মহেন্দ্ৰ বৰঠাকুৰ নাট্যকাৰ হৈয়ে থাকক : অৰুণ শৰ্মা

মহেন্দ্ৰ বৰঠাকুৰ নাট্যকাৰ হৈয়ে থাকক

 

অৰুণ শৰ্মা

(দুটাকৈ অকাডেমী বঁটা বিজয়ী একমাত্ৰ অসমীয়া ব্যক্তি তথা পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰুণ শৰ্মা একাধাৰে নাট্যকাৰ, ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ আৰু এসময়ৰ গুৱাহাটী অনাতাঁৰ যোগে প্ৰচাৰিত ‘বিদ্যাৰ্থী অনুষ্ঠান’ৰ প্ৰথম গৰাকী প্ৰযোজক৷ গৰীয়সীত পূৰ্বে প্ৰকাশিত এই লেখাটি লেখকৰ অনুমতি সাপেক্ষে মাহৰ সাহিত্য. অৰ্গত প্ৰকাশ কৰা হ’ল৷ ইয়াৰ বাহিৰে বেলেগত পুনৰ মূদ্ৰণৰ বাবে লেখকৰ অনুমতি গ্ৰহণ কৰিব৷ কপিৰাইট লেখকৰ — সম্পাদনা সমিতি )

যোৱা চাৰিশ বছৰত ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ সাহিত্যিক দুই-তিনিজনৰ নাম কওকচোন? দ্বিতীয় আৰু তৃতীয়জনৰ নাম কি হ’ব পাৰে কলেজ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ক’ব। কিন্তু অধ্যাপক নোহোৱাকৈও যিকোনো এজন ইংৰাজী ভাষাৰ সৈতে পৰিচিত ব্যক্তিয়ে ক’ব প্ৰথমজন হ’ল শ্বেইক্সপীয়েৰ। ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ সাহিত্যিক শ্বেইক্সপীয়েৰে নাটক লিখিছিল। গ্ৰীক সাহত্যিক বুলি ক’লে প্ৰথম যিকেইজনৰ নাম ল’ব এছ্‌কাইলাছ, চোফোক্লিছ, ইওৰোপাইছিছ এৰিষ্টোটেলছ—এইসকল নাট্যকাৰ আছিল। আধুনিক ফৰাচী সাহিত্যৰ লেখক, জাঁ পল ছাৰ্ত্ৰে আৰু এলবেয়াৰ কামু দুজন আলোড়নকাৰী নাট্যকাৰ। ৰসোত্তীৰ্ণ ভাৰতীয় সাহিত্যৰ পৰম্পৰা আৰম্ভ হৈছিল কাব্য আৰু নাটকেৰে। ভাস, শুদ্ৰক, মুদ্ৰাৰাক্ষস, কালিদাস এইসকল নাট্যকাৰ আছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সাহিত্য সমগ্ৰৰপৰা অঙ্কীয়া নাটখিনি বাদ দিব পাৰি জানো? অসমীয়া আধুনিক সাহিত্যৰ আৰম্ভণিতেই লিখা ৰচনাৱলীৰ অন্যতম শ্ৰেষ্ঠ ৰচনা আছিল এখন নাটক ৰামনৱমী। লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, হেমচন্দ্ৰ বৰুৱাকে ধৰি যোৱা শতিকাৰ ত্ৰিশ দশকলৈকে অসমীয়া ভাষাৰ প্ৰত্যেকজন সাহিত্যিকে নাটক লিখিছিল। তেওঁলোকৰ প্ৰত্যেকজনে বিশ্বাস কৰিছিল সম্পূৰ্ণ ৰূপত সাহিত্যিক হ’বলৈ হ’লে নাটকো লিখিব লাগিব।কিন্তু পৰিৱৰ্তিত সময় আৰু পৰিস্থিতিৰ প্ৰেক্ষিতত অসমীয়া ভাষাত নাটকৰ সাহিত্য পৰিচয় নোহোৱা হ’ল।

 

মহেন্দ্ৰ বৰঠাকুৰ

মহেন্দ্ৰ বৰঠাকুৰৰ জীৱনৰ প্ৰথম পৰিচয় আছিল সাহিত্যিক। তেওঁ তেতিয়া চুটিগল্প আৰু উপন্যাস লিখিছিল। মই তেওঁক সেই পৰিচয়েৰে লগ পাইছিলোঁ, যোৱা ষাঠিৰ দশকে শেষৰ ফালে। তেওঁ তেতিয়া আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰত ‘স্ক্ৰিপ্ত ৰাইটাৰ’ হিচাপে চাকৰিত সোমাইছিল। কিছুদিন পাছত বৰঠাকুৰ নাট প্ৰযোজকৰ পদত অধিষ্ঠ হ’ল। তেওঁৰ সাহিত্যিক পৰিচয়ৰে মোৰ সৈতে হোৱা প্ৰথম সাক্ষাতত বৰঠাকুৰে মোক দুখন তেওঁৰ ছপা উপন্যাস উপহাৰ দিছিলঃ বেলিফুল আৰু বেগম পাষা। তেতিয়া সেই দুখন পঢ়ি মই অনুভৱ কৰিছিলো, আৰু বন্ধু মহলত মোৰ মনোভাব প্ৰকাশ কৰিছিলো যে মহেন্দ্ৰ বৰঠাকুৰ অনতি পলমে অসমীয়া ভাষাৰ অন্যতম শ্ৰেষ্ঠ ঔপন্যাসিক হ’ব, অসমীয়া সাহিত্যৰ এজন প্ৰতিষ্ঠিত লেখক হিচাপে পৰিগণিত হ’ব।

 

মহেন্দ্ৰ বৰঠাকুৰ প্ৰতিষ্ঠিত লেখক হ’ল, কিন্তু সেই প্ৰতিষ্ঠা ঔপন্যাসিক আৰু গল্প লেখক (যি বিলাক লিখিলে বিবাদহীনভাৱে সাহিত্যিক বুলি স্বীকৃত হয়) হিচাপে নহ’ল, হ’ল নাটক লেখক ৰূপে (যি লিখিলে সাম্প্ৰতিক অসমীয়া সাহিত্যত প্ৰথম শ্ৰেণীৰ সাহিত্যিক বুলি সাধাৰণতে স্বীকৃত নহয়।) বৰঠাকুৰক নাট্যকাৰ কৰিলে এক পৰিৱেশ আৰু পৰিস্থতিয়ে। সেই পৰিৱেশত অৱস্থান নহ’লে হয়তো তেওঁ গল্প আৰু উপন্যাস লিখি থাকি কৃতী সাহিত্যিক হিচাপে সাহিত্য অকাডেমী বা তেনে বঁটাও লাভ কৰিলেহঁতেন। পৰিৱেশটো এনে ধৰণৰ আছিলঃ আকাশবাণীত সোমোৱাৰ পিছত কেন্দ্ৰত তেওঁ যিখিনি মানুহৰ সৈতে অনবৰতে সময় কটাইছিল সেইখিনি আছিল সত্যপ্ৰসাদ বৰুৱা, ফণী তালুকদাৰ, নাৰায়ণ বেজবৰুৱা, দুৰ্গেশ্বৰ বৰঠাকুৰ, অৰুণ শৰ্মা, ধীৰু ভূঞা, নীৰেন বৰুৱা, নীলু চক্ৰৱৰ্তী, বীণা দাস মান্না, মীৰা দাস, আৰতি দাস বৈৰাগী ইত্যাদি। এইসকলৰ সান্নিধ্যত যদি এজন সৃষ্টিশীল লেখক কিছুদিন একেলগে ঘণ্টাৰ পিছত ঘণ্টা অতিবাহিত কৰিব লাগে তেন্তে তেওঁ নাটক লিখিবলৈ আৰম্ভ কৰিবলৈ কিমান পৰ লাগিব। আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰত সেই সময়ত নাটকৰ যি শক্তিশালী পৰিৱেশ আছিল তাৰ প্ৰভাৱতে ‘জন্ম’ নামেৰে এখন নাট্য ৰচনাৰে জন্ম হ’ল মহেন্দ্ৰ বৰঠাকুৰৰ জীৱনত এজন নাট্যকাৰ। তাৰ পিছত যোৱা তিনি দশকত অসমীয়া ভাষাত লিখা আৰু অসমৰ মঞ্চত নিবেদিত উচ্চমান বিশিষ্ট নাটকলানিৰ নাট্যকাৰকেইজনৰ অন্যতম গুৰুত্বপূৰ্ণ নাট্যকাৰ ৰূপে স্বীকৃত আৰু সমাদৃত হোৱাৰ পথত যাত্ৰাৰম্ভ হ’ল মহেন্দ্ৰ বৰঠাকুৰৰ। গলফ্‌ খেলত বলটোৰ প্ৰথম কোবটো মৰা কাৰ্যক ইংৰাজীত ‘টী’ বুলি কোৱা হয়। নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ সেই টী আৰম্ভ হৈছিল জন্ম নামৰ নাটকখনেৰে। সেই যে টী হ’ল, তেওঁ আৰু পিছলৈ উভতি চোৱা নাই। বৰঠাকুৰে যোৱা বছৰলৈকে প্ৰায় ডেৰকৰিখনৰো ওপৰ নাটক ৰচনা কৰিলে। তাৰে সৰহ সংখ্যক ভ্ৰাম্যমাণ মঞ্চৰ প্ৰযোজকসকলৰ প্ৰয়োজনত লিখা হৈছিল যদিও আৰু তেনে কাৰণত কেতিয়াবা কেতিয়াবা লঘূ ঘটনা আৰু কথা সন্নিবেশে নাটকৰ গহীনত্বৰ কিছু ক্ষতিসাধন কৰিছিল যদিও, সামগ্ৰিকভাৱে উপজীৱ্যৰ সামাজিক প্ৰাসংগিকতাৰ ভিত্তিত নাটকবোৰৰ গুৰুত্ব অলপো কম নাছিল।

 

বৰঠাকুৰৰ সমগ্ৰ নাট্যসম্ভাৰ মোৰ হাতত পৰা নাছিল, নাইবা ভ্ৰাম্যমাণ দলসমূহে মঞ্চায়ন কৰা এটাইবোৰ নাটক চোৱাৰো সুযোগ হোৱা নাছিল। যিকেইখন নাটক পঢ়িছোঁ নাইবা যিকেইখনৰ মঞ্চায়ন চাইছো সেইকেইখনৰ মাত্ৰ এটা দুটা বাক্যেৰে চমু পৰিচয় দাঙি ধৰিছো। তাৰ উপৰি, মই জনামতে গৰীয়সীৰ এই সংখ্যাতে দুগৰাকী লব্ধপ্ৰতিষ্ঠ নাট্য সমালোচকে মহেন্দ্ৰ বৰঠাকুৰৰ সৃষ্টিকৰ্মৰ বিষয়ে বিশদ আলোচনাৰে লিখা প্ৰবন্ধ প্ৰকাশ পাইছে। গতিকে মই মাত্ৰ মোৰ সগোত্ৰী নাট্যকাৰজনৰ প্ৰতি স্মৃতিৰ শ্ৰদ্ধাৰ্ঘ আগবঢ়াইহে তেওঁৰ কেইখনমান নাটকৰ কথা মনত পেলাইছো।

 

আগেয়ে উল্লেখ কৰিছো, জন্ম বৰঠাকুৰৰ প্ৰথম নাটক। এইখন প্ৰথমে মকৰাজাল নামেৰে অনাতাঁৰ প্ৰচাৰ হৈছিল। অনাতাঁৰ নাট্যৰূপটোৰ প্ৰযোজনাৰ সৈতে ধীৰু ভূঞা জড়িত আছিল। অনাঁতাৰ নাটকখনৰ মঞ্চৰূপ দি প্ৰগতি শিল্পী সংঘৰ দ্বাৰা মঞ্চ নিবেদন কৰিবলৈ ধীৰু বৰ আগ্ৰহী হ’ল। তাৰ ফলতে, নাটকখনৰ মঞ্চৰূপ প্ৰকাশ পালে। মোৰ মনত পৰিছে, নাটকখনৰ পাণ্ডুলিপিটো তেওঁ মোক পঢ়িবলৈ দিছিল। মঞ্চনাটক লিখাৰ পৈনত অভ্যাস তেওঁৰ তেতিয়াও হৈ উঠা নাছিল। সেই দিশত কিছু পৰামৰ্শেৰে নাটকখনৰ ‘জন্ম’ শিৰোনামাটোও ময়ে দিছিলো। তেওঁৰ অনুৰোধ ক্ৰমে। তেওঁ বাৰ ভাল পাইছিল, কথাটোৱে মোক আজিও আনন্দ দিয়ে। যিহওক, গুৱাহাটীৰ মঞ্চত তেতিয়া সেইখনৰ নতুনত্বৰ ৰস আৰু সোৱাদেৰে আতি সাৰ্থক প্ৰযোজনা হৈছিল স্বীকৃত হৈছিল। নাটকখনত সেই সময়ৰ সমকালীন ৰাজনৈতিক আৰু সামাজিক জীৱনৰ প্ৰমূল্যৰ অৱক্ষয়ৰ স্বৰূপ দাঙি ধৰা হৈছে। স্বাধীনতাৰ পিছতে দেশত যি ন ন স্বপ্ন জনসাধাৰণৰ মনত অঙ্কিত হৈছিল ক্ৰমে দুই দশকৰ পিছলৈ নতুন প্ৰজন্মৰ কাৰণে ক্ৰমে স্বপ্নভঙ্গৰ সূচনা হৈছিল। হতাশ আৰু বিপন্নতাগ্ৰস্ত যুৱ সম্প্ৰদায়ে দেখিছিল সমুখৰ পথ অন্ধকাৰ। সেই আন্ধাৰৰ মাজেৰে পোহৰ স্বৰূপ বিচাৰিছিল তেওঁলোকে। আনকি সেই সময়ত নক্সালপন্থীসকলৰ দৰে বন্দুক হাতত তুলি লোৱাৰ দৰে, নেতিবাচক পথৰো ভাৱনা মনলৈ আহিছিল। কিন্তু তেওঁলোকে উপলব্ধি কৰিলে সেই বন্দুক মামে ধৰা, অৰ্থাৎ বন্দুকো অপ্ৰাসংগিক। তেওঁলোকে অপেক্ষা কৰিলে এক নতুন ভৱিষ্যতৰ জন্মৰ মুহূৰ্তলৈ।

 

পিতামহৰ শৰশয্যাও কম শৰ্মাহঁতৰ নাট্যদলৰ অনুৰোধত লিখিছিল বৰঠাকুৰে। স্থিতপ্ৰজ্ঞ, মহান যোদ্ধা চিন্তাবিদ ভীষ্মক আজিৰ ‘পটভূমি’ত উত্থাপিত আৰু বিচাৰ কৰা হৈছে। সেই সময়ত আধুনিক নাটকত লোকনাট্যৰ উপাদান ব্যৱহাৰ কৰাৰ যি এটা ভাবনা দেশৰ নাট্যধাৰাত সূচনা হৈছিল তাৰেই এক সাৰ্থক পৰীক্ষা এই নাটকখনত কৰিছিল নাট্যকাৰজনে। নাটকৰ মূল কাহিনীৰ মাজত মহাভাৰতৰ ঘটনা সন্নিবিষ্ট কৰি আৰু ওজাপালিৰ আঙ্গিক প্ৰয়োগ কৰি নিবেদন কৰা এই নাটকখনে সেই সময়ত গুৱাহাটীৰ মঞ্চত এক অভিনৱত্বৰ সৃষ্টি কৰিছিল।

 

সমাজৰ এজন আদৰ্শ পিতৃ আৰু পৰিয়ালৰ সদস্যসকলৰ নীতিৰ প্ৰতি বিশ্বাস, আনহাতে বাস্তৱ পৰিস্থিতিৰ সৈতে সংঘাত তাকে লৈ ৰচিত নাটক শিপা। কৰ্তব্যৰ প্ৰতি নিষ্ঠা, প্ৰমূল্যৰ প্ৰতি আত। বিশ্বাসৰ প্ৰতীক এখন চাইকেল নাটকৰ ঘাই চৰিত্ৰ মাষ্টৰৰ জীৱনৰ এক অপৰিহাৰ্য অঙ্গ হৈ পৰিছে। সাম্প্ৰতিক সমাজত ভ্ৰষ্টাচাৰৰ প্ৰাৱল্যৰ বিপৰীতে এচাম যুৱকৰ সচেতনাবোধে কিদৰে প্ৰমূল্যৰ শিপাডাল উভালি নপৰাকৈ ধৰি ৰাখিব পাৰে তাৰে ইংগিতেৰে নাটকৰ ইতিবাচক সামৰণি পেলাইছে নাট্যকাৰে।
আঁহতগুৰিৰ নতুন বাট নাটকৰ মূল বক্তব্য হৈছে ইতিহাস চৰ্চা পশ্চাদগমনৰ বাবে নহয়, গতিময়তাক অধিক দ্ৰুত কৰিবৰ কাৰণেহে। এজোপা পুৰণি আঁহত গছৰ তলত সংঘটিত ঘটনাৰাজিৰ মাজেৰে নাটক আগুৱাই নি, সময়ৰ নতুন কাম মুকলি কৰিবলৈ, পুৰণিক ধ্বংস কৰাৰ বা মূলচ্ছেদ কৰাৰ প্ৰয়োজন কিমান সেই প্ৰশ্নকে তুলি ধৰিছে নাটকত। নতুন বাটৰ সন্ধানত সমাজৰ স্বাৰ্থপৰ শ্ৰেণী আৰু ৰক্ষণশীলসকলে যি হেঙাৰ সৃষ্টি কৰে তাক অতিক্ৰম কৰি সমাজৰ বুকুলৈ পৰিৱৰ্তন আনিব লাগিব।

 

নগাওঁ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত 'শৰাগুৰি চাপৰি'

আজান ফকীৰৰ জীৱনীভিত্তিক শৰাগুৰি চাপৰি নামৰ নাটকখনে অসমৰ পৰম্পৰাগত সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাণী তুলি ধৰিছে। মূলতে কহিনৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে লিখা আৰু কুলদা কুমাৰ ভট্টাচাৰ্যই পৰিচালনা কৰা এই নাটকখনে ভ্ৰাম্যমাণ থিয়েটাৰত এক ইতিহাস ৰচনা কৰাৰ উপৰিও অসমৰ অনেক অপেছাদাৰী নাট্যগোষ্ঠীয়ে এই নাটকৰ মঞ্চ নিবেদন কৰি ভূয়সী প্ৰশংসা বুটলিছিল। জীৱনীভিত্তিক মহেন্দ্ৰ বৰঠাকুৰৰ আন এখন নাটক বিষ্ণুপ্ৰসাদ। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীৰ বিষয়ে যথেষ্ট গৱেষণালব্ধ তথ্য সংগ্ৰহ কৰি এইখনো মূলতে ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰে লিখাইছিল আৰু প্ৰযোজনা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ প্ৰায় সকলো দিশ সামৰি অতি সাৰ্থকভাৱে ৰচনা কৰা এই নাটকৰ অসমীয়া ভাষাত জীৱনী নাটক হিচাপে এক বিশেষ তাৎপৰ্য আছে।

 

ইয়াৰ উপৰি মুখ্যমন্ত্ৰী সমাজৰ বিভিন্ন দুৰ্নীতি গ্ৰস্ত লোকৰ স্বৰূপ উদঙাই দেখুৱা এখন অতি উচ্চমানৰ প্ৰহসন। মাজনিশাৰ চিঞৰ হ’ল আদৰ্শবিহীন বিদ্ৰোহৰ নামত সম্প্ৰতি চলা সন্ত্ৰাসবাদে সাধাৰণ মানুহক কিদৰে দুৰ্ভোগ ভোগাইছে তাকেই প্ৰতিপাদ্য কৰি লিখা এখন অতি সাহসী আৰু সময়োপযোগী নাটক। বলিয়া হাতী হ’ল বৰ্তমানৰ কেৰোণ লগা শিক্ষা ব্যৱস্থাৰ প্ৰতি দাঙি ধৰা তীব্ৰ ব্যংগ। আমাৰ গল্প নামৰ নাটকখন হ’ল বিশৃঙ্খল ৰাজনৈতিক আৰু সামাজিক পৰিৱেশৰ নাট্যচিত্ৰ। সিঁচা পানীৰ মাছ নাটক বৰ্তমান ৰাজনৈতিক, সামাজিক আৰু প্ৰশাসনীয় যন্ত্ৰৰ কেৰোণ আৰু দু্ষ্কাৰ্যবোৰক লৈ ৰচনা কৰা ব্যঙ্গ চিত্ৰ। অসমৰ এনে এখন ঠাই নাই য’ত যোৱা দশকটোত নাটকখনৰ পৰিবেশন হোৱা নাই। সম্ভৱতঃ এই দশকৰ আটাইতকৈ জনপ্ৰিয় নাটকখন হ’ব সিঁচা পানীৰ মাছ।

 

মহেন্দ্ৰ বৰঠাকুৰৰ নাট্য সংকলনটিত সন্নিবিষ্ট নাটককেইখনৰ বক্তব্যসমূহক মাত্ৰ থোৰতে দাঙি ধৰা হ’ল। বাকী আৰু প্ৰায় কুৰি-পঁচিছখনমান নাটক ভ্ৰাম্যমাণ থিয়েটাৰৰ দ্বাৰা অসমৰ সকলোতে নিবেদিত হৈছে। এটাইবিলাক নাটক পঢ়ি বিশদ আলোচনা কৰিবলৈ বহু পৃষ্ঠাৰ দিঘলীয়া প্ৰৱন্ধ হ’ব। কিন্তু বৰঠাকুৰৰ এটাইবোৰ নাটকে তেওঁৰ এটা পৰিচয়কে গুৰুত্বসহকাৰে দাঙি ধৰে। সেই পৰিচয় হৈছে বৰঠাকুৰ সাম্প্ৰতিকতাৰ নাট্যকাৰ। পুৰণিৰ বিষয়কো তেওঁ সাম্প্ৰতিক সময়ৰ প্ৰাসংগিকতাৰে প্ৰোত্থিত কৰে। তেওঁৰ দুখন জীৱনীভিত্তিক নাটকতো ব্যক্তি দুজনৰ জীৱনকে মাত্ৰ ৰূপায়িত কৰা নাই। জীৱনীক সাম্পৰ্তিক কালৰ প্ৰাসংগিকতাৰে নাটকৰ প্ৰতিপাদ্যক অধিক অৰ্থবহ আৰু উদ্দেশ্যসিদ্ধ কৰি তুলিছে। সাম্প্ৰতিক সময় আৰু সমাজক এজন সৃষ্টিশীল, তীক্ষ্ণ সমালোচকৰ দৃষ্টিৰে চিত্ৰিত কৰাই তেওঁৰ নাট্য ৰচনাৰ ধৰ্ম আৰু নীতি। প্ৰত্যেকখন নাটকেই সমাজৰ জটিল আৰু গুৰুত্বপূৰ্ণ দিশবোৰক উপস্থাপিত কৰে এজন ক্ষুৰধাৰ সমালোচকৰ বিচাৰেৰে। সামাজিক সমস্যাই যেন বৰঠাকুৰক নিৰন্তৰ চিন্তান্বিত কৰি ৰাখে। উদ্বিগ্ন কৰি ৰাখে। আৰু তাৰে অভিব্যক্তি তেওঁৰ নাটকৰ বিষয় নিৰ্বাচন, কাহিনীৰ ঘটনা প্ৰকৰণ আৰু বিশেষকৈ সংলাপৰ প্ৰাঞ্জল ভাষাত দ্ব্যৰ্থহীনভাৱে দেখা পাওঁ। তেওঁ নাটক লিখিছিল সমাজ উত্তৰণ আৰু পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰ উৎপ্ৰেৰকৰূপৰে। নান্দনিক নিজস্ব শৈলীৰে, শ্ল’গানৰ্মিতাৰ দোষে নোচোৱাকৈ, নাটকক সামাজিক দায়বদ্ধতাৰ মাধ্যম ৰূপে প্ৰয়োগ কৰাটো যে সম্ভৱ তাৰে প্ৰত্যয় আমি বৰঠাকুৰৰ নাটকত দেখা পাওঁ। আনহাতে তেওঁৰ প্ৰায় এটাইবোৰ নাটকতে ব্যঙ্গৰ ব্যৱহাৰ সৰল ৰস প্ৰদানৰ বাবেই হৈ নাথাকি সি বক্ৰক্তিৰে তীব্ৰ সমালোচনাৰ কাম কৰে।

 

প্ৰসঙ্গক্ৰমে, বছৰৰ পিছত বছৰ ধৰি আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা এসময়ত প্ৰাচৰিত হোৱা আৰু কিংবদন্তি স্বৰূপ হৈ পৰা ‘নোকোৱাই ভাল’ ব্যঙ্গ হাস্যৰসিক অনুষ্ঠানৰ স্ক্ৰীপ্টবোৰৰ লেখক হিচাপে মহেন্দ্ৰ বৰঠাকুৰক মানুহে আজিও সানন্দে সোঁৱৰে৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ গেলেৰী আৰু সম্মুখৰ চকীৰ দুয়ো শ্ৰেণীৰ দৰ্শকক সমানেই সন্তুষ্ট কৰিব পাৰে বৰঠাকুৰৰ নাটকে।

 

এইদৰেই যোৱা ত্ৰিশ বছৰে এখনৰ পাছত এখনকৈ ত্ৰিশখনৰো ওপৰ নাটক ৰচনা কৰি মহেন্দ্ৰ বৰঠাকুৰ অসমৰ এজন প্ৰখ্যাত নাট্যকাৰ হ’ল। এয়া, আমাৰ কাৰণে অতিকে সুখৰ কথা। কিন্তু দুখৰ কথাটো হ’ল, নাটকতে, টিভিৰ আৰু কথাছবিৰ কাহিনী আৰু চিত্ৰনাট্য লিখাতে ব্যস্ত থকাত অসমীয়া ভাষাত ভালেকেইখন মননশীল নিৰবদ্য উপন্যাস সংযোজন কৰাৰ বাবে সময় নহ’ল বৰঠাকুৰৰ। সেয়ে হ’লে বৰঠাকুৰ অসমীয়া ভাষাৰ এজন শ্ৰেষ্ঠ সাহিত্যিকো হ’লহেঁতেন। যেনিবা নহ’ল। ক্ষতি কি? মই নিজে এজন নাট্যকাৰ হিচাপে বৰঠাকুৰৰ নাট্যকাৰ পৰিচয়কে লৈ অপিৰসীম গৌৰৱবোধ কৰো। তেওঁও সেই পৰিচয়েৰে গৌৰাৱান্বিত বোধ কৰিছিল। মহেন্দ্ৰ বৰঠাকুৰ অসমৰ মানুহৰ মনত এই সময়ৰ এজন শ্ৰেষ্ঠ মহান নাট্যকাৰ পৰিচয়ৰেই চিৰঞ্জীৱী হওক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments