মহেশ্বৰ বুঢ়া : মাধুৰীমা ঘৰফলীয়া

মহেশ্বৰ বুঢ়া
– মাধুৰীমা ঘৰফলীয়া

মহেশ্বৰ বুঢ়া ঢুকাল। বিহুৰ উৰুকাৰ দিনাই। অইন কোনোবা এই বিহুৰ দিনা ঢুকোৱা হ’লে গাঁৱৰ মানুহৰ বিহুৰ মুদাই মৰিলহেঁতেন। পিছে মহেশ্বৰ বুঢ়াহে ঢুকাল। বুঢ়া গাঁৱৰ কাৰো পৰিয়ালৰ নহয়, গতিকে চুৱা নালাগিল। এইফালে বুঢ়াৰ দেহ ঘৰৰ বাজ হ’বলৈ পালেহে সিফালে চেঙেলীয়াবোৰৰ ঢোলৰ মাতত গাঁৱৰ এটা চুক গমগমাই উঠিল। অৱশ্যে বয়সীয়াল কেইজনৰ অলপ দুখ লাগিছিল। যিমান হ’লেও বুঢ়াক তেওঁলোকে বহুদিন পাইছে। গাঁৱৰ কাম বনত মহেশ্বৰ বুঢ়াই সততে লাগি ভাগি দিছিল। বয়সে কোঙা কৰা স্বত্বেও ইঘৰে সিঘৰে কাম বন কৰিয়েই ঘূৰি ফুৰিছিল। কোনোবাই কামত লাগি থকাৰ বাবে গালি পাৰিলেও বুঢ়াই কৈছিল তেওঁ হেনো এনেয়ে বহি থাকিব নোৱাৰে। এনেয়ে বহি থাকিব নোৱাৰা বুঢ়াজন দুদিন নৰিয়াত পৰিয়েই ঢুকাই থাকিল। কোনেও গমেই নাপালে। বৰ মনে মনেই গুচি গ’ল। দুপৰীয়া বিহুৰ বাবে জলপান কেইটামান দি থৈ যাওঁ বুলি জোনাকীৰ মাক তেওঁৰ ঘৰলৈ যাওঁতেহে দেখিলে বুঢা নিজৰ চালপীৰাখনত ঠৰঙা লাগি পৰি আছে। লগে লগে বুঢ়াৰ পঁজাটোত ভিৰ বাঢি় গ’ল। এনে ভিৰ যোৱা ত্ৰিশ বছৰে এদিনো হোৱা নাছিল।
মহেশ্বৰ বুঢ়া কেনেকৈ এইখন গাঁৱলৈ আহিছিল সেই কথা গাঁৱৰ বয়সীয়াল কেইজনেও পাহৰিলে। ডেকাবোৰেতো নাজানেই। সকলোৱে মাথোঁ জানে মহেশ্বৰ বুঢ়া দূৰৈৰ কোনোবা এখন জিলাৰ। নৈয়ে হেনো ঘৰ-দুৱাৰ সকলো খহাই নিছিল। জীৱনৰ সম্বল বিচাৰি ঘূৰি ফুৰোঁতে কোনোবা এদিন এই গাঁৱত ওলালহি। তাৰ পাছত থাকিয়েই গ’ল। দীপকৰ দেউতাকে ঘৰ সাজিবলৈ মাটি একঠা দিলে। বিনিময়ত মহেশ্বৰে জীৱনৰ বাকীচোৱা দেহাৰে টনালৈকে সিহঁতৰ ঘৰত হালোৱা খাটি পাৰ কৰি দিলে ।
বুঢ়াৰ দুখ-ভাগৰ বুলিবলৈ যেন একোৱেই নাছিল। দুই এজনে কয় লাওপানীৰ নিচা বাৰুকৈ লাগিলে কেতিয়াবা বুঢ়াই হেনো কোনোবা গাভৰু এজনীৰ কথা কৈ কান্দে। আজি অ’ত, কালি ত’ত তেনেকৈ হাবিয়ে হাবিয়ে কাঠ ফলা কাম কৰি থাকোঁতে তাইৰ সৈতে নৈৰ ঘাট এটাত চিনাকি হৈছিল। বুঢ়াই হেনো তাইক খুব ভাল পাইছিল। তাইও বুঢ়াকে নিজৰ দেহ মন সপি দিছিল। পিছে বুঢ়াই গৈ নিজৰ পৰিচয় দি ছোৱালী খুজেগৈ মানে ছোৱালীৰ ৰেহ-ৰূপ দেখি মাক-দেউতাকে বিয়া ঠিক কৰিলেই। ফলত বুঢ়াক জীৱনজোৰা নি:সংগতাৰ বোজা দি ছোৱালীজনীয়ে বেলেগৰ ঘৰ শুৱনি কৰিলেগৈ। কিছুমানে কয় বুঢ়াই সেইটো দুখতে চাগৈ ঘৰ এৰিলে, মাটি-বাৰী নৈয়ে খহোৱা কথাটো মিছা কথা।
যিয়ে নহওক মহেশ্বৰ বুঢ়া এতিয়া মৰিল। বুঢ়াৰ লগতে বুঢ়াৰ জীৱনক লৈ যিকণ উৎকণ্ঠা, কৌতুহল আছিল সকলো শেষ হৈ গ’ল। হয়তো বছৰচেৰেকৰ পাছত মহেশ্বৰ নামৰ এই মানুহজনোযে পৃথিৱীত আছিল সেই অস্তিত্বকণো শেষ হৈ যাব। অথচ এটা সময়ত মহেশ্বৰ বুঢ়া নোহোৱাকৈ এই গাঁৱত একো কামেই নহৈছিল।
ধুমুহা আহিছিল সেইদিনা।
– ইমান ডাঙৰ ধুমুহা আহিছিল অ’ দদাই। তই লগ নাপালি। তোকে বিচাৰি আহিছিল হেনো।
গাঁৱৰ আলিমূৰত বজাৰৰ পৰা অহা মহেশ্বৰক লগ পাই ডেকা এজনে কৌতুকৰে ক’লে। ডেকা মখাই বুঢ়াক জোকাৰি বৰ ভাল পাই। বুঢ়াও জানো কম ,কথাত সদায়েই এখোপ ওপৰত থাকিব ।
– হুহ, ইয়াত কি ধুমুহা আহিছিল, ৰাজমাই বজাৰৰ ফালে ধুমুহাই চৰি থকা ম’হৰ শিং উৰুৱাই লৈ গৈছে।
মহেশ্বৰৰ কথা শুনি ধুমুহাতকৈও জোৰেৰে শব্দ কৰি ডেকাসকল হাঁহি উঠিল।
বিহুৰ দুদিনমানৰ আগৰে পৰা দীপকক মন মাৰি থকা দেখি মহেশ্বৰৰ গা বাজিল। ল’ৰাটোক তেওঁ নিজৰ পোৰ দৰেই মৰম কৰে। মহেশ্বৰ যেতিয়া এই গাঁৱলৈ আহিছিল দীপকে থুনুক-থানাককৈ কথা ক’বলৈ শিকিছিলহে। মাকজনী অশৌচৰ সময়তে ঢুকাল। বাপেকে আকৌ বিয়া নাপাতিলে। আইতাক, দেউতাক আৰু মহেশ্বৰৰ হাততে দীপক ডাঙৰ হ’ল। আৰু ডেকা হয় মানে আইতাকজনীও ঢুকাল। মহেশ্বৰৰ দায়িত্ব আৰু বাঢ়ি গ’ল। গতিকে দীপকৰ প্ৰতিটো খোজেই তেওঁ চিনি পায় বুলি ক’ব লাগিব।
বহুদেৰি পেঘেনিয়াই পেঘেনিয়াই সোধাৰ পাছত সি মুখ খুলিলে। সিখন গাঁৱৰ পখিলা নামৰ ছোৱালীজনীৰ সৈতে তাৰ মন মিলিছে। পখিলাই হেনো এইবাৰ বিহুত বজাবলৈ গগনা এখন তাক আনি দিবলৈ কৈছে। বিচাৰিলেই গগনা য’তে ত’তে পাব। কিয় মহেশ্বৰ দদাই নিজেও চোন বৰ ভাল গগনা সাজিব জানে। কিন্তু কথা হ’ল যদি কেনেবাকৈ গগনাখনৰ মাত ভালকৈ নোলায় তেতিয়া কি হ’ব ? তাৰ প্ৰেমৰ কলি ওলাইছেহে, এতিয়া যদি কোনোবাই তাতকৈ ভাল গগনা এখন দি তাইৰ মন লৈ লয় কি হ’ব।
মহেশ্বৰে কথাটো গম্ভীৰভাবে ল’লে। দুয়োটাই বহু দেৰি কি কৰিলে ভাল হয় তাকে ভাবিলে আৰু এটা সময়ত মহেশ্বৰৰ মনত চাটকৈ উপায় এটাই ভুমুকি মাৰিলে।
– গগনা ব-তোলা চুঙাৰ হ’লে বেছি ভাল নহয় জানো দীপক ?
– ও। সেইটোৰ হ’লে আৰু ভাল হয়।
– আৰু ব-তোলা চুঙাৰ গৰাকীজনীৰ মুখখন যিমানে চোকা হয় সিমানে গগনা ভালকৈ নাবাজে জানো ?
– শুনিছোঁ আক’।
দীপকে বেঙাৰ দৰে মহেশ্বৰৰ কথাত উত্তৰ দিলে।
– তেতিয়াহ’লে তই দিয়া গগনা লৈ পখিলাই এইবাৰ বিহু ফালি দিব। তই চিন্তা নকৰিবি। দুদিন পাছত গগনা পাই যাবি ।
– কিন্তু দদাই !!
দীপকক আৰু একো ক’বলৈ সুযোগ নিদি মহেশ্বৰ উঠি গৈছিল। দুদিন পাছত তাৰ হাতত এখন সুন্দৰ গগনা তুলি দিছিল। তাৰ ঠিক এমাহৰ পাছতেই কেতেকীৰ মাকৰ গুৱাল-গালিয়ে গাঁওখন কঁপাই তুলিছিল। ধোৱাচাঙত তুলি থোৱা ব-তোলা চুঙাটো খৰি তুলি থোৱাৰ চলেৰে মহেশ্বৰে কেতিয়া সৰকালে কোনেও ধৰিবই নোৱাৰিলে। কেতেকীৰ মাকে তাৰ পাছৰ কেইবাৰলৈকে তাঁত লগালেই প্ৰথমে বাঢ়নীটো জোকাৰি পুৰণি চুঙাটোৰ কথা মনত পেলাই গুৱাল-গালি অলপ পাৰে। পিছে দীপকৰ বাহিৰে কোনেও নাজানিলে চুঙাটো কাৰ হাতত পৰিলগৈ।
সেই দীপকেই এতিয়া পখিলাৰ সৈতে ঘৰ কৰি দুটা ল’ৰা-ছোৱালীৰ বাপেক। মহেশ্বৰ বুঢ়াৰ চিতাৰ বাবে খৰি অলপ ফালি সি ঘৰত সোমালহি। পখিলাই আথে-বেথে ভাত বাঢ়ি দিলে। মানুহটোৱে ভাত কেইটা খাবলৈ লওঁতেই খবৰ পাই নোখোৱাকৈয়ে গুচি গৈছিল।
ভাত খাবলৈ বহি দীপকে অলপ সময় ভাতখিনি লিৰিকি-বিদাৰি থাকিল। তাৰ পাছত ঘটিটো লৈ বাহিৰত হাতখন ধুলে।
– ভাত খাবলৈ মন যোৱা নাই অ’ পখিলা। যিমান হ’লেও দদাইক সৰুৰে পৰা পাইছিলোঁ।
পখিলাই একো নকৈ গামোচাখন আগবঢ়াই দিলে।
– সিদিনা মই তেনেকৈ ক’ব নালাগিছিল বুজিছ। বৰ দুখ পালে চাগৈ। সেই দুখতেই…
– এস আপুনিনো কি ভাবি থাকে। বুঢ়া মানুহৰচোন ঢেৰ বেমাৰ থাকে। তেনেকুৱা কিবা এটা বেমাৰতেই ঢুকাল হ’ব পাই। আৰু তেওঁৰতো এনেও বহুত বয়স হৈছিল। কষ্ট নোপোৱাকে যে ঢুকাল সেইয়াই বহুত। আপুনি মিছাতে দুখ নকৰিব।
পখিলাৰ কথা শুনি দীপকে অলপ সকাহ পোৱা যেন পালে। নহ’লে সিদিনাৰ ঘটনাটোৰ কথা মনত পৰি নিজকে বৰ দোষী দোষী লাগি আছিল।
ঘটনাটো ঘটিছিল দুদিনৰ আগত। আনদিনাৰ দৰে সেইদিনাও আবেলি মহেশ্বৰ বুঢ়া আহি দীপকহঁতৰ বাৰাণ্ডাৰ বেঞ্চখনত বহি আছিল। দীপকৰ দেউতাক ঢুকুৱা কেইবাবছৰো হ’ল। গতিকে লগ-সংগ নাই যদিও নাতি কেইটাৰ লগতে সময়বোৰ পাৰ কৰে।
– দদাই, মই কথা এটা ভাবিছোঁ।
– কি কথা অ’?
দীপকে এনেকৈ কথা সুধিলে মহেশ্বৰ বুঢ়াৰ বৰ ভাল লাগে।
– ভবা মানে প্ৰায় খাটাং কৰিছোঁৱেই। তোৰ ঘৰটো থকা বাৰীখনত চাহ পুলি লগাওঁ। এনেই পৰি আছে। ডম্বৰুৱেও সেই খন বাৰীত চাহগছ লগালে বৰ ভাল হ’ব বুলি কৈছে।
ডম্বৰু গাঁৱৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ী ।
– ভালেই হ’ব দে। ময়ো কাষতে থাকিম যেতিয়া চকু দি থাকিব পাৰিম।
মহেশ্বৰ বুঢ়াই উৎসাহৰে কোৱা কথাষাৰ শুনি দীপকৰ কপালৰ ৰেখা কেইডাল কোঁচ খাই পৰিল।
– তোৰ ঘৰটো এৰি দিলেচোন বহুত ঠাই এনেয়ে বন্দী হৈ থাকিব ! মই গোটেই বাৰীখনৰ কথা কৈছোঁ।
– মানে ??
দীপকৰ কথা বুজিব নোৱাৰি মহেশ্বৰে বুঢ়াই অবাক হৈ সুধিলে।
– মানে আৰু কি দদাই, মই তোৰ ঘৰটো ভাঙি পেলোৱাৰ কথা ভাবিছোঁ।
– মই ক’ত থাকিম !!
– তোকনো থাকিবলৈ বেলেগকৈ ঘৰ এটা কিয় লাগে ? আমাৰ ভঁড়ালৰ তলতে বেৰ কেইখন লগাই থাকিব পাৰ। আৰু তোৰ দেখোন নিজৰ ঠাইত ঘৰ এখনো আছিল। তালৈও যাব পাৰচোন।
দীপকৰ কথা শুনি মহেশ্বৰ বুঢ়া অলপ সময় তভক লাগি ৰ’ল তাৰ পাছত লাহে লাহে ক’লে,
– বোপাই, জীৱনৰ আধা বয়স এইখন গাঁৱতে পাৰ কৰিলোঁ। এতিয়ানো এই মৰিবৰ বয়সত আকৌ ক’ৰ ক’ৰবাত জন্ম হোৱাৰ অধিকাৰত কেনেকৈ ঘৰ এখন বিচাৰি যাওঁ। মৰিবলৈ আৰু বেছি দিন নাই নহয়, এই কেইদিন অলপ শান্তিৰে থাকিবলৈ দেচোন। তাৰ পাছতে তই গোটেই বাৰীখনতে চাহ খেতি কৰ নে কি কৰ কৰিবি।
কথাষাৰ কৈ বুঢ়াই পখিলাই অনা চাহৰ বাতিকেইটালৈ হাতখন মেলিছিলহে দীপকৰ গোৰৰ কোবত বাতিকেইটা গৈ চোতালত ওফৰি পৰিলগৈ। “দেউতাই যে মোৰ বাবে এইবোৰ কি প্ৰেত চপাই থৈ গ’ল” বুলি দীপক ভোৰভোৰাই ভিতৰলৈ সোমাই গ’ল।
মহেশ্বৰ বুঢ়াই অলপ সময় তাতে থৰ হৈ বহি থাকিল। তাৰ পাছত থৰক-বৰক খোজেৰে উঠি গ’ল। সেইযে দীপকৰ ঘৰৰ পৰা গৈ বুঢ়া ঘৰত সোমাল তাৰ পাছত বুঢ়াৰ শটোহে বাহিৰলৈ ওলাল। দীপকৰ মনটো সেইবাবেই বেয়া লাগিছিল, কিজানি বুঢ়াই তাৰ কথাতে বেজাৰ পাই মৰিল। কিন্তু পখিলাৰ কথা শুনি তাৰ মনটো পাতল পাতল লাগি গ’ল। কোনে জানে বুঢ়াৰ গাত কি বেমাৰ আছিল !
মহেশ্বৰ বুঢ়াইও জনা নাছিল তেওঁৰ গাতযে কিবা বেমাৰ আছে। বেমাৰ বুলি দেখোন এটা দিনো বিচনাত পৰি থকা নহ’লেই। পিছে সেইদিনা দীপকৰ মাত কথাবোৰ শুনি বুঢ়াৰ বুকুখন বাৰুকৈয়ে কঁপি উঠিল। চালপীৰাখনত পৰি বুঢাই মাথোঁ নিজৰ জীৱনটো লুটিয়াই-বগৰাই চালে। সোণপাহী নামৰ সেই গাভৰুজনী যাক লৈ বুঢ়াই সপোন দেখিছিল, যাক নোপোৱাৰ দুখত বুঢ়া বৈৰাগী হৈছিল সেই সোণপাহীৰ কথা ভাবিলে। গৰ্ভত তাৰ সন্তান লৈ কান্দি-কাটি আউলি-বাউলি হৈ বেলেগৰ সৈতে বিয়া হৈ যোৱা সোণপাহীজনীক বাৰু সি তেতিয়াই কিয় জোৰকৈ ধৰি নাৰাখিলে ? কিয় সেই সময়ত সি ভীৰুৰ দৰে নিমাতে থাকিল ? অ’ত ত’ত ঘূৰি-পকি যেতিয়া এদিন সোণপাহীৰ সন্তানটো অৰ্থাৎ পৃথিৱীয়ে নজনা তেওঁৰ নিজৰ সন্তানটো কোচত ল’বলৈ পাইছিল তেতিয়ালৈকে সোণপাহী জীয়াই থকা নাছিল। মহেশ্বৰৰ জীৱনৰ প্ৰতি থকা শেষ মোহকণো হেৰাই যাব খুজিছিল। কিন্তু হেৰাই যাব নোৱাৰিলে। তেওঁৰ সন্তানটোৱে তেওঁক পুনৰ জীয়াই থাকিবলৈ বাধ্য কৰালে।
আজি অতদিনে বুঢ়াই নিজকে কেতিয়াও অকলশৰীয়া বুলি ভবা নাছিল। সোণপাহীৰ বাহিৰে এই পৃথিৱীৰ অইন কোনেও নাজানিলেও তেওঁ জানে তেওঁৰ এটা সন্তান আছে। তেওঁৰ এডাল শিপা আছে। য’ত আৰু এটা পোখা মেলি ঠাল ঠেঙুলি বাঢ়িছে। কিন্তু আজি যেন সেই সকলোবোৰ ভাব অৰ্থহীন হৈ পৰিল। নাজানে যেনিবা তেওঁ তাৰ আচল দেউতাক, তথাপি ইমানদিনৰ আত্মীয়তাখিনিৰ বাবে তেওঁক তাৰ আপোন বুলিতো ভাবিব পাৰিলেহেঁতেন। প্ৰথমবাৰৰ বাবে মহেশ্বৰ বুঢ়াৰ দীপকলৈ খুব খং উঠিছিল। দীপক, তেওঁৰ আৰু সোণপাহীৰ সন্তানটোলৈ।
চিতাত তোলা শটোলৈ চাই বুধিনে কাষতে খৰি জাপি থকা দীপকলৈ চাই ক’লে, “দদাইৰ চকু কেইটা চাচোন দীপক, কাৰোবাক যেন কিবা ক’বলৈ থাকিল তেনে লগা নাই নে ?”
দীপকে চকু কেইটালৈ চালে। ঠৰঙা লগা চকুৰ ভাষানো কোনে বুজিব পাৰে ! সি খৰি এডাল চকুদুটাৰ ওপৰত দি দিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক