মহ [মূল: প্ৰেমেন্দ্ৰ মিত্ৰ] অনুবাদ:অংকিনী বৰা

গল্পটো আগতে কম নে গল্পটো যাৰ মুখেৰে শুনিছিলো তেওঁৰ কথা আগতে কম একেবাৰে ঠিক কৰিব পৰা নাই৷ কিন্তু গল্পটোৰ লগত ঘনশ্যাম দা-চমুকৈ ঘন দা ইমান বেছিকৈ জড়িত যে তেওঁৰ পৰিচয় নিদিলে গল্পটোৰ ৰস আধামান কমি যাব৷ সেয়ে বোধকৰোঁ ঘনদাৰ পৰিচয়ৰে আৰম্ভ কৰা বেছি ভাল হব৷ ঘনদাৰ শুকান, ৰুক্ষ বাঁহৰ জেং যেন দেহাটো চাই তেওঁৰ বয়স অনুমান কৰাটো একেবাৰেই অসম্ভৱ৷ পইত্ৰিশৰ পৰা পঞ্চাছৰ ভিতৰত যিকোনো বয়সেই হব পাৰে৷ ঘনদাক সুধিলেও তেওঁৰ সেই হাঁহিটো মাৰি কয় বোলে দুনীয়াখন তহলদাৰি কৰি ঘূৰি ফুৰোতে বয়সৰ হিচাপ ৰখাৰ সময়য়েই নহল৷ এইবুলি তেওঁ যিটো গল্প আৰম্ভ কৰে সেইটোও আকৌ চিপাহী বিদ্ৰোহ বা ৰুছ-জাপানৰ প্ৰথম যুদ্ধৰ সময়ৰ৷ সেইকাৰণে আমি আজিকালি ঘনদাৰ বয়সৰ অনুমান কৰা বাদেই দিছো৷ মাত্ৰ এইটো মানি লৈছো যে যোৱা দুশ বছৰত পৃথিৱীত এনে কোনো ঘটনা হোৱা নাই যাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বা এনে কোনো ঠাই নাই যলৈ তেওঁ যোৱা নাই৷

কেইবা বছৰো হ’ল, কি কৃপা কৰি তেওঁ আমাৰ গলিটোৰ সৰু মেছটোত আহি থাকিবলৈ লৈছে সেইটো ঠিক কব নোৱাৰি৷ আমাৰ আড্ডাত যে তেওঁ আহি বহে, সেইটোও তেওঁৰ অসীম কৰুণা বুলিয়েই কব পাৰি৷ অৱশ্যে মাজে মাজে তেওঁ ভয় দেখুৱায়, যে তেওঁ ইয়াৰ পৰা বস্তু-বাহানি লৈ একেবাৰে গুচি যাবগৈ; পাছে সেইয়াও মাহৰ শেষত মেছৰ খৰচৰ হিচাব কৰাৰ সময়তহে৷ সকলো বুজি-বাজি, আৰু হতাশ হৈয়ে আজিকালি আমি তেওঁক খৰচৰ কথা কবলৈ বাদেই দিছো৷ ঘনদাই প্ৰায়ে আমাৰ আড্ডাত আটাইতকৈ আৰামদায়ক ঠাইখিনি বাচি লৈ চিগাৰেট হুপি হুপি ধ্যানস্থ মুনিৰ দৰে বহি থাকে আৰু হঠাৎ কৰি আমাৰ কোনো কথাত উচ্চস্বৰে হাঁহিবলৈ ধৰে৷

অপ্ৰস্তুত হৈ যেতিয়া আমি তেওঁৰ ফালে চাওঁ, তেওঁ অলপ লৰিচৰি চিগাৰেটত এটা দীঘল হোপা দি ঈষৎ বিদ্ৰূপেৰে সোধে -“কি বানপানীৰ কথা পাতি আছ’ ?

আমিও লাজ লাজকৈ স্বীকাৰ কৰো যে দামোদৰ নদীৰ বানৰ কথা অলপ আলোচনা হৈছিল৷ কিন্তু ঘনদাই আমাৰ ফালে এনে কৰুণা মিশ্ৰিত দৃষ্টিৰে চায় যে, আমাৰ ভাব হয় যেন আমি দামোদৰৰ বানত উটি যোৱাই হলে ভাল আছিল৷ তাৰ পাছত আমাক আৰু লাজত পেলাই আমাক সোধে,

“টাইডেল ৱেভ কাক কয় জান? সমুদ্ৰৰ জলোচ্ছ্বাস বোলা সেই প্ৰলয়ংকৰী ঢৌ দেখিছ কেতিয়াবা?”

আমিও সংকুচিত ভাবে স্বীকাৰ কৰোঁ যে নামটো শুনিলেও বস্তুটোৰ সম্পৰ্কে আমাৰ কোনো বাস্তৱ অভিজ্ঞতা নাই৷

তাৰ পাছত ঘন দায়ে তেওঁৰ ৰহস্যময় হাঁহিটো মাৰি আৰম্ভ কৰে, “কেনেকৈ থাকিব! তেতিয়াহলে শুন, সেইসময়ত মুক্তাৰ ব্যৱসায় কৰিবলৈ মই টাহিটি দ্বীপত আছিলো …”

এইদৰে আৰম্ভ হোৱা ঘনদাৰ সুদীৰ্ঘ গল্পটোৰ পৰা আমি জানি যাও যে এনেকুৱা এটা ’টাইডেল ৱেভ’ৰ মাজেৰে তেওঁ একে বেলাতে কেনেকৈ টাহিটি দ্বীপৰ পৰা ফিজি দ্বীপ গৈ পাইছিল৷

এই গল্প শুনাৰ পাছত আমাৰ কি অৱস্থা হয় সেইয়া কোৱাই বাহুল্য৷ যেন ভাদ মাহৰ দুপৰীয়াৰ সূৰ্যৰ সন্মুখৰ টিপ-চাকিহে৷

সেয়ে ঘনদাৰ সমুখত আমি খুব সাৱধানেৰে কথা কওঁ৷ কিন্তু যিমানেই সাবধান হৈ কথা নাপাতো কিয়, ঘনদাৰ হাতত আমাৰ নিস্তাৰ নাই৷ প্ৰতিটো কথাতে তেওঁ টেক্কা মাৰি যায়৷ হয়তো কোনোবাই কথাই কথাই কলে, – “আজিকালি অনেকৰে চকুত চশমা, সকলোৰে চকু বেয়া হৈ গৈছে৷” ঘনদাই তেওঁৰ মাৰ্কা মৰা হাঁহিটোৰে একেকোবেই এণ্ডিজ পৰ্বতৰ চূড়াত উঠিবগৈ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই ‘এণ্ডিয়ান কণ্ডৰ শগুণৰ’ বাঁহ বিচাৰি৷

– “হাঁ, চকুৰ জোৰ দেখিছিলো সেই সময়ত! এণ্ডিজ পৰ্বতৰ ওপৰত বাট হেৰুৱাই পেলাইছো, ঠাণ্ডাত শৰীৰ প্ৰায় গোট মৰা যেন অৱস্থা, লগত এজন আৰ্জেণ্টাইন চিকাৰী আৰু বোৰোৰু জাতিৰ চাৰে ছয় ফুট ওখ এজন ৰেড ইণ্ডিয়ান গাইড৷ সন্ধ্যা হও হও, আৰু অলপ সময়ৰ ভিতৰত বাট বিচাৰি নাপালে ৰাতি পৰ্বতৰ ওপৰতে বৰফত পোত গৈ মৰিব লাগিব৷ এনে সময়তে আমাৰ সন্মুখৰ চূড়াৰ আগত থকা মেঘ খিনি অলপ ফাঁক হৈ গল, কিন্তু বাৰ হাজাৰ ফুট ওপৰৰ পৰা সেই ফাঁকেৰে কি দেখা যাব! ! বোৰোৰু জাতিৰ তীক্ষ্ণ চকুৰ কথাটো আৰু তেতিয়া জনা নাছিলো৷ পাছে মেঘ খিনি অলপ আঁতৰি যোৱাত হাত দুটা দূৰবীণৰ দৰে কৰি চকুৰ আগত ৰাখি সেই ফাঁকটোৰে অলপ সময় চাই ৰেড ইণ্ডিয়ান গাইডটোৱে কলে,

– “বাচ এতিয়া আৰু ভয় নাই৷ অবাক হৈয়ে সুধিলোঁ, বোলো ভয়তো নায়েই, পাছে তুমি কি দেখা পালা? সি হাঁহি কলে ‘কিয় তলত চিকাৰীৰ তম্বু দেখা গৈছে, বৰ ডাঙৰ এটা কুকুৰ লৈ ৰঙা কোট পিন্ধা এজন চিকাৰী এইমাত্ৰ তম্বুত সোমাল৷’ শুনি মইতো অবাক৷”

ঘন দাৰ কথা শুনি আমি তাতোকৈও অবাক হৈ কলো, “বাৰ হাজাৰ ফুট ওপৰৰ পৰা ৰঙা ৰঙৰ কোটটো কেনেকৈ দেখা পালে! ! ! “

-“আৰে, সেইটোক নেদেখিলে আকৌ চকুৰ জোৰ কিহৰ? শগুণৰ চকু কেনেকুৱা জান? শগুণে দুই মাইল ওপৰৰ পৰা মৰাশ দেখা পায়৷ এই বোৰোৰু চিকাৰীৰ চকুও তেনেকুৱাই৷”  ইমানখিনি শুনিয়েই আমি ইতিমধ্যে নিৰ্বাক হৈ গৈছিলোয়েই৷

গতিকে আজিকালি আমাৰ প্ৰায়ে নিৰ্বাক হৈয়ে থকা যায়৷ কিন্তু সেইদিনা কি কাৰণে জানো মহৰ প্ৰসংগ উঠিছিল! ! তেতিয়ালৈকে বোধকৰো ঘনদাও আহি পোৱা নাছিল, সেয়ে আমাৰ ইমান সাহস৷ তদুপৰি ভাবিছিলো, সামান্য মহৰ বাবে ঘন দায়ে নিজৰ কামান নাডাঙিব চাগে৷

কিন্তু আমাৰ ভুল ভাঙোতে বেছি দেৰি নালাগিল৷ বিপিনে তেতিয়া সিহঁতৰ গাঁৱত কেনে ধৰণে মহ মৰাৰ ব্যৱস্থা কৰা হৈছে, তাকে কৈ আছিল৷ হঠাৎ দৰ্জাৰ সমুখত ঘন দা! !

– “কি কথা হৈছে হে?”
আমিও অত্যন্ত সংকুচিত হৈ কলো,
– “নাই বিশেষ একো নাই, এই মহ মৰাৰ কথাকে পাতি আছিলো “

বিপিনে লৰালৰিকৈ আৰামী চকীখন ঘনদাৰ কাৰণে এৰি দিলে৷ ঘন দা তাত আৰামেৰে বহি, শিশিৰৰ পৰা এটা চিগাৰেট লৈ আৰম্ভ কৰিলে,

…“ও, মহ! !”

আমিও অলপ আশ্বস্ত হলো, হওক তেও, ঘন দাক মহে বৰকৈ আকৃষ্ট কৰিব পৰা নাই৷ কিন্তু পাছ মুহূৰ্ততে বোমা ফুটিল- যেই সেই বোমা নহয়, একেবাৰে আণৱিক!

– “ও, এবাৰ মাৰিছিলো, মহ এটা৷”

আমি স্তম্ভিত! ঘন দায়ে মহকো এৰি নিদিয়াৰ বাবে নহয়, আমি স্তম্ভিত তেওঁৰ এই বিনয়ৰ বাবেহে৷ মহেই যদি মাৰিব লাগে, তেতিয়া হলে ঘন দাই মাত্ৰ এটা মহ মাৰিব, এইটো কল্পনাৰো অতীত! !

শিশিৰে সাহস কৰি সুধিয়েই পেলালে – “মাত্ৰ এটা মহ মাৰিছিল!”

“অ’, জীৱনত মাত্ৰ এটা মহেই মাৰিছো৷ আমাক হতবাক কৰি ঘন দাই কবলৈ আৰম্ভ কৰিলে, -“মাৰিছোও ১৯৩৯ চনৰ ৫ আগষ্টত, চাখালিন দ্বীপত! ! “
আমি মুখ মেলি তেওঁৰ ফালে চাই থকা দেখি অকণমান সময় মনে মনে থাকি আকৌ কবলৈ ধৰিলে,

–  চাখালিন দ্বীপৰ নাম নাই শুনা? দ্বীপটো জাপানৰ উত্তৰত উত্তৰা দক্ষিণাকৈ দীঘলে আছে৷ দক্ষিণ দিশত আছে জাপান আৰু উত্তৰ দিশত আছে ৰাছিয়া৷ সেই দ্বীপতে এম্বাৰ সংগ্ৰহ কৰা কোম্পানী এটাত মই কাম কৰি আছিলো৷ এনে পাণ্ডৱ বৰ্জিত ঠাই আন কৰবাত আছে বুলি সন্দেহ আছে৷ বছৰৰ আধা মুষলধাৰে বৰষুণ হৈ বাকী খিনি সময় বৰফেৰে পোত গৈ থাকে৷ কোনোৰকমে অলপ মান দামী আম্বাৰ সংগ্ৰহ কৰাৰ পাছত দ্বিতীয়বাৰ সেইফালে মুখ কৰাৰ মন নাছিল৷ কিন্তু বিধিৰ বিপাকত আমাৰ কোম্পানীৰ তানলিন নামৰ চীনা মজদুৰ এটা ৰাতিপুৱা হঠাৎ নিৰুদ্দেশ হল, আৰু তাৰ লগত আমি সেই পৰ্যন্ত সংগ্ৰহ কৰা সকলো এম্বাৰো হেৰাল৷

চাখালিন দ্বীপটো বৰ সৰু সুৰা নহয়, বেছি ভাগ ঠাই দুৰ্গম জংঘল আৰু পাহাৰে আৱৰা৷ এই অগম্য দ্বীপটোত কাৰোবাক বিচাৰি উলিওৱা সহজ নহয়৷ অৱশ্যে এটা আশাৰ কথা আছিল যে, এই মূল্যবান এম্বাৰ লৈ দ্বীপটোত লুকাই থাকি কাৰোৰে একো লাভ নহয়৷ সেইবোৰ বেচিবৰ বাবে যিকোনো সভ্য দেশলৈ যাব লাগিবই৷ আৰু এপ্ৰিলৰ পৰা অক্টোবৰৰ মাজভাগলৈকে চাখালিন দ্বীপৰ পৰা কৰবালৈ যাবলৈ হলে আলেকজেনদ্ৰোভছৰ পৰা ব্লাডিভছলৈ ষ্টীমাৰেদি যোৱাৰ বাহিৰে আন কোনো উপায় নাই৷ অক্টোবৰৰ পৰা অৱশ্যে সমুদ্ৰ গোট মাৰি বৰফ হোৱাৰ পাছত কুকুৰে টনা শ্লেজ ব্যৱহাৰ কৰিব পাৰি৷ সেয়ে প্ৰধান ষ্টীমাৰ ঘাটত কাঢ়া নজৰ ৰাখিলে অক্টোবৰৰ আগতে চোৰ চাখালিন দ্বীপৰ পৰা পলাই সাৰিব নোৱাৰে আৰু আমিও তাক বিচাৰিবলৈ অক্টোবৰলৈকে সময় পাই যাম৷

ৰেডিঅ’ত আলেকজেনদ্ৰোভছৰ পুলিচক সকলো জনাই মই আৰু কেম্পৰ ডাক্টৰ মি. মাৰ্টিনৰ লগত দুজন কুলি লৈ তানলিনক বিচাৰি বাহিৰ হলো৷ পৰ্বতে কন্দৰে ঘূৰি ঘূৰি প্ৰায় হতাশ হোৱাৰ সময়তে ভাগ্যক্ৰমে এটা ইঙ্গিত পাই গলো৷

টিয়াৰা পাহাৰৰ কাষত সন্ধিয়া আমি তম্বু তৰিছিলো৷ সেইদিনাই চাখালিন দ্বীপত থকা আদিম গিলিয়াক জাতিৰ এজন চিকাৰীৰ মুখে ৰাতিপুৱা এটা খবৰ পাইছিলো, যে এজন চীনালোকক সেইখণ্ডত দেখা পোৱা গৈছে৷ কিন্তু সেই কথাত বিশ্বাস কৰিব পৰাকৈ কোনো প্ৰমাণ পোৱা নাছিলো৷

নিশা তম্বুত শোৱাটোও একৰকম অসম্ভৱ৷ চাখালিন দ্বীপত ডাঙৰ হিংস্ৰ জন্তুৰ ভিতৰত ভালুকৰ বাদে আন একো নাই আৰু এই ভালুকেও সাধাৰণতে মানুহক আক্ৰমণ নকৰে৷ কিন্তু ইয়াত থকা মহ আৰু মাখিয়ে যিকোনো হিংস্ৰ জন্তুকো চেৰ পেলাব পাৰে৷ মহৰ প্ৰকোপত শুব নোৱাৰি মই আৰু মাৰ্টিনে কথা পাতি থাকোতেই মোৰ চকুত এটা আচৰিত বস্তু পৰিল৷ মাৰ্টিনলৈ চাই দেখিলো তেৱো একমনে সেইফালে চাই আছে৷ দূৰত এটা উজ্জ্বল পোহৰ৷ মাৰ্টিনে অবাক হৈ সুধিলে,

– ‘জনশূন্য ঠাইত ইমান পোহৰ ক’ৰ পৰা আহিল? কিবা ভূত-প্ৰেতৰ কাৰবাৰ নেকি? ’

মই অলপমান লক্ষ্য কৰি কলো,
– ওহোঁ, ভূতৰ কাৰবাৰটো হব নালাগে৷ হয়তো দূৰৰ পাহাৰৰ ফালে এটা ঘৰ আছে আৰু পোহাৰটো তাৰ পৰাই আহিছে৷ কিন্তু আচৰিত কথাটো এই যে ইয়াত চখ কৰি ঘৰ সাজিবলৈ আহিব কোন! ! গিলিয়াক, ওৰুক বা টুংচুক জাতিৰ বৰ্বৰ চিকাৰীক বাদ দি ইয়ালৈ কোনো নাহে৷

পোহৰটোৰ সম্পৰ্কে কৌতূহল যিমানেই নহওক কিয় আমি ৰাতিপুৱা পৰ্যন্ত অপেক্ষা কৰাৰ সিদ্ধান্তই লৈছিলো৷ কিন্তু সেই মুহূৰ্ততে হঠাৎ এটা চিঞৰে ৰাতিৰ নিস্তব্ধতা ভাঙি দিলে৷ মাৰ্টিন আৰু মই এবাৰ ইজনে সিজনৰ মুখলৈ চালো আৰু এটাও শব্দ উচ্চাৰণ নকৰাকৈ হাতত টৰ্চ লৈ পোহৰ আৰু শব্দটোক অনুসৰণ কৰি বাহিৰ হলো৷ অৱশ্যে দুয়োজনেই কঁকালত পিষ্টল বান্ধি লবলৈ পাহৰা নাছিলো৷

সেই যে পাহাৰৰ টিলাটোৰ সিফালৰ পৰা পোহৰ অহা দেখা গৈছিল, সেয়া বেছি দূৰত নাছিল মাত্ৰ তিনিশ গজ মান যোৱাৰ পাছতেই এটা ঘৰৰ খিড়িকিৰে উজ্জ্বল পোহৰ ওলোৱা দেখা গল৷

পাছে আশ্চৰ্যৰ কথা এইটোৱেই যে, যি দিক বিদিক চূৰ্ণ কৰা চিঞৰক অনুসৰণ কৰি আমি গৈছিলো সেইটো আৰু দ্বিতীয় বাৰৰ বাবে শুনা নগ’ল৷ চাৰিওদিশ ইমানেই নিস্তব্ধ আছিল যে, দুয়োজনে একেলগে নুশুনা হলে আমি কাণেৰে কিবা ভুল শুনা বুলিহে ভাবিলোহেঁতেন৷

ফোঁপাই জোপাই ঘৰটোৰ কাষ পোৱাৰ পাছত হে আমাৰ চিন্তা হল, এতিয়া কৰা যায় কি? অপৰিচিত ঠাই খনত হঠাৎ ঘৰটোত সোমোৱাটো মুঠেই সুবিধাজনক নহয় আৰু ইমান দূৰ আহি ঘূৰি যোৱাটোও সম্ভৱ নহয়৷ সাত-পাঁচ গুণি পোহৰ অহা খিৰিকীখনেৰে এবাৰ জুপি চালো৷ মস্ত ডাঙৰ এটা কোঠা, মিউজিয়ামবোৰ দেখাত যেনে, তেনে৷ কোঠাটোৰ প্ৰায় মাজভাগত এখন কাঁচেৰে ঘেৰা টেবুল৷ টেবুলত কি আছে সেইয়া দেখা নাযায়৷ মানুহ দুনুহও নাই৷

তাৰ পৰা আহি দৰ্জাখন খুলি চাওঁ বুলি ঠিক হাত দিছোঁহে, তেনেতে পিছফালৰ পৰা এটা সৰু অথচ তীক্ষ্ণ মাতে ইংৰাজীতে এটা আদেশ দিলে, ’মৰাৰ মন নাই যদি হাত দাঙ!’

উচপ খাই উভতি চাই দেখোঁ, এজন লোকে হাতত উদ্যত পিষ্টল লৈ আমাৰ ফালে চাই থিয় হৈ আছে৷ তেওঁৰ পাছ ফালে যমদুত হেন চেহেৰাৰ আন এজন প্ৰহৰী, তেওঁৰ হাততো পিষ্টল!

পৰিস্থিতি প্ৰায় নাটকৰ দৰে জমি উঠিছিলেই, পাছত পৰস্পৰে পৰস্পৰৰ পৰিচয় পাই সকলো ঠিক হৈ গল৷ জানিব পাৰিলোঁ, যিজন লোকে আমাক পিষ্টল দেখুৱাই হাত তোলাৰ আদেশ দিছিল, তেওঁ জাপানী কীটতত্ত্ববিদ নিশিমাৰা৷ তেওঁ চাখালিন দ্বীপত কীটপতঙ্গৰ বিষয়ে গৱেষণা কৰাৰ বাবে ঘাটি পাতি বহিছেহি৷ আমি কি কামৰ বাবে তেওঁৰ ঘৰৰ কাষলৈ আহিছিলো জানিব পাৰি তেওঁ আমাৰ ওচৰত তেওঁৰ ব্যৱহাৰৰ বাবে ক্ষমা খুজি তেওঁৰ কাম কাজ চাই যাবৰ বাবে অনুৰোধ কৰিলে৷ লগতে এইটোও আশ্বাস দিলে যে, এই ঠাইখিনি প্ৰায় তেওঁৰ নখদৰ্পণত, আৰু তেওঁ চীনা মানুহজনক ধৰাত আমাক সহায় কৰি দিব৷

তেওঁৰ কথাখিনি যে সঁচা সেয়া এদিন পাৰ নহওঁতেই আমি বুজি উঠিলো৷ পিছদিনা ৰাতিপুৱা নিশিমাৰাই তেওঁৰ গৱেষণাগাৰটোত বহুত কিবা কিবি দেখুৱালে৷ তেওঁ যে সাধাৰণ কীটপতঙ্গৰ গৱেষণা কৰা নাই সেইটো তেওঁৰ গৱেষণাগাৰ দেখিলেই বুজা যায়৷ অকল পৰ্যবেক্ষণেই নহয়, পতঙ্গৰ লালন পালন আৰু পৰিবৰ্ধন কৰাৰ বাবেও তেওঁৰ বিশাল লেবৰেটৰীত বিভিন্ন ৰাসায়নিক আৰু বৈদ্যুতিক উপকৰণ  আছে৷

সকলোবোৰ চোৱাৰ পাছত এটা সময়ত মি. মাৰ্টিনে তেওঁক সুধিলে,
’পোক বা মকৰাৰ ভিতৰত বোধহয় মহেই আপোনাৰ গৱেষণাৰ প্ৰধান বিষয়৷’

মি. নিশিমাৰাই অলপ হাঁহি কলে, ’তাত আচৰিত হব লগা কি আছে, মানুহৰ কাৰণে মহেই আটাইতকৈ ডাঙৰ শত্ৰু৷ এই চাখালিন দ্বীপৰ পৰা আৰম্ভ কৰি সমগ্ৰ পৃথিৱীতে প্ৰতিদিনে মেলেৰিয়া বিয়পাই মহে কিমান ক্ষতি কৰিছে, ডাক্তৰ হিচাপে নিশ্চয় আপুনি নজনা নহয়৷’

মি. মাৰ্টিনে কলে, ‘কিন্তু আপোনাৰ গৱেষণাগাৰটো দেখি লাগিছে যেন মহক লালন পালন কৰাই আপোনাৰ আচল কাম৷ এনেদৰে মেলেৰীয়া কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি বুজি নাপালো৷’

নিশিমাৰাই আকৌ হাঁহি কলে,
– ‘মহ মাৰি নহয়, মহে যাতে মেলেৰীয়াৰ বীজাণু বহন কৰিব নোৱাৰে, তেনে এটা ব্যৱস্থা কৰিব খুজিছো; যাতে মেলেৰীয়াৰ সমস্যাটো অলপ বেলেগ ধৰণে সমাধান কৰিব পাৰো৷ ’
আমাক অলপ অবাক হোৱা দেখি তেওঁ কলে,

– ‘মহে কেনেদৰে বেমাৰৰ বীজাণু বিয়পাই আপোনালোকে নিশ্চয় জানেই৷ তাৰ মুখখন এজন ডাক্তৰৰ সৰঞ্জামৰ বাকচ বুলিয়েই কব পাৰি৷ গাৰ ওপৰত বহি প্ৰথমতে এটা যন্ত্ৰৰে গাৰ ছাল ফুটা কৰে, তাৰ পাছত আন এটা যন্ত্ৰই তাত লেলাৱটি লগাই তেজৰ চাপ যাতে বাঢ়ি নাযায় তাৰ ব্যৱস্থা কৰে৷ ইয়াৰ পাছত তৃতীয় যন্ত্ৰই নলীকাৰে আমাৰ তেজ শুহি লয়৷ আমাৰ শৰীৰত যে বেমাৰৰ বীজাণু সোমায়, সেইয়া তাৰ লেলাৱটিৰ পৰা সোমায়৷ মহৰ জন্মৰ পাছত যদি কেনেবাকৈ তাৰ লেলাৱটিত ৰাসায়নিক পৰিৱৰ্তন কৰি দিব পাৰে, যাতে বিষাক্ত মেলেৰীয়াৰ বীজাণু তাৰ দেহত বাচিবই নোৱাৰে, তেতিয়াহলে হাজাৰ মহে কামুৰিলেও আমাৰ ভয় নাই৷ মই মোৰ গৱেষণাত মহৰ লেলাৱটিৰ পৰিবৰ্তনকে কৰিবলৈ চেষ্টা কৰি আছো৷’

বিশ্বাস কৰা নকৰাটো পাছৰ কথা, কিন্তু আমি নিশিমাৰাৰ কথাৰ প্ৰতিবাদ নকৰিলো৷ তেওঁৰ গৱেষণাগাৰটো তেতিয়াও ৰহস্যময় যেন বোধ হৈয়েই আছিল৷ তথাপি আমি আগৰ নিশাৰ সেই চিৎকাৰৰ কথা পাহৰিব পৰা নাছিলো৷ নিশিমাৰাক সোধোতেও তেওঁ কোনো বনৰীয়া জন্তুৰ চিঞৰ বুলি কথাটো উৰাই দিছিল, কিন্তু মোৰ লাগিছিল যেন তেওঁ কিবা কথা এটা গোপন কৰিছিল৷

সেই গোপন ৰহস্যটো কি সেই নিশাই অৱশ্যে গম পালো৷ নিশিমাৰাই আমাৰ যত্ন-আতিথ্যৰ কোনো ত্ৰুটি কৰা নাছিল৷ ৰাতিৰ খোৱা-বোৱা কৰাৰ পাছত আমাক থাকিবলৈ দিয়া কোঠাটোত শুই থাকোতে হঠাৎ মাৰ্টিনে কৈ উঠিল,

– ’শুই থাকি কি হব! বলক অলপমান ফুৰি আহোঁ৷ ’, তেওঁৰ কথাত ৰাজী হৈ বাহিৰ হওঁ বুলি আহি দেখোঁ, আমাৰ কোঠাৰ দৰ্জা বাহিৰৰ পৰা বন্ধ! !

– ’ইয়াৰ অৰ্থ? ’ মি. মাৰ্টিনে অত্যন্ত চিন্তিত ভাবে মোলৈ চাই সুধিলে৷
সঠিককৈ ধৰিব নোৱাৰিলেও এই কথাৰ অন্তৰালত কোনো বেয়া মতলব আছে বুলি আমি নিশ্চিত হলো৷

কিন্তু ইমান সহজে জানো আমি হাৰ মানিম? চাদৰ ওচৰত এখন সৰু ভেণ্টিলেটৰ আছিল৷ কোনোৰকমে তাৰ পাল্লা ভাঙি আমি দুয়োজনে সেইফালেৰে বাহিৰ ওলালো৷

ঘোপমৰা আন্ধাৰ ৰাতি৷ মাত্ৰ নিশিমাৰাৰ গৱেষণাগাৰৰ পৰা পোহৰ ওলোৱা দেখা গৈছে৷ সন্তৰ্পণে সেই ঘৰটোৰ পাছফালে গৈ খিৰিকী এখনৰ ওচৰ পাওঁতেই আকৌ কালিৰ ৰাতি শুনাৰ দৰে এটা চিঞৰ শুনা পালো৷ সেই চিঞৰ শুনাৰ লগে লগে আমি খিৰিকীৰে কোঠাটোৰ ভিতৰত সোমাই পৰিলো৷ কিন্তু ই কি? আমি যাৰ সন্ধানত পাহাৰে পৰ্বতে ঘূৰি ফুৰিছো, সেই চীনা তানলিন এখন মেজৰ ওপৰত বাগৰি বাগৰি যন্ত্ৰণাত চটফটাই আছে৷ তাৰ একাষে কালি দেখা যমদুতৰ দৰে চেহেৰাৰ প্ৰহৰীজন আৰু আন ফালে এটা কাচৰ নলীৰ দৰে বস্তু হাতত লৈ স্বয়ং নিশিমাৰা৷

’কথাটো কি নিশিমাৰা?’ বেছ উত্তেজিত হৈয়েই সুধিলো৷ আমাক দেখি খং ৰাগ বিস্ময়ৰ কোবত অলপ পৰ নিশিমাৰাৰ মুখেৰে একো শব্দই ওলোৱা নাছিল৷ তাৰ পাছত বহুত কষ্ট কৰি নিজকে চম্ভালি তেওঁ কলে, ‘মোৰ আতিথ্যৰ অলপ বেছিয়েই সুবিধা লৈছে নেকি আপোনালোকে? এই কোঠাটোলৈ আহিবলৈ আপোনালোকক কোনে অনুমতি দিলে?’
– ‘কোনেও দিয়া নাই, এতিয়া কওঁক, ইয়াত কি হৈ আছে? ’

মি. নিশিমাৰাই অদ্ভুত ভাবে হাঁহি কলে,
– যি হৈছে হয়তো দেখা পাইছেই৷ এই লোকজনক সাপে কামুৰিছে আৰু তাৰে চিকিৎসা কৰিছো৷

মি. মাৰ্টিনে তানলিনক পৰীক্ষা কৰি কঠিন স্বৰে সুধিলে,
– ‘এই মানুহজন দেখোন ইতিমধ্যে মৰি গ’ল, আৰু এওঁক একোৱে কামোৰা নাই৷ এওঁক কি কৰিছে কওঁক?’
– ‘কি কৰিছো জানিবৰ মন গৈছে নহয়?’

নিশিমাৰাই কেতিয়া যে পিষ্টল এটা উলিয়াই হাতত মোলৈ পোনালে গমেই নেপালো৷ সেইটোৰ ট্ৰিগাৰত আঙুলি ৰাখি তেও আমাক লক্ষ্য কৰি কবলৈ ধৰিলে
– ‘ঠিক আছে তেনেহলে, সেইটো কথাই কওঁ তেতিয়াহলে, শুনক৷ পৃথিৱীৰ সকলোতকৈ আচৰিত আবিষ্কাৰৰ কথা শুনি মৰাৰ সৌভাগ্য আপোনালোকৰে হওক৷ আপোনালোকৰ তানলিন কোনো সাপৰ কামোৰত মৰা নাই৷ মাৰিছে মহৰ কামোৰত .. সামান্য এটা মহৰ কামোৰত৷

তীক্ষ্ণ আৰু উচ্চ অট্টহাস্যৰে আমাক আচৰিত কৰি নিশিমাৰাই আকৌ কবলৈ আৰম্ভ কৰিলে, – – – ‘বিশ্বাস কৰিব পৰা নাই নহয় কথাটো, ৰ’ব এতিয়াই হাতে হাতে প্ৰমাণ দি আছো৷ কিন্তু তাৰ আগতে বেলেগ এটা কথা শুনক৷ মহৰ লেলাৱটিত ৰাসায়নিক পৰিবৰ্তনৰ কথা কৈছিলো যে, মনত নিশ্চয় আছে? সেই পৰিৱৰ্তন মই সচাকৈয়ে কৰিছো৷ কণীৰ পৰা ওলোৱাৰ পাছত যেতিয়া মহ বোৰ পানীৰ লালুকীৰ নিচিনা হৈ থাকে, তেতিয়াই বিভিন্ন প্ৰক্ৰিয়াৰে মহৰ লেলাৱটিৰ এনেকুৱা পৰিৱৰ্তন কৰিছো যে মহৰ লেলাৱটি সাপৰ বিষতকৈও মাৰাত্মক হৈ উঠিছে৷ কালি ৰাতি যে এটা চিঞৰ শুনিছিল, সেইয়াও আন এজনৰ ওপৰত এই মহৰ কামোৰৰ পৰীক্ষা কৰাৰে ফল৷ তানলিনৰ অৱস্থাটো নিজ চকুৰে দেখিছেই.. এইবাৰ আপোনালোকৰ পাল৷’

ইতিমধ্যে নিশিমাৰাৰ ইঙ্গিততে সেই যমদুতে মি মাৰ্টিনক ধৰি পেলাইছে৷ তেওঁৰ ফালে আগুৱাই গৈ নিশিমাৰাই মাৰ্টিনক কলে,
– ‘এই কাচৰ নলীটো দেখিছে? ইয়াৰ ভিতৰত মাত্ৰ এটা বিষাক্ত মহ সোমাই আছে৷ কিন্তু এই এটা মহেই আপোনালোকৰ দৰে কেইবাজনকো হত্যা কৰাৰ বাবে যথেষ্ট৷ আপুনিটো বিজ্ঞানৰ পীঠস্থান, সভ্যতাৰ চূড়ামণি, মাৰ্কিন দেশৰ মানুহ, .. সেইকাৰণে আপোনালোক দুই বন্ধুৰ ভিতৰত বিজ্ঞানৰ বাবে প্ৰাণ দি গৌৰৱান্বিত হোৱাৰ প্ৰথম সুবিধা আপোনাকে দিয়া যাওক৷ বেছি একো কৰিব নালাগে পাছে, এই নলীটো এনেধৰণে তৈয়াৰী কৰা হৈছে যে, নলীটোৰ মুখ খনে কাৰোবাৰ গাত হেঁচা মাৰি ধৰিলেই সন্মুখৰ ঢাকনি খন নিজে নিজে খোল খাই যায় আৰু ভিতৰত থকা হিংস্ৰ মহটোৱেও উৰি আহি কামুৰি দিয়াত অলপ পলম নকৰে…’

মোৰ মুৰটো অতি বেছিকৈ ৰিমঝিম কৰিছিল, এনে লাগিছিল যেন থিয় হৈ থকাৰ শক্তি আৰু নাই৷ কিন্তু তাৰ মাজতে চকুৰ পচাৰতে ঘূৰি নিশিমাৰাৰ মুখত এনে এটা ঘোঁচা সোধালো যে নিশিমাৰা মেজৰ ওপৰত চিটিকি পৰিল আৰু লগে লগে তেওঁৰ হাতত থকা কাচৰ নালীটোও ভাঙি চুৰমাৰ হৈ গ’ল৷

তাৰ পাছত যি ঘটনা ঘটিল সেইয়া বৰ্ণনা কৰা কঠিন৷ কল্পনা কৰা, এটা বিষাক্ত মহ কাঁচৰ নলীটোৰ পৰা ওলাই কোঠাটোৰ ভিতৰত ঘূৰি ফুৰিছে আৰু চাৰিজন মানুহ তাৰ কামোৰৰ পৰা বাচি কোঠাটোৰ পৰা পলাবলৈ দৌৰি ফুৰিছে.. আৰু কোঠাটোৰ মাজত তানলিনৰ মৃতদেহ৷

কোনোৰকম দৰ্জাৰ ওচৰ পাই দৰ্জাৰ খিলিটো খুলিব খোজোতেই সেই প্ৰহৰীটো প্ৰায় মোৰ গাতে পৰিলহি৷ বুজিলো আৰু আশা নাই৷ মহটো ঠিক মোৰ নাকৰ কাষৰ পৰা এবাৰ ঘূৰি গল৷ তাৰ পাছত হঠাতে সেই বিশাকায় কাফ্ৰীটো পাঁচটামান ৰেল ইঞ্জিনৰ দৰে শব্দ কৰি বাগৰি পৰিল৷ বুজিলো, মহটোৱে তাক কামুৰিলে৷

একো ভবাৰ আৰু সময় নাই৷ আকৌ উঠি পলাব খুজি উভতি চাই দেখোঁ, নিশিমাৰাই মি. মাৰ্টিনক হেঁচা মাৰি পেলাই দিছে আৰু মহটো তেওঁৰ মূৰৰ কাষত উৰি আছে৷ তাকে দেখি মই এটা টান মাৰি মি. মাৰ্টিনক তাৰপৰা অলপ আঁতৰাই দিলোঁ৷ লগে লগে নিশিমাৰাৰ আৰ্তনাদ শুনা গল৷ মহটো এইবাৰ ঠিক তেওঁৰ গালৰ ওপৰত আহি বহিছেহি৷

এইবাৰ আৰু একমুহূৰ্তও দেৰি নকৰিলো৷ মোৰ হাতৰ এটা প্ৰকাণ্ড চৰ পৰিল নিশিমাৰাৰ গালত৷ মহ আৰু নিশিমাৰাৰ ইহলীলা একেলগেই শেষ হৈ গল৷…

মহ মৰাৰ পৰিশ্ৰমৰ সকলো ভাগৰ এটা দীঘলীয়া নিশ্বাস এৰি ঘনদাই কলে, “তাৰপাছত জীৱনত আৰু মহ মাৰিবলৈ মন যোৱা নাই!”

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক