মাই হাৰ্ট গ’জ আউট টুদা পিপ’ল অফ্ আচাম (পংকজ বৰা)

ধুৰুম্৷

ৰাতি২ বজাত হোৱা এনেকুৱা অদ্ভূত শব্দত মোৰ কাষৰ কোঠালিত টোপনিত থকাৰ পৰা মুকেশ কুমাৰ নামৰ বন্ধুজন উঠি আহি মোৰ দৰ্জাত টুকুৰিয়ালেহি৷ থত্ মত খাই মই সেমেনা সেমেনাকৈ দৰ্জাখন খুলি ওলাই গ’লো৷ সি হিন্দীতে সুধিলে “কি হ’ল?” মইঅপ্ৰস্তুত ভাৱে উত্তৰ দিলো ” এহ্ বিশেষ একো হোৱা নাই৷ বিচনাত শুই শুই ৰাতিলেপটপটো লৈ কাম কৰি থাকোতে কেতিয়া টোপনি গ’ল গমেই নেপালো৷ হঠাত লেপটপটোবিচনাৰ পৰা মজিয়াত সৰি পৰিল৷ কাঠৰ মজিয়া বাবে ডাঙৰ শব্দ হ’ল৷” সিও সঁচাবুলি মানি লৈ ঘূৰি গ’ল৷ হঠাৎ মোৰ সোঁভৰিত এক তীব্ৰ বিষ অনুভৱ কৰিলো৷ কি ঘটিল মনত পেলাবলৈ যত্ন কৰিলোঁ৷

******

গুৱাহাটীত উত্তপ্ত পৰিস্থিতি৷ সকলো ভয়াৰ্ত মানুহ পলাইছে৷ লাম লাকটু যি যেনেকৈ পাইছে হাততলৈ পলাইছে৷ এক ভয়াৰ্ত যুদ্ধসদৃশ জৰুৰীকালীন অৱস্থা৷ মইও গাড়ীখন লৈ ততাতৈয়াকৈ ওলালো৷ জি এছৰ ৰোডৰ প্ৰচণ্ড ভীৰ কোনোমতে পাৰ হৈ আহিলো৷ যোৰাবাট পাৰ হৈ ১০০ কিমি প্ৰতি ঘন্টা বেগত গাড়ী দৌৰাইছো৷ শৰাইঘাট দলংখন হেনো উৰালে৷ নৰনাৰায়ণ সেঁতুখনো উৰালে৷ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটা জ্বলি শেষ৷ অসমীয়াৰ নাম গোন্ধেই নাই৷ কেইজনমান যেনে তেনে বাচি আহি গুৱাহাটী পাইছেহি৷ গুৱাহাটীৰ নেতাবোৰে খবৰটো আগতীয়াকৈ পাই অসমৰ বাহিৰত থকা নিজৰ ঘৰত আশ্ৰয় লৈ আছেগৈ৷ মই গাড়ী দৌৰাই আছো, দৌৰাই আছো, দৌৰাই আছো৷ নেলী পালোগৈ, অজান আশংকাত বুকুখন কঁপি উঠিল৷ ৰহা খন তেনেই নিমাও মাও৷জাগীৰোদৰ কাগজ কলত ঘৰবোৰ জ্বলি আছে৷ দোকান পোহাৰ বোৰ ফুটছাই হ’ল৷ অলপ দূৰগৈ দেখিলো ৰাস্তাত কেইবাখনো ভঙা-চিঙা গাড়ী৷ কেইবাটাই আধাজ্বলা মৃতদেহ৷এজনী উলংগ মহিলাৰ মৃতদেহ, চিৰাচিৰ কৰি ফালি থোৱা বুকু৷ ভূতৰ ওপৰত দানহ পৰাদি তাতেই মোৰ গাড়ীৰ তেল শেষ হ’ল ৷ ইতিমধ্যে আন্ধাৰ হৈ আহিছে৷ দূৰত কাৰোবাৰ কোৰ্হাল শুনিলো, যেন মোৰ ফালেই আগুৱাই আহিছে৷ গুৱাহাটীৰ ফালে ঘূৰিচাই দেখিলো, আকাশখন ৰঙচুৱা হৈ উঠিছে৷ মাজে মাজে একো একোটা হিলৈ ফুটা হেনগুৰুম্ গুৰুম্ শব্দ৷

ম’বাইলৰ নেটৱৰ্ক ইতিমধ্যে বন্ধ৷ প্ৰায়কেইটা কন্ট্ৰ’ল টাৱাৰ উৰাই দিছে৷ মোবাইল কোম্পানীৰ বিষয়া, ইঞ্জিনীয়াৰ বোৰে ইতিমধ্যে অসম এৰি গুছি গৈছে৷ মই গাড়ীখন তাতে এৰি পথাৰলৈ পোনালো৷ আন্ধাৰে-মুন্ধাৰে দৌৰিছো আৰু দৌৰিছো৷ বহুদূৰ দৌৰাৰ পাছত চকামকাকৈ দেখিলো এদল মানুহে আহি মোৰ গাড়ীখন জ্বলাই দিছে৷ মোৰ গা শিঁয়ৰি উঠিল৷ অণ্ঠ-কণ্ঠ শুকাই গ’ল৷মই পথাৰৰ আলিয়ে আলিয়ে দৌৰিছো আৰু দৌৰিছো৷ কিমানদূৰ গ’লো নাজানো৷ দৌৰিছোআৰু দৌৰিছো৷ পথাৰৰ মাজত অৰ্ধসম্পূৰ্ণ ৰংগমঞ্চৰ নিচিনা ঘৰ এটা দেখিলো৷ খুউব জোৰে ধুমুহা বৰষুণ আহিছে৷ ভাগৰত ভৰি নচলা হ’ল৷ গৈ ৰংগমঞ্চটোৰ ভিতৰত সোমালো৷মজিয়াত দীঘল দি পৰিব খোজোঁতেই কোনোবা দুটাই হেন্দছ্ আপ বুলি চিঞৰি উঠিল৷মই বোলো শেষ, খেল খটম৷ ভিজা কাপোৰৰ মাজে মাজে শৰীৰৰ তলৰ অংশইদি কিবা গৰমপানীৰ সোঁত এটা বৈ গ’ল৷ ভালকৈ চাই দেখিলো হাতত উদ্যত থ্ৰী নট থ্ৰী বন্দুকলৈ অসম পুলিচৰ দুজন কনিষ্টবল৷ মোক অদ্যোপান্ত সুধিলে, মইয়ো ক’লো৷ বাংলাদেশী আহি এতিয়ালৈ গুৱাহাটী পালেহি চাগে৷ পুলিচ দুজন হেনো এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হৈ আহিছিল৷ ৰাস্তাতে এদল উন্মত্ত মানুহে আক্ৰমণ কৰিলে৷ টানি আজুৰি উলিয়াই নিলে আৰক্ষী অধীক্ষক গৰাকীক৷ ৰাস্তাত দেখি অহা উলংগক্ষত বিক্ষত নাৰীদেহটোলৈ মনত পৰিল৷ পাইলট গাড়ীখনত যোৱা এওঁলোক দুজনে কিবাপ্ৰকাৰে তাৰ পৰা বাচি আহিল৷ অলপ দূৰ আহি ৰাস্তাৰ দলং ভঙা পায় তাতে গাড়ীএৰি পথাৰে পথাৰে আহি ইয়াত সোমাইছেহি৷

তাহাত দুটাই আৰক্ষী বিষয়াগৰাকীৰ মুখত শুনিছিল হেনো যে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীক ভাৰত চৰকাৰৰ পৰা সামৰিক সহায় বিচাৰিবলৈ কৈছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে হাইকমাণ্ড মেডামৰ নিৰ্দেশলৈ ৰৈ থাকোঁতেই কোন তলকত বাংলাদেশী বাহিনী আহি পালেহি ততেই ধৰিব নোৱাৰিলে৷ অত্যাধুনিক মাৰণাস্ত্ৰ, ক্ষেপনাস্ত্ৰ, টেংকেৰে সুসজ্জিতবাংলাদেশী বাহিনীৰ সন্মূখত অসম আৰক্ষী তিষ্ঠিবই নোৱাৰিলে৷ অৰুণাচলৰ লগতে লখিমপুৰ ধেমাজিলৈকে হেনো চীনা সৈন্য পালেহি৷ নগাই তলৰ ফালৰ পৰা কচুকটা দিছে৷ যেনে তেনে যোৰহাট, গোলাঘাট আৰু শিৱসাগৰত পলৰীয়া অসমীয়া খিনিয়ে পেপুৱা লাগি আছে৷ কোন মূহুৰ্ত্তত তাৰ পৰাও বিতাৰিত হয় ঠিকনা নাই৷পৰিস্থিতি ইমানেই পালেগৈ যে দিল্লীৰ পৰা প্ৰধানমন্ত্ৰীয়ে এটা ৱায়াৰলেছ মেচেজ পঠালে “মাই হাৰ্ট গ’জ আউট টু দা পিপ’ল অফ আচাম” ৷ ইমান তৎক্ষণাতেভাৱিব নোৱাৰা কাণ্ডবিলাক ঘটি গ’ল৷ কোনেই ততেই ধৰিব নোৱাৰিলে৷

হঠাতেপাখি লগা উজ্জ্বল কিবা এটা উৰি আহি আমি সোমাই থকা ঘৰটোৰ নাতিদূৰতে পথাৰতপৰিলহি আৰু ভয়ংকৰ শব্দ কৰি বিস্ফোৰণ হ’ল৷ কেউজন চিটিকি পৰিলোঁ৷ লগে লগেইএটা বিকট শব্দ ‘ধুৰুম্’ ৷ তাৰ অলপ পাছতেই মোৰ দৰ্জাত খট্ খট্৷ মই সম্বিৎঘূৰাই পালো, নিজকে বিচনাৰ পৰা তলত, মানে কাঠৰ মজিয়াত উদ্ধাৰ কৰিলোঁ৷ যেনেতেনে উঠি আহি দৰ্জাখনৰ ফালে খোজ ল’লো৷ মুকেশক জীয়া ফাঁকি এটা দি পানীৰবটলটো হাতত ল’লো৷ পিন্ধি থকা গেঞ্জীটো ইতিমধ্যে ঘামত টেপ্ টেপীয়া হৈছে৷ফ্ৰীজৰ পৰা উলিয়াই দেৰ লিটাৰ মান পানী খালো৷

*******

আচলতেমই এটা ভয়ানক সপোন দেখি আছিলো৷ শেষৰ বিস্ফোৰণটোত বিচনাৰ পৰা জপিয়াই দিলো৷তাৰ পিছত বহু চেষ্টা কৰিও টোপনি নাহিল৷ কিবা এক ভয় আৰু দুশ্চিন্তাত মইভাৰাক্ৰান্ত হৈ পৰিলো৷ সেই সপোনটোৰ দুৰ্বিসহঃ যন্ত্ৰণাৰ পৰা মই এতিয়াওমুক্তি পোৱা নাই, আৰু খুউব সোনকালে মুক্তি পাম বুলি মনে ধৰা নাই৷

দূৰতথাকিলেও কেতিয়াও সুবিধাবাদী ভণ্ড নেতাৰ দৰে নকওঁ “মাই হাৰ্ট গ’জ আউট টুদা পিপ’ল অফ আচাম”৷ সেয়ে সপোনতো দেশৰ দুৰ্দিনৰ সময়ত গৈ মনটো নিজৰ দেশপালেগৈ৷ যিমানেই যি নহওক ‘এই দেশ, মোৰ দেশ’৷ মৰিলেও বিদেশৰ পৰা দৌৰি গৈদেশৰ মানুহৰ লগতে দেশৰ মাটিত মৰিম অমিয়া মৰণ৷ কাৰণ-

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ |
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল |

দেশে-দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ |
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য | জীৱনৰ নতুন অৰ্থ |
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ |

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ | এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ |
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ |
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ | সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ | শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান |

আৰুতো মোৰ একো নাই !
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ….
(-হীৰু দা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments