“মহৰম“, অছুৰা আৰু ব্ৰাহ্মণ- দিলৱাৰ হুছেইন

১০ মহৰম অৰ্থাৎ অছুৰাৰ ৰাতি য়েজিদৰ সেনানায়ক ছিমাৰে ইউফ্ৰেটিছ নদীৰ পাৰৰ কাৰবালাত ইমাম হুছেইনৰ শিৰচ্ছেদ কৰিছিল এয়া সকলোৰে জনাজাত৷ এই যুদ্ধত ব্ৰাহ্মণসকলে ইমাম হুছেইনৰ পক্ষলৈ যুঁজত অৱতীৰ্ণ হৈছিল সেয়া বহুতৰে অগোচৰ৷

হুছেইনৰ পক্ষ লোৱা এই যোদ্ধা ব্ৰাহ্মণসকলৰ দত্ত বংশই ৮৩০ খ্ৰী: ৰ পৰা ৯৫০ খ্ৰী: লৈ আফগানিস্তান শাসন কৰিছিল৷ সোমানন্দ দত্ত আছিল এই ৰাজ্যৰ প্ৰতিষ্ঠাতা আৰু তেওঁ ৪৮ বছৰ ৰাজত্ব কৰে৷ এওঁলোক বেদ, পুৰাণ বিশ্বাসী আৰু পৰম শিৱ ভক্ত৷ সেইসময়ত আৰৱৰ বিভিন্ন ঠাইত এওঁলোকে ব্যৱসায় বাণিজ্য কৰিবলৈ নিগাজীকৈ বসবাস কৰিছিল৷
এওঁলোকৰ মাজৰে এজন আছিল ৰাহিব চিধ দত্ত৷ এওঁ হজৰত মহম্মদৰ জী জোঁৱাই হজৰত আলী আৰু নাতি হাচান, হোচেনৰ প্ৰতি বৰ শ্ৰদ্ধাশীল আৰু ঘনিষ্ঠ আছিল৷
কথিত আছে যে প্ৰতিপত্তিশালী ৰাহাব দত্ত সন্তানহীন হোৱা বাবে ইমাম হোছেইনৰ আগত দুখ প্ৰকাশ কৰাত ইমামে তেওঁৰ সন্তান যোগ নাই বুলি কয়৷ ইয়াতে ব্যথিতহৈ দত্তই কন্দাকটা কৰাত ইমাম হুছেইনে অদৃষ্টৰ বিৰুদ্ধেগৈ আল্লাক বৰকৈ খাটিলে আৰু কালক্ৰমত দত্তৰ পত্নীসকলৰ ফালৰ পৰা সাতটাকৈ পুত্ৰ সন্তান লাভ কৰে৷ ইমাম হুছেইন এজন উচ্চ পৰ্যায়ৰ আউলিয়া (সন্ত) আছিল৷
খলিফা (ৰজা) হজৰত আলীৰ মৃত্যুৰ পাছত শক্তিশালী য়েজিদে মহম্মদৰ নাতি আৰু আলিৰ পুত্ৰদ্বয় ক্ৰমে হাছান আৰু হুছেইন জীয়াই থকালৈ সৰ্বসন্মত খলিফা হব নোৱাৰিব বুলি জানি দুয়োকে বধ কৰাৰ চক্ৰান্ত ৰচে৷ হাছানক বিষ দি হত্যা কৰাৰ পাছত আলিৰ শুভাকাঙ্খী সকলে ইমাম হুছেইনক খলিফা পাতে৷ য়েজিদেও নিজকে খলিফা ঘোষণা কৰে আৰু মক্কা আক্ৰমণৰ ভাবুকি দিয়ে৷ সংঘৰ্ষ এৰাবলৈ ইমাম হুছেইন কুফা চহৰলৈ যোৱাৰ পথত ইউফ্ৰেটিছ নদীৰ পাৰৰ কাৰবালাত য়েজিদৰ বিশাল সৈন্যই কিছু বিশ্বস্ত লোক আৰু পৰিয়ালৰ সদস্যৰে ইমামৰ দলটোক ঘেৰি ধৰে৷ অনাহাৰ আৰু পিয়াহত জৰ্জৰ ইমামৰ সঙ্গী সকলক এজন এজনকৈ হত্যা কৰি ১০ মহৰম অৰ্থাৎ অছুৰাৰ দিনা ৰাতি য়েজিদৰ সেনাপতি চিমাৰে ইমামৰ শিৰচ্ছেদ কৰি দামাস্কাছ চহৰলৈ প্ৰেৰণ কৰাৰ দিহা কৰে৷
ৰাহাব দত্তই ইমামে মক্কা এৰা গম পাই নিজৰ দলবল আৰু ডেকা সাত পুত্ৰক লগত লৈ হুছেইনৰ সহায়ৰ বাবে কাৰবালালৈ আহে৷ ইতিমধ্যে ইমামক হত্যা কৰা হৈছিল আৰু ছিন্ন শিৰ লৈ গৈ থকা ছিমাৰক খেদিগৈ দত্ত বাহিনীয়ে হত্যা কৰে আৰু ছিন্ন শিৰলৈ শিৱিৰলৈ ওভতি আহে৷ এয়া গম পাই য়াজিদৰ সৈন্যই দত্তৰ শিৱিৰ ঘেৰাও কৰি বিনা ৰক্তপাতে ইমামৰ ছিন্নমুণ্ড ঘূৰাই বিচৰাত দত্তই তেওঁৰ এজন পুত্ৰৰ শিৰচ্ছেদ কৰি কটা মূৰটো টোপোলা বান্ধি ইমামৰ শিৰৰ পৰিবৰ্তে দি পঠিয়ায়৷ য়েজিদৰ সেনাই সেয়া ইমামৰ নহয় বুলি হেচাঁ দিয়াত দত্তই এজনকৈ সাতোজন পুত্ৰক বলি দিয়ে৷ শেষত দত্তক বন্দী কৰি ইমামৰ শিৰ য়েজিদৰ সৈন্যই লৈ যায়৷ ইয়াৰ এবছৰ পাছত এই শিৰ দামাস্কাছৰ পৰা ঘূৰাই আনি কাৰবালাত সমাধিস্থ কৰা হয়৷
কিছুবছৰৰ পাছত উমায়াদৰ ৰজা মুখ্তাৰৰ সতে আফগানিস্তানৰ দত্ত বংশৰ ব্ৰাহ্মণ ৰজাই হুছেইনৰ হত্যাৰ পোতক তুলিবলৈ য়েজিদৰ ৰাজ্যৰ বিৰুদ্ধে দীৰ্ঘকালীন যুঁজত অৱতীৰ্ণ হয়৷ হুছেইনৰ পক্ষ লোৱা বাবে এওঁলোকক হছেইনী ব্ৰাহ্মণ বা মহিওৱাল নামে জনাজাত৷ বাগ্দাদ চহৰত সেইসময়ত ১৪০০ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকে বসবাস কৰিছিল৷
পিছলৈ নানান ৰাজনৈতিক কাৰণত ৰাজ্য হেৰুৱাই বৰ্তমানৰ পাকিস্তানৰ শিয়ালকোট জিলাৰ দীনা নগৰত বাস কৰিবলৈ লয় আৰু পাছলৈ ৰাজস্থানৰ পুষ্কৰহৈ কাশ্মীৰ, দিল্লী, মহাৰাষ্ট্ৰলৈ বিয়পি পৰে৷
এওঁলোকে পুৰাণ আৰু অথৰ্ব বেদৰ উদ্ধৃতিৰে ইমাম হুছেইনক কলি যুগৰ পুণ্য অৱতাৰ হিচাবে ভক্তি কৰে আৰু এওঁৰ পিতৃ হজৰত আলিক ভক্তিৰে “ ঔম মূৰ্ত্তি“ বুলি মানে৷
এওঁলোকে পয়গম্বৰ হজৰত মহম্মদৰ পৰিয়ালৰ প্ৰতি এওঁলোকৰ পূৰ্বপুৰুষসকলৰ থকা অগাধ শ্ৰদ্ধা, ভক্তি আৰু চৰম আত্মবলিদানক সোঁৱৰি আজিকালিও ডিঙিত কটা দাগৰ দৰে দাগ দি লয়৷
(Ref. History of Muhiyals: The Militant Brahmins of India, T.P. Russell Stacy 1911 and Kashmir Observer, your doorway to Kashmir ).

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক