাতে থুকুছি যোৱা দিনবোৰতো তেওঁৰ স্নিগ্ধ মুখজ্যোতিয়ে কিদৰে মোৰ বুকুৰ উদং পথাৰত সম্ভাৱনাৰ কঠীয়া সিঁচিব পাৰিছিল সেয়া জানো মই পাহৰিব পাৰো!

মই হয়তো কেতিয়াও তেওঁক বুজাবও নোৱাৰিম যে তেওঁৰ প্ৰতি ওৰেটো জীৱন মই কি অনুভৱ কৰি গ’লো৷ কথাবোৰ পাহৰি যোৱাৰ, স্মৃতিবোৰ ক্ষয় গৈ স্মৃতিবিভ্ৰম হোৱাৰ দৰে হৈছে যদিও কিছুমান ছবি মোৰ দুচকুত এতিয়াও পুৰণি ক’লা বগা ছবিৰ দৰে সজীৱ হৈ অগাদেৱা কৰেচোন৷ ঠিক তেনে এখন ছবিয়েইতো অৱন্তী আৰু মোৰ প্ৰথম সাক্ষাতৰ ছবিখন৷ জহৰ কোনোবা এটা দুপৰীয়া মই তেওঁক দেখা পাইছিলোঁ৷ ছাত্ৰ সন্থাৰ কামত জড়িত থকাৰ সুবাদতে মই সেই সময়ত জিলাখনৰ বিভিন্ন অনুষ্ঠানলৈ মুখ্য অতিথি, বা বিশিষ্ট বক্তা হিচাবে নিমন্ত্ৰণ পাইছিলো৷

কথাবোৰ পুৰণি ক’লা বগা অসমীয়া বোলছবিৰ দৰে৷ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক শাখাৰ ছাত্ৰ আছিলোঁ মই৷ ষাঠিৰ দশকৰ কথা সেয়া, “তেজ দিম তেল নিদিওঁ” ধ্বনিৰে অসম তোলপাৰ লগোৱা সেই ছাত্ৰ সংগঠনটোৰ আহ্বানত সঁহাৰি নজনোৱাকৈ ক্ষান্ত থাকিব পৰা নাছিল অসমীয়াৰ তেজ৷ ‘চিৰ চেনেহী ভাষা জননী’ৰ হকে আমাৰ আহ্বানত দলদোপ হেন্দোলদোপকৈ ওলাই আহিছিল ডেকা গাভৰু, বুঢ়া-মেথা সকলো৷ ৰাজ্যখনত সেই দশকটোত ছাত্ৰ সংগঠনটোৰ জিলা পৰ্যায়ৰ সাধাৰণ সম্পাদক আৰু সক্ৰিয় নেতাহিচাপে জনপ্ৰিয় মই, কাগজে পত্ৰই মোৰ নাম ওলাইছিল যিবোৰ আজিও হালধীয়া পৰি নোযোৱাকৈ অৱন্তীয়ে কাঠৰ আলমাৰীটোত সংৰক্ষণ কৰি থৈছে৷ মোৰ বক্তৃতা শুনিবলৈ যে ডেকা গাভৰুহত উদ্বাউল হৈ থাকে সেয়া মোৰ কোনোবা এজন দলীয় সহকৰ্মীয়েই জানিবলৈ দিছিল৷ জিলাখনত দুবাৰকৈ হোৱা অভিবৰ্তনত সক্ৰিয়ভাৱে গুৰি ধৰোঁতেই মই বুজি পাইছিলোঁ সেই কথাষাৰৰ সত্যতা৷

অৱন্তীৰ বিদ্যালয়লৈও মই আৰু মোৰ সহকৰ্মীয়ে নিমন্ত্ৰণ পাইছিলোঁ৷ বিদ্যালয়ৰ চৌহদলৈ সোমাই যোৱা বাটটোৰ কাষে কাষে ফুলৰ থোপা আৰু গামোচা লৈ অনেক যুৱক যুৱতী, কিশোৰ কিশোৰী, হাতচাপৰি কিৰিলিৰ উষ্ম অভিবাদন গ্ৰহণ কৰি আমি আগবাঢ়ি গৈছিলোঁ৷ মোৰ দৃষ্টিত আছিল দীপ্ততা, কণ্ঠত আছিল ব্ৰজৰ দৰে গম্ভীৰ কঠোৰতা; মোৰ বক্তব্য আছিল উত্তাল উদাত্ত, যি বক্তব্যই ডেকা গাভৰুৰ তেজত তগ্ বগাই তুলিব পাৰিছিল মাটিৰ হকে, ভাষাৰ হকে ত্যাগিব পৰা এজাক ধুমুহাৰ বলিয়ালিক৷

মঞ্চৰপৰা নামি উভতি আহোঁতে হাতচাপৰিৰ জাউৰি আৰু কোলাহল আগতকৈ বাঢ়ি গৈছিল৷ আৰু ঠিক তেনেতেই ইমানবোৰ সপ্ৰতিভ মুখ আৰু চাৱনিৰ ঔৎসুক্যৰ মাজতো গোলকৈ তেজাল মুখখনে মোৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ থাকিব নোৱাৰিলে, জেঠৰ বৰ খৰত ঘৰ্মাক্ত ৰঙা পৰা মুখখন যে আজিও মোৰ মনত কেনেকৈ শিপাই আছে মই বুজাব নোৱাৰিম, আয়ত চকুযুৰি, দুডলীয়াকৈ গুঁঠি থোৱা বেণী দুডাল সমুখৰ পিনে বুকুত আহি পৰিছিলহি, নীলা পাৰীৰ চাদৰ মেখেলাযোৰেৰে ল’নী কিশোৰী জনীৰ সমুখত মোৰ খোজৰ গতি মন্থৰ হৈ পৰিছিল৷ মোৰ চকুৱে চকু পৰাত সেই মুখখনে বিব্ৰতবোধ কৰিলে, হাতত লৈ থকা ৰুমালখন তৎক্ষণাত মাটিত পেলাই দিলে৷ মই সমুখলৈ হাউলি সেই ৰুমালখন তেওঁৰ হাতত তুলি দিছিলোঁ৷ ক্ষন্তেক ৰ’বলৈ পালোঁহে, সংগঠনৰ সমৰ্থকে আহি মোক বেৰি ধৰিলেহি; সেই গোল মুখ খনৰ কমনীয়তা মোৰ দুচকুৰপৰা নিমিষতে আতঁৰলৈ গুচি গ’ল৷

হয়! মোৰ ঠিকেই মনত আছে, অৱন্তীৰ লগত সেয়াই মোৰ প্ৰথম দেখা- সাক্ষাৎ৷

এইটো বয়সত কথাবোৰ জটিল কৈ ভাবিবলৈ মন নোযোৱা নহ’ল৷ যিমান পাৰি সৰল হ’লে ভালপোৱা হ’লো৷ সেই কোমল মায়ালগা মুখখন পাছতো কেইবাবাৰো দেখা পোৱা হৈছিলোঁ, ছাত্ৰ সংগঠনটোৱে মানুহবোৰৰ বুকুত নিগাজীকৈ বহি লোৱাৰ দিন আছিল সেইবোৰ, আমি য’লৈকে যাওঁ তাতেই স্নেহ আৰু আশীষ পাইছিলোঁ, অনেক ডেকা গাভৰু স্বেচ্ছাই ওলাই আহিছিল সংগঠনত যোগ দিবলৈ, তেনেকুৱা এগৰাকীয়েই আছিল এই গোল মুখৰ ছোৱালীজনী৷ তেওঁক দেখিলেই এটা কথা বুজিছিলোঁ যে ৰুমালখন প্ৰত্যেকবাৰেই স্বয়ং ক্ৰিয়ভাবে পৰি নাযায়, তেওঁ ৰৈ থাকিছিল কঁপা কঁপা ওঁঠযুৰি আৰু সলাজ চাৱনি লৈ, মই সামান্য হাউলি ৰুমালখন তুলি দিওঁ, তেওঁ হাত পাতি লয়…!

উঃ! আজি কিয় জানো পুৰণা কথাবোৰেচোন বৰকৈ আমনি কৰিছেহি৷ ইমানদিনে ভাবিছিলোঁ মই হয়তো কথাবোৰ পাহৰি গ’লো, কিন্তু নহয়৷ কথাবোৰ বুকুৰ তলিত তৰপে তৰপে হেঁচা খাই আছে, সম্ভৱ উলিয়াই অনা হোৱা নাই৷ আজি ফাগুনৰ এই ধূলিয়ৰী আবেলিটোত কি জানো মন গৈছে সিহঁতৰ, মোৰ চকুত চোন অগা দেৱা কৰিছেহি৷ ই কিবা অশনি সংকেত নেকি বাৰু? মোৰ শংকা বোৰ কি সঁচা হ’বলৈ গৈ আছে নেকি?

অৱন্তী! অৱন্তী চাহ আনিবলৈ গৈ এতিয়ালৈকে ওলাই অহা নাই কিয়! মোৰ কি তেওঁক কোৱাই নহ’ব নেকি সেই যে তেওঁলোকৰ ঘৰলৈ গৈ ভৰ দুপৰীয়া এটাত সোমাইছিলোঁ সেয়া আকস্মিক নাছিল, ঠিক যিদৰে আকস্মিক বা স্বয়ং ক্ৰিয় নাছিল মোক দেখিলেই তেওঁৰ হাতৰ ৰুমালখন সৰি পৰাটো৷ অৱন্তী আৰু মই দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ পাছতো ছাত্ৰ সংগঠনটোৰ কামত মই ওতপ্ৰোত ভাৱে জড়িত আছিলোঁ, কিমান ৰাতি যে অৱন্তীয়ে বাঢ়ি থোৱা ভাতৰ কাঁহী মুখলৈ নিবলৈ নাপাওঁতেই পুলিচৰ লগত থানালৈ ওলাই যাবলগীয়া হৈছিল৷ আজিওচোন মনত আছে, ডাঙৰজনী ছোৱালীক গধূলি এটাত অৱন্তীয়ে আঁঠুৱাৰ তলত নিচুকনি গীত গাই শুৱাই আজৰি হৈ চৰুত চাউল সিজাওঁতেই ঘৰৰ ভিতৰলৈ পুলিচ সোমাই আহিছিল৷ পাছ ফালৰ জেওৰাইদি পথাৰলৈ দৌৰ মাৰি পলাই সাৰিছিলোঁ সেইদিনা মই আৰু সংগঠনটোৰ তিনিজন সহকৰ্মী৷ সেই অৱন্তীয়ে মোৰ জীৱনৰ লগত বান্ধ খাই অনেক সহিলে৷ দলীয় সহকৰ্মী, আগৰ সক্ৰিয় সদস্যৰ মাজত হোৱা আদৰ্শৰ মতভেদৰ বাবে অন্তৰত দুখ পোৱা মোৰ মনত ৰাজনৈতিক উচ্চাকাংক্ষাৰ অভাৱ বাৰুকৈয়ে আছিল; আৰু সৰ্বোপৰি সংগঠনটোৰ সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি এটি সন্তানৰ পিতৃ হিচাপে মই যেতিয়া সাংগঠনিক কাৰ্য ক্ৰমনিকা আৰু সক্ৰিয় ভূমিকাৰ পৰা অব্যাহতি লৈ আঁতৰি আহিছিলোঁ তেতিয়াও অৱন্তীয়ে মোৰ সিদ্ধান্ত শুদ্ধ বুলি প্ৰত্যয়ৰ আশ্বাস দিছিল৷ সেই অৱন্তীয়ে যেতিয়া তাৰ কেইবা বছৰৰো পাছত স্কুলৰ চাকৰিটো পাইছিল সেই সন্ধিয়াটোৰ ছবিখন আকৌ মোৰ মনত ফটফটীয়া হৈ আছে৷ মোৰ সৰুজনী ছোৱালীৰ তেতিয়া তিনিবছৰ পাৰ হৈছিল, তাইক বুকুত বান্ধি অৱন্তীয়ে সেইদিনা সন্ধিয়া গোঁসাই থাপনাত চাকি দিছিল, কাকূটি ঘোষা পাঠ কৰি থকা অৱন্তীৰ চকুলোৱে জলজলকৈ তিয়াই নিছিল মোৰ কণমানিজনীৰ মুখ, এখুদমান ৰঙা বগা ৰসগোল্লাৰে সেইদিনা আপ্যায়িত হোৱা শুভাকাংক্ষী দুই এজনে কিন্তু নোকোৱাকৈ নাছিল, “কেনেকৈ পাৰিব অৱন্তীয়ে ঘৰ আৰু চাকৰি চম্ভালিব! ”

কিন্তু মই আশা কৰাৰ দৰেই পাৰিলে তেওঁ, পাৰিলে অৱন্তীয়ে তিনিজনীকৈ ছোৱালী আৰু স্বামীক ৰাতিপুৱা স্কুল বা অফিচৰ বাবে আজৰি কৰি দিও নিজৰ চাকৰি কৰি যাব, পাৰিলে তেওঁ নুমলীয়া ছোৱালীজনীক চাৰিবছৰ বয়সলৈকে বুকুত শিল বান্ধি কাষৰ ঘৰত দিনটোৰ বাবে ৰাখি থৈও মাতৃত্বৰ মমতাৰে আবুৰ কৰি ৰাখিব৷ মাকৰ বুকুত সোমাই থকা তাই এতিয়া আমাৰ পৰা শ- শ মাইল আঁতৰত থাকে৷ মাহৰ পাছত মাহ পাৰ হৈ যায়, তাইক দেখা নাপাওঁ৷ তাই যে ৰাইজৰ সেৱাৰ কাৰণে ওলাই যোৱা জীয়ৰী! ফোনত ভাঁহি আহে তাইৰ পৰিপক্ব মাতষাৰ, “মোক লৈ চিন্তা কৰি নাথাকিবা দেউতা, মই অভ্যস্ত হৈ গৈছোঁ৷ তোমালোকেও গ্ৰহণ কৰা সেইদৰেই৷ ” মই অৱন্তীলৈ চাওঁ, কি দৰে পৰিছে তেওঁ, ইমান বছৰ বুকুৰ উম দি ডাঙৰ কৰা সন্তানক কিদৰে তেওঁ অহৰ্নিশে অনিশ্চয়তাৰ পৃথিৱীখনলৈ স্বেচ্ছাই উলিয়াই দি নিৰুদ্বেগ হৈ থাকিব পাৰে ? তাই যেতিয়া কলেজত আছিল, সন্ধিয়া টিউশ্যনৰপৰা নহালৈকে মোৰ চিন্তা হৈছিল, চাইকেল চলাই যোৱা ছোৱালীজনীৰ বাবে পদূলিত মোক ৰৈ থকা দেখিলে অৱন্তীয়ে হাঁহিছিল৷ আৰু এতিয়া তাই দিনে নিশাই বিপদ সংকুল জীৱন এটা জীয়াই আছে! ভাবিলেই মোৰ প্ৰেচাৰ সঁচাকৈ বাঢ়ি অহা যেন অনুভৱ হয়৷

নাপাম নেকি মই, নাপাম নেকি শেষ উশাহটো ল’বৰ সময়তো তাইৰ কোমল মুখখন হেঁপাহ পলুৱাই চাবলৈ! অৱন্তীয়ে কয়, “মোৰ ছোৱালীকেইজনী ঈশ্বৰৰ ফুল, ঈশ্বৰৰ হাততে অৰ্পণ কৰিছোঁ, যিকোনো পৰিস্থিতিৰ বাবে মই নিজকে সাজু কৰি ৰাখোঁ ৷ ” তেনেহ’লে অৱন্তীয়ে বাৰু মোকো এইদৰে অদেখা জনৰ ওচৰত অৰ্পণ কৰি দিলে নেকি, আত্মসমৰ্পন কৰিলে নেকি তেওঁ পৰিস্থিতিৰ ওচৰত? মোৰ অৱন্তী, মোৰ অৱন্তীয়ে কি নিজৰ বুকুত শিল বান্ধি ল’লে মোৰ অবিহনেই বাকী থকা আয়ুস চোৱা পাৰ কৰিব পাৰিব বুলি? এই যে মোৰ সঘনাই মূৰ ঘূৰায়, হাত ভৰি কঁপে, এই যে তিনিবাৰকৈ হস্পিটেলত থাকি আহিলোঁ, এই যে মই স্বাভাৱিক ভাবে খোজ কাঢ়িব নোৱাৰোঁ, উঠোঁ বুলিলেই তপৰাই বহি থকাৰপৰা উঠিব নোৱাৰো, কথাবোৰ পাহৰো … এই সকলোবোৰ বাৰু অৱন্তীয়ে কি বুলি গ্ৰহণ কৰিছে? জানিবৰ বৰ মন যায়, বৰ মন যায় জানিবৰ তেওঁ বাৰু মোক লৈ সুখী আছিলনে? নে ৰৈ গ’ল তেওঁৰো বুকুত অব্যক্ত আৰু অপূৰ্ণ কিছুমান প্ৰত্যাশা? কেতিয়া পাৰিম বাৰু আমি দীঘলীয়াকৈ কথা পাতিব? আজিকালিচোন বেছিকৈ কথা ক’লেও মোৰ ভাগৰ লাগে!
***************

ঃ গাটো বেয়া লাগিছে নেকি আপোনাৰ?

বহুত পৰ হয়তো দুচকু মুদি নীৰৱে বহি আছিলোঁ, হাতত চাহৰ পিয়লা লৈ ওলাই অহা অৱন্তীয়ে মোক তেনেকৈ দেখি চিন্তিত হৈ সুধিলে৷

ঃ নাই নাই৷

যিমান পাৰোঁ নিজকে লুকুৱাই প্ৰকৃতিষ্ঠ হ’বলৈ চেষ্টা কৰি মই উত্তৰ দিলোঁ৷ কিন্তু ময়ো খুব ভালদৰে জানো যে অৱন্তীৰ দৃষ্টিয়ে মোৰ মনৰ ভিতৰত চলি থকা ধুমুহা জাকৰ উমান নোপোৱাকৈ নাথাকে৷ সেয়েহে হয়তো তেওঁ সৰুকৈ ক’লে, “চাহ কাপ খাওক৷ বৰ বেছি চিন্তা কৰি নাথাকিব৷ ”

মই পিৰিচ পিয়লা যোৰলৈ চকু দিলোঁ, চেনি নিদিয়া লাল চাহ একাপ, ক্ৰীম ক্ৰেকাৰ বিস্কুট দুখন আৰু বইল্ড কে’ক এটা৷ অৱন্তীৰ কাৰণেও সেই একেই৷ কিমান বছৰ যে হ’ল মই ডাঠকৈ চেনি চাহ একাপ খাবলৈ পোৱা নাই, গাখীৰৰ সৰকণৰ তৰপটো য’ত ওপঙি থাকে কিমান দিন যে হ’ল মই এখন জেলেপী মুখত দিবলৈ পোৱা নাই! অথবা ৰসেৰে চপচপীয়া এটা ৰস গোল্লা! ডাক্তৰৰ পৰামৰ্শ অমান্য কৰি কেইবাদিনো চাহৰ লগত মিঠাই অথবা গুৰৰ টুকুৰা বিচাৰি চাহৰ বাতি দলিয়াই দিয়া মোৰ অলপ হ’লেও মনত আছে৷ অৱন্তীয়ে সেইসময়বোৰত চকুলো টুকিছিল, বাধ্যত পৰিহে যে তেওঁ মোক এইবোৰৰপৰা আঁতৰাই ৰাখিছে বুজাব খোজে৷ কিন্তু মোৰ মনটোৱে নুবুজে, শিশুৰ দৰে হৈ যায়চোন৷ এনে লাগে যেন ডাক্তৰ, অৱন্তী, মোৰ জী- জোঁৱাই সকলো মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, মোৰ ভাল লগা বস্তুবোৰ মোক খাবলৈ নিদি, মোক আধা পেটীকৈ ৰাখি, মোক কষ্ট দি সিহঁতে ভাল পাইছে ৷ দৈ বা গাখীৰ অকণ হলে ভাতকেইটা পেটলৈ গৈছিল, কিন্তু গুৰ চেনি নোহোৱাকৈ কেনেকৈ খাওঁ! মোৰ অবুজন মনটোৰ জেদৰ ফলশ্ৰুতিত মোৰ খোৱাৰ পৰিমাণ ক্ৰমাৎ কমি আহিছিল, শৰীৰটো সেইকাৰণে অধিক দুৰ্বল হৈ পৰিল৷

লাহে লাহে মই বুজি পালো, এয়াই অৱধাৰিত৷ ভাতৰ পাতত মই যেতিয়া দেখা পাওঁ অৱন্তীৰ কাঁহী খনত মোতকৈ কম ভাত, মই বুজি পালোঁ এনেকৈ কষ্ট হ’ব দুয়োৰে, মই অভ্যস্ত হ’বলৈ ল’লো দিনটোৰ চেনি বিহীন সেৰেকা চাহ কেই পিয়লাৰ সৈতে, নাম মাত্ৰ এখুদমান গুৰ দিয়া জলপান বাতিৰ সৈতে অথবা কেৱল নিমখীয়া যিকোনো খাদ্যবস্তুৰ সৈতে৷ কেতিয়াবা অৱন্তীয়ে উপযাচি নাৰিকলৰ লাড়ু এটা বা মিঠা আম এচকল মোৰ সমুখত দিয়ে৷ মোৰ বুকুখন তেতিয়া কাতৰ হৈ পৰে, কিন্তু সেয়া আৰু অলপ বেছিকৈ আম বা মিঠা লাৰুটো পাবলৈ নহয়, বৰঞ্চ মনৰ ভিতৰত কি ধৰণে দ্বন্দ্বৰ সম্মুখীন হৈ বা মোৰ হেঁপাহ পূৰাবলৈ ছোৱালীহঁতৰ পৰা, ডাক্তৰৰ পৰা লুকাই চুৰকৈ বুকুত শিল থৈ এই মিঠাইটো বা আম চকল আগবঢ়াই দিওঁতে যে অৱন্তীৰো কষ্ট হৈছে সেয়া ভাবিহে৷ আৰু লাহে লাহে মোৰ কাৰণে অৱন্তীয়েও সকলোবোৰ বাদ দিলে৷

আজিও সেই বইল্ড কে’কটো দেখি হাঁহি উঠি গ’ল৷ হাঁহিমুখে চাহকাপ হাতত তুলি ল’লো৷ অৱন্তীয়ে উৎসুকতাৰে সুধিকে, “ কি হ’ল, হাঁহিলে যে? ”

ঃ “বুজিছা অৱন্তী, এই বইল্ড কে’ক বা কালাকান্দ, ক্ৰীম ক্ৰেকাৰ এই বস্তুবোৰ দেখিলেই মোৰ হাঁহি উঠে৷ ” মই চাহত সোহা মাৰি ক’লো৷ সামান্য আদা মিলাই দি লালচাহ কাপ অৱন্তীয়ে বৰ সুন্দৰকৈ কৰি আনিছে৷

ঃ “কিয় নুবুজিলোঁ ”, অৱন্তীৰ দুচকুৰ ঔৎসুক্য মাৰ যোৱা নাই৷

ঃ “এই যে কালাকাণ্ড বা বইল্ড কে’কৰ দৰে সোৱাদ নোহোৱা মিঠাইবোৰ; এইবোৰৰ দৰেই তোমাৰ মোৰ জীৱনটো হৈ গৈছে যেন নালাগেনে বাৰু? অথবা কেতিয়াবা ভাবি চাইছানে যে আমাৰ নিচিনা ৰুগীয়া, বুঢ়া বুঢ়ী বোৰ আছে বাবে হে ইহঁত দুটাৰ ইমান দিমাণ্ড! অৰ্থাৎ ক’ব নোৱাৰি জানো যে ইহঁতৰ চাহিদা ঠিক তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে আমিবোৰ জীয়াই থাকিম৷ “

ঃ “আজিকালিচোন আটাইবোৰ মানুহেই স্বাস্থ্য সচেতন হ’ল৷ আলহী খাবলৈ গ’লে লাল চাহেই বেছিকৈ পাওঁ, মিঠা কম কৈ খাবলৈ আপোনাৰ মোৰ দৰে অসুখ হৈ ডাক্তৰৰ পৰামৰ্শ ল’বলৈ কোনো ৰৈ নাথাকে৷ ” অৱন্তীয়েও চাহত চুমুক দি লাহে লাহে কথা কেইটা ক’লে৷

ঃ“ নহয় হে স্বাস্থ্য সচেতন৷ আমাৰ ঘৰখনতেই চোৱাচোন, মই আছোঁ মানেহে কালাকাণ্ড বইল্ড কে’ক বা এই সেৰেকা বিস্কুট কেইটা আহি থাকিব৷ মই নোহোৱা হোৱাৰ পাছত জানো কোনোবাই আনিব? ”

ঃ “জানো পাই, কিখন নো কৈ আছে৷ আপুনি নোহোৱা হোৱাৰ কথাটো নো আহিল ক’ৰপৰা৷ ” অৱন্তীয়ে মুখখন ঘূৰাই দিলে৷

মই মুখেৰে একো নামাতিলোঁ, অৱন্তী সৰল, সঁচাকৈয়ে সৰল৷ তেওঁৰ সৰলতাৰ ওচৰত নিজকে বৰ নিঃস্ব যেন অনুভৱ হ’ল৷ মই অত্যন্ত সাৱধানেৰে বুদ্ধি কৰি তেওঁৰ মনৰ কথা জানিব খুজিছিলোঁ, গম ল’ব খুজিছিলোঁ মোৰ অনুপস্থিতিত, তেওঁ আকৌ স্বাভাৱিক জীৱন জীয়াই থাকিবনে নে এইদৰেই বৰ্তি যাব তেওঁৰো দিনবোৰ৷ কিন্তু মোৰ উদ্দেশ্য সফল নহ’ল৷

আন্ধাৰ নামি আহিছে৷ অলিবাটৰ লাইটটো জ্বলি উঠিল৷ বতাহ জাক লাহে লাহে বলি আছে৷ ঘৰৰ সমুখৰ বাটটোৰ শিমলু জোপা আন্ধাৰত দুবাহু মেলি থিয় দি থকা প্ৰকাণ্ড দৈত্য এটা যেনহে মোৰ ভাৱ হ’ল৷ অৱন্তীয়ে খালী কাপ প্লেট দুযোৰ লৈ উঠি গ’ল৷ আৰতিয়ে হয়তো ৰাতিৰ সাঁজৰ কাৰণে যা -যোগাৰ কৰাত ব্যস্ত হৈছে৷ মাজনীহতো অলপ পাছতেই পোৱাহিৰে কথা৷ ছেহঃ! আজিও চোন অৱন্তীৰ লগত কোনো কথা পতা নহ’ল৷ আদা দিয়া চাহকাপ খোৱাৰ পাছত মনটো অলপ সতেজ লাগিছে৷ আগতে অফিচৰ পৰা আহি পোৱাৰ সময়ত সন্ধিয়া লাগি ভাগিবৰ হয়৷ ভাগৰুৱা দেহাটো এই চাহ কাপেই বৰ জুৰ পেলাব পাৰে৷

মোৰ অফিচটো! মোৰ অফিচটো বা টাউনৰ কোনখিনিত আছিল৷ এতিয়া হয়তো সমুখেদি পাৰ হৈ গ’লেও চিনি পাম নে নাই সন্দেহ! জীৱনৰ পয়ত্ৰিশটা বছৰ যিখন চকীত বহি কাম কৰিলোঁ সেই চকীখন যিদিনা দেখা পোৱা নাছিলোঁ সেইদিনাইতো মোৰ বুকুৰ এই ধৰফৰনিটো প্ৰথম অনুভৱ কৰিছিলোঁ৷

হয়! মই অৱসৰ গ্ৰহণ কৰাৰ কেইদিনমান পাছত বিশেষ কিবা কাম এটাত টাউনলৈ যাবলগীয়া হওঁতে পুৰণা অফিচটোতো পাক মাৰি একালৰ সহকৰ্মী সকলক লগ কৰি যাওঁ বুলিয়েই সোমাইছিলোঁ৷ সেইদিনাই বুজিছিলোঁ যে মোৰ হয়তো সঁচাকৈয়ে দিন শেষ হৈ আহিছে৷ মই পূৰ্বে যিখন চকীত বহি যিখন মেজত কাগজ পত্ৰ ফাইল চাই কাম কৰিছিলোঁ, সেই ঠাই কণ উকা আছিল, মেজখন আছিল, কিন্তু চকীখন তাৰপৰা উঠাই লৈ যোৱা হৈছিল৷ মোৰ এনে ভাব হৈছিল যে মোৰ অকলশৰীয়া মেজ খনে মোক ভ্ৰূকুটি কৰিছে অথবা মোৰ উপস্থিতি সেই সময়ত তাত অবাঞ্চিত আছিল৷ মই বাৰু বেছি আবেগিক বা বেছি প্ৰত্যাশী হৈ পৰিছিলোঁ নেকি? হ’ব পাৰে, কিন্তু চাওকচোন ত্ৰিশ বছৰতকৈও অধিক কাল ধৰি যিটো অফিচৰ যিকণ ঠাইত মই কাম কৰিছিলোঁ, সেই ঠাই কণ মই অৱসৰ লোৱাৰ দুদিনমান পাছতেই উকা হৈ গৈছিল, যিখন চকীত বহি একৰাহে কেইবা বছৰো কাম কৰি মই অৱসৰ লৈছিলোঁ, সেই চকীখন আঁতৰাই পেলোৱা কথাটোৱে মোক আচৰিত ধৰণে আঘাত দিছিল৷ মই কেতিয়াও প্ৰমোশ্যন লোৱা নাছিলোঁ৷ প্ৰমোশ্যন লৈ ট্ৰেন্সফাৰ হৈ গ’লে মোৰ ঘৰখন ঘৰ হৈ নাথাকিব যেন মোৰ ভাৱ হৈছিল৷ মোৰ ছোৱালীকেইজনীৰ সুস্থ শিক্ষাৰ বাবেই, সিহঁতক “মানুহক বুজি পোৱাকৈ মানুহ” কৰি গঢ়ি তোলাৰ স্বাৰ্থত মোৰ সেই সিদ্ধান্ত আছিল যাক লৈ মই কেতিয়াও আক্ষেপ কৰা নাই, আজিও নকৰোঁ৷ ইমান বোৰ স্মৃতিৰ মাজতো এই বিশেষ দিনটো কেনেকৈ আৰু কিয় মনত থাকিল সেয়া মই আজিও নুবুজিলোঁ৷ অফিচৰ কামত, ইউনিয়ন লীডাৰৰ দায়িত্ব লৈ কিমান বাৰ কিমান ঠাই ঘূৰি ফুৰিছিলোঁ, কিমান কাম কৰিছিলোঁ সেয়া কিন্তু ধূসৰ হৈ পৰিল৷ অথচ ষাঠিৰ দেওনা গৰকাৰ পাছত এই বিশেষ দিনটোৰ আবেলিটোৱেহে আজি পৰ্যন্ত মোৰ বুকুত ৰেখাপাত কৰি আছে৷

সেই দিন ধৰি মোৰ আসন্ন অনুপস্থিতিৰ শঙ্কাবোৰ মই পলে পলে বুকুত পালি আহিলোঁ৷ ক’ব পাৰি মোৰ আসন্ন মৃত্যুৰ ভয়

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক