মাইনা ডাঙৰ হ’ল – সুনীল দত্ত

ওচৰৰ সৰু কোঠাটোত বিছনাখন সাজু কৰি ৰঞ্জনাই নৃপেনক ক’লে, “আজিৰ পৰা তুমি এইখন বিছনাত শুবা৷” নৃপেন হতভম্ব হ’ল। “মাইনাৰ তোলনী বিয়া বুলি ইমানদিনে বাৰাণ্ডাৰ কোঠাতেই থাকিলোঁ৷ আজি চোন আলহী-দুলহীবোৰো গ’ল৷ আজি আকৌ নিজৰ বিছনাখনৰ পৰা কিয় খেদিছা? মাইনাৰ ওচৰত নোশোৱা বাবে এইকেইদিন মোৰ ভালকৈ টোপনিয়েই অহা নাই৷” ৰঞ্জনাই গহীনাই মাত লগালে, “আজিৰ পৰা তুমি আৰু মাইনাৰ ওচৰত শুব নোৱাৰা৷ মাইনা এতিয়া সৰু ছোৱালী হৈ থকা নাই৷ তাই গাভৰু হ’ল৷”
অলপ সময় ৰঞ্জনাৰ পিনে চাই থাকি বিছনাৰ পৰা গাৰুটো লৈ নৃপেনে কাষৰ কোঠাটোত সোমাল৷ ৰঞ্জনাই তালৈ সাজু কৰা বিছনাখনত গাৰুটো থৈ নৃপেনে বিৰবিৰালে, “এৰা! মাইনা এতিয়া মাইনা হৈ থকা নাই৷ মাইনা সঁচাকৈয়ে ডাঙৰ হ’ল৷” নৃপেনৰ চকুৰে বৈ অহা চকুলো মচি দিবলৈ কোঠাটোত মাইনা নাছিল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক